Home Blog Page 3300

দিহিং-পাটকাই কয়লাৰ মুক্ত খননৰ বিৰোধিতা, বাঘজানৰ ক্ষতিগ্ৰস্থক ক্ষতিপুৰনৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ ।

তিনিচুকীয়া

দিহিং-পাটকাইত কয়লাৰ মুক্ত খনন আৰু ডিব্ৰু-ছৈখোৱাত হাইড্ৰ’কাৰ্বন খননৰ বাবে দিয়া অনুমতি প্ৰত্যাহাৰৰ দাবীৰ লগতেবাঘজানৰ তৈলখাদত হোৱা অগ্নিকাণ্ড যুদ্ধকালীনভাৱে ৰোধ কৰা আৰু দূৰ্ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলক উপযুক্ত ক্ষতিপূৰন দিয়াৰ দাবীত তিনিচুকীয়া জিলা কগ্ৰেছ কমিটীৰ আহ্বানত তিনচুকীয়াৰ থানা চাৰিআলিত  আজি দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ “অৱস্থান ধৰ্মঘট ” পালন কৰা হয় | ধৰ্মঘট স্থলিত তিনচুকীয়া জিলাৰ বিভিন্ন  প্ৰান্তৰ প্ৰায় পাচ শতাধিক কংগ্ৰেছ নেতা কৰ্মকৰ্তাই অংশগ্ৰহন কৰাৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ  সভাপতি  ৰিপুন বৰা,সাংসদ ডাঙৰীয়া সহিত তিনচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ লগত অহা প্ৰদেশ কংগ্ৰেছৰ মূখপত্ৰ  কমল কুমাৰ মেধী ,মূখপত্ৰ প্ৰফুল্ল দাস , সম্পাদক ৰাশ্মান্না বৰুৱাৰ লগতে জিলাখনক প্ৰতিনিধিত্ব কৰা প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া সকলে অংশগ্ৰহন কৰে | ধৰ্মঘট স্থলিত প্ৰদেশ কংগ্ৰেছৰ মূখপাত্ৰ কমল কুমাৰ মেধীয়ে তেখেতৰ বক্তব্যত বাঘজান বাসী তথা জৈৱ বৈচিত্ৰৰ  প্ৰতি অসংবেদনসীল অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু উদাশীন মনোভাৱক তীব্ৰ ভাষাৰে সমালোচনা কৰে |বাঘজানৰ গেছ নিৰ্গত কান্ডৰ বাবে দোষী সকলৰ শাস্তি দাবী কৰাৰ লগতে ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰন দিয়াৰ দাবী উত্থাপন কৰে | কেভিদ ১৯ ৰ পৰিপ্ৰেক্ষিতত ঘোষনা কৰা “ল’কডাউন “টোক চৰকাৰ খনে দল সংগঠনৰ আন্দোলন আৰু বিৰুধী দল সমূহৰ ৰাজনৈতিক  অধিকাৰ খৰ্ব কৰাৰ এক সুবিধা হিচাবেহে গ্ৰহন কৰিছে আৰু ক্ষমতাৰ অপপ্ৰয়োগৰে গনতান্ত্ৰিক ব্যৱস্থাটোকে ধ্বংস কৰিছে বুলি অভিযোগ কৰিছে | তাৰ শেহতীয়া উদাহৰন হিচাবে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৰা আন্দালনৰ অংশগ্ৰহনকাৰী সকলক “কোৱাৰেনটাইন চেন্টাৰ”লৈ প্ৰেৰন কৰা বিষয়টো উনুকিয়াই দিয়ে | দিহিং পাটকাই  আৰু বৰ্ষাৰন্যক স্বাৰ্থানেষী সকলৰ অপপ্ৰচাৰৰ বেহু ফালি যি কোনো ত্যাগৰ বিনিময়ত ৰক্ষা কৰিবই লাগিব বুলি কংগ্ৰেছ দলৰ অংগীকাৰৰ কথাও দোহাৰে |আনহাতে ধৰ্মঘট স্থলিত উপস্থিত কংগ্ৰেছ কাৰ্যকৰ্তা আৰু উপস্থিত থকা ৰাইজক উদ্যেশী দিয়া ভাষনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মাননীয় সভাপতি শ্ৰীযুত ৰিপুন বৰা ডাঙৰীয়াই ২৭ মে’ৰ বাঘজানৰ দূৰ্ঘটনা সন্দৰ্ভত অঞ্চলটোৰ জনসাধাৰন আৰু জৈৱ বৈচিত্ৰৰ যি ক্ষতি হল তাৰ বাবে দূখ প্ৰকাশ কৰে | বাঘজানৰ ঘটনাই অঞ্চলটোৰ ৰাইজ, কিছু ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন আৰু প্ৰকৃতি প্ৰেমী সকলে পূৰ্বতে যি সংশয় ব্যক্ত কৰিছিল সেয়া সত্য আছিল বুলি প্ৰমানিত হ’ল |এইটোও প্ৰমানিত হল যে,জৈৱ বৈচিত্ৰক সংৰক্ষন দিবলৈ আৰু জনসাধাৰনৰ ক্ষয়ক্ষতি নহবলৈ অইল কৰ্তৃপক্ষই লোৱা  ব্যৱস্থা সমূহ পৰ্যাপ্ত নাছিল | অসম চৰকাৰে ৰাজ্যখনৰ এজন অতিৰিক্ত মূখ্য সচিবৰ নেতৃত্বত যি তদন্ত কমিটী গঠন কৰিছে সেয়া কেতিয়াও ফলপ্ৰসু নহব  বৰঞ্চ কেন্দ্ৰীয় চৰকাৰৰ তদন্ত সংস্থা এটাৰ দ্বাৰা দূৰ্ঘতনাটোৰ সন্দৰ্ভত তদন্ত কৰি দোষীক উচিৎ শাস্তি দিয়াৰ দাবী জনায় | তাৰোপৰি দূৰ্ঘটনাস্থলিৰ জুই অতিসীঘ্ৰে নিৰ্বাপিত কৰি দূৰঘটনাৰ ফলত  অঞ্চলটোৰ জনসাধাৰনক নিজ নিজ ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ আৰু  ক্ষতিগ্ৰস্থ সকলক তুৰন্তে  ” সৰল আৰু খৰতকীয়া” ব্যৱস্থাৰ মাজেৰে ক্ষতিপুৰন দিয়াৰ ব্যৱস্থা গ্ৰহন কৰাৰ দাবী উত্থাপন কৰে |আশ্ৰয় শিবিৰ সমূহ ভ্ৰমন কৰি স্বাক্ষুশ যি অভিজ্ঞতা,সেয়া অত্যন্ত বেদনাদায়ক বুলি উল্লেখ কৰি কয় যে,আশ্ৰয় শিবিৰ সমূহত স্বাস্থ্য সন্মত যি ব্যৱস্থা গ্ৰহন কৰিব লাগিছিল সেয়া মুঠেও কৰা নাই | আশ্ৰয় শিবিৰ বিলাকত পৰ্যাপ্ত শৌচাগাৰ,স্নানাগাৰ,পৰিস্কাৰ খোৱাপানীৰ অভাৱ পৰিলক্ষিত হৈছে আৰু বৰ্তমানৰ কোভিড ১৯ মহামাৰী এই সময়ত আশ্ৰয় শিবিৰ বিলাক বিধিমতে স্থাপন কৰি অঞ্চলটোৰ জনসাধাৰনক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা গ্ৰহন নকৰাত তেখেতে আশ্চৰ্য প্ৰকাশ কৰে আৰু অতিশীঘ্ৰে আশ্ৰয় শিৱিৰৰ প্ৰতিজন ব্যক্তিৰ স্বা্স্থ্য পৰিক্ষা কৰি জীৱনৰ নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী জনায় | জিলা প্ৰশাষন তথা ৰাজ্য চৰকাৰখনে আশ্ৰয় শিৱিৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে  নিৰ্বাচিত এখন চৰকাৰৰ জনসাধাৰনৰ প্ৰতি থকা দায়বদ্ধতাৰ নমুনাও প্ৰদৰ্শন নকৰি  অইল ইন্ডিয়াৰ ওচৰত আত্মসমৰ্পন কৰি এই ধৰনে দায়িত্ব পালন কেৱল বিজেপি দল আৰু চৰকাৰৰ বাবেহে সম্ভৱ বুলি তীৰ্যক মন্তব্য কৰে |  জনসাধাৰনৰ ভোটেৰে আজি  মূখ্যমন্ত্ৰী হোৱা ৰাজ্যৰ মূৰব্বী জনৰ আজি অতদিনে বাঘজানৰ জনসাধাৰনৰ ওচৰলৈ  অহাৰ সময়টো নহলেই আনকি অসম চৰকাৰে গেছ নিৰ্গত সমস্যা আৰু জুই জ্বলাৰ পিছত উদ্ভত হোৱা সমস্যা সন্দৰ্ভত ব্যৱস্থা গ্ৰহন কৰাৰ পৰাও বিৰত থাকিল | যি কেইজন মন্ত্ৰীয়ে বাঘজান ভ্ৰমন কৰি যি ধৰনৰ অবিৱেচকী ,উপলুঙা সূচক মন্তব্য দিলে সেইয়া জনসাধাৰনৰ প্ৰতি দায়িত্বশীল কোনো দল আৰু চৰকাৰৰ প্ৰতিনিধিয়ে কেতিয়াও কব নোৱাৰে আৰু  স্বাভাৱিক ভাৱেই ৰাইজ ক্ষোভিত হোৱাৰ লগতে চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে |তেখেতে উল্লেখ কৰে যে,বৰ্তমানৰ বিজেপি চৰকাৰখনে জনসাধাৰনৰ ্ৰতি থকা তেওলোকৰ দায়িত্ব পাহৰি গল বিজেপি দল আৰু চৰকাৰখনৰ স্বৰূপ জনসাধাৰনৰ মাজত ওলাই পৰিল | বিজেপি দলে ভোটৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱায় আৰু শাসন পালে জনসাধাৰনৰ দূখ যন্ত্ৰনা পাহৰি যায় | দিহিং পাটকাই সন্দৰ্ভত তেখেতে কয় যে, কিছু স্বাৰ্থান্বেশী দুষ্ট চক্ৰই কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰত নামিছে |নৰ্থ ইষ্ট কল ফিলড কতৃপক্ষৰ এখন চাৰ্কোলাৰৰ অপবাখ্যা কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰি মাৰ্ঘেৰীতা অঞ্চলৰ ৰাইজক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে | উক্ত চাৰ্কোলাৰ খনৰ কতো নৰ্থ ইষ্ট কলফিল্ড বন্ধ হোৱাৰ উল্লেখ নাই | কংগ্ৰেছ দলে নৰ্থ ইষ্ট কল ফিল্ড বন্ধ হৈ যোৱাটো নিবিচাৰে | কংগ্ৰেছ দলে কয়লাৰ অবৈধ খনন আৰু অবৈধ কাৰবাৰ বন্ধ হোৱাটোহে বিচাৰে |দিহিং পাটকাই অভয়াৰন্য ,বৰ্ষাৰন্য ,আৰু জীৱকূল ৰক্ষা কৰাটোহে কংগ্ৰেছ দলে বিচাৰে ।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাৰ ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

