Home Blog Page 330

গুৱাহাটী মহানগৰত জনপ্ৰিয় বাইক ৰাইডাৰৰ বাইক চুৰি, তদন্তত আৰক্ষী। BIKE THEFT IN GUWAHATI

গুৱাহাটী মহানগৰত জনপ্ৰিয় বাইক ৰাইডাৰৰ বাইক চুৰি, তদন্তত আৰক্ষী। BIKE THEFT IN GUWAHATI
গুৱাহাটী মহানগৰত জনপ্ৰিয় বাইক ৰাইডাৰৰ বাইক চুৰি, তদন্তত আৰক্ষী। BIKE THEFT IN GUWAHATI

৬ মাৰ্চ, ২০২৫: BIKE THEFT IN GUWAHATI । পুনৰ এবাৰ মহানগৰীত বাইক চুৰিৰ ঘটনা! দেশজুৰি প্ৰায় ৩০ হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰি গুৱাহাটী উপস্থিত হোৱা জনপ্ৰিয় মহিলা বাইক ৰাইডাৰগৰাকীৰ বাইক চুৰি হোৱাৰ খবৰে চাঞ্চল্য সৃষ্টি কৰিছে।

মঙলবাৰে নিশা মহানগৰীৰ সৰুসজাইস্থিত মণিকাঞ্চন উপ-পথৰ কালী মন্দিৰ ৰোডত থকা মেডী গেষ্ট হাউচৰ পৰা ননী নামৰ মহিলা বাইক ৰাইডাৰৰ বাইকখন চুৰি হয়। চোৰে নিশা ২ বজাত কোনো ধৰণৰ সন্দেহৰ সৃষ্টি নকৰাকৈ বাইকখন লৈ উধাও হয়। ঘটনাৰ পিছতেই বুধবাৰে পুৱাই বশিষ্ঠ থানাত অভিযোগ দাখিল কৰা হয় যদিও, এতিয়ালৈকে বাইকখনৰ কোনো সন্ধান পোৱা হোৱা নাই।

এই সম্পৰ্কে ননী ৰাইডাৰগৰাকীয়ে সামাজিক মাধ্যমত এক ভিডিঅ’ প্রকাশ কৰি সহায় বিচাৰিছে আৰু অসম আৰক্ষী তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে।

বাইক চুৰিৰ ঘটনাত তদন্ত আৰম্ভ, নতুন তথ্য পোহৰলৈ
গুৱাহাটী পূব আৰক্ষী জিলাৰ ডেপুটি কমিশনাৰে সদৰী মতে, বশিষ্ঠ থানাত অভিযোগ দাখিল হোৱাৰ পিছতেই তদন্ত আৰম্ভ হৈছে। লগতে, আৰক্ষীয়ে জনাইছে যে উক্ত বাইকখনৰ প্ৰকৃত মালিক মহীশ কুমাৰ নামৰ এজন যুৱক। ননী বাইকগৰাকীৰ লগত যাত্ৰা কৰিছিল, কিন্তু গাড়ীখন তেওঁৰ নামত পঞ্জীয়ন হোৱা নাই।

নাৰী সবলীকৰণৰ লক্ষ্যেৰে দেশভ্ৰমণ, কিন্তু গুৱাহাটীত আহি বিপদত
ননী নামৰ মহিলা বাইক ৰাইডাৰগৰাকীয়ে নাৰী সবলীকৰণ আৰু বাইক ৰাইডিঙৰ প্ৰচাৰৰ উদ্দেশ্যে বিগত পাঁচ মাহত বিভিন্ন ৰাজ্য ঘূৰি ফুৰি গুৱাহাটীত উপস্থিত হৈছিল। কিন্তু, মহানগৰীত অহাৰ লগে লগেই এনে অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হোৱাত তেওঁ দুঃখ প্ৰকাশ কৰিছে।

তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “মই ভাৰতৰ বিভিন্ন ৰাজ্যত ৩০ হাজাৰ কিমি ৰাইড কৰিছোঁ, কিন্তু অসমত আহিয়েই গুৱাহাটীত মোৰ বাইক চুৰি হ’ল। এতিয়া বাইকখন নাথাকিলে মোৰ উত্তৰ-পূৰ্বাঞ্চল ঘূৰি চোৱাৰ পৰিকল্পনা ভণ্ডুল হৈ যাব।”

তদন্ত অব্যাহত আছে আৰু আৰক্ষী দ্ৰুততম সময়ৰ ভিতৰত চোৰক আটক কৰি বাইক উদ্ধাৰৰ আশ্বাস দিছে।

