Home Blog Page 3365

গোলাঘাটত ছাত্ৰ সংগঠনৰ যৌথ গোটে দিন হাজিৰা কৰা, গাড়ী চালক, মুচি বৃত্তিধাৰীৰ আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ

গোলাঘাটত ছাত্ৰ সংগঠনৰ যৌথ গোটে দিন হাজিৰা কৰা, গাড়ী চালক, মুচি বৃত্তিধাৰীৰ আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ

গোলাঘাট

তৃতীয় পৰ্যায়ৰ লকডাউনে একপ্ৰকাৰ দিশহাৰা কৰি পেলোৱা শ্ৰমজীৱী লোকসকলৰ কাষত থিয় দিলে গোলাঘাটৰ কেইবাটাও ছাত্ৰ সংগঠনে। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পৰ্যায়ৰ সাধাৰণ সম্পাদক মহেন বৰাৰ সক্ৰিয়তাত সদৌ তাই আহোম ছাত্ৰ সন্থা, আটছা, অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু অনুসূচিত জাতি যুৱ পৰিষদৰ বদান্যতাত মঙলবাৰে গোলাঘাটৰ বিভিন্ন অঞ্চলত প্ৰধানকৈ দিন হাজিৰা কৰা, গাড়ী চালক আৰু জোতা-চেণ্ডেল মেৰামতি কৰা আৰ্তজনৰ হাতত প্ৰদান কৰিলে খাদ্য সামগ্ৰী টোপোলা। এনে দুৰ্দিনৰ  সময়ত ছাত্ৰ সংগঠন কেইটিয়ে প্ৰায় ৫০০ টা পৰিয়ালক কৰা এই সহায়ে মানৱীয়তাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিলে। এই কাৰ্যসূচীত  তাই আহোম ছাত্ৰ সন্থাৰ জিলা সভাপতি কৃষ্ণ বৰুৱা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সম্পাদক নিপন গগৈ, অনুসূচিত জাতি যুৱ পৰিষদৰ জিলা সভাপতি মাধুৰ্য দাস, কেন্দ্ৰীয় সমিতিৰ সমাজ কল্যান বিভাগৰ সম্পাদক ধ্ৰুৱ ভৰালী আৰু আটছাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাবুল টোৰি উপস্থিত থাকে। সম্পূৰ্ণ লকডাউন নীতি নিৰ্দেশনা মানি কেৱল কেইজনমান ছাত্ৰ নেতাই এই বিতৰণ কাৰ্যসূচীত অংশ ল’য়। ইয়াৰ পূৰ্বেও  সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহেন বৰা নেতৃত্বত ছাত্ৰ সংগঠনটোৱে বহু পৰিয়ালক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে বিভিন্ন সময়ত নুমলীগড় বাবা থানৰ ভোকাতুৰ কপিকুলক বুট, কল আদি প্ৰদান কৰি আহিছে।

