Home Blog Page 3361

উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত ২৪ শ্ৰমিকৰ মৃত্যু

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

পুনৰ পথ দুৰ্ঘটনাত মৃত্যু হ’ল প্ৰব্ৰজিত শ্ৰমিক৷ এইবাৰ উত্তৰ প্ৰদেশত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় ২৪ জন শ্ৰমিক৷ শনিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত উত্তৰ প্ৰদেশৰ অৰাইয়াত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এই শ্ৰমিককেইজনৰ মৃত্যু হয়৷ ঘটনাটোত আহত হয় ২২জনকৈ শ্ৰমিক৷ ইয়াৰে ১৫ জন শ্ৰমিকৰ অৱস্থা সংকটজনক৷ এই শ্ৰমিকসকল বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ বাসিন্দা৷ তেওঁলোক ৰাজস্থানৰ পৰা নিজৰ ঘৰলৈ আহিছিল৷ দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ দুৰ্ঘটনা সন্দৰ্ভত এই তথ্য প্ৰকাশ কৰে জিলা প্ৰশাসনে৷ ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব (গৃহ) অবনীশ অবস্তিয়ে কয়, এই দুৰ্ঘটনাটো দুৰ্ভাগ্যজনক বুলি কৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ মুখ্যমন্ত্ৰী আদিত্যনাথে শ্ৰমিকসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনায়৷ পথ দুর্ঘটনাত মৃত শ্রমিকসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ হিন্দীত লিখা এটা টুইটত প্ৰধানমন্ত্ৰীয়ি লিখিছে, উত্তৰ প্ৰদেশৰ দুৰ্ঘটনা দুঃখজনক৷ চৰকাৰে উদ্ধাৰ কাৰ্য কৰিছে৷ দুৰ্ঘটনাত মৃতসকলৰ পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনালো৷ আহতসকল শীঘ্ৰে আৰোগ্য হৈ উঠিবৰ বাবে প্ৰাৰ্থনা কৰে৷

স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ প্ৰাৰ্থনা : জামুগুৰিহাটৰ সৌভাগ্য মাধৱ দেৱালয়ত সত্যসন্ধ্যা মহিলা সংঘৰ এশগছি বন্তি প্ৰজ্বলন

স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সদায় সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ প্ৰাৰ্থনাৰে জামুগুৰিহাটৰ মাধৱগাঁওস্থিত শ্ৰী শ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত এশ গছি বন্তি প্ৰজ্বলন কৰে

জামুগুৰিহাট

মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে হোৱা যুঁজখনত দিন ৰাতি একাকাৰ কৰি সেনাপতিৰ ভূমিকা গ্ৰহণ কৰা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সদায় সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ প্ৰাৰ্থনাৰে শনিবাৰে জামুগুৰিহাটৰ মাধৱগাঁওস্থিত শ্ৰী শ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত এশ গছি বন্তি প্ৰজ্বলন কৰে সত্যসন্ধ্যা মহিলা সংঘৰ মহিলাসকলে৷ শনিবাৰে দুপৰীয়া দেৱালয়খনৰ গোঁসাইৰ মূল থাপনাৰ ওচৰত কৰা এই বন্তি প্ৰজ্বলনৰ জৰিয়তে দেশৰ এই জটিল সন্ধিক্ষণত ক’ৰোনাৰ বিৰুদ্ধে মন্ত্ৰীগৰাকীৰ লগত থাকি এই যুঁজত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী মন্ত্ৰী, বিধায়ক, চিকিৎসক, নাৰ্চ,আশাকৰ্মী তথা জৰুৰীকালীন সেৱাৰ লগত জড়িত আৰক্ষীকে ধৰি প্ৰতিগৰাকী যুঁজাৰুক সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰাখি শক্তি প্ৰদান কৰাৰ প্ৰাৰ্থনাৰে ভগৱানৰ আশীষ বিচাৰে মহিলা সংঘটিয়ে৷ তদুপৰি শ্ৰী শ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত লোৱা এই বন্তি প্ৰজ্বলনৰ জৰিয়তে বৰ্তমান ক’ৰোনাত আক্ৰান্তসকলৰ শীঘ্ৰে আশুআৰোগ্য কামনা কৰাৰ উপৰি ৰাজ্যবাসীক এই মহামাৰীৰপৰা সোনকালে পৰিত্ৰান দিবৰ বাবেও প্ৰাৰ্থনা কৰে মহিলাসকলে৷ দেৱালয়খনত মহিলাসকলে গ্ৰহণ কৰা এই কাৰ্যসূচীত জৰুৰীকালীন সেৱাৰ লগত জড়িত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈ, কেবাগৰাকীও সমাজসেৱক, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথ,স দৌ জামুগুৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলেও সহযোগ কৰে৷