অচলৱস্থা ৰাজ্যৰ চিকিৎসালয়সমূহ । NHM

অচলৱস্থা ৰাজ্যৰ চিকিৎসালয়সমূহ । NHM
অচলৱস্থা ৰাজ্যৰ চিকিৎসালয়সমূহ । NHM

৬ মাৰ্চ, ২০২৫: ৰাজ্যৰ স্বাস্থ্য পৰিসেৱাত সংকট অব্যাহত ! National Health Mission (NHM)ৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবী লৈ তৃতীয় দিনতো কৰ্মবিৰতি পালন কৰি আহিছে, যাৰ ফলত ৰাজ্যৰ চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰসমূহত অচলাৱস্থা সৃষ্টি হৈছে ।

NHM কৰ্মচাৰীসকলে স্থায়ী নিযুক্তি, সপ্তম দৰমহা আয়োগ প্ৰয়োগ আদি বিভিন্ন দাবীৰ ভিত্তিত এই প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদৰ ফলত গুৱাহাটীৰ লগতে দৰং, শোণিতপুৰ, নগাঁও, যোৰহাট আদিসহ কেইবাটাও জিলা চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱা ব্যাহত হৈছে।

ৰোগীৰ হাহাকাৰ, চৰকাৰক অনুৰোধ , কর্মবিৰতিৰ বাবে চিকিৎসালয়ত বহু ৰোগীয়ে চিকিৎসা নাপাই কষ্ট ভুগিব লগা হৈছে। চিকিৎসালয় অভ্যন্তৰত চিকিৎসা সেৱা ব্যাহত হোৱাত ৰোগী আৰু পৰিয়ালসমূহৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে।

এটা বিবৃতিত NHM কৰ্মচাৰীসকলে কয়, “আমাৰ হকবোৰ দিয়া, নহ’লে চিকিৎসালয়ৰ পৰা ওলাই ৰাজপথত প্ৰতিবাদ কৰিম।” তেওঁলোকে মুখ্যমন্ত্রী আৰু স্বাস্থ্য মন্ত্ৰীলৈ দাবীসমূহ শীঘ্ৰেই পূৰণ কৰিবলৈ অনুৰোধ জনাইছে।

ভাওনা সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ প্ৰচাৰ, মন্ত্ৰী অশোক সিংহলে জনালে ক্ষমা । Ashok Singhal

ভাওনা সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ প্ৰচাৰ, মন্ত্ৰী অশোক সিংহলে জনালে ক্ষমা । Ashok Singhal
ভাওনা সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ প্ৰচাৰ, মন্ত্ৰী অশোক সিংহলে জনালে ক্ষমা । Ashok Singhal

৬ মাৰ্চ, ২০২৫ঃ Ashok Singhal ।ভাওনা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলে কোৱা মন্তব্য লৈ শেহতীয়াকৈ বিতৰ্ক সৃষ্টি হৈছিল। বিষয়টোক লৈ সংবাদ মাধ্যমত নানা ধৰণৰ প্ৰচাৰ হয়।

মন্ত্ৰী অশোক সিংহলে স্পষ্ট কৰি কয় যে তেওঁ মহাপুৰুষজনাৰ অনুপম সৃষ্টি ভাওনা সন্দৰ্ভত কোনো ধৰণৰ নেতিবাচক মন্তব্য কৰা নাই, আৰু এনে ধৰণৰ বাতৰি সম্পূৰ্ণ ভিত্তিহীন। তেওঁ লগতে কয় যে এনে কোনো মন্তব্য দিয়াৰ প্ৰশ্নই উত্থাপিত নহয়।

তেওঁ উল্লেখ কৰে যে, এই বিষয়টোৱে যদি কাৰোবাৰ মনত আঘাত পাইছে বা দুখ দিছে, তেন্তে তেওঁ তাৰ বাবে আন্তৰিকভাৱে ক্ষমা প্ৰাৰ্থী। সামাজিক মাধ্যমযোগে এক বিবৃতি জাৰি কৰি তেওঁ বিষয়টো সন্দৰ্ভত নিজৰ অবস্থান স্পষ্ট কৰে আৰু যিকোনো অনাহক বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, মন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ বিভিন্ন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, যাৰ ফলত এই বিষয়টোৱে বিতৰ্কৰ সৃষ্টি কৰিছিল। অৱশেষত, অশোক সিংহলে বিষয়টো সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনা জনাই সমগ্ৰ বিষয়টো সম্পূৰ্ণৰূপে স্পষ্ট কৰা দেখা যায় ।

