Home Blog Page 408

Period Cramp: মাহেকীয়াৰ সময়ত টোপনি সমস্য়া হয় নেকি? এই ৬টা সহজ টিপছৰ সহায় লওক

Period Cramp: মাহেকীয়াৰ সময়ত টোপনি সমস্য়া হয় নেকি? এই ৬টা সহজ টিপছৰ সহায় লওক
Period Cramp: মাহেকীয়াৰ সময়ত টোপনি সমস্য়া হয় নেকি? এই ৬টা সহজ টিপছৰ সহায় লওক

বহু মহিলাই মাহেকীয়াৰ সময়ত টোপনি সমস্য়াত ভোগে। (Period Cramp)কাৰণ ক্ৰেম্প, অস্বস্তি, হৰম’নৰ উঠা-নমা আৰু কঁকালৰ বিষ আদি সমস্যাৰ বাবে টোপনি অহাত বাধাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত ৰাতি ভালদৰে শুব নোৱাৰাৰ বাবে ৰাতিপুৱা বিচনাৰ পৰা উঠিব মন নাযায় বহুতৰে। যদি আপুনিও প্ৰতিমাহে এই সমস্যাৰ সন্মুখীন হয় তেন্তে এই লেখাটো পঢ়ক।

পিৰিয়ডৰ সময়ত ভাল টোপনি পাবলৈ এইবোৰ কাম কৰক-

  • ভাল বিচনা আৰু আঠুৱা ব্যৱহাৰ কৰক। শোৱাৰ আগতে কোঠাৰ উষ্ণতা আৰামদায়ক কৰি ৰাখিব লাগে। অতি গৰম বা অতি ঠাণ্ডা কোঠা এটাই টোপনিৰ ব্যাঘাত জন্মাব পাৰে। শোৱাৰ কমেও এঘণ্টা আগতে কোঠাটোৰ লাইটবোৰ ম্লান কৰি দিব লাগে।
  • শুবলৈ ঢিলা আৰু আৰামদায়ক কাপোৰ পিন্ধিব। টান কাপোৰ পিন্ধি শৰীৰটো আৰামদায়ক নহয়, যাৰ বাবে টোপনিৰ সমস্যাৰ সৃষ্টি হয়।
  • পিৰিয়ডৰ সময়ত বেছি বিষ হ’লে সদায় পোনে পোনে শুই থাকিব লাগে। ইয়াৰ ফলত পেটৰ চাপ কমি যায় আৰু ক্ৰেম্প কমি যায়, যাৰ ফলত টোপনিৰ অসুবিধা নহয়।
  • পিৰিয়ডৰ সময়ত ক্ৰেম্প আৰু বিষৰ পৰা সকাহ পাবলৈ গৰম পানীৰ বেগ এটা পেটৰ তলৰ অংশ বা কঁকালৰ তলৰ অংশত ৰাখিব লাগে। গৰমে পেশীবোৰ ঢিলা কৰাত সহায় কৰে আৰু বিষৰ পৰা উপশম দিয়ে, যাৰ ফলত টোপনি ভাল হয়।
  • শোৱাৰ আগতে গধুৰ আহাৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। লঘু আৰু পুষ্টিকৰ খাদ্য খাব লাগে। কেফেইনৰ পৰিমাণ কম কৰক। তাৰ পৰিৱৰ্তে পাতলীয়া খাদ্য খাব লাগে আৰু কুহুমীয়া গাখীৰ খাব লাগে।
  • শোৱাৰ আগতে মানসিক চাপ হ্ৰাস কৰা কামবোৰ কৰক। গৰম পানীৰে গা ধোৱা, ব্যায়াম কৰা, কিতাপ পঢ়া বা সংগীত শুনা। এনে কাৰ্য্যই আপোনাৰ মনক শান্ত কৰাত সহায় কৰিব আৰু মানসিক চাপ কম কৰিব, যাৰ ফলত আপুনি ভালদৰে শুব পাৰিব।

