দলগাও : খাৰুপেটীয়াৰ নিকটৱৰ্তী ইছলামপুৰ গাঁৱৰ পৰা নিৰুদ্দেশ হয় এগৰাকী ৫৪ বছৰীয়া লোক। ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকে ধূলা থানাত দাখিল কৰে এখন এজাহাৰ। এজাহাৰত উল্লেখ কৰা মতে ১৫ জুনত পুৱা দৰঙৰ ধূলা থানাৰ অন্তৰ্গত তথা খাৰুপেটীয়াৰ নিকটৱৰ্তী নিজা গাঁও ইছলামপুৰৰ পৰা নিৰূৰ্দ্দেশ হয় অহুউদ্দিন নামৰ ব্যক্তিজন । নিৰূৰ্দ্দেশৰ পিছত পৰিয়ালৰ লোকে সাম্ভাব্য সকলো ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো ধৰণৰ শুংসূত্ৰ নোপোৱাত ১৭ জুনত ধূলা থানাত দাখিল কৰে এজাহাৰ। বগা চুলিৰ ৫ ফুট ৬ ইঞ্চি ওখ ব্যক্তি গৰাকী নিৰূৰ্দ্দেশ হোৱাৰ সময়ত পিন্ধনত লুঙী আৰু গেঞ্জি আছিল। কোনো সদাশয় ব্যক্তিয়ে নিৰূৰ্দ্দিষ্ট লোকজনৰ কোনো ধৰণৰ সন্ধান পালে ওচৰৰ থানা কিম্বা ৬০০৪৮৬২৫৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।
নাজিৰাৰ লেঙিবৰ ৰজাবাৰী পানী যোগান আচনি শুভাৰম্ভ ।
নাজিৰা : নাজিৰা মহকুমাৰ লেঙিবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ৭১ লাখ টকাৰ ৰজাবাৰী পানীযোগান আঁচনিখন আজি শুভাৰম্ভ কৰে নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এই অনুস্থানত নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা নজৰুল হক, সহঃ কাৰ্য্যবাহী অভিযন্ত্ৰা ৰাজেন ফুকন, কনিষ্ট অভিযন্তা ৰাজেন বৰুৱা, লেঙিবৰ গাওঁ পঞ্চায়তৰ সভাপতি আৰু পানী যোগান আঁচনিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইয়াৰ লগতে কৰ’ণা মহামাৰীৰ প্ৰতি সজাগতা অৱলম্বন কৰি থাকিবৰ বাবে ৰাইজক সজাগ কৰাৰ লগতে মাস্ক প্ৰদান কৰি এই পানী যোগান আঁচনি উদ্ধোধনক লৈ মন্তব্য দাঙি ধৰে। তেখেতে কয় অঞ্চলটোৰ প্ৰায় ২৫০০ জন মানুহক বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰাকৈ এই আঁচনি প্ৰস্তুত কৰি উলিওৱা হৈছে। পূৰ্বৰ গগৈ চৰকাৰৰ সময়তেই এই আঁচনিসমূহে অনুমোদন লাভ কৰিলে যদিও কাৰ্য্যক্ষম হৈ উঠা নাই, সমষ্টিৰ ১৭ খন পানীযোগান আঁচনি এতিয়াও কাৰ্য্যক্ষম হবলৈ বাকী আছে, এই বিষয়ে শইকীয়াই বাজেটত প্ৰশ্ন উত্থাপন কৰিছিল, তথাপিও নতুন চৰকাৰৰ ৪ বছৰ কাৰ্য্যকালৰ পাছত পূৰ্বৰ আচনিখন মুকলি কৰিবলৈ পাই চৰকাৰৰ লগতে নাজিৰা জনস্বাস্হ্য কাৰিকৰী সংমণ্ডলৰ সকলো বিষয় ববীয়াক ধন্যবাদ প্ৰদান কৰে।
উন্নয়ন কামী চৰকাৰৰ ফোপোলা স্বৰূপ : কোনো চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা এটি দৰিদ্ৰতাই কোঙা কৰা পৰিয়াল ।
সাপেখাতী, চৰাইদেউ :
