Breaking

মৰিকলং-পানীগাওঁ চাৰিআলি সংযোগী গড়কাপ্তানি পথৰ বিধ্বস্ত ৰূপে জলাকলা খোৱাইছে পথচাৰীক ।

0 550

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

নগাঁও জিলাৰ  ৩৬ নং ৰাষ্ট্ৰীয় পথৰ মৰিকলং চাৰিআলিৰ পৰা পাৱাৰ হাউছ তিনিআলি হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পানীগাওঁ চাৰিআলি সংযোগী পথটো নগাঁৱৰ এটা অতি গুৰুত্বপূৰ্ণ পথ৷ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ নগাঁৱৰ এই গুৰুত্বপূৰ্ণ পথটো বৰ্তমান ঠায়ে ঠায়ে বিধ্বস্ত ৰূপে তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে পথচাৰীৰ লগতে মটৰচাইকেল, স্কুটি আদিকে ধৰি সৰু বৰ বিভিন্ন যান-বাহন আৰোহী সকলক৷ পথটোৰ মৰিকলং চাৰিআলি গ্ৰামীণ বিকাশ বেংকৰ সন্মুখৰ পৰা আৰম্ভ কৰি নগাঁও ৰে’ল ষ্টেচনৰ কাষৰ দূৰ্গা মন্দিৰৰ সন্মুখৰ কাৰ্লভাট পৰ্যন্ত অংশৰ বিধ্বস্ত ৰূপে বহু সময়ত পথচাৰী সকলক যমৰ-যাতনা পেলাই আহিছে৷ নগাঁও চহৰলৈ বুলি সোমোবা সদাব্যস্ত এই পথটোৰে বহু কেইখন  বিদ্যালয়, মহাবিদ্যালয়, প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ ছাত্ৰ-ছাত্ৰী, কেইবাটাও চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে শ্ৰীমন্ত শংকৰ মিশ্ৰণৰ ওপৰি কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ ৰোগী তথা নগাঁও ৰেল ষ্টেচনলৈ ৰেল ধৰিবলৈ বুলি বহু লোক আহ-যাহ কৰাৰ ওপৰিও আই টি আই বজাৰ, পানীগাওঁ চাৰিআলি বজাৰলৈ বুলি বহুলোকে যাত্ৰায়ত কৰে এই পথচোৱাৰে৷ নগাঁওবাসীৰ এটি সদাব্যস্ত এই চিনাকী পথচোৱাৰ বৰ্তমান এক বিধ্বস্তৰূপে সকলো পথচাৰীকে জলাকলা খোৱাইছে৷ মৰিকলং চাৰিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ পৰা আৰম্ভ কৰি পথচোৱাৰ ঠায়ে-ঠায়ে এজাক বৰষুণতে একাঠু পানী জমা হৈ পথচাৰী ৰাইজক যাত্ৰায়তত ব্যাঘাত জন্মাই আহিছে৷ আনহাতে,  নগাঁও ৰেল ষ্টেচনৰ পৰা উলাই আহিয়েই মৰিকলং চাৰিআলি দিশলৈ যোবা পথত তথা দূৰ্গা মন্দিৰৰ সন্মুখ ভাগত অৱস্থিত এটা কাৰ্লভাটৰ আধাভঙা অংশই পথচাৰীক নগুৰনাগতি কৰিছে৷ নিশাৰ কথাতো বাদেই দিনৰ ভাগতে এই আধাভঙা কাৰ্লভাটটোৰে জীয়াতু ভুগাইছে সৰ্বসাধাৰণ পথচাৰী তথা ৰাইজক৷ বহু সময়ত চাইকেল, মটৰচাইকেল, টমটম্ আৰোহী এই আধাভঙা কাৰ্লভাটত পৰি দূৰ্ঘটনাত পতিত হৈ ঘুনিয়া হ’ব লগাত পৰিছে ৷ আজি ডেৰ বছৰৰো অধীক সময় এই ভঙা কাৰ্লভাটটো নিৰ্মাণ কৰিবলৈ দেখা নাই নগাঁৱৰ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় দায়িত্বপ্ৰাপ্ত অভিযন্ত্ৰা-বিষয়াই৷ একাংশ পথচাৰী তথা স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি মাত্ৰ তিনি বছৰৰ পূৰ্বে নিৰ্মাণ কৰা এই কাৰ্লভাটটো নিৰ্মাণৰ সময়ত গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতেই আজি এই অৱস্থা হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ যাৰ ফলত অতি কম দিনৰ ভিতৰতে কাৰ্লভাটটোৰ আধাঅংশ ভাঙি যোবাত আজি ৰাইজ ভিশন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে৷ বহু সময়ত স্থানীয় ৰাইজৰ লগতে পথচাৰী সকলে দায়িত্বপ্ৰাপ্ত বিভাগীয় কৰ্তৃপক্ষক উন্নত প্ৰযুক্তি তথা উন্নত সামগ্ৰীৰে নিৰ্মাণ কৰিবলৈ দাৱী জনাই আহিছে যদিও গড়কাপ্তানি ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ গাৰ নোম এডালো লৰাব পৰা নাই ৰাইজৰ এই দাৱীয়ে৷ উল্লেখ্য যে,পথচোৱাৰে সৰু-সৰু গাড়ী সমূহ পাৰ হৈ যায় যদিও বৰ সাৱধানে আৰু ভয়ে-ভয়ে পাৰ হৈ যাব লগা হয় ৷ কিন্তু ট্ৰাক, বাছ, ট্ৰেভেলাৰ আদি পাৰ হ’ব নোৱাৰে৷   এই পথচোৱাৰ মৰিকলং চাৰিআলি দিশত আৰু পাৱাৰ হাউছ তিনিআলি দিশত পথৰ বিধ্বস্ত ৰূপৰ কোনো আগতীয়া জাননী ফলক নথকাত ডাঙৰ যান-বাহন সমূহ দুয়োফালৰ পৰা সোমাই আহি বিমোৰত পৰিব লগা হয় আৰু পোনৰ ডাঙৰ যান-বাহন সমূহ উলোটাকৈয়ে উলিয়াই নিয়াৰ ফলত তীব্ৰ যান-যটৰ সৃষ্টি হৈ আহিছে পথচোৱাত৷ এইক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ  বিভাগীয় উদ্ধতন কতৃপক্ষক অতিশীঘ্ৰে পথচোবাৰ নিৰ্মাণ কৰাৰ লগতে পূৰ্বতে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰা  কাৰ্লভাটটো উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰি পথচাৰীৰ বাবে মুকলি কৰিবলৈ ৰাইজে দাৱী জনাইছে

Leave A Reply