‘২৬ত বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব: দিলীপ শইকীয়া DILIP SAIKIA

‘২৬ত বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব: দিলীপ শইকীয়া DILIP SAIKIA
‘২৬ত বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব: দিলীপ শইকীয়া DILIP SAIKIA

২২ জানুৱাৰী,২০২৫ : মঙলদৈ: DILIP SAIKIA । বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে প্ৰথমবাৰৰ বাবে মঙলদৈত উপস্থিত হৈ দলীয় সম্বৰ্ধনা গ্ৰহণ কৰে দিলীপ শইকীয়াই। সম্বৰ্ধনা অনুষ্ঠানত ভাষণ দি তেওঁ কয়, “ভাৰতীয় জনতা পাৰ্টীৰ ৬৫ লাখ কৰ্মীৰ কঠোৰ পৰিশ্ৰম আৰু তপস্যাৰ ফলত ৰাইজৰ সেৱা কৰিবলৈ সক্ষম হৈছো। আগন্তুক দিনত আমাৰ দলটো ৰাইজৰ মাজত থাকি উন্নয়নৰ বাবে কাম কৰি অধিক শক্তিশালী কৰি তুলিব।”

তেওঁ ব্যক্ত কৰে যে, দলৰ সমগ্ৰ শক্তি আৰু জনসমৰ্থনৰে ২০২৬ চনৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰি তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব।

দিলীপ শইকীয়াই লগতে দলীয় কৰ্মীসকলক উদ্দেশ্য কৰি কয়, “আমাৰ দলটোক অধিক শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব। আমাৰ সংকল্প হৈছে ৰাইজৰ উন্নয়ন আৰু দেশৰ অৰ্থনৈতিক উন্নতিৰ বাবে একসাৰকলৈ কাম কৰা।”

তেওঁৰ এই মন্তব্য দলীয় কৰ্মীসকলৰ মাজত উদ্দীপনা আৰু আশাবাদ সঞ্চাৰণ কৰিছে। মঙলদৈৰ সম্বৰ্ধনা অনুষ্ঠানত বিজেপিৰ বহু শীৰ্ষ নেতা আৰু কৰ্মী উপস্থিত থাকে।

Barpeta । বৰপেটা জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

Barpeta । বৰপেটা জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ
Barpeta । বৰপেটা জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

২২ জানুৱাৰী, ২০২৫ঃ Barpeta । সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে বৰপেটা জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অংশ হিচাপে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত সমবেত হৈ তেওলোকৰ বিভিন্ন অসন্তুষ্টিক লৈ ক্ষোভ প্ৰকাশ কৰি কৰ্ম সম্পাদনৰ পৰা বিৰত থাকে।‌


ৰাজ্য চৰকাৰৰ কেতবোৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ।‌ এই সন্দৰ্ভত বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ কৰ্মচাৰীয়ে কয় যে বিভিন্ন সময়ত তেওলোকৰ ক্ষেত্ৰত নিয়ম বৰ্হিঃভূতভাবে প্ৰশাসনে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰি আহিছে।‌ সেইবোৰ কোনো কাৰণতে গ্ৰহণীয় নহয়্ জ্যেষ্ঠ কৰ্মচাৰী গৰাকীয়ে কয় যে শেহতীয়াকৈ অসম সেৱা বিধি,১৯৬৭ উলংঘা কৰি মাজুলী জিলা প্ৰশাসনৰ এগৰাকী কৰ্মচাৰীক যোৰহাটলৈ বদলি কৰা হৈছে।‌