২০১৪ চনতেই শাসনাধিষ্ঠ দলৰ প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰিছিল অভিলাষী আঁচনি স্বচ্ছ ভাৰত মিছন – সেই আঁচনিৰ এটাই উদ্দেশ্য আছিল সমগ্ৰ দেশৰ দৰিদ্ৰ পৰিয়াল সমূহক একোটাকৈ চৰকাৰী শৌচালয় প্ৰদান কৰা ।কিন্তু চৰকাৰৰ পঞ্চায়তৰ প্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো আজি পৰ্যন্ত এটি শৌচালয়ৰ মুখ নেদেখিলে পৰিয়ালটোৱে। চৰাইদেউ জিলাৰ সাপেখাতী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ নৰেন মূৰ্মু আৰু ফুলমণি মূৰ্মু ৰ ৮জনীয়া পৰিয়ালৰটোৱে মাত্ৰ এটি জৰাজীৰ্ণ কোঠাত যেনে তেনে বাস কৰিছে ।তেওঁলোকৰ থকা , খোৱা ,শুৱা সকলো ক্ষেত্ৰতে সমস্যাৰ সন্মুখীন হৈ আহিছে । কেৱল শৌচালয়েই নহয় চৰকাৰী সকলো সুবিধাৰ পৰা বঞ্চিত হৈ অহা পৰিয়ালৰটোয়ে কেৱল দিন হাজিৰা কৰি যেনে তেনে চলিছে যদিও দৰিদ্ৰতাই কোঙা কৰি পেলাইছে পৰিয়ালটোক । “কেৱল ধনী মানুহে চৰকাৰৰ সুবিধা পায় ,আমাৰ দুখীয়া মানুহক চৰকাৰে কিয় দেখি নাপায় বুলি আক্ষেপ কৰাৰ লগতে পৰিয়ালৰ মুৰব্বী নৰেন কৰ্মকাৰে থাকিবৰ বাবে এটি আৱাস গৃহৰ লগতে এটি শৌচালয় দিবৰ বাবে চৰকাৰক কাতৰ আহ্বান জনাইছে ।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যু ৷
ননৈ : নগাঁও জিলাৰ মৰিকলং জ্যোতিনগৰ নিৱাসী তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ ১৬ জুন মঙ্গলবাৰে পুৱা নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি হয়৷ মাহদিয়েক পূৰ্বে উচ্চ ৰক্তচাপ জনিত কাৰনত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকাৰ অন্তত মঙ্গলবাৰে পুৱা মৃত্যুক আকোৱা্লি লয় ব্যক্তিজনে৷ সকলোৰে লগত সমানে মিলিব পৰা অমায়িক, মৃদুভাষী, অসহায়জনক সদায় সহায় কৰি ভাল পোবা প্ৰয়াত ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৩ বছৰ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা ২০১৭ চনৰ ছেপ্তেম্বৰ মাহত অৱসৰগ্ৰহণ কৰা এজন সত, সাহসী মনৰ অধিকাৰী ধ্ৰুৱজ্যোতি শইকীয়া বহু বছৰ ধৰি সমাজ জীৱনৰ লগতো জড়িত হৈ আছিল৷ মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, দুগৰাকী বোৱাৰী-দুটি নাতিসহ বহু আত্মীয় কুতুমক এৰি থৈ যোৱা ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যুত সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছা পৰিছে৷
অসমৰ লোক সংস্কৃতিত শৰাই ।
✍ হেমন্ত ডেকা
কোনো এটা বিশেষ অঞ্চলৰ লোক সাহিত্য, সামাজিক প্রথা আৰু ৰীতি-নীতি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভৌতিক সা-সঁজুলি আৰু পৰিবেশিত কলা আদিবোৰ সামৰি জাতি এটাৰ উমৈহতীয়া সামাজিক জীৱন প্রণালীয়েই লোক সংস্কৃতি । অসমীয়া লোক সংস্কৃতিৰ অংগবোৰৰ ভিতৰত গৃহ সজ্জাৰ মনোৰম কলা, বিভিন্ন আহিলাপাতি যিবোৰ দৈনন্দিন জীৱনৰ বিভিন্ন কর্মত ব্যৱহাৰ হয়, পৰিধান কৰা সাজপাৰ, সোণ ৰূপ হাতীদাঁতেৰে নির্মিত