Home Blog Page 3401

আৰ্থিক দৈন্যতাকো নেঁওচি উজ্জ্বলিল জামুগুৰিহাটৰ নিলাক্ষী ৷

আৰ্থিক দৈন্যতাকো নেঁওচি উজ্জ্বলিল জামুগুৰিহাটৰ নিলাক্ষী ৷

দৈনন্দিন বাৰ্তা সেৱা,জামুগুৰিহাট

ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা যে কেতিয়াও  যিকোনো কামত হেঙাৰ হ’ব নোৱাৰে সেয়াই যেন প্ৰমাণ কৰি দেখুৱালে জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰীয়ে৷নিলাক্ষী বৰা নামৰ ছাত্ৰীগৰাকীয়ে আৰ্থিক দৈন্যতাকো প্ৰত্যাহ্বান হিচাপে লৈ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা উজলি উঠিবলৈ সক্ষম হৈছে৷দৰিদ্ৰতাৰ বাবেই আন হাজাৰজন ছাত্ৰ ছাত্ৰীয়ে ঘৰৰপৰা লাভ কৰা নতুবা পোৱা সুবিধাৰ বিপৰীতে নিলাক্ষীয়ে পোৱা নাছিল তেনে সুবিধা৷কৃষক পিতৃয়ে ছাগলী পোহপালন কৰি বিক্ৰী কৰা লাভৰ টকাকেইটাৰে নিলাক্ষীক পঢ়াৰ সামান্য সুবিধা কৰি দিয়াৰ উপৰিও পৰিয়ালটোও পোহপাল দিবলগা হৈছিল৷কিন্তু প্ৰৱল ইচ্ছাশক্তি আৰু একাগ্ৰতাৰ বাবেই ঘৰৰ সকলো কাম কাজত সহযোগ কৰিও সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭.৮ শতাংশ নম্বৰসহ ডিষ্টিংচন লাভ কৰি নিলাক্ষীয়ে প্ৰমাণ কৰি দেখুৱালে যে পঢ়াশুনাৰ দিশত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰা নিলাক্ষীৰ এই ফলাফলে কেৱল অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনাই নহয় দৰিদ্ৰ পিতৃ মাতৃৰ চকুতো আনন্দৰ বন্যা দেখা পোৱা গৈছে৷কিন্তু ভৱিষ্যত শিক্ষা জীৱণৰ দিশটোত আগুৱাই যোৱাত ক’ৰবাত নিলাক্ষীয়ে উজুতি খাবলগীয়া হ’ব পাৰে নেকি৷কিয়নো নিলাক্ষীয়ে বিজ্ঞান শাখাত নাম ভৰ্তি কৰি ভৱিষ্যতলৈ এগৰাকী অধ্যাপিকা হোৱাৰ মন৷যাৰবাবে প্ৰচুৰ পৰিমাণৰ অৰ্থৰ প্ৰয়োজন আৱশ্যম্ভাৱী৷দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী নিলাক্ষীক যদি কোনো সদাশয় লোকে এতিয়াৰপৰাই অধ্যয়নৰ দিশটোত সহায় কৰে তেন্তে ছাত্ৰীগৰাকীৰ সপোন বাস্তৱ ৰূপ পোৱাত কিছু সহায়ক হ’ব বুলিয়েই আশা কৰিব পাৰি৷সি যি কি নহঁওক আৰ্থিক দৈন্যতাকো নেঁওচি ঘৰুৱা কামৰ মাজতে পঢ়াৰ দিশটোক সময়মতে বৰ্তাই ৰাখি মেধাৱী ছাত্ৰী নিলাক্ষীয়ে কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই সফলতাই গৌৰৱাম্বিত কৰি তুলিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে মৰণাকুৰি গাঁওবাসীক৷জোন বৰা , জামুগুৰিহাট ।

  • যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

বানে ধোৱা ধাননী পথাৰ দেখি হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্য হোৱা ওমৰ আলীৰ ঘৰত উপস্থিত বিধায়িকা নন্দিতা দাস ৷

বানে ধোৱা ধাননী পথাৰ দেখি হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্য হোৱা ওমৰ আলীৰ ঘৰত উপস্থিত বিধায়িকা নন্দিতা দাস ৷