ক’ৰোনা সংক্ৰমণ ৰোধৰ প্ৰচেষ্টা ৰক্তদাতা (এইচবিএছ)ৰ : জামুগুৰিহাটত ছেনিটাৰাইজ

জামুগুৰিহাট

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে জামুগুৰিহাটক বীজানুমুক্ত কৰি তুলি ৰাইজক কিছু সকাহ দিবলৈ ছেনিটাৰাইজ কৰে ৰক্তদাতা (এইচবিএছ) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে৷ সোমবাৰে বিয়লি স্বেচ্ছাসেৱী সংগঠনটোৰ কেবাগৰাকীও বিষয়ববীয়াই নিজে পিঠিত ছেনিটাৰাইজ কৰা মেছিন কঢ়িয়াই জামুগুৰিহাটৰ সমগ্ৰ ব্যৱসায়িক কেন্দ্ৰস্থলটি ছেনিটাৰাইজৰ কৰে৷ জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলৰ প্ৰতিখন সৰু-বৰ দোকানৰ সন্মুখভাগৰ লগতে দুৱাৰ-খিড়িকী, ভাৰতীয় ষ্টেট বেংক, অসম গ্ৰামীণ বিকাশ বেংক,। ইউকো বেংক আৰু ইউবিআই বেংকসমূহৰৰ শাখা কাৰ্যালয়সমুহৰ ভিতৰ-বাহিৰ, প্ৰতিটো এটিএম, নদুৱাৰ খণ্ড উন্নয়ণন বিষয়াৰ কাৰ্যালয়, জামুগুৰি পৰিপুৰক স্বাস্থ্য কেন্দ্ৰ, ব্যৱসায়িক প্ৰতিস্থানৰ প্ৰতিখন ফাৰ্মাচী, প্ৰতিটো মটৰ গেৰেজকে ধৰি পুংখানুপুংখকৈ সুন্দৰভাৱে ছেনিটাৰাইজ কৰে স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়া আৰু সদস্যসকলে৷ ইয়াৰ পূৰ্ৱেও স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়াসকলে জামুগুৰিহাটৰ লগতে শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত জনসাধাৰণ তথা জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলক  মাস্ক-ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি কৰাৰ বাবেই, চৰকাৰী নীতি নিয়মসমুহ সকলোৱে মানি চলাৰ আহবান জনাই ব্যৱসায়িক কেন্দ্ৰস্থলত ছবি সম্বলিত পোষ্টাৰিঙৰ ব্যৱস্থাও কৰিছিল৷ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেইগৰাকীমান অনুগামীৰ দ্বাৰা গঠিত সমগ্ৰ ৰাজ্যজুৰি সামাজিক কামকাজৰ লগত জড়িত স্বেচ্ছাসেৱী সংগঠন ৰক্তদাতা (এইবিএছ)য়ে দেশৰ এনে জটিল পৰিস্থিতিত ৰাইজক সজাগ-সচেতন আৰু ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অহৰহ লৈ থকা এনেবোৰ পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে৷ স্বেচ্ছাসেৱী সংগঠনটোৱে লোৱা প্ৰতিটো কাৰ্যসূচীতে ৰক্তদাতা (এইচবিএছ)ৰ সাধাৰণ সম্পাদক পৱন কুমাৰ নাথ উপস্থিত থাকি নিজেও হাতে কামে সকলো কাম কৰা পৰিলক্ষিত হৈছে৷

বকোৰ বৰুৱা বালিঝাৰত এক হৃদয় বিদাৰক ঘটনা : ভঙা ওপজাত দুৰ্বিষহ জীবন যাপন এটি কিশোৰৰ

বকোৰ বৰুৱা বালিঝাৰত এক হৃদয় বিদাৰক ঘটনা : ভঙা ওপজাত দুৰ্বিষহ জীবন যাপন এটি কিশোৰৰ

বকো

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৰুৱা বালিঝাৰত এটি কিশোৰৰ জীবন যাপনত আহিছে অনেক ঘাত প্ৰতিঘাত। সমগ্ৰ ভাৰতবৰ্ষতেই চলি আছে লকডাউন তাৰ মাজতেই প্ৰকৃতিয়েই যেন তচনচ কৰিলে বকোৰ বালিঝাৰত এটি কিশোৰৰ।কিশোৰটিৰ নাম ছাদ্দাম হুছেইন৷ ছাদ্দাম হুছেইনৰ মাক সৰুতে একাশৰীয়া কৰি থৈ দেউতাকৰ সৈতে এটি বাঁহৰ পজাত জীবন নিৰ্বাহ কৰে। লকডাউন চলি থকা সময়ত ছাদ্দামৰ দেউতাক বাহিৰত আবদ্ধ হোৱাত অকলশৰীয়া জীবন অতিবাহিত কৰিছে ছাদ্দাম হুছেইনে। যোৱা সোমবাৰে প্ৰকৃতিৰ ধ্বংস লীলাই তচনচ কৰিলে ছাদ্দামৰ ঘৰটো। অকলশৰীয়া ছাদ্দামে গৃহহীন হোবাত এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাইজৰ সহায় বিচাৰিয়ো পোৱা নাই সঁহাৰি দুৰ্ভগীয়া ছাদ্দামে৷ বকো সমষ্টিৰ বিধায়িকা নন্দিতা  দাসলৈ অনুৰোধ যাতে তেওঁৰ পজাটি উন্নত কৰি দুখীয়া পৰিয়ালটিক সহায় কৰে বৰুবা প্ৰেছ ক্লাবৰ সাংবাদিক সন্থায়ো অসম চৰকাৰ তথা বকোৰ বিধায়িকা নন্দিতা দাসক আহ্বান জনায় দুখীয়া পৰিয়ালটিক সকাহ দিবলৈ ।

