Home Blog Page 3376

খোৱাঙত চোৰাং তেলৰ ঘাটি উচ্ছেদ

খোৱাঙত চোৰাং তেলৰ ঘাটি উচ্ছেদ

খোৱাং

ডিব্ৰুগড় জিলাৰ খোৱাং শেনচোৱা পুখুৰীত শুকুৰবাৰে চোৰাং তেলৰ এক বৃহৎ ঘাটি আৰক্ষীয়ে উচ্ছেদ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এক অভিযানত এই ঘাটি উচ্ছেদ কৰে৷ অভিযান কালত বিকি সোণোৱাল নামৰ লোকজনৰ ঘৰৰ পৰা প্ৰায় পাঁ‌চ হাজাৰ লিটাৰ ডিজেলসহ কেইবাটাও তেলৰ ড্ৰাম জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীৰ চকুত ধুলি দি এই অসাধু ব্যৱসায়ীজনে দীৰ্ঘ দিনৰ পৰা এই ব্যৱসায় চলাই আহিছিল  এক গোপন সূত্ৰৰ পম খেদি অতিৰিক্ত আৰক্ষী অধীক্ষজনে ব্যৱসায়ীজনৰ ঘৰৰ পৰা এই সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হয়৷ ইফালে চোৰাং তেলৰ এই ৰমৰমীয়া ব্যৱসায় চলাই থকা বিকি সোণোৱাল বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে৷ খোৱাং আৰক্ষীয়ে ইতিমধ্যে ডিজেলৰ লগতে ড্ৰামবোৰ জব্দ কৰি চোৰাং তেলৰ ব্যৱসায়ী বিকিৰ সন্ধানত নামি পৰিছে৷ উল্লেখ্য যে চোৰাং তেলৰ ব্যৱসায়ীজনে মুক্তভাৱে এই ব্যৱসায়ত নামি পৰি বৃহত্তৰ শেনচোৱা পুখুৰী অঞ্চলত তেল যোগান ধৰি আহিছিল। এই ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰিলেই চোৰাং তেলৰ এই বৃহৎ চক্ৰটোৰ লগত আৰু কোন কোন লোক জড়িত হৈ আছে উলাই পৰিব বুলি ৰাইজে মত পোষণ কৰিছে৷

বকো আৰক্ষীৰ তালাচিত উদ্ধাৰ ড্ৰাগছসহ নগদ ধন : দুই ব্যৱসায়ী যুৱক আটক

বকো আৰক্ষীৰ তালাচিত উদ্ধাৰ ড্ৰাগছসহ নগদ ধন : দুই ব্যৱসায়ী যুৱক আটক

বকো

 দেশজুৰি ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে তীব্ৰ যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি হৈ থকাৰ মাজতে শুকুৰবাৰে কামৰূপ জিলাৰ বকোত উদ্ধাৰ হয় নগদ ধনসহ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী। শুকুৰবাৰে আবেলি বকো আৰক্ষী থানা আৰু বকো বজাৰৰ কাষতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বহোৱা আৰক্ষীৰ পহৰা চকীত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মনৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় অবৈধ ড্ৰাগছ সৰবৰাহকাৰী অসাধু ব্যৱসায়ী দুজন। তালাচী চকীৰ ঘটনাস্থলীত জানিব পৰা মতে গোৱালপাৰা জিলাৰ ময়লা পথাৰৰ হজৰত শ্বেখৰ দুই পুত্ৰ ছানোৱাৰ হুছেইন আৰু আব্দুল্লা শ্বেখ নামৰ অসাধু ব্যৱসায়ী দুজনে এ এছ ০১ ডি টি – ৬৬৪৬ নম্বৰৰ এল্টো কে ১০ ভি এক্স আই ছিৰিজৰ মাৰুতি গাড়ীৰে গুৱাহাটীৰ পৰা গোৱালপাৰা জিলা অভিমুখে আহিছিল। উল্লেখ্য যে এক গোপন সূত্ৰৰ পম খেদি বকো থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে পহৰা চকীত উক্ত গাড়ীখন ৰখায় আৰু তালাচী চলায়। আৰক্ষীৰ তালাচীত কথা বতৰাত সন্দেহ হোৱাত গাড়ীৰ ভিতৰত থকা বেগত ওলাই তিনি লাখ চৈধ্য হাজাৰ টকাসহ এক কিলো দুশ পয়সত্তৰ গ্ৰাম ড্ৰাগছৰ লগতে ভিন্ন প্ৰকাৰৰ ঔষধ আৰু টেৱলেট। ইফালে মুঠ ৩৭ টা পেকেটত বাৰ হাজাৰটা টেবলেট থকা বুলি জানিবলৈ দিয়ে ধৃত ব্যৱসায়ী দুজনে। আৰক্ষী সূত্ৰে জানিব পৰা মতে উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ডেৰ লক্ষ্য টকা। আনহাতে গাড়ীত উত্তেজক ঔষধ আৰু সাধাৰণ টেবলেট কিছুমানৰ লগত অন্যান্য সামগ্ৰীও পোৱা গৈছে। বকোত ড্ৰাগছ সৰবৰাহকাৰী অসাধু ব্যৱসায়ী আটক হোৱা খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পিংকী দত্ত, ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অদিতী গগৈসহ স্থানীয় প্ৰশাসনৰ লোক। 