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী

সমগ্ৰ দেশত মহামাৰী কৰ’ণা আতংক মাৰ নৌযাওতেই ৰাজ্যত দেখা দিছে আন এক সংকটে ৷ কিছুদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যত দেখা দিছে একপ্ৰকাৰ অভাৱনীয় বানপানীৰ ৷ বিশেষকৈ এই বানপানীৰ ফলত ৰাজ্যৰ গ্ৰামাঞ্চলৰ কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে ৷ বেঙ্কৰ পৰা ঋণ লৈ দৰিদ্ৰ কৃষকে কৰা ধান খেতি সম্পুৰ্ণৰূপে বানপানীত বুৰ গৈছে ৷যাৰ ফলত কৃষক সকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিৰ সৃষ্টি হৈছে ৷ মুৰে কপালে হাত দিব লগা হৈছে কৃষকে ৷ ঘৰৰ হাঁহ, কুকুৰা আ-অলংকাৰ বিক্ৰী কৰি কপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতি পানীৰ তলত বুৰ যোৱাত হিয়া ঢাপৰি কান্দিছে কৃষকে ৷কিন্তু ৰাজ্য চৰকাৰে আজিও বুজি পোৱা নাই এইসকল কৃষকৰ মৰ্মবেদনা ৷ নিজে এহাজ নাখাই সেই টকাৰে খেতিত পানী যোগান ধৰি অহা ধাননী পথাৰ বানে বিনষ্ট হোৱাৰ দৃশ্য দেখি পথাৰতে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী গাঁৱৰ কৃষকওমৰ আলী ৷ দেউবাৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে বামুণবুঢ়ী গাঁও পঞ্চায়তৰ প্ৰতিধিনি সকলত লগত লৈ ওমৰ আলীৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নগধ তিনি হাজাৰ টকাৰে আৰ্থিকভাৱে সহায় কৰে পৰিয়ালটোক ৷ লগতে তেও কয়- যিসকল কৃষকৰ ধান খেতি কৃতিম বানপানীত নষ্ট হৈছে সেইসকল কৃষক সকলক যাতে চৰকাৰে ক্ষতিপুৰণ দিয়ে তাৰ বাৰে চৰকাৰক অনুৰোধ জনায় ৷আনহাতে, যিসকল কৃসকৰ নিজৰ মাটি নাই অৰ্থাৎ বেলেগৰ মাটিত খেতি কৰিছিল সেইসকল কৃষককো ক্ষতিপুৰণ দিয়াৰ বাবে চৰকাৰ দাবী জনায় ৷ উল্লেখ্য যে, বিধায়িকা নন্দিতা দাসে ওমৰ আলীৰ পৰিয়ালক পঞ্চায়তৰ বিভিন্ন আঁচনিত নাম অন্তৰ্ভুক্ত কৰি পৰিয়ালটোক উপকৃত কৰিবলৈ পঞ্চায়ত প্ৰতিনিধি সকলক অনুৰোধ জনায় ৷ স্মৰ্তব্য য, পিএম কিষাণ আঁচনিৰ নামৰ ব্যপক দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি তেওঁ কয় যে, যিসকল প্ৰকৃত কৃষক তেওঁলোকক বঞ্চিত কৰি জালিয়াতিৰে ভূৱা কৃষকৰ নাম অন্তৰ্ভুক্ত কৰি চৰকাৰী টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৷  লগতে পিএম কিষাণ আঁচনিৰ নামত সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ চৰকাৰক দাবী জনায় ৷ আনহাতে, দক্ষিণ কামৰূপ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি উপস্থিত হৈ বিধায়িকা নন্দিতা দাসক মৃত্যু  হোৱা ওমৰ আলীৰ তিনি সন্তানক শিক্ষাৰ যাৱতীয় ব্যবস্থা গ্ৰহণ কৰা, বটিয়ামাৰী, মালিবাৰী শালমাৰা,পুটিমাৰী, আদি কৰি বৃহৎ অঞ্চলত শ্বোইচ গেটৰ ব্যবস্থা, বানপানীৰ ফলত কৃষকৰ যি ক্ষতি হল তাৰ ক্ষতি পুৰন  দিয়াৰ লগতে মাটি ভাড়াত লৈ খেতি কৰাা কৃষক সকলক  দুগুণ ক্ষতিপুৰণ দিয়াৰ দাবী জনায়৷
প্ৰেৰকঃ ৰেজাউল কবিৰ, সোণতলী

খাৰুপেটীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে ফাইজুৰ আৰু মকিবুৰ ৰহমানে ।

খাৰুপেটীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে ফাইজুৰ আৰু মকিবুৰ ৰহমানে।

