Home Blog Page 3312

প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক

আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ (১)কৰিবলৈ একো কাম নথকা জনেই সাংবাদিক হয়গৈ নে? If a person is not talented enough to be a novelist, not smart enough to be a lawyer, and his hands are too shaky to perform operations, he becomes a journalist.”   – Norman Mailer
“এজন মানুহ যদি ঔপন্যাসিক হোৱাৰ জোখেৰে মেধাসম্পন্ন নহয়, অধিবক্তা হ’বৰ জোখাৰে চতুৰ নহয়, আৰু অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ হ’লে যদি তেওঁৰ হাত কপে, তেন্তে তেনে মানুহ সাংবাদিক হয়গৈ” – নৰ্মান মেইলাৰ । সাংবাদিক বৃত্তিধাৰীসকলৰ বিষয়ে এবাৰ এনেদৰেই মন্তব্য কৰিছিল প্ৰখ্যাত ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, ছবি নিৰ্মাতা, অভিনেতা, সমাজ সংগঠক তথা নিজেই খোদ সাংবাদিক, ইহুদী মূলৰ স্বনামধন্য আমেৰিকান সাহিত্যিক নৰ্মান কিংশ্লে মেইলাৰে। ২০০৭ চনত মৃত্যু ঘটা মেইলাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত নিজৰ জীৱনকালৰ প্ৰায় ৭টা দশকৰ প্ৰতিটো দশকতে এখনকৈ হ’লেও অবিৰতভাৱে সৰ্বাধিক বিক্ৰী হোৱা (bestseller) গ্ৰন্থ লিখি উলিওৱা বিশ্বৰ একমাত্ৰ লিখক বুলিও সৰ্বজনবিদিত। এই নৰ্মান মেইলাৰে যেন বুজাব খুজিছিল, সাংবাদিক বৃত্তিটোক আচলতে সমাজে কিদৰে গণ্য কৰে। তেওঁ এই মন্তব্য কৰাৰ আৰু এটা কাৰণ আছিল। তেওঁ নিজেই আছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক বিজ্ঞানৰ স্নাতক। তৎস্বত্বেও তেওঁ বাছি লৈছিল সাংবাদিকতা বৃত্তি আৰু পাছলৈ পৰিচিত হৈ পৰিছিল এজন জনপ্ৰিয় সাহিত্যিক ৰূপে।পৃথিৱীজুৰি স্কুলীয়া দিনৰে পৰাই প্ৰখৰ মেধাসম্পন্ন ল’ৰা ছোৱালীবোৰৰ প্ৰথম পছন্দ চিকিৎসা বিজ্ঞান। নিজৰ নহ’লেও ঘৰৰ মানুহ, অভিভাৱকে অন্ততঃ সেইয়াই বিচৰাৰ প্ৰৱণতাই প্ৰৱল। চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ সুযোগ নাপালে দ্বিতীয়তে স্থান পায় অভিযান্ত্ৰিক বিজ্ঞানে।অসমীয়াত সততে এই ঈৰ্ষনীয় যুটিটোক ডাক্তৰ ইঞ্জিনিয়াৰ বুলিয়েই গৰ্বেৰে নামাঙ্কিত কৰা হয়। অভিভাৱকে ল’ৰা ছোৱালী গৰ্ভস্থ হোৱাৰে পৰাই এই যুটিৰ যিকোনো এটা বৃত্তিলৈ আশা কৰে। সন্তানে যাতে ডাক্তৰ নাইবা ইঞ্জিনিয়াৰ হয় তাৰেই কামনা কৰে। কাৰণ এই দুটা বৃত্তিৰ যিকোনো এটাত নিয়োজিত হ’ব পাৰিলেই সন্তানৰ ভৱিষ্যত একপ্ৰকাৰ সুৰক্ষিত বুলিয়েই বেছিভাগ অভিভাৱকেই মনে প্ৰাণে বিশ্বাস কৰে। মানুহৰ এইয়া এক বিশ্বজনীন চৰিত্ৰই বুলিব পাৰি।অৱশ্যে তাৰ মাজতেই বহু সংখ্যকেই সন্তানৰ ভৱিষ্যত কৰ্মজীৱন সম্পৰ্কে কোনোধৰণৰ আগতীয়া অপেক্ষা নকৰাকৈয়ো সকলো সময়ৰ হাতত এৰি দিয়ে। কিন্তু তথাপিও আশা কৰে যে ল’ৰা ছোৱালী পিছলৈ অন্ততঃ অধিবক্তা, প্ৰশাসনিক বিষয়া নাইবা অধ্যাপক হৈ উঠিব।কিন্তু বহু কম সংখ্যক ব্যক্তিয়েই হয়তো বিচাৰে যে নিজৰ ল’ৰা ছোৱালী ডাঙৰ হৈ সাংবাদিক হওঁক। উপৰোক্ত লোভনীয় বৃত্তিবোৰৰ এটাও আঁকোৱালি লব নোৱাৰিলেহে অভিভাৱক নাইবা সন্তানেও হয়তো সাংবাদিকতাৰ দৰে নানান প্ৰত্যাহ্বানেৰে ভৰা বৃত্তিৰ প্ৰতি ধাউতি মান হয়।নৰ্মান মেইলাৰে তেনেকুৱাকৈয়ে বোধকৰোঁ বুজাব খুজিছিল কাৰণ তেওঁ নিজেই এজন অভিযন্তা হৈয়ো শেষত বাছি লৈছিল সাংবাদিকতাৰ বৃত্তি। অৱশ্যে ইয়াৰ অন্তৰালত লুকাই আছে বহু ঘটনা*** (ক্ৰমশঃ)