ডিজুভেলীৰ প্ৰান্তীয় অঞ্চলত অ’পেন ড’ৰ অসমৰ সাহায্য বিতৰণ

কলিয়াবৰ

লকডাউনত উপাৰ্জনহীন হৈ কলিয়াবৰৰ ডিজুভেলী চাহ বাগিচাৰ একাংশ শ্ৰমজীৱী লোকে বনৰীয়া আলু-কচু খাই ভোক নিবাৰণ কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে অসহায় লোকসকলৰ কাষত ঠিয় দিয়ে কলিয়াবৰৰ এটি আগশাৰীৰ বেচৰকাৰী সংস্থা অ’পেন ড’ৰ অসমৰ সদস্যসকল। নগাঁও-কাৰ্বি আংলং সীমান্তবৰ্তী পাহাৰৰ নামনিৰ প্ৰান্তীয় অঞ্চলত অৱস্থিত ডিজুভেলী চাহ বাগিচাৰ ২৩ নং খণ্ডৰ অৰ্ধ শতাধিক শ্ৰমজীৱী পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে স্বেচ্ছাসেৱী সংস্থাটোৱে। উল্লেখ্য যে পঞ্চায়ত কৰ্মীৰ দুৰ্নীতি-অনিয়মৰ বাবে আঞ্জুকপানী গাঁও পঞ্চায়তৰ এলেকাধীন পিছপৰা অঞ্চলটোৰ লোকসকলে চৰকাৰী-বেচৰকাৰী সাহায্যৰ অভাৱত অনাহাৰে-অৰ্ধাহাৰে দিন পাৰ কৰাৰ লগতে পাহাৰীয়া আলু-কচুৰে ভোক নিবাৰণ কৰি আহিছিল অসম চাহ নিগমৰ অধীনস্থ বাগিচাখনৰ প্ৰান্তীয় অঞ্চলটোৰ বাসিন্দাসকলে। লকডাউনৰ প্ৰভাৱত খাদ্য সংকটত পৰা শ্ৰমজীৱী লোকসকলক চাউল, ডাইল, আটা, আলু, পিঁয়াজ আদি খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে চাবোনকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীও বিৰতণ কৰে সংস্থাটোৱে। বেচৰকাৰী সংস্থাটোৰ এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় কলিয়াবৰ মহকুমা প্ৰশাসনেও।

লেহেমীয়া গতিত ডিৰাক চোমনি খহনীয়া ৰোধৰ জিঅ’ বেগৰ কাম : ক্ষুদ্ধ বিধায়ক বলিন চেতিয়া

লেহেমীয়া গতিত ডিৰাক চোমনি খহনীয়া ৰোধৰ জিঅ' বেগৰ কাম : ক্ষুদ্ধ বিধায়ক বলিন চেতিয়া

