Home Blog Page 3376

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাক পূর্ণ স্বাধীনতা ।

দৈনন্দিন বাৰ্তা ডেস্ক :

চীনৰ অতর্কিত আক্ৰমণত শ্বহীদ হয় ২০জন ভাৰতীয় জোৱান৷ চীনৰ আগ্রাসনৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত ভাৰত৷ সেয়ে ভাাত-চীন সীমান্ত তথা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত কৰ্মৰত ভাৰতীয় জোৱানৰ ক্ষেত্ৰত কিছু নিয়ম সলনি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ সলনি কৰা হৈছে ‘ৰুলছ অব এনগেজমেণ্ট’৷ প্ৰাপ্ত তথ্য মতে নতুন নিয়মত চূড়ান্ত পৰিস্থিতিত আগ্নেয়াস্ত্র ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কোনো বাধা নাথাকে সেনাবাহিনীৰ ওপৰত৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে এই নীতিক ইতিবাচক কৰি দিছে৷ ইমান দিনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত-চীন মুখামুখি হ’লেও আগ্নেয়াস্ত্র ব্যৱহাৰ কৰা নাছিল ভাৰতীয় সেনাবাহিনীয়ে৷ এইবাৰ সেই নিয়ম সম্পূৰ্ণ সলনি কৰিছে কেন্দ্ৰই৷ এতিয়াৰ পৰা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাক পূর্ণ স্বাধীনতা দিয়া হৈছে৷ ফলত চূড়ান্ত পৰিস্থিতিৰ সৃষ্টি হ’লে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ স্বাধীনভাৱে সিদ্ধান্ত ল’ব পাৰিব৷ 

চ’ছিয়েল মিডিয়াত ছিপাঝাৰৰ বিধায়কৰ বিৰুদ্ধে অশ্লীল মন্তৱ্য কৰি ৰঙাঘৰৰ আলহী যুৱক ৷

চ'ছিয়েল মিডিয়াত ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ'ল দৰঙৰ বটাবাৰীৰ প্ৰাণজিৎ ডেকা ওৰফে প্ৰাণজিৎ পৰান ৷

দৰং: চ’ছিয়েল মিডিয়াত ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ  বিৰুদ্ধে অশ্লীল মন্তব্য কৰি ৰঙাঘৰৰ আলহী  দৰঙৰ এজন যুৱক ৷ বিজেপি যুৱ মৰ্চাৰ সদস্যৰ এজাহাৰৰ ভিত্তিত যুৱকজনক আটক কৰে ছিপাঝাৰ আৰক্ষীয়ে ৷ ফেইচবুকত  ছিপাঝাৰৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ বিৰুদ্ধে অশ্লীল  মন্তব্যৰে আক্ৰমণ কৰিছিল যুৱকজনে ৷ আনহাতে বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ লগতে বিজেপি ৰ কৰ্মকর্তাক উদ্দেশ্যি ফেইচবুকত অশ্লীল  মন্তব্য কৰিছিল যুৱক জনে ৷আটক কৰা যুৱক জন ছিপাঝাৰ সমষ্টিৰ বটাবাৰীৰ    প্ৰাণজিৎ ডেকা ওৰফে প্ৰাণজিৎ পৰান ৷ নিজ গৃহ বটাবাৰীৰ পৰা  ছিপাঝাৰ আৰক্ষীয়ে আটক কৰে যুৱক জনক ৷ সম্প্ৰতি যুৱ মৰ্চাৰ এজাহাৰৰ ভিত্তিত যুৱকজনৰ  ওপৰত এটা গোছৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ছিপাঝাৰ আৰক্ষীয়ে ৷

নাজিৰা বিহুবৰত জঘন্য ঘটনা : ডাইনী সন্দেহত এজনক হত্যাৰ অপচেষ্টা । উত্তপ্ত পৰিস্থিতি : ৯ জনক গ্ৰেপ্তাৰ ।

