Home Blog Page 3378

ৰাহুল গান্ধীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি কাকপথাৰ ডিৰাকত “অংগীকাৰ দিৱস” পালন ।

ৰাহুল গান্ধীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি কাকপথাৰ ডিৰাকত "অংগীকাৰ দিৱস" পালন ।

কাকপথাৰ: সমগ্ৰ দেশৰ লগতে আজি কাকপথাৰ ডিৰাকতো ডিৰাক মণ্ডল কংগ্ৰেছ সমিতি উদ্যোগত প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ পুত্ৰ, যুৱ নেতা তথা কেৰেলাৰ ৱাইনাড লোক সভা সমষ্টিৰ সাংসদ ৰাহুল গান্ধী জন্ম দিনৰ লগত সংগতি ৰাখি “অংগীকাৰ দিৱস” পালন কৰে । ডিৰাক মণ্ডল কংগ্ৰেছৰ সভাপতি সুৰেণ নেওঁগৰ সভাপতিত্বত অনুষ্ঠিত অংগীকাৰ দিৱসত  লাডাখত শ্বহীদ হোৱা বীৰ সৈনিক সকল  আৰু বাঘজান ৫ নং গেছ কূপত সংঘটিত অগ্নিকাণ্ডৰ পৰা নিজকে প্ৰাণ ৰক্ষা কৰিবলৈ গৈ মৃত্যু মুখত পৰা  অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী দুৰ্লভ গগৈ, তিক্ষেশ্বৰ গোহাঁইৰ প্ৰতি শ্ৰাদ্ধ জনাই তেখেতলোকৰ আত্মাৰ সদগতি অৰ্থে এক মিনিট সময়  মৌন প্ৰাৰ্থনা কৰে। কাৰ্যসূচী অনুসৰি ইয়াৰ পিছত “অংগীকাৰ দিৱস” ত উপস্থিত জনসাধাৰণ মাজত  মাস্ক আৰু চাবোন বিতৰণ কৰে । ছৈখোৱা ব্লক কংগ্ৰেছ কমিটি সভাপতি জীৱন সোনোৱালে উপস্থিত ৰাইজক উদ্দেশ্যি কংগ্ৰেছ দলৰ ভৱিষ্যত পৰিকল্পনা, লক্ষ্য উদ্দেশ্যৰ বিষয়ে  অৱগত কৰে । দিৱসটিত উপস্থিত থাকে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক অমৃত গগৈয়ে, ছৈখোৱা মহিলা ব্লক কংগ্ৰেছ কমিটিৰ সভানেত্ৰী কল্পনা হাতীমূৰীয়া ফুকন, ডিৰাক গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নোমাল ডেকা মৰাণ । শেষত দিৱসটিত উপস্থিত থকা  দলীয় সকলো নেতা, বিষয় ববীয়া, কৰ্মী  মিলি এক অংগীকাৰ নামা পাঠ কৰি অনুষ্ঠানটি সামৰণি মাৰে । অংগীকাৰ নামা পাঠ কৰোৱাই ডিৰাক মণ্ডল কংগ্ৰেছৰ সভাপতি সুৰেণ ফুকনে ।