আ-অলংকাৰ, বাঁহ বেতৰ বিভিন্ন সা-সঁজুলি, কাঁহ পিতল আদি ধাতুৰে তৈয়াৰী বিভিন্ন সা-সঁজুলি আদিয়ে উল্লেখযোগ্য । অসমীয়া লোক কলা সংস্কৃতিৰ অন্তর্ভক্ত উপদান মৃৎ শিল্প, স্থাপত্য শিল্প, কাষ্ঠ শিল্প, ধাতু শিল্প, বয়ন শিল্প, বস্ত্র শিল্প, হস্ত শিল্প, বেশভূষা, খাদ্যভ্যাস আদিয়ে বহল অসমীয়া সংমিশ্রিত সংস্কৃতিৰ পথাৰ উজ্বলাই ৰাখিছে । অসমীয়া লোক সংস্কৃতিত শৰাইয়ে এক বিশেষ মর্যদাপূর্ণ স্থান অধিকাৰ কৰি আছে । বিশেষত পিতল আৰু কাঁহ নামৰ সংকৰ ধাতুৰ দ্বাৰা শৰাই নির্মাণ কৰা হয় । শৰাই নির্মাণ কৰিবলৈ প্রথমে চাক পিতল কাটি লোৱা হয় । কাটি লোৱা চাক পিতল শৰাইৰ গঠন আৰু আকৃতি মতে কাঠৰ ফৰ্মাত বহুৱাই কোৱাই লোৱা হয়I ফৰ্মাত বহুওৱাৰ আগতে চাক পিতলৰ কাটি লোৱা অংশতো জুইত সুমোৱাই তাপ দি কোমল কৰি লোৱা হয়I এনে কৰিলে ফৰ্মাত বহুৱাই পিতাৰ পিছত ফাটি নাযায় । আগতে জুইশালত ছাগলীৰ ছালেৰে তৈয়াৰী ভাটিৰ সহায়ত বতাহ লগাই পেৰা হৈছিল কিন্তু বর্তমান যন্ত্রৰ সহায়ত সেই কাম সম্পন্ন কৰা হয়I শৰাই এখন প্রস্তুত কৰোতে প্রথমে বেলেগ বেলেগ অংশবোৰ বনাই লোৱা হয় । চাক পিতলৰ কটা অংশ জোৰা দিবলৈ দস্তা আৰু পিতলৰ ৩:১ অনুপাতত তৈয়াৰ কৰা মিশ্রন “পায়েন” ব্যৱহাৰ কৰা হয় । পায়েন তৈয়াৰ কৰোতে পিতল আৰু দস্তাৰ মিশ্রণ বহল মুখৰ সৰু মাটিৰ পাত্র ‘মুহী’ত দি জুইত গলাই লোৱা হয় । পিছত চেঁচা পায়েন গুড় কৰি লোহাৰ চাতুলী, ৰেতি আদি সঁজুলিৰে মিহি কৰি চাফা কৰা হয় । আগতে নির্মাণ কৰি থোৱা অংশবোৰ লা লগাই সঠিক স্থানত সংযোগ কৰি এখন সম্পুর্ণ শৰাই নির্মাণ কৰা হয় । এখন শৰাইৰ ঢাকনিখনৰ পাতি, গল আৰু চোলা আদি অংশবোৰ থাকে । শৰাইখনৰ তলৰ খন্ডতোৰ অংশ কেইটা ক্রমে দাইলা, ঠগীধৰা, কলচি, কাচি আৰু পয়েৰা । অসমীয়া সমাজত বিভিন্ন মাংগলিক কাম আৰু সন্মান জনোৱাৰ বাবে অতীজৰে পৰা শৰাই ব্যৱহাৰ হৈ আহিছে । শৰাইৰ নির্মান আৰু প্রচলন প্রথমতে কেতিয়া হৈছিল জনা নাযায় যদিও অসমীয়া লোক সংস্কৃতিৰ অনবদ্য সম্পদ শৰাই মধ্যযুগতে সিংহাসনৰ সন্মুখত নৈৱেদ্য আগবঢাই দিবলৈ ব্যৱহাৰ কৰিছিল বুলি জনা যায় । শৰাই অসমীয়া লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদI ই সন্মানৰ প্রতীক, থাপনাৰ আসন, নৈৱেদ্য পাত্র, উপহাৰ তথা গৃহ সজ্জাৰ কলাত্মক সামগ্রী ।
বাঁহ উদ্যোগক গুৰুত্ব দিয়ক ।