নাজিৰা বিহুবৰত ডাইনী সন্দেহত এজনক হত্যাৰ অপচেষ্টা কৰা ৯ জন ব্যক্তিক গ্ৰেপ্তাৰ ।

নাজিৰা : বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ চৰম উৎকৰ্ষৰ  যুগত আজিও এচাম লোকে অন্ধবিশ্বাসৰ কৱলত পৰি ডাইনী সন্দেহতে  জঘন্য ঘটনা সংঘটিত কৰিছে। তেনে এক  অন্ধবিশ্বাসৰ কৱলত পৰি  নাজিৰাৰ বিহুবৰ ওপৰ নামচাই এলেকাত এচাম উম্মত্ত লোকে ডাইনীৰ সন্দেহত বাদল চাউৰা (৬০) এজন ব্যক্তিক লাঠিৰে মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা চলোৱা ঘটনাক কেন্দ্ৰ কৰি যোৱা কালি নিশাৰে পৰা অঞ্চলটোত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হৈছে। উত্তেজিত ৰাইজে ব‍্যক্তিজনক ঘৰৰ পৰা বাহিৰলৈ  উলিয়াই প্ৰচণ্ড মাৰপিট কৰাত তেওঁৰ অৱস্থা সংকটজনক হৈ পৰে।ইফালে এই ঘটনাৰ খৱৰ পাই নাজিৰা চক্ৰ আৰক্ষী বিষয়া দিপক সুত্ৰধৰ, বিহুবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ সিংগাম আৰু সহ পৰিদশক ৰিতুল দাসৰ  নেতৃত্বত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ এটি বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে  উম্মত্ত জনতাৰ কৱলৰ পৰা মুমুষ অৱস্থাত ভুক্তভোগী বাদল চাউৰাক উদ্ধাৰ কৰি ততালিকে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ডাইনীৰ সন্দেহত বাদল চাউৰাক হত‍্যাৰ অপচেষ্টা চলোৱা উম্মত্ত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে যথেষ্ট কষ্ট কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হয়।এনে এক পৰিস্থিতিৰ মাজতে কালি নিশাই আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত  গোবিন চাউৰা,আনন্দ চাউৰা,ৰাজু চাউৰা,অনিল চাউৰা,শিৱা চাউৰা নামৰ যুৱককেইজনক ঘটনাস্থলীৰ পৰা আটক কৰে । কিন্তু  অঞ্চলটোৰ একাংশ ৰাইজে উক্ত যুৱককেইজনক আটক কৰাত বাধা প্ৰদানৰ চেষ্টা কৰাৰ লগতে পৰৱৰ্তী সময়ত বিহুবৰ থানা চৌহদত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে ।একাংশ উত্তেজিত ৰাইজে যুৱককেইজনক মুকলি কৰি দিবলৈ দাবী জনাই থানা ঘেৰাও কৰে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিহুবৰ আৰক্ষীয়ে তদন্ত অব‍্যাহত ৰখাৰ লগতে আজি শিৱসাগৰ জিলা সহকাৰী আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰা বিহুবৰত উপস্থিত হৈ পৰিস্থিতি পৰ্য্যালোচনা কৰে ।আনহাতে যোৱা নিশা  আৰক্ষীয়ে আন  এক অভিযান চলাই এই ঘটনাৰ লগত জড়িত অঞ্চলটোৰ যশমিল চাউৰা, মহেশ চাউৰা, বিপদ চাউৰা, আৰু তীৰনাথ চাউৰাক গ্ৰেপ্তাৰ কৰে। ধৃত আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰজু কৰি বৰ্তমান জেল হাজোতলৈ প্ৰেৰণ কৰে ।

দৰঙৰ চমতীয়াপাৰাত ৬ষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন পশ্চিম মংগলদৈ যৌগিক চিকিৎসালয়, যৌগিক মহাবিদ্যালয়ত ৷

দৰঙৰ চমতীয়াপাৰাত ৬ষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন পশ্চিম মংগলদৈ যৌগিক চিকিৎসালয়, যৌগিক মহাবিদ্যালয়ত ৷

দৰং: আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ সমগ্ৰ দেশৰ লগতে দৰঙতো পালন কৰা হয় ৬ষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ দৰঙৰ পশ্চিম মংগলদৈ যৌগিক চিকিৎসালয় আৰু যৌগিক মহাবিদ্যালয়ৰ লগতে দৰং যোগ শিক্ষক সংস্থাই পালন কৰে আন্তৰাষ্ট্ৰীয় যোগ দিৱসটি ৷ বিশ্বত্যাস মহামাৰি কৰ’ণা ভাইৰাছৰ বাবে চৰকাৰৰ নিষেধাজ্ঞা বলবৎ হৈ থকাত চৰকাৰৰ অনুমতি সাপেক্ষে অনুষ্টুপীয়াকৈ পালন কৰা হয় যোগ দিৱসটি ৷ পুৱা বন্তি প্ৰজ্বলন , গছপুলি ৰোপণ আৰু সমুহীয়া যোগ অনুশিলনেৰে যোগ দিৱস পালন কৰা হয় ৷ বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে যোগ প্ৰশিক্ষক পবিত্ৰ প্ৰাণ ডেকা আৰু হিমাংশু ডেকাই ৷ বন্তি প্ৰজ্বলন কৰে গোপাল বেজবৰুৱাই ৷ সমুহীয়া যোগ অনুশীলন কাৰ্যসূচীত মুখ্য পৰিচালক হিচাৱে অংশগ্ৰহণ কৰে  হিমালয় শৰ্মা , যোগবিদ পশ্চিম মংগলদৈ যোগ মহাবিদ্যালয় ৷