টীয়কত দৰিদ্ৰ আৰ্তসকলৰ মাজত যুৱ ব্যৱসায়ী মনোজ বৰা

টীয়ক

যোৰহাটৰ উদ্যোগী যুৱ ব্যৱসায়ী তথা জিলা বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সদস্য মনোজ বৰাই মঙলবাৰে টীয়ক সমষ্টিৰ মুঠ ১৯ খন পঞ্চায়ত সামৰি লকডাউনৰ ফলত হাহাকাৰ অৱস্থাত পৰা প্ৰায় এহেজাৰটি পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভতাৰ প্ৰমাণ দাঙি ধৰিছে। লগতে জৰুৰীকালীন সেৱাত জড়িত তথা নিজৰ জীৱনকো তুচ্ছ কৰি এই ভয়াবহ পৰিস্থিতিত কৰ্মৰত টীয়কৰ সাংবাদিকসকলক একোখনকৈ মাস্ক, ছেনিটাইজাৰ আৰু খাদ্যৰ টোপোলা প্ৰদান কৰে। উল্লেখযোগ্য যে টীয়কৰ হাস্পতাল তিনিআলিৰ সমীপত থকা কলিয়াপানী মণ্ডল বিজেপিৰ কাৰ্যালয় প্ৰাংগণত উপস্থিত হৈ মনোজ বৰাই নিজ হাতে কেইবাটাও পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে বাকী সামগ্ৰীসমূহ পঞ্চায়তৰ দায়িত্বত থকা দলীয় সতীৰ্থসকলক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে আৰু এই সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত যাতে প্ৰকৃত দৰিদ্ৰ আৰ্তসকল বঞ্চিত নহয় তাৰ প্ৰতি সকলোকে লক্ষ্য ৰাখিবলৈ আহ্বান জনাই আৰু উপস্থিত সাংবাদিকসকলৰ লগতো বাৰ্তালাপ কৰি অতি সাৱধানতা অৱলম্বন কৰি নিজৰ দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায়। উক্ত সমগ্ৰ কাৰ্যসূচীত সমষ্টিটোৰ দুয়োটা মণ্ডলৰ সভাপতি ক্ৰমে ৰাতুল বৰঠাকুৰ, দীপক বৰুৱা, সম্পাদক অভিজিত বৰুৱা, টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক উজ জামান, কলিয়াপানী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি পবিত্ৰ কলিতাকে ধৰি ভালেসংখ্যক দলীয় বিষয়ববীয়াৰ লগতে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য দেৱজিত বৰুৱা বিশেষভাৱে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

চাপানলাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ পাহাৰত ব‍্যাপক বন ধ্বংসৰ বলি দুষ্প্ৰাপ‍্য লাজুকী বান্দৰ উদ্ধাৰ

চাপানলাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ পাহাৰত ব‍্যাপক বন ধ্বংসৰ বলি দুষ্প্ৰাপ‍্য লাজুকী বান্দৰ উদ্ধাৰ