✍ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰশীল ভাৰত আৰু থলুৱা সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত যি ইংগিত দিলে তাক লৈ আজিৰ এই সংকটময় সময়তো আমি আশাবাদী হৈ উঠিছোঁ৷ আগন্তুক দিনবোৰত নিৱনুৱা সমস্যাই যি ভয়ানক ৰূপ ল’ব পাৰে বুলি এক ধাৰণা গঢ় লৈ উঠিছে তেনে সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যই আমাৰ যুৱক-যুৱতীসকলক যথেষ্ট সাহস দিছে৷ অনাগত দিনত মধ্যভোগীৰ চকু নপৰাকৈ এই আঁচনিসমূহ ৰাইজৰ মাজলৈ নিব পাৰিলেই আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন সাৰ্থক হ’ব৷ দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰাকৃতিক সমল আৰু জলবায়ু ভিন্ন৷ এই সমল সমূহৰ প্ৰকৃত ব্যৱহাৰ কৰিব পাৰিলেই ৰাজ্যখন স্বনিৰ্ভৰশীল হোৱাত নিশ্চয় সহায়ক হ’ব৷ অসমৰ বিভিন্ন প্ৰাকৃতিক সম্পদৰ ভিতৰত বাঁহ অন্যতম৷ চাহপাত, কয়লা, খাৰুৱাতেলৰ বৃহৎ উদ্যোগৰ প্ৰতি চৰকাৰ, পুজিপতি ব্যৱসায়ী আদি সকলো উৎসাহী যদিও দেশৰ ভিতৰত সৰ্বাধিক বাঁহ উৎপাদন কৰা ৰাজ্য হোৱাৰ পিচতো বাঁহৰ যথোচিত উদ্যোগ এটা গঢ়াৰ সদিচ্ছাৰ অভাৱ যেন আমাৰ বোধ হয়৷ সঠিক প্ৰশিক্ষণ পালে থলুৱা বহু নিবনুৱা যুৱক যুৱতীয়ে এই উদ্যোগৰ লগত জড়িত হৈ স্বনিৰ্ভৰশীল হ’ব পাৰিব৷ সম্প্ৰতি বাঁহৰ ৰপ্তানিৰ লগত কিমানজন অসমীয়া যুৱক জড়িত হৈ আছে তাৰ নিশ্চিত তথ্য আমাৰ হাতত নাই যদিও এই সংখ্যা নিচেই তাকৰ বুলি আমি নিশ্চিত৷ দৈনন্দিন ব্যৱহাৰৰ বিভিন্ন আচবাব আৰু সামগ্ৰী বাঁহেৰে অতি উন্নতমানৰ কৰি নিৰ্মাণ কৰিব পাৰি। ভাল বজাৰ আৰু প্ৰশিক্ষণৰ দিহা কৰিলে আৰু বহুতকে এই ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী কৰিব পৰা যাব। বজাৰৰ অভাৱত বা বজাৰখনৰ লগত যোগসূত্ৰ স্থাপন কৰিব নোৱাৰাৰ বাবে বহুতেই বাঁহৰ শিল্পকৰ্মত দখল থকাৰ পিচতো এই কৰ্মক জীৱিকা হিচাপে লব পৰা নাই৷ এইক্ষেত্ৰত চৰকাৰৰ প্ৰত্যক্ষ সহযোগ আৰু নেতৃত্ব লাগিব৷ বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত ৰাজসাহায্যযুক্ত ঋণৰ বাবে নিজৰ বাঁহৰ সামগ্ৰী নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগটোৰ ভৰষাত আগবাঢ়ে যদিও বেংকৰ বা চৰকাৰী কাৰ্যালয়ৰ মেঁৰপেচত সপোন পূৰণ নহয়। নীতি নিৰ্দেশনাৰ মাজেৰেই এনেবোৰ প্ৰক্ৰিয়া সৰলীকৰণত চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগিব৷ কিছুবছৰ আগতে নলবাৰীৰ যুৱ উদ্যোগী এগৰাকীৰ বাঁহেৰে মৃতদেহ কঢ়িওৱা বিজ্ঞানসন্মত কফিন নিৰ্মাণ আৰু ৰপ্তানি কৰাৰ তেখেতৰ বৃহৎ পৰিকল্পনা কেনেকৈ চৰকাৰী বিত্তীয় সাহায্য নোপোৱাৰ বাবেই স্তব্ধ হৈ পৰিছিল তাৰ দুখজনক বৰ্ণনা শুনি সান্ত্বনা বা সাহস দিয়াৰ ভাষা বিচাৰি পোৱা নাছিলো৷ বৰ্তমান চৰকাৰৰ দিনত অন্তত তেনে নিজৰ লগতে আন দহজনক সংস্থাপন দিব পৰা আঁচনি কাগজৰ ভাজতে ধ্বংস হৈ নাযাব বুলি আশা ৰাখিছোঁ৷ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত নিজেই উদ্যোগ ল’লে বৰ্তমানৰ জটিল সময়তো আমি বহু যুৱক-যুৱতীৰ সংস্থাপনৰ বাট মুকলি কৰি দিব পাৰিম৷
আঘাটপ্ৰাপ্ত শেন চৰাইটোৰ চিকিৎসা ব্যৱস্থা কৰে স্থানীয় সংবাদসৱী তথা সচেতন যুৱকে ।
