Home Blog Page 3301

দৰঙৰ মহলীয়াপাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ পৰা নৱম স্থান দখল কৰা ভৃগুমোহন কুমাৰৰ বিদ্যালয়ত উপস্থিত প্ৰাক্তন পদাধিকাৰ, উপ-পদাধিকাৰসহ প্ৰধান সম্পাদক বাবুল বৰা ।

জয়দেৱ ডেকা :

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নামেৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই অসমত ৫৬ খন বিদ্যালয় প্ৰতিষ্ঠা কৰি ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ যি চেষ্টা চলাই আহিছে তাৰ অংশ হিচাবে দৰঙৰ মহলীয়াপাৰাত ১৩ বিঘা মাটিত প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থানেৰে উৰ্ত্তীণ হ’ল ভৃগুমোহন কুমাৰ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই দৰং জিলাত প্ৰথম স্থাপন কৰা এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে  প্ৰতিষ্ঠা কালৰে পৰা উৰ্ত্তীণ হৈ আহিছে ১০০ শতাংশ৷ সেয়ে শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ পৰা অসমৰ শীৰ্ষ দহটা স্থানৰ ভিতৰত নৱম স্থান দখল কৰা ভৃগুমোহন কুমাৰ আৰু বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাক সম্বৰ্ধনা জনাবলৈ দৰঙত উপস্থিত হ’ল শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকা,  উপ-পদাধিকাৰ বসুন্ধৰ ডেকা আৰু সম্পাদক প্ৰধান বাবুল বৰা৷ শীৰ্ষ স্থানপ্ৰাপ্ত দুয়োগৰাকী ছাত্ৰক সম্বৰ্ধনা জনোৱাৰ উপৰিও সঙ্ঘই প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়খনলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই প্ৰতি বছৰে আগবঢ়াই অহা অনুদানৰ উপৰিও এই বৰ্ষত বিশেষ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই৷ অনাগত দিনত এই বিদ্যালয়ৰ লগতে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই প্ৰতিষ্ঠা কৰা  সকলো কেইখন বিদ্যালয়ে আৰু অধিক ভাল ফলাফল দেখুৱাব পাৰিব বুলি আশা কৰাৰ লগতে মহলীয়াপাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিদ্যালয়ৰ সমুহ শিক্ষক কৰ্মচাৰীক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে৷

বাঘজান ট্ৰেজেদি ‘অইল’ৰ গাফিলতিৰ ফল ।

✍ সঞ্জয় ৰবিদাস

তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰৰ বিজিআৰ ৫ নং তেল খাদত প্ৰাকৃতিক গেছ নিৰ্গমণৰ ফলত অঞ্চলজুৰি যি ভয়ংকৰ অগ্নিকাণ্ড হ’ল সেয়া নি:সন্দেহে অইল কৰ্তৃপক্ষৰ গাফিলতি । এই ঘটনাত তৈলখাদটোত কৰ্মৰত অইলৰ দুজন অসমীয়া লোকৰ প্ৰাণ হানি হ’ল। তাৰে এজন আছিল সুদক্ষ ফুটবলাৰ। তেলখাদটোত ২৭ মে’ৰ পৰা গেছ নিৰ্গত হৈ আছিল যদিও ক্ষিপ্ৰভাৱে উপযুক্ত কাৰিকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে স্থানীয় লোকসকলৰ ঘৰ-বাৰী, দোকান-পোহাৰ, সা-সম্পত্তি, পশুধন সকলো জুইত জাহ গ’ল। জীৱনৰ সুৰক্ষাৰ বাবে অঞ্চলটোৰ তিনিশতাধিক সৰ্বস্বান্ত লোক বৰ্তমান আশ্ৰয় শিবিৰত। আশ্ৰয় শিবিৰত বিদ্যুৎ আৰু খোৱাপানী পৰ্যাপ্ত পৰিমাণে উপলব্ধ নহয় বুলিও বাতৰি ওলাইছে। ভুক্তভোগীসকলক ইমান আতিশয্য কিয়? ইফালে কৰ’না মহামাৰীৰ আতংক এতিয়াও বিৰাজমান। বাতৰিত পঢ়িবলৈ পোৱা মতে তৈলখাদৰ জুই সম্পূৰ্ণৰূপে নুমুৱাবলৈ চাৰি সপ্তাহ সময়ৰ প্ৰয়োজন হ’ব বুলি অইল কৰ্তৃপক্ষই জনাইছে । তেতিয়ালৈকে চৰকাৰ আৰু অইল কোম্পানীয়ে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত সকলৰ খাদ্য আৰু স্বাস্থ্য সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰক। ক্ষতিগ্ৰস্তসকলৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ, ভঁৰাল,গোহালি ইত্যাদিৰ পুণৰ্নিমাণ আৰু পুনৰ স্বাভাৱিক জীৱনশৈলী ঘূৰাই অনাৰ স্বাৰ্থত অইল-এ তেওঁলোকক তৎকালীনভাৱে সাহায্য সামগ্ৰী আৰু ক্ষতিপূৰণ হিচাপে উপযুক্ত আৰ্থিক পেকেজ প্ৰদানৰ ব্যৱস্থা কৰক। গেছ নিৰ্গমণৰ বাবে সৃষ্টি হোৱা অগ্নিকাণ্ডৰ ফলত বাঘজানৰ সমীপৰ জৈৱ-বৈচিত্ৰৰে ভৰপূৰ ডিব্রু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য, মাগুৰী বিল, পুখুৰী, জলাশয়ৰ মাছ,কাছ,ঘৰিয়াল,শিহু ,পশু-পক্ষী তথা অন্যান্য জীৱকূলৰ বাবেও ভাবুকি আহি পৰিছে। বহু পশু-পক্ষী, জীৱ-জন্তু মৃত্যুমুখত পৰিছে। খাৰুৱা তেল পৰি কৃষিভূমিও নষ্ট হৈছে, ক’লা ধোঁৱাই ছানি ধৰিছে অঞ্চলটোৰ পৰিৱেশ। এই অগ্নিকাণ্ডৰ ঘটনাৰ আঁৰত তৈলক্ষেত্ৰখনত অইলৰ নিবিদা লাভ কৰি অপৰিকল্পিতভাৱে খনন কাৰ্য চলোৱা ‘জন এনাৰ্জী’ নামৰ বহিৰাগত ঠিকাভিত্তিক কোম্পানীটো ঘাইকৈ জগৰীয়া। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমেও অসমৰ সমস্যাক বলিষ্ঠভাৱে উপস্থাপন নকৰে। ইফালে কেন্দ্ৰীয় চৰকাৰে বাঘজান ট্ৰেজেদি সন্দৰ্ভত বিশেষ তৎপৰতা দেখুওৱা নাই ।সেয়েহে প্ৰশ্ন হয় অসমৰ সম্পদবোৰহে কেন্দ্ৰৰ, সমস্যাবোৰ কেন্দ্ৰৰ নহয় নেকি?