ৰাজ্যিক বিজেপি প্ৰতিনিধি দলে পৰিদৰ্শন কৰিলে বিধায়ক পদ্মৰ ‘কণ্যকা’

ৰাজ্যিক বিজেপি প্ৰতিনিধি দলে পৰিদৰ্শন কৰিলে বিধায়ক পদ্মৰ 'কণ্যকা

জামুগুৰিহাট

সমগ্ৰ বিশ্ব এতিয়া ক’ৰোনাৰ ত্রাসত কম্পমান। স্থবিৰ হৈ পৰিছে বিশ্বৰ প্ৰতিখন দেশৰে স্বাভাৱিক গতি।সামাজিক আৰু শাৰীৰিক ব্যৱধান ৰক্ষা কৰি নিজৰ লগতে মানৱজাতিক মৃত্যু মুখৰ পৰা ৰক্ষা কৰাৰ বাহিৰে আৰু এতিয়া কোনো গত্যান্তৰ নাই। বিশ্বৰ লগতে দেশৰ এই জটিল সন্ধিক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও থলুৱা ব্যয় বস্তুৰ লগতে উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত সকলোকে অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। দেশ তথা জাতিৰ এই সংকটপূৰ্ণ সময়ত চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ‘কণ্যকা’ কৃষি পামৰ কথা চৰ্চালৈ আহিছে৷ প্ৰায় দুহাজাৰৰো অধিক কৃষি ভূমিক সামৰি গঢ়ি তোলা ‘কণ্যকা ‘ কৃষি পামত থলুৱাভাৱে উৎপাদিত কৃষিজাত সামগ্ৰীৰ লগতে মাছ, মাংসই ৰাজ্যৰ বজাৰ দখল কৰাৰ সময়তে এই বিশাল কৃষি পামখন প্ৰত্যক্ষ কৰি ইয়াক আদৰ্শ হিচাপে লৈ ৰাজ্যৰ অন্য প্ৰান্তটো এইদৰে কৃষি পাম গঢ়ি তুলি থলুৱা সামগ্ৰী উৎপাদনৰ লগতে নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন বাট কিদৰে মোকলাই দিব পাৰি তাৰ কৌশল আয়ত্ব কৰিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী  বিধায়কৰ সোঁত বলিছে এতিয়া জামুগুৰিহাটৰ ‘কণ্যকা ‘কৃষি পামলৈ৷ এক সপ্তম পূৰ্বে কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে যোগান মন্ত্ৰী ফণী ভূষণ চৌধৰীয়ে’ কণ্যকা ‘ পৰিদৰ্শন কৰি যোৱাৰ পাছত কালি বিয়লিৰ ভাগত বিশাল কৃষি পামখনত উপস্থিত হয়হি ৰাজ্যিক  বিজেপিৰ এটা উচ্চস্তৰীয় দল।ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ নেতৃত্বত অহা দলটোৱে দুঘন্টাৰো অধিক সময় ধৰি ‘কণ্যকা ‘ পৰিদৰ্শন কৰি ইয়াত উৎপাদিত শাকপাচলি খেতি দেখি অভিভূত হৈ পৰাৰ লগতে বিধায়ক পদ্ম হাজৰিকাৰ  প্ৰশংসাত পঞ্চমুখ হৈ পৰে৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহাই, সম্পাদক অমিয় ভূঞা আৰু দীপ্লু ৰঞ্জন বৰাই চতিয়াৰ বিধায়ক গৰাকীৰ ঐকান্তিক প্ৰচেষ্টাত জীয়াভৰলীৰ পাৰত গঢ় লৈ উঠা ‘কণ্যকা ‘ কৃষি পামৰ সেন্দুৰিয়া গতি প্ৰশংসা কৰাৰ লগতে ‘কণ্যকা ‘ৰ আদৰ্শ সকলোৱে গ্ৰহণ কৰিলে আমি নিজেই আত্মসংস্হাপনৰ বাট মুকলি কৰি ল’বলৈ সক্ষম হ’ম বুলি মন্তব্য কৰে৷ উল্লেখ্য যে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত জীয়াভৰলী নদীৰ পাৰত গঢ়ি উঠা ‘কণ্যকা’ৰ কৃষিজাত সামগ্ৰীয়ে উত্তৰ অসমৰ লগতে গুৱাহাটীকে ধৰি বিভিন্ন স্থানত এক সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