কলিয়াবৰ : পক্ষী কূলৰ পৰা ক্ৰমাৎ বিলুপ্ত হৈ পৰিছে শেন চৰাই। তেনে এটি শেন চৰাই কলিয়াবৰৰ সৰুভগীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অকস্মাত পৰি যায় এখন চলন্ত স্কুটিৰ সন্মুখত। ঘটনাটো সংঘটিত হয় স্থানীয় সংবাদসেৱী তথা সমাজকৰ্মী প্ৰদীপ লস্কৰৰ ঘৰৰ সমুখত। ডেউকা আৰু বুকুত আঘাট পোৱা চৰাইটোক স্থানীয় পশু চিকিৎসক ডা: সুৰজ প্ৰতীম কাকতিৰ ওচৰলৈ ততাতয়াকৈ লৈ যায় প্ৰদীপ লস্কৰ আৰু স্কুটি চালক যুৱকজনে। চিকিৎসা সেৱা আগবঢ়োৱাৰ পিচত ক্ৰমাৎ সুস্থ হৈ উঠিছে শেন চৰাইটো। চৰাইটো বিপদমুক্ত যদিও চিকিৎসকৰ পৰামৰ্শ মতে এদিন তত্বাৱধানত শেন চৰাইটো ৰাখি পুনৰ মুক্ত আকাশৰ তললৈ এৰি দিয়া হ’ব বুলি জানিবলৈ দিছে প্ৰদীপ লস্কৰে। দুয়োগৰাকী প্ৰকৃতিপ্ৰেমীৰ এনে কাৰ্য্যৰ শলাগ লৈছে কলিয়াবৰীয়া সচেতন মহলে।

নাজিৰাৰ গেলেকীৰ ডিএছএ অ’এনজিচি কলনিৰ কোৱাৰেণ্টইন শিৱিৰত চাঞ্চল্যকৰ ঘটনা : বিদ্যুৎস্পষ্ট হৈ থিতাতে মৃত্যু এজন কৰ্মচাৰী ।

নাজিৰা : দেশৰ মহাৰত্ন উদ্যোগ অ’এনজি চি অসম সম্পদৰ অধীনস্থ নাজিৰা মহকুমাৰ গেলেকী ডিএছএ কৰ্তৃপক্ষৰ চৰম অকমৰ্ণতাৰ বাবে যোৱা নিশা কোৱাৰেণ্টইন চেণ্টাৰত বিদ্যুৎস্পষ্ট হৈ এজন কৰ্মচাৰী থিতাতে মৃত্যু হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত কৰ্মচাৰীজনৰ নাম পবিত্ৰ বৰা। পবিত্ৰ বৰা ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে। ডি এছ এ ৰ অ’এন জি চিৰ কলনিৰ কোৱাৰেণ্টইন চেণ্টাৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰৱেশত বাধা প্ৰদান কৰে অ’এন জি চি নিৰাপত্তাৰক্ষীয়ে। অ’এন জি চিৰ গাফিলতিৰ বাবেই কোৱাৰেণ্টইন শিৱিৰত এইদৰে বিদ্যুৎপিষ্ট হৈ থিতাতে মৃত্যুক সাবটিলে ঠিকাভিত্তিক কৰ্মচাৰী পবিত্ৰ বৰাই। মৃত পবিত্ৰ বৰাই কোৱাৰেণ্টইন শিৱিৰত ৰোগীৰ খাদ্য যোগানৰ পৰা আৰম্ভ কৰি বিভিন্ন দায়িত্ব পালন কৰি আহিছিল। ঘটনাৰ খবৰ পাই গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰী সহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বৰাৰ মৃতদেহ জীম্মাত লয় আৰু আজি শিৱসাগৰ জিলা অসামৰিক চিকিৎসাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
কন্টেইনমেন্ট জ’ন ঘোষণা কেৱাৰীচুক গাওঁ ।
জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰথমগৰাকী কৰ’না আক্ৰান্তক কালি নিশা চিনাক্ত কৰা হয়। ক’ভিড-১৯ৰ উপস্থিত ধৰা পৰা যুৱতীগৰাকী হ’ল অঞ্চলটোৰ গেৰেকীচুক (কেৱাৰীচুক)ৰ শান্তি বৰা(২১)। কৰ্মসূত্ৰে দিল্লীৰ নইদাত থকা যুৱতীগৰাকী ৰাজ্যলৈ ঘূৰি অহাৰ পাছত তেজপুৰৰ ডন বস্কুৰ কোৱাৰেন্টইন শিবিৰৰ আছিল আৰু তাতে যুৱতীগৰাকীৰ স্বোৱাব পৰীক্ষা