আন্তর্জাতিক যোগ দিৱসত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী : শ্বাসযন্ত্রক অধিক কাৰ্যক্ষম কৰে প্রাণায়মে।

দৈনন্দিন বাৰ্তা ডেস্ক:

প্ৰাচীন কালৰ ভাৰতৰ ঋষিমুনিসকলৰ মাজত প্রচলিত যোগৰ অন্যতম ক্রিয়া প্রাণায়ম। যি আচলতে শ্বাসযন্ত্ৰৰ ব্যায়াম আৰু তাৰ উন্নতি ঘটায় ক’ভিড–১৯ত যেতিয়া ফুচফুচ আক্ৰান্ত হয়  তেতিয়ান সমগ্ৰ বিশ্বই যোগৰ গুৰুত্ব বুজি পাইছে৷ কাৰণ প্রাণায়মে শ্বাসযন্ত্রক অধিক কাৰ্যক্ষম কৰি তোলে৷ দেওবাৰে আন্তর্জাতিক যোগ দিৱসত এই মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে৷ তেওঁ কয়, আমাৰ প্ৰতিৰোধ ক্ষমতা শক্তিশ গ’লে ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে৷ যোগৰ বহু ক্ৰিয়া আছে যি প্ৰতিৰোধ ক্ষমতা আৰু হজম শক্তি বঢ়ায়৷ ক’ভিড-১৯য়ে আমাৰ শ্বাসযন্ত্ৰক আক্ৰমণ কৰে৷ শ্বাসপ্ৰশ্বাসৰ ব্যায়াম প্রাণায়ম আমাৰ সকলোকে বেছি সহায় কৰে স্বাসযন্ত্ৰক শক্তিশালী কৰাত৷ ষষ্ঠ আন্তর্জাতিক যোগ দিৱসত দেশবাসীক অভিনন্দন জনাই প্রধানমন্ত্রীয়ে কয়, এই দিনটো সার্বভৌম ভ্রাতৃত্ব আৰু একতাৰ দিন। যোগৰ মাজেৰে বৰ্ণ বা লিংগ বৈষম্য বিৰোধী, সুস্থ-সৱল গ্ৰহ তৈয়াৰ কৰাত সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মোডীয়ে৷ আন্তর্জাতিক যোগ দিৱসত এদিন যোগাসন কৰে ১৮০০০ ফুট উচ্চতাৰ লাডাখত কৰ্তব্যৰত আৰু বদ্রীনাথত ১৪০০০ উচ্চতাত অৱস্থিত বাসুধৰা হিমবাহত কৰ্তব্যৰত আইটিবিপি জোৱান, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰকাশ জাভেৰকাৰ, ধর্মেন্দ্র প্রধানসহ বিজেপিৰ মন্ত্ৰী আৰু নেতাসকলে ৷

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে  ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

শ্বহীদ ভাৰতীয় সেনা বাহিনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন লগতে চীনা বৰ্জন সন্দৰ্ভত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ সংবাদ মেল ।

শ্বহীদ ভাৰতীয় সেনা বাহিনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন লগতে চীনা বৰ্জন সন্দৰ্ভত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ সংবাদ মেল ।