১৯১৮ চনত স্পেনিছ ফ্লুত কঁপিছিল বিশ্ব : তেতিয়াও ক’ভিড-১৯ৰ দৰে মাস্ক পৰিধান, কোৱাৰেণ্টাইন

১৯১৮ চনত স্পেনিছ ফ্লুত কঁপিছিল বিশ্ব : তেতিয়াও ক’ভিড-১৯ৰ দৰে মাস্ক পৰিধান, কোৱাৰেণ্টাইন

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

জনপ্ৰবাদ, ইতিহাসে কেতবোৰ কথাৰ পুনৰাবৃত্তি ঘটায়৷ তাৰ এটা উদাহৰণ হ’ল ১৯১৮ চনৰ স্পেনিছ ফ্লু৷ এই স্পেনিছ ফ্লুত কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেনেদৰে ২০২০ চনত ক’ভিড-১৯ৰ বাবে কম্পমান সমগ্ৰ বিশ্ববাসী৷ প্ৰাপ্ত তথ্য মতে ১৯১৮ চনৰ মাৰ্চ আৰু এপ্ৰিল মাহত বসন্ত কালত ইউৰোপৰ জাৰ্মানী, ইংলেণ্ড, ফ্ৰান্স, স্পেইন আৰু আমেৰিকাত স্পেনিছ ফ্লুৱে সংহাৰৰূপ ধাৰণ কৰিছিল৷ তেতিয়া ভাইৰ’লজিষ্ট জন অক্সফৰ্ডৰ গৱেষণাত কোৱা হৈছিল, ফ্ৰান্সৰএটাপ্লেছে হাস্পতাল আৰু সেনা শিবিৰবোৰত প্ৰথম এনে ফ্লু ১৯১৬ চনৰ শেষৰ ফালে দেখা গৈছিল৷ তাৰ পাছত ১৯১৭ চনৰ মাৰ্চত আল্ডাৰশেটৰ সেনা শিবিৰত এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছিল৷ ১৯১৮ চনৰ মাৰ্চত এই মাৰাত্মক ভাইৰাছ এইচ১এন১ ইনফ্লুয়েঞ্জাৰৰ দৰে সমগ্ৰ বিশ্বক গ্ৰাস কৰে৷ ১৯১৯ চনৰ গ্ৰীষ্মকাল পৰ্যন্ত চলা এই মহামাৰীত বিশ্বজুৰি কমেও ৫০ মিলিয়ন মানুহৰ মৃত্যু হৈছিল৷ তেতিয়া কমেও ৫০০ মিলিয়ন লোক সেই ৰোগত আক্ৰান্ত হৈছিল৷ যিহেতু প্ৰথম৷বিশ্বযুদ্ধৰ সময়ত এই মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছিল৷ তেতিয়া আন কেতবোৰ দেশৰ চৰকাৰে ফ্লুত মৃত লোকৰ সংখ্যা কমকৈ লিখিবলৈ সংবাদ মাধ্যমক নিৰ্দেশ দিছিল৷ কিন্তু তুলনামূলকভাৱে নিৰপেক্ষ দেশ স্পেইনত এনেধৰণৰ কোনো হেঁচা নাছিল৷ আনকি সেইকালৰ স্পেইনৰ ৰজা অষ্টম আলফোন্সোৰ অসুস্থতাৰ খবৰো কাকতত ছাপা হৈছিল৷ তাৰ ফলতে বিশ্ববাসীৰ মনত ধাৰণ জন্মে৷স্পেইনত এই ৰোগে মাৰাত্মক ৰূপ লৈছে আৰু তাৰ পৰাই এই ৰোগৰ নাম স্পেনিছ ফ্ল নাম হয়৷ এই স্পেনিছ ফ্লত আটাইটকৈ বেছি মৃত্যু হৈছিল যুৱসকল৷ এদল বিশেষজ্ঞৰ মতে এইচ১এন১ ইনফ্লুয়েঞ্জাৰ ভাইৰাছে যুৱক-যুৱতীৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি দিছিল৷ কিন্তু বৰ্তমান বিশেষজ্ঞৰ মতে বিশ্বযুদ্ধৰ সময়ত চিকিৎসালয়, সেনা শিবিৰ বা জনবসতিৰে পূৰ্ণ, অপৰিষ্কাৰ পৰিস্থিতি, অপুষ্টিকৰ আদি একাধিক কাৰণত ইনফ্লুয়েঞ্জাৰ মাৰাত্মক স্পেনিছ ফ্লুৱে তীব্ৰ ৰূপ ধাৰণ কৰিছিল৷ আজি ক’ভিড-১৯ৰ স্বাস্থ্য বিধিৰ মতে স্পেনিছ ফ্লু আছিল নিঃশ্বাসজনিত ভাইৰাছ৷ তেতিয়া তাৰ পৰা ৰক্ষা পাবলৈ তৎকালীনভাৱে বিশ্বত সুৰক্ষা বিধি মানি চলিছং৷ যেতিয়া ৰোগী থাকে তেতিয়া চিকিৎসক, চাফাইকৰ্মী, আৰক্ষী আদি সকলোৰে মুখত মাস্ক থাকে৷ তেতিয়াও অসুস্থ লোকক কোৱাৰেণ্টাইনত ৰখা হৈছিল৷ এই কোৱাৰেণ্টাইনত থকাৰ সময়ত সমাজৰ পৰা বিচ্ছিন্ন কৰি ৰখা হৈছিল৷ তেতিয়া ছ’চিয়েল মিডিয়া বা টিভি নাছিল৷ একমাত্ৰ ভৰষা আছিল টেলিফোন৷ মানুহক মাস্ক সম্পৰ্কে সচেতন কৰা আৰু কোৱাৰেণ্টাইন থকাত মানুহ পৰস্পৰৰ সৈতে সংযুক্ত কৰি ৰখাত টেলিফোনত কথাবতৰা কৰাৰ সময়ত বিজ্ঞাপন দিয়া ব্যৱস্থা এতিয়াৰ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰাৰ দৰে ব্যৱস্থা আছিল৷