ডিৰাক সীমান্ত

তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ধলা অঞ্চলৰ শতাধিক গাঁৱৰ ৰাইজৰ বাবে ভাবুকি স্বৰূপ হৈ পৰা ন-দিহিং নদীৰ ডিৰাক চোমনি মথাউৰিৰ সংকটপূৰ্ণ হৈ থকা চাৰিটা অংশৰ খহনীয়া ৰোধৰ বাবে অসম চৰকাৰে প্ৰায় চাৰি কোটি বিৰাশী লাখ টকাৰ জিঅ’ বেগৰ আঁচনি প্ৰস্তুত কৰি প্ৰণৱজ্যোতি চেতিয়া নামৰ ঠিকাদাৰগৰাকীক কামৰ আৱণ্টন দিছিল যদিও কামৰ লেহেমীয়া গতিৰ বাবে ক্ষুণ্ণ হৈ পৰিছে সমষ্টিটোৰ বিধায়ক বলিন চেতিয়া৷ শুকুৰবাৰে বিধায়কগৰাকীয়ে ডিৰাক চোমনি মথাউৰিত উপস্থিত হৈ কামৰ অগ্ৰগতি দেখি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে। ঠিকাদাৰৰ মহৰিৰ লগতে জলসম্পদ বিভাগৰ কৰ্মচাৰীক অধিক ক্ষিপ্ৰতাৰে জিঅ’ বেগৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আগন্তুক কেইদিনমানৰ পিছতে কামৰ অগ্ৰগতিৰ বুজ ল’বলৈ পুনৰ মথাউৰি পৰিদৰ্শন কৰিব বুলি জনায়৷ আনহাতে মথাউৰি মেৰামতি কৰা কামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ উপৰি একাংশই কামত বিধিপথালি দিয়াৰ অভিযোগ সন্দৰ্ভত বিধায়কগৰাকীয়ে মথাউৰি জিঅ’ বেগৰ চাৰিটা অংশৰ কামত কোনোধৰণৰ দুৰ্নীতি সহ্য কৰা নহ’ব বুলি প্ৰকাশ কৰি কামত বিধিপথালি দিয়া ব্যক্তিৰ ওপৰত প্ৰয়োজন সাপেক্ষে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে৷ উল্লেখ্য যে বাৰিষা সমাগত হ’ল যদিও বৰ্তমানলৈকে মথাউৰিৰ মেৰামতিৰ কাম বৰ্তমানলৈকে প্ৰায় চল্লিশ শতাংশহে সম্পন্ন হৈছে৷

কোভিড- ১৯ পজিটিভ দেৱৰাজ আচাৰ্যকলৈ চাঞ্চল্য গ্ৰাম্য কামৰূপত

বাইহাটা চাৰিআলি

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মদনপুৰত এজনৰ দেহত ক’ৰ’ণা পজিটিভ পোৱাৰ পিছত সমগ্ৰ অঞ্চলটোৰ লগতে জিলাখনত আতংকময় পৰিবেশ বিৰাজ কৰিছে৷ প্ৰাপ্ত বাতৰি অনুসৰি, কৰ্মসূত্ৰে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰত ভাড়া ঘৰত বসবাস কৰা দেৱৰাজ আচাৰ্য নামৰ কোভিড-১৯ পজিটিভ লোকজন যোৱা ৬ মে’ তাৰিখে পশ্চিম বংগৰ শিলিগুৰিৰ পৰা গুৱাহাটীলৈ আহিছিল৷ ঘটনাৰ বিৱৰণী মতে, প্ৰকৃততে কলকতাৰ বাসিন্দা দেৱৰাজ আচাৰ্যই পৰিয়ালসহ শিলিগুৰিৰ চাৰ্চ ৰোডৰ ভাড়া ঘৰত বসবাস কৰে তথা কামৰূপ জিলাৰ মদনপুৰস্থিত টাটা টি কনজুমাৰ প্ৰডাক্ট নামৰ কোম্পানীটোৰ কৰ্মচাৰী সূত্ৰে মদনপুৰৰ ৰূপেশ্বৰ দাস নামৰ অৱসৰপ্ৰাপ্ত আৰক্ষী এগৰাকীৰ ঘৰহ ভাড়া থাকে৷ তৃতীয় পৰ্যায়ৰ লকডাউন কিছু শিথিল হোৱাৰ পিছত যোৱা ৬ মে’ তাৰিখে শিলিগুৰিৰ পৰা দুই বন্ধু সহ ডব্লিউবি ৭৪ এএইচ ৪৭৪৭ নম্বৰৰ ইন’ভা গাড়ীখন নিজে চলাই গুৱাহাটীত উপস্থিত হৈছিল৷ গুৱাহাটীৰ সৰুসজাইস্থিত কোৱাৰেণ্টাইন গৃহত তিনিওগৰাকী লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি কোৱাৰেণ্টাইন কৰাৰ নিৰ্দেশ দিছিল চিকিৎসকে৷ কিন্তু ৰহস্যজনকভাৱে তেজ পৰীক্ষাৰ ফলাফল আহি নোপোৱাকৈ লোকজনে দুই বন্ধু সহ উপস্থিত হয় মদনপুৰত৷ ইফালে বৃহস্পতিবাৰে নিশাৰ ভাগত চিকিৎসা কৰ্মী আৰু আৰক্ষীৰ লোকে দেৱৰাজ আচাৰ্যক সৰুসজাই কোৱাৰেণ্টাইন গৃহলৈ লৈ যায় তথা তেওঁৰ দুই বন্ধু পশ্চিম বংগৰ গৌতম মিশ্ৰ আৰু বিটু গোপেক কামৰূপ জিলাৰ শিঙিমাৰী চিকিৎসালয় কোৱাৰেণ্টাইন গৃহত ৰখাৰ ব্যৱস্থা কৰে৷ ইফালে শুকুৰবাৰে আৰক্ষী প্ৰশাসন আৰু চিকিৎসা বিভাগৰ কৰ্মী আহি মদনপুৰস্থিত দুমহলীয়া আবাস গৃহটো চীল কৰে৷ এই ঘৰটোত থকা অন্য আবাসীসকলকো কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে৷ আনহাতে দেৱৰাজ আচাৰ্যৰ সৈতে এটা আৱাসত একেলগে থকা অন্য আঠজন ব্যক্তিক ৰঙিয়া আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰা হৈছে৷ এই আঠজন ক্ৰমে কোচবিহাৰৰ পংকজ বৰ্মন (২২), বিহাৰৰ ৰাম প্ৰৱেশ পণ্ডিত (৩২), চৰাইদেউ জিলাৰ ধ্ৰুৱ কোঁৱৰ (৩১), ৰাজু বৰুৱা (৩০) আৰু বিজু বৰুৱা(৩০), পশ্চিম বংগৰ অৰূপ কুমাৰ চৰ্দাৰ (২৭), উত্তৰপ্ৰদেশৰ সমীৰণ ভট্টাচাৰ্য (২৫) আৰু কোচবিহাৰৰ ৰাহুল বৰ্মণ(১৮)৷ আনহাতে আৱাসিক এলেকাটোৰ ৰান্ধনী মদনপুৰৰ সোমে নাথ আৰু তেওঁৰ পুত্ৰ উৎপল নাথকো ১০৮ যোগে ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰা হৈছে৷