নলবাৰী : ভাৰতীয় সেনা বাহিনীক চীনে সীমাত ষড়যন্ত্ৰ ৰচিত কৰি নিহত কৰা বাবে সমগ্ৰ ভাৰতবৰ্ষৰ জনগনই শ্বহিদ সকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে অশ্ৰু ভৰা শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে আজি হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়েও পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আৰু বিগত সময় চোৱাত চিৰ বৈৰী চীনৰ সা সামগ্ৰী বয়কত কৰাৰ উদ্দেশ্যে আজি এক সংবাদ মেল অনুষ্ঠিত কৰে । উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে এজন ব্যাক্তি বা এখন দেশ ইতিবাচক দিশেৰে যিমানেই শক্তিশালী ৰুপত সমাজৰ আগত ধৰা দিব ,সিমানেই সেই ব্যাক্তিজনৰ নাইবা সেই দেশখনৰ বিৰুদ্ধে ৰচনা কৰা হব এটাৰ পাচত আন এটা ষড়যন্ত্ৰ । লগতে সংযোজক গৰাকীয়ে পুনৰ কয় যে,চীন দেশে সস্তীয়া বস্তুুৰ প্ৰলোভন প্ৰদান কৰি  ভাৰতৰ বজাৰ দখল কৰি স্থানীয় ক্ষুদ্ৰ উদ্যোগ বন্ধ কৰি অসম তথা ভাৰতত নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে । আমি কিনা চিনা সামগ্ৰীৰ ধনেৰে চীনে পাকস্তানক গুলি বোমা যোগান ধৰে । যি বোমা বাৰুদে আামাৰ জোৱান সকলৰ বুকু বিদাৰিছে । অতিকৈ গুৰুত্ব পুৰ্ণ কথাতো হল অসমৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মান কৰি অসম বা ভাৰতবৰ্ষক মৰুভূমিলৈ ৰপান্তৰ কৰিব বিচাৰিছে।যিখন দেশে ভাৰতবৰ্ষক NSG গ্ৰুপত অন্তৰ্ভুক্তিৰ বাবে বাৰে বাৰে হেঙাৰ হিচাবে থিয় দি আছে।যিখন দেশে অসমৰ  আকচাই চীন নামেৰে অসমৰ ভূ গৰ্ভ এতিয়াও দখল কৰি আছে,যিখন দেশে ভাৰত আৰু অসম বিৰোধী শক্তিক আশ্ৰয় আৰু সাহায্য প্ৰদান কৰি আহিছে।সেয়েহে হিন্দু ক্ৰান্তি দলৰ আহ্বান যিসকল লোকে শীত তাপ,ধুমুহাকো নেওচি আমাক সুৰক্ষা দি আছে,তেওলোকক যদি কিঞ্চিতমানো  ভাল পাই তেন্তে চীনা সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকক।চীনা সামগ্ৰী ক্ৰয় কৰি অসম বা ভাৰত বিৰোধী কামৰ আংশীদাৰ নহব।চীনৰ এপদ বস্তু কিনা মানে  পাকিস্তানৰ এটা গুলি দাম দিয়া।লগতে সংযোজক গৰাকীয়ে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ আহ্বান জনাই যে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ গাৱে ভূৱে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব লাগে যত দেশৰ নিবনুৱা আৰু অৰ্থনৈতিক সমস্যাৰ পৰা হাত সাৰিব পৰা যাব।

নামখলাৰ দিপীলাত জাতীয় উন্নয়ন পৰিষদৰ ৰাভা দিৱস পালন ।

নামখলাৰ দিপীলাত জাতীয় উন্নয়ন পৰিষদৰ ৰাভা দিৱস পালন ।

দৈনন্দিন বাৰ্তা :

জাতীয় উন্নয়ন পৰিষদৰ উদ্যোগত দিপীলা আঞ্চলিক ৰাইজৰ সহযোগত বিষ্ণু ৰাভা দিৱসটি লকডাউনৰ সকলো নীতি নিয়ম মানি অনুষ্টুপীয়াকৈ পালন কৰে৷ পুৱা বিষ্ণুৰাভা প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নিৰঞ্জন বৈশ্যই। বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ক্ৰমে পৰেশ চহৰীয়া, বীৰেন কলিতাই৷ সাম্প্ৰতিক কালৰ ওপৰত সুন্দৰভাৱে আলোকপাত কৰে অৰূপ কলিতাই৷ ভাষণ প্ৰদান কৰে ক্ৰমে প্ৰদীপ কলিতা, বাহাৰুল ইছলাম৷ স্মৃতি গ্ৰন্থ উন্মোচন কৰে অখিল ৰঞ্জন ভট্টই ৷  সভাত উপস্থিত থাকি সৌষ্ঠৱ বঢ়াই ধ্ৰুৱ প্ৰসাদ শৰ্মাকে ধৰি বহুকেইগৰাকী প্ৰতিভাবাণ লোকে৷ আনহাতে বিশ্ব ত্ৰাস সৃষ্টি কৰা ক’ৰনা মহামাৰীৰ সময়তে অনুষ্টুপীয়াকৈ হলেও সংস্কৃতিৰ বাহক বিষ্ণু ৰাভা দিৱসটি পালন কৰা হয় বুলি জাতীয় উন্নয়ন পৰিষদৰ উদ্যোগতা অমিয় কুমাৰ ডেকাই জানিব দিয়ে৷