“লুপ্তপ্ৰায়ী সুপ্ত প্ৰতিভাৰ বৰ্হিঃ প্ৰকাশ আৰু বৰ্তমানৰ শিক্ষাৰ্থীসমাজ, তলাবন্ধৰ প্ৰভাৱ”

✍ সুনীল দাস

বৰ্তমানৰ মাৰাত্মক কৰ’ণা ভাইৰাছৰ পৰা নিজকে বচাই ৰাখিবলৈ বিশ্বৰ প্ৰায়বোৰ দেশত তলাবন্ধৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ প্ৰতি সহাৰি জনাই আমি প্ৰতিজন নাগৰিকে নীতি-নিয়মবোৰ ভালদৰে পালন কৰিব লাগিব। তলা বন্ধৰ বাবে কোনোদিনেই আজৰি নোপোৱা পৰিয়ালৰ সদস্যসকলেও একেলগ হৈ সময় কটাবলগীয়া হ’ল। কিন্তু কিছু সংখ্যকৰ বাবে এয়াই এক ভৱিষ্যতৰ সু-জাননী দিলে। সময়ৰ সদ্‌ব্যৱহাৰ কৰি সময়ৰ লগত মিলি গৈ সময়ৰ গতিবেগত শৰ মাৰিলে একাংশ লোকে। কি শিশু, কি বৃদ্ধ, যুৱক সকলোৰে ভিতৰত লুপ্তপ্ৰায়ী সুপ্ত প্ৰতিভাৰ এক বহিঃপ্ৰকাশ ঘটিবলৈ ধৰিলে। চিন্তাশক্তি গভিৰ হ’বলৈ ল’লে। কোনোৱে যদি গীত ৰচিলে, কোনোৱে আকৌ সেই গীতৰ সুৰ মিলালে, কোনোৱে নৃত্য কৰিলে। আকৌ বিশুদ্ধ পৰিৱেশৰ উমান পায় কাৰোবাৰ মনত কবিতাৰ সৃষ্টি হ’ল। কোনোৱে যদি প্ৰকৃতিৰ ছবি অংকণ কৰিলে কোনোৱে আকৌ মানৱ জীৱনৰ বাবে অহা এই দুৰ্দিন কথা লিখিলে। বহাগৰ বিহুত ঢুলিয়াই ঢোলত চেওঁ দিব নোৱাৰি, নাচনী ককাল ভাঙিব নোৱাৰি লিখিলে মনৰ আবেগৰ কথা। আৰু লিখিলে বহাগৰ বৰদৈচিলাৰ  আগমণৰ কাহিনী। কোনোৱে আকৌ কিতাপ পঢ়িলে আৰু নৱ নৱ চিন্তাৰ উদ্ভৱ কৰিলে। এনেকৈ দিন পাৰ কৰি গৈ আছে অধিকাংশ লোকে। ইয়াৰ বাবে সামাজিক মাধ্যমৰ প্ৰভাৱও নাইকীয়া কৰিব নোৱাৰো। প্ৰতিজন ব্যক্তিৰ বাবে নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ এক বিশেষ মঞ্চৰূপে থিয় দিছে সামাজিক মাধ্যমবোৰে। আকৌ প্ৰতিজন প্ৰতিভাশালী ব্যক্তিক অধিক উৎসাহিত কৰিছে বিভিন্ন সংগঠন, বিভিন্ন সামাজিক মাধ্যমে আয়োজন কৰা প্ৰতিযোগিতাবোৰে। আনহাতে অপ্ৰিয় হলেওঁ সত্য যে অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়া পাঠ্যপুথিৰ লগতে প্ৰায় আনুসংগীক কিতাপ, ভাৱধাৰাতহে গুৰুত্ব অধিক প্ৰদান কৰিছে। যিবোৰে এজন ছাত্ৰক বা এজনী ছাত্ৰীক সম্পূৰ্ণৰূপে বিকাশ সাধন হোৱাত সহায় কৰিব। আকৌ দেশৰ ভিন্নপ্ৰান্তত প্ৰতিফলিত হ’ল শিল্পকলাৰ। কোনোৱে যদি কাঠত প্ৰতিছবি খদিত কৰিলে কোনোৱে বাহৰ পৰা আঁতক ধুনীয়া সামগ্ৰী তৈয়াৰ কৰিলে। বাৰীত পৰি থকা পেলনীয়া সামগ্ৰীবোৰকো নৱ ৰূপ দি ঘৰৰ অতিথিশাল শুৱনি হ’ল। পেলোনীয়া কাগজৰ টুকুৰাক ও বিভিন্ন আকৃতিত ৰূপ দিলে। এয়াই প্ৰতিভা। এনেকৈ কষ্টসাধ্য দুৰ্দিনত নিজকে বছায় দিন পাৰ কৰি গৈ আছে প্ৰতিজন নাগৰিকে। এয়া যিয়েকি নহওঁক, নিজকে ব্যস্ত ৰাখিবলৈয়ে হওঁক বা অন্য কিবা। কিন্তু আমি সকলোৱে লাভ কৰি গৈ আছো কিছুমান নতুন উদ্ভৱৰ। প্ৰকৃততে যিকোনো সৃষ্টিৰ আগমূহুৰ্তত প্ৰত্যেকে তেনে এক বিশেষ  পৰিস্থিতিৰ সন্মূখীন হ’ব লাগিব, যিয়ে তেওঁলোকক সৃষ্টিৰ বাবে প্ৰেৰণা জোগাব। অন্যহাতে নিয়মীয়া আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল। এয়া এক জটিল সমস্যা। যদিও বিভিন্ন মাধ্যমৰ জৰিয়তে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে সেয়াই যথেষ্ট নহয়। যদিও কোৱা হয় বৰ্তমান ডিজিটেল যুগ তথাপিও সকলোধৰণে সকলো ঠাইত  ব্যৱহাৰৰ উপযুক্ত হৈ উঠা নাই। আকৌ সকলো শিক্ষাৰ্থী অৰ্থনৈতিকভাৱে সম্বল নহয়। কিছুসংখ্যক কলেজীয়া শিক্ষাৰ্থীৰ হাতত এতিয়াও নাই মোবাইল ফোন। একে পৰিস্থিতি নিম্নশ্ৰেণীৰ শিক্ষাৰ্থীসকৰো, বয়সৰ অনুপাতে ব্যৱহাৰশৈলী সম্পূৰ্ণৰূপে জ্ঞাত নহয়। এয়া হৈ পৰিছে তেনে শিক্ষাৰ্থীৰ বাবে এক জটিল সমস্যা। আকৌ যিসকলে বিভিন্ন মাধ্যমৰ জৰিয়তে নিয়মীয়া পাঠদান বৰ্তি ৰাখিছে তেওঁলোকৰ কিছু পৰিমাণে শৈক্ষিক দিশ আগবাঢ়িব যদিও হিচাপত কিছু শতাংশহে লাভ কৰিব জ্ঞান। কিন্তু উপায়হীন সকলো। জীৱনৰ খাতিৰত দেশৰ কথা ভাৱি সকলো ঘৰতে থাকিবলগীয়া হৈছে। তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই এবাৰ শিক্ষাৰ্থীসকলৰ কথা ভাৱি সকলোৰে সুবিধা হোৱাকৈ সিদ্ধান্তসমূহ গ্ৰহণ কৰিব বুলি আশাবাদী বৰ্তমানৰ শিক্ষাৰ্থীসমাজ। কিয়নো পৰীক্ষাত উত্তীৰ্ণ হোৱাটোৱে শিক্ষাৰ্থী লক্ষ্য নহয়।সদৌ শেষত সকলোৱে চৰকাৰৰ নীতি-নিৰ্দেশ মানি চলি নিজৰ কৰ্তব্য পালন কৰি যাওঁক। সুবিধা বুজি নিজৰ সুপ্ত প্ৰতিভাৰো বিকাশ কৰক। ঘৰতে থাকক, সুস্থ থাকক। সুস্থ মনত সৎ চিন্তাৰ উদ্ভৱ ঘটোৱা। কিয়নো আজিৰ ছাত্ৰ ভৱিষ্যতৰ নাগৰিক।

