Home Blog Page 3301

সাংবাদিকতাক বিদায় এনডিটিভিৰ সাংবাদিক নিধি ৰাজদানৰ ।

দৈনন্দিন বাৰ্তা

সাংবাদিকে বিদায় দিলে সাংবাদিকতা৷ নিধি ৰাজদান নামৰ সাংবাদিকগৰাকীয়ে সাংবাদিকতা বিদায় জনাইছে৷ ২১ বছৰ ধৰি কাম কৰাৰ পাছত এনডিটিভি তেওঁ এৰিছে৷ তেওঁ হার্ভার্ড বিশ্ববিদ্যালয়ত আৰ্টছ এণ্ড ছায়েন্স ফেৰালিটিত তেওঁ অধ্যাপনা কৰিব৷ নিজৰ টুইটত তেওঁ এই খবৰো দিয়ে৷ তেওঁ লিখিছে, এনডিটিভিত মই সকলো শিকিছো৷ মই ইয়াত যি দৰে কাম কৰিছো৷, যি ধৰণে খবৰ কৰিছো, য’ত আদৰ্শক লৈ কাম কৰিছো তাক এৰাটো ডাঙৰ কাম কৰিব বিচাৰিছো৷ এই সময়ত যিসময়ত সকলো সংবাদ মাধ্যমে আত্মসমর্পণ কৰিছে তেতিয়াও মই কাম কৰিছো৷ ইয়াক লৈ মই গৰ্ব কৰো৷ এনডিটিভিৰ সহকাৰী প্রতিষ্ঠাতা প্ৰণয় ৰায় আৰু ৰাধিকা ৰায়ৰ উদ্দেশ্যী তেওঁ লিখে যে মাত্ৰ ২২ বছৰ বয়সত মই আপোনালোকৰ সংগ পাইছিলো৷ মোৰ ওপৰত আপোনালোকে বহু বিশ্বাস ৰাখিছিল৷ ২২ বছৰ বয়সতে সৰ্বভাৰতীয় সংবাদ মাধ্যম এনডিটিভিত সাংবাদিকতাৰ কাম আৰম্ভ কৰিছিল৷ তেওঁ বিগত দুটা দশক ইংৰাজীত সাংবাদিকতা কৰি বৃহৎ ঠাই দখল কৰিছিল৷ আৰম্ভণিৰ পৰাই নিশাৰ বাতৰি পৰিৱেশন কৰে টিভিৰ পৰ্দাত৷ নাম দিছিল ‘লেফ্ট, ৰাইট আৰু চেণ্টাৰ’৷ ২০১৭ চনত ‘লেফ্ট, ৰাইট আৰু চেণ্টাৰ ঃ দ্য আইডিয়া অব ইণ্ডিয়া’ নামৰ এখন গ্ৰন্থ তেওঁ লিখিছিল৷ ৰাজদানে জম্মু–কাশ্মীৰৰ কাঠুৱা ধর্ষণ কাণ্ডৰ ৰিপৰ্টিঙৰ বাবে ‘ইণ্টাৰনেচনেল প্ৰেছ ইনষ্টিটিউট ইণ্ডিয়া’ বঁটা পাইছিল৷

চৰকাৰীভাৱে তালিকাত ঠাই পালে ক’ৰোনাৰ দুটা উপসৰ্গই ।

দৈনন্দিন বাৰ্তা

চৰকাৰীভাৱে ক’ৰোনা উপসৰ্গৰ তালিকাত সংযোজিত হ’ল আন দুটা উপসৰ্গ৷ হঠাৎ স্বাদ হেৰুৱা আৰু গোন্ধ নোপোৱা হ’ল এই উপসৰ্গ৷ উপসৰ্গৰ তালিকা বৃদ্ধি পোৱাক লৈ আলোচনা হৈছে ইতিমধ্যে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ গাইডলাইন মতে আগতে আছিল সাতটা উপসৰ্গ৷ জ্বৰ, পানীলগা তথা কাঁহ, ক্লান্তি, স্বাসকষ্ট, পেশীত বিষ, ডিঙিৰ বিষ আৰু ডায়েৰীয়া৷ দেওবাৰে ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ সভাত এই বিষয়টো লৈ আলোচনা হয়৷ স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ মতে যিকোনো ফ্লু বা ইনফ্লুয়েঞ্জাৰ হ’লেই এই ধৰণৰ উপসৰ্গ দেখা যায়৷ ফলত পৃথক কৰি ইয়াক উপসৰ্গ হিচাপে বহুৱে ধৰিব নিবিচাৰে৷ কিন্তু আমেৰিকাত ‘স্বাদ নোপোৱা বা গোন্ধ নোপোৱা’ লক্ষণক ক’ভিড উপসৰ্গ বুলি তালিকাভুক্ত কৰা হৈছে৷ সেই দেশত বহু ৰোগী এই দুই উপসৰ্গৰ কথা ৰিপৰ্ট কৰিছে৷ এইবাৰ ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়েও এই দুই উপসর্গক ক’ভিডৰ উপসর্গ হিচাপে ঘোষণা কৰে৷

দৰঙৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী পিংকিৰ সকলো ব্যৱস্থা কৰি দিলে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷

দৰঙৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী পিংকিৰ সকলো ব্যৱস্থা কৰি দিলে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷

দৰঙৰ পৰা জয়দেৱ ডেকা

 দৰঙৰ দিঘীৰপাৰ হাইস্কুলৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত ৯৩.১৬  শতাংশ নম্বৰ লাভ কৰি সকলো কেইটা বিষয়ত লেটাৰসহ ডিষ্টিংচন পাৱলৈ সক্ষম হোৱা হিন্দু ঘোপা গাঁওৰ পিংকি বৰুৱাৰ পঢ়াৰ সকলো ব্যৱস্থা কৰি দিলে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ ফলাফল ঘোষণাৰ পিছত বিধায়ক গৰাকী ছাত্ৰী গৰাকীৰ ঘৰত আহি উপস্থিত হৈ এখনি ফুলাম গামোছাৰে শুভেচ্ছা জনোৱাৰ লগতে ছাত্ৰী গৰাকীৰ অতিকৈ জৰাজীৰ্ণ জুপুৰি ঘৰটি বিধায়কে পৰ্যবেক্ষণ কৰি দুখ প্ৰকাশ কৰে ৷ বিধায়ক গৰাকীয়ে তৎকালে জৰাজীৰ্ণ ঘৰটি মেৰামতি কৰিবলৈ ছাত্ৰী গৰাকীৰ হাতত অৰ্পণ কৰে নগদ ধন ৷ চাইকেলৰ অভাৱত খোজকাঢ়ি বিদ্যালয়লৈ অহাযোৱা কৰি শিক্ষা গ্ৰহণ কৰা পিংকিক বিধায়কে আগবঢ়াই চাইকেলৰ বাবদ নগদ ধন ৷ বিজ্ঞান শাখাত নামভৰ্তি কৰা বাবে ছাত্ৰী গৰাকীক এটা ম’বাইল ফোনৰ ব্যৱস্থা কৰি দিয়ে বিধায়ক গৰাকীয়ে ৷ আনহাতে ছাত্ৰী গৰাকীৰ লগতে গাঁওৰ ৰাইজে জৰাজীৰ্ণ পথৰে দীৰ্ঘদিন ধৰি অহাযোৱা কৰি জীয়াতু ভুগি অহাৰ কথা জানিৱ পাৰি  পথটিও তৎকালে মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ উল্লেখ্য যে মাত্ৰ ২৫ নম্বৰৰ বাবে শীৰ্ষ দহটা স্থানৰ পৰা বঞ্চিত পিংকি বৰুৱাক বিজ্ঞান শাখাত পঢ়াৰ বাবে নামভৰ্তি মাছুল , মাহিলী মাছুল , সাজ-পাৰ , যাতায়ত , বহী-কিতাপকে আদি কৰি সকলো বিনামুলীয়াকৈ কৰিবলৈ আগবাঢ়ি আহি ২০২০ বৰ্ষত প্ৰতিষ্ঠা কৰা ছিপাঝাৰৰ এক্সচেল একাডেমীয়ে নামভৰ্তি কৰি দিয়ে ছাত্ৰী গৰাকীক ৷ তাৰ পিছতে বহুজনে মেধাৱী ছাত্ৰী গৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি অহাৰ উপৰিও প্ৰবাসী অসমীয়া যুৱক এজনেও সাংবাদিকৰ মাধ্যমেৰে নগদ পোন্ধৰ হাজাৰ টকা বিধায়কৰ উপস্থিতিত প্ৰদান কৰে ছিপাঝাৰৰ সাংবাদিক ৰঞ্জিত কুমাৰ নাথে ৷ বিধায়ক বিনন্দ কুমাৰ শইকীয়াকে আদি কৰি সকলো ৰাইজে ছাত্ৰী গৰাকীক সহায় আগবঢ়োৱাৰ বাবে উৎফুল্লিত হৈ পৰিছে পিংকি বৰুৱা ৷ দৰিদ্ৰ পৰিয়ালটিৰ মেধাৱী ছাত্ৰী পিংকি বৰুৱাক বিধায়কে তৎকালে সকলো ব্যৱস্থা গ্ৰহণ  কৰি দিয়াৰ বাবে স্থানীয় ৰাইজে ভূয়সী প্ৰসংশা কৰিছে বিধায়ক বিনন্দ কুমাৰ শইকীয়াক ৷

দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ওপৰ নাজিৰাৰ ৫ টাকৈ পৰিয়ালৰ গৃহ – ভেটি : গৰাখহনীয়া প্ৰতিৰোধৰ দাবী অনুসূচীত জাতি যুৱ – ছাত্র পৰিষদৰ ।

নাজিৰা 

প্ৰতি বছৰে বশিষ্ঠ গংগা খ্যাত দিখৌ নদীৰ গৰাখহনীয়াৰ কবলত পৰি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চণ্টক , বিহুবৰ , বৰমিছিং গাওঁ , লক্ষ্মীজান , সোন্দৰ পুখুৰী , বাউলী মৈদাম , কুমাৰ গাওঁ , ওপৰ নাজিৰা আদি বিভিন্ন প্ৰান্তৰ ভালেকেইটা পৰিয়ালৰ গৃহ , ভেটি- মাটি উচন হৈ পৰিল । কুমাৰ গাওঁ খন সম্পূৰ্ণ ৰূপে ইতিমধ্যে দিখৌ নদীৰ বুকুত জাহ গ’ল। গাওঁ খনৰ পৰিয়াল সমূহে বিভিন্ন স্থানলৈ স্থানান্তৰিত হ’ল যদিও বৰ্তমানে যি কেইটা পৰিয়ালে বসবাস কৰি আছে সেই পৰিয়ালকেইটাইও বিনিদ্ৰ ৰজনীয়ে দিন অতিবাহিত কৰিব লগাত পৰিছে । শেহতীয়াকৈ নাজিৰা নগৰৰ ১ নং ৱাৰ্ড তথা ওপৰ নাজিৰা অঞ্চলৰ নদীপৰীয়া পৰিয়াল সমূহৰ দিখৌ নদীৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে । ইতিমধ্যে ওপৰ নাজিৰাৰ কুৰিৰোধিক পৰিয়ালৰ গৃহ , ভেটি – মাটি দিখৌ নদীৰ খহনীয়াত পৰি উচন হ’ল । সম্প্ৰতি অঞ্চলটোৰ দীপ্তি দাস , অতুল দাস , কৃষ্ণ দাস , লক্ষেশ্বৰ দাস  যতীন দাসৰ পৰিয়াল কেইটাকে ধৰি ভালেকেইটা পৰিয়ালৰ গৃহ , ভেটি – মাটি উচন হোৱাৰ দিশত গতি কৰিছে দিখৌ নদীৰ গৰা খহনীয়াৰ বাবে । অঞ্চলটোৰ এই ভয়াৱহ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজৰ লগতে ” অনুসূচীত জাতি যুৱ – ছাত্ৰ পৰিষদ ” য়ে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই আহিছে । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া আৰু সাংস্কৃতিক সম্পাদক সুনিল দাস , নাজিৰা মহকুমা সমিতিৰ সভাপতি বিজু দাস আৰু সাধাৰণ সম্পাদক পিংকুমণি দাসে এক বিবৃতি যোগে প্ৰকাশ কৰিছে যে, অসম চৰকাৰৰ জলসম্পদ বিভাগে বিগত বৰ্ষত প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে ওপৰ নাজিৰাৰ দিখৌ নদীৰ মঠাউৰিটোৰ একাংশ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’বেগ পদ্ধতিৰে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও উপযুক্ত বিজ্ঞান সন্মতভাৱে কাম নকৰাৰ বাবে এই অংশটো বৰ্তমান একেবাৰে শোচনীয় হৈ পৰিছে । এজাক বৰষুণ দিলেই মঠাউৰিটোৰ গৰা খহিবলৈ আৰম্ভ কৰে । উল্লেখযোগ্য যে , খহনীয়া প্ৰতিৰোধৰ কামত বালিভৰ্তি বস্তা আৰু নদীৰ পলসুৱা মাটি দি আৱণ্টিত ধনৰ অংশ হৰলুকী কৰাৰ অভিযোগ উঠিছে । সম্প্ৰতি  অধিক ভাৱে গৰাখহনীয়া কৱলত পৰাৰ আশংকাই ওপৰ নাজিৰা বাসী জনগণ ভীতিগ্ৰষ্ঠ হৈ পৰিছে । ইতিমধ্যে অঞ্চলটোৰ দিখৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে ” অনুসূচীত জাতি যুৱ – ছাত্ৰ পৰিষদ ” য়ে অসম চৰকাৰ , জনসম্পদ বিভাগ , নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি , শিৱসাগৰ জিলা উপায়ুক্ত আৰু নাজিৰা মহকুমাৰ মহকুমাধিপতিক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পিছতো গৰাখহনীয়া প্ৰতিৰোধ আৰু অঞ্চলটোৰ জনগণৰ গৃহ , মাটি — ভেটি , জীৱন আদিৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত শীৰ্ঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৰাইজৰ সহযোগত গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি সংগঠনটোৱে এক বিবৃতি যোগে সকীয়াই দিয়ে । 

