Home Blog Page 3375

বছৰৰ দীর্ঘতম দিনটোতে সূর্যগ্রহণ : দৃশ্যমান ‘ৰিং অব ফায়াৰ’

দৈনন্দিন বাৰ্তা ডেস্ক:

বছৰৰ দীর্ঘতম দিন হ’ল ২১ জুন৷ ভূগোলৰ ভাষাত কোৱা হয় ছামাৰ ছলষ্টিছ৷ এই দিনটোতে গভীৰতম সূর্যগ্রহণ হৈ গ’ল৷ সূৰ্যৰ ৯৯.৪ শতাংশই বলয়গ্ৰাসে ঢাকি পেলালে৷ ভাৰতত পুৱা ৯.‌১৫ বজাত গ্ৰহণ আৰম্ভ হয়৷ গ্ৰহণ সম্পূৰ্ণকৈ শেষ হয় ৩.৪ বজাত৷ উল্লেখ্য যে দুপৰীয়া ১২.‌১০ বজাত সূৰ্যটো সম্পূৰ্ণৰূপে ঢাকি পেলায়৷ এয়া আছিল বার্ষিক সূর্যগ্রহণ৷ দেওবাৰৰ সূৰ্য গ্ৰহণত ‘ৰিং অব ফায়াৰ’ দৃশ্যমান হয়৷ কিন্তু ভাৰতৰ অধিকাংশ ঠাইতে আকাশ মেঘাচ্ছন্ন হৈ থকাত পৰিষ্কাৰকৈ ক’তো গ্ৰহণ দেখা নগ’ল৷ একমাত্ৰ উত্তৰাখণ্ডৰ ডেৰাদুনত আকাশ পৰিষ্কাৰ থকাত ‘ৰিং অব ফায়াৰ’ ভালদৰে দেখিবলৈ পোৱা যায়৷ সূৰ্যক চন্দ্ৰৰ ছায়াই সম্পূৰ্ণ ঢাকি পেলোৱাৰ পাছত সূৰ্যৰ কৰোনাৰ পৰা বিচ্ছুৰিত পোহৰ কেৱল দেখা যায়৷ ইয়াকে জ্যোতির্বিজ্ঞানত ‘ৰিং অব ফায়াৰ’ বুলি পৰিচিত৷ ইয়াৰ পাছত সূৰ্য গ্ৰহণ হ’ব ২০২২ চনৰ ২৫ অক্টোবৰত৷ আনহাতে পূর্ণগ্রাস হ’ব ২০৩৪ চনত৷ এইবাৰ ভাৰতৰ লগতে ইথিউপিয়া, দক্ষিণ ছুদান, ওমান, ছৌদি আৰব, নেপাল, পাকিস্তান, তিব্বত, তাইৱান আৰু অষ্ট্ৰেলিয়াত এই গ্ৰহণ দেখিবলৈ পোৱা গ’ল৷ ভাৰতৰ গুজৰাট, কলকাতা, দিল্লী, পাটনা, ডেৰাদুন, শিলচৰ, মুম্বাই, চেন্নাই আৰু প’ৰ্ট ব্লেয়াৰত এই গ্ৰহণ দেখিবলৈ পোৱা গ’ল৷ আনহাতে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত আকাশ মেঘাচ্ছন্ন হোৱাত গ্ৰহণ চাব পৰা নহ’ল৷

সূৰ্য গ্ৰহণৰ দিনা ইণ্ডোনেছিয়াত আগ্নেয়গিৰি উদ্গীৰণ : ৬ কিলোমিটাৰ উচ্চতালৈকে উৰি গ’ল ছাই ।

সূৰ্য গ্ৰহণৰ দিনা ইণ্ডোনেছিয়াত আগ্নেয়গিৰি উদ্গীৰণ : ৬ কিলোমিটাৰ উচ্চতালৈকে উৰি গ’ল ছাই ।

দৈনন্দিন বাৰ্তা ডেস্ক:

