Home Blog Page 3381

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা জনাৰণ্যত পৰিণত নাজিৰা

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা জনাৰণ্যত পৰিণত হ’ল নাজিৰা

নাজিৰা

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে জনাৰণ্যত পৰিণত হ’ল নাজিৰা আৰু শিমলুগুৰি নগৰ। ইয়াৰ লগে লগে জনসাধাৰণ, যানবাহন আৰু মুকলি হোৱা ব্যৱসায়ীক প্ৰতিষ্ঠানে নাজিৰা মহকুমাটোলৈ স্বাভাৱিক জীৱনযাত্ৰা ঘূৰি অহাৰ ইংগিত দিলে। কিন্তু ইয়াৰ মাজতো কেতবোৰ বেমেজালি আৰু দিনটোক কেন্দ্ৰ কৰি গভীৰ শংকা। তৃতীয় পৰ্যায়ৰ লকডাউনত গ্ৰীন জ’ন অঞ্চলসমূহৰ বাবে বিশেষ কেতবোৰ শিথিলতা প্ৰদান কৰা হৈছিল যদিও মঙলবাৰে নাজিৰা আৰু শিমলুগুৰি নগৰত দেখা গ’ল আন এক পৰিস্থিতি। ব্যৱসায়িক মহলৰ মাজত দেখা পোৱা গ’ল চৰম অনিশ্চয়তা৷ কোনে কি খুলিব, কোনে কি নুখুলিব এনে এক বিমোৰত নগৰ দুখনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানবোৰ বিশৃংখল ৰূপত আধা খোলা, আধা বন্ধ অৱস্থাৰ সৃষ্টি হয়৷ সাধাৰণভাৱে চৰকাৰী নিৰ্দেশনা ব্যৱসায়িকভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত প্ৰশাসনো বিমোৰত পৰে। এক তৃতীয়াংশ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নিৰ্দেশ দিয়াৰ পাছত সেই এক তৃতীয়াংশ ব্যৱসায়িক প্ৰতিষ্ঠান কোনে নিৰ্ধাৰণ কৰিব, তাকেলৈ এক বেমেজালি সৃষ্টি হয়৷ আনহাতে স্বাভাৱিক দিনৰ দৰে নগৰ দুখনত পুৱাৰ ভাগৰ পৰা দেখা যায় ব্যক্তিগত যানবাহনৰ মুকলি চলাচল। এনে ক্ষেত্ৰত স্বাভাৱিকতে নগৰ দুখন জনাৰণ্যত পৰিণত হয়। তেনে পৰিস্থিতিত নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামী, ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ, দণ্ডাধীশ ক্ৰমে অদিতি বৰ্মণ, সুজাতা গগৈ, ৰাজীৱ সোণোৱাল তথা মহকুমা প্ৰশাসনৰ তৎপৰতাত মঙলবাৰৰ পৰা নাজিৰা আৰু শিমলুগুৰি নগৰ দুখনত সুশৃংখলিতভাৱে দোকান পোহাৰ খোলাৰ সঠিক পদক্ষেপ গ্ৰহণ কৰে।

নাজিৰাত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

Rare Indian Pangolin rescue at Nazira

নাজিৰা

নাজিৰাৰ মেছাগড় গোহাঁই গাঁৱৰ নিবাসী বগা বৰগোহাঁই, নাৰায়ণ বৰগোহাঁই ঘৰৰ পিছফালে পথাৰত বৃহৎ আকৃতিৰ দুষ্প্ৰাপ্য বনৰৌ এটা উদ্ধাৰ হয়। দুষ্প্ৰাপ্য বনৰৌটো প্ৰত্যক্ষ কৰি ঘৰৰ লোকে বন বিভাগক খবৰ দিয়ে৷ বন বিভাগৰ লোকে দুষ্প্ৰাপ্য বনৰৌতো স্থানীয় উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দুলীয়াজান অইলৰ ৭০০০ লিটাৰ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ আৰক্ষীৰ : ৰঙাঘৰলৈ ২

দুলীয়াজান অইলৰ ৭০০০ লিটাৰ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ আৰক্ষীৰ