দৰঙত প্ৰধান মন্ত্ৰী কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : পঞ্চায়ত প্ৰতিনিধিৰ চৰকাৰী চাকৰিয়াল স্বামীসহ পৰিয়ালৰ দহজন লোকে লাভ কৰিলে আঁচনিৰ ধন

দৰঙত প্ৰধান মন্ত্ৰী কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : পঞ্চায়ত প্ৰতিনিধিৰ চৰকাৰী চাকৰিয়াল স্বামীসহ পৰিয়ালৰ দহজন লোকে লাভ কৰিলে আঁচনিৰ ধন

দৰং

দৰঙত প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধিৰ আঁচনিত ব্যাপক দূৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে৷ কৃষাণ সন্মান নিধি আঁচনিখনৰ জৰিয়তে কৃষকৰ আয় দুগুণ কৰায়েই আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মূল লক্ষ্য। কিন্তু এই আঁচনিখনত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ সংঘটিত হল ব্যাপক দুৰ্নীতি৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অনিয়মক লৈ ৰাজ্যৰ কৃষি মন্ত্ৰীয়ে সকীয়নি প্ৰদান কৰাৰ সময়তে দৰঙৰ ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ স্বামী চৰকাৰী চাকৰিয়াল হোৱাৰ পিছতো এই আঁচনিৰ ধন লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ইয়াকে লৈ দৰঙত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ শাসকীয় দলৰ জনপ্ৰতিনিধি হোৱা হেতুকে স্বামীয়ে লাভ কৰিলে আঁচনিৰ ধন৷ অভিযোগ অনুসৰি ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰামগাঁৱৰ  শিক্ষক  গজেন্দ্ৰ কলিতাৰ পত্নী নিলিমা কলিতা ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীনগৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা। পঞ্চায়ত প্ৰতিনিধি নিলিমা কলিতাৰ স্বামী চৰকাৰী চাকৰিয়াল৷ তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান আঁচনি ধন পাবলৈ সক্ষম হোৱাৰ লগতে সদস্যাগৰাকীৰ স্বামীৰ ককায়েক যোগেন্দ্ৰ কলিতা, তেওঁৰ পত্নী কিৰণ কলিতা, দুই পুত্ৰ দিগন্ত কলিতা আৰু ৰাতুল কলিতা, আন এগৰাকী বৰজনা নীলকান্ত কলিতা, তেওঁৰ পত্নী ভানুমতী কলিতা, পুত্ৰদ্বয় জয়ন্ত কলিতা, কমলজ্যোতি কলিতা, কমলজ্যোতিৰ পত্নী দীপান্বীতা দাস কলিতাকে ধৰি একেটা পৰিয়ালৰ মুঠ ১০ গৰাকী সদস্যৰ নাম তালিকাভুক্ত হৈছে। আনহাতে গাঁওখনৰ যথেষ্ট সংখ্যক প্ৰকৃত কৃষকৰ নাম তালিকাত নথকাত বিষয়টোৱে আমুদৰ সৃষ্টি কৰাৰ লগতে প্ৰকৃত কৃষকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। পিছে তদন্তৰ আওতালৈ আহিবনে এই সকল জনপ্ৰতিনিধিৰ কাণ্ডৰ? কৃষকৰ আঁচনিৰ ধন চৰকাৰী চাকৰিয়ালে লাভ কৰিলে দুগুন বৃদ্ধি পাবনে কৃষকৰ আয়? সেয়া হ’ব লাখ টকীয়া প্ৰশ্ন৷

ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী, ৰাজহুৱা ঠাইত থু পেলোৱা নিষিদ্ধ কৰিবলৈ ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চললৈ আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে ক’ৰোনা ভাইৰাছ ৰোগ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী আৰু ৰাজহুৱা ঠাইত থু পেলোৱাটো নিষিদ্ধ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰলৈ আহ্বান জনাইছে৷ ৰাজস্থান আৰু ঝাৰখণ্ড চৰকাৰে ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে এই সন্দৰ্ভত জাননী জাৰি কৰাক লৈ এক আবেদন আহিছে৷ সকলোবোৰ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীলৈ দিয়া পত্ৰত বৰ্দ্ধনে লিখিছে, ধূমপানহীন দ্ৰব্য ব্যৱহাৰকাৰীয়ে জনসাধাৰণৰ মাজতে থু পেলোৱাৰ প্ৰৱনতা আছে৷ বিশেষকৈ ক’ভিড-১৯ৰ দৰে সংক্ৰামক ৰোগ বিয়পোৱাত স্বাস্থ্যৰ বাবে বিপদ আহি পৰে৷ ধোঁৱাহীন ধঁপাতে পৰিৱেশ দূষিত কৰে আৰু ৰোগ বিয়পাব পাৰে৷ এনে দ্ৰব্যই ক’ভিডৰ দৰে ৰোগত বিপদজনক হৈ পৰে৷ ১১ মে’ৰ চিঠিত কেন্দ্ৰীয় মন্ত্ৰীজনে জোৰ দিছিল যে বিশ্বজুৰি ধঁপাত ব্যৱহাৰ জনস্বাস্থ্যৰ বাবে বৃহৎ ক্ষতি৷ তেওঁ ইণ্ডিয়ান কাউঞ্চিল অব মেডিকেল ৰিচাৰ্চে জনসাধাৰণৰ ওচৰত ধূমপানহীন দ্ৰব্য সেৱন আৰু থু নেপেলাবলৈ আবেদন কৰাৰ কথা উল্লেখ কৰে৷ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰে এনে দ্ৰব্য নিষিদ্ধ কৰি স্বচ্ছ ভাৰত অভিযানতো কাম কৰা হ’ব৷ উল্লেখ্য যে ৰাজস্থান চৰকাৰে এক অধ্যাদেশ যোগে ক’ৰোনা ৰোধৰ ক্ষেত্ৰত পান, গুটকা আৰু ধঁপাত বিক্ৰী বন্ধ কৰাৰ লগতে ৰাজহুৱা ঠাইত থু পেলোৱা নিষিদ্ধ কৰিছে৷

লামডিঙত বিদ্যালয় মাচুল প্ৰদান কৰাক লৈ উত্তেজনাময় পৰিৱেশ : ডন বছক’ বিদ্যালয়ৰ কৰ্তৃপক্ষই লকডাউনৰ সময়চোৱাত মাচুল জমা দিবলৈ হেঁচা অভিভাৱকক