মাউণ্ট মেৰাপি: ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিৰ ভিতৰত অন্যতম। সূৰ্য গ্ৰহণৰ দিনা অৰ্থাৎ দেওবাৰে পুৱা সেই আগ্নেয়গিৰিটো পুনৰ উদ্গীৰণ হয় ৷ আগ্নেয়গিৰিৰ মুখৰ পৰা ছাই আৰু গৰম গেছ নির্গত হয় ৷ প্ৰৱল বেগেৰে ওলাই অহা সেই ছাই আৰু গেছে চাৰিদিশ আৱৰি পেলায়৷ এই আগ্নেয়গিৰিৰ পৰা ওলোৱা ছাই ছয় কিলোমিটাৰ ওপৰ পৰ্যন্ত উঠি যায় ৷ সেই গৰম ছাই আৰু গেছৰ বাবে মেৰাপিৰ কাষত থকা লোকসকলক তিনি কিলোমিটাৰ নিলগলৈ যোৱাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে৷ ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ মাউণ্ট মেৰাপিৰ উচ্চতা ২৯৬৮ মিটাৰ ৷ সেই পাৰ্বত্য অঞ্চলত প্ৰায় ৫০০ৰো অধিক আগ্নেয়গিৰি আছে৷ সেইবোৰ প্ৰায় সময়তে উদ্গীৰণ হৈ থাকে৷ যোৱা আগষ্ট মাহতো এই আগ্নেয়গিৰি উদ্গীৰণ হৈছিল৷ স্মৰ্তৱ্য যে ২০১০ চনত মাউণ্ট মেকাপিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷ তেতিয়া ৩৫০ জন লোকৰ মৃত্যু হৈছিল ৷

দৰঙৰ ঘোঁৰাবান্ধা পঞ্চায়তৰ উপ-সভাপতিৰ নাভূত – নাশ্ৰুত কাণ্ড ৷

দৈনন্দিন বাৰ্তা :

দৰঙত সংঘটিত হৈছে নাভূত – নাশ্ৰুত কাণ্ড ৷ জিলাখনৰ ছিপাঝাৰ সমষ্টিৰ ঘোঁৰাবান্ধা পঞ্চায়তত অঘটন ৷ পঞ্চায়ত সচিব আৰু সভাপতিৰ সন্মুখতে সভাপতিৰ আসনত বহিল উপ-সভানেত্ৰী ৷ ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া ৷ দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনস্থ ঘোঁৰাবান্ধা গাঁও পঞ্চায়তত সভাপতি আৰু সচিবৰ সন্মূখতে সংঘটিত হয় নোহোৱা নোপোজা এক ঘটনা । যি ঘটনাই লজ্জিত কৰি পেলাইছে সচেতন মহলৰ লগতে পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগকো । উপ-সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে পঞ্চায়ত সভাপতিৰ ছিপাঝাৰ থানাত এজাহাৰ দাখিল ৷ ঘটনা অনুসৰি পঞ্চায়ত খনত  সভাপতি আৰু সচিবৰ আহ্বানত সভাপতিৰ কোঠাত  অনুষ্ঠিত হৈছিল এখন বিশেষ সভা । কিন্তু অনাস্থা সম্পৰ্কীয় এই সভাখনত ৭ গৰাকী বিক্ষুব্ধ সদস্য আৰু সদস্যাৰ গোপন নিৰ্দ্দেশত পঞ্চায়তখনৰ বিজেপি দলৰ উপ- সভানেত্ৰী গৰাকীয়ে  পঞ্চায়ত সভাপতি হীৰকজ্যোতি নাথ আৰু সচিব দীপু কুমাৰ নাথৰ সন্মূখতে  সন্মানীয় সভাপতিৰ আসনত বহি সভা চলাবলৈ লোৱাত  হতভম্ব হৈ পৰে সভাপতি আৰু সচিব । কোনো ধৰনৰ গুৰু গোসাই নমনা সভাপতিৰূপী উপ-সভানেত্ৰীৰ   এনে গৰ্হিত কায্যক পঞ্চায়তখনৰ সচেতন লোকসকলে ধিক্কাৰ দিছে ৷ নীৰ্ভিক আৰু স্পষ্টবাদী পঞ্চায়ত সভাপতি হীৰকজ্যোতি নাথৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনোধৰনৰ অভিযোগ নথকা দুৰ্নীতিৰ সৈতে আপোচ নকৰা উদীয়মান সাংস্কৃতিক কৰ্মী হীৰকজ্যোতি নাথক কৌশলেৰে পদবীৰ পৰা ক্ষমতাচ্যুত কৰিবলৈ কৰা অভিসন্ধিৰ বাবে সভাপতি হীৰকজ্যোতি নাথে ছিপাঝাৰ থানাত উপ-সভানেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে সচেতন ৰাইজে উপ-সভানেত্ৰীৰ কাৰ্যত গৰিহণা দিছে ৷