মনজিত কুমাৰ শৰ্মা https://www.manjitkumarsarma.com/blog

বহিস্কৃত হ’ব নেকি প্ৰফুল্ল মহন্ত? অগপত গুৰুত্বহীন দুবাৰৰ মুখ্যমন্ত্ৰীজন।

দৈনন্দিন বাৰ্তাৰ সেৱা

গোমা পৰিৱেশ বিৰাজ কৰিছে আঞ্চলিক দল অগপৰ মজিয়াত।দলৰ নেতৃত্বৰ পৰা অপসাৰিত হোৱাৰ লগে লগে কোনেও গুৰুত্ব নিদিয়ে মহন্তক।দলটোৰ বিষয়ত কথাৰ মূৰৰ কথা এষাৰো নাপাতে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা মহন্তৰ সৈতে।দীৰ্ঘদিনধৰি মহন্তই নিজৰ উচ্চাকাংক্ষী পত্নী-পুত্ৰ আৰু কন্যাক  ৰাজনৈতিক সংস্থাপনৰ বাবে দলৰ মজিয়াখন ব্যৱহাৰ কৰি আহিছিল।বিনিময়ত দলীয় নেতা-কৰ্মীৰ লগতে একাংশ বিধায়কো মহন্তৰ পৰিয়ালৰ কটু আৰু অভব্য আচৰণৰ সমুখীন হৈছে।সকলো কথাৰে এটা সীমা থাকে, মহন্ত আৰু পৰিয়ালৰো এই সীমা হয়তো পাৰ হ’ল।যাৰবাবে নিজৰ দলতে এলাগী হ’ল এসময়ৰ ক্ষমতান্ধ মহাবলী প্ৰফুল্ল মহন্ত।যোৱা লোকসভাৰ নিৰ্বাচনৰ সময়ত নিজৰ পত্নী-পুত্ৰ-কন্যাৰ বাবে সংসদীয় সমষ্টিৰ টিকত বিছাৰি হৈছিল  বিমুখ।ফলত সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ নিজৰ নাকটোকে কাটি পেলোৱাৰ দৰে মহন্তই নগাওঁ-কলিয়াবৰৰ লগতে আন স্থানতে নিজৰ সমৰ্থকৰ দ্বাৰা দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে ভোট দিয়াইছিল বুলি অভিযোগ আছে।ফলত অগপৰ এজনো প্ৰাৰ্থী জয়ী নহ’ল।নগাৱঁত আনকিমুকলিকৈ কংগ্ৰেছ প্ৰাৰ্থীৰ জয়গান গোৱাৰো আছে অভিযোগ মহন্তৰ বিৰুদ্ধে।জেষ্ঠ নেতা হোৱাৰ বাবেই দলীয় নেতা-কৰ্মীয়ে  ইমানদিন মনে মনে আছিল আৰু লকডাউনৰ বাবে একপ্ৰকাৰ পাহৰণিৰ গৰ্ভলৈ গৈছিল মহন্তৰ প্ৰসংগ।কিন্ত শেহতীয়াকৈ অগপৰ আই-টি কোষ গঠনৰ প্ৰসংগত আক্ৰমণাত্মক হৈ পৰে মহন্ত।অগপৰ সমিতিখন অবৈধ বুলি   বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে ষড়যন্ত চলোৱা  আৰু দলটো ধ্বংস কৰা বুলি আঙুলিয়াই দিয়ে।যাৰবাবে দলৰ ৰোষত পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীজন আৰু সংবিধান অনুসৰি মহন্তৰ বিৰুদ্ধে নিলম্বন, বহিস্কাৰ আদিৰ সিদ্ধান্ত ল’বলৈ আগবঢ়া বুলিব পাৰি।।