কৰা হয়। স্বোৱাব পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত যুৱতীগৰাকী হোম কোৱাৰেন্টইনৰ বাবে পঠিয়াই দিয়া হয়। যোৱা ১৩ জুনত জামুগুৰিহাটৰ নিজা ঘৰলৈ আহি হোমা কোৱাৰেন্টইনত থকা যুৱতীগৰাকী দুদিন ঘৰত থকাৰ পাছত জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হোৱাত স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰা হয় আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা যুৱতীগৰাকীক নাগশংকৰ হাইস্কুলত থকা কোৱাৰেন্টইন শিবিৰৰ ভৰ্তি কৰোৱাৰ লগতে পুনৰ যুৱতীগৰাকী দেহৰ স্বোৱাব পৰীক্ষাৰ বাবে বিশ্বনাথ চাৰিআলিৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়। কালি নিশা পৰীক্ষাগাৰৰ পৰা অহা ফলাফলত যুৱতী গৰাকীৰ দেহত ক’ভিড-১৯ উপস্থিত ধৰা পৰে। ইফালে যুৱতী গৰাকীৰ দেহত ক’ভিড-১৯ উপস্থিত ধৰা পৰাৰ পিছত আজি পুৱাৰ ভাগত জিলা প্ৰশাসনৰ ফালৰ পৰা আক্ৰান্ত যুৱতীগৰাকীৰ গাওঁ জামুগুৰিহাটৰ কেৱাৰীচুক অঞ্চলটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে।
ডবকা ভেলৌগুৰিত জঘন্য ঘটনা, ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ ।
ডবকা :
জঘন্য, অমানৱীয়, মৰ্মান্তিক এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলৌগুৰি আদৰ্শ গাঁৱত। এগৰাকী নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হৈছিল ১৬ জুনৰ নিশা ৯ মান বজাত। পিতৃ হীনা কিশোৰীগৰাকী ঘৰত অকলে বুলি জানিব পাৰি ভেলৌগুৰি আদৰ্শ গাঁৱৰ চনি গৌড় আৰু উৎপল বৰাৰ নেতৃত্বত এদল পাষণ্ডৰ দলে উপৰ্যুপৰি ধৰ্ষণ কৰি হত্যা কৰে। ঘৰৰ কাষতেই থকা স্থানীয় অৰুপ পানিকা আৰু অনিল পানিকাই গুণ গুনণি শব্দ শুনি চিঞৰ-বাখৰ কৰাত নৰপিশাচৰ দাৰ আক্ৰমণত অনিল পানিকাও গুৰুতৰভাবে আহত হয়। ঘটনাৰ খবৰ পাই মঙ্গলবাৰে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষা অন্তত পৰিয়ালক মৃতদেহ চমজাই দিয়ে। মঙ্গলবাৰে বিয়লিৰ ভাগত ঘটনা সংক্ৰান্তত নাবালিকাগৰাকীৰ পৰিয়ালে ডবকা থানাত গোচৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি মূল অভিযুক্ত চনি গৌড় নামৰ লম্পটটোক সন্ধিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজি দ্বিতীয়জন অভিযুক্ত উৎপল বৰাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বাকী লম্পটকেইটা সম্প্ৰতি পলাতক হৈ আছে। এই নাৰকীয় ঘটনাৰ লগত জড়িত সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে ডবকাৰ হোজাইৰ দল সংগঠনে। ইপিনে গ্ৰেপ্তাৰ হোৱা দুই অভিযুক্তক আৰক্ষীয়ে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি পুনৰ সাত দিনৰ আৰক্ষীৰ জিম্মালৈ আনি অধিক তদন্ত অব্যাহত ৰাখিছে।