গংগা জলচুক্তিৰ নৱীকৰণ সন্দৰ্ভত কলকাতাত ভাৰত-বাংলাদেশ বৈঠক । GANGA WATER TREATY RENEWAL

গংগা জলচুক্তিৰ নৱীকৰণ সন্দৰ্ভত কলকাতাত ভাৰত-বাংলাদেশ বৈঠক । GANGA WATER TREATY RENEWAL
গংগা জলচুক্তিৰ নৱীকৰণ সন্দৰ্ভত কলকাতাত ভাৰত-বাংলাদেশ বৈঠক । GANGA WATER TREATY RENEWAL

কলকাতা, ৬ মাৰ্চ: GANGA WATER TREATY RENEWAL । ১৯৯৬ চনৰ গংগা জলচুক্তিৰ নৱীকৰণ সন্দৰ্ভত আলোচনা কৰিবলৈ ভাৰত আৰু বাংলাদেশৰ উচ্চস্তৰীয় বিষয়াসকল বৃহস্পতিবাৰে কলকাতাত বৈঠকত মিলিত হ’ব। ২০২৬ চনত এই চুক্তিৰ মেয়াদ উকলি যাব, সেই পৰিপ্ৰেক্ষিতত বাংলাদেশে শুকান ঋতুত পানীৰ অধিক প্ৰবাহ নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে।

বিশেষকৈ বাংলাদেশৰ দক্ষিণ-পশ্চিম জিলাসমূহত পানীৰ অভাৱৰ ফলত কৃষি আৰু জীৱিকাৰ ওপৰত পৰি থকা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি, দেশখন চৰকাৰে গংগাৰ পানী বণ্টনৰ ক্ষেত্ৰত অধিক ন্যায্য অংশ পাবলৈ ভাৰতৰ সৈতে আলোচনা তীব্ৰ কৰিছে।

এই বৈঠকৰ পূৰ্বে, গংগাৰ পানী প্রবাহৰ পৰ্যবেক্ষণৰ বাবে দুয়ো দেশৰ বিষয়া আৰু বিশেষজ্ঞৰ এক যুটীয়া দলে পশ্চিমবংগৰ ফাৰাক্কা বান্ধ পৰিদৰ্শন কৰে। ডেইলী ষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি, বাংলাদেশী প্রতিনিধি দলে গংগাৰ নামনি অঞ্চল, পানীৰ স্তৰ আৰু ফিডাৰ কেনেল পৰিদৰ্শন কৰে আৰু বৈঠকৰ পূৰ্বে ভাৰতীয় বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনা কৰে।

ফাৰাক্কা বান্ধ প্ৰকল্প প্ৰাধিকৰণৰ জেনেৰেল মেনেজাৰ আৰ ডি দেশপাণ্ডে মন্তব্য কৰি কয়, “আমি গংগা পানীৰ প্ৰবাহ সন্দৰ্ভত এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰিবলৈ সাজু। তথ্য আদান-প্ৰদানৰ জৰিয়তে দুয়ো দেশৰ বাবে উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ আশা ৰাখিছোঁ।”

গংগা জলচুক্তিৰ পটভূমি

১৯৭৫ চনত ফাৰাক্কা বান্ধ নিৰ্মাণৰ পাছত গংগা নদীৰ পানী বণ্টনক লৈ ভাৰত-বাংলাদেশৰ মাজত দীঘলীয়া বিতৰ্ক চলি আহিছে। ১৯৯৬ চনৰ ১২ ডিচেম্বৰত তৎকালীন ভাৰতীয় প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মাজত এই চুক্তি স্বাক্ষৰ হয়, যিয়ে ৩০ বছৰৰ বাবে গংগাৰ পানী ভাগ-বতৰা নিশ্চিত কৰে।

ফাৰাক্কা বান্ধৰ ফালৰ পৰা গংগা নদী বাংলাদেশত প্ৰবেশ কৰাৰ পিছত পদ্মা নদী নামেৰে পৰিচিত হয়, যি আগলৈ গৈ ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদীৰ লগত সংযোগ হৈ বঙ্গোপসাগৰত মিলিত হয়।

চুক্তিৰ মুখ্য দিশসমূহ

গংগা জলচুক্তিৰ অধীনত, ১ জানুৱাৰী পৰা ৩১ মে’লৈ শুকান ঋতুত ফাৰাক্কাত পানীৰ গড় প্রবাহৰ ওপৰত ভিত্তি কৰি দুই দেশৰ মাজত ১০ দিনীয়া গণনাৰ ভিত্তিত পানী বণ্টন কৰা হয়।