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাৰ ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

দিহিং-পাটকাই কয়লাৰ মুক্ত খননৰ বিৰোধিতা, বাঘজানৰ ক্ষতিগ্ৰস্থক ক্ষতিপুৰনৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ ।

তিনিচুকীয়া

দিহিং-পাটকাইত কয়লাৰ মুক্ত খনন আৰু ডিব্ৰু-ছৈখোৱাত হাইড্ৰ’কাৰ্বন খননৰ বাবে দিয়া অনুমতি প্ৰত্যাহাৰৰ দাবীৰ লগতেবাঘজানৰ তৈলখাদত হোৱা অগ্নিকাণ্ড যুদ্ধকালীনভাৱে ৰোধ কৰা আৰু দূৰ্ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলক উপযুক্ত ক্ষতিপূৰন দিয়াৰ দাবীত তিনিচুকীয়া জিলা কগ্ৰেছ কমিটীৰ আহ্বানত তিনচুকীয়াৰ থানা চাৰিআলিত  আজি দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ “অৱস্থান ধৰ্মঘট ” পালন কৰা হয় | ধৰ্মঘট স্থলিত তিনচুকীয়া জিলাৰ বিভিন্ন  প্ৰান্তৰ প্ৰায় পাচ শতাধিক কংগ্ৰেছ নেতা কৰ্মকৰ্তাই অংশগ্ৰহন কৰাৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ  সভাপতি  ৰিপুন বৰা,সাংসদ ডাঙৰীয়া সহিত তিনচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ লগত অহা প্ৰদেশ কংগ্ৰেছৰ মূখপত্ৰ  কমল কুমাৰ মেধী ,মূখপত্ৰ প্ৰফুল্ল দাস , সম্পাদক ৰাশ্মান্না বৰুৱাৰ লগতে জিলাখনক প্ৰতিনিধিত্ব কৰা প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া সকলে অংশগ্ৰহন কৰে | ধৰ্মঘট স্থলিত প্ৰদেশ কংগ্ৰেছৰ মূখপাত্ৰ কমল কুমাৰ মেধীয়ে তেখেতৰ বক্তব্যত বাঘজান বাসী তথা জৈৱ বৈচিত্ৰৰ  প্ৰতি অসংবেদনসীল অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু উদাশীন মনোভাৱক তীব্ৰ ভাষাৰে সমালোচনা কৰে |বাঘজানৰ গেছ নিৰ্গত কান্ডৰ বাবে দোষী সকলৰ শাস্তি দাবী কৰাৰ লগতে ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰন দিয়াৰ দাবী উত্থাপন কৰে | কেভিদ ১৯ ৰ পৰিপ্ৰেক্ষিতত ঘোষনা কৰা “ল’কডাউন “টোক চৰকাৰ খনে দল সংগঠনৰ আন্দোলন আৰু বিৰুধী দল সমূহৰ ৰাজনৈতিক  অধিকাৰ খৰ্ব কৰাৰ এক সুবিধা হিচাবেহে গ্ৰহন কৰিছে আৰু ক্ষমতাৰ অপপ্ৰয়োগৰে গনতান্ত্ৰিক ব্যৱস্থাটোকে ধ্বংস কৰিছে বুলি অভিযোগ কৰিছে | তাৰ শেহতীয়া উদাহৰন হিচাবে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৰা আন্দালনৰ অংশগ্ৰহনকাৰী সকলক “কোৱাৰেনটাইন চেন্টাৰ”লৈ প্ৰেৰন কৰা বিষয়টো উনুকিয়াই দিয়ে | দিহিং পাটকাই  আৰু বৰ্ষাৰন্যক স্বাৰ্থানেষী সকলৰ অপপ্ৰচাৰৰ বেহু ফালি যি কোনো ত্যাগৰ বিনিময়ত ৰক্ষা কৰিবই লাগিব বুলি কংগ্ৰেছ দলৰ অংগীকাৰৰ কথাও দোহাৰে |আনহাতে ধৰ্মঘট স্থলিত উপস্থিত কংগ্ৰেছ কাৰ্যকৰ্তা আৰু উপস্থিত থকা ৰাইজক উদ্যেশী দিয়া ভাষনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মাননীয় সভাপতি শ্ৰীযুত ৰিপুন বৰা ডাঙৰীয়াই ২৭ মে’ৰ বাঘজানৰ দূৰ্ঘটনা সন্দৰ্ভত অঞ্চলটোৰ জনসাধাৰন আৰু জৈৱ বৈচিত্ৰৰ যি ক্ষতি হল তাৰ বাবে দূখ প্ৰকাশ কৰে | বাঘজানৰ ঘটনাই অঞ্চলটোৰ ৰাইজ, কিছু ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন আৰু প্ৰকৃতি প্ৰেমী সকলে পূৰ্বতে যি সংশয় ব্যক্ত কৰিছিল সেয়া সত্য আছিল বুলি প্ৰমানিত হ’ল |এইটোও প্ৰমানিত হল যে,জৈৱ বৈচিত্ৰক সংৰক্ষন দিবলৈ আৰু জনসাধাৰনৰ ক্ষয়ক্ষতি নহবলৈ অইল কৰ্তৃপক্ষই লোৱা  ব্যৱস্থা সমূহ পৰ্যাপ্ত নাছিল | অসম চৰকাৰে ৰাজ্যখনৰ এজন অতিৰিক্ত মূখ্য সচিবৰ নেতৃত্বত যি তদন্ত কমিটী গঠন কৰিছে সেয়া কেতিয়াও ফলপ্ৰসু নহব  