ইয়াৰ পূৰ্বেও নলবাৰীকে ধৰি কেবাখনো জিলাত এনে ঘটনা সংঘটিত হৈছে।‌ ধাৰাবাহিকভাৱে এই ঘটনা সংঘটিত হোৱাৰ বিৰুদ্ধে কৰ্মচাৰীসকলে আপত্তি দৰ্শাই আহিছে যদিও চৰকাৰে ইয়াৰ প্ৰতি কাণ দিয়া নাই।
সেয়েহে আজি তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়। ইয়াৰ পাছতো যদি কোনো ব্যৱস্থা লোৱা নহয় তেন্তে তেওলোক পুনৰ আন্দোলনত নামিবলৈ বাধ্য হব।

Dibrugarh । ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত পৌৰনিগম আৰু যানবাহন আৰক্ষীৰ বৃহত অভিযান

Dibrugarh । ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত পৌৰনিগম আৰু যানবাহন আৰক্ষীৰ বৃহত অভিযান
Dibrugarh । ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত পৌৰনিগম আৰু যানবাহন আৰক্ষীৰ বৃহত অভিযান

২২ জানুৱাৰী,২০২৫ঃ Dibrugarh । প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ লব মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। মহানগৰখনৰ ঠায়ে ঠায়ে এতিয়া অৱৈধ ভাবে পদপথ দখল কৰা ব্যৱসায়ী আৰু পথৰ ওপৰতে দীৰ্ঘদিন ধৰি ৰখাই থোৱা বাছ-ট্ৰাক অবৈধ যানবাহন অতৰালে যুটীয়া ভাবে অভিযান চলোৱা পৌৰনিগম আৰু যানবাহন আৰক্ষীয়ে।


উল্লেখ্য যে জাননী জাৰী কৰি অৱগত কৰা পাছতো ব্যৱসায়ী আৰু বাছ ট্ৰাকৰ গৰাকী সকলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই পদক্ষেপ ডিব্ৰুগড় পৌৰনিগমৰ। অভিযানত পৌৰনিগম আৰু যানবাহন আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

Udalguri । ওদালগুৰিত চাহ বাগিচাৰ চিকিৎসালয় আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বুজা বুজিৰ চুক্তি

Udalguri । ওদালগুৰিত চাহ বাগিচাৰ চিকিৎসালয় আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বুজা বুজিৰ চুক্তি
Udalguri । ওদালগুৰিত চাহ বাগিচাৰ চিকিৎসালয় আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বুজা বুজিৰ চুক্তি

২২ জানুৱাৰী, ২০২৫ঃ Udalguri । ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমৰ চাহ বাগিচা অঞ্চলত স্বাস্থ্য সেৱা সবলীকৰণৰ উদ্দেশ্যে চাহ বাগিচা চিকিৎসালয়সমূহ আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ প্ৰচেষ্টা হাতত লৈছে। এই উদ্দেশ্যে আজি দিছপুৰ জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘলৰ সৈতে চাহ বাগিচাৰ পৰিচালন সমিতিৰ বুজা বুজিৰ চুক্তি স্বাক্ষৰ হয়।

ওদালগুৰি জিলাতো অতিৰিক্ত জিলা আয়ুক্ত চৰফ্ৰাজ হ’কৰ উপস্থিতিত আয়ুক্তৰ কাৰ্যালয়ত বুজা বুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই অনুষ্ঠানত জিলাখনৰ ২৩ খন চাহ বাগিচাৰ পৰিচালক তথা প্ৰতিনিধি বৰ্গ উপস্থিত থাকে। জিলা স্বাস্থ্য সমিতি আৰু বাগিচাৰ পৰিচালন সমিতিৰ মাজত এই বুজা বুজিৰ চুক্তি স্বাক্ষৰিত হয়। জিলাখনৰ ২৫ খন চাহ বাগিচা চিকিৎসালয় আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীত কৰা হ’ব।

এই চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত পৰ্যাপ্ত ঔষধ, ৰোগ নিৰ্ণয়ৰ সুবিধাৰ লগতে প্ৰয়োজনীয় সা- সুবিধাসমূহো উপলব্ধ কৰোৱাৰ ব্যবস্থা থাকিব। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে অনাগত দিনত চাহ বাগিচাত বসবাস কৰা লোসকলে গুণগত আৰু উন্নত মানৰ স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হৱ।

Republic day : কিয় পালন কৰা হয় ‘গণৰাজ্য দিৱস’?