টকাৰ প্ৰতীকটোৱে ধ্বংস কৰিলে দেশৰ অৰ্থনীতি । এদশক পূৰ্বে গুৱাহাটীৰ বাস্তু বিশেষজ্ঞই কৰা ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত ।

✍ সুদীপ শৰ্মা চৌধুৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰোনাৰ ফলত আক্ৰান্ত হোৱা অৰ্থনীতিক যোৰা লগাবলৈ ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিলেও ভাৰতীয় মুদ্ৰাৰ প্ৰতীক চিহ্নত থকা বাস্তুদোষ সংশোধন নকৰালৈ অৰ্থনীতিক সুস্থিৰ কৰাটো সম্ভৱ নহ’ব বুলি দাবী জনাইছে। বাস্তুৰ জৰিয়তে মানুহৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি কঢ়িয়াই অনাৰ মহান প্ৰচেষ্টাত ব্ৰতী ৰি-বিল্ড ন’ৰ্থইষ্টৰ সভাপতি তথা অসমৰ বিশিষ্ট বাস্তু বিশেষজ্ঞ ৰাজকুমাৰ ঝাঁঝৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ অৰ্থনীতি ৰক্ষাৰ্থে ততালিকে টকাৰ প্ৰতীকটোত থকা বাস্তুদোষ সংশোধন কৰাৰ বাবে আহ্বান জনাইছে। উল্লেখযোগ্য যে শ্ৰীঝাঁঝৰীয়ে ২০১১ চনতে প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙক এক চিঠিযোগে টকাৰ প্ৰতীকটোত ভয়ংকৰ বাস্তুদোষ থকাৰ বিষয়ে অবগত কৰি তাক সংশোধন নকৰিলে টকাৰ অৱমূল্যায়ন আৰু দেশৰ অৰ্থনীতি বিপৰ্যস্ত হোৱাৰ ভৱিষ্যবাণী কৰিছিল। কিন্তু মনমোহন চৰকাৰে কথাটোত গুৰুত্ব নিদিয়াৰ ফলত দেশৰ অৰ্থনীতি চূড়ান্ত বিপৰ্যয়ৰ সন্মুখীন হৈ ৯ শতাংশৰ পৰা শূন্যলৈ আৰু টকাটো ৪৪ টকা প্ৰতি ডলাৰৰ পৰা ৭৬ লৈ অৱনমিত হৈছে। প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পিছত নৰেন্দ্ৰ মোদীকো কামৰূপ জিলা উপায়ুক্তৰ জৰিয়তে পত্ৰ প্ৰেৰণ কৰি শ্ৰীঝাঁঝৰীয়ে টকাৰ প্ৰতীকটো বাস্তুদোষ মুক্ত কৰাৰ অনুৰোধ জনাইছিল, কিন্তু মোদীয়েও কথাটোত গুৰুত্ব নিদিয়াত আজি দেশৰ অৰ্থনীতি ভয়ংকৰ বিপৰ্যয়ৰ মুখত পৰিছে। উল্লেখযোগ্য যে শ্ৰী ঝাঁঝৰীয়ে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী নবাম টুকীকো মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত থকা ভয়ংকৰ বাস্তুদোষ সংশোধন কৰাৰ পৰামৰ্শ দিছিল, যদিও তেওঁ বাস্তুৰ দোষ সংশোধনকৰ কোনো ব্যৱস্থা হাতত নল’লে। স্মৰণীয় যে উক্ত বাসভৱনত থকা দজ¹ খাণ্ডুৰ হেলিকাপ্টাৰ দুৰ্ঘটনাত অকাল মৃত্যু হোৱাৰ লগতে গামলীনৰ হৃদৰোগ আক্ৰান্ত হৈ আৰু কালিখো পুলে আত্মহত্যা কৰি অকাল মৃত্যুক আঁকোৱালী লৈছিল। বৰ্তমান মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উক্ত বাসভৱনত থকাৰ পৰিৱৰ্ত্তে ইয়াক অতিথিশালাত পৰিণত কৰিছে। শ্ৰী ঝাঁঝৰীয়ে প্ৰকাশ কৰা মতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে সম্পূৰ্ণ বাস্তু পৰিপন্থী বাসগৃহ সাজি বাস কৰি অহা বাবেই এই অঞ্চলটো যুগ-যুগ ধৰি যুদ্ধ-বিগ্ৰহ, উগ্ৰবাদ, আৰ্থিক আৰু অনুন্নত সমস্যাত সৰ্বস্বান্ত হৈ আহিছে। অঞ্চলবাসীক সুখ, শান্তি, সমৃদ্ধিৰ জীৱন প্ৰদানৰ উদ্দেশ্যেৰেই তেখেতে বিগত ২৫ বছৰ ধৰি কোনো ধৰণৰ পাৰিশ্ৰমিক নোলোৱাকৈ মানুহৰ ঘৰে-ঘৰে গৈ বাস্তু পৰামৰ্শ দি আহিছে। বৰ্তমানলৈ শ্ৰী ঝাঁঝৰীয়ে ১৬,০০০ পৰিয়ালক বিনামূলীয়াকৈ বাস্তু পৰামৰ্শ দিছে আৰু যি সকলে বাস্তুৰ নিয়মানুযায়ী বাসগৃহত সংশোধন কৰিছে, তেওঁলোকৰ জীৱন পূৰ্বতকৈ বহুখিনি উন্নত হৈছে। শ্ৰী ঝাঁঝৰী দাবী কৰে যে দেশৰ অৰ্থনীতিক সুচল কৰিবলৈ হ’লে চৰকাৰে টকাৰ প্ৰতীকটো তথালিকে সংশোধন কৰি বাস্তুসম্মত কৰিবই লাগিব।    