দলগাও ৭ জুন:-  সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ সহ ৮৩% শতাংশ নম্বৰলৈ উত্তীৰ্ণ হৈ দৰঙ জিলাবাসীলৈ  গৌৰৱ কঢ়িয়াই আনিলে ফাইজুৰ ৰহমানে। ফাইজুৰ ৰহমানে ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা   হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছি। দৰঙ জিলাৰ দলগাও সমষ্টিৰ অন্তৰ্গত অতি পিচ পৰা দুলিয়াপাৰা বাসিন্দা পিতৃ হবিবুৰ ৰহমান আৰু মাতৃ তাহেৰা বেগমে আৰ্থিক অনাটনৰ বাবে যোগান ধৰিব পৰা নাছিল উপযুক্ত পঢ়াৰ খৰছ। মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত শ্বেৰপুৰ গাওঁত থকা মোমায়েক ছাইফুল ইছলাম(আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক)ৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল ফাইজুৰ ৰহমানে।  অলেখ কষ্ট আৰু তেওঁৰ পৰিশ্ৰম স্বীকাৰ কৰি ইংৰাজী,সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান,সমাজ বিজ্ঞান,আৰু তথ্য প্ৰযুক্তি বিদ্যা বিষয়ত লেটাৰ সহ সৰ্বমুঠ ৪৯৬ নম্বৰৰে নিজ পিতৃ-মাতৃ আৰু মোমায়েকক এটা ভাল ফলাফল উপহাৰ দিবলৈ সক্ষম হল ফাইজুৰ ৰহমানে। তেওঁৰ সপোন ভৱিষ্যতে তেওঁ এগৰাকী সুদক্ষ আই পি এছ বিষয়া হোৱাৰ সপোন ফাইজুৰৰ। কিন্তু উচ্চ শিক্ষাৰ বাবে আৰ্থিক সমস্যাই বাধা দিব নেকি মেধাৱী ছাত্ৰ ফাইজুৰ ৰহমানক ?সেয়েহে মেধাৱী ছাত্ৰ ফাইজুৰ ৰহমানক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰঙৰ উপ সভাপতি মহিদুল ইছলামে এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মেধাৱী ছাত্ৰ জনক উচ্চ শিক্ষাৰ বাবে বিভিন্ন হৃদয় বান লোকক আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনায়। আনহাতে  ধূলা একচেলেণ্ট ৰেইজ একাডেমীৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মকিবুৰ ৰহমান। একাডেমী খনৰ অধ্যক্ষ মনিৰ মহম্মদ ছাঁফীয়ে মকিবুৰৰ ঘৰৰ অৱস্থা অতি দুৰ্বল হোৱাৰ বাবে তেওঁক আৰ্থিক ভাৱে বিশেষ সুবিধা প্ৰদান কৰিছিল। অৱশেষত মকিবুৰ ৰহমানে সমাজ বিজ্ঞান আৰু অসমীয়া বিষয়ত লেটাৰ সহ ৭২.৩৩% নম্বৰৰে ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হল। পিতৃ মাতৃৰ লগতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰিশ্ৰম অথলে যাব দিয়া নাই মকিবুৰ ৰহমানে।কিন্তু উচ্চ শিক্ষাৰ বাবে আৰ্থিক সমস্যাই বাধা দিব নেকি মেধাৱী ছাত্ৰ ফাইজুৰ ৰহমানৰ লগতে মকিবুৰ ৰহমানৰ ?

আবুল হাছেম
দলগাও

  • যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

অসম আন্দোলনৰ আগশাৰী নেতা-অ’ এন জি চিৰ অৱসৰপ্ৰাপ্ত বিষয়া-বিশিষ্ট সমাজকৰ্মী আলহাজ মুৱাজ্জম আলিৰ দেহাৱসানঃ অ গ পৰ কেন্দ্ৰীয় সমিতিৰ শোকপ্ৰকাশ ।

অসম আন্দোলনৰ আগশাৰী নেতা-অ' এন জি চিৰ অৱসৰপ্ৰাপ্ত বিষয়া-বিশিষ্ট সমাজকৰ্মী আলহাজ মুৱাজ্জম আলিৰ দেহাৱসান ।

