Breaking

বাঘজান ট্ৰেজেদি ‘অইল’ৰ গাফিলতিৰ ফল ।

0 756

✍ সঞ্জয় ৰবিদাস

তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰৰ বিজিআৰ ৫ নং তেল খাদত প্ৰাকৃতিক গেছ নিৰ্গমণৰ ফলত অঞ্চলজুৰি যি ভয়ংকৰ অগ্নিকাণ্ড হ’ল সেয়া নি:সন্দেহে অইল কৰ্তৃপক্ষৰ গাফিলতি । এই ঘটনাত তৈলখাদটোত কৰ্মৰত অইলৰ দুজন অসমীয়া লোকৰ প্ৰাণ হানি হ’ল। তাৰে এজন আছিল সুদক্ষ ফুটবলাৰ। তেলখাদটোত ২৭ মে’ৰ পৰা গেছ নিৰ্গত হৈ আছিল যদিও ক্ষিপ্ৰভাৱে উপযুক্ত কাৰিকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে স্থানীয় লোকসকলৰ ঘৰ-বাৰী, দোকান-পোহাৰ, সা-সম্পত্তি, পশুধন সকলো জুইত জাহ গ’ল। জীৱনৰ সুৰক্ষাৰ বাবে অঞ্চলটোৰ তিনিশতাধিক সৰ্বস্বান্ত লোক বৰ্তমান আশ্ৰয় শিবিৰত। আশ্ৰয় শিবিৰত বিদ্যুৎ আৰু খোৱাপানী পৰ্যাপ্ত পৰিমাণে উপলব্ধ নহয় বুলিও বাতৰি ওলাইছে। ভুক্তভোগীসকলক ইমান আতিশয্য কিয়? ইফালে কৰ’না মহামাৰীৰ আতংক এতিয়াও বিৰাজমান। বাতৰিত পঢ়িবলৈ পোৱা মতে তৈলখাদৰ জুই সম্পূৰ্ণৰূপে নুমুৱাবলৈ চাৰি সপ্তাহ সময়ৰ প্ৰয়োজন হ’ব বুলি অইল কৰ্তৃপক্ষই জনাইছে । তেতিয়ালৈকে চৰকাৰ আৰু অইল কোম্পানীয়ে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত সকলৰ খাদ্য আৰু স্বাস্থ্য সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰক। ক্ষতিগ্ৰস্তসকলৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ, ভঁৰাল,গোহালি ইত্যাদিৰ পুণৰ্নিমাণ আৰু পুনৰ স্বাভাৱিক জীৱনশৈলী ঘূৰাই অনাৰ স্বাৰ্থত অইল-এ তেওঁলোকক তৎকালীনভাৱে সাহায্য সামগ্ৰী আৰু ক্ষতিপূৰণ হিচাপে উপযুক্ত আৰ্থিক পেকেজ প্ৰদানৰ ব্যৱস্থা কৰক। গেছ নিৰ্গমণৰ বাবে সৃষ্টি হোৱা অগ্নিকাণ্ডৰ ফলত বাঘজানৰ সমীপৰ জৈৱ-বৈচিত্ৰৰে ভৰপূৰ ডিব্রু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য, মাগুৰী বিল, পুখুৰী, জলাশয়ৰ মাছ,কাছ,ঘৰিয়াল,শিহু ,পশু-পক্ষী তথা অন্যান্য জীৱকূলৰ বাবেও ভাবুকি আহি পৰিছে। বহু পশু-পক্ষী, জীৱ-জন্তু মৃত্যুমুখত পৰিছে। খাৰুৱা তেল পৰি কৃষিভূমিও নষ্ট হৈছে, ক’লা ধোঁৱাই ছানি ধৰিছে অঞ্চলটোৰ পৰিৱেশ। এই অগ্নিকাণ্ডৰ ঘটনাৰ আঁৰত তৈলক্ষেত্ৰখনত অইলৰ নিবিদা লাভ কৰি অপৰিকল্পিতভাৱে খনন কাৰ্য চলোৱা ‘জন এনাৰ্জী’ নামৰ বহিৰাগত ঠিকাভিত্তিক কোম্পানীটো ঘাইকৈ জগৰীয়া। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমেও অসমৰ সমস্যাক বলিষ্ঠভাৱে উপস্থাপন নকৰে। ইফালে কেন্দ্ৰীয় চৰকাৰে বাঘজান ট্ৰেজেদি সন্দৰ্ভত বিশেষ তৎপৰতা দেখুওৱা নাই ।সেয়েহে প্ৰশ্ন হয় অসমৰ সম্পদবোৰহে কেন্দ্ৰৰ, সমস্যাবোৰ কেন্দ্ৰৰ নহয় নেকি?

Leave A Reply