নগাঁও

কাৰ্বি আংলং সীমান্তৱৰ্ত্তী চাপানলাৰ জীয়াজুৰি চাহ বাগিচাৰ ১নং লাইনত সমীপৰে পাহাৰৰ ডাঠ হাবিৰ পৰা ওলাই অহা এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠাৰ। এজাক কুকুৰে খেদি ফুৰা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা লাজুকী বান্দৰটোৰ বিষয়ে খবৰ পোৱাৰ মাত্ৰকে ততাতৈয়াকৈ ঠাই খনত উপস্থিত হৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণীটো উদ্ধাৰ কৰে চাপানলাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে। উদ্ধাৰ কৰাৰ সময়ত দুষ্প্ৰাপ্য প্ৰাণীটোৰ মূৰ আৰু আগ ঠেং আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবে দুলু বৰায়ে নিজৰ ঘৰতে দুদিন ধৰি সুশ্ৰুষা তথা প্ৰাদমিক চিকিৎসা প্ৰদান কৰাত ক্ৰমশঃ সুস্থহৈ পৰে লাজুকী বান্দৰটো। যাৰ বাবে চাপানলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইবাজনো বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত দুষ্প্ৰাপ্য লাজুকী বান্দৰটো মুকলি কৰি দিয়া নিকটৱৰ্ত্তী চোৱাং সংৰক্ষিত বনাঞ্চলত। অতি উদ্বেগজনক কথা এইয়ে যে দীৰ্ঘদিন ধৰি কাৰ্বি পাহাৰৰ অভ্যন্তৰত চলি থকা ব্যাপক বন ধ্বংস যজ্ঞৰ বাবে খাদ্যৰ সন্ধানত তথা সুৰক্ষিত ঠাই বিচাৰি ভৈয়ামৰ দিশে দুষ্প্ৰাপ্য লাজুকী বান্দৰটোৰ দৰে বন্যপ্ৰাণী সমূহ ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে “মুখ্যমন্ত্ৰীৰ সামুহিক কৰ্ম বঁটা-২০১৯” প্ৰাপক প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

অসমলৈ আহিবলৈ উদগ্ৰীৱ ২৩ জন শ্ৰমিক, ১৩০ কিলোমিটাৰ পদব্ৰজে কৰিছে যাত্ৰা : দলত জখলাবন্ধাৰ অভিজিত দাস আৰু এগৰাকী যুৱতী

ৰে'ল যাতায়াত মুকলি হোৱাৰ লগে লগে অসমলৈ আহিবলৈ উদগ্ৰীৱ প্ৰতিজন বহিঃৰাজ‍্যত কৰ্মৰত লোক।