নগাঁৱত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৫৫ জনলৈ বৃদ্ধি : চুটি কটাই ঘৰৰ পৰা ওভটি অহা মিছা সেনা ছাউনীৰ ১৮ জন সেনা জোৱানো কৰ’ণাত আক্ৰান্ত ।

নগাঁও : অতি উদ্বেগজনক ভাৱে নগাঁঁও জিলাত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা।  কালি সন্ধিয়াৰ পৰা আজি বিয়লি পৰ্যন্ত জিলাখনত মুঠ ৪৪ গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে বুলি নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে। নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে জনোৱা মতে, যোৱা বাৰ ঘন্টাৰ ভিতৰত জিলা খনত ক’ভিড-১৯ পজিটিভত আক্ৰান্ত বুলি নিশ্চিত কৰা ৪৪গৰাকী লোকৰ ভিতৰত ১৮ গৰাকী সেনা জোৱানো আছে। এওঁলোক জিলা খনৰ মিছা সেনা ছাউনীত কৰ্মৰত। স্বাস্থ্য বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে, এই আটাই কেইগৰাকী সেনা জোৱানেই ছুটী লৈ নিজ নিজ ঘৰলৈ বুলি বহিঃৰাজ্যলৈ গৈছিল। ছুটী অন্ত পৰাত শেহতীয়াকৈ তেওঁ লোক সেনা ছাউনীলৈ ওভটি আহিছিল। কিন্তু বহিঃ ৰাজ্য ফেৰৎ এই সেনা জোৱান কেইজনৰ শ্বাৱ মিছা চাউনীতে সংগ্ৰহ কৰি ক’ভিড-১৯পৰীক্ষাৰ বাবে বিজ্ঞানগাৰলৈ পঠিওৱা হৈছিল।আজি তেওঁ লোকৰ ক’ভিড পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাত তেওঁ লোক ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। ইপিনে,জিলা খনৰ বহিঃ ৰাজ্য ফেৰৎ আন ২৬গৰাকী লোকো ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে বুলি ডাঃ পাটৰে জনাইছে। কৰ’ণাত আক্ৰান্ত সেনা জোৱান কেইজনক ইতিমধ্যে তেজপুৰৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে বহিঃ ৰাজ্য ফেৰৎ আন ২৬গৰাকী লোকক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি ডাঃ পাটৰে জনাইছে। ইপিনে,যোৱা বাৰ ঘন্টাত জিলা খনত কৰ’ণাত আক্ৰান্ত ৪৪গৰাকী লোককে লৈ এই পৰ্যন্ত  জিলাখনত ক’ভিড -১৯ পজিটিভত আক্ৰান্ত লোকৰ সংখ্যা ৪৫৪ জনলৈ বৃদ্ধি পালে।  এনেদৰে জিলা খনত প্ৰতিদিনে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত নগাঁৱৰ ৰাইজৰ মাজত শংকা বৃদ্ধি হৈছে। অৱশ্যে জিলা খনত কৰ’ণা আক্ৰান্ত লোক সকলৰ ভিতৰৰ দুজনমানক বাদ দি আটাইবোৰেই  বহিঃৰাজ্যৰ পৰা ওভটি অহা লোক। ইতিমধ্যে বহিঃ ৰাজ্যৰ পৰা নগাঁৱলৈ প্ৰায় ১১০০০ লোক ওভটি আহিছে। জিলা খনত কৰ’ণাতংকৰ মাজতে ভালেসংখ্যক কৰ’ণা ৰোগী সুস্থ হৈ ঘৰলৈ ওভটি যোৱা পৰিলক্ষিত হৈছে।আজিও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ হাস্পতালৰ পৰা ১৬জনক আৰু উজৰাগাঁও আদৰ্শ চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতালৰ পৰা ৬জন লোক সহ মুঠ ২২জন লোকক ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে।