৯ বছৰৰ পিছত ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত পুনৰ হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠদান ।

নাজিৰা

 প্ৰায় ৯ টা বৰ্ষ বিৰতিৰ পিছত ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত চলিত বৰ্ষৰ পৰা পুনৰ আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠদান । ইয়াৰ বাবে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে পাঠদানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । মহাবিদ্যালয়ৰ অধ্যক্ষ ড : সব্যসাচী মহন্তই জানিবলৈ দিয়া মতে , ২০১১-১২ বৰ্ষতে মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিক শাখাৰ পাঠদান বন্ধ হৈছিল আৰু অধ্যক্ষগৰাকীয়ে দায়িত্ব লৈয়েই উচ্চতৰ মাধ্যমিক শাখাৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ প্ৰস্তুতি চলাই আৰু চলিত বৰ্ষৰ পৰা ক’লা , বিজ্ঞান আৰু বাণিজ্য শাখাত ইতিমধ্যে নামভৰ্তি মুকলি কৰি দিয়া হৈছে । চৰকাৰে বান্ধি দিয়া নীতি – নিয়ম অনুসৰি নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হোৱাৰ লগতে ছাত্র-ছাত্ৰী নিৱাসৰ ব্যৱস্থাও থাকিব । অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা মতে , অহা ১৫ জুনৰ পৰা ৩০ জুনলৈ ছাত্র – ছাত্ৰী সকলে অনলাইন যোগে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব । অনলাইন প্ৰ-পত্ৰ মহাবিদ্যালয়ৰ ৱেবচাইত www.gargaoncollege.org ত উপলব্ধ হ’ব । প্ৰ-পত্ৰ পূৰণৰ পিছত মহাবিদ্যালয় তৰফে নিৰ্দিষ্ট কৰি দিয়া তাৰিখত মেধা ভিত্তিত নামভৰ্তি হ’ব । শিৱসাগৰ জিলা তথা উজনি অসমৰ এখন আগশাৰীৰ উচ্চ শিক্ষা অনুষ্ঠান হিচাপে পৰিগণিত ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত পুনৰ উচ্চতৰ মাধ্যমিক শাখাৰ পাঠদান আৰম্ভ কৰিবলৈ লোৱা সিদ্ধান্তক শিক্ষানুৰাগী মহলে আদৰণি জনাইছে । 

লকডাউনত অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাকাৰ স্পেইনৰ এজন যুৱক : পথাৰত হাল বাই দেখুৱালে নিৰ্দশন ।