কলিয়াবৰ

 বহিঃৰাজ‍্যৰ লোকৰ বাবে ৰে’ল যাতায়াত মুকলি হোৱাৰ লগে লগে অসমলৈ আহিবলৈ উদগ্ৰীৱ প্ৰতিজন বহিঃৰাজ‍্যত কৰ্মৰত লোক। ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে খোজকাঢ়ি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছে বহিঃৰাজ্যত আবদ্ধ অসম ২৩ গৰাকী শ্ৰমিকে। উত্তৰ প্ৰদেশৰ “গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড” নামৰ কোম্পানীত কৰ্মৰত অসমৰ ভিন্ন জিলাৰ ২৩ জন শ্ৰমিক। কোম্পানীটোৰ শাখা উত্তৰ-প্ৰদেশৰ ‘কাচগঞ্জ’ জিলাৰ ‘তাৰা এণ্টাৰপ্ৰাইজত কৰ্মৰত আছিল অসমৰ এই দলটো। সমীপৰে এটা হোষ্টেলত বাস কৰিছিল  শ্ৰমিকৰ এই দলটোৱে। খাদ্য সামগ্ৰীৰ অভাৱ তথা কোম্পানীৰ লাভ কৰা কোনো ধৰণৰ সহায় সহযোগ। আনহাতে, শ্ৰমিকসকল বাস কৰা অঞ্চলটোত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ ফলত বুধবাৰে হোষ্টেলৰ স্বতাধিকাৰীয়ে হোষ্টেল ত্যাগ কৰিবলৈ নিৰ্দ্দেশ দিয়ে অসমৰ এই শ্ৰমিকৰ দলটোক। তাৰ পিছতেই বুধবাৰে বিয়লি যাতায়াতৰ সুবিধাৰ অভাৱত সম্প্ৰতি খোজকাঢ়ি ঘৰমুৱা হ’ব লগা হৈছে উত্তৰ প্ৰদেশত কৰ্মৰত এই দলটো। নগাঁও জিলাৰ দহজন, বঙাইগাঁও জিলাৰ পাঁচজন, হোজাই জিলাৰ চাৰিজন, শোণিতপুৰ, কাৰ্বি আংলং, গোলাঘাট আৰু বাক্সা জিলাৰ এজনকৈ শ্ৰমিক আছে অসমৰ এই ২৩ জনীয়া দলটোত। দলটোত আছে সাত গৰাকী যুৱতী-মহিলা। বুধবাৰে বিয়লি যাত্ৰা কৰা এই দলটোৱে প্ৰায় ১৩০ কিলোমিটাৰ বাট খোজকাঢ়ি অতিক্ৰম কৰিছে উত্তৰ প্ৰদেশৰ বৰে’লি জিলা।

ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকলৈ কোৱাৰেণ্টাইনৰ বাবে সাজু দৰং জিলা প্ৰশাসন

ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকলৈ কোৱাৰেণ্টাইনৰ বাবে সাজু দৰং জিলা প্ৰশাসন

মঙলদৈ

ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক চৰকাৰে নিজ মাতৃভূমিলৈ ঘূৰাই অনা আৰু লগতে তেওঁলোকক নিদিষ্ট দিন কোৱাৰেণ্টাইন কৰাৰ যি  ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ সমান্তৰালকৈ দৰং জিলাতো ৰাজ্যৰ বাহিৰৰ পৰা ঘূৰি অহা  লোকসকলক কোৱাৰেণ্টাইন কৰাৰ কেনেধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে সেই বিষয়ে আলোচনা কৰিবলৈ বুধবাৰে জিলাখনৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ছিপাঝাৰ, মঙলদৈ, কলাইগাঁও সমষ্টিৰ বিধায়ক ক্ৰমে বিনন্দ কুমাৰ শইকীয়া, গুৰুজ্যোতি দাস, মহেশ্বৰ বড়োৰ উপৰি আৰক্ষী অধীক্ষক অমৃত ভূঞা, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়াসকল তথা বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত উপায়ুক্ত দিলীপ কুমাৰ বৰাই জিলাখনত ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকলৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা  ল’বলৈ স্বাস্থ্য বিভাগকে মুখ্য কৰি  জনস্বাস্হ্য কাৰিকৰী বিভাগ তথা আন আন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ সভাত অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই জানিবলৈ দিয়ে যে ইতিমধ্যে ৰাজ্যৰ বাহিৰৰ পৰা প্ৰায় ৯ হাজাৰ লোকে জিলাখনলৈ ঘূৰি আহিবলৈ আবেদন জনাইছে৷ আহি পাবলগীয়া ৪ জন লোকক জনাৰামচৌকাৰ মডেল হাস্পতালত কোৱাৰেণ্টাইন কৰা হ’ব৷ প্ৰাৰম্ভিকতে জিলাখনৰ কোৱাৰেণ্টাইনৰ বাবে প্ৰস্তুত কৰা কেন্দ্ৰসমূহ হ’ল জৱাহৰ নবোদয় বিদ্যালয়, ধূলা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, মঙলদৈ মহাবিদ্যালয় ছাত্রী নিবাস, ছিপাঝাৰ মহাবিদ্যালয় ছাত্রী নিবাস, হোটেল সিদ্ধাৰ্থ পেলেচ, হোটেল মধুবন, খাৰখোৱা হোটেল, শ্যামলী হোটেল৷ আনহাতে, আন আন কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ স্হাপনৰ আগতে সুবিধা-অসুবিধাসমূহ চালি-জাৰি চাবৰ বাবে বৃহস্পতিবাৰে উপায়ুক্তই বিভিন্ন বিদ্যালয়কে ধৰি বিভিন্ন স্থানসমূহ নিজে পৰিদৰ্শন কৰিব বুলি সভাত জানিবলৈ দিয়ে৷