প্রধানমন্ত্রী কৃষক সম্মান নিধি যোজনাৰ হিতাধিকাৰীৰ কেলেংকাৰী : ভুৱা কৃষকৰ তালিকাৰে ভৰি পৰিছে সাহায্যৰ তালিকা

ডিৰাক সীমান্ত

কেন্দ্ৰীয় চৰকাৰৰ এশ শতাংশ অনুদানেৰে ৰূপায়িত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ সাহায্যৰ নামত ৰাজ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি৷ চৰকাৰে প্ৰকাশ কৰা তালিকা দেখি চকু কপালত উঠিছে সচেতন মহলৰ লগতে প্ৰকৃত কৃষকসকলৰ। ভুৱা কৃষকৰ তালিকাৰে ভৰি পৰিছে সাহায্যৰ তালিকা৷ ফলত বঞ্চিত হৈছে প্ৰকৃত কৃষক৷ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং সৰুমেচাই, ২ নং সৰুমেচাই, ৩ নং সৰুমেচাই, ১ নং সৰুডিৰাক, ২ নং সৰুডিৰাক আদিকে ধৰি প্ৰায় প্ৰতিখন গাঁৱৰ বিপৰীতে প্ৰকাশ পোৱা তালিকাত অলেখ অপৰিচিত অৰ্থাৎ অস্তিত্বহীন কৃষকৰ নাম সন্নিবিষ্ট হৈছে। এনে কৃষকৰ নাম তালিকাত কোনে অন্তৰ্ভুক্ত কৰিলে সেয়া এক ডাঙৰ ৰহস্য। এই বিয়াগোম কেলেংকাৰীৰ আঁৰত এটা যে এক বৃহৎ চক্ৰ জড়িত হৈ আছে সেয়া নিশ্চিত। এই আঁচনিৰ অধীনত কৃষকলৈ ৬০০০ টকাৰ বাৰ্ষিক অনুদান আগবঢ়োৱা হয়। প্ৰকৃত কৃষক ৰাইজক বঞ্চিত কৰি অস্তিত্বহীন লোক লোকক নিৰ্বাচন কৰা হৈছে হিতাধিকাৰী হিচাপে  https://pmkisan.gov.in/Rpt_BeneficiaryStatus_pub.aspx এই লিংকত গৈ নিজ গাঁৱৰ কৃষকৰ তালিকাখন দেখি স্তম্ভিত হৈছে সচেতন মহলে। এই সমগ্ৰ বিষয়টোৰ এক নিৰপেক্ষ তদন্ত হলে জালত পৰিব চৰকাৰৰ বিয়াগোম বিষয়া কৰ্মচাৰী সেয়া নিশ্চিত।