ঘৰলৈ অহা ল’ৰাবোৰ যদি উভতি নাযায় !

দৈনন্দিন বাৰ্তা

বহিঃৰাজ্যত কৰ্মৰত প্ৰায়ভাগ অসমীয়া ল’ৰাই এতিয়া নিজ ঘৰলৈ উভতিছে৷ কিছুসংখ্যক চৰকাৰৰ উদ্যোগত ঘৰ আহি পালেও। ভাৰতৰ অন্য বহু প্ৰদেশত ক’ৰ’নাৰ সংহাৰ আমাৰ ৰাজ্যতকৈ বহু বেছি। বহু ভয়ানক পৰিস্থিতিৰ সাক্ষী ইতিমধ্যেই এইসকল যুৱক হৈছেই৷ পদে পদে মৃত্যুৰ ভয়৷ অন্যপ্ৰদেশত অসমীয়া যুৱক যুৱতীয়ে সেই চৰকাৰৰ পৰা প্ৰয়োজনীয় সুবিধা লাভ নকৰাৰ অভিযোগ শুনিবলৈ পাইছোঁ৷ তেনে পৰিস্থিতিত পৰিয়ালৰ সদস্যসকলে তেওঁলোকক উভতি আহিবলৈ জোৰ দিয়াটো স্বাভাৱিক৷ ইতিমধ্যেই লকডাউনৰ বাবে প্ৰায়ভাগ অফিচ কোম্পানী বন্ধ থকা বাবে বহু কৰ্মচাৰীয়ে পোৱা নাই দৰমহা, আনকি বহুতৰ চাকৰি থাকিব নে নাই সেইয়াও নিশ্চিত নহয়। মালিকপক্ষৰ পৰাও পোৱা নাই সুদুত্তৰ৷ ঘৰলৈ আহিয়ে বহিঃৰাজ্যৰ পৰা অহা যুৱকসকল হৈছে কোৱাৰেন্টাইন। এক দীঘলীয়া সময়ৰ বাবে তেওঁলোক আঁতৰি থাকিব নিজ কৰ্মক্ষেত্ৰৰ পৰা। সমস্যা এইখিনিতে আৰম্ভ হ’ব৷ ক’ৰ’নাৰ আতংক অহা ছমাহমানলৈ শেষ হোৱাৰ আশা নাই৷ গতিকে প্ৰায়ভাগ যুৱকৰ পৰিয়ালে তেওঁলোকক হয়তো পুনৰ কৰ্মক্ষেত্ৰলৈ উভতি যাব বাধা দিব,  তেওঁলোকৰ নিজৰো পৰিয়ালক এৰি হয়তো সংকটৰ মুখলৈ আগবাঢ়ি যাব মন নাযাব৷ তাৰ পিছত প্ৰশ্ন আহিব ইয়াত থাকি তেওঁলোকে কৰিব কি! ইয়াত ইতিমধ্যেই ইমানবোৰ সমস্যা, নিবনুৱা অসংখ্য৷ নতুনকৈ হাজাৰ হাজাৰ নিবনুৱা বাঢ়ি যোৱাৰ ফলত সমস্যা বাঢ়িব৷ বহিঃৰাজ্যত কৰ্মৰত বহুতেই হয়তো ইয়াৰ কামক লৈ সন্তুষ্ট হ’ব নোৱাৰিব, সমস্যাবোৰ কাকো ক’বও নোৱাৰিব৷ যোৱা বছৰকেইটা নিৰীক্ষণ কৰিলে এই সংকটপূৰ্ণ সময়ত চৰকাৰৰ পৰা চাকৰিৰ ক্ষেত্ৰত একো আশা নকৰাই ভাল হ’ব যেন লাগে৷ আত্ম সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ সাহায্য পালে ভাল৷ এতিয়া নিজৰ পথাৰ আৰু বজাৰ দখলৰ পৰিকল্পনা আৰু সুপৰিকল্পিত নীতিৰ মাজেৰে শ্ৰম কৰাৰ বাহিৰে আন ৰাস্তা নাই যেন লাগে৷ ইয়াক সম্ভৱ কৰাবলৈও লাগিব সু নেতৃত্ব৷ যিসকল অসমীয়াই নিজৰ বলত থলুৱা  সামগ্ৰীৰ উৎপাদন, কৃষি ক্ষেত্ৰৰ উন্নতিৰ বাবে অহৰহ কাম কৰি আহিছে তেওঁলোক স্বইচ্ছাই জাতিৰ স্বাৰ্থত এই সংকটকালত আগবাঢ়ি আহিব লাগিব৷ তেওঁলোকৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগতহে অসমীয়াৰ বজাৰ দখলৰ প্ৰচেষ্টা সফল হ’ব৷ অন্যথা অকল্পনীয় বিপদৰ মুখত পৰিম আমি সকলো৷ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ পৰিয়ালৰ সহায়ৰ প্ৰয়োজন হব এইসকল যুৱকক৷ কাৰণ হঠাৎ পইচা ঘটাৰ পথ বন্ধ হৈ যোৱা এইসকল ব্যক্তি থাকিব প্ৰচণ্ড মানসিক চাপত৷ এতিয়াৰ পৰাই অসমীয়াই অসমীয়াক তুলি ধৰাৰ নীতি আৰাম্ভ কৰিবৰ হ’ল৷ আৱেগিক ৰাজনীতি আৰু টানি ধৰাৰ স্বভাৱ সময়ৰ আহ্বান বুজি সকলোৱে এৰিব পাৰিলেহে আমাৰ মংগল হ’ব৷ আশা ৰাখিছোঁ, চৰকাৰে চাকৰি দিব নোৱাৰিলেও অন্তত ব্যৱসায় বাণিজ্যৰ বাবে মূলধন যোগাৰ কৰাত সহায় হোৱাকৈ নীতি নিয়মৰ মাজেৰেই এইসকল যুৱক যুৱতীক বেংকৰ ঋণ বা ৰাজসাহায্য যুক্ত ঋণ লাভ কৰাৰ পথ সুচল কৰি দিব৷ 