পথাৰত হাল বাই দেখুৱালে স্পেইনৰ এজন যুৱক ।

নাজিৰা পৰা  দিলীপ হাজৰিকা ।

লক ডাউনত শিৱসাগৰত  আবদ্ধ হৈ থকা এজন বিদেশী যুৱক । অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাকাৰ হৈ পৰিছে স্পেইনৰ এই নাগৰিকজন।  গাঁৱৰ পথাৰত কঠিয়া পৰাত, টেক্টৰ চলাই হাল বোৱাৰ পৰা বোকা খচি  লাহনিৰে পানী সিঁচাত পাকৈত হৈ পৰিছে মেনুৱেল আৰিবাছ চজিকিউ নামৰ বিদেশী নাগৰিকজন। আনকি, মূৰত গামোচা মাৰি পথাৰত কাম কৰি এপয়লা সাজ খাই উৎফুল্লিত হৈ পৰিছে বিদেশী যুৱকজন। বিগত চাৰি মাহে শিৱসাগৰ জিলাৰ বকতা , বকতিয়াল গাৱঁত মাটি, পানী, বায়ুৰ সৈতে সংপৃক্ত হৈ পৰিছে স্পেইনিচ যুৱকজন। লক ডাউনৰ পূৰ্বে ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে গড়গাঁও কলেজত অনুষ্ঠিত যুৱ  মহোৎসৱলৈ আহিছিল তেওঁ। চাইকেলৰে স্পেইনৰ পৰা ব্ৰহ্মদেশ হৈ মণিপুৰৰ পৰা অসম আহিছিল মেনুৱেল আৰিবাছ চজিকিউ নামৰ এই  লোকজন।  যুৱ মহোৎসৱৰ পিচত তেওঁ বকতাৰ বকতিয়াল গাঁৱৰ নিবাসী সত্যৰঞ্জন বৰবৰুৱাৰ পুত্ৰ বিশ্বজিত বৰবৰুৱা নামৰ গড়গাঁও কলেজৰ প্ৰাক্তন ছাত্ৰজনৰ লগত চিনাকী হৈ তেওঁৰ ঘৰতে আছিল কিন্তু, বিশ্বজুৰি কৰোনা ভাইৰাচৰ পাৰ্দুভাৱ আৰু স্পেইনতো কৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত স্বদেশলৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ নকৰিলে তেওঁ। প্ৰশাসনে পৰ্যটন বিভাগৰ আতিথ্যত ৰাখিবলৈ অনুৰোধ কৰাৰ পিচতো সেই অনুৰোধক প্ৰত্যাখ্যান কৰি অসমৰ গ্ৰাম্য জীৱনত থাকি বহুত ভাল পোৱা বুলিহে প্ৰকাশ কৰে বিদেশী নাগৰিকজনে। এতিয়া দিন বাগৰাৰ লগে লগে বকতা বকতিয়াল গাঁৱৰ এজন সদস্য হৈ পৰিছে তেওঁ।  চাৰিমাহৰ ভিতৰতে গাওঁবাসীৰ বাবে তেওঁ আপোন হৈ পৰিছে। অসমীয়া সংস্কৃতিৰ সৈতে একাকাৰ হৈ অসমীয়া ভাষা কবলৈও শিকিছে স্পেইনিচ যুৱকজনে। আনকি গাঁৱৰ প্ৰতিঘৰৰ সকাম নিকামো উপভোগ কৰিছে তেওঁ। তেওঁ বকতিয়াল গাওঁ, অসম তথা ভাৰতীয় নাগৰিকৰ আতিথ্যক ভূয়সী প্ৰশংসা কৰে। মেনুৱেল আৰিবাছ চজিকিউয়ে গাঁৱৰ প্ৰতিটো ক্ষণ উপভোগ আনন্দ কৰি পাৰ কৰিছে এনেদৰে। পৰিয়ালটোৱেও মেনুৱেলক বৰপুত্ৰ হিচাবেই মানিবলৈ লৈছে । মেনুৱেলে দৈনিক স্পেইনত থকা মাতৃ তথা পৰিয়ালক ভিডিঅ কলেৰে গাঁৱৰ বিষয়ে অৱগত কৰে। মেনুৱেলৰ পৰিয়ালেও অসমৰ আতিথ্যক শলাগ লৈছে । কিন্ত এদিন পুনৰ চাইকেলেৰে সুদূৰত থকা  স্বদেশ স্পেইনলৈ যাত্ৰা কৰিব তেওঁ। এৰি থৈ যাব লাগিব অসমীয়া ভাৰতীয় মানুহৰ আতিথ্য, মৰম, সান্নিধ্যৰ সুমধুৰ স্মৃতি ৷

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

ভূঞাখাট মণ্ডল কংগ্রেছৰ সভাপতি সম্পাদকৰ বিজেপিত যোগদান ।

কৌস্তুভমনি শৰ্মা, টংলা

বি টি চি পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা মতে বিভিন্ন দলৰ পৰা বিভিন্ন পাৰ্থীয়ে মনোনয়নপত্র দাখিল কৰিলে বি টি চি নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে কিন্তু থিক তেনে সময়তে বিশ্বব্যাপী মৃত্যুৰ কিৰিলি টোলা চিনৰ পৰা বিয়পা মহামাৰী ক’ৰণা ভাইৰাছ কভিড১৯ সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে সমগ্র দেশতেই প্ৰথম পৰ্যায়ৰ লক ডাউন ঘোষনা কৰে যাৰ বাবে বি টি চি নিৰ্বাচন সামগ্রিক ভাৱে বন্ধ হৈ পৰে আৰু ২৭ এপ্রিলত বি তি চিত শাসনাধিস্থ বি পি এফ চৰকাৰৰ কাৰ্য্যলৰ অন্ত পৰে তেনে ক্ষেত্রত ৰাজ্যপালৰ হাটলৈ আহে বি টি চিৰ শাষন ব্যবস্থা, বি টি চিৰ শাষন ব্যবস্থা ৰাজ্যপালৰ হাটলৈ অহাৰ লগে লগে বি টি চিৰ বিভিন্ন ৰাজনৈতিক মহলত অন্য এক পৰিবৰ্তন আহে, বৰ্তমান লক ডাউনত শিথিলতা অহাৰ লগেলগে বি টি চি অঞ্চলত আকৌ আৰম্ভণি হৈছে নিৰ্বাচন কেন্দ্রীক বিভিন্ন অনুষ্ঠান, বি টি চি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰায় সকলো বোৰ দলেই নিজৰ নিজৰ স্থিতিত অতল, ১৩ জুন শনিবাৰে ওদালগুৰি জিলাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভূঞাখাট গাৱঁৰ নাৰায়ণ বড়োৰ বাসগৃহত খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ পাৰ্থী ভবেন বড়ো,জিলা বিজেপিৰ অসম ৰাজ্যিক সদস্য খৰ্গেন নাৰ্জাৰীৰ লগতে বিজেপিৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত প্ৰায় ২০ বছৰ ধৰি একেৰাহে কংগ্ৰছৰ সদস্যৰ পৰা বিভিন্ন ধৰনৰ বিষয়ববীয়া পদ অলংকৃত কৰি বৰ্তমান ভূঞাখাট মণ্ডল কংগ্রেছৰ সভাপতি নাৰায়ণ বড়ো আৰু ভূঞাখাট মণ্ডল কংগ্রেছৰ সম্পাদক দুৰ্গেশ্বৰ বৰুৱাৰ লগতে কেইবাগৰাকী ব্যক্তিয়ে বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰিয়েই নাৰায়ণ বড়োৱে কয় যে এইবাৰ পৰিবৰ্তন আহিবই কাৰন বছৰ বছৰ ধৰি বি টি চিত চলি থকা অপশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাইজ এইবাৰ সজাগ হৈছে আৰু যোৱা ১৫ বছৰে ৰাইজৰ সমস্যাৰ প্ৰতি বি পি এফে কোনো ধৰনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা নগল যাৰ প্ৰতিফল স্বৰূপে আমাৰ খোৱা পানীৰ পৰা আদি কৰি ৰাষ্টা ঘাটৰ অবস্থা এতিয়াও সংকটজনক সেয়ে ৰাইজে এইবাৰ পৰিবৰ্তন বিচাৰিছে আৰু এই পৰিবৰ্তন বিজেপিয়ে নিশ্চিত ভাবে কৰিব পাৰিব বুলি আমি আশাবাদী সেয়ে আজি আমি বিজেপিত যোগদান কৰিছোঁ।