লংকা

লামডিঙত শনিবাৰে ডন বছক’ বিদ্যালয়ত সংঘটিত হৈছে উত্তেজনাময় পৰিবেশ৷ লকডাউনৰ সময়চোৱাত ৰাজ্য চৰকাৰে ব্যক্তিগত বিদ্যালয় সমূহক মাচুলৰ ক্ষেত্ৰত ৫০ শতাংশ ৰেহাই দিয়াৰ বাবে নিৰ্দেশ দিছিল যদিও চৰকাৰী নিৰ্দেশনাক কেৰেপ নকৰাৰ গুৰুত্ব অভিযোগ উঠিছে বিদ্যালয়খনৰ বিৰুদ্ধে৷ অভিযোগ অনুসৰি লকডাউনৰ সময়ত বিদ্যালয়খনৰ বাছ চলাচল বন্ধ থকাৰ পাছতে বিদ্যালয়ৰ কৰ্তৃপক্ষই বাছৰ বাবদ অভিভাৱকৰ পৰা সম্পূৰ্ণ বাছৰ বাছৰ মাচুল আৰু বিদ্যালয় মাচুল দাবী কৰে৷ এপ্ৰিল-মে’-জুন মাহৰ সম্পূৰ্ণ মাচুল দাবী কৰাক লৈ শতাধিক অভিভাৱকে বিদ্যালয়খনৰ চৌহদ ঘেৰাও কৰি উত্তেজনাময় পৰিবেশ সৃষ্টি কৰে৷ আনফালে শিক্ষাৰ্থীসকলক মোবাইলৰ হোৱাটআপ জড়িতে অনলাইন ক্লাছ ব্যৱস্থা কৰিছে যদি ইয়াতো ব্যাপক খেলিমেলি হৈছে বুলিও অভিযোগ কৰিছে অভিভাৱকে৷ ঘটনাস্থলীত বিদ্যালয়খনত লামডিং শাখাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ উপস্থিত হৈ চৰকাৰী নিৰ্দেশনা অনুসৰি মাচুলৰ ক্ষেত্ৰত ৫০ শতাংশ ৰেহাই দিয়াৰ লগতে অভিভাৱক তথা শিক্ষাৰ্থীক কোনো হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব বুলি দাবী জনায় বিদ্যালয়ৰ কৰ্তপক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ লামডিঙৰ ব্যক্তিগত বিদ্যালয় ডন বছক’ৰ এনে কৰ্মকাণ্ডক শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনায় লামডিং এভিবিপিয়ে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পৰা বিৰত থাকে বিদ্যালয়খনৰ অধ্যক্ষ ফ্ৰাডাৰ থমাছ ৷

ৰেচনকাৰ্ড থকা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ জিলা প্ৰশাসন

নাজিৰা

শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ ( এন এফ এছ এ ) আঁচনিৰ অধীনত পৰিয়াল পৰিচয় পত্ৰ তথা ৰেচন কাৰ্ড আহৰণ কৰা আৰ্থিকভাৱে সচ্ছল অযোগ্য হিতাধিকাৰীসকলৰ নাম কৰ্তনৰ ব্যৱস্থা কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। জিলাখনৰ বিভিন্ন অঞ্চলত বহুতো অযোগ্য হিতাধিকাৰীয়ে এন এফ এছ এ আঁচনিৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল উপভোগ কৰি থকা বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ হৈছে। এই সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে শেহতীয়াকৈ জাৰি কৰা এক গোহাৰি যোগে জিলাখনৰ চৰকাৰী চাকৰিয়াল, পেন্সনভোগী পৰিয়াল, বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, সচ্ছল ব্যৱসায়ী তথা সচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহনৰ অধিকাৰী পৰিয়াল আৰু যিসকলৰ এই চাউলৰ কোনো প্ৰয়োজন নাই, তেনে পৰিয়ালসমূহক ১৫ জুনৰ ভিতৰত স্বেচ্ছাই তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ আবেদনসহ উপায়ুক্ত কাৰ্যালয়ত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ত সমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। অন্যথাই জিলা প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত এনে কোনো পৰিয়ালে যদি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা প্ৰমাণিত হয়, তেন্তে সংশ্লিষ্ট আইনৰ অধীনত তেনে পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হ’ব শিৱসাগৰ জিলা প্ৰশাসন। শিৱসাগৰ জিলাত  বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালেও এই আঁচনিৰ অধীনত বিনামূলীয়া চাউল লাভ কৰাৰ লগতে এনে কৰ্মচাৰীৰ পত্নী, মাতৃৰ নামত কেনেদৰে বছৰ বছৰ জুৰি চাউল লাভ কৰি আহিছে সেই সন্দৰ্ভত তথ্য পোহৰলৈ অহাত শিৱসাগৰ জিলা প্ৰশাসনে এনে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি জিলা উপায়ুক্তৰ স্বাক্ষৰিত এক জাননীত প্ৰকাশ৷