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জাননীক বৃদ্ধাঙুষ্ঠ প্ৰদৰ্শন অইল ইণ্ডিয়া লিমিটেডৰ ।

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিৰাক সীমান্ত :

যোৱা ২৭ মে’ৰ পূৱা বাঘজান বি জি আৰ ৫ নং গেছ কূপত বিস্ফোৰণ সংঘটিত হৈ অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছিল তেল সংমিশ্ৰিত গেছ । চিংগাপুৰৰ পৰা অহা বিশেষজ্ঞ দলটোৱে ১৪ দিনৰ দিনা তেল সংমিশ্ৰিত গেছ নিৰ্গমণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি বিভিন্নজনৰ ঘৰবাৰী নিঃশেষ হ’ল । উক্ত অগ্নিকাণ্ডৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জলাশয়ত জাপ দিয়াৰ ফলত প্ৰাণ গৈছিল অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুজনকৈ কৰ্মচাৰী । লএতিয়াও অঞ্চলটোৰ ৰাইজে ভয়ত মৰমৰ নিজ ঘৰখন এৰি এতিয়া থাকিব লগা হৈছে আশ্ৰয় শিবিৰত । বাঘজান কাণ্ডই সমগ্ৰ বাঘজানৰ লগতে মাগুৰি মতাপুং বিল আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি  যোৱা ১৯ জুন তাৰিখৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ WB/DIB/T-396/08-09/243-A/131 নং পত্ৰ যোগে বাঘজান তৈলক্ষেত্ৰৰ সকলো ড্ৰিলিং আৰু খনন কায্য বন্ধ কৰিবলৈ জাননী জাৰি কৰিছিল যদিও অইল ইণ্ডিয়া কৰ্তৃপক্ষই অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জাননীক বৃদ্ধাঙুষ্ঠ প্ৰদৰ্শন কৰি আজিও সকলো কাম-কাজ অব্যাহত ৰাখিছে । অইল ইণ্ডিয়াৰ এনে কাৰ্যক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণে তীব্ৰ গৰিহণা দিয়াৰ লগতে অতি শ্ৰীঘে সকলো খনন, ড্ৰিলিং কাৰ্য বন্ধ কৰি জুই নিৰ্বাপনত উঠি পৰি লাগিবলৈ দাবী জনাইছে আৰু ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে । আনফালে সচেতন মহলৰ মাজতো বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । অইল ইণ্ডিয়াৰ এনেধৰণৰ সঠকাৰী সিদ্ধান্তৰ বাবে অনাগত দিনত মাগুৰি মতাপুং বিল, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে সমগ্ৰ অঞ্চটোৰ জৈৱ বৈচিত্ৰ যে একেবাৰে নিঃশেষ যে নহব সেয়া ন-দি কব নোৱাৰি । 

হয় আমাক গুলীয়াই মাৰক ! নহলে আমাক ৰক্ষা কৰক। যমুনামুখৰ নিখাৰি নৈপৰীয়া ৰাইজৰ আতংক ।

ডবকা: যমুনামুখত ভয়াৱহ খহনীয়াই নিদ্ৰা হৰণ কৰিছে নৈ পৰীয়া ৰাইজৰ । হোজাইৰ যমুনামুখৰ ১০ টা কৈ পৰিয়াল খহনীয়াৰ কবলত পৰিছে । যমুনামুখ পাতিদয়া গাঁৱৰ দহটা পৰিয়ালৰ বাসগৃহ নিখাৰী নৈৰ গৰাখহনীয়াত অধিকাংশ ম্যাদি মাটিসহ বাৰী জাহ যায়। পৰিয়ালকেইটাৰ নিজৰ ম্যাদি পট্টাত থকা কেবাটাও বাসগৃহ ইতিমধ্যেই খহনীয়াৰ কবলত পৰি নৈৰ বুকুত জাহ গৈছে। ভুক্তভোগীৰ মন্তব্য হয় চৰকাৰে আমাক গুলীয়াই মাৰক, নহলে আমাক খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰক। খহনীয়াৰ কবলত পৰা দহটা পৰিয়ালৰ মাজত আতংক বিৰাজ কৰিছে । যিকোনো মূহুৰ্ততে বাকীবোৰ ঘৰ কেইটা নৈৰ বুকুত খহি পৰাটো সম্ভাৱনা প্ৰকট হৈ পৰিছে। ভুক্তভোগীৰ দাবী চৰকাৰ তথা স্থানীয় বিধায়কে শীঘ্ৰে এই অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰক।