ভাৰতত ক’ভিড-১৯ত পুৰুষতকৈ মহিলাৰ মৃত্যুৰ হাৰ অধিক ।

ভাৰতত ক’ভিড-১৯ত পুৰুষতকৈ মহিলাৰ মৃত্যুৰ হাৰ অধিক ।

দৈনন্দিন বাৰ্তা

সমীক্ষাত প্ৰথমে দেখা গৈছিল যে ক’ভিড-১৯ পুৰুষৰ বেছিকৈ সংক্ৰমণ হয়৷ কিন্তু শেহতীয়া ছবিত দেখা গৈছে যে এই ৰোগত ভাৰতত মহিলাৰ মৃত্যুৰ সংখ্যা বেছি৷ যোৱা ২০ মে’ৰ তথ্য মতে পাঁচ বছৰৰ শিশুৰ পৰা বয়স্কৰ মাজত ক’ভিড-১৯ সমানে সংক্ৰমিত হয়৷ পুৰুষ ৬৬ শতাংশ আৰু মহিলা ৩৪ শতাংশ এই ৰোগত আক্ৰান্ত হৈছে৷ অথচ মুঠ সংক্ৰমিতৰ মাজত পুৰুষৰ মৃত্যুৰ হাৰ ২.৯ শতাংশৰ বিপৰীতে মহিলাৰ মৃত্যুৰ হাৰ ৩.৩ শতাংশ৷ নতুন সমীক্ষাত দেখা গৈছে যে দেশত এই ভাইৰাছত আক্ৰান্ত সকলৰ ভিতৰত বেছি বিপদ ছোৱালীৰ ক্ষেত্ৰত৷ দেশ-বিদেশৰ লিংগ ভেদে সমীক্ষা কৰাৰ পাছত বিজ্ঞানী আৰু গৱেষকসকলে এই তথ্য লাভ কৰিছে৷ সমীক্ষা মতে  ২৯-৩০ বছৰৰ যুৱতীৰ মাজত  মৃত্যুৰ হাৰ ২১.৩ শতাংশ৷ তাৰ ওপৰৰ বয়সৰ পৰা ৮০ বছৰৰ ভিতৰত মহিলাৰ মৃত্যুৰ হাৰ ৪৮.৫ শতাংশ৷ ইয়াৰ বিপৰীতে ৬০ বয়স বা তাৰ ওপৰৰ বয়সৰ পুৰুষৰ ক্ষেত্ৰত ৫০.৭ শতাংশ৷ এই বয়সৰ মহিলাৰ মৃত্যুৰ হাৰ ৫৪.৫ শতাংশ৷ অৱশ্যে শিশু আৰু কিশোৰ-কিশোৰীৰ মৃত্যুৰ হাৰ কম৷

কিমাননো আৰু চিঞৰিম ?