লকডাউনে নাজিৰাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ

নাজিৰা

ক’ভিড-১৯ ক’ৰোনা ভাইৰছ সংক্ৰমণৰ আতংকময় পৰিস্থিতিত অব্যাহত থকা লকডাউনে সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ অধিকাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলৰ জীৱনলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ। এই অন্ধকাৰময় জীৱনত ক্ষুদ্ৰ তথা খুচুৰা ব্যৱসায়ীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈ এই ব্যৱসায়ীসকলৰ পৰিয়াললৈও নমাই আনিছে অমানিশা৷ অসমত অব্যাহত থকা লকডাউনৰ বাবে ক্ষুদ্ৰ তথা খুচুৰা ব্যৱসায়ীসকলে ব্যৱসায়-বাণিজ্যত কোনো সচ্ছলতা লাভ কৰা নাই আৰু শেহতীয়াকৈ তৃতীয় পৰ্যায়ৰ লকডাউনৰ অন্তিম পৰ্যায়ত কিছু শিথিলতা দিয়াত এক তৃতীয়াংশ দোকান খুলি ব্যৱসায়ীসকলৰ জীৱনলৈ প্ৰাণ সঞ্চাৰ হোৱা নাই। দৈনিক উপাৰ্জনৰ ভিত্তিত পৰিয়াল পোহ-পাল দি অহা নাজিৰাৰ ৯৮ শতাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলে লকডাউনৰ কবলত পৰি ক’তো বেপাৰ বাণিজ্য কৰিবলৈ ওলাই যাব নোৱাৰা হ’ল আৰু শাক-পাচলিৰ নাটনি, গেলামালৰ দোকানক বাদ দি অন্যান্য ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ দোকান-পোহাৰ সমূহৰ দীঘলীয়া বন্ধ, কাপোৰ-কানিৰ দোকান বন্ধ, বৰ্তমান এক তৃতীয়াংশ খুলিলেও গ্ৰাহক পাবলৈ নাই লকডাউনৰ বাবে। ৰিক্সা-অট’ৰিক্সা, টেক্সি চলাই যিসকলে পৰিয়াল চলাই আহিছে, নাপিত, মুচীসকলৰ দৈনিক উপাৰ্জন বন্ধ৷ আনকি ভাৰাঘৰ লৈ দোকান চলাই থকা সকলৰ ঘৰভাৰা দিবলৈও সামৰ্থ হেৰাই যোৱাত এই সকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে পৰিয়াল পোহপাল দিয়াত জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ উপৰি পেটৰ ভোক পেটতেই নিয়াবলৈ প্ৰয়াস কৰাৰ পৰিস্থিতি হৈছে। আনহাতে বেংকৰ পৰা ঋণ লৈ দোকান চলাই থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলেও বেংকৰ ঋণ সময়মতে ঘূৰাই দিব নোৱাৰি কোঙাহৈ পৰিছে ঋণৰ বোজাত। উল্লেখযোগ্য যে নাজিৰা মহকুমাত নাজিৰাকে ধৰি শিমলুগুৰি, গেলেকী, লাকুৱা, নামতি, মেজেঙ্গা, বালিঘাট, চণ্টক, বিহুবৰ, লক্ষ্মীজান, মেকীপুৰ, লিগিৰীপুখুৰী, বাহগড়, মিছাজান, মেছাগড় আদি অঞ্চল সমূহকে ধৰি সমগ্ৰ নাজিৰা মহকুমাত প্ৰায় তিনি সহস্ৰাধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকান অথবা ঘূমটি দোকান থকাৰ উপৰি স্থানীয়ভাৱে প্ৰতিখন পঞ্চায়ত এলেকাত থকা আৰু নাজিৰা, শিমলুগুৰি নগৰত থকা সাপ্তাহিক বজাৰত খুচুৰা ব্যৱসায়ী সকলে শাক -পাচলি অথবা আন আন খেতিৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি যি এপইচা পায় , তাৰেই ঘৰ-পৰিয়াল পোহপাল দি আহিছে। কিন্তু লকডাউনৰ এই বন্ধত ক্ষুদ্ৰ তথা খুচুৰা ব্যৱসায়ীসকলৰ এই উপাৰ্জনৰ সকলোবোৰ পথ বন্ধ হৈ যোৱাত এতিয়া জটিল পৰিস্থিতিৰ মাজত ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ীসকলৰ পৰিয়াল দূৰ্যোগৰ সন্মুখীন হৈছে। নাজিৰা মহকুমাৰ প্ৰায় ৭৮ শতাংশ ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ী প্ৰতিষ্ঠান ভাৰাঘৰতে আছে। এই সকলে কি দূৰ্বিষহ জীৱন কটাব লগীয়া হৈছে সেইয়া ভূক্তভোগীসকলৰ বাদে কোনে উপলব্ধি কৰিব পাৰিব। বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহলৈ  বিনামূলীয়া চাউল যোগান ধৰিছে যদিও কেৱল চাউল খায়ে পাৰ কৰিব পাৰি জানো বুলিও মতপোষণ কৰিছে ভুক্তভোগীয়ে। ইফালে ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত ঘৰ ভাৰা লৈ থকাসকলৰ ৫০ শতাংশ ৰেহাইৰ বাবে ঘৰৰ মালিক সকলক আহ্বান জনোৱা হৈছে যদিও কিমান সংখ্যক মালীকে ভাৰা ৰেহাই দিছি সেয়া সহজেই অনুমেয়। বেংকৰ ঋণৰ সুদ আদি ৰেহাইৰ লগতে ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ৰ বাবে ব্যৱসায়ীসকলে অনুজ্ঞাপত্ৰৰ বাবে দিব লগা মাচুল আদিও চৰকাৰে ৰেহাই দিয়াৰ কথা ঘোষণা কৰা নাই। তেনে পৰিস্থিতিত ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ীসকলে ত্ৰাহিমধুসূদন দেখাটো স্বাভাৱিক। 

