Home Blog Page 3337

নাজিৰাত গুটখাৰ অবাধ প্ৰচলন : দুৰ্নীতি বিৰোধী যুব শক্তি, অসমৰ স্মাৰকপত্ৰ প্ৰদান ।

নাজিৰা

  শিৱসাগৰ জিলা প্ৰশাসনে যোৱা ১৫ মে’ত এক নিৰ্দেশযোগে শিৱসাগৰ জিলাত ধপাতজাতীয় সামগ্ৰী ,গুটখা ,লালিগুৰ আদি সামগ্ৰী বিক্ৰী আৰু প্ৰচলন ৬০ দিনৰ বাবে নিষিদ্ধ ঘোষণা কৰিছিল ৷কিন্তু এই নিৰ্দেশক বৃদ্ধাগুষ্ঠ দেখুৱাই নাজিৰা মহকুমাৰ বিভিন্ন প্ৰান্তত একাংশ ব্যবসায়ীয়ে এই সামগ্ৰী সমূহ অধিক মূল্য আদায় কৰি ৰমৰমীয়া ব্যবসায় কৰাৰ অভিযোগ উঠিছে ৷ ” দুৰ্নীতি বিৰোধী যুব শক্তি , অসম”ৰ শিৱসাগৰ জিলা সমিতিয়ে যোৱা ২৮ মে’ত নাজিৰাৰ মহকুমাধিপতিক এখনি স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰি নাজিৰাৰ বিভিন্ন প্ৰান্তত চলি থকা এনে অবৈধ ব্যবসায়ৰ বিৰুদ্ধে ব্যবস্থা লবলৈ আহ্বান জনায় ৷ স্মাৰকপত্ৰত সংগঠনটোয়ে নাজিৰাৰ আৰক্ষীয়ে কেৱল যুগ্ম-অযুগ্ম সংখ্যাৰ গাড়ী ধৰাৰ বাহিৰে প্ৰশাসনৰ দ্বাৰা অবৈধ ঘোষণা কৰা ধপাত জাতীয় সামগ্ৰীৰ ক্ষেত্ৰত মৌনতা অবলম্বন কৰা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

ধঁপাতবিৰোধী আইনক উলংঘা কৰি নাজিৰা মহকুমাত অব্যাহত গুটখাৰ ৰমৰমীয়া ব্যৱসায় । গেলেকীত আৰক্ষীয়ে জব্দ কৰিলে গুটখাঃ উদ্ধাৰত নামিল জাতীয় সংগঠনৰ নেতা-সাংবাদিক : বিৰূপ প্ৰতিক্ৰিয়া ।