৪১টা কয়লা খনিৰ বাণিজ্যিকীকৰণৰ সূচনা প্রধানমন্ত্রীৰ ।

গুৱাহাটী: ‘আত্মনির্ভৰ ভাৰত অভিযান’ প্রকল্পত ৪১টা কয়লা খনিৰ বাণিজ্যিকীকৰণৰ সূচনা কৰিলে প্রধানমন্ত্রীয়ে৷ বৃহস্পতিবাৰে এই প্রকল্পৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, শক্তিক্ষেত্ৰত ভাৰতক আত্মনির্ভৰ কৰাত চৰকাৰৰ ডাঙৰ পদক্ষেপ৷ দুটা পৰ্যায়ত চৰকাৰে ৪১টা কয়লা খনি বেচৰকাৰীৰ হাতত তুলি দিব৷ তাৰ ইলেকট্রনিক নিলাম প্রক্রিয়া কেন্দ্ৰই আৰম্ভ কৰিছে৷ ক’ৰোনা ভাইৰাছ আৰু লকডাউনৰ বাবে দেশৰ অৰ্থনীতিৰ ঘটি মাৰিবৰ বাবে ‘আত্মনির্ভৰ ভাৰত অভিযান’ প্ৰকল্পত ২০ লাখ কোটি টকাৰ আর্থিক পেকেজ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ এই পৰিস্থিতিত এতিয়া কয়লা ক্ষেত্ৰ বেচৰকাৰীকৰণৰ সিদ্ধান্ত ল’লে চৰকাৰে৷ এই প্ৰক্ৰিয়া  আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, কয়লাৰ বজাৰ এতিয়া উন্মুক্ত। ই সকলো ক্ষেত্ৰতে সহায় কৰিব৷

ঋণ ৰেহাই সন্দৰ্ভত ভুৱা খবৰৰ পৰা সাৱধান ।

গুৱাহাটী :
বন্ধন বেংকৰ তৰফৰ পৰা সকলো গ্ৰাহকৰ লগতে সাধাৰণ ৰাইজক জনোৱা হয় যে সামাজিক মাধ্যমত (Social Media) কিছু পৰিমাণে ভুৱা বাতৰি তথা ভিত্তিহীন বাতৰিৰ পোষ্টৰ লগতে বিভ্ৰান্তিকৰ ভিডিঅ’ বিয়পোৱা হৈছে যি ভিডিঅ”ত কোৱা হৈছে যে বন্ধন বেংকৰ ঋণৰ কিস্তি ৰেহাই কৰি দিয়া হৈছে ৷ এই বাতৰিসমূহৰ কোনোধৰণৰ সত্যতা নাই ৷ “মোৰাটোৰিয়াম” শব্দটো অৰ্থাৎ ঋণৰ কিস্তিসমূহৰ আদায় পিছুৱাই দিয়া আৰু সম্পূৰ্ণভাৱে ঋণ ৰেহাই দিয়াৰ মাজত বিশেষ পাৰ্থক্য আছে৷ এইপৰ্যন্ত চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে ঋণৰ কিস্তি আদায় পিছুৱাই দিয়া যাব পাৰে, যদিও সেইটো ঋণ সংস্থা বা ঋণ গ্ৰহণ কৰা হিতাধিকাৰীৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰশীল৷ যদিও কিস্তিৰ আদায় পিছুৱাই দিয়া হৈছে ঋণৰ ওপৰত সুদৰ হাৰ বাহাল থাকিব আৰু কিস্তি বন্ধৰ সময়ছোৱাত মুঠ ঋণৰ ওপৰত সুদ জমা হৈ থাকিব৷ ইয়াৰ ফলত ঋণ গ্ৰহণ কৰা হিতাধিকাৰীৰ ওপৰত পৰৱৰ্তী সময়ত অতিৰিক্ত কিস্তিৰ চাপ বাঢ়িব পাৰে আৰু ইয়াৰ ফলত বেছিদিন ধৰি ঋণ পৰিশোধ কৰিবলগীয়া হ’ব পাৰে ৷ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুযায়ী, ইতিমধ্যে বন্ধন বেংকে সমগ্ৰ ক্ষুদ্ৰ ঋণৰ কিস্তিৰ ওপৰত মাৰ্চৰ পৰা মে” মাহপৰ্যন্ত মোৰাটোৰিয়াম ঘোষণা কৰিছিল৷ ইয়াৰ উপৰিও গ্ৰাহকসকলৰ অনুৰোধৰ ভিত্তিত ঋণৰ কিস্তিত মোৰাটোৰিয়ামৰ এই সুবিধা দিয়াৰ বিষয়টো বিবেচনা কৰা হ”ব৷ ইয়াৰ উপৰি ৰিজাৰ্ভ বেংক বা অন্যান্য ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সকলো নিৰ্দেশনাৱলী মানিয়েই বেংকিং পৰিসেৱা আগবঢ়োৱা হ’ব ৷ এই সংকটৰ সময়ছোৱাত বন্ধন বেংকে সকলোধৰণৰ সহায়তাৰে গ্ৰাহকৰ কাষত থিয় দিছে৷ এটা দায়িত্বশীল বেংক হিচাপে ভৱিষ্যতত সমস্যা যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধন বেংকে নিজৰ গ্ৰাহকক বিস্তাৰিতভাৱে বুজাই দিছে যে তেওঁলোকৰ বকেয়া ঋণৰ ওপৰত “মোৰাটোৰিয়াম”ৰ প্ৰভাৱ কি হ’ব পাৰে ৷ পুনৰ এবাৰ বন্ধন বেংকে সকলো গ্ৰাহকক ভুৱা বাতৰি পঢ়ি বিভ্ৰান্ত নহ”বলৈ সাৱধান কৰি দিছে৷ বেংকৰ তৰফৰ পৰা এইধৰণৰ উদ্দেশ্যপ্ৰণোদিতভাৱে ঋণৰ কিস্তি সম্পৰ্কে বিভ্ৰান্ত কৰা চেনেলসমূহৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইতিমধ্যে আইনজীৱীৰ ওচৰত সমগ্ৰ বিষয়টো অৱগত কৰোৱা হৈছে আৰু লিখিত অভিযোগ দাখিল কৰা হৈছে ৷ বন্ধন বেংক নিজ গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতি সদায় দায়বদ্ধ আৰু গ্ৰাহকসকলৰ স্বাৰ্থত এইধৰণৰ ভুৱা বাতৰি পৰিৱেশন কৰা চেনেলসমূহৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে৷ যিসকল ঋণ গ্ৰহণ কৰা গ্ৰাহকে ঋণ বা ঋণৰ কিস্তিৰ সন্দৰ্ভত সবিশেষ জানিবলৈ বিচাৰে তেওঁলোকক ওচৰৰ বেংকৰ শাখাত পোনপটীয়াভাৱে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷

বিধ্বস্ত নাজিৰা-গেলেকী মূল পথঃ আছু’ৱে অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

বিধ্বস্ত নাজিৰা-গেলেকী মূল পথঃ আছু'ৱে অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

নাজিৰা : বিধ্বস্ত  গেলেকী নাজিৰা মূল পথটি নিৰ্মাণৰ দাবীত আজি নাজিৰা মহকুমা ছাত্ৰ সন্থা, গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই পথটি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বছৰ বছৰ ধৰি নিৰ্মাণ তথা মেৰামতি নকৰাকৈ থকা নাজিৰা-গেলেকী মূল পথত গেলেকী চাৰিআলিৰ পৰা হাতিপতী পৰ্যন্ত পথটিৰ বিভিন্ন স্হানত পুখুৰী সদৄশ গাঁতৰ সৃষ্টি হৈ একপ্ৰকাৰ যাতায়তৰ অনুপযোগী হৈ পৰিছ। যাৰ বাবে আজি নাজিৰা মহকুমা   ছাত্ৰ সন্থা, গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই গেলেকী চাৰি আলিত পথটি অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰদিবাদী আছু কৰ্মীসকলে গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী যোগেন মহন, নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্রতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী আছুকৰ্মীসকলে বি জে পি চৰকাৰ মূৰ্দাবাদ, বি জে পি চৰকাৰ লেই লেই ছেই ছেই আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অসীম দত্ত, নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা, সাধাৰণ সম্পাদক দেৱজিত গগৈ, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পৰাগ দত্ত, সাংগঠনিক সম্পাদক ধ্ৰুৱ জ্যোতি কলিতা, গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল গগৈ, সাধাৰণ সম্পাদক মানস জ্যোতি শইকীয়া, আটছা গেলেকী শাখাৰ সভাপতি সঞ্জয় গুৱালা, সম্পাদক নন্দকিশোৰ গোৱালা। উল্লেখ্য যে পথটি নিৰ্মাণৰ দাবীত বিগত বৰ্ষৰ শেষভাগত গেলেকী বিভিন্ন দল সংগঠনৰ সহযোগ স্হানীয় প্ৰায় ৫ সহস্ৰাধিক ৰাইজে পথটি অৱৰোধ কৰি প্ৰতিবদ সাব্যস্ত কৰাৰ পাছত প্ৰশাসনে মাৰ্চৰ পূৰ্বেই পথটি নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