মৰিকলং-পানীগাওঁ চাৰিআলি সংযোগী গড়কাপ্তানি পথৰ বিধ্বস্ত ৰূপে জলাকলা খোৱাইছে পথচাৰীক ।

ডেৰ বছৰে ভঙা কাৰ্লভাট নিৰ্মাণৰ দায়িত্ব পাহৰিলে গড়কাপ্তানি বিভাগৰ অভিযন্ত্ৰা-বিষয়াই

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

নগাঁও জিলাৰ  ৩৬ নং ৰাষ্ট্ৰীয় পথৰ মৰিকলং চাৰিআলিৰ পৰা পাৱাৰ হাউছ তিনিআলি হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পানীগাওঁ চাৰিআলি সংযোগী পথটো নগাঁৱৰ এটা অতি গুৰুত্বপূৰ্ণ পথ৷ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ নগাঁৱৰ এই গুৰুত্বপূৰ্ণ পথটো বৰ্তমান ঠায়ে ঠায়ে বিধ্বস্ত ৰূপে তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে পথচাৰীৰ লগতে মটৰচাইকেল, স্কুটি আদিকে ধৰি সৰু বৰ বিভিন্ন যান-বাহন আৰোহী সকলক৷ পথটোৰ মৰিকলং চাৰিআলি গ্ৰামীণ বিকাশ বেংকৰ সন্মুখৰ পৰা আৰম্ভ কৰি নগাঁও ৰে’ল ষ্টেচনৰ কাষৰ দূৰ্গা মন্দিৰৰ সন্মুখৰ কাৰ্লভাট পৰ্যন্ত অংশৰ বিধ্বস্ত ৰূপে বহু সময়ত পথচাৰী সকলক যমৰ-যাতনা পেলাই আহিছে৷ নগাঁও চহৰলৈ বুলি সোমোবা সদাব্যস্ত এই পথটোৰে বহু কেইখন  বিদ্যালয়, মহাবিদ্যালয়, প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ ছাত্ৰ-ছাত্ৰী, কেইবাটাও চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে শ্ৰীমন্ত শংকৰ মিশ্ৰণৰ ওপৰি কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ ৰোগী তথা নগাঁও ৰেল ষ্টেচনলৈ ৰেল ধৰিবলৈ বুলি বহু লোক আহ-যাহ কৰাৰ ওপৰিও আই টি আই বজাৰ, পানীগাওঁ চাৰিআলি বজাৰলৈ বুলি বহুলোকে যাত্ৰায়ত কৰে এই পথচোৱাৰে৷ নগাঁওবাসীৰ এটি সদাব্যস্ত এই চিনাকী পথচোৱাৰ বৰ্তমান এক বিধ্বস্তৰূপে সকলো পথচাৰীকে জলাকলা খোৱাইছে৷ মৰিকলং চাৰিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ পৰা আৰম্ভ কৰি পথচোৱাৰ ঠায়ে-ঠায়ে এজাক বৰষুণতে একাঠু পানী জমা হৈ পথচাৰী ৰাইজক যাত্ৰায়তত ব্যাঘাত জন্মাই আহিছে৷ আনহাতে,  নগাঁও ৰেল ষ্টেচনৰ পৰা উলাই আহিয়েই মৰিকলং চাৰিআলি দিশলৈ যোবা পথত তথা দূৰ্গা মন্দিৰৰ সন্মুখ ভাগত অৱস্থিত এটা কাৰ্লভাটৰ আধাভঙা অংশই পথচাৰীক নগুৰনাগতি কৰিছে৷ নিশাৰ কথাতো বাদেই দিনৰ ভাগতে এই আধাভঙা কাৰ্লভাটটোৰে জীয়াতু ভুগাইছে সৰ্বসাধাৰণ পথচাৰী তথা ৰাইজক৷ বহু সময়ত চাইকেল, মটৰচাইকেল, টমটম্ আৰোহী এই আধাভঙা কাৰ্লভাটত পৰি দূৰ্ঘটনাত পতিত হৈ ঘুনিয়া হ’ব লগাত পৰিছে ৷ আজি ডেৰ বছৰৰো অধীক সময় এই ভঙা কাৰ্লভাটটো নিৰ্মাণ কৰিবলৈ দেখা নাই নগাঁৱৰ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় দায়িত্বপ্ৰাপ্ত অভিযন্ত্ৰা-বিষয়াই৷ একাংশ পথচাৰী তথা স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি মাত্ৰ তিনি বছৰৰ পূৰ্বে নিৰ্মাণ কৰা এই কাৰ্লভাটটো নিৰ্মাণৰ সময়ত গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতেই আজি এই অৱস্থা হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ যাৰ ফলত অতি কম দিনৰ ভিতৰতে কাৰ্লভাটটোৰ আধাঅংশ ভাঙি যোবাত আজি ৰাইজ ভিশন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে৷ বহু সময়ত স্থানীয় ৰাইজৰ লগতে পথচাৰী সকলে দায়িত্বপ্ৰাপ্ত বিভাগীয় কৰ্তৃপক্ষক উন্নত প্ৰযুক্তি তথা উন্নত সামগ্ৰীৰে নিৰ্মাণ কৰিবলৈ দাৱী জনাই আহিছে যদিও গড়কাপ্তানি ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ গাৰ নোম এডালো লৰাব পৰা নাই ৰাইজৰ এই দাৱীয়ে৷ উল্লেখ্য যে,পথচোৱাৰে সৰু-সৰু গাড়ী সমূহ পাৰ হৈ যায় যদিও বৰ সাৱধানে আৰু ভয়ে-ভয়ে পাৰ হৈ যাব লগা হয় ৷ কিন্তু ট্ৰাক, বাছ, ট্ৰেভেলাৰ আদি পাৰ হ’ব নোৱাৰে৷   এই পথচোৱাৰ মৰিকলং চাৰিআলি দিশত আৰু পাৱাৰ হাউছ তিনিআলি দিশত পথৰ বিধ্বস্ত ৰূপৰ কোনো আগতীয়া জাননী ফলক নথকাত ডাঙৰ যান-বাহন সমূহ দুয়োফালৰ পৰা সোমাই আহি বিমোৰত পৰিব লগা হয় আৰু পোনৰ ডাঙৰ যান-বাহন সমূহ উলোটাকৈয়ে উলিয়াই নিয়াৰ ফলত তীব্ৰ যান-যটৰ সৃষ্টি হৈ আহিছে পথচোৱাত৷ এইক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ  বিভাগীয় উদ্ধতন কতৃপক্ষক অতিশীঘ্ৰে পথচোবাৰ নিৰ্মাণ কৰাৰ লগতে পূৰ্বতে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰা  কাৰ্লভাটটো উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰি পথচাৰীৰ বাবে মুকলি কৰিবলৈ ৰাইজে দাৱী জনাইছে

প্ৰশাসনলৈ অনুৰোধ….