নাজিৰা  পৰা দিলীপ হাজৰিকা

 সমগ্ৰ অসমত অব্যাহত থকা ধঁপাতবিৰোধী আইনক ভৰিৰে মোহাৰি শিৱসাগৰ জিলা তথা নাজিৰা মহকুমাত একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ গুটখাৰ ৰমৰমীয়া ব্যৱসায়।ইতিমধ্যে চাৰিটা পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত এনে একাংশ ধুৰন্ধৰ ব্যৱসায়ীয়ে চাধা,গুটখা,চিগাৰেট আদি কলা’বজাৰত অধিক দামত বিক্ৰী কৰি লাখ টকাৰ উপাৰ্জন কৰা বুলি জানিব পৰা গৈছে।কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত বিভিন্ন খাদ্য সামগ্ৰীৰ অভাৱ হোৱাৰ দৰে মাদক দ্ৰব্য চাধা,চিগাৰেট,গুটখা আদিৰ প্ৰতি আকৃষ্ট  গ্ৰাহকসকলে এই সামগ্ৰী সমূহৰ অভাৱ অনুভৱ কৰাৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰা মহকুমাত এই বৰবিহ স্বৰূপ সামগ্ৰী সমূহৰ ব্যৱসায় অব্যাহত ৰখা গুটখা মাফিয়াসকলে ইয়াৰ সুযোগ গ্ৰহন কৰি কোৰোনাৰে ধন চপোৱাত ব্যস্ত হৈ পৰে।যাৰবাবে গুটখা মাফিয়াসকলে এনে সামগ্ৰী বুজন পৰিমানে ঘৰৰ উপৰি বিভিন্ন স্হানত জমা কৰি ৰাখি বজাৰত নাটনি দেখুৱাই কমিছনভোগী এজেন্টৰ যোগে নাজিৰা মহকুমাৰ বিভিন্ন স্হানত এই বৰবিহ সমূহ তিনি/চাৰিগুণ দামত বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰি আহিছে । কালি বিয়লি ভাগত নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকীত আৰক্ষীয়ে ধঁপাতবিৰোধী আইনক উলংঘা কৰি গুটখা কঢ়িয়াই নিয়া দুজন যুৱকসহ কিছু পৰিমাণৰ গুটখা জব্দ কৰে।কিন্তু আৰক্ষীয়ে এই গুটখা জব্দ কৰাৰ পাছত অবৈধ গুটখা সৰবৰাহকাৰীক উদ্ধাৰৰ বাবে এটা জাতীয় সংগঠনৰ মহকুমা পৰ্যায়ৰ এজন নেতা আৰু এজন সংবাদ কৰ্মী নামি পৰাৰ অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে কালি বিয়লি ভাগত লকডাউনৰ সকলো নীতি-নিয়ম উলংঘা কৰি নাজিৰাৰ কপহুৱাৰ দুজন যুৱকে বুজন পৰিমাণৰ গুটখা এখন মটৰ চাইকেলেৰে গেলেকীত বিক্ৰীৰ বাবে নিয়ে।এইখবৰ পাই গেলেকী থানাৰ দ্বিতীয় আৰক্ষী বিষয়া সুনীল দাসে অভিযান চলাই যুৱক দুজনক আটক কৰাৰ লগতে তিনিটাকৈ বেগত নিয়া বুজন পৰিমাণৰ গুটখা খিনি জব্দ কৰে।যি সময়ত লকডাউনৰ বাবে সংবাদকৰ্মীকো বাইকত দুজন উঠাৰ নিষেধাজ্ঞা আৰোপ কৰিছে,সেই সময়ত এখন বাইকত দুজনকৈ যুৱকে বুজন পৰিমাণৰ অবৈধ গুটখা সৰবৰাহ কৰাৰ সুবিধা পাইছে।ইফালে আৰক্ষীয়ে এই গুটখা জব্দ কৰাৰ খবৰ লাভ কৰাৰ পাছতে এটা শক্তিশালী জাতীয় (ছাত্ৰ) সংঠনৰ মহকুমা সমিতিৰ এজন বিষয় — ববীয়া আৰু এজন সংবাদ কৰ্মী গেলেকী আৰক্ষী থানাত উপস্হিত হৈ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ এই গুটখা উদ্ধাৰৰ বাবে নামি পৰে।পাছত আৰক্ষীৰ সৈতে গোপন মিতিৰালিৰে যুৱক দুজনক ব্যক্তিগত জামিনত মুকলি কৰি নিয়ে।উল্লেখ্য যে নাজিৰা মহকুমাত গুটখা মাফিয়াৰপৰা একাংশ জাতীয়-জনগোষ্ঠী য় সংগঠনৰ একাংশ নেতাৰ লগতে একাংশ তথাকথিত সংবাদকৰ্মীয়ে কমিচন আদায় কৰি অহাৰ অভিযোগ সততে উত্থাপিত হৈ আহিছে। এনে কাৰ্যত সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

অ’ এন জি চিৰ লাকুৱা আৰু ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ গুদামত চুৰি কাণ্ড : ৰহস্যজনক ভূমিকাত নিগমৰ কৰ্তৃপক্ষ – অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ।