ভুপেশ খাটনিয়াৰ

অভি-নীলৰ বাবে চিঞৰিলো, সতাতন ডেকাৰ বাবে চিঞৰি আছো, এতিয়া দেৱাশীষ গগৈ। নিচিঞৰাকৈ একো নহয় নেকি! কিয় বাৰে বাৰে হত্যাকাৰীৰ শাস্তিৰ দাবীৰে ধৰ্ণা প্ৰতিবাদ অনশন কৰিব লাগে। আমাৰ আইন ব্যৱস্থাত কিবা খুঁত আছে নেকি। আমাৰ আইনখনৰ প্ৰতি অপৰাধীৰ ভয়-ভীত নাই নেকি। আমাৰ আইনখন সংশোধন কৰিবলগা হৈছেগৈ নেকি ! এনেধৰণৰ অমানৱীয় ঘটনাবোৰ দেখিলে,  শুনিলে এনেবোৰ প্ৰশ্ন‌ই মনটোত জুমুৰি দি ধৰে। ল’ৰাটোয়ে সৌ সিদিনালৈকে অভি-নীলৰ হত্যাকাৰীৰ শাস্তি বিচাৰি সামাজিক মাধ্যমত লিখি আছিল।। ঠিক আপুনি আমি লিখাৰ দৰে। ল’ৰাটোৰ বয়সনো কিমান হৈছিল, কিন্তু বুজিছিল অভি-নীলৰ সেই পাশৱিক হত্যাকাৰীয়ে কি বৰ্ব্বৰ অত্যাচাৰ কৰি সিঁহত দুটাক মাৰি পেলাইছিল।। কিন্তু দেৱাষিশে জানো এবাৰো ভাবিছিল আজিৰ যুগত পাহাৰ, ভৈয়াম নাই সকলো ঠাইতে মানুহ কম জন্তু বেছি আছে। তাৰ বাবেও এজাক পিশাচ ৰৈ আছে বুলি গাভৰু পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য চাই বন্ধুজনৰ লগত হাঁহি ধেমালি কৰি ঘূৰি  অহা ল’ৰাটোক মৰিয়াই মৰিয়াই মাৰি পেলালে চাহ জনজাতিৰ লোকে। সৌ সিদিনা পৰাগজ্যোতি, সনাতনৰ তেজৰ দাগ শুকাবলৈকো পোৱা নাই, আকৌ এটা নতুন পাশৱিক ঘটনা। কেতিয়ালৈকে চলিব এই নৰবধ যজ্ঞ। কেতিয়া পাব দোষীয়ে শাস্তি।। কেতিয়া মগজু বোৰ উৰ্ব্বৰ হ’ব। কেতিয়া? এটা গৰুক লৈ কৰা কাজিয়াত মানুহ মাৰে, গাড়ীত খুন্দিয়ালে মানুহ মাৰে,  দোকান দিয়া ঠাই লৈ মানুহ মাৰে, চুলি দীঘল হলে মানুহ মাৰে !  আচৰিত, ভাষাহীন হৈ যাও। ইতিমধ্যে অসমৰ বাহিৰৰ মানুহে social media ত অসমৰ ঘটনাবোৰ লৈ চৰ্চা কৰিবলৈ লৈছে।”অসম এখন জংঘল, অসমত মানুহে মানুহৰ মাংস খায় “ঋষিকেশত আমাক এনেকৈ কৈছিল।। তেতিয়া বহুত আপত্তি কৰিছিলো। এতিয়া ভাৱ হয় সঁচা কথাই কৈছিল। অকলে পৰাপক্ষত কতো নাযাব বা পৰিয়াল লৈও। সৰুসুৰা বাক বিতণ্ডাৰ পৰা আঁতৰি থাকিব ঘৰৰ বাহিৰত। এতিয়া মানুহ মানুহ হৈ থকা নাই।। জন্তু হৈ গৈছে।। কিমান লিখিম দোষীয়ে শাস্তি পাওঁক, ই মাত্ৰ লিখা কথাহে হৈ ৰয়। দেৱাষিশৰ আত্মাৰ সদ্গতি কামনা কৰিলো, ল’ৰাটো যতে আছে শান্তি পাওঁক !

চৰকাৰে “জিম” ৰ কথাও ভাবক

যোৱা মাৰ্চ মাহৰ শেষভাগৰ পৰাই চৰকাৰৰ নিৰ্দেশ মৰ্মে অসমৰ সকলো জিম বা ফিটনেছ চেন্টাৰসমূহ বন্ধ হৈ আছে৷ যোৱা দুমাহেই এই ক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে এই নিৰ্দেশ সম্পূৰ্ণ মানি আছে৷ ক’ৰ’নাৰ আতংক দিনক দিনে বাঢ়ি আছে৷ অস্থিৰ হৈ পৰিছে দেশৰ অৰ্থব্যৱস্থা৷ চৰকাৰে অৰ্থনৈতিক দিশৰ যোৰা টাপলি মৰাৰ উদ্দেশ্যে ইতিমধ্যে খুলি দিছে দোকানৰ পৰা যাতায়ত ব্যৱস্থালৈ, মিঠাইৰ দোকানৰ পৰা কাপোৰৰ দোকানলৈ৷ অচিৰেই আৰাম্ভ হ’ব নিয়মিত ৰে’ল বিমান সেৱা৷ মাত্ৰ প্ৰতি ক্ষেত্ৰত বান্ধি দিছে কিছু নীতি নিয়ম৷ কিন্তু অতি আশ্চৰ্যজনকভাবে খোলাৰ অনুমতি দিয়া নাই “জিম”সমূহ৷ সচেতন বিভিন্নজনৰ অনুৰোধৰ পিছতো সলনি হোৱা নাই নিৰ্দেশ৷ সামাজিক দূৰত্বৰ দিশটোক লৈ ৰাইজ ভালেখিনি সজাগ হৈছে৷ এনেও জিমৰ ভিতৰত সচৰাচৰ এজনৰ পৰা আনজন যথেষ্ট নিলগত ৰৈয়ে ব্যায়াম কৰে৷ বাকী থাকিল মাস্ক পৰিধানৰ বিষয়টো৷ আপাতদৃষ্টিত জিমৰ ভিতৰত নিয়ম পালন নকৰিব যেন বোধ হয় যদিও নিজৰ দেহক লৈ সচেতন লোকসকলে নিশ্চয় এই নিয়মো মানিব৷ বাকী চেনিটাইজেচনৰ ওপৰত জিমৰ মালিকপক্ষক কঠোৰ নিৰ্দেশ দিব পাৰে৷ একেলগে একে সময়ত কিমানজন মানুহ ব্যয়ামগাৰত সোমাব পাৰিব তাৰ স্পষ্ট নিৰ্দেশনা দি ইতিমধ্যেই আন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে কিছু শিথিল কৰি দিব লাগে৷ এই ক্ষেত্ৰৰ লগত জড়িত খেলুৱৈ, প্ৰশিক্ষক আদিকে ধৰি বিভিন্নজন আৰ্থিক সমস্যাত ভূগি আছে৷ বহু জিমৰ গৰাকীয়ে দিব পাৰা নাই কৰ্মচাৰীৰ দৰমহা, বাকী হৈছে ভাড়াঘৰত থকা জিমবোৰৰ ঘৰভাৰা। বেংকৰ ঋণসমূহ আছেই৷ মানসিক চাপত ভূগি আছে এই উদ্যোগৰ লগত জড়িতসকল৷ নিয়মীয়া শৰীৰ চৰ্চা কৰাসকলৰ বহুতৰে নতুন নতুন শাৰীৰিক সমস্যাই দেখা দিছে দীৰ্ঘসময় জিমৰ পৰা আঁতৰত থকা বাবে৷ বহুতৰে শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনক নিজৰ  পেশা হিচপে গ্ৰহণ কৰাৰ সাহস কমি যাব৷ আশা ৰাখিছোঁ, চৰকাৰে অতি সোনকালে এই দিশৰ পৰ্যালোচনা কৰি বিভিন্ন নীতি নিয়মৰ মাজেৰে হ’লেও “জিম”সমূহ খোলাৰ অনুমতি প্ৰদান কৰিব৷

“মহামাৰী কভিড ১৯ ৰোগ সংকটৰ পৰা লাভ কৰা শিক্ষা”