দুলীয়াজান

সোমবাৰে নিশা দুলীয়াজান আৰক্ষী আৰু নাওহলীয়া আৰক্ষীয়ে যুটীয়া অভিযান চলাই অইল ইণ্ডিয়া লিমিটেডৰ বৃহৎ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে সোমবাৰে নিশা দুলীয়াজানৰ এটা আৰক্ষী দলে গোপন সূত্ৰৰ পম খেদি ২ নং নাওহলীয়াৰ বলাই মজুমদাৰ নামৰ লোকজনৰ ঘৰত অভিযান চলাই ১৫০০ লিটাৰৰো অধিক অইল ইণ্ডিয়া লিমিটেডৰ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ কৰে৷ বলাই মজুমদাৰৰ ঘৰত অভিযান চলাই থকা সময়ত উমান পাই একে অঞ্চলৰ পৰেশ মজুমদাৰ নামৰ লোকজনৰ ঘৰতো অভিযান চলায়। আৰক্ষীৰ অভিযানত পৰেশ মজুমদাৰৰ ঘৰৰ পৰা ৫,৫০০ লিটাৰ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ কৰিবলৈ সক্ষম হয়। খবৰ অনুসৰি, উক্ত তেল অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন তৈলক্ষেত্ৰৰ পাইপ কাটি অভিনৱ কৌশলেৰে সংগ্ৰহ কৰি অন্য অন্য ঠাইলৈ ছালান দিবৰ বাবে ঘৰত মজুত কৰি ৰাখিছিল। ইতিমধ্যেই আৰক্ষীয়ে কনণ্ডেণ্টছেট তেল চুৰি অপৰাধত দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত তথা নাওহলীয়া আৰক্ষী চকীৰ অধীনৰ ২নং নাওহলীয়া অঞ্চলৰ বলাই মজুমদাৰ আৰু পাপু মজুমদাৰক আৰক্ষীয়ে আটক কৰি মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইফালে তেল চুৰি চক্ৰটোৰ লগত জড়িত আৰু লোক শীঘ্ৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে৷Attachments area

বাৰিষা আগমনত গৰাখহনীয়া, কৃত্ৰিম বান ৰোধত তৎপৰতা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ

গৰাখহনীয়া আৰু কৃত্ৰিম বান ৰোধত তৎপৰতা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ

গোলাঘাট

গোলাঘাট সমষ্টিৰ দুখন ডাঙৰ নৈ ধনশিৰি আৰু দৈয়াং। এই নদী দুখনত প্ৰত্যেক বাৰিষাত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হয়৷ ইয়াৰ লগতে সৰু নদী ঘিলাধাৰী, মকৰং, কাকডোঙা, চেলচেলি, চিচুপানী আদি বাম হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰি আহিছে। গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে এই দুয়োটা সমস্যাক গুৰুত্ব প্ৰদান কৰি যোৱা বিত্তীয় বৰ্ষত প্ৰায় ২৩ কোটি টকাৰে দুখন আঁচনিৰ অনুমোদন লাভ কৰি গোলাঘাটবাসীক সকাহ দিবৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰিছে। দ-চমুৱা আঁচনিৰ প্ৰায় ৬.৪০ কোটি টকাৰ কাম ফেব্ৰুৱাৰীত আৰম্ভ হয়। উক্ত কামৰ অগ্ৰগতি সম্পৰ্কে জ্ঞাত হ’বলৈ মঙলবাৰে বিধায়িকাগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ লগত দ-চমুৱা আঁচনিখন পৰিদৰ্শন কৰে। যদিও বৰ্তমান পৰিস্থিতিৰ বাবে কামসমূহ বন্ধ হৈ আছে তথাপি আগন্তুক বাৰিষাৰ আগমণৰ প্ৰতি লক্ষ্য ৰাখি সকলো কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে কাকডোঙা নদীৰ আঁচনিৰ প্ৰায় ১৭ কোটি টকাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলিও বিধায়িকাগৰাকীয়ে মত ব্যক্ত কৰে। উল্লেখ্য যে কেইবাখনো নদীৰ খনন কাৰ্য সম্পন্ন হোৱাত কৃত্ৰিম বানপানী হ্ৰাস পোৱাত সেই অঞ্চলৰ কৃষকসকলে যথেষ্ট সকাহ পাইছে।

গোলাঘাটত সত্য সাই সেৱা সমিতিৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ

গোলাঘাট

দীৰ্ঘদিনীয়া লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ খাটি খোৱা ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এনে লোকসকলক কিঞ্চিৎ সহায় কৰাৰ উদ্দেশ্যে গোলাঘাটৰ শ্ৰী সত্য সাই সেৱা সমিতিৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।  গোলাঘাটৰ কাবৰুগাঁও অঞ্চলত সত্য সাই সেৱা সমিতিৰ বিষয়ববীয়াসকলে আৰ্থিকভাৱে দুৰ্বল প্ৰায় ৫৫ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে।  ভগৱান সত্য সাই বাবাৰ আশীৰ্বাদ আৰু প্ৰয়াত অপূৰ্ব কুমাৰ বৰগোহাঁইয়ে আৰ্তজনক সহায় কৰাৰ বাবে দেখুৱাই যোৱা পথৰ পথিক হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি শ্ৰী সত্য সাই সেৱা সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে।

হাটশিঙিমাৰীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত অটোমেটিক ছেনিটাইজৰ মেচিন স্থাপন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ

হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত অটোমেটিক ছেনিটাইজৰ মেচিন স্থাপন কৰে৷

হাটশিঙিমাৰী

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে গ্ৰহণ কৰিছে নতুন পদক্ষেপ। বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত টেকনিকেল অফিচাৰ আকিব সৰকাৰ আৰু ইলিয়াছ আহমেদে নিজৰ প্ৰচেষ্টাত প্ৰস্তত কৰি উলিয়াইছে অটোমেটিক ছেনিটাইজৰ মেচিন। মেচিনটো মঙলবাৰে দিনৰ ১১ বজাত হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত স্থাপন কৰে৷ বিভাগটোৰ এই কাৰ্যক বিভিন্ন মহলে প্ৰশংসা কৰিছে। এই মেচিনটো শুভাৰম্ভ কৰে জিলা উপায়ুক্ত আতিকা চুলতানাই৷ অনুষ্ঠানত উপস্থিত থাকে হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ছফিয়ৰ ৰহমান মোগলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল৷ উল্লেখ্য যে এই পথৰে কোনো মানুহ প্ৰৱেশ কৰিলে তেওঁৰ সম্পূৰ্ণ শৰীৰ স্বয়ংক্ৰিয়ভাৱে ছেনিটাইজৰ হৈ যায়। হাাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এনে পদক্ষেপক জিলাবাসীয়ে শলাগ লৈছে।

গোলাঘাটৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষকৰ আৰ্থিক সাহায্য প্ৰদান

গোলাঘাট

গোলাঘাটৰ ব্যক্তিগত খণ্ডৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দই ৰাজ্য চৰকাৰৰ ক’ভিড-১৯ পুঁজিলৈ তেওঁলোকৰ দৰমহাৰ পৰা মুঠ  ৪৩,৩৬৫ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়৷ শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ অধ্যক্ষ শুভাশীষ ৰাজখোৱাই গোলাঘাট জিলা প্ৰশাসনৰ জৰিয়তে এই ধনৰাশি ৰাজ্য চৰকাৰলৈ আগবঢ়ায়।

সোণতলীৰ বগুৰীগুৰি গাঁও পঞ্চায়তত চৰকাৰী চাউল বিতৰণত দুৰ্নীতি : কৰ্তৃপক্ষক অভিযোগ দাখিল বঞ্চিত হিতাধিকাৰীৰ