নাজিৰা পৰা দিলীপ হাজৰিকা

  দেশৰ মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অসম সম্পদৰ অধীনৰ সৰ্বাধিক উৎপাদনশীন তৈলক্ষেত্ৰ দিচাংমুখ , চফ্ৰাই , ডিমুৱাল , পাটসাকো আদিকে ধৰি অসমৰ আঠখনকৈ তৈলক্ষেত্ৰ বহিৰাগত পুজিপতি গোষ্ঠীক গতাই দিয়াৰ সিদ্ধান্তকলৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে নিগমৰ অসম সম্পদৰ লাকুৱা আৰু ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অন্তৰ্গত দুটাকৈ ভৰাল গৃহৰ পৰা মূল্যৱান সা — সামগ্ৰী চুৰি কৰি অবাধ ব্যৱসায় চলাই অহা আৰু ইয়াৰ এক বৃহৎ ছিণ্ডিকেট চক্ৰৰ বিষয়ে ইতিমধ্যে পোহৰলৈ অহাৰ পিচতো ৰহস্যজনক ভাৱে নিৰবতা অৱলম্বন কৰিছে নিগমৰ কৰ্তৃপক্ষৰ লগতে অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক গৰাকী । অ’ এন জি চিৰ অসম সম্পদত প্ৰতিবছৰে খনন — উৎপাদনত ব্যৱহাৰৰ অনুপযোগী হৈ পৰা কোটি কোটি টকা মূল্যৰ স্কেপৰ লুণ্ঠনত জড়িত শিৱসাগৰ জিলাৰ এই প্ৰভাৱশালী ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে অদ্যপৰিমিত নিগম কৰ্তৃপক্ষ আৰু অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক গৰাকীৰ এনে ৰহস্যজনক ভূমিকাই জনগণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । অসম আৰু অসমীয়া জনগণৰ আবেগ , শ্ৰম , ত্যাগ জড়িত থকা মহাৰত্ন উদ্যোগটোক নিগমৰ ভিতৰৰ পৰাই ধ্বংসযজ্ঞ চলাই অহা সুনন্দ নেৰ্তৃত্বাধীন চফিকুল , লহকৰ , তাৰিক , উদ্দীপ্ত , উমেশৰ দৰে মাফিয়াই এফালৰ পৰা নি:শেষ কৰি অহাৰ পাছতো কিয় অ’ এন জি চি ৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক তথা কৰ্তৃপক্ষই তদন্ত ঘোষণা কৰাটো দূৰৈৰে কথা কোনো পদক্ষেপ গ্ৰহণ নকৰা ঘটনাই ৰাইজৰ সন্দেহ আৰু অধিক গভীৰ কৰি তুলিছে । অ’ এন জি চিত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী , অসম চৰকাৰৰ ২৫ নং ( অ’ এন জি চি ) আৰক্ষী বেটেলিয়ন , নিগমৰ নিজা নিৰাপত্তা বাহিনী আৰু গৃহৰক্ষী জোৱান কৰ্তব্যত থকাৰ পিছতো নিগমৰ লাকুৱা আৰু ৰুদ্ৰসাগৰ তৈলক্ষত্ৰৰ বহু কোটি কোটি টকাৰ স্কেপ জমা থকা গুদামত এহাল বৃদ্ধ – বৃদ্ধা , দুজনকৈ গৃহৰক্ষী জোৱানকহে নিৰাপত্তাৰ বাবে নিয়োগ কৰি ৰখাৰ ঘটনাই বহু ৰহস্যজনক প্ৰশ্নৰ সৃষ্টি কৰিছে । 

নগাঁও কোডিড-১৯ চিকিৎসালয়ৰ পৰা প্ৰথমটো চিকিৎসা কৰ্মী দলক প্ৰতিষ্ঠানিক কোৱাৰেনন্টীনলৈ প্ৰেৰণ : বিধায়ক-জিলা প্ৰশাসনৰ উঞ্চ আদৰণি ।