দিলীপ হাজৰিকা : নাজিৰা

নাজিৰা মহকুমাৰ ন-মাটিৰ নিবাসী,অসম আন্দোলনৰ আগশাৰী নেতা,অ’ এন জি চিৰ অৱসৰপ্ৰাপ্ত বিষয়া আলহাজ মুৱাজ্জম আলি(৬৪)ৰ যোৱাকালি বিয়লি গুৱাহাটী হায়াৎ হস্পিটেলত চিকিৎসাধীন অৱস্হাত শেষ নিশ্বাস ত্যাগ কৰে।বিশিষ্ট সমাজকৰ্মীজনৰ মৃত্যু ৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুদ্ধই তেখেতৰ ন-মাটিস্হিত বাসভৱনত ভীৰ কৰে। যকৃৎ ৰ অসুখত অসুস্হ হোৱা বিশিষ্ট সমাজকৰ্মীজন যোৱা ১৫মে’ত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰথম চিকিৎসাধীন হয়।কিন্ত আলিৰ স্বাস্থ্য অধিক অৱনতি ঘটাত ২১মে’ত গুৱাহাটী হায়াৎ হস্পিটেলত ভৰ্তি কৰোৱা হয়।উক্ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাতে যোৱা ৬জুনৰ বিয়লি ২-৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে।আজি পুৱতি নিশা ৪বজাত তেখেতৰ মূতদেহ ন-মাটি আহি পোৱাৰ পাছতে  বহু গুণমুগ্ধই তেখেতৰ নশ্বৰ দেহ শেষবাৰৰ বাবে প্ৰত্যক্ষ কৰাৰ বাবে ভীৰ কৰে। অ এন জি চিৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্হ বিষয়া আলহাজ মুৱাজ্জম আলিয়ে ছয়বছৰীয়া অসম আন্দোলনক শিৱসাগৰ জিলা তথা নাজিৰা ত সন্মুখৰ পৰা নেতৃত্ব দিছিল।প্ৰথম অৱস্হাত ছাত্ৰ সন্থাৰ নেতৃত্বত থাকি আন্দোলনত জপিয়াই পৰাৰ পৰবৰ্তী পৰ্যায়ত অসম গণ সংগ্ৰাম পৰিষদৰ নাজিৰা সমষ্টিৰ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি আন্দোলন চলাই নিছিল।১৯৮৩ চনত প্ৰয়াত মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত হোৱা অবৈধ নিৰ্বাচন শক্তিশালী ৰূপত বিৰোধিতা কৰি প্ৰায় ৩মাহ কাৰাবাস খাটিব লগা হৈছিল।বহুবাৰ পুলিচৰ নিৰ্যাতনৰ বলী হোৱা মুৱাজ্জম আলিয়ে ১৯৮৫ চনত গঠিত হোৱা অসম গণ পৰিষদ দলৰ নাজিৰা জিলা সমিতিৰ সম্পাদকৰ দৰে পদবীত অধিষ্ঠিত হৈ আঞ্চলিক দলটোক শক্তিশালী কৰাৰ প্ৰচেষ্টা চলাইছিল।অ এন জি চিত যোগদানৰ পূৰ্বে আলিয়ে গডগাওঁ সৰ্বোদয় সমাজত চাকৰী কৰাৰ উপৰি গড়গাঁও হাইস্কুলত শিক্ষকতাও কৰিছিল।২০১৫ বৰ্ষত চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰা আলিয়ে ২০২৬বৰ্ষত মক্কাশ্বৰীফলৈ হজ কৰিবলৈ যায়।আলহাজ মুৱাজ্জম আলিয়ে নাজিৰা মাৰ্কাজ একাডেমীৰ প্ৰতিষ্ঠাপক সম্পাদকৰ উপৰি ন-মাটি মছজিদ,নাজিৰা মাদ্ৰাছা আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত আছিল।অসম আন্দোলনৰ আগশাৰী নেতা তথা প্ৰাক্তন অ গ প নেতাজনৰ মৃত্যু ত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সম্পাদকদ্বয় তুলসী গগৈ আৰু দিগন্ত কোঁৱৰে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।বিশিষ্ট সমাজকৰ্মীজনৰ জানাজা আজি বিয়লি ২বজাত ন-মাটি জানাজা গৃহত সম্পন্ন কৰা হয়।মূত্যুৰ সময়ত পত্নী ,এজন পুত্ৰ আৰু এগৰাকী চিকিৎসক কন্যা সহ বহু আত্নীয়স্বজনক এৰি থৈ গৈছে।বিশিষ্ট সমাজকৰ্মীজনৰ মৃত্যুত সমগ্ৰ নাজিৰা অঞ্চলত শোকৰ ছাঁ পৰে।

দেওপানীত সেনা-আৰক্ষীৰ অভিযানঃ গেলেকী আৰক্ষীৰ ম’ষ্ট ওৱান্টেদ দূধৰ্ষ মোহন মেচক তিনিদিনৰ আৰক্ষীৰ জিম্মাত।

দেওপানীত সেনা-আৰক্ষীৰ অভিযানঃ গেলেকী আৰক্ষীৰ ম'ষ্ট ওৱান্টেদ দূধৰ্ষ মোহন মেচক তিনিদিনৰ আৰক্ষীৰ জিম্মাত।