স্বেতা ছেত্ৰী

 অতি প্ৰাচীন কালৰে পৰা মানৱজাতিয়ে সময়ে সময়ে নানান দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। সেইয়া মেলেৰিয়াই হওঁক, বসন্ত ৰোগেই হওঁক,  প্লেগেই হওঁক বা বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা (কভিড-১৯)ই হওঁক। চীন দেশৰ য়ুনান প্ৰদেশৰ পৰা উৎপন্ন হোৱা এই ভাইৰাছ বিধে বিশ্বজুৰি তোলপাৰ লগাইছে। চীনৰ সৰু প্ৰদেশ এখনৰ পৰা আৰম্ভ হোৱা ক’ৰণাই (কভিড-১৯) এতিয়া বনজুইৰ দৰে বিয়পি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই মহামাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্সৰ দৰে প্ৰথম বিশ্বৰ দেশসমূহকো আৰ্থিকভাৱে জুৰুলা কৰি পেলাইছে। বিজ্ঞান প্ৰযুক্তি তথা চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ পিছতো মানৱজাতিয়ে এই মহামাৰীক ৰোধিব পৰা নাই। প্ৰকৃতিৰ আগত মানৱজাতি যে কিমান নিৰুপায়,  ক’ৰণাই যেন সেইয়াই প্ৰমাণ দিলে।যদিও এই মহামাৰীয়ে হাজাৰ হাজাৰ লোকৰ জীৱন কাঢ়ি নিছে, মানুহৰ মাজত ভয় আৰু আশংকাৰ সৃষ্টি কৰিছে, মানুহৰ স্বাভাৱিক জীৱন-যাপনত প্ৰভাৱ পেলাইছে, মানৱজাতিক সকলো ফালৰ পৰাই বিপদাপন্ন কৰি তুলিছে,  যদিও এই বিভীষিকাই মানুহৰ মন মগজু নেকিবাচক চিন্তা আৰু আশংকাৰে জুৰুলা কৰি তুলিছে, কিন্তু এই মহামাৰীৰ কিছুমান ইতিবাচক দিশো নোহোৱা নহয়। এক কথাত, যান্ত্ৰিকতাৰ পয়োভৰত একো একোটা যন্ত্ৰলৈ পৰিৱৰ্তিত হোৱা মানৱজাতিক এই কভিড-১৯ মহামাৰীয়ে নীতি শিক্ষা প্ৰদান কৰিছে। উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰসমূহ আজি মানৱ জাতিয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছে। বৰ্তমান সমগ্ৰ বিশ্ব স্তব্ধ। সকলো মানুহ গৃহবন্দী হৈ নিজ নিজ বাসস্থানতে আবদ্ধ। স্তব্ধ আজি দিনে-ৰাতিয়ে চলি থকা কল কাৰখানা, যান বাহন ইত্যাদি। ফলত প্ৰকৃতিয়ে প্ৰাণ পাই উঠিছে। প্ৰকৃতিয়ে যেন ন সাজত নিজকে সজাই তুলিছে। গছ বন, বন্যপ্ৰাণী সকলো সজীৱ হৈ পৰিছে। প্ৰকৃতিয়ে মুক্ত মনে নিজৰ সৌন্দৰ্য্যৰ সঁফুৰা চাৰিওদিশে ছটিয়াই দিছে। কল কাৰখানা তথা যান-বাহনৰ স্তব্ধতাৰ ফলত বায়ুমণ্ডল পৰিষ্কাৰ হৈ পৰিছে। প্ৰদূষণে পঙ্গু কৰি পেলোৱা প্ৰকৃতি জগতখন পুনৰ জীপাল হৈ উঠিছে। বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ ক্ৰমান্বয়ে কমি আহিছে আৰু পৃথিৱীৰ আয়ুস যেন বাঢ়ি গৈছে। ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে পৰিভ্ৰমী চৰাই। আনকি বনৰীয়া জীৱ-জন্তুয়েও এতিয়া ৰাজপথলৈ ওলাই আহি মুক্ত মনে বিচৰণ কৰিছে। ধোৱা, প্ৰদূষিত বায়ু আদিৰ চামনি পৰি ক’লা হোৱা বায়ুমণ্ডল এতিয়া মুকলি হৈছে। ফলত পাঞ্জাবৰ জালন্ধৰ চহৰৰ পৰাই হিমাচল প্ৰদেশৰ হিমালয় পৰ্বতমালাৰ সৌন্দৰ্য্য মানুহে উপভোগ কৰিব পাৰিছে। তদুপৰি ২৯/০৪/২০২০ তাৰিখে বিশেষ লেনচৰ সহায়ত ডিগবৈ মহাবিদ্যালয়ৰ কেম্পাচৰ পৰাও প্ৰত্যক্ষ কৰা হয় হিমালয় পৰ্বতমালাৰ কিছু অংশ। এই মহামাৰীয়ে পৰিয়ালৰ মানুহৰ মাজত একতাৰ সৃষ্টি কৰাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ-ভাষা তথা ভৌগোলিক পৰিসীমা নিৰ্বিশেষে একাত্ম হৈ থাকিবলৈ শিকালে। বৰ্তমান দেশসমূহ ভৌগোলিকভাবে পৃথক যদিও মানৱীয় মূল্যবোধৰ ফালৰ পৰা সকলো একাকাৰ। এখন দেশে আন এখন দেশক বিনা দ্বিধাই সহায়ৰ হাত আগবঢ়াইছে। খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতেই হওঁক বা চিকিৎসাজনিত সহায়েই হওঁক, এখন দেশে আন এখন দেশক সহায় কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাই। আজি সমগ্ৰ বিশ্বৰে, সমগ্ৰ মানৱজাতিৰেই ধৰ্ম একেই “মানৱীয়তা”। আজি সকলোৰে জাতি একেই “মানৱীয়তা”। এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সকলো আজি একগোট হৈছে। মহামাৰী কভিড-১৯ ৰোগ সংকটৰ পৰা লাভ কৰা আন এক শিক্ষা হ’ল, এই মহামাৰীয়ে উন্নত তথা উন্নয়নৰ দিশে ধাৱমান দেশসমূহক শিক্ষা দিলে যে ধ্বংসকাৰী পাৰমাণৱিক বোমা, অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি নিজকে শক্তিশালী কৰাতকৈ চিকিৎসা সেৱাৰ ক্ষেত্ৰত নিজকে অধিক শক্তিশালী কৰিব লাগে। অৰ্থাৎ মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰি নিজকে পাৰমাণৱিক শক্তি সম্পন্ন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াত মনোনিবেশ কৰাৰ সলনি বিশ্ব শান্তি বজাই ৰাখি প্ৰতিখন দেশে চিকিৎসা সেৱা তথা শিক্ষাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহে উন্নয়নৰ শিখৰ চুব পাৰিব।এই মহামাৰীৰ পৰা হাত সাৰিবলৈ লোৱা অন্যতম সাৱধানতা হ’ল পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰা আৰু সামাজিক ব্যৱধান মানি চলা। গতিকে এই ভাইৰাছবিধে পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰাটো যেন অভ্যাসত পৰিণত কৰিলে। তদুপৰি হুলস্থূলীয়া পৰিৱেশ ‌তথা জন সমাগমৰ পৰা সামান্য ব্যৱধান বজাই ৰাখিলেই যে বহু ধৰণৰ ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি সেই কথাও মানৱজাতিয়ে বুজি উঠিছে। এই মহামাৰীয়ে মানুহক সজাগ তথা সচেতন কৰি‌ তুলিছে। জীৱ-জন্তু, চৰাই-চিৰিকটি আদি সজাত বন্দী কৰি থৈ সিহঁতৰ স্বাধীনতা খৰ্ব কৰি নিজৰ মনোৰঞ্জনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা জীৱ শ্ৰেষ্ঠ মানুহে আজি গৃহবন্দী হৈ প্ৰতিটো মূহুৰ্ততে অনুভৱ কৰিছে সেই নিষ্পাপ জীৱ জন্তুৰ বুকুৰ বেদনা। আজি জীৱ জন্তু মুক্ত আকাশৰ তলত আৰু মানৱজাতি চাৰিবেৰৰ মাজত আবদ্ধ। যদি আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাওঁ, তেন্তে দেখিম যে সকলো বস্তুৰে ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশ থকাৰ দৰে এই মহামাৰী ভাইৰাছেও প্ৰকৃতিৰ ওপৰত কিছুমান ধনাত্মক প্ৰভাৱ পেলাইছে। জগতৰ প্ৰতিটো বস্তুৱেই মানুহক কিবা নহয় কিবা শিক্ষা দিয়াৰ দৰে এই দুৰ্যোগেও মানুহৰ মনত মানৱীয় মূল্যবোধৰ বীজ ৰোপন কৰাৰ লগতে সকলোকে একতাৰ বান্ধোনেৰে বান্ধ খাই থাকিবলৈ শিকালে। সদৌ শেষত, ক’ৰণা নিপাত যাওঁক। মানুহৰ স্বাভাৱিক দিনবোৰ ঘূৰি আহক। মানৱজাতিৰ জয় হওঁক। মানুহে এই মহামাৰীক এক শিক্ষা হিচাপে লৈ এখন সুস্থ পৃথিৱী পুনৰ নিৰ্মাণ কৰক।

