Breaking

আইপিএলৰ টাইটেল স্পনছৰৰ দৌৰত পতঞ্জলি

0 1,290

দৈনন্দিন বাৰ্তা ডেস্ক : টাইটেল স্পনছৰ হিচাপে ইতিমধ্যে আইপিএলৰ পৰা নাম আঁতৰ হ’ল চীনা ম’বাইল ফোন কোম্পানী ভিভ’ ৷ ভিভ’ৰ ঠাইত আইপিএলৰ বাবে বিচিচিআই-এ নতুন টাইটেল স্পনছৰ বিচাৰি আছে ৷ এনে সময়ত মেগা টুৰ্ণামেণ্টখনৰ টাইটেল স্পনছৰ হ’বৰ বাবে হঠাৎ দৌৰত নামিল ‘পতঞ্জলি’। ৰামদেৱৰ এই কোম্পানীৰ মুখপাত্ৰ এছ কে তিজাৰাৱালাই সংবাদ প্ৰতিষ্ঠানক কয়, এইবাৰ আইপিএলত আমি টাইটেল স্পনছৰ হ’ব বিচাৰিছো ৷ সমগ্ৰ বিশ্বত ‘পতঞ্জলি’ ব্ৰেণ্ডৰ বজাৰ সৃষ্টি কৰাই আমাৰ লক্ষ্য ৷ আইপিএলৰ সৈতে ‘পতঞ্জলি’ৰ নাম জড়িত হ’লে কোম্পানীটোৰ নাম সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ হ’ব ৷ সেই কথাত গুৰুত্ব দি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক প্ৰস্তাৱ দিয়াৰ কথা চিন্তা কৰা হৈছে বুলি জনায় তিজাৰাৱালাই ৷ ইপিনে ক্ৰীড়া আৰু বাণিজ্যিক মহলৰ এক বৃহৎ অংশৰ মতে আইপিএলৰ টাইটেল স্পনছৰ ‘পতঞ্জলি’ হ’লে মেগা টুৰ্ণামেণ্টখনৰ এটা বৃহৎ লাভ নহয় ৷ ইয়াৰ বিপৰীতে বেছি লাভ হ’ব ‘পতঞ্জলি’ৰ ৷ উল্লেখ্য চীনা সামগ্ৰীৰ বিৰুদ্ধে জনমত গঠন কৰা হৈছে দেশত ৷ এনে পৰিস্থিতিত কোনো দেশীয় কোম্পানীয়ে আইপিএল স্পনছৰ কৰে তেতিয়া জনমানসত ইতিবাচক প্ৰভাৱ পৰিব বুলি বহুৱে মত প্ৰকাশ কৰিছে ৷ স্মৰ্তব্য যে গালৱান উপত্যকাত ২০ জন ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পাচত দেশত চীনা সামগ্ৰী বৰ্জনৰ আহ্বান দিয়া হৈছিল ৷ তাৰে ফলশ্ৰুতিত আইপিএলৰ টাইটেল স্পনছৰৰ পৰা চীনা কোম্পানী বাদ দিয়াৰ সিদ্ধান্ত লয় আইপিএলৰ গভৰ্ণিং ব’ডীয়ে ৷ অৱশেষত ভিভ’ক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় ৷ এনে সময়তে ‘পতঞ্জলি’ আগবাঢ়ি অহাত নতুন দিশ উন্মোচিত হৈছে ৷

Leave A Reply