 দিলীপ হাজৰিকা : নাজিৰা

পৰহি নিশা নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী দেওপানীত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আটক হোৱা গেলেকী আৰক্ষীৰ মষ্ট ওৱান্টেড দূধৰ্ষ অপৰাধী মোহন মেচ আৰু নাচিৰ আলিক আজি গেলেকী আৰক্ষী য়ে তিনিদিনৰ বাবে নিজৰ জীম্মাত লয়।উল্লেখ্য যে চুৰি-ডকাইতি, মাৰ-পিট আদি বিভিন্ন অসমাজিক কৰ্ম কাণ্ডৰে গেলেকী,দেওপানী আদি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা গেলেকী দেওপানী চাহ বাগিচাৰ এক নং লাইনৰ বাসিন্দা ভূবন মেছৰ পুত্ৰ মোহন মেচে মাৰপিট,চুৰি ডকাইতি আদি সংঘটিত কৰি দেওপনী বৰচিলা হৈ নাগালেণ্ড ৰ টুলীত আত্মগোপন কৰে।ইয়াৰ পাছত নাগালেণ্ডৰ পৰা সীমান্ত অঞ্চলটোলৈ অস্ত্ৰ সৰবৰাহত জড়িত হৈ পৰে।এইজন দূধৰ্ষ অপৰাধীক গেলেকী আৰক্ষীয়ে দীৰ্ঘদিনধৰি সন্ধানত নামি পৰিছিল যদিও নাগালেণ্ড ত আত্মগোপন কৰি থকাৰ বাবে কৰায়ত্ত কৰিব পৰা নাছিল। পৰহি মোহনে দেওপানীলৈ আহি নাচিৰ আলি(২০)নামৰ একেখন বাগিচাৰ এজন যুৱকৰ ঘৰত আশ্ৰয় লয়।অস্ত্ৰ সৰবৰাহত জড়িত হৈ পৰা মোহন মেচে দেওপানীত আশ্ৰয় লোৱাৰ খবৰ মাইবেলাস্হিত সেনাৰ আৰ্টিলেৰী ৰেজিমেন্টে গোপন সুত্ৰে জানিব পাৰি সন্ধিয়া সেনাৰ এটা দল গেলেকী আৰক্ষী থানাত উপস্হিত হয়।পাছত সেনা আৰু গেলেকী আৰক্ষী থানাৰ দ্বিতীয় আৰক্ষী বিষয়া সুনীল দাসৰ নেতৃত্ব ত যোৱা সেনা- আৰক্ষীৰ এটা দলে দেওপানীস্হিত চাহ বাগিচাৰ ১নং লাইনত থকা মোহন মেচ আৰু নাচিৰ আলিৰ বাসভৱন ঘেৰাও কৰি নাচিৰ আলিৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্হাত মোহন মেচ ক আটক কৰাৰ লগতে ইংলেণ্ডত নিৰ্মিত 0.22এম এম পিষ্টলসহ ৬ৰাউণ্ড সজীৱ গুলি উদ্ধাৰ কৰে।সেনা আৰক্ষীৰ দলটোৱে মুছলিম আলি ৰ পুত্ৰ নাচিৰ আলিকো আটক কৰে।আজি সেনাৰ দলটোৱে গেলেকী আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত গেলেকী আৰক্ষীয়ে ৩২/২০২৯ত আৰ্মচ এক্টৰ অধীনত এক গোচৰ ৰুজু কৰি দুই অপৰাধী ক নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আৰক্ষী য়ে ৩দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে। পাছত আদালতে দুই অপৰাধী ত ৩দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে।

  • যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

ডিষ্টিংচন নম্বৰ লাভ কৰা সোণতলীৰ ইলিয়াচৰ ঘৰত পঞ্চায়ত প্ৰতিনিধিৰ দলে সম্বৰ্ধনা জনায় ।

ডিষ্টিংচন নম্বৰ লাভ কৰা সোণতলীৰ ইলিয়াচৰ ঘৰত পঞ্চায়ত প্ৰতিনিধিৰ দলে সম্বৰ্ধনা জনায় ।

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু মাদ্ৰাছা পৰীক্ষাৰ ফালফল ঘোষণা কৰাৰ পিছতে সমগ্ৰ অসমতে আনন্দ-উল্লাসৰ পৰিৱেশ সৃষ্টি হৈছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তে সফল্যতাৰে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ ওচৰত বিভিন্ন দল-সংগঠণৰ নেতা-কৰ্মীয়ে শুভেচ্ছা জনোৱা দেখা গৈছে৷  উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত বকো সমষ্টিৰ সোণতলী এলেকাধীন আৰিকাটি গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ সন্তান ইলিয়াচ আলী ৯৩.৫ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ আনহাতে নলবাৰী জিলাৰ ৰামপুৰস্থিত হজৰত আলী মেম’ৰিয়েল একাডেমিৰ পৰা সাফল্যতাৰে ইলিয়াচ উত্তীৰ্ণ হোৱাত একাডেমিৰ শিক্ষক সকলেও আনন্দিত হৈছে৷ মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৬১ নম্বৰ লাভ কৰা ইলিয়াচক সম্বৰ্ধনা জনাবলৈ পঞ্চায়ত প্ৰতিনিধিৰ এটা দল আজি উপস্থিত হৈ তেওঁক ফুলাম গামোচাৰ লগতে ফুলৰ মালাৰে সম্বৰ্ধনা জনায়৷ উল্লেখ্য যে, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহাজাহান আলী, মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদ, মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন মইনুল হকৰ লগতে ৱাৰ্ড সদস্য হামিদা বেগমে ইলিয়াচক সম্বৰ্ধনা জনায়৷ স্মৰ্তব্য যে, স্বাহজাহান আলীয়ে ইলিয়াচক অনাগত দিনত আৰি অধিক গুৰুত্বসহকাৰে পঢ়াক পৰামৰ্শ দিয়াৰ লগতে  অভিভাৱক মেছেৰ আলীক কয় যে, আৰ্থিক অনাটৰ বাবে যাতে থমকি নৰৈ সন্তানৰ ভৱিষ্যত উজ্জল কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰে৷