বৰঞ্চ কেন্দ্ৰীয় চৰকাৰৰ তদন্ত সংস্থা এটাৰ দ্বাৰা দূৰ্ঘতনাটোৰ সন্দৰ্ভত তদন্ত কৰি দোষীক উচিৎ শাস্তি দিয়াৰ দাবী জনায় | তাৰোপৰি দূৰ্ঘটনাস্থলিৰ জুই অতিসীঘ্ৰে নিৰ্বাপিত কৰি দূৰঘটনাৰ ফলত  অঞ্চলটোৰ জনসাধাৰনক নিজ নিজ ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ আৰু  ক্ষতিগ্ৰস্থ সকলক তুৰন্তে  ” সৰল আৰু খৰতকীয়া” ব্যৱস্থাৰ মাজেৰে ক্ষতিপুৰন দিয়াৰ ব্যৱস্থা গ্ৰহন কৰাৰ দাবী উত্থাপন কৰে |আশ্ৰয় শিবিৰ সমূহ ভ্ৰমন কৰি স্বাক্ষুশ যি অভিজ্ঞতা,সেয়া অত্যন্ত বেদনাদায়ক বুলি উল্লেখ কৰি কয় যে,আশ্ৰয় শিবিৰ সমূহত স্বাস্থ্য সন্মত যি ব্যৱস্থা গ্ৰহন কৰিব লাগিছিল সেয়া মুঠেও কৰা নাই | আশ্ৰয় শিবিৰ বিলাকত পৰ্যাপ্ত শৌচাগাৰ,স্নানাগাৰ,পৰিস্কাৰ খোৱাপানীৰ অভাৱ পৰিলক্ষিত হৈছে আৰু বৰ্তমানৰ কোভিড ১৯ মহামাৰী এই সময়ত আশ্ৰয় শিবিৰ বিলাক বিধিমতে স্থাপন কৰি অঞ্চলটোৰ জনসাধাৰনক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা গ্ৰহন নকৰাত তেখেতে আশ্চৰ্য প্ৰকাশ কৰে আৰু অতিশীঘ্ৰে আশ্ৰয় শিৱিৰৰ প্ৰতিজন ব্যক্তিৰ স্বা্স্থ্য পৰিক্ষা কৰি জীৱনৰ নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী জনায় | জিলা প্ৰশাষন তথা ৰাজ্য চৰকাৰখনে আশ্ৰয় শিৱিৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে  নিৰ্বাচিত এখন চৰকাৰৰ জনসাধাৰনৰ প্ৰতি থকা দায়বদ্ধতাৰ নমুনাও প্ৰদৰ্শন নকৰি  অইল ইন্ডিয়াৰ ওচৰত আত্মসমৰ্পন কৰি এই ধৰনে দায়িত্ব পালন কেৱল বিজেপি দল আৰু চৰকাৰৰ বাবেহে সম্ভৱ বুলি তীৰ্যক মন্তব্য কৰে |  জনসাধাৰনৰ ভোটেৰে আজি  মূখ্যমন্ত্ৰী হোৱা ৰাজ্যৰ মূৰব্বী জনৰ আজি অতদিনে বাঘজানৰ জনসাধাৰনৰ ওচৰলৈ  অহাৰ সময়টো নহলেই আনকি অসম চৰকাৰে গেছ নিৰ্গত সমস্যা আৰু জুই জ্বলাৰ পিছত উদ্ভত হোৱা সমস্যা সন্দৰ্ভত ব্যৱস্থা গ্ৰহন কৰাৰ পৰাও বিৰত থাকিল | যি কেইজন মন্ত্ৰীয়ে বাঘজান ভ্ৰমন কৰি যি ধৰনৰ অবিৱেচকী ,উপলুঙা সূচক মন্তব্য দিলে সেইয়া জনসাধাৰনৰ প্ৰতি দায়িত্বশীল কোনো দল আৰু চৰকাৰৰ প্ৰতিনিধিয়ে কেতিয়াও কব নোৱাৰে আৰু  স্বাভাৱিক ভাৱেই ৰাইজ ক্ষোভিত হোৱাৰ লগতে চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে |তেখেতে উল্লেখ কৰে যে,বৰ্তমানৰ বিজেপি চৰকাৰখনে জনসাধাৰনৰ ্ৰতি থকা তেওলোকৰ দায়িত্ব পাহৰি গল বিজেপি দল আৰু চৰকাৰখনৰ স্বৰূপ জনসাধাৰনৰ মাজত ওলাই পৰিল | বিজেপি দলে ভোটৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱায় আৰু শাসন পালে জনসাধাৰনৰ দূখ যন্ত্ৰনা পাহৰি যায় | দিহিং পাটকাই সন্দৰ্ভত তেখেতে কয় যে, কিছু স্বাৰ্থান্বেশী দুষ্ট চক্ৰই কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰত নামিছে |নৰ্থ ইষ্ট কল ফিলড কতৃপক্ষৰ এখন চাৰ্কোলাৰৰ অপবাখ্যা কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰি মাৰ্ঘেৰীতা অঞ্চলৰ ৰাইজক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে | উক্ত চাৰ্কোলাৰ খনৰ কতো নৰ্থ ইষ্ট কলফিল্ড বন্ধ হোৱাৰ উল্লেখ নাই | কংগ্ৰেছ দলে নৰ্থ ইষ্ট কল ফিল্ড বন্ধ হৈ যোৱাটো নিবিচাৰে | কংগ্ৰেছ দলে কয়লাৰ অবৈধ খনন আৰু অবৈধ কাৰবাৰ বন্ধ হোৱাটোহে বিচাৰে |দিহিং পাটকাই অভয়াৰন্য ,বৰ্ষাৰন্য ,আৰু জীৱকূল ৰক্ষা কৰাটোহে কংগ্ৰেছ দলে বিচাৰে ।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাৰ ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