ক’ৰ’ণা বাছ! আজমেৰৰ পৰা অহা বাছত ৭ আক্ৰান্ত : অসমত ৫৭ লৈ বৃদ্ধি ক’ভিড আক্ৰান্ত

গুৱাহাটী

 দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পিছত গণ সংক্ৰমণ হ’ল ৰাজস্থানৰ আজমেৰ দৰগাহ ফেৰতৰ মাজত।যোৱা দুই মে’ৰ পৰা যাত্ৰা আৰম্ভ কৰা ৪৬ জনক কঢ়িয়াই অনা দুখন বাছ উপস্থিত হৈছিল শিলচৰত। এই বাছত ফৰিদুল ইছলাম নামৰ গাড়ী চোৰ এটাৰ জৰিয়তে ক’ৰ’ণা বিয়পিল। নিজৰ পৰিচয় গোপন কৰি বিশ্বনাথৰ ফৰিদুল পালেগৈ কাছাৰ। বৃহস্পতিবাৰে এই বাছত অহা চাৰিজন ক’ৰ’ণাক্ৰান্ত হোৱাৰ পিছত শুকুৰবাৰে একেখন বাছৰ তিনি যাত্ৰীও আক্ৰান্ত হৈছে। অন্য প্ৰায় দুকুৰীজনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে সকলোকে শিলচৰ মেডিকেল কলেজত ৰখা হৈছে। ইফালে গুৱাহাটীত কালি চাৰিজন ক’ৰ’ণাক্ৰান্ত ওলাইছে। ইয়াৰে এগৰাকী হ’ল জিএমচিএইছৰ চিকিৎসক ডাঃ লিথিকেশ দি এছ।আন তিনিগৰাকী হ’ল বাইহাটাৰ দেবৰাজ আশ্চাৰ্য, খাৰঘূলিৰ বৰদা দাস আৰু বিৰুবাৰীৰ দিপীকা নাথ।ইয়াৰে দিপীকাৰ আক্ৰান্তৰ তথ্য সদৰী হৈছে মৃত্যুৰ পিছতহে। এনেকৈয়ে ৰাজ্যত ক’ৰ’ণাক্ৰান্তৰ সংখ্যা হৈছেগৈ ৫৬ জন। সুস্থ হৈছে ৩৪, মৃত্যু ২, হাস্পতালত আছে ২১ জন। 

জিএমচিৰ অধীক্ষকসহ ঌ চিকিৎসক, ৩৮৬ জনক কোৱাৰেণ্টাইন : কোৱাৰেণ্টাইনৰ অধীনত ৫ টা স্থান, ৰে’ড জ’ন হ’ব নেকি মহানগৰ গুৱাহাটী?