প্ৰেৰকঃ ৰেজাউল কবিৰ, সোণতলী

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

ক’ৰোনাত আক্ৰান্তৰ তালিকাত বিশ্বৰ পঞ্চম স্থানত ভাৰত ।

দৈনন্দিন বাৰ্তা নেচনেল ডেস্ক

দেশত তীব্ৰ গতিত হৈছে ক’ৰোনা ভাইৰাছ সংক্ৰমণ৷ নিতৌ আক্ৰান্তৰ তালিকাই অভিলেখ গঢ়ি আছে৷ শনিবাৰলৈকে আক্ৰান্তৰ তালিকাত ষষ্ঠ স্থানত থকা ভাৰত দেওবাৰে বিশ্বৰ পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হ’ল৷ দেওবাৰৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত প্ৰায় ১০ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হয়৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিনত এই কথা প্ৰকাশ কৰে৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিনত প্ৰকাশ কৰা মতে যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৯৯৭১ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷

নতুন আক্ৰান্তৰ সংখ্যা এই পৰ্যন্ত সৰ্বোচ্চ ৷

দেওবাৰে পুৱাৰ তথ্য মতে দেশত মুঠ ২,৪৬,৬২৮ জন ক’ৰোনাত আক্ৰান্ত হৈছে৷

মৃতকৰ সংখ্যাই উদ্বেগ সৃষ্টি কৰিছে৷

যোৱা ২৪ ঘণ্টাত ২৮৭ জনৰ মৃত্যু হয়৷

দেশত ক’ৰোনাত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৬,৯২৯ জন৷

মৃত্যুৰ তালিকাত শীৰ্ষত আছে মহাৰাষ্ট্ৰ৷

মহাৰাষ্ট্ৰত ২,৬৬৯ জনৰ মৃত্যু হৈছে৷

বাঘজান তৈলক্ষেত্ৰৰ উদ্গীৰণৰ নৱম দিনঃ জনসাধৰণৰ সুৰক্ষাক গৌণ কৰা হৈছে কিয় ? অইল, অ’এন জি চিত এতিয়া তৈলক্ষেত্ৰ এলেকাৰ ৰাইজৰ স্বাৰ্থত কোনো বিকল্প নাই কিয়?

দিলীপ হাজৰিকা : নাজিৰাঃ

জুইৰ উত্তাপত দহি যোৱাৰ দৰে  উৎকট প্ৰদূষণত এফালৰপৰা ৰাইজৰ বাৰীত উৎপাদিত ফচল আৰু পোহনীয়া জীৱ-জন্ত্তকে ধৰি প্ৰকৃতিৰ পৰিৱেশ  ধ্বংস কৰি মানুহক ঘৰ-বাৰী এৰি যোৱাৰ আতংক জাপি দিয়াৰ অধিকাৰ অইল ইণ্ডিয়াই ক’ত পালে ? এই প্ৰশ্ন আজি প্ৰাসংগিক হ’ বলৈ এৰি দিয়াৰ গুৰিত ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেচ মন্ত্ৰালয় আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষ । বাঘজান তৈলক্ষেত্ৰৰ অপ্ৰতিৰোধী গেছৰ উদ্গীৰণৰ দীৰ্ঘদিনীয়া আতংকৰ মাজত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিপিআই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য কনক গগৈয়ে । ৰাইজৰ প্ৰতিটো সম্পদৰ ক্ষতিৰ পূৰণৰ দাবী তুলিছে গগৈয়ে ।  