অংশুমান ভূঞা

প্ৰকৃতিৰ ওপৰত মানৱৰ অত্যাচাৰে বনৰীয়া জীৱকূলৰ জীৱন-ধাৰণত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ কুফল এতিয়া স্বয়ং মানুহেই ভোগ কৰিবলগীয়া। বন্য জীৱৰ জনাঞ্চলত প্ৰৱেশ, মানুহৰে সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে। অসমৰ অৰ্থনৈতিক দিশকো এই পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিছে। তেনে দুবিধ বন্যপ্ৰাণী কেৰ্কেটুৱা আৰু বান্দৰৰ উপদ্ৰৱে গাঁৱলীয়া ৰাইজক সৰিয়হ ফুল দেখাবলৈ আৰম্ভ কৰিছে। তামোল-নাৰিকল আদিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি অতীজৰে পৰাই সুদৃঢ় কৰি আহিছে। প্ৰায় প্ৰতিঘৰ মানুহৰেই তামোল-নাৰিকলৰ গছ থাকে। কেঁচা তামোল বা শুকুৱাই চুপাৰী কৰি বিক্ৰী কৰিয়েই একো একোখন ঘৰৰ সৰু-বৰ ভালেকেইটা অভাৱ পূৰণ কৰিব পাৰি। ঘৰৰে নাৰিকল কেইটায়ো বিহুৱে-তিথিয়ে সকাহ দি আহিছে। কিন্তু বিগত কেইবছৰমানত কেৰ্কেটুৱাৰ অনিয়ন্ত্ৰিত বৃদ্ধিয়ে গাঁ‌ৱলীয়া মানুহৰ এই আত্মনিৰ্ভৰশীলতাৰ উপায়টোলৈ ভাবুকি কঢ়িয়াই আনিছে। শব্দ কৰি, ফটকা ফুটায়ো কেৰ্কেটুৱাৰ পৰা পৰিত্ৰাণ নোপোৱাত ৰাইজে মূৰে-কপালে হাত দিবলগীয়া অৱস্থা। এই উপদ্ৰৱ অব্যাহত থাকিলে হয়তো অচিৰেই কেৱল ফলবিহীন গছবোৰহে থিয় হৈ থাকিব। ইতিমধ্যে জনাঞ্চলত মোবাইল টাৱাৰবোৰ বহুওৱাৰ ফলত গছবোৰৰ উৎপাদন ক্ষমতা হ্ৰাস পাই আহিছেই। কেৰ্কেটুৱাৰ সমান্তৰালকৈ বৃহত্তৰ চামতাবাসী নতুনকৈ আন এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। সেয়া হৈছে বান্দৰৰ উপদ্ৰৱ। আজি কেইবছৰমান আগলৈ এই অঞ্চলটোত বান্দৰৰ কোনো চিন-মোকাম বুলিবলৈ নাছিল। কেতিয়াবা দুই-এটা আহিলেও দূৰণিবটীয়া আলহীৰ দৰে দুই-এদিন থাকি আকৌ গুচি গৈছিল। কিন্তু এতিয়া যেন তাৰ পৰিৱৰ্তন ঘটিছে। ই এক সমস্যালৈ পৰ্যৱসিত হোৱাৰ উপক্ৰম ঘটিছে। ফল-মূল, শাক-পাচলিৰ বাগিচা ধ্বংস কৰাৰ লগতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিও উৎপাত কৰে। আনকি মানুহক আক্ৰমণ কৰিবলৈও উদ্যত হয়। গতিকে প্ৰশাসনে সময় থাকোতেই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লৈ গ্ৰাম্য অৰ্থনীতিক ধ্বংস হোৱাৰ পৰা বচাওক। হাতী-মানুহৰ সংঘাতে গুৰুতৰ ৰূপ লোৱাৰ দৰে বান্দৰৰ ক্ষেত্ৰতো এই আশংকা নুই কৰিব নোৱাৰি।সমগ্ৰ ৰাজ্যখনতে মহৰ উপদ্ৰৱে জ্বলা-কলা খুৱাই আহিছে। ফলত ৰাইজ বিভিন্ন বেমাৰত আক্ৰান্ত হ’বলগীয়াও হৈছে। চামতা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো এটা মেলেৰিয়া বিভাগ থকা দেখা পাই আহিছোঁ‌ যদিও কোনো এটা বছৰতে ডি.ডি.টি চটিওৱাৰ কোনো উমঘাম মুঠেও লক্ষ্য কৰা নাযায়। নামতহে বিভাগটো আছে যেন বোধ হয়। ২০ বছৰমান আগতেই এবাৰ ডিডিটি চটিওৱাৰ কথা মনত আছে। এই বিষয়টোতো বিভাগীয় কৰ্তৃপক্ষৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আশা কৰিলোঁ।

নগাঁও চহৰৰ বৰবজাৰ অঞ্চলত গো-মাংসৰ দোকান বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ ।

দৈনন্দিন বাৰ্তা

নগাঁও চহৰৰ বৰবজাৰৰ ঢাকাইপট্টিত থকা ৭খনকৈ গো-মাংস বিক্ৰীৰ দোকান বন্ধ কৰাৰ দাবীত আজি একাংশ সচেতন ৰাইজে অঞ্চলটোত প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে চহৰখনৰ মূল ব্যৱসায়িক অঞ্চলৰূপে চিহ্নিত বৰবজাৰৰ ঢাকাইপট্টিত থকা গো-মাংস বিক্ৰীৰ দোকানকেইখনৰ পৰা ইছলামধৰ্মী লোকৰ বসতি প্ৰধান অঞ্চলটোত এক অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হোৱা বুলি স্হানীয় বাসিন্দাই অভিযোগ উত্থাপন কৰি আহিছে। গো-মাংসৰ ব্যৱসায়ীসকলে মূল পথৰ কাষতে থকা নলাত অৱশিষ্ট আবৰ্জনাসমূহ পেলোৱাৰ ফলত সৃষ্টি হোৱা দুৰ্গন্ধই অঞ্চলটোৰ পৰিবেশ দূষিত কৰাৰ লগতে নলাসমূহ নানা বিষাক্ত বীজাণুৰ বসতি স্থল হৈ পৰা বুলিও ৰাইজে অভিযোগ কৰে। ইপিনে অঞ্চলটোৰ ৰাইজে গো মাংস বিক্ৰীৰ দোকান কেইখন উক্ত স্থানৰ পৰা স্থানান্তৰৰ দাবীত নগাঁও পৌৰসভাক বহুবাৰ অভিযোগ দি আহিছে যদিও ৰহস্যজনকভাৱে পৌৰসভাই নীৰৱতা অৱলম্বন কৰা বুলিও ৰাইজে অভিযোগ কৰে। সেয়ে ৰাইজে উপয়ান্তৰ হৈ এই সন্দৰ্ভত নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতবর্ষৰ প্ৰধানমন্ত্ৰীলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল আৰু তাৰ পিছতে চৰকাৰে উক্ত স্থানৰ পৰা গো-মাংসৰ দোকান সমূহ স্থানান্তৰৰ নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে। কিন্তু ইয়াৰ পিছতো গো-মাংস বিক্ৰীৰ দোকানসমূহ স্থানান্তৰৰ ক্ষেত্ৰত প্ৰশাসনে পদক্ষেপ গ্ৰহণ নকৰাত অঞ্চলটোৰ বাসিন্দাসকল ক্ষুব্ধ হৈ পৰে। সেয়ে আজি ক্ষুদ্ধ ৰাইজে অঞ্চলটোৰ পৰিবেশ দূষিত কৰাৰ অভিযোগ তুলি গো মাংস বিক্ৰীৰ দোকানসমূহ উক্ত স্থানৰ পৰা স্থানান্তৰৰ দাবীত উত্তাল প্ৰতিবাদ সাবস্ত কৰে। ক্ষোভিত ৰাইজে গো-মাংসৰ বিক্ৰীৰ দোকান কেইখন বন্ধৰ দাবীত বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাবস্ত কৰে।