নগাঁও

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কোডিড-১৯ চিকিৎসালয়ত কৰোনা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা প্ৰথমটো চিকিৎসক-নাৰ্চ-চাফাই কৰ্মীৰ দলক আজি প্ৰতিষ্ঠানিক কোৱাৰেনন্টীনলৈ প্ৰেৰণ কৰা হয়। কৰোনা বিৰোধী যুদ্ধত অৱতীৰ্ণ এইসকল যোদ্ধাৰ ভিতৰত আছে তিনিগৰাকী চিকিৎসক, তিনি গৰাকী নাৰ্চ আৰু তিনি গৰাকী চাফাই কৰ্মী। প্ৰতিষ্ঠানিক কোৱাৰেনন্টীনলৈ প্ৰেৰণ কৰা চিকিৎসক কেইগৰাকী হৈছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ই এন টি বিভাগৰ চিকিৎসক ডাঃ শেখৰ জ্যোতি নাথ, মানসিক ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ সত্যগোপাল দত্ত আৰু পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিজন সিং। আনহাতে, নাৰ্চ কেইগৰাকী হৈছে ক্ৰমে চুমী ডেকা, শিখামনি বনিয়া আৰু দিপামনি মেধি আৰু চাফাই কৰ্মী সকল হৈছে ভবী বাচফ’ৰ, হিৰা হাজাৰ বাছফ’ৰ আৰু কবি বাচফ’ৰ। স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি, সাত দিনৰ বাবে প্ৰতিষ্ঠানিক কোৱাৰেনন্টীনলৈ যোৱাৰ পূৰ্বে এই চিকিৎসক,নাৰ্ছ আৰু চিকিৎসা কৰ্মী সকলক আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰ আৰু চিকিৎসালয়খনৰ অধীক্ষক ডাঃ জে আহমেদ গামোচা, ফুলৰ থোপাৰে সম্ভাষণ জনায়। ইয়াৰ পিছত আজি কডিড-১৯ চিকিৎসালয়খনত আন এটা চিকিৎসক-নাৰ্চৰ দলে কোভিড ১৯ ত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে যোগদান কৰে। উল্লেখ্য যে আজি ৰিলিজ দিয়া চিকিৎসক-নাৰ্চৰ দলটোক নগাঁও চহৰৰ অন্যতম বিলাসী হোটেল নগাঁও প‌ইন্টত কোৱাৰেনন্টীন কৰাৰ বিপৰীতে চাফাই কৰ্মী সকলক চহৰখনৰ হোটেল ব’হাগীত কোৱাৰেনন্টীন কৰা হয়। ইপিনে, কোৱাৰেনন্টীনলৈ যোৱাৰ পৰত চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে চিকিৎসা সেৱা এক মানৱ সেৱা বুলি উল্লেখ কৰি মাৰাত্মক কৰোনা ৰোগীক চিকিৎসা কৰিবলৈ পাই তেওঁলোক সুখী বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । আনহাতে কৰোনা মানেই মৃত্যু নহয়। সেয়ে এই ৰোগক লৈ ৰাইজ আতংকিত আৰু চিন্তিত হ’ব নালাগে বুলিও কৰোনা বিৰোধী যুঁজৰ যুজাৰু সকলে মন্তব্য কৰে । ইফালে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক আৰু নাৰ্চ সকলক কিঞ্চিত আদৰণি জনাবলৈ পায় যথেষ্ট সুখী অনুভৱ কৰা বুলি উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই।

কোৱাৰেন্টাইন চেন্টাৰৰ বাবে যোগান ধৰিলে মাস্ক, চেনিটাইজৰ, স্প্ৰে-মেচিন, চেনিটাইজৰ ষ্টেণ্ড ৷

কনকলতা অসামৰিক চিকিৎসালয়ৰ ষ্টাফ নাৰ্ছ অঞ্জলী প্ৰধানে মাস্কসহিতে যোগান ধৰিলে চেনিটাইজৰ,স্প্ৰে-মেচিন,চেনিটাইজৰ ষ্টেণ্ড ।

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাট

বহি:ৰাজ্যৰপৰা উভতি অহা যুৱকসকলক ৰখা জামুগুৰিহাটৰ কোৱাৰেন্টাইন চেন্টাৰৰ বাবে আজি কনকলতা অসামৰিক চিকিৎসালয়ৰ ষ্টাফ নাৰ্ছ অঞ্জলী প্ৰধানে মাস্কসহিতে যোগান ধৰিলে চেনিটাইজৰ,স্প্ৰে-মেচিন,চেনিটাইজৰ ষ্টেণ্ড ৷ ৰক্তদাতা(এইচবিএছ) স্বেচ্ছাসেৱী সংগঠণৰ জৰিয়তে যোগান ধৰা এই সামগ্ৰীসমুহ আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক অৰ্পন কৰে স্বেচ্ছাসেৱী সংগঠণটোৰ বিষয়ববীয়া সকলে ৷ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কাষতেই থকা বাৰেচহৰীয়া সামুহিক ভৱণত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত থাকি ১৪ দিনীয়া কোৱাৰেন্টাইনৰ সময় সম্পূৰ্ণ হোৱা ১৮ গৰাকী যুৱকক আজি স্বাস্থ্যবিভাগে আনুষ্ঠানিকভাৱে নিজ গৃহলৈ যাবলৈ অনুমতি দিয়া এক অনুষ্ঠানত ৫শ মাস্ক,৬ লিটাৰ চেনিটাইজৰ,স্প্ৰে-মেচিন ১টা,ছ’ডিয়াম হাইপ’ক্লৰাইড ১০ লিটাৰ আৰু ১টা চেনিটাইজৰ ষ্টেণ্ড সহিতে সামগ্ৰীসমুহ আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ হাতত অৰ্পন কৰে ৷ মহামাৰীসদৃশ কৰ’নাৰ বাবেই দেখা দিয়া জটিল সময়ত ষ্টাফ নাৰ্ছ অঞ্জলী প্ৰধানৰ এনে কৰ্ম প্ৰশংসিত হিচাপে বিবেচিত হৈছে ৷