নৱৰত্ন কোম্পানীৰ আখ্যাৰে জনসাধাৰণে  মৰ্য্যদা দি ৰখা দেশৰ চৰকাৰৰ ঔদ্যোগিক উৎকৰ্ষক চিনাকি দি অহা কোম্পানীৰ তেলখাদৰ পৰা জনসাধাৰণে নিজ ঘৰ আৰু শস্যৰ বাৰীখনো সুৰক্ষিত কৰি ৰাখিব নোৱাৰা পৰিস্থিতিত পেট্ৰ’লিয়াম মন্ত্ৰালয় আৰু অইল ইণ্ডিয়া লিমিটেডৰ ভূমিকাক তীব্ৰ সমালোচনা কৰিছে চি পি  আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য গৰাকীয়ে  । অইল ইণ্ডিয়া, অ’এন জি চিৰ অইল ফিল্ড ব্যক্তিগত খণ্ডক গতোৱাৰ পোষকতা কৰা চৰকাৰী ভূমিকাৰ তীব্ৰ সমালোচনা কৰি অহা কনক গগৈয়ে জনসাধাৰণৰ স্বাস্থ্য আৰু সম্পদ বিপৰ্য্যস্ত হোৱাকৈ নৱৰত্ন আৰু মহাৰত্ন কোম্পানীক উচতনি দিয়া কাৰ্য্য বুলি অভিহিত কৰে । অতি শীঘ্ৰে বাঘজানৰ নাগৰিক সমাজক সুৰক্ষিত প্ৰাকৃতিক পৰিৱেশত উশাহ লৈ জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰক বুলি. ভাৰত চৰকাৰলৈ আহ্বান জনাই দেশৰ পেট্ৰ’লিয়াম মন্ত্ৰালয়ক তৈল উদ্যোগৰ ধ্বংসাত্মক দিশটো প্ৰকট কৰি নাগৰিকৰ ক্ষোভ বঢ়োৱাৰ পৰিৱৰ্ত্তে এটা উদ্যোগৰ যোগেদি সামাজিক বিকাশৰ দিশটোৰে প্ৰভাৱিত কৰিবলৈ আহ্বান জনায় ।  এহাতেদি নৱৰত্নৰ মৰ্য্যদা লৈ আনহাতেদি ব্যক্তিগত খণ্ডত লীন যাবলৈ ধৰা অইল ইণ্ডিয়া লিমিটেডে দেশবাসীক তেল আৰু গেছৰ উৎপাদনেৰে চহকী কৰিবলৈ গৈ থলুৱাৰ স্বাৰ্থক অৱমাননা কৰাৰ কাৰ্য্য অমানৱীয় ।  দুৰ্ঘটনা অৱশ্যম্ভাৱী হ’লেও কিয় নিৰাময়ৰ বিকল্প অইল ইণ্ডিয়া কৰ্তৃপক্ষই তৈলক্ষেত্ৰৰ কাষত সাজু কৰি তুলিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে চিপিআইৰ ৰাষ্ট্ৰীয় সদস্যজনে । জৈৱ-বৈচিত্ৰ্য জীয়াই ৰখা অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভাবুকি স্বত্বেও এনে কনডেনছেট অইলৰ কণিকাৰ বৰষুণে সৃষ্টি কৰা পৰিস্থিতি অকল্পনীয় ।  মানুহ আৰু জীৱকুলৰ শ্বাসৰূদ্ধকাৰী পৰিৱেশ বিগত নটাকৈ দিনে উপশম ঘটাব নোৱাৰাৰ বিফলতাৰপৰা ব্যক্তিগত কৰণৰ দিশে উত্ৰাৱল হৈ ৰোৱা অইল, অ’এন জি  চিক শিক্ষা লবলৈ আহ্বান জনায় ।    অইল ইণ্ডিয়া লিমিটেড আৰু অ’এনজিচিক সঁকিয়াই দি কনক গগৈয়ে কয় যে অতি সম্প্ৰতি আঠখনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাবলৈ ঠেং দাঙি ৰোৱা অ’ এনজিচিয়েও “চি এছ আৰ ফাণ্ড” ক তৈলক্ষেত্ৰৰ স্থানীয় ৰাইজৰ চাহিদাৰ দিশ নস্যাৎ কৰি প্ৰধান মন্ত্ৰীৰ সাহাৰ্য্য পুজিত লীন ঘটোৱাৰ ফলত তৈলক্ষেত্ৰ এলেকাৰ বিকাশ আৰু সুৰক্ষাৰ দিশ ওৰ পেলোৱা বুলি সমালোচনা কৰে ।