৯ বছৰৰ পিছত ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত পুনৰ হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠদান ।

নাজিৰা

 প্ৰায় ৯ টা বৰ্ষ বিৰতিৰ পিছত ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত চলিত বৰ্ষৰ পৰা পুনৰ আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠদান । ইয়াৰ বাবে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে পাঠদানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । মহাবিদ্যালয়ৰ অধ্যক্ষ ড : সব্যসাচী মহন্তই জানিবলৈ দিয়া মতে , ২০১১-১২ বৰ্ষতে মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিক শাখাৰ পাঠদান বন্ধ হৈছিল আৰু অধ্যক্ষগৰাকীয়ে দায়িত্ব লৈয়েই উচ্চতৰ মাধ্যমিক শাখাৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ প্ৰস্তুতি চলাই আৰু চলিত বৰ্ষৰ পৰা ক’লা , বিজ্ঞান আৰু বাণিজ্য শাখাত ইতিমধ্যে নামভৰ্তি মুকলি কৰি দিয়া হৈছে । চৰকাৰে বান্ধি দিয়া নীতি – নিয়ম অনুসৰি নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হোৱাৰ লগতে ছাত্র-ছাত্ৰী নিৱাসৰ ব্যৱস্থাও থাকিব । অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা মতে , অহা ১৫ জুনৰ পৰা ৩০ জুনলৈ ছাত্র – ছাত্ৰী সকলে অনলাইন যোগে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব । অনলাইন প্ৰ-পত্ৰ মহাবিদ্যালয়ৰ ৱেবচাইত www.gargaoncollege.org ত উপলব্ধ হ’ব । প্ৰ-পত্ৰ পূৰণৰ পিছত মহাবিদ্যালয় তৰফে নিৰ্দিষ্ট কৰি দিয়া তাৰিখত মেধা ভিত্তিত নামভৰ্তি হ’ব । শিৱসাগৰ জিলা তথা উজনি অসমৰ এখন আগশাৰীৰ উচ্চ শিক্ষা অনুষ্ঠান হিচাপে পৰিগণিত ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত পুনৰ উচ্চতৰ মাধ্যমিক শাখাৰ পাঠদান আৰম্ভ কৰিবলৈ লোৱা সিদ্ধান্তক শিক্ষানুৰাগী মহলে আদৰণি জনাইছে । 

লকডাউনত অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাকাৰ স্পেইনৰ এজন যুৱক : পথাৰত হাল বাই দেখুৱালে নিৰ্দশন ।