নাজিৰাত দুখীয়া শিপিনীলৈ তাঁতশাল।

নাজিৰাত দুখীয়া শিপিনীলৈ তাঁতশাল।

নাজিৰা : আজি নাজিৰা এম.চি ক্লাবত “হস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগৰ বৃত্তিমুখী আঁচনিৰ অধীনত নাজিৰা সমষ্টিৰ ৩৪ গৰাকী শিপিনীক তাঁতশাল বিতৰণ কৰা হয়। ইয়াৰোপৰি তেখেতসকলক চৰকাৰীভাৱে পাঁচ হাজাৰ টকাকৈ মূলধন হিচাপে দিয়াৰ ব্যৱস্থা হয় । শিৱসাগৰৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক ৰামকৃষ্ণ শৰ্মাৰ নেতৃত্বত বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপস্হিতিত এই তাঁত শালসমূহ বিতৰণ কৰা হয়। নাজিৰা সমষ্টিৰ যিসমূহ পৰিয়ালে তাঁত শালখনকে সাৰথি হিচাপে লৈ উপাৰ্জন কৰি জীৱন-নিৰ্বাহ কৰি আছে, সেইসমূহ পৰিয়ালৰ শিপিনীসকল যাতে স্বনিৰ্ভৰশীল কৰি গঢ় দিয়াৰ উদ্দেশ্যে  এই সহায়ৰ হাত আগবঢ়োৱা হৈছে। এই তাঁতশালৰ যোগেদি  শিপিনীসকল অধিক কাৰ্য্যক্ষম, কৰ্মোদ্যমী হৈ উঠাৰ লগতে পৰিয়ালটো চলি থাকিবৰ বাবেও যথেষ্ট সুবিধা হ’ব বুলি  বিৰোধী দলপতি শইকীয়াই মত প্ৰকাশ কৰে। যিহেতু এই ক’ৰণা মহামাৰীত বহি:ৰাজ্যত কৰ্মৰত বহু যুৱক-যুৱতী অসমলৈ ঘূৰি আহিছে, তেওঁলোকৰ মাজৰ যুৱতীসকলে যদি বিশেষকৈ তাঁত শালৰ জৰিয়তে কাপোৰ বৈ মেলি, ইয়াক বৃত্তি হিচাপে লৈ নিজৰ কৰ্মদক্ষতাৰে আগবাঢ়ি যাব পাৰে তেন্তে নিশ্চয় তেওঁ লোক স্বাৱলম্বী হ’ব পাৰিব। এই অনুষ্ঠানত শিৱসাগৰ হস্ততাঁত বিভাগৰ বিষয়া কুমুদ ৰঞ্জন দুৱৰাৰ লগতে বিধায়ক দেৱব্ৰত শইকীয়াৰ সহধৰ্মিনী বন্দনা শইকীয়া, অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত নাজিৰাৰ নাফুক গ্ৰাম্য সংগঠনৰ সভানেত্ৰী কানন কাকলি বুঢ়াগোহাঁই আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্হিত থাকে।

চীনৰ ৰঙা চকুক অংগুষ্ঠ প্ৰদৰ্শন কৰি গালৱান নদীত দলং নিৰ্মাণ ভাৰতৰ ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