তবে, বাংলাদেশে অভিযোগ কৰিছে যে শুকান সময়ত পানীৰ প্ৰাপ্তি যথেষ্ট নহয়, যাৰ ফলত কৃষি আৰু পানীয় যোগানৰ ক্ষেত্ৰত সমস্যা দেখা দিছে। নতুন চুক্তিৰ নৱীকৰণত এই বিষয়বোৰৰ বিবেচনা কৰি, বাংলাদেশ অধিক পানীৰ প্ৰাপ্তিৰ দাবী জনাইছে।

এই গুৰুত্বপূর্ণ আলোচনাৰ ফলাফল কি হ’ব, তাক লৈ দুই দেশৰ ৰাজনৈতিক মহল আৰু বিশেষজ্ঞ সকলেই গভীৰ ভাবে লক্ষ্য ৰাখিছে।

কাকপথাৰত মুক্ত শিক্ষাৰ সজাগতা সভা ।Krishna Kanta Handiqui State Open University

কাকপথাৰত মুক্ত শিক্ষাৰ সজাগতা সভা ।Krishna Kanta Handiqui State Open University
কাকপথাৰত মুক্ত শিক্ষাৰ সজাগতা সভা ।Krishna Kanta Handiqui State Open University

কাকপথাৰ, ৬ মাৰ্চ: Krishna Kanta Handiqui State Open University । কাকপথাৰ পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয়ত আজি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হয়। কাকপথাৰ দৰে পিছপৰা অঞ্চলত কেনেদৰে মুক্ত শিক্ষা গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে সভাখনৰ আয়োজন কৰা হয়।

উক্ত সভাত উপস্থিত থাকে পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ থানুৰাম মজিন্ডাৰ, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰবক্তা দীপাংকৰ মালাকাৰ, প্ৰধান শিক্ষক মানিক মৰাণ, কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি বিজয় দত্ত, কাকপথাৰৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, লগতে সাংবাদিক ৰাতুল কলিতা, হৃষিকেশ দত্ত, মনিছ সিং। সভাত মহাবিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী আৰু প্ৰবক্তাসকলো উপস্থিত থাকে।

সজাগতা সভাখন মহাবিদ্যালয়ৰ প্ৰবক্তা বিতুৰাজ গোহাঞি দেৱে নেতৃত্ব দিয়ে। সভাত মুক্ত শিক্ষাৰ সুযোগ-সুবিধা, শিক্ষাৰ ডিজিটেল প্ৰসাৰৰ লগতে গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে মুক্ত বিশ্ববিদ্যালয়ৰ সুবিধাসমূহ কিদৰে লাভ কৰিব পাৰি, তাৰ ওপৰত আলোচনা কৰা হয়।

এই সভাই কাকপথাৰ অঞ্চলৰ শিক্ষাৰ্থীসকলৰ মাজত মুক্ত শিক্ষাৰ প্ৰতি নতুন আশা জগাব বুলি উপস্থিত সকলে আশাবাদ প্ৰকাশ কৰে।

৩ জুলাইৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা Amarnath yatra

৩ জুলাইৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা Amarnath yatra
৩ জুলাইৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা Amarnath yatra

৬ মাৰ্চ, ২০২৫ঃ Amarnath yatra । সমূহ ভক্তপ্ৰাণ ৰাইজলৈ সুখবৰ! এইবাৰো পূণ্যৰ বাবে অমৰনাথ যাত্ৰাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে যাত্ৰাৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে আৰু এইবাৰ মাত্ৰ ৩৮ দিন ধৰি চলিব।

জম্মু-কাশ্মীৰৰ অমৰনাথ শ্ৰাইন ব’ৰ্ডৰ অধ্যক্ষ তথা ৰাজ্যপাল মনোজ সিনহাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত জম্মু-কাশ্মীৰৰ ডিজিপি নলিন প্ৰভাত, মুখ্য সচিব অটল ধুল্লুসহ বহু জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। যাত্ৰাৰ সময়সূচী অনুসৰি, ৩ জুলাইৰ পৰা আৰম্ভ হৈ ৯ আগষ্টত এই পূণ্য যাত্ৰা সম্পন্ন হ’ব।

এইবাৰ যাত্ৰা কিমান দিনৰ?