জোন বৰা, জামুগুৰিহাট।

দৰঙত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১০ জনলৈ বৃদ্ধি ।

মঙলদৈ,

দৰঙতো ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। মঙলদৈ অসামৰিক চিকিৎসালয়ত শনিবাৰে পুৱতি নিশা ভৰ্তি কৰোৱা হ’ল আন দুজন ক’ভিড আক্ৰান্ত ব‍্যক্তিক। এই দুজনকে ধৰি মঙলদৈ অসামৰিক চিকিৎসালয়ত থকা ক’ভিড আক্ৰান্তৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে। উল্লেখ‍্যযোগ্য যে পূৰ্বৰে পৰা চিকিৎসালয়খনত আমিৰুল ইছলাম আৰু নিজামুদ্দিন আলি নামৰ দুজন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছিল।শনিবাৰে পুৱতি নিশা ভৰ্তি কৰোৱা লোক দুজন হ’ল নন্দ বৰ্মন (৪৪) আৰু জালাল আলি (২৩) । নন্দ বৰ্মনৰ ঘৰ নামখলাৰ আঠিয়াবাৰীত হোৱাৰ বিপৰীতে জালাল আলিৰ ঘৰ ১/২ নং বৰুৱাঝাৰত । নন্দ বৰ্মন চেন্নাইৰ এখন ৰেষ্টুৰেন্টত কৰ্মৰত হৈ আছিল আৰু যোৱা ২৬ মে’ ত ৰেলযোগে আহি দৰঙত উপস্থিত হৈছিল । আনহাতে জালাল আলি মধ্যপ্ৰদেশত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল আৰু ২৫ মে’ ত আহি দৰঙত উপস্থিত হৈছিল । দৰঙত উপস্থিত হোৱাৰ পিছৰে পৰা দুয়োজন কেন্দ্ৰীয় বিদ্যালয়, মঙলদৈৰ কোৱাৰান্টাইন চেন্টাৰত আছিল । ইফালে, আমিৰুল ইছলামৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্ক থকা ৮ জন ব্যক্তিও মঙলদৈ অসামৰিক চিকিৎসালয়ৰ “ছাচপেকটেড ৱাৰ্ড” ত ভৰ্তি হৈ আছে ।