পথাৰত হাল বাই দেখুৱালে স্পেইনৰ এজন যুৱক ।

নাজিৰা পৰা  দিলীপ হাজৰিকা ।

লক ডাউনত শিৱসাগৰত  আবদ্ধ হৈ থকা এজন বিদেশী যুৱক । অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাকাৰ হৈ পৰিছে স্পেইনৰ এই নাগৰিকজন।  গাঁৱৰ পথাৰত কঠিয়া পৰাত, টেক্টৰ চলাই হাল বোৱাৰ পৰা বোকা খচি  লাহনিৰে পানী সিঁচাত পাকৈত হৈ পৰিছে মেনুৱেল আৰিবাছ চজিকিউ নামৰ বিদেশী নাগৰিকজন। আনকি, মূৰত গামোচা মাৰি পথাৰত কাম কৰি এপয়লা সাজ খাই উৎফুল্লিত হৈ পৰিছে বিদেশী যুৱকজন। বিগত চাৰি মাহে শিৱসাগৰ জিলাৰ বকতা , বকতিয়াল গাৱঁত মাটি, পানী, বায়ুৰ সৈতে সংপৃক্ত হৈ পৰিছে স্পেইনিচ যুৱকজন। লক ডাউনৰ পূৰ্বে ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে গড়গাঁও কলেজত অনুষ্ঠিত যুৱ  মহোৎসৱলৈ আহিছিল তেওঁ। চাইকেলৰে স্পেইনৰ পৰা ব্ৰহ্মদেশ হৈ মণিপুৰৰ পৰা অসম আহিছিল মেনুৱেল আৰিবাছ চজিকিউ নামৰ এই  লোকজন।  যুৱ মহোৎসৱৰ পিচত তেওঁ বকতাৰ বকতিয়াল গাঁৱৰ নিবাসী সত্যৰঞ্জন বৰবৰুৱাৰ পুত্ৰ বিশ্বজিত বৰবৰুৱা নামৰ গড়গাঁও কলেজৰ প্ৰাক্তন ছাত্ৰজনৰ লগত চিনাকী হৈ তেওঁৰ ঘৰতে আছিল কিন্তু, বিশ্বজুৰি কৰোনা ভাইৰাচৰ পাৰ্দুভাৱ আৰু স্পেইনতো কৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত স্বদেশলৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ নকৰিলে তেওঁ। প্ৰশাসনে পৰ্যটন বিভাগৰ আতিথ্যত ৰাখিবলৈ অনুৰোধ কৰাৰ পিচতো সেই অনুৰোধক প্ৰত্যাখ্যান কৰি অসমৰ গ্ৰাম্য জীৱনত থাকি বহুত ভাল পোৱা বুলিহে প্ৰকাশ কৰে বিদেশী নাগৰিকজনে। এতিয়া দিন বাগৰাৰ লগে লগে বকতা বকতিয়াল গাঁৱৰ এজন সদস্য হৈ পৰিছে তেওঁ।  চাৰিমাহৰ ভিতৰতে গাওঁবাসীৰ বাবে তেওঁ আপোন হৈ পৰিছে। অসমীয়া সংস্কৃতিৰ সৈতে একাকাৰ হৈ অসমীয়া ভাষা কবলৈও শিকিছে স্পেইনিচ যুৱকজনে। আনকি গাঁৱৰ প্ৰতিঘৰৰ সকাম নিকামো উপভোগ কৰিছে তেওঁ। তেওঁ বকতিয়াল গাওঁ, অসম তথা ভাৰতীয় নাগৰিকৰ আতিথ্যক ভূয়সী প্ৰশংসা কৰে। মেনুৱেল আৰিবাছ চজিকিউয়ে গাঁৱৰ প্ৰতিটো ক্ষণ উপভোগ আনন্দ কৰি পাৰ কৰিছে এনেদৰে। পৰিয়ালটোৱেও মেনুৱেলক বৰপুত্ৰ হিচাবেই মানিবলৈ লৈছে । মেনুৱেলে দৈনিক স্পেইনত থকা মাতৃ তথা পৰিয়ালক ভিডিঅ কলেৰে গাঁৱৰ বিষয়ে অৱগত কৰে। মেনুৱেলৰ পৰিয়ালেও অসমৰ আতিথ্যক শলাগ লৈছে । কিন্ত এদিন পুনৰ চাইকেলেৰে সুদূৰত থকা  স্বদেশ স্পেইনলৈ যাত্ৰা কৰিব তেওঁ। এৰি থৈ যাব লাগিব অসমীয়া ভাৰতীয় মানুহৰ আতিথ্য, মৰম, সান্নিধ্যৰ সুমধুৰ স্মৃতি ৷

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

ভূঞাখাট মণ্ডল কংগ্রেছৰ সভাপতি সম্পাদকৰ বিজেপিত যোগদান ।

কৌস্তুভমনি শৰ্মা, টংলা

বি টি চি পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা মতে বিভিন্ন দলৰ পৰা বিভিন্ন পাৰ্থীয়ে মনোনয়নপত্র দাখিল কৰিলে বি টি চি নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে কিন্তু থিক তেনে সময়তে বিশ্বব্যাপী মৃত্যুৰ কিৰিলি টোলা চিনৰ পৰা বিয়পা মহামাৰী ক’ৰণা ভাইৰাছ কভিড১৯ সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে সমগ্র দেশতেই প্ৰথম পৰ্যায়ৰ লক ডাউন ঘোষনা কৰে যাৰ বাবে বি টি চি নিৰ্বাচন সামগ্রিক ভাৱে বন্ধ হৈ পৰে আৰু ২৭ এপ্রিলত বি তি চিত শাসনাধিস্থ বি পি এফ চৰকাৰৰ কাৰ্য্যলৰ অন্ত পৰে তেনে ক্ষেত্রত ৰাজ্যপালৰ হাটলৈ আহে বি টি চিৰ শাষন ব্যবস্থা, বি টি চিৰ শাষন ব্যবস্থা ৰাজ্যপালৰ হাটলৈ অহাৰ লগে লগে বি টি চিৰ বিভিন্ন ৰাজনৈতিক মহলত অন্য এক পৰিবৰ্তন আহে, বৰ্তমান লক ডাউনত শিথিলতা অহাৰ লগেলগে বি টি চি অঞ্চলত আকৌ আৰম্ভণি হৈছে নিৰ্বাচন কেন্দ্রীক বিভিন্ন অনুষ্ঠান, বি টি চি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰায় সকলো বোৰ দলেই নিজৰ নিজৰ স্থিতিত অতল, ১৩ জুন শনিবাৰে ওদালগুৰি জিলাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভূঞাখাট গাৱঁৰ নাৰায়ণ বড়োৰ বাসগৃহত খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ পাৰ্থী ভবেন বড়ো,জিলা বিজেপিৰ অসম ৰাজ্যিক সদস্য খৰ্গেন নাৰ্জাৰীৰ লগতে বিজেপিৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত প্ৰায় ২০ বছৰ ধৰি একেৰাহে কংগ্ৰছৰ সদস্যৰ পৰা বিভিন্ন ধৰনৰ বিষয়ববীয়া পদ অলংকৃত কৰি বৰ্তমান ভূঞাখাট মণ্ডল কংগ্রেছৰ সভাপতি নাৰায়ণ বড়ো আৰু ভূঞাখাট মণ্ডল কংগ্রেছৰ সম্পাদক দুৰ্গেশ্বৰ বৰুৱাৰ লগতে কেইবাগৰাকী ব্যক্তিয়ে বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰিয়েই নাৰায়ণ বড়োৱে কয় যে এইবাৰ পৰিবৰ্তন আহিবই কাৰন বছৰ বছৰ ধৰি বি টি চিত চলি থকা অপশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাইজ এইবাৰ সজাগ হৈছে আৰু যোৱা ১৫ বছৰে ৰাইজৰ সমস্যাৰ প্ৰতি বি পি এফে কোনো ধৰনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা নগল যাৰ প্ৰতিফল স্বৰূপে আমাৰ খোৱা পানীৰ পৰা আদি কৰি ৰাষ্টা ঘাটৰ অবস্থা এতিয়াও সংকটজনক সেয়ে ৰাইজে এইবাৰ পৰিবৰ্তন বিচাৰিছে আৰু এই পৰিবৰ্তন বিজেপিয়ে নিশ্চিত ভাবে কৰিব পাৰিব বুলি আমি আশাবাদী সেয়ে আজি আমি বিজেপিত যোগদান কৰিছোঁ।