প্ৰতি বছৰৰ দৰে এইবাৰো লক্ষাধিক ভক্তে অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰিব। সচৰাচৰ ৪৫-৬০ দিন ধৰি চলা এই যাত্ৰাৰ সময়সীমা এইবাৰ কমাই ৩৮ দিন কৰা হৈছে। ২০২৪ চনত ২৯ জুনৰ পৰা ১৯ আগষ্টলৈকে যাত্ৰা হৈছিল, কিন্তু এইবাৰ ৰাখী বন্ধনৰ দিনাই যাত্ৰা সম্পূৰ্ণ হ’ব

যাত্ৰাৰ বিশেষ ব্যৱস্থা আৰু নিৰাপত্তা

চৰকাৰ আৰু অমৰনাথ শ্ৰাইন ব’ৰ্ডৰ উদ্যোগত যাত্ৰাসন্ধি বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলৰ সুবিধাৰ বাবে থকাৰ ব্যৱস্থা, চিকিৎসা সুবিধাৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কিদৰে নাম পঞ্জীয়ন কৰিব?

যোৱা বছৰৰ দৰে এইবাৰো অনলাইন আৰু অফলাইন দুই পদ্ধতিৰে পঞ্জীয়ন চলিব। ভক্তসকলে নাম পঞ্জীয়ন কৰাৰ বাবে আধাৰ কাৰ্ড, পাছপ’ৰ্ট, ভোটাৰ আইডি, ড্ৰাইভিং লাইচেন্স আদি নথিপত্ৰৰ লগতে পাছপ’ৰ্টৰ আকাৰৰ ফটো প্ৰয়োজন হব।

অমৰনাথ যাত্ৰাৰ আধ্যাত্মিকতা

হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ তীৰ্থস্থান অমৰনাথ, য’ত ভগৱান শিৱৰ স্বাভাৱিক বৰফৰ শিৱলিংগ দেখা যায়। কঠিন পথলৈকো ভয় নকৰি, ভক্তসকলে নিষ্ঠাৰে এই যাত্ৰা কৰে। মানুহৰ গভীৰ আস্থা আৰু বিশ্বাস জড়িত থাকিবৰ বাবে, এই যাত্ৰাৰ মাহাত্ম্য অতি গভীৰ।

ভক্তসকলে অমৰনাথ যাত্ৰাত অংশ লবলৈ আগ্ৰহী হলে আগতীয়াকৈ প্ৰস্তুতি লওক আৰু নাম পঞ্জীয়ন নিশ্চিত কৰক।

ওদালগুৰিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী । BJP

ওদালগুৰিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী । BJP
ওদালগুৰিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী । BJP

৫ মাৰ্চ, পানেৰী : ( BJP) ক্ৰমাগতভাবে দ্ৰুতগতি ধাৰণ কৰিছে বিটিচিৰ ৰাজনীতিয়ে। দল সমূহৰ মাজত দেখা গৈছে অঘোষিত নিৰ্বাচনী সভাৰ প্ৰতিযোগিতা। কোনে কাক কেনেকৈ দলৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে তাক লৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলে। কি বিজেপি কি বিপিএফ অথবা ইউ পি পি এল সকলো ব্যস্ত নিৰ্বাচনী কুচকাৱাজ ৰচনা কৰাত। আজি ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত আৰু ভৈৰৱকুণ্ড মণ্ডলৰ সহযোগত ওদালগুৰিৰ মাজ মজিয়াত বিশাল যোগদান কাৰ্যসূচী আয়োজন কৰে।

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আৰু ওদালগুৰি জিলা বিজেপি সমিতিৰ উপ সভাপতি বিকন চন্দ্ৰ ডেকাই আতঁধৰা সভাত পানেৰী বিধায়ক প্ৰতিনিধি জৌশ্ৰাং বড়ো ৱে উদ্বোধনী ভাষণ প্ৰাদান কৰে। সভাত বিজেপি ওদালগুৰি জিলা সমিতিৰ সভাপতি সুনীল বসুমতাৰীয়ে ভাষন প্ৰদান কৰে। ওদালগুৰি জিলাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিশিষ্ট সমাজসেৱক মিনন মোছাহাৰীৰ লগতে প্ৰায় ২৯ গৰাকীকৈ বিশিষ্ট তথা বিৰোধী ৰাজনৈতিক দল বিপিএফৰ পৰা ফালৰি কাটি আহি বিজেপিত যোগদান কৰে। একেদৰে ব্যৱসায়ী মিনন মুছাহাৰীক অনুসৰণ কৰি একেখন মঞ্চতে প্ৰায় পাঁচ সহস্ৰাধিক লোকে যোগদান কৰা পৰিলক্ষিত হয়।