কৰিমগঞ্জত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ৪কোটি টকাৰ কেলেংকাৰি, থানাত গোচৰ।

কৰিমগঞ্জ : হাইলাকান্দিৰ পিছত এই বাৰ কৰিমগঞ্জৰ শিক্ষা বিভাগত  ৪ কোটি টকাৰ কেলেংকাৰী। কৰিমগঞ্জৰ সংখ্যালঘু ছাত্ৰৰ নামত অহা বৃত্তিৰ টকা তোলা হৈছে হাইকান্দি চি এছ পিৰ পৰা। অস্তিত্বহীন বিদ্যালয়ত ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম সোমোৱাই তুলি নিয়া হৈছে কোটি কোটি টকা। শিক্ষা বিভাগৰ কেলেংকাৰীৰ বিৰুদ্ধে কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰিছে AJYCPৰ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ জিলা সমিতিয়ে। শিক্ষা বিভাগৰ বিয়াগুম কেলেংকাৰীৰ তথ্য প্ৰথমতে ফাদিল হৈছিল হাইলাকান্দিত।  আৰু এতিয়া কৰিমগঞ্জতো একে ঘটনা পোহাৰলৈ অহাৰ পিছত জাঙুৰ খাই উঠিছে AJYCP।   হাইলাকান্দিৰ পৰা এটা চিণ্ডিকেটৰ যোগেদি সমগ্ৰ বৰাকত সংঘটিত হৈছে বৃত্তি কেলেংকাৰী। সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত কৰিমগঞ্জতো সংঘটিত হৈছে কেইবা কোটি টকাৰ কেলেংকাৰী। ভুৱা ছাত্ৰ-ছাত্ৰী আনকি সংখ্যালঘুৰ তালিকাত হিন্দু ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীৰ নাম সন্নিবিষ্ট কৰি হাইলাকান্দিৰ বিভিন্ন বেংকৰ সেৱা কেন্দ্ৰৰ জৰিয়তে টকা উলিয়াই লৈ গৈছে কেলেংকাৰী সংঘটিত কৰা দলটোৱে। কেলেংকাৰি সন্ধৰ্ভত AJYCP সংগঠনৰ সদস্য ই কয়, ২০১৮/১৯ চনত কৰিমগঞ্জ জিলাত যি ৪ কোটি টকাৰ কেলেংকাৰি হৈছে ইয়াৰ তদন্ত হ’ব লাগে। সেই সময়ৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু এডিচি নবাৰুন ভট্টাচাৰ্যৰ নামত গোচৰ তৰা হয়।

সংবাদ মাধ্যমৰ বাতৰি পিছতেই মাজুলীৰ ময়ূৰী ওজালৈ সহায় হাত দেৰগাঁৱৰ জয়ন্ত বেজবৰুৱাৰ ।