ভাৰত চীন সীমান্তত শ্বহীদ হোৱা বীৰ সেনা জোৱান সকলক “ৰাম সেনা” নলবাৰী সমিতিৰ পৰা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

ভাৰত চীন সীমান্তত শ্বহীদ হোৱা বীৰ সেনা জোৱান সকলক "ৰাম সেনা" নলবাৰী সমিতিৰ পৰা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

দৈনন্দিন বাৰ্তা ডেস্ক:

ভাৰত- চীন সীমান্তত দেশৰ হকে শ্বহীদ হোৱা বীৰ জোৱান সকলক আজি সন্ধিয়া নলবাৰী চহৰৰ গোল পাৰ্কৰ চকত ৰাজহুৱা ভাৱে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হয় । ৰাম সেনা নলবাৰী সমিতিয়ে অনুষ্ঠিত কৰা এই ৰাজহুৱা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত ৰাম সেনাৰ বিষয়ববীয়া সহ কৰ্মী সকলৰ লগতে উপস্থিত ৰাইজে বন্তি প্ৰজ্বলন কৰাৰ লগতে নলবাৰী সদৰ থানাৰ আৰক্ষী বিষয়া সকলেও দেশ হকে প্ৰাণ দিয়া জোৱান সকলক শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে । লগতে অনুষ্ঠানটোত উপস্থিত সকলো ব্যক্তিয়ে মৌণ প্ৰাৰ্থনা কৰি ভাৰতীয় সেনা বাহিনীৰ  শ্বহীদ জোৱান সকলক স্মৰণ কৰে ।