মিৰ্জাত মাহেকীয়া ই-আলোচনী “অনুপমা” উন্মোচন

নামখলা

সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা সময়তে দক্ষিণ কামৰূপৰ মিৰ্জাৰ এগৰাকী সুলেখিকা শেৱালি দাসে এই লকডাউনৰ সময়তে “অনুপমা” নামৰ এখনী মাহেকীয়া ই-আলোচনী উন্মোচন কৰে৷ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটি যোৱা ১৫ মে’ৰ দুপৰীয়া ১২ বজাত উন্মোচন কৰা হয় “অনুপমা”ৰ মুখ্য সম্পাদক শেৱালি দাসৰ বাসগৃহত। উন্মোচন কৰা সময়ত উপস্থিত থাকে  আলোচনীখনৰ বেটুপাতৰ মডেল মিকি ঠাকুৰীয়া আৰু সৌন্দৰ্য চৰ্চা শিতানত ঘৰুৱা ১০টা  টিপছ আগবঢ়োৱা তুলিকা ঠাকুৰীয়াৰ লগতে মুখ্য সম্পাদকগৰাকীৰ পৰিয়ালবৰ্গ। আনহাতে ৬৫ পৃষ্ঠা জোৰা এই আলোচনীখনত নাৰীৰ বিভিন্ন সমস্যা দাঙি ধৰাৰ লগতে গল্প, কবিতা, অনুগল্পও প্ৰকাশ পাইছে। তদুপৰি এই আলোচনীখনৰ ক্ষেত্ৰত  বিভিন্ন দিশত দিহা পৰামৰ্শ আৰু উৎসাহিত কৰা বাবে ৰাতুল দাস শৰণীয়াক মুখ্য সম্পাদকগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে৷ এই আলোচনীখন পঢ়িব বিচাৰিলে শেৱালি দাসৰ ফেচবুক প্ৰফাইলত গৈ পোৱা লিংকত ক্লিক কৰিলেই পায়৷ উল্লেখযোগ্য যে উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি  নিজৰ জীৱনকো তুষ্ট কৰি জৰুৰী সেৱাৰ সৈতে জড়িত হৈ থকা এই অঞ্চলৰ স্থানীয় সাংবাদিকসকলক একোখন কৈ ফুলাম গামোচা, মাস্ক আৰু ছেনিটাইজাৰে সম্বোধনা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে৷