ৰাজপথৰ সংকীৰ্ণ বজাৰেহে বিপদ কঢ়িওৱাৰ আশংকা ঘনীভূতঃ ক’ৰোনাৰ আশংকাতে বন্ধ দৈনিক বজাৰ ।

দিলীপ হাজৰিকা : নাজিৰাঃ

নাজিৰা নগৰত পৌৰসভাৰ দ্বাৰা পৰিচালিত দৈনিক বজাৰৰ দুৰাৱস্থাৰ মাজতে আহি পৰা ক’ৰোনাৰ সংক্ৰমণৰ পৰা ব্যৱসায়ী আৰু গ্ৰাহক ৰাইজক সুৰক্ষিত ৰখাৰ স্বাৰ্থত লকডাউনৰ ঘোষনাৰ লগে লগে বজাৰখন বন্ধ হৈ পৰে ।  আনহাতে অতিশয় ঘোপ-মৰা আৰু প্ৰৱেশ আৰু প্ৰস্থানৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা অবিহনেই নিৰ্মিত বজাৰখনৰ এক জাবৰ পেলোৱা স্থান, পানী ওলাই যোৱাৰ পথ, উপযুক্ত পোহৰ ব্যৱস্থা, আহল – বহল পৰিৱেশ অবিহনেই প্ৰায় পঞ্চাশ জন ব্যৱসায়ীয়ে নিয়মীয়াকৈ নিত্য প্ৰয়োজনীয় শাক পাচলি আৰু মাছ-মাংসৰ ব্যৱসায় কৰি আহিছে । এনেয়ে জৰাজীৰ্ণ আৰু এক লেতেৰা পৰিৱেশৰসৈতে অভ্যস্ত হৈও ব্যৱসায়ী সকলে  নিজ নিজ পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব পালন কৰি যাবলৈ সক্ষম হৈছে । পিছে এই ব্যৱসায়ী সকলেই সম্প্ৰতি প্ৰায় আঢ়ৈ মাহ কাল ব্যৱসায় বন্ধ ৰাখিব লগীয়া হোৱাত তেওঁলোকৰ পৰিয়ালৰ অৰ্থনীতি ভাগি পৰিছে । আনহাতে নাজিৰাৰ মহকুমা প্ৰশাসনেও ক’ৰোনাৰ লকডাউনৰ সময়ত আন কিছু সংখ্যক নাগৰিকক শাক-পাচলি, মাছ আদিৰ ব্যৱসায় কৰিবৰ বাবে বিশেষ অনুমতি প্ৰদান কৰাত সেইসকল ব্যৱসায়ীয়েও নাজিৰা দৈনিক বজাৰৰ সমুখতে বহি লৈ ব্যৱসায় কৰিবলৈ ধৰাত নাজিৰা নগৰৰ ধোদৰ আলি ৰাজপথটোৱেই এতিয়া বজাৰৰ ৰূপ গ্ৰহণ কৰি জনসমাগম ভয়ানকভাৱে বঢ়াই তুলিছে ।  এনেদৰে চলি ৰোৱা ৰাজপথৰ বজাৰখনত এতিয়া মানুহৰ শাৰীৰিক দূৰত্ব ভয়ানকভাৱে হ্ৰাস পাই নিতৌ ঠেলা-হেঁচাৰ এক থলীত পৰিণত হৈছেগৈ । নাজিৰা মহকুমা প্ৰশাসন আৰু পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত সম্পূৰ্ণ আওকণীয়া মনোভাৱ প্ৰকাশ কৰিছে.। যাৰ বাবে যিকোনো স্থানৰে ব্যক্তিয়েই নাজিৰা দৈনিক বজাৰৰ আগফালে পথেদি অতিক্ৰম কৰাৰ বেলিকা শাৰীৰিক দূৰত্ব নথকা পৰিস্থিতিত ক’ৰোনাৰ সংক্ৰমণ ঘটাৰ তীব্ৰ আশংকাত ভোগে.। নাজিৰা দৈনিক বজাৰৰ নিয়মীয়া ব্যৱসায়ী সকলে তেওঁলোকৰ ভাগি পৰা অৰ্থনীতি পুনৰ জীপাল কৰি তোলাৰ স্বাৰ্থত দৈনিক বজাৰখন খুলি দিয়াৰ বাবে নাজিৰা মহকুমা প্ৰশাসনক আবেদনযোগে  দাবী জনাইছে । নাজিৰা মহকুমা প্ৰশাসনেও যদি পথৰ ওপৰত বহা বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰি শীঘ্ৰেই দৈনিক বজাৰ খুলি দিয়ে তেন্তে সেই স্থানৰো পানী আৰু জাবৰৰ নিস্কাশন ঘটোৱা, ব্যৱসায়ী সকলৰ বহা স্থান সমূহ নিয়াৰি আৰু পৰিস্কাৰ কৰা, পোহৰৰ ব্যৱস্থা উন্নত কৰা, বজাৰৰ বেৰ সমূহত চূণ-তেল ঘঁহাৰ ব্যৱস্থা কৰি দিয়ে সেয়া পৌৰসভা তথা স্থানীয় মহকুমা প্ৰশাসনৰ এক দায়িত্ব বুলি চৰ্চ্চিত হৈছে।

বাধাৰ প্ৰাচীৰ ভাঙি সফলতা লাভ অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ৷

দৈনন্দিন বাৰ্তাৰ সেৱা,ননৈ

সফলতাৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে। ১০০ শতাংশ উৰ্ত্তীণৰে শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি  বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে বিজয়ৰ ধাৰা অক্ষুন্ন ৰাখিলে । আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰ- ছাত্ৰী । বিদ্যালয় খনৰ পৰা মুঠ চাৰিগৰাকী ছাত্ৰ ছাত্ৰী অবতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয় খনৰ ছাত্ৰ  চম্পক নাথে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে গণিত বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে। আনহাতে, বিদ্যালয় খনৰ ছাত্ৰ টালিবুল ইছলামে গণিত বিষয়ত লেটাৰমাৰ্কসহ উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত। ঠিক তেনেদৰে অনামিকা বৰদলৈ নামৰ ছাত্ৰীগৰাকীয়ে গণিত বিষয়ত লেটাৰমাৰ্কসহ প্ৰথম বিভাগত আৰু কমল হাজৰিকা নামৰ দিব্যাংগ ছাত্রজনে গণিত বিষয়তে লেটাৰমাৰ্ক লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ।
উল্লেখ্য যে, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নৱজ্যোতি নাথে জনোৱা মতে , বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ পৰ্যাপ্ত নাছিল কিতাপ । ৰেকৰডিং শুনি কঠিন সংগ্ৰামক জীৱনৰ ব্ৰত হিচাপে লৈ কাঁইটীয়া পথেৰে চাৰিওগৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্ত্তীণ হৈছিল আৰু কিতাপ নথকা প্ৰত্যাহবান বুকুত বান্ধিয়ে সফলতাৰে উত্তীৰ্ণ হৈ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ লগতে বৃহত্তৰ বঢ়মপুৰ অঞ্চললৈ ছাত্ৰ-ছাত্ৰী কেইগৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিলে। ছাত্ৰ-ছাত্ৰী কেইজনৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী সকলৰ লগতে সমগ্ৰ বঢ়মপুৰবাসী ৰাইজ।