লংকাৰ ১নং ৰেলগেটৰ সমীপত উৰণীয়া সেতু নিৰ্মাণ কামত মৰণফাণ্ড সদৃশ পৰিৱেশ

লংকা

 লকডাউনৰ সময়ত চৰকাৰে গ্রহণ কৰা কিছু  চৰকাৰী উন্নয়নমূলক আঁচনিৰ কাম থমকি ৰৈছিল যদিও লকডাউনত কিছু শিথিলতা অনাৰ পিছত আধৰুৱা কামসমূহ পূৰ্ণগতিত চলিছে। তাৰ সমান্তৰালভাৱে লংকাৰ ১নং ৰে’ল গেটৰ সমীপতো চলিছে উৰণীয়া সেতুৰ নিৰ্মানৰ কাম৷ কিন্তু উৰণীয়া সেতু নিৰ্মাণৰ কামৰ দায়িত্বত থকা কোম্পানীয়ে শ্ৰমিকক লগাই কাণ্ডজ্ঞানহীনভাৱে পথৰ মাজতেই প্ৰকাণ্ড গাঁত খান্দি চলাই আছে  প্ৰকাণ্ড পিলাৰৰ নিৰ্মাণৰ কাম৷ পুখুৰী সদৃশ গাঁত খান্দি পথটোত চলাই থকা হৈছে উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম৷ কিন্তু উক্ত পথৰ পৰিবৰ্তে যানবাহান যাতায়াতৰ বাবে সুচাৰু ৰূপে দিয়া হোৱা নাই বিকল্প পথ৷ নিৰ্মাণৰ কাম চলি থকা ডাঙৰ ডাঙৰ গাতৰ কাষেৰেই যাবলৈ দিয়া হৈছে যান-বাহন৷ মৰণফাণ্ড সদৃশ গাঁতৰ কাষত দিয়া হোৱা নাই কোনো নিৰাপত্তা তথা বেৰিকেত৷ ফলত যিকোনো সময়ত দূৰ্ঘটনাত পতিত হ’ব পাৰে বহুজনৰ৷ উল্লেখ যে উক্ত পথছোৱাদি লংকা চহৰৰ পৰা লংকাৰ পাশ্বৱৰ্তী বিভিন্ন অঞ্চল তথা লামডিঙলৈ আৰু ৰে’ল গেটৰ কিছু দূৰতে থকা লংকা চৰকাৰী প্ৰাথমিক স্বাস্ব্য কেন্দ্ৰলৈ ৰোগী লৈ  প্ৰত্যেক দিনাই শ শ খন যানবাহন অহা যোৱা কৰে৷ উৰণীয়া সেতু নিৰ্মাণ কোম্পানীৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে আৰু বিকল্প পথৰ ব্যৱস্হা নকৰাৰ বাবে বিগতো দিনটো কেইবাখনো ট্ৰাক, গাড়ী উক্ত পথেৰে যাতায়াত কৰাত দূৰ্ঘটনাগ্ৰস্ত‌ও হৈছে৷  অনতি পলমে  পথটো যাতায়াতৰ বাবে উপযোগী কৰি তুলিবলৈ ৰাইজে দাবী জনাইছে।