গেলেকীৰ দৰ্জীৰ পুত্ৰ ,হাহচৰাৰ পিতৃহীনা কন্যাৰ সাফল্য ।

নাজিৰা সমষ্টিৰ অন্তৰ্গত ন-পাম বাৰুৱতী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ যোগেশ কুৰ্মীয়ে ডিষ্টিংচনসহ হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।

দিলীপ হাজৰিকা : নাজিৰা

শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত ন-পাম বাৰুৱতী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ যোগেশ কুৰ্মীয়ে ডিষ্টিংচনসহ হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। গেলেকী চাৰিআলিত এটা চিলাই মেচিন লৈ দৰ্জী কাম কৰা পূৰণ কুৰ্মী আৰু ৰীণা কুৰ্মীৰ জ্যেষ্ঠ পুত্ৰ যোগেশে গেলেকীৰ আদৰ্শ বিদ্যাপীঠৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কোনোদিন বাহিৰা টিউচন নোলোৱা যোগেশৰ পাইলট হোৱাৰ মন। সমাজসেৱা কৰি ভাল পোৱা কৃতি ছাত্ৰজনে ভৱিষ্যতে পঢ়াৰ বাবে ৰাইজৰ সহায় বিছাৰিছে।আনহাতে শিৱসাগৰ জিলাৰ হাহচৰা ষাঠিপতীয়া গাৱঁৰ অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা স্নেহা গগৈয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫ শতাংশ নম্বৰ পাই উৰ্ত্তীণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ প্ৰায় দুটা বছৰ পূৰ্বে পিতৃক হেৰুৱাই অতি কষ্টৰে হাহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষা দি সুখ্যাতিৰে উৰ্ত্তীণ হোৱাত অঞ্চলটোত আনন্দৰ বন্যা বৈছে ৷ দয়া চাৰিআলিৰ সমীপৰ স্নেহাৰ সাফল্যত মাতৃ আনন্দিত যদিও উচ্চ শিক্ষা গ্ৰহণ কৰোৱাৰ বাবে চিন্তিত হৈ পৰিছে মাতৃ ভানু গগৈ ৷

  • যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

আৰ্থিক দৈন্যতাকো নেঁওচি উজ্জ্বলিল জামুগুৰিহাটৰ নিলাক্ষী ৷

আৰ্থিক দৈন্যতাকো নেঁওচি উজ্জ্বলিল জামুগুৰিহাটৰ নিলাক্ষী ৷

দৈনন্দিন বাৰ্তা সেৱা,জামুগুৰিহাট

ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা যে কেতিয়াও  যিকোনো কামত হেঙাৰ হ’ব নোৱাৰে সেয়াই যেন প্ৰমাণ কৰি দেখুৱালে জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰীয়ে৷নিলাক্ষী বৰা নামৰ ছাত্ৰীগৰাকীয়ে আৰ্থিক দৈন্যতাকো প্ৰত্যাহ্বান হিচাপে লৈ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা উজলি উঠিবলৈ সক্ষম হৈছে৷দৰিদ্ৰতাৰ বাবেই আন হাজাৰজন ছাত্ৰ ছাত্ৰীয়ে ঘৰৰপৰা লাভ কৰা নতুবা পোৱা সুবিধাৰ বিপৰীতে নিলাক্ষীয়ে পোৱা নাছিল তেনে সুবিধা৷কৃষক পিতৃয়ে ছাগলী পোহপালন কৰি বিক্ৰী কৰা লাভৰ টকাকেইটাৰে নিলাক্ষীক পঢ়াৰ সামান্য সুবিধা কৰি দিয়াৰ উপৰিও পৰিয়ালটোও পোহপাল দিবলগা হৈছিল৷কিন্তু প্ৰৱল ইচ্ছাশক্তি আৰু একাগ্ৰতাৰ বাবেই ঘৰৰ সকলো কাম কাজত সহযোগ কৰিও সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭.৮ শতাংশ নম্বৰসহ ডিষ্টিংচন লাভ কৰি নিলাক্ষীয়ে প্ৰমাণ কৰি দেখুৱালে যে পঢ়াশুনাৰ দিশত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰা নিলাক্ষীৰ এই ফলাফলে কেৱল অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনাই নহয় দৰিদ্ৰ পিতৃ মাতৃৰ চকুতো আনন্দৰ বন্যা দেখা পোৱা গৈছে৷কিন্তু ভৱিষ্যত শিক্ষা জীৱণৰ দিশটোত আগুৱাই যোৱাত ক’ৰবাত নিলাক্ষীয়ে উজুতি খাবলগীয়া হ’ব পাৰে নেকি৷কিয়নো নিলাক্ষীয়ে বিজ্ঞান শাখাত নাম ভৰ্তি কৰি ভৱিষ্যতলৈ এগৰাকী অধ্যাপিকা হোৱাৰ মন৷যাৰবাবে প্ৰচুৰ পৰিমাণৰ অৰ্থৰ প্ৰয়োজন আৱশ্যম্ভাৱী৷দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী নিলাক্ষীক যদি কোনো সদাশয় লোকে এতিয়াৰপৰাই অধ্যয়নৰ দিশটোত সহায় কৰে তেন্তে ছাত্ৰীগৰাকীৰ সপোন বাস্তৱ ৰূপ পোৱাত কিছু সহায়ক হ’ব বুলিয়েই আশা কৰিব পাৰি৷সি যি কি নহঁওক আৰ্থিক দৈন্যতাকো নেঁওচি ঘৰুৱা কামৰ মাজতে পঢ়াৰ দিশটোক সময়মতে বৰ্তাই ৰাখি মেধাৱী ছাত্ৰী নিলাক্ষীয়ে কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই সফলতাই গৌৰৱাম্বিত কৰি তুলিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে মৰণাকুৰি গাঁওবাসীক৷জোন বৰা , জামুগুৰিহাট ।

  • যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

বানে ধোৱা ধাননী পথাৰ দেখি হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্য হোৱা ওমৰ আলীৰ ঘৰত উপস্থিত বিধায়িকা নন্দিতা দাস ৷

বানে ধোৱা ধাননী পথাৰ দেখি হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্য হোৱা ওমৰ আলীৰ ঘৰত উপস্থিত বিধায়িকা নন্দিতা দাস ৷

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী

সমগ্ৰ দেশত মহামাৰী কৰ’ণা আতংক মাৰ নৌযাওতেই ৰাজ্যত দেখা দিছে আন এক সংকটে ৷ কিছুদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যত দেখা দিছে একপ্ৰকাৰ অভাৱনীয় বানপানীৰ ৷ বিশেষকৈ এই বানপানীৰ ফলত ৰাজ্যৰ গ্ৰামাঞ্চলৰ কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে ৷ বেঙ্কৰ পৰা ঋণ লৈ দৰিদ্ৰ কৃষকে কৰা ধান খেতি সম্পুৰ্ণৰূপে বানপানীত বুৰ গৈছে ৷যাৰ ফলত কৃষক সকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিৰ সৃষ্টি হৈছে ৷ মুৰে কপালে হাত দিব লগা হৈছে কৃষকে ৷ ঘৰৰ হাঁহ, কুকুৰা আ-অলংকাৰ বিক্ৰী কৰি কপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতি পানীৰ তলত বুৰ যোৱাত হিয়া ঢাপৰি কান্দিছে কৃষকে ৷কিন্তু ৰাজ্য চৰকাৰে আজিও বুজি পোৱা নাই এইসকল কৃষকৰ মৰ্মবেদনা ৷ নিজে এহাজ নাখাই সেই টকাৰে খেতিত পানী যোগান ধৰি অহা ধাননী পথাৰ বানে বিনষ্ট হোৱাৰ দৃশ্য দেখি পথাৰতে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী গাঁৱৰ কৃষকওমৰ আলী ৷ দেউবাৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে বামুণবুঢ়ী গাঁও পঞ্চায়তৰ প্ৰতিধিনি সকলত লগত লৈ ওমৰ আলীৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নগধ তিনি হাজাৰ টকাৰে আৰ্থিকভাৱে সহায় কৰে পৰিয়ালটোক ৷ লগতে তেও কয়- যিসকল কৃষকৰ ধান খেতি কৃতিম বানপানীত নষ্ট হৈছে সেইসকল কৃষক সকলক যাতে চৰকাৰে ক্ষতিপুৰণ দিয়ে তাৰ বাৰে চৰকাৰক অনুৰোধ জনায় ৷আনহাতে, যিসকল কৃসকৰ নিজৰ মাটি নাই অৰ্থাৎ বেলেগৰ মাটিত খেতি কৰিছিল সেইসকল কৃষককো ক্ষতিপুৰণ দিয়াৰ বাবে চৰকাৰ দাবী জনায় ৷ উল্লেখ্য যে, বিধায়িকা নন্দিতা দাসে ওমৰ আলীৰ পৰিয়ালক পঞ্চায়তৰ বিভিন্ন আঁচনিত নাম অন্তৰ্ভুক্ত কৰি পৰিয়ালটোক উপকৃত কৰিবলৈ পঞ্চায়ত প্ৰতিনিধি সকলক অনুৰোধ জনায় ৷ স্মৰ্তব্য য, পিএম কিষাণ আঁচনিৰ নামৰ ব্যপক দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি তেওঁ কয় যে, যিসকল প্ৰকৃত কৃষক তেওঁলোকক বঞ্চিত কৰি জালিয়াতিৰে ভূৱা কৃষকৰ নাম অন্তৰ্ভুক্ত কৰি চৰকাৰী টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৷  লগতে পিএম কিষাণ আঁচনিৰ নামত সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ চৰকাৰক দাবী জনায় ৷ আনহাতে, দক্ষিণ কামৰূপ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি উপস্থিত হৈ বিধায়িকা নন্দিতা দাসক মৃত্যু  হোৱা ওমৰ আলীৰ তিনি সন্তানক শিক্ষাৰ যাৱতীয় ব্যবস্থা গ্ৰহণ কৰা, বটিয়ামাৰী, মালিবাৰী শালমাৰা,পুটিমাৰী, আদি কৰি বৃহৎ অঞ্চলত শ্বোইচ গেটৰ ব্যবস্থা, বানপানীৰ ফলত কৃষকৰ যি ক্ষতি হল তাৰ ক্ষতি পুৰন  দিয়াৰ লগতে মাটি ভাড়াত লৈ খেতি কৰাা কৃষক সকলক  দুগুণ ক্ষতিপুৰণ দিয়াৰ দাবী জনায়৷
প্ৰেৰকঃ ৰেজাউল কবিৰ, সোণতলী

খাৰুপেটীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে ফাইজুৰ আৰু মকিবুৰ ৰহমানে ।

খাৰুপেটীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে ফাইজুৰ আৰু মকিবুৰ ৰহমানে।

দলগাও ৭ জুন:-  সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ সহ ৮৩% শতাংশ নম্বৰলৈ উত্তীৰ্ণ হৈ দৰঙ জিলাবাসীলৈ  গৌৰৱ কঢ়িয়াই আনিলে ফাইজুৰ ৰহমানে। ফাইজুৰ ৰহমানে ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা   হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছি। দৰঙ জিলাৰ দলগাও সমষ্টিৰ অন্তৰ্গত অতি পিচ পৰা দুলিয়াপাৰা বাসিন্দা পিতৃ হবিবুৰ ৰহমান আৰু মাতৃ তাহেৰা বেগমে আৰ্থিক অনাটনৰ বাবে যোগান ধৰিব পৰা নাছিল উপযুক্ত পঢ়াৰ খৰছ। মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত শ্বেৰপুৰ গাওঁত থকা মোমায়েক ছাইফুল ইছলাম(আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক)ৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল ফাইজুৰ ৰহমানে।  অলেখ কষ্ট আৰু তেওঁৰ পৰিশ্ৰম স্বীকাৰ কৰি ইংৰাজী,সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান,সমাজ বিজ্ঞান,আৰু তথ্য প্ৰযুক্তি বিদ্যা বিষয়ত লেটাৰ সহ সৰ্বমুঠ ৪৯৬ নম্বৰৰে নিজ পিতৃ-মাতৃ আৰু মোমায়েকক এটা ভাল ফলাফল উপহাৰ দিবলৈ সক্ষম হল ফাইজুৰ ৰহমানে। তেওঁৰ সপোন ভৱিষ্যতে তেওঁ এগৰাকী সুদক্ষ আই পি এছ বিষয়া হোৱাৰ সপোন ফাইজুৰৰ। কিন্তু উচ্চ শিক্ষাৰ বাবে আৰ্থিক সমস্যাই বাধা দিব নেকি মেধাৱী ছাত্ৰ ফাইজুৰ ৰহমানক ?সেয়েহে মেধাৱী ছাত্ৰ ফাইজুৰ ৰহমানক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰঙৰ উপ সভাপতি মহিদুল ইছলামে এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মেধাৱী ছাত্ৰ জনক উচ্চ শিক্ষাৰ বাবে বিভিন্ন হৃদয় বান লোকক আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনায়। আনহাতে  ধূলা একচেলেণ্ট ৰেইজ একাডেমীৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মকিবুৰ ৰহমান। একাডেমী খনৰ অধ্যক্ষ মনিৰ মহম্মদ ছাঁফীয়ে মকিবুৰৰ ঘৰৰ অৱস্থা অতি দুৰ্বল হোৱাৰ বাবে তেওঁক আৰ্থিক ভাৱে বিশেষ সুবিধা প্ৰদান কৰিছিল। অৱশেষত মকিবুৰ ৰহমানে সমাজ বিজ্ঞান আৰু অসমীয়া বিষয়ত লেটাৰ সহ ৭২.৩৩% নম্বৰৰে ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হল। পিতৃ মাতৃৰ লগতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰিশ্ৰম অথলে যাব দিয়া নাই মকিবুৰ ৰহমানে।কিন্তু উচ্চ শিক্ষাৰ বাবে আৰ্থিক সমস্যাই বাধা দিব নেকি মেধাৱী ছাত্ৰ ফাইজুৰ ৰহমানৰ লগতে মকিবুৰ ৰহমানৰ ?