বেংক কৰ্তৃপক্ষৰ ৰহস্যজনক ভুমিকা : আজিও নহ’ল তদন্ত ।

এ জে আকন্দ‌ :

চৰকাৰে প্ৰৱৰ্তন কৰা জন ধন আচঁনি, প্ৰধানমন্ত্ৰীৰ বীমা যোজনা, ৰন্ধন গেছ, প্ৰধানমন্ত্ৰীৰ কৃষি সন্মান নিধি আচঁনি, সংখ্যালঘু ছাত্ৰ-ছাত্ৰী বৃত্তি, জব কাৰ্ড  আদিকে ধৰি বহু আচঁনিৰ অধীনত থকা হিচাধিকাৰীৰ একাউন্টৰ বিপৰীতে ব্যাপক লুন্ঠন চলোৱা নগাঁৱৰ এটা চি এচ পিৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতো আজিও নহ’ল কোনো তদন্ত। নগাঁও জিলাৰ গ্ৰামীণ বিকাশ বেংক ৰাইদঙীয়া শাখাৰ অধীনত থকা হাতীযুজোৱা চি এচ পিৰ  বাণিজ্যিক প্ৰতিনিধিয়ে ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উঠাৰ পিছত ৰহস্যজনক ভাবে এতিয়াও নিমাত সংশ্লিষ্ট বেংক কৰ্তৃপক্ষ। চি এচ পি টোৰ বানিজ্যিক প্ৰতিনিধি নিজৰ পত্নী হোৱাৰ সুবাদতে স্বামী আনজাৰ হুছেইনে কাকো কেৰেপ নকৰাকৈ চলাই গৈছে ইটোৰ পিছত সিটো লুন্ঠনৰ বজাৰ। উল্লেখ্য যে প্ৰথম অৱস্থাত এই চি এচ পিটোৰ বানিজ্যিক প্ৰতিনিধি আনজাৰ হুছেইন আছিল যদিও বিভিন্ন অনিয়ম-দুৰ্নীতিৰ তথ্য ধৰা পৰাৰ পিছত বেংক কৰ্তৃপক্ষই তেওঁৰ চি এচ পিটো বন্ধ কৰি দিছিল। কিন্তু অতি আচৰ্যজনক কথাটো এই যে চি এচ পিটো বন্ধ কৰাৰ পৰৱৰ্তী সময়ত চতুৰ আনজাৰে বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি পুণৰ তেওঁৰ পত্নী ৰেজিনা বেগমৰ নামত চি এচ পিটো মুকলি কৰি নামি পৰিছে লুন্ঠনৰাজত। পত্নীৰ নামত থকা চি এচ পিটো নতুন বটলত পুৰণা মদৰ লেখিয়াকৈয়ে আনজাৰে শেহতীয়াকৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধিৰ আচনিত শ শ ভূৱা কৃষকৰ নামত কোটি কোটি টকা আত্মসাত কৰিছে। নগাঁও জিলাত প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধি আচনিত সংঘটিত কৰা দুৰ্নীতিৰ মহানায়ক হিচাপে পৰিচিত এইগৰাকী আনজাৰ তথা চি এচ পিটোৰ বিৰুদ্ধে বেংক কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ দিয়াৰহে অভিযোগ উঠিছে। গুৰু গোহাঁই নমনা মেনেজ মাষ্টৰৰূপী আনজাৰে এতিয়া ধনৰ বলত বলিয়ান হৈ কোনো সংবাদ মাধ্যমকো কেৰেপ নকৰে বুলিও দম্ভালি মাৰি ফুৰিছে। আনকি, বেংক কৰ্তৃপক্ষ তেওঁৰ পকেটত আছে বুলিও একাংশ লোক গাই বাই ফুৰাৰো অভিযোগ উঠিছে। বেংক কৰ্তৃপক্ষ‌ই এনে এজন দুৰ্নীতিপৰায়ণ ব্যক্তিৰ বিৰুদ্ধে কিয় আজি পৰ্যন্ত ব্যৱস্থা গ্ৰহণ কৰা নাই এই লৈ ৰাইজৰ মাজত সৰব চৰ্চা চলিছে। যদিহে বেংক কৰ্তৃপক্ষই বিহিত ব্যৱস্থা নলয়, তেন্তে নগাঁৱৰ এগৰাকী আৰ টি আই কৰ্মীয়ে দুৰ্নীতি নিবাৰক শাখাত গোচৰ তৰিব বুলি জানিব পৰা গৈছে।

বিন্নাকান্দি উন্নয়ন খণ্ডত পঞ্চায়তে পঞ্চায়তে লুন্ঠনৰাজ কনিষ্ঠ অভিযন্তা, সচিব, জিআৰএচ, প্ৰতিনিধিয়ে মিলি চলাইছে দুৰ্নীতিৰ বজাৰ ।

এ জে আকন্দ:

পৰিবৰ্তনৰ শ্লোগান দি ৰাজ্যৰ শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনতো কোনো পৰিবৰ্তন পৰিলক্ষিত হোৱা নাই। পূৰ্বৰ দৰে বিভিন্ন বিভাগত চলি আহিছে কেৱল ব্যাপক দুৰ্নীতি আৰু অনিয়ম আৰু এই দুৰ্নীতি অনিয়মেই যেন এক নিয়মত পৰিণত হৈছে হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডত। ২৪ টা গাঁও পঞ্চায়তৰে গঠিত উন্নয়ন খণ্ডটোত একাংশ পঞ্চায়ত সভাপতি, পঞ্চায়ত সচিব, জিআৰএচ, কনিষ্ঠ অভিযন্তাই বিডিঅ’ৰে মিলি এতিয়া কেবল চলাইছে লুন্ঠনৰ অঘোষিত প্ৰতিযোগিতা। শেহতীয়াকৈ চতুৰ্থ বিত্তীয় আয়োগ, পঞ্চম বিত্তীয় আয়োগ, এমজিএন ৰেগাকে ধৰি একাধিক চৰকাৰী আঁচনিৰ অধীনত নামমাত্ৰ কাম কৰিয়েই আঁচনি সমুহ বগা হাতীত পৰিণত কৰি লুন্ঠনৰাজ চলোৱাৰ অভিযোগ উঠিছে। বিভাগীয় প্ৰাককলন অনুসৰি কোনো কামেই সম্পাদন হোৱা নাই উন্নয়ন খণ্ডটোৰ অন্তৰ্গত অধিকাংশ গাঁও পঞ্চায়তত। উন্নয়ন খণ্ডটোত দীৰ্ঘদিন ধৰি চলা লুন্ঠনৰাজ সন্দৰ্ভত সংবাদ মাধ্যমত সততে বাতৰি প্ৰকাশৰ পিছতো গা লৰা নাই বিয়োগোম গ্ৰামোন্নয়ন বিভাগৰ। বিভিন্ন সময়ত স্থানীয় ৰাইজে একাংশ আঁচনিত চলা দুৰ্নীতি অনিয়ম সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো চকু মুদা কুলিৰ ভাও ধৰিছে গ্ৰামোন্নয়ন বিভাগৰ বৰমুৰীয়া সকলে। কাৰ আশীৰ্বাদত এতিয়াও উন্নয়ন খণ্ডটোত চলি অহা দুৰ্নীতি অনিয়ম তদন্ত হোৱা নাই, সেয়াও এক অবুজ সাথৰৰ দৰে হৈ পৰিছে। মনকৰিবলগীয়া যে, উন্নয়ন খণ্ডটোত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ তথ্য ফাদিল হোৱাৰ ভয়তে তথ্য জনাৰ অধিকাৰ আইনকো ভেঙুচালি কৰি আহিছে। নগাঁৱৰ এগৰাকী আৰটিআই কৰ্মীয়ে সৌৰ চাকি আৰু চতুৰ্থ বিত্তীয় আয়োগৰ তথ্য বিচৰাৰ পিছতো তথ্য দিয়াৰ পৰা বিৰত থকাৰ অভিযোগ উঠিছে। উল্লেখ্য যে উন্নয়ন খণ্ডটোৰ কনিষ্ঠ অভিযন্তা খনীন্দ্ৰ মোহন দাস, ঠিকা ভিত্তিক কনিষ্ঠ অভিযন্তা ক্ৰমে পাঠক, বৈশ্য, ফকৰ, তৌফিক আদিৰ লগতে আন একাংশ কনিষ্ঠ অভিযন্তাই পঞ্চায়ত সচিব, জিআৰএচ, পঞ্চায়ত সভাপতিৰে মিলি উন্নয়ন খণ্ডটোত দুৰ্নীতিৰ বজাৰ বহুৱাৰ গুৰুতৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত একাংশ শাসকীয় দলৰ একাংশ নেতা পালিনেতা জৰিত থকাৰ অভিযোগো উঠিছে। উন্নয়ন খণ্ডটোত দীৰ্ঘদিনীয়া দুৰ্নীতি অনিয়মসমুহ তথ্য সহকাৰে অচিৰেই ডিবি নিউজে ফাদিল কৰিব।

চৰকাৰী বিষয়াৰ ভ্ৰষ্টাচাৰে কঢ়িয়াই অনা বিপদ নেকি নগাৰ বেদখল ? নগাৰ হাতত বিক্ৰী হোৱাৰ অভিযোগ গেলেকী বনাঞ্চল ।

দিলীপ হাজৰিকা :