টিংখাঙত ৰক্তদানৰ শিবিৰ

টিংখাং

যোগগুৰু ৰবিশংকৰৰ জন্মদিনৰ লগত সংগতি ৰাখি বুধবাৰে টিংখাং আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এক ৰক্তদানৰ শিবিৰ অনুষ্ঠিত হয়। শিবিৰত ৰক্তদান কৰে আৰ্ট লিভিঙৰ ২০জন স্বেচ্ছাসেৱকে৷ অসম চিকিৎসা মহবিদ্যলয়ৰ ব্লাড বেংকৰ কাউন্সিলাৰ চন্দ্ৰ প্ৰভা বৰুৱাৰ নেতৃত্বত ডাঃ ৰিতু শইকীয়া আৰু ডাঃ সুকন্যা গগৈ সহিতে সাতজনীয় টেকনিচিয়ান দলে ৰক্তদান সংগ্ৰহ কৰে৷ সম্পূৰ্ণ শাৰীৰিক দূৰত্ব আৰু পৰিচ্ছন্নতা প্ৰট’কল ৰক্ষা কৰি উপস্হিত থকা স্বেচ্ছসেৱকসকলক আৰ্ট অফ লিভিঙৰ কৰ্মযোগ গোটৰ ৰাজ্যিক পৰিষদৰ সদস্য শুভাকৰণ কোহাঞি শলাগ আৰু ধন্যবাদ জ্ঞাপন কৰে৷

ধুলা আৰক্ষীৰ মাজত ছেনিটাইজাৰ, মাস্ক বিতৰণ বন্ধন বেংকৰ

ধুলা আৰক্ষীৰ মাজত ছেনিটাইজাৰ, মাস্ক বিতৰণ বন্ধন বেংকৰ

খাৰুপেটীয়া

 সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ক’ৰোনা ভাইৰাছে ত্ৰাস সৃষ্টি কৰিছে৷ তেনে ক্ষেত্ৰত আৰক্ষী, সেনা জোৱানসকলে দিন ৰাতি একাকাৰ কৰাৰ লগতে নিজৰ জীৱনকো তুচ্ছ কৰি নিজৰ কৰ্মত নিয়োজিত হৈ কৰ্ম কৰি গৈছে৷ লকডাউনৰ সময়ত সমাজৰ লগতে দেশক সুৰক্ষিত ৰক্ষাৰ্থে কৰ্মত ব্যস্ত থকা আৰক্ষীসকলৰ মাজত বিতৰণ কৰা হয় মাস্ক আৰু ছেনিটাইজাৰ৷ বিভিন্ন সামাজিক কামত জড়িত হৈ অহা বন্ধন বেংকৰ ধুলা শাখাই লকডাউনৰ মাজতে ধুলা আৰক্ষীৰ মাজত ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰে। বুধবাৰে দিনৰ ভাগত বন্ধন বেংক ধুলা শাখাৰ প্ৰবন্ধক ডেভিছ কলিতা আঞ্চলিক প্ৰবন্ধক দ্বীপেন কলিতাৰ লগতে সহকৰ্মী সুৰেশ ডেকা আৰু নয়ন নাথৰ উপস্থিতিত ধুলা থানাৰ  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতিৰ লগতে কেইবাজনো আৰক্ষী জোৱানক মাস্ক ,ছেনিটাইজাৰ প্ৰদান কৰাৰ লগতে আৰক্ষীক নিজৰ দায়িত্বত উৎসাহিত কৰিবলৈ গামোচাৰে সম্বৰ্ধনা জনায় বন্ধন বেংকৰ ধুলা শাখাৰ কৰ্মকৰ্তাই। আনহাতে বন্ধন বেংকৰ এনে প্ৰশংসনীয় কাৰ্যৰ বাবে ধুলা আৰক্ষীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।