আবুল হাছেম
দলগাও

  • যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

অসম আন্দোলনৰ আগশাৰী নেতা-অ’ এন জি চিৰ অৱসৰপ্ৰাপ্ত বিষয়া-বিশিষ্ট সমাজকৰ্মী আলহাজ মুৱাজ্জম আলিৰ দেহাৱসানঃ অ গ পৰ কেন্দ্ৰীয় সমিতিৰ শোকপ্ৰকাশ ।

অসম আন্দোলনৰ আগশাৰী নেতা-অ' এন জি চিৰ অৱসৰপ্ৰাপ্ত বিষয়া-বিশিষ্ট সমাজকৰ্মী আলহাজ মুৱাজ্জম আলিৰ দেহাৱসান ।

দিলীপ হাজৰিকা : নাজিৰা

নাজিৰা মহকুমাৰ ন-মাটিৰ নিবাসী,অসম আন্দোলনৰ আগশাৰী নেতা,অ’ এন জি চিৰ অৱসৰপ্ৰাপ্ত বিষয়া আলহাজ মুৱাজ্জম আলি(৬৪)ৰ যোৱাকালি বিয়লি গুৱাহাটী হায়াৎ হস্পিটেলত চিকিৎসাধীন অৱস্হাত শেষ নিশ্বাস ত্যাগ কৰে।বিশিষ্ট সমাজকৰ্মীজনৰ মৃত্যু ৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুদ্ধই তেখেতৰ ন-মাটিস্হিত বাসভৱনত ভীৰ কৰে। যকৃৎ ৰ অসুখত অসুস্হ হোৱা বিশিষ্ট সমাজকৰ্মীজন যোৱা ১৫মে’ত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰথম চিকিৎসাধীন হয়।কিন্ত আলিৰ স্বাস্থ্য অধিক অৱনতি ঘটাত ২১মে’ত গুৱাহাটী হায়াৎ হস্পিটেলত ভৰ্তি কৰোৱা হয়।উক্ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাতে যোৱা ৬জুনৰ বিয়লি ২-৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে।আজি পুৱতি নিশা ৪বজাত তেখেতৰ মূতদেহ ন-মাটি আহি পোৱাৰ পাছতে  বহু গুণমুগ্ধই তেখেতৰ নশ্বৰ দেহ শেষবাৰৰ বাবে প্ৰত্যক্ষ কৰাৰ বাবে ভীৰ কৰে। অ এন জি চিৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্হ বিষয়া আলহাজ মুৱাজ্জম আলিয়ে ছয়বছৰীয়া অসম আন্দোলনক শিৱসাগৰ জিলা তথা নাজিৰা ত সন্মুখৰ পৰা নেতৃত্ব দিছিল।প্ৰথম অৱস্হাত ছাত্ৰ সন্থাৰ নেতৃত্বত থাকি আন্দোলনত জপিয়াই পৰাৰ পৰবৰ্তী পৰ্যায়ত অসম গণ সংগ্ৰাম পৰিষদৰ নাজিৰা সমষ্টিৰ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি আন্দোলন চলাই নিছিল।১৯৮৩ চনত প্ৰয়াত মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত হোৱা অবৈধ নিৰ্বাচন শক্তিশালী ৰূপত বিৰোধিতা কৰি প্ৰায় ৩মাহ কাৰাবাস খাটিব লগা হৈছিল।বহুবাৰ পুলিচৰ নিৰ্যাতনৰ বলী হোৱা মুৱাজ্জম আলিয়ে ১৯৮৫ চনত গঠিত হোৱা অসম গণ পৰিষদ দলৰ নাজিৰা জিলা সমিতিৰ সম্পাদকৰ দৰে পদবীত অধিষ্ঠিত হৈ আঞ্চলিক দলটোক শক্তিশালী কৰাৰ প্ৰচেষ্টা চলাইছিল।অ এন জি চিত যোগদানৰ পূৰ্বে আলিয়ে গডগাওঁ সৰ্বোদয় সমাজত চাকৰী কৰাৰ উপৰি গড়গাঁও হাইস্কুলত শিক্ষকতাও কৰিছিল।২০১৫ বৰ্ষত চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰা আলিয়ে ২০২৬বৰ্ষত মক্কাশ্বৰীফলৈ হজ কৰিবলৈ যায়।আলহাজ মুৱাজ্জম আলিয়ে নাজিৰা মাৰ্কাজ একাডেমীৰ প্ৰতিষ্ঠাপক সম্পাদকৰ উপৰি ন-মাটি মছজিদ,নাজিৰা মাদ্ৰাছা আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত আছিল।অসম আন্দোলনৰ আগশাৰী নেতা তথা প্ৰাক্তন অ গ প নেতাজনৰ মৃত্যু ত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সম্পাদকদ্বয় তুলসী গগৈ আৰু দিগন্ত কোঁৱৰে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।বিশিষ্ট সমাজকৰ্মীজনৰ জানাজা আজি বিয়লি ২বজাত ন-মাটি জানাজা গৃহত সম্পন্ন কৰা হয়।মূত্যুৰ সময়ত পত্নী ,এজন পুত্ৰ আৰু এগৰাকী চিকিৎসক কন্যা সহ বহু আত্নীয়স্বজনক এৰি থৈ গৈছে।বিশিষ্ট সমাজকৰ্মীজনৰ মৃত্যুত সমগ্ৰ নাজিৰা অঞ্চলত শোকৰ ছাঁ পৰে।