গুৱাহাটী

গুৱাহাটী মহানগৰ ৰে’ড জ’নৰ অধীনলৈ যাব নেকি? চাৰি ক’ৰ’ণাক্ৰান্ত ধৰা পৰাৰ লগতে এজনৰ মৃত্যুৰ পিছত উত্থাপিত হৈছে এই কথা। শুকুৰবাৰে জিএমচিএইছৰ এক আৰু পাঁচ নং ছাত্ৰাবাস, লখৰা অঞ্চলটো, চানমাৰী-খাৰঘূলিৰ অমিয়া নগৰ,বি বৰুৱা কেন্সাৰ চিকিৎসালয় আৰু বেলতলাৰ ইএছআই হাস্পাতাল কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে। আনহাতে দহ মে’লৈ নতুন ৰোগী ভৰ্তি কৰা নহয়৷ অহা তিনিদিনলৈ জিএমচিএইছ আৰু ইএছআই হাস্পতালত ৰোগী ভৰ্ত্তি কৰা নহয়।এক নং আৰু পাঁচ নং ছাত্ৰাবাসৰে সম্পৰ্ক আছে ক’ৰ’ণাক্ৰান্ত ডাঃ নিথিকেশ ডি এছৰ। অমিয়া নগৰত থাকে ক’ৰ’ণাক্ৰান্ত বৰদা দাস। মৃত ক’ৰ’ণাক্ৰান্ত দিপীকা নাথৰে সম্পৰ্ক আছিল ইএছআই হাস্পতাল, বি বৰুৱা কেন্সাৰ হাস্পতাল আৰু লখৰা অঞ্চল।আনজন আক্ৰান্ত দেবৰাজ আশ্চৰ্য বাইহাটাৰ বাসিন্দা আৰু তেওঁৰহে ভ্ৰমণ কৰাৰ তথ্য আছে।বাকীকেইজনৰ ভ্ৰমণৰ তথ্য নাই। দিপীকাৰ আইতাক মালতী বাছফৰ বি বৰুৱা হাস্পতালৰ চাফাইকৰ্মী আছিল। যোৱা চাৰি মে’ত দিপীকাই বি বৰৱা হাস্পতালত চেলাইন লৈছিল। ইএছআইচি হাস্পতাললৈ দিপীকা গৈছিল৷ এনেকৈয়ে মহানগৰীত চাৰি আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ৩৮৬ জনক কোৱাৰেন্টাইন কৰা হৈছে৷ ইয়াত জিএমচিএইছৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ ঌ চিকিৎসক, কেবাগৰাকী নাৰ্ছ, কৰ্মচাৰী আদিও আছে। আনহাতে এক সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মহানগৰত শিশু, জ্যেষ্ঠ নাগৰিক আদিৰ অবাধ আহ-যাহ হৈছে। এই কথা চিন্তনীয়। দোকান খোলাৰ ক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰণ কৰা নাই।লকডাউনৰ সকলো নীতি ভংগ কৰিছে একাংশই।এই কাৰ্য অতিশয় চিন্তনীয় বুলি তেওঁ আঙুলীয়াই দিয়ে।এনেকৈয়ে খোদ মহানগৰীতে ক’ৰ’ণাক্ৰান্ত বৃদ্ধি হোৱা আৰু লকডাউনৰ নীতি ভংগ কৰাৰ হেতুকে ৰে’ড বা অৰেঞ্জ জ’নলৈ পৰিবৰ্তন হোৱাৰ সম্ভাৱনা আছে৷

তেজুৰপৰা ৫ দিন খোজকাঢ়ি জামুগুৰি পালেহি তিনি শ্রমিক : তিনিমাহ কাম কৰাই এটকাও নিদিলে ঠিকাদাৰে