উক্ত সভাত বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া ভাষণৰ অন্তত আজি মিনন মোছাহাৰীৰ সহিতে প্ৰায় ৭ হাজাৰ সমৰ্থক লগত লৈ বিজেপি দলত যোগদানকাৰী সকলক শুভেচ্ছা আৰু আদৰণী জনাই। বিগত বিটিআৰ চৰকাৰ খনত ইউপিপিএল-বিজেপিৰ মিত্ৰ চৰকাৰ গঠন কৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ তথা ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ দ্বাৰা বিটিআৰ-ৰাজ্য-দেশৰ শান্তি-সম্বনয়েৰে উন্নয়ন আৰু বিকাশৰ ধাৰা অব্যহত ৰাখিছে বুলি বক্তব্য ৰাখে। তেওঁ লগতে বিজেপি দলে বিগত নিৰ্বাচন অবতীৰ্ণ হোৱাৰ দৰে ২০২৫ বিটিআৰ নিৰ্বাচনত একক ভাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা নিশ্চিত কৰে। ৰাইজৰ উন্নয়নমূলক আঁচনিৰ বাবেই দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮ বাৰ অসম তথা উত্তৰপুৰ্বাঞ্চলত পৰিভ্ৰমণ কৰিছে।

উত্তৰপুৰ্বাঞ্চলত ইতিমধ্যে ১২ খন শান্তি চুক্তি ৰূপায়ণ কৰি উত্তৰপুৰ্বাঞ্চত এক শান্তিৰ বাতাবৰণ সৃষ্টি কৰিছে। প্ৰাপ্তিৰ এয়াই এয়াই এক অনাবিল আনন্দ। ব্ৰিটিচিৰ নিৰ্বাচনৰ পূৰ্বে বিটিআৰত অৰুণোদয় আঁচনি সম্পূৰ্ণ কৰি তোলা হ’ব। আনহাতে মহিলা উদ্যেমিতা আঁচনিৰ অধীনত প্ৰতিগৰাকী ১০ হাজাৰকৈ ধন লাভ কৰিব বুলিও উল্লেখ কৰে।:ভাষণ প্ৰসঙ্গত তেওঁ বিটিআৰত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ মাজত বিভেদ পৰিহাৰ কৰি এক সমন্বয়ৰ এনাজৰীৰে বন্ধাৰ হকে কাম কৰি যোৱাৰ বিজেপি দলে সদায় পোষকতা কৰে। তেওঁ লগতে কয়- এইবাৰ বিজেপি দলে ওদালগুৰি জিলাৰ অন্তৰ্গত ১০ সমষ্টিয়ে দখল কৰাটো নিশ্চিত হৈছে।আজিৰ এই যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ,লগতে জিলা সভাপতি সুনীল বসুমতাৰী, জিলা উপসভাপতি বিকন ডেকা জিলা সম্পাদক জয়কান্ত শৰ্না, বলেন বহ্ম, ৰাজ্যিক মুখপাত্ৰ ৰুপম গোস্বামী, জিলা সহ-প্ৰভাৰী ৰঞ্জিত কুমাৰ শৰ্মা, বিটিআৰ পৰিষদ ৰ কাৰ্য্যবাহী সদস্য সঞ্জীত তান্তী, বিটিআৰ পৰিষদ সদস্যা অৰ্পণা মেধী, পৰিষদ সদস্য ভবেন, দীপক মৌৰ, বড়ো, বিধায়ক প্ৰতিনিধি জৌশ্ৰাং বড়ো, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক নিলিমা বহ্ম, জীতু কিষাণ , সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ, বিজেপি ৰ যুব নেতা অৰ্জ্জুন দৈমাৰী সহ জিলা খনৰ বহু বিষয়-ববিয়া উপস্থিত থাকে।

বৰপেটা ৰোডত অসামৰিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ । NHM

বৰপেটা ৰোডত অসামৰিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ । NHM
বৰপেটা ৰোডত অসামৰিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ । NHM

৫ মাৰ্চ, ২০২৫ঃ বৰপেটা ৰোডত এন এছ এম (NHM) কৰ্মচাৰীৰ নেতৃত্বত স্বাস্থ্য কৰ্মীসকলে তিনিদিনীয়া কৰ্মবিৰতিৰ প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদৰ ফলত সমগ্ৰ অঞ্চলত স্বাস্থ্য সেৱাত ব্যাঘাত ঘটিছে।

এন এছ এম কৰ্মচাৰীয়ে অসম চৰকাৰৰ ওপৰত স্বাস্থ্য কৰ্মীসকলৰ দাবী পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। এই প্ৰতিবাদৰ আজিৰ দিনটো দ্বিতীয় দিন, য’ত কৰ্মচাৰীৰ ক্ষোভত উত্তাল হৈ পৰিছে বৰপেটা ৰোডৰ অসামৰিক চিকিৎসালয় সমূহ।

দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত NHM কৰ্মচাৰীসকলে ৪ মাৰ্চৰ পৰা ৬ মাৰ্চলৈকে কৰ্মবিৰতি ঘোষণা কৰিছে। এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন চিকিৎসালয় তথা বৰপেটা ৰোডৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা আছে।

প্ৰতিবাদকাৰীসকলে দাবী জনাইছে যে, “আমাৰ দাবী মানি লওঁক। সম কামৰ বাবে সম দৰমহা দিয়ক।” এন এছ এম কৰ্মচাৰীৰ এই কৰ্মবিৰতিৰ ফলত বহু ৰোগীয়ে অসুবিধাৰ সন্মুখীন হৈছে।

অসম চৰকাৰে এই সমস্যা সমাধানৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে, সেইটো লক্ষ্যনীয় হ’ব।

Eggs: প’চ, অমলেট নহয়; কণী কেনেকৈ খাব লাগে জানেনে ?

Eggs: প’চ, অমলেট নহয়; কণী কেনেকৈ খাব লাগে জানেনে ?
Eggs: প’চ, অমলেট নহয়; কণী কেনেকৈ খাব লাগে জানেনে ?

স্বাস্থ্যসন্মতভাৱে কণী কেনেকৈ ৰান্ধিব? প’চ, অমলেট, সিজোৱা নহয়, কণী কেনেকৈ খাব লাগে সেয়া জানেনে ? বিজ্ঞানীসকলে কয় যে কণী সিজোৱাৰ ‘পিৰিয়ডিক কুকিং’ হৈছে শুদ্ধ পদ্ধতি।(Eggs)এইটো কি পদ্ধতি?

অমলেটৰ সোৱাদ অতুলনীয়। পুষ্টিবিদসকলেও স্বাস্থ্যসন্মতভাৱে অমলেট ৰন্ধা বিভিন্ন পদ্ধতিৰ বিষয়ে কয়। কিন্তু এইবোৰ পদ্ধতি স্বাস্থ্যকৰ নহয়! ইটালীৰ বিজ্ঞানীসকলে দাবী কৰিছে যে যদি কণী সঠিকভাৱে সিজোৱা নহয় তেন্তে ইয়াৰ পুষ্টিকৰ উপাদান সঠিক পৰিমাণে শৰীৰে লাভ নকৰে। কণী ৰন্ধা আৰু খোৱাৰ সঠিক পদ্ধতি জানক।


ইটালীৰ জৈৱ ৰসায়নবিদ গৱেষক পেলেগ্ৰিনো মুষ্টো আৰু আৰ্নেষ্টো ডি মাইঅ’ আৰু তেওঁলোকৰ সহযোগীসকলে দীৰ্ঘদিন ধৰি কণী ৰন্ধা কৌশলৰ ওপৰত গৱেষণা কৰি আহিছিল। ইয়াৰ বাবে গাণিতিক আৰ্হিও তৈয়াৰ কৰিছে। কণীৰ কুহুম আৰু কুহুমত থকা পুষ্টিকৰ পদাৰ্থ যাতে সঠিক পৰিমাণে শৰীৰত প্ৰৱেশ কৰে তাৰ বাবে কণী কেনেকৈ সঠিক উষ্ণতাত ৰান্ধিব লাগে তাৰ বাবে কম্পিউটাৰত এটা বিশেষ এলগৰিদম তৈয়াৰ কৰা হৈছে। এই গৱেষণা ‘কমিউনিকেচন ইঞ্জিনিয়াৰিং’ নামৰ এখন আলোচনীতো প্ৰকাশ পাইছে।


বিজ্ঞানীসকলে দাবী কৰিছে যে যদি কণীবোৰ ১০০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পানীত সিজোৱা হয়, তেন্তে কণীৰ কুহুমটো কঠিন হৈ পৰে আৰু তাত থকা প্ৰটিন ধ্বংস হয়। ইয়াৰ উপৰিও কুহুমত থকা ভিটামিন এ, ডি, ই, কে আদি উচ্চ উষ্ণতাত নষ্ট হৈ যায়। কলিন আৰু চেলেনিয়ামৰ দৰে খনিজ পদাৰ্থৰ পৰিমাণো ভিন্ন হয়।