সোণতলী

চৰকাৰী চাউল বিতৰণৰ অনিয়ম জড়িত এজন অৱসৰী গাঁওবুঢ়াৰ পুত্ৰই নিজৰ ইচ্ছামতে হিতাধিকাৰীৰ মাজত চাউল বিতৰণ কৰি প্ৰকৃতক বঞ্চিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লগতে বঞ্চিতৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। লকডাউনত সমগ্ৰ ৰাজ্যৰ দৰিদ্ৰ লোকসকল অধিক পৰিমাণে ক্ষতি গ্ৰন্থ হৈছে। ৰেচন কাৰ্ড নথকা প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালক ৫ কেজিকৈ চাউল দিয়াৰ নামত ব্যাপক অনিয়ম সংগঠিত হৈছে বগুৰিগুৰী গাঁও পঞ্চায়তত। ছমৰীয়া ৰাজহ চক্ৰৰ অধীনস্থ ৫৩ নম্বৰ বগুৰীগুৰিৰ প্ৰায় ১২১ গৰাকী দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ডত নাম নথকা চৰকাৰী বিনামূলীয়া চাউল নিদি বহু সংখ্যক ৰেচন কাৰ্ডধাৰী পৰিয়ালক চাউল দিয়াত ৰাইজ জাঙুৰ খাই উঠিছে । ডেকাচাং গাঁৱৰ এই দৰিদ্ৰ বঞ্চিত লোকসকলৰ নাম সুলভ মূল্যৰ দোকানীয়ে তালিকা স্থানীয় গাঁওবুঢ়াক দিয়ে যদিও ডেকাচাং গাঁৱৰ অৱসৰ প্ৰাপ্ত গাঁওবুঢ়া জবেদ আলীৰ পুত্ৰ আব্দুচ ছামাদ আৰু বৰ্তমান দায়িত্বত থকা গাঁওবুঢ়া আব্দুল কালামে নিজ মইমতালিৰে তালিকা প্ৰস্তুত কৰি একাংশ ৰেচন কাৰ্ডধাৰী লোককো চাউল বিতৰণ কৰাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্ঠি হৈছে। উল্লেখ্য যে বঞ্চিত দৰিদ্ৰ লোকসকলে ইতিমধ্যে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দিছে।

এছবিআইত সঘন বিজুতি : গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্ভোগ।

টিংখাং

ভাৰতীয় ষ্টেট বেংকৰ কাৰিকৰী বিজুতিৰ বাবে গ্ৰাহকসকল সঘনে দুৰ্ভোগ ভূগিব লগা হৈছে। বিগত প্ৰায় এমাহ ধৰি এছ বি আইত হোৱা বিজুতিৰ বাবে গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। মূলত কাৰিকাৰী বিজুতিৰ বাবে বেংকটোৰ কামকাজ এক প্ৰকাৰে স্থবিৰ হৈ পৰিছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠানটোত হোৱা কাৰিকৰী বিজুতিৰ বাবে গ্ৰাহকসকলে সময় মতে নিজৰ জমাকৃত ধন উলিওৱাৰ পৰা বঞ্চিত হ’ব লগা হৈ আহিছে। একেদৰে জৰুৰী সময়ছোৱাত আন ঠাইলৈ ধন পঠোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। লকডাউনৰ পৰিপ্ৰেক্ষিতত দেশৰ দৰিদ্ৰ মহিলা, শ্ৰমিক, কৃষককে ধৰি বিভিন্ন লোকক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিছে।এই চৰকাৰী সাহায্য হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰি আহিছে। বিশেষকৈ প্ৰধানমন্ত্ৰী জনধন যোজনা আঁচনিৰ অধীনত খোলা সমগ্ৰ দেশৰ দৰিদ্ৰ প্ৰতি গৰাকী মহিলাৰ একাউণ্টত  ৫০০ টকাকৈ জমা কৰিছে। প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ ধন এপ্ৰিল মাহৰ পাছত চলিত মাহৰ বাবে দ্বিতীয় কিস্তিৰ ধন সোমবাৰৰ পৰা হিতাধিকাৰী মহিলাসকলৰ একাউণ্টত জমা হৈছে। চৰকাৰে আগবঢ়োৱা আৰ্থিক সাহায্য বেংকৰ পৰা নিবলৈ সামাজিক ব্যৱধান বৰ্তাই ৰাখি হিতাধিকাৰীসকলে বেংকৰ সন্মুখনত দীঘলীয়া শাৰী পাতিব লগা হৈছে। কিন্তু ঘণ্টাৰ পাছত ঘণ্টা ধৰি শাৰী পতাৰ পাছতো হিতাধিকাৰী তথা গ্ৰাহকসকলে বেংকত হোৱা কৰিকৰী বিজুতিৰ বাবে ধন উলিওৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। বেংক শাখাৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত হোৱা চৰম অচলাৱস্থাই গ্ৰাহক সকলক মাজত ব্যাপক ক্ষোভ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বেংকত হোৱা সঘন কাৰিকৰী বিজুতি অতি শীঘ্ৰে নিৰাময় কৰিবলৈ গ্ৰাহকসকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহবান জনাইছে।