উজনি-মাজুলী : সদ্যঘোষিত  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাজুলীৰ মেখেলী গাৱঁৰ দিন হাজিৰা কৰি পৰিয়াল পোহাপাল দিয়া  জোন ওজাৰ  কণ‍্যা ময়ূৰী ওজাই তিনিটা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক পোৱা  বাতৰি বহুকেইটা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতেই দেৰগাঁৱৰ এগৰাকী ব্যক্তি ইউনাইটেড বেংকৰ  প্ৰাক্তন কোষাধ্যক্ষ জয়ন্ত বেজবৰুৱা আৰু দেৰগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাতুল বৰাসহ মাজুলীৰ মেখেলী গাওঁস্থিত ময়ূৰী ওজাৰ ঘৰত উপস্থিত হয়।  ময়ুৰীৰ উচ্চ শিক্ষাৰ বাবে জয়ন্ত বেজবৰুৱাই দহ হাজাৰ টকাৰ সহায়ৰ হাত আগবঢ়ায়। ময়ূৰী ওজাৰ পিতৃ বিয়োগৰ পিছৰে পৰাই দিন হাজিৰা কৰা তেওঁৰ মাতৃ জোন ওজাই যথেষ্ট ঘাট, প্ৰতিঘাটৰ মাজৰে ময়ূৰী সহ দুগৰাকী কন্যাক শিক্ষা গ্ৰহণৰ বাবে সুবিধা প্ৰদান  কৰি আহিছিল। কণ‍্যাৰ সাফল্যৰ পিছত গোলাঘাট জিলাৰ দেৰগাঁৱৰ এই গৰাকী মহান ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াই দেখুৱা মহানুভৱতাৰ বাবে জয়ন্ত বেজবৰুৱাক পৰিয়াল বৰ্গ‌ই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শালমৰা হাইস্কুলৰ প্ৰধান শিক্ষক ভুপেন ভূঞাই ব্যক্তি গৰাকীৰ বিশেষ ভাবে শলাগ লৈছে।

ক্ৰীড়াক্ষেত্ৰত চীনৰ পণ্য বৰ্জনৰ হুংকাৰ ভাৰতৰ ।

গুৱাহাটী :  ১৫ জুনত এলএচিৰ গালৱানত ২০জন ভাৰতীয় সেনা নিহত হোৱাৰ ঘটনাত ক্ৰীড়াক্ষেত্ৰত চীনৰ পণ্য বৰ্জনৰ হুংকাৰ দিছে৷ ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ মহা সচিব ৰাজীৱ মেহতাই স্পষ্টকৈ কৈছে টকীয় অলিম্পিকৰ সময় পৰ্যন্ত ভাৰতীয় দলৰ কেটিং পাৰ্টনাৰ লি নিঙৰ সৈতে ভাৰতীয় অলিম্পিক এছ’চিয়েছনে স্পনছৰশ্বিপ লোৱা উচিত বুলি তেওঁ ব্যক্তিগত মতামত দিছিল৷ এয়া মোৰ ব্যক্তিগত মতামত যে ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ সৈতে লি নিঙৰ স্পনছৰশ্বিপ এৰাই উচিত৷ এতিয়া সময় আহিছে আমি চীন আৰু সেই দেশখনৰ সামগ্ৰীৰ বিৰোধিতা কৰাৰ৷ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা জনাও আৰু মই বিশ্বাস কৰো যে অতি সোনকালে ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ বাৰ্ষিক সাধাৰণ সভাত এই বিষয়টো আহ্বান জনাব৷ প্ৰথমে দেশ আৰু আমি সকলো ঐক্যবদ্ধ হোৱা উচিত৷ ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ কোষাধ্যক্ষ আনন্দেশ্বৰ পাণ্ডেয়ে এনেদৰে কয়৷ আনহাতে মেহতাই কয়, নি নিং হ’ল চীনৰ ব্ৰেণ্ড আৰু আমি টকীয় অলিম্পিক পৰ্যন্ত চুক্তি কৰিছিলো৷ যদি এই অৱস্থা থাকে আমি ভাবিবলৈ বাধ্য হম৷ ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ সাধাৰণ সভাত এই বিষয়টো আলোচনা হ’ব৷ ব্যক্তিগত পৰ্যায়ত কোনো আলোচনা নহয়৷ আমি তেওঁলোকৰ লগত চুক্তি কৰিছো৷ তেওঁলোক ৰিঅ’ অলিম্পিকৰ পৰাই আমাৰ কিটিং পাৰ্টনাৰ৷ কিন্তু আমাৰ বাবে দেশ আগত৷