কবি পাপু বৰা কাব্যগ্ৰন্থ ‘নিলিখা ডায়েৰীৰ পাত’ উন্মোচন ।

কবি পাপু বৰা কাব্যগ্ৰন্থ 'নিলিখা ডায়েৰীৰ পাত' উন্মোচন ।

উজনি-মাজুলীঃ মাজুলীৰ যুৱ কবি-সাংবাদিক, সাহিত্য-সংগঠক পাপু বৰাৰ নৱতম কাব্যগ্ৰন্থ ‘নিলিখা ডায়েৰীৰ পাত’ আজি গড়মূৰ প্ৰেছ ক্লাবত আনুস্থানিকভাৱে উন্মোচন কৰে জেষ্ঠ  সাংবাদিক তথা গড়মূৰ প্ৰেছ ক্লাবৰ সভাপতি অৰুণ বৰাই | আজি দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত সভাখন উদ্বোধন কৰে গড়মূৰ শাখা সাহিত্য সভাৰ সভাপতি ভূপেন দত্তই | ৰঙাচাহী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্য সংগঠক ৰামসাগৰ নাথে সভাপতিত্ব কৰা সভাখন আঁতধৰি উদ্দেশ্য ব্যাখ্যা কৰে মাজুলীৰ অন্যতম কলা-সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান ত্রিহৃদয় গোষ্ঠীৰ সহকাৰী সম্পাদক তথা সাহিত্য সংগঠক শংকুসিদ্ধ নাথে | উদ্দেশ্য ব্যাখ্যা প্ৰসংগত নাথে কয় পলস আৰু ত্রিহৃদয় গোষ্ঠীৰ উদ্যোগত মাজুলীৰ জনপ্ৰিয় কবি পাপু বৰাৰ নৱতম কাব্যগ্ৰন্থ ‘নিলিখা ডায়েৰীৰ পাত’ উন্মোচনৰে কাব্যজগতক চহকী কৰাই এই সভাৰ লক্ষ্য | অনুষ্ঠানৰ লগত সংগতি ৰাখি মাজুলী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগনক ত্রিহৃদয় আৰু পলসৰ তৰফৰ পৰা এখনি চেলেং, ফুলাম গামোচা আৰু জাপিৰে বিপুল সম্বৰ্ধনা জনোৱাৰ পিছতে মুখ্য অতিথিৰ বক্তব্য প্ৰদান কৰে মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা পৰিৱেশবিদ ড০ ৰাজেন বৰাই | ভাষণ প্ৰসংগত তেওঁ কয় কাব্যজগতখনত অবিৰতভাৱে সেৱা আগবঢ়াই থকা পাপু বৰা কেৱল এক প্ৰতিভা নহয়, তেওঁ যুৱপ্ৰজন্মৰ প্ৰেৰণা আৰু বৰ্ণিল প্ৰতিশ্ৰুতি | পকাজৰা গাঁও পঞ্চায়তৰ সভাপতি অনন্ত নাটেই বিশিষ্ট অতিথি হিচাপে বক্তব্য প্ৰদান কৰা সভাখনত অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত মাজুলীৰ প্ৰথমটো পৰম সুহৃদ হিতৈষী পৰিয়ালৰ সদস্যা তথা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অনুপ্ৰভা দেৱী, মাজুলী জিলা সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়ক মহিম চন্দ্ৰ নাথ, কবি পাপু বৰাৰ পিতৃ ডিম্ব বৰা, ভোলাৰাম বৰদলৈ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ দিগন্ত শইকীয়া, কবি লক্ষীপ্ৰসাদ ৰেগন, যতীন মুদৈ, সীমান্ত বৰা, শ্যামন্ত পায়েং, নিৰু বৰা, মাধৱ বৰা, ভৱানী শইকীয়া নাথ প্ৰমুখ্যে বহুসংখ্যক ব্যক্তি উপস্থিত থাকি সাৰুৱা মন্তব্যৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে | বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ শশীকান্ত শইকীয়াই শুভেচ্ছামূলক ভ্ৰাম্যভাষিক বক্তব্য আগবঢ়োৱা অনুস্থানটিত কণমাণি শিল্পী বৃষ্টি বৰা, সুস্মিতা বৰা আৰু ৰৃষিতা গোস্বামীৰ গীত পৰিৱেশনে অনুস্থানটিক এক অনন্য মাদকতা প্ৰদান কৰে |

বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেচবুকত অশ্লীল মন্তব্য দিয়া যুৱকক গ্ৰেপ্তাৰ ।

বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেচবুকত অশ্লীল মন্তব্য দিয়া যুৱকক গ্ৰেপ্তাৰ ।

নগাঁও :  ৰাজ্যত  চাইবাৰ অপৰাধীৰ সক্ৰিয়তা দিনক দিনে বৃদ্ধি পাই অহাৰ মাজতে এইবাৰ চাইবাৰ অপৰাধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে জনপ্ৰতিনিধি। বিশেষকৈ চ’ছিয়েল মিডিয়া ফেচবুকত একাংশ লোকে নীতিবহির্ভূত মন্তব্যৰে  জনপ্ৰতিনিধিক আক্ৰমণ কৰা কৰা কার্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে । ফেচবুকত  অশ্লীল মন্তব্যৰে জনপ্ৰতিনিধিক আক্ৰমণ কৰা এক ঘটনাক লৈ নগাঁও জিলাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয় ।জানিব পৰা মতে, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই  ২০ জুনত  নিজ সমষ্টিত  কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন , ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হবলগা এটি পকী পথৰ আধাৰশিলা স্থাপন আৰু স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মাৰ আশু আৰোগ্য কামনাৰে  প্ৰাৰ্থনা জনাই কালি নিজৰ ফেচবুক একাউণ্টত আপলোড কৰিছিল এটা পষ্ট। কিন্তু বিধায়িকা গৰাকীৰ উক্ত পষ্টত ”আন্ধাৰৰ আঁৰত জোনাকী ” নামৰ এটা ভুৱা একাউণ্টৰ পৰা বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে সীমা চেৰাই যোৱা অশ্লীল মন্তব্য  কৰা দেখা যায় । তাৰ পিছতেই সেই ফেচবুক পেইজটোৰ বিৰুদ্ধে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত বিধায়িকা গৰাকীৰ শুভাকাংক্ষী ভাস্কৰ জ্যোতি বৰা নামৰ এজন যুৱকে এজাহাৰ দাখিল কৰে ।  লগে লগে আৰক্ষী  প্ৰশাসনে ভাৰতীয় দ্বন্দ্ববিধি আইনৰ ২৯৪/৪৫৪(এ)/৩৫৪(ডি) ধাৰাত ১৪৭৮/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি  নিশাৰ ভিতৰতে ভুৱা  ফেচবুক একাউণ্টট  চলোৱা দুই যুৱকক আটক কৰে। আৰক্ষীয়ে আটক কৰা যুৱকদ্বয় ধিঙৰ ডুমডুমীয়াৰ অভিনন্দন নাথ আৰু পুৰণি গুদাম আউনীআটীৰ গম্ভীৰ বৰা বুলি জানিব পৰা গৈছে। পাচত নগাঁও সদৰ থানাত আৰক্ষীয়ে অভিযুক্ত দুই যুৱকক  মাৰাথন জেৰা চলোৱাৰ অন্তত অভিনন্দন নাথক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। আনহাতে আনজন যুৱক গম্ভীৰ বৰাক সোধ-পোছৰ অন্তত আৰক্ষীয়ে মুকলি কৰি দিয়ে বুলি আৰক্ষীৰ সূত্রৰ পৰা জানিব পৰা গৈছে । উল্লেখ্য যে এগৰাকী মহিলা জনপ্ৰতিনিধিক এনেদৰে ছচিয়েল মিডিয়াত হেয় প্ৰতিপন্ন কৰাক লৈ সমগ্ৰ নগাঁৱতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