মৰিকলং-পানীগাওঁ চাৰিআলি সংযোগী গড়কাপ্তানি পথৰ বিধ্বস্ত ৰূপে জলাকলা খোৱাইছে পথচাৰীক ।

ডেৰ বছৰে ভঙা কাৰ্লভাট নিৰ্মাণৰ দায়িত্ব পাহৰিলে গড়কাপ্তানি বিভাগৰ অভিযন্ত্ৰা-বিষয়াই

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

নগাঁও জিলাৰ  ৩৬ নং ৰাষ্ট্ৰীয় পথৰ মৰিকলং চাৰিআলিৰ পৰা পাৱাৰ হাউছ তিনিআলি হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পানীগাওঁ চাৰিআলি সংযোগী পথটো নগাঁৱৰ এটা অতি গুৰুত্বপূৰ্ণ পথ৷ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ নগাঁৱৰ এই গুৰুত্বপূৰ্ণ পথটো বৰ্তমান ঠায়ে ঠায়ে বিধ্বস্ত ৰূপে তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে পথচাৰীৰ লগতে মটৰচাইকেল, স্কুটি আদিকে ধৰি সৰু বৰ বিভিন্ন যান-বাহন আৰোহী সকলক৷ পথটোৰ মৰিকলং চাৰিআলি গ্ৰামীণ বিকাশ বেংকৰ সন্মুখৰ পৰা আৰম্ভ কৰি নগাঁও ৰে’ল ষ্টেচনৰ কাষৰ দূৰ্গা মন্দিৰৰ সন্মুখৰ কাৰ্লভাট পৰ্যন্ত অংশৰ বিধ্বস্ত ৰূপে বহু সময়ত পথচাৰী সকলক যমৰ-যাতনা পেলাই আহিছে৷ নগাঁও চহৰলৈ বুলি সোমোবা সদাব্যস্ত এই পথটোৰে বহু কেইখন  বিদ্যালয়, মহাবিদ্যালয়, প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ ছাত্ৰ-ছাত্ৰী, কেইবাটাও চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে শ্ৰীমন্ত শংকৰ মিশ্ৰণৰ ওপৰি কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ ৰোগী তথা নগাঁও ৰেল ষ্টেচনলৈ ৰেল ধৰিবলৈ বুলি বহু লোক আহ-যাহ কৰাৰ ওপৰিও আই টি আই বজাৰ, পানীগাওঁ চাৰিআলি বজাৰলৈ বুলি বহুলোকে যাত্ৰায়ত কৰে এই পথচোৱাৰে৷ নগাঁওবাসীৰ এটি সদাব্যস্ত এই চিনাকী পথচোৱাৰ বৰ্তমান এক বিধ্বস্তৰূপে সকলো পথচাৰীকে জলাকলা খোৱাইছে৷ মৰিকলং চাৰিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ পৰা আৰম্ভ কৰি পথচোৱাৰ ঠায়ে-ঠায়ে এজাক বৰষুণতে একাঠু পানী জমা হৈ পথচাৰী ৰাইজক যাত্ৰায়তত ব্যাঘাত জন্মাই আহিছে৷ আনহাতে,  নগাঁও ৰেল ষ্টেচনৰ পৰা উলাই আহিয়েই মৰিকলং চাৰিআলি দিশলৈ যোবা পথত তথা দূৰ্গা মন্দিৰৰ সন্মুখ ভাগত অৱস্থিত এটা কাৰ্লভাটৰ আধাভঙা অংশই পথচাৰীক নগুৰনাগতি কৰিছে৷ নিশাৰ কথাতো বাদেই দিনৰ ভাগতে এই আধাভঙা কাৰ্লভাটটোৰে জীয়াতু ভুগাইছে সৰ্বসাধাৰণ পথচাৰী তথা ৰাইজক৷ বহু সময়ত চাইকেল, মটৰচাইকেল, টমটম্ আৰোহী এই আধাভঙা কাৰ্লভাটত পৰি দূৰ্ঘটনাত পতিত হৈ ঘুনিয়া হ’ব লগাত পৰিছে ৷ আজি ডেৰ বছৰৰো অধীক সময় এই ভঙা কাৰ্লভাটটো নিৰ্মাণ কৰিবলৈ দেখা নাই নগাঁৱৰ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় দায়িত্বপ্ৰাপ্ত অভিযন্ত্ৰা-বিষয়াই৷ একাংশ পথচাৰী তথা স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি মাত্ৰ তিনি বছৰৰ পূৰ্বে নিৰ্মাণ কৰা এই কাৰ্লভাটটো নিৰ্মাণৰ সময়ত গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতেই আজি এই অৱস্থা হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ যাৰ ফলত অতি কম দিনৰ ভিতৰতে কাৰ্লভাটটোৰ আধাঅংশ ভাঙি যোবাত আজি ৰাইজ ভিশন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে৷ বহু সময়ত স্থানীয় ৰাইজৰ লগতে পথচাৰী সকলে দায়িত্বপ্ৰাপ্ত বিভাগীয় কৰ্তৃপক্ষক উন্নত প্ৰযুক্তি তথা উন্নত সামগ্ৰীৰে নিৰ্মাণ কৰিবলৈ দাৱী জনাই আহিছে যদিও গড়কাপ্তানি ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ গাৰ নোম এডালো লৰাব পৰা নাই ৰাইজৰ এই দাৱীয়ে৷ উল্লেখ্য যে,পথচোৱাৰে সৰু-সৰু গাড়ী সমূহ পাৰ হৈ যায় যদিও বৰ সাৱধানে আৰু ভয়ে-ভয়ে পাৰ হৈ যাব লগা হয় ৷ কিন্তু ট্ৰাক, বাছ, ট্ৰেভেলাৰ আদি পাৰ হ’ব নোৱাৰে৷   এই পথচোৱাৰ মৰিকলং চাৰিআলি দিশত আৰু পাৱাৰ হাউছ তিনিআলি দিশত পথৰ বিধ্বস্ত ৰূপৰ কোনো আগতীয়া জাননী ফলক নথকাত ডাঙৰ যান-বাহন সমূহ দুয়োফালৰ পৰা সোমাই আহি বিমোৰত পৰিব লগা হয় আৰু পোনৰ ডাঙৰ যান-বাহন সমূহ উলোটাকৈয়ে উলিয়াই নিয়াৰ ফলত তীব্ৰ যান-যটৰ সৃষ্টি হৈ আহিছে পথচোৱাত৷ এইক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ  বিভাগীয় উদ্ধতন কতৃপক্ষক অতিশীঘ্ৰে পথচোবাৰ নিৰ্মাণ কৰাৰ লগতে পূৰ্বতে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰা  কাৰ্লভাটটো উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰি পথচাৰীৰ বাবে মুকলি কৰিবলৈ ৰাইজে দাৱী জনাইছে