বিএছএনএলৰ ফ’ৰ জি আপগ্ৰেডত চীনৰ সামগ্ৰী ব্যৱহাৰ কৰা নহ’ব । ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰৰ ঠিকা চীনা কোম্পানীৰ পৰা এৰোৱাৰ পদক্ষেপ ।

গুৱাহাটী :  দেশত চীনা সামগ্ৰী বৰ্জনৰ দাবী উত্থাপন হৈ আছে৷ গালৱান উপত্যকাত সেনাৰ সংঘৰ্ষত বাণিজ্যিক ক্ষেত্ৰত যে বেইজিঙক বহু সমস্যাৰ সৃষ্টি কৰিব তাৰ ইংগিত আৰম্ভ হৈছে৷ ইতিমধ্যে কেন্দ্ৰই বিএছএনএলক কৈছে যে ফ’ৰ জি আপগ্ৰেডৰ কামত চীনৰ সামগ্ৰী ব্যৱহাৰ কৰা নহ’ব৷ তাৰ লগে লগে ৰে’ল বিভাগেও চীনৰ কোম্পানীক আঁতৰ কৰিবলৈ ল’লে৷ ৰে’ল বিভাগৰ খবৰ, ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰৰ বাবে ছিগনেল ছিষ্টেম নিৰ্মাণ কৰিবৰ বাবে প্ৰায় ৫০০ কোটি টকাৰ ঠিকা বাতিল প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ এই প্ৰকল্পৰ অৰ্থ সাহায্য দিয়া বিশ্ব বেংকক বিষয়টো জনোৱা হৈছে বুলি প্ৰকল্পটোৰ বিষয়াসকলৰ সূত্ৰত প্ৰকাশ৷ ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰৰ বাবে উত্তৰ প্ৰদেশৰ নিউ ভানুপুৰৰ পৰা মোগলচৰাই পৰ্যন্ত ৪১৩ কিলোমিটাৰ ৰে’ল লাইন নিৰ্মাণৰ কাম চলিছে৷ প্ৰকল্পটোৰ ছিগনেলিং আৰু যাৱতীয় কামৰ ঠিকা পাইছিল চীনৰ ৰে’ল যন্ত্ৰ প্ৰস্তুতকাৰী৷প্ৰতিষ্ঠান চাইনা ৰে’লৱে ছিগনেল এণ্ড কমিউনিকেশ্যনছ ক’পৰেচনে৷ ২০১৬ চনত লাভ কৰা ঠিকাৰ অংক আছিল ৪৭১ কোটি টকা৷ উল্লেখ্য যে ঠিকাদাৰী কোম্পানীটোৰ কামত সন্তুষ্ট নাছিল সংশ্লিষ্ট কৰ্তৃপক্ষ৷ কাম পলম কৰাৰ বিভিন্ন অভিযোগ উঠিছিল৷ ফলত চীনা কোম্পানীটো বাতিল কৰি আন কোম্পানীক দিয়াৰ চিন্তা চলি আছিল৷