দেওপানীত সেনা-আৰক্ষীৰ অভিযানঃ গেলেকী আৰক্ষীৰ ম’ষ্ট ওৱান্টেদ দূধৰ্ষ মোহন মেচক তিনিদিনৰ আৰক্ষীৰ জিম্মাত।

দেওপানীত সেনা-আৰক্ষীৰ অভিযানঃ গেলেকী আৰক্ষীৰ ম'ষ্ট ওৱান্টেদ দূধৰ্ষ মোহন মেচক তিনিদিনৰ আৰক্ষীৰ জিম্মাত।

 দিলীপ হাজৰিকা : নাজিৰা

পৰহি নিশা নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী দেওপানীত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আটক হোৱা গেলেকী আৰক্ষীৰ মষ্ট ওৱান্টেড দূধৰ্ষ অপৰাধী মোহন মেচ আৰু নাচিৰ আলিক আজি গেলেকী আৰক্ষী য়ে তিনিদিনৰ বাবে নিজৰ জীম্মাত লয়।উল্লেখ্য যে চুৰি-ডকাইতি, মাৰ-পিট আদি বিভিন্ন অসমাজিক কৰ্ম কাণ্ডৰে গেলেকী,দেওপানী আদি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা গেলেকী দেওপানী চাহ বাগিচাৰ এক নং লাইনৰ বাসিন্দা ভূবন মেছৰ পুত্ৰ মোহন মেচে মাৰপিট,চুৰি ডকাইতি আদি সংঘটিত কৰি দেওপনী বৰচিলা হৈ নাগালেণ্ড ৰ টুলীত আত্মগোপন কৰে।ইয়াৰ পাছত নাগালেণ্ডৰ পৰা সীমান্ত অঞ্চলটোলৈ অস্ত্ৰ সৰবৰাহত জড়িত হৈ পৰে।এইজন দূধৰ্ষ অপৰাধীক গেলেকী আৰক্ষীয়ে দীৰ্ঘদিনধৰি সন্ধানত নামি পৰিছিল যদিও নাগালেণ্ড ত আত্মগোপন কৰি থকাৰ বাবে কৰায়ত্ত কৰিব পৰা নাছিল। পৰহি মোহনে দেওপানীলৈ আহি নাচিৰ আলি(২০)নামৰ একেখন বাগিচাৰ এজন যুৱকৰ ঘৰত আশ্ৰয় লয়।অস্ত্ৰ সৰবৰাহত জড়িত হৈ পৰা মোহন মেচে দেওপানীত আশ্ৰয় লোৱাৰ খবৰ মাইবেলাস্হিত সেনাৰ আৰ্টিলেৰী ৰেজিমেন্টে গোপন সুত্ৰে জানিব পাৰি সন্ধিয়া সেনাৰ এটা দল গেলেকী আৰক্ষী থানাত উপস্হিত হয়।পাছত সেনা আৰু গেলেকী আৰক্ষী থানাৰ দ্বিতীয় আৰক্ষী বিষয়া সুনীল দাসৰ নেতৃত্ব ত যোৱা সেনা- আৰক্ষীৰ এটা দলে দেওপানীস্হিত চাহ বাগিচাৰ ১নং লাইনত থকা মোহন মেচ আৰু নাচিৰ আলিৰ বাসভৱন ঘেৰাও কৰি নাচিৰ আলিৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্হাত মোহন মেচ ক আটক কৰাৰ লগতে ইংলেণ্ডত নিৰ্মিত 0.22এম এম পিষ্টলসহ ৬ৰাউণ্ড সজীৱ গুলি উদ্ধাৰ কৰে।সেনা আৰক্ষীৰ দলটোৱে মুছলিম আলি ৰ পুত্ৰ নাচিৰ আলিকো আটক কৰে।আজি সেনাৰ দলটোৱে গেলেকী আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত গেলেকী আৰক্ষীয়ে ৩২/২০২৯ত আৰ্মচ এক্টৰ অধীনত এক গোচৰ ৰুজু কৰি দুই অপৰাধী ক নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আৰক্ষী য়ে ৩দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে। পাছত আদালতে দুই অপৰাধী ত ৩দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে।

  • যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

ডিষ্টিংচন নম্বৰ লাভ কৰা সোণতলীৰ ইলিয়াচৰ ঘৰত পঞ্চায়ত প্ৰতিনিধিৰ দলে সম্বৰ্ধনা জনায় ।

ডিষ্টিংচন নম্বৰ লাভ কৰা সোণতলীৰ ইলিয়াচৰ ঘৰত পঞ্চায়ত প্ৰতিনিধিৰ দলে সম্বৰ্ধনা জনায় ।

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু মাদ্ৰাছা পৰীক্ষাৰ ফালফল ঘোষণা কৰাৰ পিছতে সমগ্ৰ অসমতে আনন্দ-উল্লাসৰ পৰিৱেশ সৃষ্টি হৈছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তে সফল্যতাৰে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ ওচৰত বিভিন্ন দল-সংগঠণৰ নেতা-কৰ্মীয়ে শুভেচ্ছা জনোৱা দেখা গৈছে৷  উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত বকো সমষ্টিৰ সোণতলী এলেকাধীন আৰিকাটি গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ সন্তান ইলিয়াচ আলী ৯৩.৫ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ আনহাতে নলবাৰী জিলাৰ ৰামপুৰস্থিত হজৰত আলী মেম’ৰিয়েল একাডেমিৰ পৰা সাফল্যতাৰে ইলিয়াচ উত্তীৰ্ণ হোৱাত একাডেমিৰ শিক্ষক সকলেও আনন্দিত হৈছে৷ মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৬১ নম্বৰ লাভ কৰা ইলিয়াচক সম্বৰ্ধনা জনাবলৈ পঞ্চায়ত প্ৰতিনিধিৰ এটা দল আজি উপস্থিত হৈ তেওঁক ফুলাম গামোচাৰ লগতে ফুলৰ মালাৰে সম্বৰ্ধনা জনায়৷ উল্লেখ্য যে, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহাজাহান আলী, মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদ, মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন মইনুল হকৰ লগতে ৱাৰ্ড সদস্য হামিদা বেগমে ইলিয়াচক সম্বৰ্ধনা জনায়৷ স্মৰ্তব্য যে, স্বাহজাহান আলীয়ে ইলিয়াচক অনাগত দিনত আৰি অধিক গুৰুত্বসহকাৰে পঢ়াক পৰামৰ্শ দিয়াৰ লগতে  অভিভাৱক মেছেৰ আলীক কয় যে, আৰ্থিক অনাটৰ বাবে যাতে থমকি নৰৈ সন্তানৰ ভৱিষ্যত উজ্জল কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰে৷

প্ৰেৰকঃ ৰেজাউল কবিৰ, সোণতলী

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

ক’ৰোনাত আক্ৰান্তৰ তালিকাত বিশ্বৰ পঞ্চম স্থানত ভাৰত ।

দৈনন্দিন বাৰ্তা নেচনেল ডেস্ক

দেশত তীব্ৰ গতিত হৈছে ক’ৰোনা ভাইৰাছ সংক্ৰমণ৷ নিতৌ আক্ৰান্তৰ তালিকাই অভিলেখ গঢ়ি আছে৷ শনিবাৰলৈকে আক্ৰান্তৰ তালিকাত ষষ্ঠ স্থানত থকা ভাৰত দেওবাৰে বিশ্বৰ পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হ’ল৷ দেওবাৰৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত প্ৰায় ১০ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হয়৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিনত এই কথা প্ৰকাশ কৰে৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিনত প্ৰকাশ কৰা মতে যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৯৯৭১ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷

নতুন আক্ৰান্তৰ সংখ্যা এই পৰ্যন্ত সৰ্বোচ্চ ৷

দেওবাৰে পুৱাৰ তথ্য মতে দেশত মুঠ ২,৪৬,৬২৮ জন ক’ৰোনাত আক্ৰান্ত হৈছে৷

মৃতকৰ সংখ্যাই উদ্বেগ সৃষ্টি কৰিছে৷

যোৱা ২৪ ঘণ্টাত ২৮৭ জনৰ মৃত্যু হয়৷

দেশত ক’ৰোনাত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৬,৯২৯ জন৷

মৃত্যুৰ তালিকাত শীৰ্ষত আছে মহাৰাষ্ট্ৰ৷

মহাৰাষ্ট্ৰত ২,৬৬৯ জনৰ মৃত্যু হৈছে৷