জামুগুৰিহাট

ক’ৰ’ণা মহামাৰীয়ে সর্বত্ৰ বিভীষিকাৰ সৃষ্টি কৰাৰ মুহূর্তত বৃহস্পতিবাৰে সন্ধ্যা প্ৰায় ৭ বজাত এখন ট্রাকত তিনিজন যুৱক আহি জামুগুৰিহাটৰ মাজমজিয়াত উপস্থিত হোৱা এক ঘটনাই অঞ্চলটোৰ সচেতন মহলত শংকাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে সন্ধ্যা ৬ বজাৰ পৰা বলবৎ হৈ থকা সান্ধ্য আইনৰ সময়ত এইদৰে গাড়ীৰ পৰা নামি নিজ গৃহলৈ যাব বিচৰা যুৱক কেইজনক দেখি সন্দেহ ওপজাত ডেকাসুন্দৰ গাঁৱৰ সচেতন তিনি যুৱক ক্রমে মিংকু কলিতা, পবিত্র বৰুৱা আৰু হেমন্ত হাজৰিকাই যুৱক কেইজনক আবদ্ধ কৰি প্রশ্ন কৰাত এক হৃদয়বিদাৰক কাহিনী সন্মুখলৈ আহে৷ উক্ত যুৱক কেইজন ক্রমে জামুগুৰিহাটৰ বকুলৰতলৰ শ্ৰীমন্ত ঠাকুৰীয়া (১৬), মাজগাঁৱৰ বিকি দাস (১৯) আৰু পানপুৰৰ ৰিংকল দাস৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা অৰুণাচল প্রদেশৰ তেজুস্থিত আইটিবিপি কেম্পত আটাইকেইগৰাকী শ্রমিক হিচাপে নিয়োজিত আছিল৷ আটাইকেইজন শ্রমিকক বঙালমৰাৰ ঠিকাদাৰ জনৈক হুছেইনে উক্ত শিবিৰত নির্মাণ কার্যৰ শ্রমিক হিচাপে নিযুক্তি দিছিল৷ শ্রমিক কেইজনে প্রায় তিনি মাহ কাম কৰাৰ পাছত লকডাউন আৰম্ভ হোৱাত কাম বন্ধ হৈ পৰে যদিও ঘৰলৈ অহাৰ কোনো ব্যৱস্থা নথকাত উক্ত শিবিৰতে আবদ্ধ হৈ পৰে৷ মনকৰিবলগীয়া যে ঠিকাদাৰ  হুছেইনে এই শ্রমিকসকলক মাহে ১২,০০০ টকাকৈ পাৰিতোষিক দিয়াৰ বন্দবস্তিৰে কামত নিয়োজিত কৰিছিল যদিও কাম আৰম্ভ হোৱাৰ পৰা তিনি মাহ ওকলি যোৱাৰ পাচতো এটকাও নিদি লকডাউন আৰম্ভ হোৱাৰ পৰা যোগাযোগো বন্ধ কৰি দিয়ে৷ ইপিনে শ্রমিক কেইগৰাকীৰ হাতত নিয়া টকাকেইটাও  শেষ হোৱাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাত যোৱা ৪ তাৰিখৰ পৰা খোজ কাঢ়ি নিজ গৃহলৈ উভতি আহে৷ সম্পুর্ণ ৫ দিন খোজ কাঢ়ি কালি পুৱা নাৰায়ণপুৰত উপস্থিত হৈ সৌভাগ্যক্রমে এখন ট্রাকত উঠি সন্ধ্যা জামুগুৰি পাইহি৷ যুৱককেইজনৰ তথ্য অনুসৰি নাৰায়ণপুৰত তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰা হৈছিল যদিও মাত্র এজনৰ স্বাস্থ্য পৰীক্ষাৰ প্রমাণপত্র পোৱাৰ বিপৰীতে আন এজনৰ হাতত ষ্টাম্প পোৱা যায়৷ এনে ত্রুটিপুর্ণ স্বাস্থ্য পৰীক্ষা দেখি আবদ্ধ কৰি ৰখা যুৱককেইজনে তাৎক্ষণিকভাৱে জামুগুৰি আৰক্ষী নিবেশৰ লগত যোগাযোগ কৰাৰ লগতে জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্রৰ স্বাস্থ্য বিষয়া ডাঃ হৰেন শইকীয়াৰ লগতো যোগাযোগ কৰে৷ স্বাস্থ্য বিষয়াগৰাকীৰ পৰামর্শক্রমে পৰৱর্তী সময়ত স্বাস্থ্য কেন্দ্রলৈ নি স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ১৪ দিনৰ বাবে স্ব-গৃহত আবদ্ধ হৈ থাকিবলৈ স্বাস্থ্য বিভাগৰ পৰা নির্দেশ জাৰি কৰা৷ মন কৰিবলগীয়া যে এইদৰে যদি নিশাৰ ভাগত অন্য ৰাজ্যত থকা লোকসকল আহি সকলোৰে অজ্ঞাতে নিজ গৃহলৈ প্রত্যাৱর্তন ঘটিছে তেন্তে অঞ্চলটোত এক ভয়াবহ বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিব৷ জানিবপৰা মতে জামুগুৰি কেন্দ্রস্থলত গাঁওৰক্ষী বাহিনীৰ ব্যৱস্থা আছে যদিও  নিশাৰ ভাগত তেওঁলোকক দেখা নাযায়৷ আনহাতে পূর্বতে জামুগুৰি ব্যৱসায়ী সন্থাৰ নিজাকৈ নৈশ প্ৰহৰাৰ ব্যৱস্থা আছিল যদিও সেই ব্যৱস্থাও বর্তমান অচল৷ এনে সময়ত নিশাৰ ভাগত বাছ আস্থানৰ আশে-পাশে অাৰু গাঁওবোৰত প্রহৰাৰ ব্যৱস্থা গ্রহণ নকৰিলে সমগ্র ৰাজ্যতে ক’ৰ’ণাই ভয়াবহ ৰূপ ধাৰণ কৰিব বুলি ৰাইজে সন্দেহ প্রকাশ কৰিছে৷

