Breaking

কোৱাৰেণ্টাইন আবাসীয়ে বিদ‍্যালয়ত পাতিলে ফুলনি বাগিচা ।

0 857

কলিয়াবৰ : “মন কৰিলেই চন, বাকৰি মাটিতেই ধন।” আপ্ত বাক‍্যশাৰীৰ সফল প্ৰয়োগেৰে “অলস মন চয়তানৰ বাসস্থান” বুলি কোৱা কথাষাৰ ভুল প্ৰমাণিত কৰিলে ষোল্লজন যুৱকে। ক’ৰণা মহামাৰীৰ এই সংকটপূৰ্ণ সময়ত কলিয়াবৰত এটি কোৱাৰেন্টাইন চেন্টাৰত থকা আৱাসীয়ে গ্ৰহণ কৰিলে আদৰণীয় পদক্ষেপ। কলিয়াবৰ মহকুমাৰ এটা কেন্দ্ৰত কোৱাৰেন্টাইন হৈ থকা আৱাসীসকলৰ এটি ব‍্যতিক্ৰমী পদক্ষেপে সমাজলৈ প্ৰেৰণ কৰিছে এক ইতিবাচক বাৰ্তা। জখলাবন্ধাৰ ছেইন্ট ৰবাৰ্টচ্ হাইস্কুলত কোৱাৰেন্টাইন হৈ আছে ১৬ গৰাকী যুৱক। বহিঃ ৰাজ‍্যৰ পৰা অহা এই উদ‍্যমী-কৰ্মঠ যুৱকসকল কোৱাৰেণ্টাইনৰ দিনকেইটা খাই-বহি নাথাকি কিবা এটা কৰাৰ মনটোৰ উমান পালে কেন্দ্ৰটোৰ সংযোগকাৰী বিষয়া লেখনাথ শৰ্মাই। গতিকে, কথা মতেই কাম। বিদ‍্যালয় প্ৰধানৰ অনুমতি লৈ লেখনাথ শৰ্মাৰ উদ‍্যোগত বিদ‍্যালয় পালেহি বাঁহ, কোৰ-কটাৰী, অনান‍্য প্ৰয়োজনীয় সামগ্ৰী। প্ৰথমে হাতে-কামে লাগি ঠাইৰ জোখ-মাখ, চাফ-চিকূণ, তাৰ পাছত বাঁহৰ জেওৰা-জপনা নিৰ্মাণ, বিবিধ জাতৰ ফুল পুলি নিৰ্বাচন আৰু শেষত ৰোপণ কৰি বিদ‍্যালয় চৌহদত পাতিলে এখনি আটক-ধুনীয়া ফুলনি বাগিচা। ষোল্লগৰাকী আৱাসীৰ একক প্ৰচেষ্টাত সৃষ্টি হ’ল এক সুন্দৰ পৰিৱেশ। যিটো সময়ত অসমৰ বিভিন্ন কোৱাৰেণ্টাই কেন্দ্ৰত এচাম কোৱাৰেণ্টাই আবাসীয়ে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে, সেই সময়ত ব‍্যতিক্ৰমী কেন্দ্ৰ ৰূপে চিহ্নিত হৈছে ছেইণ্ট ৰৱাৰ্ট্‌চ হাইস্কুল। ফুলনি বাগিচা পতাৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ সংযোগকাৰী বিষয়া লেখনাথ শৰ্মা আৰু আবাসীসকলক কলিয়াবৰৰ চক্ৰ বিষয়া দ‍্যূতিভা বৰা, সহকাৰী আয়ুক্ত বাৰ্বী হাজৰিকা, ছেইন্ট ৰবাৰ্টচ্ হাইস্কুলৰ অধ‍্যক্ষ ফাদাৰ যোচেফ আৰু স্থানীয় সমাজকৰ্মী প্ৰশান্ত ভৌমিকে আগবঢ়াই বিশেষ সহযোগিতা। ফুলনি বাগিচাখন নিৰ্মাণত আৰ্থিকভাৱে সহযোগিতা আগবঢ়াইছে বাতেন আলী, সিদ্ধাৰ্থ উপাধ্যায়, প্লাৱন ছেত্ৰী আৰু সুভাষ আচাৰ্য নামৰ কেইগৰাকীমান সচেতন যুৱকে। কোৱাৰেন্টাইন কেন্দ্ৰসমূহত থকা লোকসকলৰ লগতে কভিড-১৯ মহামাৰীৰ লগত সমুখৰ পৰা যুঁজ দি থকা লোকসকলক উৎসাহিত কৰাৰ লগতে সমাজলৈ এটি ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে এনেধৰণৰ পদক্ষেপ লোৱা বুলি সমন্বয়কে জানিবলৈ দিছে।

Leave A Reply