নামখলাত কভিড-১৯ পজিটিভৰ বাবে গণ সংক্ৰমণৰ আশংকাত অঞ্চলজুৰি চাঞ্চল্য ।

নামখলাত কভিড-১৯ পজিটিভৰ বাবে গণ সংক্ৰমণৰ আশংকাত অঞ্চলজুৰি চাঞ্চল্য ।

নামখলা :  নামখলাত কভিড-১৯ মহামাৰীৰ বাবে গণ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চল৷ মে’ মাহৰ ২৭ তাৰিখে চেন্নাইৰ পৰা আহিছিল গোমঠাপাৰা (দাসপাৰা) যুৱক কৰুণা দাস আৰু কিশোৰ দাস। ইয়াৰে কৰুণা দাস পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কিশোৰ দাস বৰদৌলগুৰিৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। স্বাস্থ্য বিভাগে তেওঁলোকৰ স্বোৱাব  সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ৰিপ’ৰ্টত নিগেটিভ আহে। নিগেটিভ হোৱাৰ বাবে ২ জুনত যুৱক দুজনক দহ দিনৰ কাৰণে হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে। তেনে সময়তে ৭ জুনত কোৱাৰেণ্টাইন চেণ্টাৰত থকা কেইবাজনো লোকৰ কভিড-১৯ পজিটিভ ওলোৱাত জিলা স্বাস্থ্য বিভাগে একেলগে থকা গোমঠাপাৰা যুৱক কৰুণা দাস আৰু কিশোৰ দাসৰ ঘৰৰ পৰাই পুনৰ স্বোৱাব সংগ্ৰহ কৰে৷ ১২ জুনত দুয়োৰে হোম কোৱাৰেণ্টাইনৰ দিন উকলি যায়।  ৭ জুনত লোৱা নমুনাৰ ফলাফল ১২ জুন পৰ্যন্ত নহাত যুৱক দুজনক  গাঁৱৰ গাওঁবুঢ়া, পঞ্চায়ত প্ৰতিনিধি, স্বাস্থ্য কৰ্মীয়ে হোম কোৱাৰেণ্টাইন হোৱাৰ নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশনা অমান্য কৰি ১৩ জুনত তেওঁলোক আলহী ঘৰলৈ যোৱাৰ লগতে মঙলদৈ চহৰত এ টি এমত টকা উলিয়াই নামখলা বজাৰৰ লগতে কেইবাখনো দোকানলৈ টৰ্চৰ বেটাৰি বিচাৰি ফুৰে আৰু তাৰ এদিন পিছতেই ১৪ জুনত গোমঠাপাৰাৰ যুৱক কৰণা দাস আৰু কিশোৰ দাসৰ ৰিপ’ৰ্ট আহিল পজিটিভ। লগে লগে ১৪ জুনত মঙলদৈৰ কোঁৱৰ পুখুৰী কোৱাৰেন্টাইন কেন্দ্ৰত ৰাখে। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধী হৈ আছে যুৱকদ্বয়। গোমঠাপাৰা কৰুণা দাস আৰু কিশোৰ দাস নামৰ যুৱক দুজন কোৰোণা পজিটিভ হোৱাৰ লগে লগে নামখলা অঞ্চলজুৰি লাগিছে হাহাকাৰ। পাথৰিঘাট ৰাজহ চক্ৰৰ বিষয়া  নামখলাত উপস্থিত হৈ গোমঠাপাৰা আৰু আঠিয়াবাৰী ঘৰ কেইখন কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে। নামখলা ব্যৱসায়ী সন্থাৰ সভাপতি ভুপেন চহৰীয়া আৰু সম্পাদক প্ৰভাত কলিতাই জানিৱ দিয়ে যে এক সপ্তাহৰ বাবে জৰুৰী কালীন সেৱাৰ বাদে নামখলা বজাৰ আৰু চক বন্ধ৷  ইতিমধ্যে দৰং জিলা স্বাস্থ্য বিভাগে  কভিড-১৯ পজিটিভ হোৱা যুৱক  দুজনৰ সংস্পৰ্শলৈ অহা বিভিন্ন লোকৰ স্বোৱাব সংগ্ৰহ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ নামখলা অঞ্চলৰ লোক সকলক কভিড-১৯ গণ সংক্ৰমণৰ  আতংকত বিভোৰ হৈ আছে। জিলা প্ৰশাসন, মহলিয়াপাৰা আঞ্চলিক  ছাত্ৰ সন্থাই সমগ্ৰ অঞ্চল ছেনিটাইজৰ ব্যৱস্থা কৰিছে যদিও আতংকই বিৰাজ কৰি আছে সমগ্ৰ  অঞ্চল৷

গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ডঃ ৰিমঝিম বৰা “অসম চৰকাৰৰ এনএছএছ ৰাজ্যিক বঁটা”ৰ বাবে নিৰ্বাচিত ।

গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ডঃ ৰিমঝিম বৰা "অসম চৰকাৰৰ এনএছএছ ৰাজ্যিক বঁটা"ৰ বাবে নিৰ্বাচিত ।

নাজিৰা : শিৱসাগৰ জিলাৰ অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ ৰিমঝিম বৰাই “অসম চৰকাৰৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ২০১৯-২০ বৰ্ষ’ৰ ৰাজ্যিক বঁটালৈ নিৰ্বাচিত হৈ মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতৰ লগত এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ অন্তৰ্গত অন্য দুগৰাকী কাৰ্যক্ৰম বিষয়া হ’ল ক্ৰমে ডিগবৈ মহাবিদ্যালয়ৰ ৰাজীৱ ৰুদ্ৰ তাৰিয়াং আৰু ডি এইছ এছ কে বাণিজ্য মহাবিদ্যালয়ৰ কেশবানন্দ হালৈ। উল্লেখযোগ্য যে গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ৰূপে অতি দক্ষতাৰে আৰু ফলপ্ৰসূতাৰে মহাবিদ্যালয়ৰ এনএচএচ গোটৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকা সকলৰ সমন্বয়ত ডঃ বৰাই বিভিন্ন ধৰণৰ সামাজিক আৰু পাৰিপাৰ্শ্বিক কাৰ্যসূচী সম্পন্ন কৰি আহিছে। ইয়াৰ উপৰিও ত্ৰিপুৰা, অৰুণাচল, নয়দাকে আদি কৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা এনএচএছ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অসমৰ সকলোবোৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ নিৰ্বাচিত স্বেচ্ছাসেৱক স্বেচ্ছাসেৱীকাসকলে তেওঁৰ তত্বাৱধানতে সফলতাৰে সকলোবোৰ কাৰ্যসূচীত অসম ৰাজ্যক প্ৰতিনিধিত্ব কৰি অসম ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। তেওঁৰ তত্বাৱধানতে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰায় অৰ্ধশতক স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাই ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু উত্তৰ পূৰ্বাঞ্চলৰ এনএচএছ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰাৰ ওপৰিও বিভিন্ন ধৰণৰ বিশেষ শিবিৰত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বতে ডঃ বৰাৰ তত্বাৱধানত গড়গাঁও মহাবিদ্যালয়ৰ এনএছ গোটে “মাদক দ্ৰব্য নিবাৰণী সজাগতাৰ বাবে” Sambandh Health Foundation আৰু “Cancer Care Foundation” ৰ পৰা এবাৰ সোণৰ পদক আৰু দুবাৰকৈ ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল। তেখেতৰ তত্বাৱধানত এই মহাবিদ্যালয়ৰ এজন সক্ৰিয় স্বেচ্ছাসেৱক পুন্সি কুমাৰ সিঙে ২০১৯ বৰ্ষৰ ২৬ জানুৱাৰীত দিল্লীত অনুষ্ঠিত হোৱা ৭০ সংখ্যক গণৰাজ্য দিবসৰ পেৰেড অনুষ্ঠানত অসমক প্ৰতিনিধিত্ব কৰি অসমৰ লগতে মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অন্য এগৰাকী সক্ৰিয় স্বেচ্ছাসেৱিকা জ্ঞানতৃষা ফুকনে কলিকতাত অনুষ্ঠিত হোৱা Pre -RD Republic Day Camp ত সফলতাৰে অংশগ্ৰহণ কৰিছিল। ডঃ বৰাৰ এই সাফল্যৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ কাৰ্যক্ৰম সমন্বয়ক তথা জীৱবিজ্ঞান বিভাগৰ মুৰব্বী প্ৰাধ্যাপক ডেভিদ কাৰ্ডং আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্তই অভিনন্দন জনোৱাৰ লগতে সন্তোষ প্ৰকাশ কৰিছে।