বিজ্ঞানীসকলে যি পদ্ধতিৰ কথা কৈছে, সেই পদ্ধতিটোক ‘পিৰিয়ডিক কুকিং’ বুলি কোৱা হয়। বিজ্ঞানীসকলে কয় যে পানী দুটা পাত্ৰত গৰম কৰিব লাগে। এটা পাত্ৰত পানী কম জুইত গৰম কৰক। তাপমাত্ৰা প্ৰায় ১০০-৮৭ ডিগ্ৰী চেলছিয়াছ হ’লে ভাল। আনটো পাত্ৰত থকা পানী উষ্ণতাত ৩০ৰ পৰা ৩৫ ডিগ্ৰী চেলছিয়াছ হ’লে ভাল হ’ব লাগে। এইবাৰ কণীটো প্ৰথমে গৰম পানীত ২ মিনিট ৰাখি তাৰ পিছত ৩০ৰ পৰা ৩৫ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পানীত ডুবাই দিব লাগে। তাতে দুমিনিটমান থৈ তাৰ পিছত ২ মিনিটৰ বাবে গৰম পানীত থৈ দিব। এইদৰে কণীবোৰ পাল পাতি গৰম কৰি আৰু ঠাণ্ডা পানীত ৰাখি সিজাই লব লাগে। এই পদ্ধতি ১৬ বাৰ কৰিব লাগে, প্ৰায় ৩২ মিনিট সময় লাগিব।

যদিও কথাটো জটিল যেন লাগিব পাৰে, তথাপিও বিজ্ঞানীসকলে কয় যে এইদৰে কণী ৰন্ধা কৰিলে কণীৰ কুহুম কঠিন নহ’ব, বেছি কোমলও নহ’ব। ইয়াত থকা প্ৰটিন, ভিটামিন, এন্টিঅক্সিডেন্ট, খনিজ পদাৰ্থও অক্ষত অৱস্থাত থাকিব আৰু সকলো শৰীৰত প্ৰৱেশ কৰিব। ইয়াৰ দ্বাৰা যথেষ্ট লাভ হ’ব।

Holi 2025: অতি বিৰল সংমিশ্ৰণ, হোলীত চন্দ্ৰগ্ৰহণ; ৪টা ৰাশিৰ গৰাকী হ’ব অতি ভাগ্যৱান !

Holi 2025: অতি বিৰল সংমিশ্ৰণ, হোলীত চন্দ্ৰগ্ৰহণ
Holi 2025: অতি বিৰল সংমিশ্ৰণ, হোলীত চন্দ্ৰগ্ৰহণ

১৪ মাৰ্চত উদযাপন কৰা হ’ব হোলী উৎসৱ আৰু সেই দিনটোত চন্দ্ৰগ্ৰহণো হ’ব। কেৱল এয়াই নহয়, ১৪ মাৰ্চত সূৰ্য্যই ট্ৰেনজিট কৰি ৰাশিৰ শেষ ৰাশি মীন ৰাশিত প্ৰৱেশ কৰিব। এই বিৰল সংমিশ্ৰণে ৪ ৰাশিৰ লোকৰ ভাগ্য মুকলি কৰিব।(Holi 2025)জানি লওক কোন ৰাশিৰ বাবে হোলীৰ দিনটোত গ্ৰহৰ অৱস্থানৰ এই পৰিৱৰ্তন অতি শুভ হ’ব।

বৃষ ৰাশিৰ লোকসকলৰ বাবে চন্দ্ৰগ্ৰহণৰ দিনা সূৰ্য্য ট্ৰেনজিটৰ সংমিশ্ৰণ অতি শুভ হ’ব। আপোনাৰ কেৰিয়াৰৰ সকলো সমস্যা আৰু বাধা আঁতৰি যাব। আপুনি অগ্ৰগতি আৰু আকাংক্ষিত পদবী লাভ কৰিব। আপোনাৰ পৰিয়ালৰ পৰা সহায় পাব। বৃহৎ আৰ্থিক লাভ হ’ব।

মিথুন ৰাশিৰ লোকসকলৰ বাবেও হোলী উৎসৱে কঢ়িয়াই আনিছে সুখৰ উপহাৰ। দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপুনি সকাহ পাব। মানসিক শান্তি পাব। আৰ্থিক অৱস্থা ভাল হ’ব।

এই বিৰল সংমিশ্ৰণ কৰ্কট ৰাশিৰ বাবেও শুভ আৰু ফলপ্ৰসূ হ’ব। তোমাৰ ভাগ্য তোমাৰ লগত থাকিব। নতুন চাকৰি এটা পাব পাৰে।

১৪ মাৰ্চৰ পৰা তুলা ৰাশিৰ লোকৰ জীৱনত সোণালী দিন আৰম্ভ হ’ব পাৰে। আপুনি হয়তো আপোনাৰ কেৰিয়াৰত সফলতা লাভ কৰিব পাৰে। নতুন সুযোগে জীৱনক নতুন দিশ দিব। বৃহৎ আৰ্থিক লাভ হ’ব।