অসম নগালেণ্ড সীমান্তত অতি সঘনাই সংঘটিত হ’বলৈ ধৰা নগাৰ আগ্ৰাসনৰ ঘটনাই অসমৰ নাগৰিক সকলক বাৰে বাৰে শংকিত কৰি অহাৰ লগতে অসামৰিক প্ৰশাসনক বাৰে বাৰে ব্যতি-ব্যস্ত কৰি আহিছে । ১০ জুনত শিৱসাগৰ জিলা অসামৰিক প্ৰশাসনে নাজিৰা মহকুমা প্ৰশাসন আৰু জিলা আৰক্ষী প্ৰশাসন সহ লিগিৰীপুখুৰীস্থিত ১ম অসম আৰক্ষী বেটেলিয়নৰ সমৰ্থনত চিআৰপিএফৰ এক দল লগত লৈ কাহিলী পুৱাতে এক অভিযান চলায় । অসমৰ চাৰিসীমাৰ ভিতৰত সোমাই নগাই সুপৰিকল্পিতভাৱে শিঙিবিল অঞ্চলত নিৰ্মাণ কৰা তিনিটাকৈ বাঁহ আৰু টিনপাতেৰে সজা ঘৰ উচ্ছেদ ঘটায় । ইয়াৰ পূৰ্বে যোৱা ৮ জুনতো শিঙিবিলত অৱস্থিত সীমান্ত আৰক্ষী চকীৰ কাষতে নগাই অসমৰ মাটিত আগ্ৰাসীভাৱে স্থাপন কৰা নঙলাসহ বুৰুজ উভালি উচ্ছেদ সাধন কৰে শিৱসাগৰ সদৰ আৰক্ষীৰ লগতে নাজিৰা পুলিচ আৰু মহকুমা প্ৰশাসনে । নগালোকে এই বুৰুজ সমূহ পুতি অসমৰ নিজা এলেকাতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে কৰি অহা চাহ বাগিচা সমূহলৈ আহ-যাহৰ বাট বন্ধ কৰি দিয়াৰ প্ৰচেষ্টা চলোৱাৰ বাতৰি সবিস্তাৰে প্ৰকাশ হৈছে । ১০ জুনৰ অভিযানৰ বেলিকা নগাৰ অবৈধ নিৰ্মাণ সমূহৰ নাতিদূৰত নগালেণ্ডৰ সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপস্থিতি মন কৰিবলগীয়া। এয়া কেৱল লকডাউনৰ সময় অতিক্ৰম কৰিবলৈ ধৰাৰ সময়ত নগাৰাজ্যৰ ফালৰ পৰা অসমৰ সীমাত চলি থকা  নিস্ক্ৰিয়তাৰ সুযোগ লৈ নগাপক্ষই ঘটোৱা কূটাঘাত। য’ত শিৱসাগৰ জিলা অসামৰিক প্ৰশাসনে কৌশলগতভাৱে নগাৰ কাৰ্য্যৰ বিৰুদ্ধে সময় আৰু শক্তিসহ ব্যস্ত হৈ পৰিল। আনহাতে মন কৰিবলগীয়া দিশটো হ’ল যে যিখিনি এলেকাত নগাই বেদখল কৰি নিৰ্মাণ কাৰ্য্য ঘটোৱা, অসমৰ খেতিয়কৰ চাহ-বাগিছাৰ উচ্ছেদ ঘটাবলৈ পাকঘৰ ভাঙি পেলোৱা, চাহ গছ কাটি পেলোৱা আদি ঘটনাবোৰ বছৰ বছৰ ধৰি চলাই আহিছে সেই অঞ্চল সমূহেই গেলেকী বনাঞ্চলৰ ভিতৰুৱা । বনাঞ্চলত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই সমস্যা দূৰ কৰিবৰ কাৰণে কোনো উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই । মন কৰিবলগীয়া যে নাজিৰা মহকুমা প্ৰশাসনৰ অন্তৰ্গত এই এলেকাসমূহত লক্ষ্মীজান আৰু শিঙিবিল সীমান্ত আৰক্ষী চকীৰ পৰা মূগাপাৰা, চৰাইসজীয়া, সোণাপুৰ, বৰহোলা, দেওপানী সামৰি সাতোটা সীমান্ত আৰক্ষী চকী সক্ৰিয় হৈ আছে। মুখ্যতঃ অসম চৰকাৰৰ বন বিভাগৰ অধীনত এক ঘোষিত বনাঞ্চল হিচাপে গেলেকী বনাঞ্চল থকাৰ বাবেই গেলেকী আৰু আঠখেল দুটাকৈ বন বিভাগৰ বিট অফিচো এই এলেকাত সক্ৰিয়।  নগাৰ ফালৰপৰা যিমানবোৰ বে-দখল সংঘটিত হৈছে এই সকলোবোৰৰ থলীয়েই হ’ল গেলেকী বনাঞ্চল । তৎস্বত্ত্বেও নগালেণ্ডৰ ফালৰপৰা চৰকাৰী আৰু বে-চৰকাৰী দুই প্ৰকাৰেই অবাধ বে-দখল সংঘটিত হোৱা কাণ্ডই দীৰ্ঘদিন ধৰি চৰকাৰী পৃষ্ঠপোষকতাতেই যে নগাই আসৈ পাই আহিছে সেই বিষয়ে সন্দেহো ঘনীভূত হৈছে। এক বিশেষ সূত্ৰত জানিব পৰা মতে অসমৰ সীমাত নাজিৰা মহকুমাত এতিয়া আৰু গেলেকী বনাঞ্চল বুলি কোনো অংশই নাই । “গাৰোপৱন” যৌথ বন ব্যৱস্থাপনা সমিতিৰ ফালৰপৰা বন প্ৰকল্প এলেকা হিচাপে চিহ্নিত কৰি তোলা কমলাবাৰীয়েই এতিয়া গেলেকী বনাঞ্চলৰ এক পৰিচয় হৈ ৰোৱাৰ বাহিৰে গেলেকী সংৰক্ষিত বনাঞ্চল বুলি আন কোনো এলেকাই নোহোৱা হৈ পৰিল । জানিব পৰা মতে গেলেকী বনাঞ্চলৰ শ শ হেক্টৰ ভূমি বন বিভাগৰ বিষয়াই বিগত প্ৰায় এক দশক কালৰ ভিতৰত নগালোকৰ হাতত বিক্ৰী কৰি দিছে।  অভিযোগ মতে দুই এক অসমৰ খিলঞ্জীয়া ব্যৱসায়ীয়েও মধ্যস্থতা কৰি অথবা পোনপটীয়াকৈ  নগা ব্যৱসায়ীৰ সৈতে টকাৰ দাম-দৰ কৰি হেক্টৰে হেক্টৰে গেলেকী বনাঞ্চলৰ ভূমি মৌখিক দৰত বিক্ৰী কৰি চমজাই দিয়া হৈছে। স্বয়ং বন বিষয়াৰ পোন-পটীয়া সিদ্ধান্ততে গেলেকী বনাঞ্চলৰ ভূমি নগালোকক বৃহৎ ধনৰ বিনিময়ত বিক্ৰী কৰা হৈছে। পৰৱৰ্ত্তী সময়তো কোনো প্ৰকাৰেই বন বিভাগৰ তৰফৰ পৰা গেলেকী বনাঞ্চলৰ মাটিৰ জৰীপ কৰা দূৰৰে কথা  প্ৰায় দহ বছৰৰ পূৰ্বে অসম নগালেণ্ডৰ সীমাত নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰপৰা  অহা সীমা স্তম্ভও নিৰ্মাণ নহ’ল বুলিহে অভিযোগ  উঠিছে। যাৰ ফলত ৰাইজৰ ৰাজহেৰে দৰমহা দি ৰখা এটা বৃহৎ বন বিভাগ থাকিও নাজিৰা মহকুমাই এখন সংৰক্ষিত বনাঞ্চলক জীয়াই ৰখাৰ গৌৰৱৰপৰা বঞ্চিত হৈ পৰিছে। জিলা আৰু মহকুমা প্ৰশাসনে নগাৰ অবৈধ নিৰ্মাণ এবাৰলৈ উচ্ছেদ কৰিয়েই ক্ষান্ত নহৈ বনবিভাগৰ সংমণ্ডল বিষয়াৰ পৰা বিট অফিচলৈকে তদাৰক কৰি গেলেকী ৰিজাৰ্ভ ফৰেষ্টৰ নামত আহি থকা বন্য প্ৰাণী সুৰক্ষা, বন সুৰক্ষা, পহৰা কাৰ্য্যৰ বাবে বাট-পথ মোকলোৱাৰ হেতু অহা ধনৰ হিচাপো তদাৰক কৰক। অন্যথা আহোম স্বৰ্গদেউ সকলৰ দিনতে নগাৰাজ্যৰ সীমাত নিৰ্মাণ কৰা ঐতিহাসিক লাদৈগড়  আৰু ইয়াৰ পৰা নিৰাপদ দূৰত্বত নিৰ্দেশ কৰা অসম নগালেণ্ডৰ সীমা এনে চৰকাৰী হঠকাৰীতাৰ বাবেই এদিন সংকোচিত হৈ আহি লাদৈগড়ৰ ভিতৰৰ পৰাহে সূচিত হোৱাৰ ইংগিত কঢ়িয়াই আনিছে। গেলেকী সংৰক্ষিত বনাঞ্চলে সৰ্বমুঠ ৫৯৭৬ হেক্টৰ ভূমি সামৰি আছিল বুলি জনা যায় । বিপৰীতে যি খণ্ড বনভূমিত যৌথ বন পৰিচালনা সমিতিৰ জড়িয়তে কমলাবাৰী হিচাপে বিকশিত কৰি ৰখা হৈছে সেই ভূমি বনাঞ্চলৰ চাৰিভাগৰ এক অংশহে। বিষয়াৰ দুৰ্নীতিৰ ফলত সংকোচিত হৈ পৰা গেলেকী বনাঞ্চল কেৱল কমলাবাৰীতে সীমাৱদ্ধ হৈ ৰোৱাৰ উপক্ৰম ঘটিছে।  বনবিভাগৰ এনে সংহাৰী দুৰ্নীতিৰ এক উপযুক্ত তদন্ত চৰকাৰী ভাৱে কৰিলেহে পৰিস্ফুট হ’ব প্ৰকৃততে এতিয়ালৈ গেলেকী সংৰক্ষিত বনাঞ্চল বুলিবলৈ কিমান আয়তনৰ অৰণ্য ভূমি আছেগৈ ।