লকডাউনৰ প্ৰভাৱ : ইলেকট্ৰ’নিকছ সামগ্ৰীৰ কৰ্মচাৰী হৈ পৰিল শাক-পাচলিৰ ব্যৱসায়ী

লকডাউনৰ প্ৰভাৱ : ইলেকট্ৰ’নিকছ সামগ্ৰীৰ কৰ্মচাৰী হৈ পৰিল শাক-পাচলিৰ ব্যৱসায়ী

জামুগুৰিহাট

সমগ্ৰ পৃথিৱীত মহামাৰী ৰূপ লোৱা ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই দেশত ঘোষণা কৰা হ’ল লকডাউন৷ এই লকডাউনৰ সময়চোৱাত দেশৰ লগতে ৰাজ্যৰ বহুতৰে জীৱন শৈলী সলনি হোৱা দেখা পোৱা গ’ল৷ লকডাউনৰ বাবেই দোকান পোহাৰ বন্ধ হৈ পৰাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বহু লোকৰেই পূৰ্ৱৰ জীৱন জীৱিকাৰ বৃত্তি সলনি হোৱা পৰিলক্ষিত হয়৷ জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ ৰঞ্জিত শইকীয়া নামৰ উদ্যমী যুৱকগৰাকী ইলেক্ট্ৰনিকছৰ সামগ্ৰীৰ দোকানৰ লগত জড়িত হৈ বিগত বছৰ বছৰ ধৰি পৰিয়াল পোহপাল দি আহিছিল৷ আনৰ দোকানত থাকি সুন্দৰকৈ দোকান পৰিচালনা কৰি জামুগুৰিহাটৰ এগৰাকী চিনাকি যুৱক হৈ পৰা ৰঞ্জিত শইকীয়া লকডাউনৰ পিছতেই হৈ পৰিল শাক-পাচলিৰ ব্যৱসায়ী৷ কিয়নো লকডাউনৰ বাবে এমাহৰো অধিক কাল দোকান বন্ধ হৈ পৰাত পৰিয়াল পোহপাল দিয়াৰ দিশত ৰঞ্জিত সন্মুখীন হ’বলগীয়া হ’ল যথেষ্ট প্ৰত্যাহবানৰ৷ বৰভগীয়াস্থিত নিজ বাসগৃহৰ সন্মুখতে নিজৰ ঘৰৰ লগতে গাঁৱৰ অন্যান্য কৃষকৰপৰা শাক-পাচলি ক্ৰয় কৰি আনি ৰঞ্জিতে ৰাজ্যত “জনতা কাৰ্ফিউ” আৰম্ভ হোৱা দিনটোৰপৰাই সাধাৰণকৈ আৰম্ভ কৰিছিল শাক পাচলিৰ ব্যৱসায়৷ এগৰাকী থলুৱা যুৱকহৈও নিজৰ আত্ম-সন্মানৰ খাতিৰতে হওক নতুবা অন্য কাৰণতে হওক পূৰ্ৱে নকৰা এনে ব্যৱসায়ত হাত দি এতিয়া কিন্তু যথেষ্ট আনন্দিত এইগৰাকী যুৱক ৰঞ্জিত শইকীয়া৷ বৰ্তমান ঘৰৰ পদুলীতে সৰুকৈ চাংঘৰসদৃশ এটি ঘৰ সাজি ৰঞ্জিতে পুৱাৰপৰা বিয়লিলৈকে বহুসংখ্যক গ্ৰাহকক শাক-পাচলি বিক্ৰী কৰা এগৰাকী ব্যৱসায়ী৷ যাৰ জৰিয়তে ৰঞ্জিতে বৰ্তমান নিশ্চিন্তমনেৰে পোহপাল দিব পাৰিছে পৰিয়ালটিৰ লগতে সন্তানকো৷ ৰঞ্জিতৰ মতে আমাৰ যুৱকসকল প্ৰত্যেকেই কাম কৰাৰ সামৰ্থ আছে কিন্তু লাজ আৰু আত্ম সন্মানত আঘাত পাই বুলি কৰিম বুলি ভাবিলেও পিছ হুহকি আহো আমিবোৰ সকলোৱেই৷ মোৰো প্ৰথমাৱস্থাত লাজ আৰু শংকা উপজিছিল কিন্তু লাহে লাহে মই ভাবি ল’লো মোৰ পৰিয়ালটোৰ কথা, মোৰ সন্তানটিৰ কথা৷ টসেয়ে আজি মই কেতিয়াও নকৰা এই কাম কৰিবলৈ বাধ্য হ’লো আৰু সকলোৰে সঁহাৰী পাইছো৷ আমাৰ যুৱকসকল আগবাঢ়ি আহিলে আমিও পথাৰ আৰু বজাৰ দখল কৰাৰ সামৰ্থ আছে৷ জামুগুৰিহাটৰ ৰঞ্জিতৰ দৰেই যদি সকলোৱে মনত এনে ভাৱধাৰা লৈ আগবাঢ়ি যায় নিশ্চয়কৈ ৰাজ্যৰ থলুৱা যুৱকসকল আনৰ ওপৰত ভৰষা কৰাৰ পথ ত্যাগ কৰি পথাৰ আৰু বজাৰ দখল কৰা দিশত সফল হ’ব বুলিয়েই আশা কৰিব পাৰি৷