গোলাঘাটত ৭ মে’ৰ পৰা ঘৰে ঘৰে হ’ব ক’ভিড -১৯ৰ পৰীক্ষা

ক'ভিড-১৯ৰ লগত মুখামুখি হ’বলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি গোলাঘাটতো সাজু হৈছে জিলা প্ৰশাসন

 গোলাঘাট

 ক’ভিড-১৯ৰ লগত মুখামুখি হ’বলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি গোলাঘাটতো সাজু হৈছে জিলা প্ৰশাসন। মঙলবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত  অনুষ্ঠিত হোৱা সংবাদমেলত এইকথা সদৰি কৰে উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে। জিলাখনৰ প্ৰায় দুই লাখ চৌত্ৰিছ হাজাৰ ঘৰত হ’ব ক’ভিড-১৯ পৰীক্ষণ। ইতিমধ্যে আঠাৱন্নটা স্বাস্থ্যকৰ্মীৰ দল গঠন কৰা হৈছে। এজনকৈ মেডিকেল অফিচাৰ সম্বলিত প্ৰতিটো গোটে জিলাখনৰ প্ৰতিটো অঞ্চলৰ প্ৰতিঘৰত কৰিব এই পৰীক্ষা।  কাৰোবাৰ শৰীৰত ক’ভিড-১৯ৰ কিবা লক্ষণ দেখা পালে দ্বিতীয় পৰ্যায়ত চিকিৎসক আৰু লেৱৰটৰী টেকনিচিয়ানৰ দল উপস্থিত হৈ উক্ত ব্যক্তিজনৰ দেহৰ নমুনা সংগ্ৰহ কৰিব। জিলাখনত থকা ১৪৪ টা ছাব চেন্টাৰৰ আশা কৰ্মী, এছ পি ডব্লিউ আদিৰ জৰিয়তে গঠন কৰা হৈছে এই চিকিৎসা  কৰ্মীৰ দলবোৰ। ইতিমধ্যে জিলাখনত ক’ৰ’ণা আক্ৰান্তৰ বাবে মুঠ ৬৭০ খন বিচনা প্ৰস্তুত কৰি তোলা হৈছে। পৰবৰ্তী সময়ত অধিক সম্প্ৰসাৰণ কৰিব। সমগ্ৰ বিশ্বতে এতিয়া এক আতংকময় পৰিবেশে বিৰাজ কৰা জীৱকুলৰ এনে সংকটৰ সময়ত ক’ৰ’ণাৰ সৈতে সাহসিকতাৰে মুখামুখি হ’বলৈ ৰাইজক আহ্বান জনাইছে। পৰীক্ষণৰ সময়ত কোনো অশুভ পৰিৱেশৰ সৃষ্টি নকৰি সকলো সময়তে প্ৰশাসনৰ লগতে চিকিৎসা কৰ্মীসকলক সহযোগ কৰি ক’ৰ’ণা প্ৰতিৰোধৰ বাবে একত্ৰিত হ’বলৈও অনুৰোধ কৰে। তদুপৰি এই সময়ছোৱাত কোনো সামাজিক বিৰোধ সৃষ্টি নহ’বৰ বাবে গাঁও পঞ্চায়তৰ সদস্য বা ৱাৰ্ডৰ সদস্যসকলৰ সহায় লোৱা বুলিও ব্যক্ত কৰে উপায়ুক্তগৰাকীয়ে। চেম্বাৰ্চ অৱ কমাৰ্চৰ লগত হোৱা আলোচনা মৰ্মে  লকডাউনৰ এই সময়ছোৱাত গোলাঘাট চহৰত দোকানবোৰ এ, বি, চি-তিনিটা গোটত বিভক্ত কৰি খোলাৰ ব্যৱস্থা কৰিছে। এ গোটৰ দোকানবোৰ খোলা থাকিলে বি আৰু চি বন্ধ থাকিব। অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰী, ফাৰ্মাচী, কৃষি সামগ্ৰী তথা হাৰ্ডৱেৰ দোকানবোৰ এই গোটত অন্তৰ্ভুক্ত নহ’ব। মঙলবাৰে চহৰখনৰ সকলো দোকানত এই মাৰ্ক কৰা হ’য় আৰু তৎকালীনভাৱে এই ব্যৱস্থা কাৰ্যকৰী হ’ব।