বাহিৰে ৰং চং ভিতৰে কুৱা ভাতুৰী : ব্যৱসায়ত নামি পৰিছে নাজিৰাৰ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় কাজিৰঙা একাডেমি চিনিয়ৰ চেকেণ্ডেৰী স্কুল ।

দিলীপ হাজৰিকা :

বাহিৰে ৰং চং ভিতৰেৰে কুৱা ভাতুৰী। কৰ’ণা ভাইৰাছক লৈ এতিয়া ব্যৱসায়ত নামি পৰিছে নাজিৰাৰ মহকুমাৰ ব্যক্তিগত খণ্ডৰ এখন মহাবিদ্যালয়। অসমত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ সমান্তৰালকৈ ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। কিন্তু কৰ’ণা ভাইৰাছৰ সুবিধা লৈ উচ্চতৰ মাধ্যমিক পৰ্য্যায়ৰ নামভৰ্তিৰ বাবে ব্যৱসায়ত জড়িত হৈ পৰিছে নাজিৰা মহকুমাৰ শিমলুগুৰি নগৰৰ মাজমজিয়াত অৱস্থিত কাজিৰঙা একাডেমি চিনিয়ৰ চেকেণ্ডেৰী স্কুল। কৰ’ণা ভাইৰাছ তথা বৰ্তমান পৰিস্থিতিক লৈ শিমলুগুৰিৰ কাজিৰঙা একাডেমি চিনিয়ৰ চেকেণ্ডেৰী স্কুলে উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ বাবে ঘোষণা কৰিলে নামভৰ্তি মাচুল সম্পূৰ্ণ বিনামূলীয়া। মহাবিদ্যালয়খনৰ বিনামূলীয়া নামভৰ্তি বিষয়ে বিয়পি পৰিছে চ’ছিয়েল মিডিয়াতো। কিন্তু মাহেকীয়া মাচুলৰ ক্ষেত্ৰত বৰ্দ্ধিত হাৰত মাচুল ল’ব ব্যক্তিগত খণ্ডৰ এইখন মহাবিদ্যালয়ে। বৰ্দ্ধিত এই মাহেকীয়া মাচুলৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমত বৰ্তমানলৈকে কি ল’ব কি নল’ব ঘোষণা কৰা নাই মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। ইয়াৰ মাজতেই  মহাবিদ্যালয় খনৰ মাহেকীয়া মাচুলৰ ক্ষেত্ৰত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বিগত বৰ্ষত মহাবিদ্যালয় খনৰ কলা শাখাত মাহেকীয়া মাচুল আঠশ আৰু বিজ্ঞান শাখাত মাহেকীয়া মাচুল পোন্ধৰশ। কিন্তু সাংবাদিকৰ ফোনত কাজিৰঙা একাডেমি চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ স্বত্বাধিকাৰী সুশীল ফুকনে কয় ক’লা শাখা আৰু বিজ্ঞান শাখাত বিগত বৰ্ষতকৈ অধিক হাৰত ল’ব মাচুল। ইয়াকেই লৈ এতিয়া ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী জীৱনক লৈ হেতালি খেলিছে নাজিৰা সমষ্টিৰ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় কাজিৰঙা একাডেমি চিনিয়ৰ চেকেণ্ডেৰী স্কুলে।