বন্যাৰ্তৰ কাষত বকোৰ বিধায়িকা নন্দিতা দাস

বন্যাৰ্তৰ কাষত বকোৰ বিধায়িকা নন্দিতা দাস

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী

কৰ’না ভাইৰাছৰ ভয়াবহ ৰূপ আৰু লক ডাউনৰ  মাজতে তথা শেহতীয়াভাৱে অহা নেৰানেপেৰা বৰষুণ আৰু সেই বৰষুণে সৃষ্টি কৰা আবতৰীয়া বানপানীয়ে সম্প্ৰতি ৰাজ্যৰ আন আন কৃষি প্ৰধান অঞ্চলৰ লগতে  কামৰূপ জিলাৰ বকো সমষ্টিৰো কৃষি প্ৰধান অঞ্চলত সৃষ্টি কৰিছে এক ভয়াংকৰ দূৰ্যোগময় পৰিস্থিতিৰ ৷ বৰ্ষটোৰ এই  আগতীয়া বানে ডুবাই পেলাইছে  সমষ্টিটোৰ হাজাৰ হাজাৰ হেক্টৰ ইৰিধানৰ খেতি পথাৰ ৷ গোটেই বছৰটো পৰিয়াল পোহপাল দিয়াৰ বাবে বকো দ’ কৃষিপ্ৰধান অঞ্চলসমূহত কৰা ইৰিধানৰ পথাৰসমূহ ৬/৭ ফুট পৰ্যন্ত পানীৰ যোৱাত ইয়াৰ কৃষকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি  ৷ এনে এক ভয়াংকৰ দূৰ্ভিক্ষৰ  সম্ভাৱনা সৃষ্টি কৰি তোলা পৰিস্থিতিৰ মাজতে বকো সমষ্টিৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসে আজি বকোৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি এই বানে কৃষক  ৰাইজৰ কৰা ক্ষয় ক্ষতিৰ বুজ লয় ৷ যন্ত্ৰচালিত ভূটভুটী নাৱেৰে চৰকাৰী বিভাগৰ বিষয়া- কৰ্মচাৰীক লগত লৈ ছমৰীয়া ৰাজহ চক্ৰৰ এলেকাধীন প্ৰায় কুৰিখন বানাক্ৰান্ত ৰাজহ গাঁৱ পৰিদৰ্শন কৰি সংহাৰী বানে ইয়াৰ কৃষক ৰাইজৰ কৰা ক্ষতিৰ পৰিস্থিতি চাই বাৰুকৈয়ে মৰ্মাহত হৈ পৰে ৷ দিনজোৰা কাৰ্যসূচীৰে বিধায়িকা গৰাকীয়ে  ছমৰীয়া, বগুৰিগুৰী, পিজুপাৰা, টুপামাৰী,  ৰাঙাপানী আৰু কিচমত কাঠমী গাওঁপঞ্চায়তৰ এলেকাধীন ছমৰীয়া, পুঠিমাৰী, শালমাৰা, মন্দিৰা এন চি, মালিবাৰী, বঠিয়ামাৰী, বদলা, টিয়াপাৰা, সুঁতিৰপাৰ ,বেলতলা, জয়বাংলা, জাওঁকাটাদিয়া, জাওঁকাটা,  দুৰামাৰী , দক্ষিণ ৰাঙাপানী, আদি অঞ্চল পৰিদৰ্শন কৰি কৃষকৰ ক্ষয় ক্ষতিৰ বুজ লয় ৷ বিধায়িকা গৰাকীয়ে এই বানপীড়িত অঞ্চল পৰিদৰ্শন কালত শালমাৰা পাৰঘাট, মালিবাৰী বজাৰ, জয়বাংলা বজাৰ, জাওঁকাটাদিয়া আৰু দক্ষিণ  ৰাঙাপানীত সামাজিক দূৰত্ব বজাই ৰাখি কৃষক ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাম্প্ৰতিক বান সমস্যা আৰু কৃষকৰ দুখ – দুৰ্গতিৰ ওপৰত মত বিনিময় কৰে ৷ মত বিনিময় কালত বিধায়িকা গৰাকীয়ে বকোৰ বানবিধ্বস্থ কৃষকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আশ্বাস প্ৰদান কৰাৰ লগতে চৰকাৰীভাৱে পৰ্যাপ্ত সাহায্য ও ক্ষতিপূৰণ আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী তোলে ৷ এই বানপীড়িত অঞ্চলসমূহ পৰিভ্ৰমন কালত বিধায়িকা গৰাকীক সংগ দিয়ে সোণতলী আঞ্চলিক কলেজৰ সহকাৰী অধ্যাপক ভ° আজমল হক, ছমৰীয়া কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া  দীপক ডেকা, এ ই এ যঞ্জিত ঠাকুৰীয়া, ছমৰীয়া ৰাজহ চক্ৰৰ লাট মণ্ডল ক্ৰমে পদৰ দৈমাৰী, ৰাধাচৰণ ৰাভা, দীপক কুমাৰ, এচ  কে প্ৰদীপ ৰাভা, ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাতি ধনেশেব বায়ন, সাধাৰণ সম্পাদক হাচেন আলী,  ব্লক মিডিয়া চেলৰ সমন্বয়ক দিলবৰ হুছেইন যুৱ নেতা পিংকু কলিতা প্ৰমূখ্যে কেবাগৰাকী দলীয় কৰ্মীয়ে ৷

প্ৰেৰক, ৰেজাউল কবিৰ, সোণতলী ৷

মন্ত্ৰী চন্দ্ৰমোহন-পৰিমলৰ যুটীয়া সংবাদমেল ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