প্ৰশাসনলৈ অনুৰোধ….

অংশুমান ভূঞা

প্ৰকৃতিৰ ওপৰত মানৱৰ অত্যাচাৰে বনৰীয়া জীৱকূলৰ জীৱন-ধাৰণত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ কুফল এতিয়া স্বয়ং মানুহেই ভোগ কৰিবলগীয়া। বন্য জীৱৰ জনাঞ্চলত প্ৰৱেশ, মানুহৰে সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে। অসমৰ অৰ্থনৈতিক দিশকো এই পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিছে। তেনে দুবিধ বন্যপ্ৰাণী কেৰ্কেটুৱা আৰু বান্দৰৰ উপদ্ৰৱে গাঁৱলীয়া ৰাইজক সৰিয়হ ফুল দেখাবলৈ আৰম্ভ কৰিছে। তামোল-নাৰিকল আদিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি অতীজৰে পৰাই সুদৃঢ় কৰি আহিছে। প্ৰায় প্ৰতিঘৰ মানুহৰেই তামোল-নাৰিকলৰ গছ থাকে। কেঁচা তামোল বা শুকুৱাই চুপাৰী কৰি বিক্ৰী কৰিয়েই একো একোখন ঘৰৰ সৰু-বৰ ভালেকেইটা অভাৱ পূৰণ কৰিব পাৰি। ঘৰৰে নাৰিকল কেইটায়ো বিহুৱে-তিথিয়ে সকাহ দি আহিছে। কিন্তু বিগত কেইবছৰমানত কেৰ্কেটুৱাৰ অনিয়ন্ত্ৰিত বৃদ্ধিয়ে গাঁ‌ৱলীয়া মানুহৰ এই আত্মনিৰ্ভৰশীলতাৰ উপায়টোলৈ ভাবুকি কঢ়িয়াই আনিছে। শব্দ কৰি, ফটকা ফুটায়ো কেৰ্কেটুৱাৰ পৰা পৰিত্ৰাণ নোপোৱাত ৰাইজে মূৰে-কপালে হাত দিবলগীয়া অৱস্থা। এই উপদ্ৰৱ অব্যাহত থাকিলে হয়তো অচিৰেই কেৱল ফলবিহীন গছবোৰহে থিয় হৈ থাকিব। ইতিমধ্যে জনাঞ্চলত মোবাইল টাৱাৰবোৰ বহুওৱাৰ ফলত গছবোৰৰ উৎপাদন ক্ষমতা হ্ৰাস পাই আহিছেই। কেৰ্কেটুৱাৰ সমান্তৰালকৈ বৃহত্তৰ চামতাবাসী নতুনকৈ আন এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। সেয়া হৈছে বান্দৰৰ উপদ্ৰৱ। আজি কেইবছৰমান আগলৈ এই অঞ্চলটোত বান্দৰৰ কোনো চিন-মোকাম বুলিবলৈ নাছিল। কেতিয়াবা দুই-এটা আহিলেও দূৰণিবটীয়া আলহীৰ দৰে দুই-এদিন থাকি আকৌ গুচি গৈছিল। কিন্তু এতিয়া যেন তাৰ পৰিৱৰ্তন ঘটিছে। ই এক সমস্যালৈ পৰ্যৱসিত হোৱাৰ উপক্ৰম ঘটিছে। ফল-মূল, শাক-পাচলিৰ বাগিচা ধ্বংস কৰাৰ লগতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিও উৎপাত কৰে। আনকি মানুহক আক্ৰমণ কৰিবলৈও উদ্যত হয়। গতিকে প্ৰশাসনে সময় থাকোতেই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লৈ গ্ৰাম্য অৰ্থনীতিক ধ্বংস হোৱাৰ পৰা বচাওক। হাতী-মানুহৰ সংঘাতে গুৰুতৰ ৰূপ লোৱাৰ দৰে বান্দৰৰ ক্ষেত্ৰতো এই আশংকা নুই কৰিব নোৱাৰি।সমগ্ৰ ৰাজ্যখনতে মহৰ উপদ্ৰৱে জ্বলা-কলা খুৱাই আহিছে। ফলত ৰাইজ বিভিন্ন বেমাৰত আক্ৰান্ত হ’বলগীয়াও হৈছে। চামতা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো এটা মেলেৰিয়া বিভাগ থকা দেখা পাই আহিছোঁ‌ যদিও কোনো এটা বছৰতে ডি.ডি.টি চটিওৱাৰ কোনো উমঘাম মুঠেও লক্ষ্য কৰা নাযায়। নামতহে বিভাগটো আছে যেন বোধ হয়। ২০ বছৰমান আগতেই এবাৰ ডিডিটি চটিওৱাৰ কথা মনত আছে। এই বিষয়টোতো বিভাগীয় কৰ্তৃপক্ষৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আশা কৰিলোঁ।