চীনৰ ৰঙা চকুক অংগুষ্ঠ প্ৰদৰ্শন কৰি লাডাখত বৃহৎ সাফল্য পালে ভাৰতীয় সেনা বাহিনীয়ে৷ গালৱান নদীৰ ওপৰত উচ্চ থিয় পাহাৰত বেইলি ব্ৰীজ বা অস্থায়ী দলং নিৰ্মাণ কৰিলে সেনাৰ অভিযন্তাই৷ উল্লেখ্য যে সমতলত মাটি নাই৷ অতি ঠেক গিৰিপথ৷ প্ৰবল ঠাণ্ডা আৰু চীনা ভাবুকিক অগ্ৰাহ্য কৰি সফলতাৰে ৬০ মিটাৰ দীঘল এই বেইলি ব্ৰীজ নিৰ্মাণ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা৷ ফলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অতি ওচৰত ভাৰতীয় সেনাৰ ফৰৱাৰ্ড প’ষ্টবোৰত গধুৰ যুদ্ধাস্ত্র, সামৰিক সৰঞ্জাম, যান-বাহন আদি সকলোবোৰ যাতায়াত কৰিব পাৰিব৷ নদীৰ ওপৰত কেইটামান কংক্ৰিটৰ পিলাৰৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হয়৷ চাৰি লেনৰ এই দলংখন গালৱান নদী আৰু শায়ক নদীৰ সংযোগস্থলৰ পৰা ৩ কিলোমিটাৰ নিলগৰ ১৪ নং পেট্ৰলিং পইণ্টটোৰ য’ত ১৫ জুনত ৰক্তক্ষয়ী সংঘৰ্ষ হৈছিল তাৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত এই দলংখন৷ এই দলংখন নিৰ্মাণ বন্ধ কৰিবলৈ বাৰম্বাৰ ভাবুকি দিছিল লালফৌজে৷ কিন্তু ভাৰতে বিন্দুমাত্ৰও গুৰুত্ব নিদিলে৷ 

দক্ষিণ এছিয়াত ভাৰতক এঘৰীয়া কৰাৰ কৌশল : চীনৰ পৰা ৰপ্তানি হোৱা ৫১৬১টা পণ্যৰ শুল্ক দিব নালাগে বাংলাদেশে ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

লাডাখত ভাৰতৰ সৈতে সীমান্তত সংঘৰ্ষ বৃদ্ধি কৰাৰ চেষ্টা অব্যাহত ৰখা চীনে বাংলাদেশৰ লগত নতুন প্ৰক্ৰিয়াৰে কামত নামিছে৷ প্ৰধানকৈ বাণিজ্যিক দিশত ধন এৰি দি বাংলাদেশৰ কাষ চাপিবলৈ ধৰিছে চীনে৷ শুকুৰবাৰে বাংলাদেশৰ বাবে বিশেষ সুবিধাৰ কথা ঘোষণা কৰিছে চীনে৷ বাংলাদেশলৈ ৰপ্তানি হোৱা অতিৰিক্ত ৫১৬১টা পণ্যৰ শুল্ক দিব নালাগে বুলি কৈছে৷ ইয়াৰ ফলত বাংলাদেশলৈ চীনে ৰপ্তানি কৰা পণ্যৰ ৯৭ শতাংশ শুল্কমুক্তৰ সুবিধা দিলে বেইজিঙে৷ জুলাইৰ প্ৰথম দিনাৰে পৰা নতুন সিদ্ধান্ত কাৰ্যকৰী হ’ব৷ বাংলাদেশ হ’ল একমাত্ৰ প্ৰতিবেশী দেশ, যি নানান সমস্যাৰ মাজতো ভাৰতৰ সৈতে সম্পৰ্ক ৰাখিছে৷ দক্ষিণে শ্ৰীলংকা-মালদ্বীপ, উত্তৰে নেপাল-ভূটান কাৰোৰে লগত উষ্ণ সম্পৰ্ক নাই ভাৰতৰ৷ কূটনীতিবিদসকলৰ মতে এই পৰিস্থিতিৰ পিছত স্পষ্ট হাত আছে চীনৰ৷ প্ৰতিবেশী দেশবোৰৰ লগত সম্পৰ্কত বিষ ধালি দক্ষিণ এছিয়াত ভাৰতক এঘৰীয়া কৰাৰ কৌশল বাস্তৱায়িত কৰিছে চীনে৷ কিছু বছৰ ধৰি বাংলাদেশ হৈ পৰিছে চীনৰ লক্ষ্য৷ ঢাকাৰ প্ৰধান শ্বেয়াৰ বজাৰ চীনৰ হাতৰ মুঠিত৷ আনহাতে এছিয়া পেচিফিক ট্ৰেড এগ্ৰিমেণ্টৰ আওতাত ৩০৯৫টা পণ্যৰ শুল্কমুক্তৰ সুবিধা ভোগ কৰিব বাংলাদেশে৷ এই সকলো মিলি ৮২৫৬টা পণ্যক শুল্কমুক্তৰ সুবিধা দিলে চীনে৷ বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ৰ বিজ্ঞপ্তিত কয় যে অলপ উন্নত দেশ হিচাপে বাংলাদেশক এই সুবিধা দিলে বেইজিঙে ৷