দিহিংপাটকাইৰ বনভূমি ,বন্যপ্ৰাণীৰ বিচৰণক্ষেত্ৰ আৰু কয়লাখনন বিষয়ত পুনৰ জৰীপ চলোৱা হ’ব।যোৱা ২০১৯ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা অসমত ক’ল ইণ্ডিয়াৰ কয়লা খনন বন্ধ আছে।এইবিষয়ত ২৮ টা চৰ্তসম্বলিত বুজাবুজি পত্ৰ দিয়া হৈছে।এইচৰ্তসমূহ পালনৰ পিছত অসম চৰকাৰে সিদ্ধান্ত ল’ব কয়লা খননৰ অনুমোদন দিবনে নাই।যদিহে বনভূমিৰ উচ্ছেদ বা ক্ষতি হয়,তেন্তে তেনেধৰনৰ খননৰ অনুমতি নিদিয়ে।এইকথা স্পষ্ট কৰি দিছে অসম চৰকাৰে।আজি খানাপাৰা প্ৰশাসনীয় পদাধীকাৰী মহাবিদ্যালয়ত আয়োজিত এক সংবাদমেলত এইকথা স্পষ্ট কৰিছে বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে উদ্যোগ-বাণিজ্যমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।দুয়োজনে কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে পৰিবেশ ৰক্ষাত সদায় গুৰুত্ব দিয়ে।সেয়ে দহকোটিজোপা গছপুলি ৰোপনৰ নিৰ্দেশ দিছে।বৰ্তমানলৈ ছয়কোটিজোপা ৰোপন কৰা হ’ল।দিহিং পাটকাইৰ বিষয়ত অসম চৰকাৰে কোনো অনুমোদন দিয়া নাই।ক’ল ইণ্ডিয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান আৰু কয়লা খনন অসমত ১৯৭৩ চনৰ পৰাই চলি আছে।ক’ল ইণ্ডিয়াক দিয়া ৩০ বছৰীয়া লীজ যোৱা ২০০৩ চনতে অন্ত পৰিছে।তথাপি ক’ল ইণ্ডিয়াই নিৰ্দেশনা নবীকৰণ নকৰাকৈ ২০১৩ চনলৈ খনন চলাই গ’ল।ইয়াৰ বাবে ক’ল ইণ্ডিয়াক ৪৩কোটি ২৪ লাখ টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ দিয়া হৈছে।ইয়াৰ পিছত ক’ল ইণ্ডিয়াই ২০১৩ চনৰ পৰা ২০২৩ চনলৈ খনন চলাবলৈ আগতীয়া অনুমতি বিছাৰি চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰে।এই পত্ৰত কোৱা হৈছে যে ২০১২ চনলৈ ৫৭,২০ হেক্টৰ ভূমিত কয়লা খনন চলোৱা হৈছে।নতুনকৈ একাংশ সংযোজন কৰি মুঠ ৯৮,৫৯ হেক্টৰ ভূমিত খনন চলোৱাৰ অনুমতি বিচাৰিছে।ইয়াৰ অধ্যয়নৰ বাবে চৰকাৰে এখন সমিতি গঠন কৰিছিল।২০১৫ চনৰ আগষ্ট মাহত গঠন কৰা সমিতিখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ পি চি ভট্ৰাচাৰ্য, গুৱাহাটী আই আই টিৰ অধ্যাপক ডঃ চি মল্লিকাৰ্জুনসহ একাংশ বন বিষয়া আছিল।এইসমিতিয়ে ২০১৬ চনৰ এপ্ৰিল মাহত টিকক অপেন কাষ্ট অঞ্চল ভ্ৰমণ কৰিছিল। এই সমিতিৰ প্ৰতিবেনৰ চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰে।এই প্ৰতিবেদনৰ ভিত্তিতে ভাৰত চৰকাৰে ২৮ টা চৰ্তসহ অনুমোদন জনাইছে।এই চৰ্তসমূহ পালন কৰিলে অসম চৰকাৰে শেহত অনুমোদন জনোৱাৰ দায়িত্ব আছে।বৰ্তমানলৈ অসম চৰকাৰে অনুমোদন জনোৱা নাই বুলি ব্যক্ত কৰে।বনভূমিত কেতিয়াও কয়লা খননৰ অনুমতি নিদিয়ে বুলি স্পষ্ট কৰে।ইফালে অসমত সঘনে আৰক্ষী-বন বিভাগে আটক কৰা কয়লা ট্ৰাক সমূহৰ কয়লাসমূহ অসমৰ নহয় বুলি স্পষ্ট কৰি দিয়ে চন্দ্ৰমোহন।এইকয়লাবোৰ অৰুনাচল,মেঘালয়,নাগালেণ্ড আদিৰ পৰা অনা।অসমৰ চাহ বাগান, ইটা ভাটা আদিত কয়লাৰ আৱশ্যক হয়।গতিকে বিধিগতভাবে কয়লা সৰবৰাহ কৰা হৈছে বুলি অৱগত কৰে।ইয়াৰ বিপৰীতে অসমত চলি থকা অবৈধ কয়লাৰ খনন তথা সৰবৰাহৰ বিষয়ে অসম চৰকাৰ অৱগত নহয় বুলি দুইমন্ত্ৰীয়ে ব্যক্ত কৰে।।