এনআইপিএফপিৰ অধ্যক্ষ পদত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ উৰ্জিত পেটেল ।

দৈনন্দিন বাৰ্তা ডেস্ক:

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ড° উৰ্জিত পেটেলে নেচনেল ফাইনেন্স এণ্ড পলিচি (এনআইপিএফপি)ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব৷ ড° পেটেলে অহা ২২ জুনত এই নতুন দায়িত্ব গ্ৰহণ কৰিব৷ ড° পেটেলক বিজয় খেলকাৰৰ ঠাইত এই দায়িত্ব দিয়া হৈছে৷ চলিত বছৰৰ ২২ জুনৰ পৰা পেটেলে চাৰি বছৰৰ বাবে এই দায়িত্ব লাভ কৰিছে৷ উল্লেখ্য যে এনআইপিএফপিৰ বিদায়ী অধ্যক্ষ ড° বিজয় লক্ষ্মণ কেলকাৰে তেওঁৰ আমোলত বহু গুৰুত্বপূৰ্ণ অবদান আগবঢ়াই থৈ গৈছে৷ সেয়ে তেওঁক প্ৰশংসা আৰু কৃতজ্ঞতা জনাইছে৷ ইয়াৰ ফলত প্রতিষ্ঠানটোৰ বৃদ্ধি আৰু কাৰ্যকৰিতাৰ মাত্ৰা পৰ্যন্ত স্কেলিঙৰ দিশত বহু সহায় কৰিছে৷ পেটেলে ২০১৮ চনৰ ১০ ডিচেম্বৰত অপ্রত্যাশিতভাৱে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পদৰ পৰা পদত্যাগ কৰিছিল৷ উল্লেখ্য যে ১৯৯০ চনৰ পাছত তেওঁ প্ৰথম গভৰ্ণৰ যি ম্যাদ শেষ হোৱাৰ আগতে পদত্যাগ কৰে৷ উল্লেখ্য যে নাইৰোবিত অৱস্থিত এটা ব্যৱসায়িক পৰিয়ালৰ সদস্য পেটেলে লণ্ডন স্কুল অফ ইক’নমিক্স, অক্সফ’র্ড বিশ্ববিদ্যালয় আৰু ইয়েল বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল৷ তেওঁ ২০১৩ চন পৰ্যন্ত কেনিয়াৰ নাগৰিক আছিল৷ ২০১৩ চনৰ জানুৱাৰীত তেওঁ আৰবিআইৰ ডেপুটি গভৰ্ণৰ হয়৷ তাৰ আগেয়ে তেওঁ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰে ৷