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে ঢকুৱাখনা মহকুমা আঞ্চলিক ছাত্রৰ প্ৰতিবাদ

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে ঢকুৱাখনা মহকুমা আঞ্চলিক ছাত্রৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তা : ঢকুৱাখনা

গেৰুকামুখত নিৰ্মাণ হৈ থকা নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে ঢকুৱাখনা মহকুমা আঞ্চলিক ছাত্র সন্থাই আজি দিনৰ ১২ বজাত আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যলয়ৰ সন্মুখ স্থানত শাৰীৰিক দূৰত্ব মানি হাতত প্লেকাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। ঢকুৱাখনা মহকুমা আঞ্চলিক ছাত্র সন্থাই বৃহৎ নদীবান্ধটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞ কমিটিয়ে আগবঢ়োৱা নীতি নিয়ম পৰিহাৰ কৰি মূল বান্ধৰ কাম চলাই নিয়া কাৰ্যক তীব্ৰ গৰিহণা জনোৱাৰ লগতে নামনি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নোহোৱালৈকে আৰু বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ সমূহৰ বিজ্ঞানসন্মত নিস্পত্তি নোহোৱা পৰ্য্যন্ত মূল নদী বান্ধৰ কাম বন্ধ ৰাখিবলৈ দাবী জনাইছে । ইপিনে কাৰ্যসূচীত, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক দিলীপ কুমাৰ কোঁৱৰ, আঞ্চলিক ছাত্র সন্থাৰ উপ সভাপতি মৃগাংক দত্ত, সম্পাদক স্বৰাজ শংকৰ গগৈ,তুৰণজ্যোতি বৰুৱা,ৰূপজ্যোতি বৰবৰা, অংকুৰজ্যোতি দাস,ৰিদিপ চেতিয়া,ৰাজদীপ সূত,দীপক মিলি,ৰক্তিম বুঢ়াগোহাঁই, ৰীতিক চমুৱা, দাদু হাজৰিকা লগতে ছাত্র সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।

পাপু বৰুৱা, ঢকুৱাখনা

ফোন নং 8135831234

লংকা বন বিভাগে নখুটী অঞ্চলৰ পৰা যোৱা নিশা জব্দ কৰে এখন অবৈধ কাঠ ভৰ্টি টাটা মেজিক গাড়ী ।

লংকা বন বিভাগে নখুটী অঞ্চলৰ পৰা যোৱা নিশা জব্দ কৰে এখন অবৈধ কাঠ ভৰ্টি টাটা মেজিক গাড়ী ।

লংকা

 লংকাৰ নখুটীত লংকা আঞ্চলিক বন বিভাগ আৰু নখুটী বন বিভাগৰ যুটীয়া অভিযান । নিশাৰ অভিযানত নখুটীৰ চাৰ্থেগাও অঞ্চলৰ পৰা বন বিভাগে জব্দ কৰে এখন চোৰাং কাঠ ভৰ্টি টাটা মেজিক গাড়ী । জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় চল্লিছ হাজাৰ টকা । জব্দকৃত মেজিক খনৰ নম্বৰ AS-07-C-3089 । আনহাতে, নিশাৰ আন্ধাৰৰ সুযোগ লৈ মেজিক গাড়ী খনৰ চালক আৰু চোৰাং কাঠ সৰবৰাহকাৰী গাড়ী এৰি পলায়ন কৰাত কাকো আটক কৰিব নোৱাৰিলে  বন কৰ্মীয়ে ।পিছত আজি জব্দকৃত গাড়ী সহ কাঠখিনি লৈ অহা হয়  লংকা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যলয়লৈ ।