Republic day : কিয় পালন কৰা হয় ‘গণৰাজ্য দিৱস’?
Republic day : কিয় পালন কৰা হয় ‘গণৰাজ্য দিৱস’?

Republic day : কিয় পালন কৰা হয় ‘গণৰাজ্য দিৱস’? প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে ভাৰতত ‘গণৰাজ্য দিৱস’ পালন কৰা হয়। এই দিনটো ভাৰতীয় সংবিধান কার্যকৰী হোৱাৰ দিন। ১৯৫০ চনৰ এই দিনটোতেই ভাৰত এক গণৰাজ্য হিচাপে পৰিণত হৈছিল। দেশৰ লোকতন্ত্ৰ আৰু সংবিধানৰ আদৰ্শৰ প্ৰতি সন্মান দেখুৱাবলৈ এই বিশেষ দিনটোত অনুষ্ঠান আয়োজন কৰা হয়।

১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল। যাৰ বাবে এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। উল্লেখ্য যে, স্বাধীনতা লাভ কৰাৰ পাছত দেশৰ ওচৰত কোনো নিজা সংবিধান নাছিল। ভাৰতৰ আইনসমূহ ভাৰত চৰকাৰ আইন ১৯৩৫ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ ২৯ আগষ্টত ড০ বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত স্বতন্ত্ৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে এখন খচৰা সমিতি গঠনৰ প্ৰস্তাৱ গৃহীত হয়। ইয়াৰ কিছু বছৰ পাছত সংবিধান গৃহীত হয়।

গণৰাজ্য দিৱসত নতুন দিল্লীত ৰাজকীয় সামাৰোহ অনুষ্ঠিত হয়। ইয়াত সামৰিক শক্তি আৰু ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যৰ প্ৰদৰ্শনী কৰা হয়। ৰাষ্ট্ৰপতিৰ জাতীয় পতাকা উত্তোলন, পদক প্ৰদান, আৰু বিভিন্ন ৰাজ্যৰ ভাস্কৰ্য প্ৰদৰ্শন এই দিনৰ বিশেষ অংশ। এই দিনটোত দেশবাসীয়ে সংবিধানৰ আদৰ্শ অনুসৰি গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আস্থাৰে আগবাঢ়ি যাওঁ বুলি প্ৰতিশ্ৰুতি গ্রহণ কৰে।

গণৰাজ্য দিৱস কেৱল এখন উৎসৱ নহয়; ই স্বাধীনতা আন্দোলনৰ আত্মত্যাগ আৰু সংবিধানৰ মুল্যবোধৰ প্ৰতীক।

Chutia । জনজাতিকৰণ, স্বায়ত্বশাসন আদিৰ দাবীত, পুনৰ আমৰণ অনশনত বহিব চুতীয়া জাতি যুৱ সন্মিলন

Chutia । জনজাতিকৰণ, স্বায়ত্বশাসন আদিৰ দাবীত, পুনৰ আমৰণ অনশনত বহিব চুতীয়া জাতি যুৱ সন্মিলন
Chutia । জনজাতিকৰণ, স্বায়ত্বশাসন আদিৰ দাবীত, পুনৰ আমৰণ অনশনত বহিব চুতীয়া জাতি যুৱ সন্মিলন

২২জানুৱাৰী,২০২৫ঃ Chutia । জনজাতিকৰণ, স্বায়ত্বশাসন, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান যোৰহাট-মাজুলী সংযোগী দলংখন চুতীয়া জাতিৰ বীৰঙ্গনা সাধনীৰ নামত নামাকৰণৰ দাবীত পুনৰ আমৰণ অনশনত বহিব চুতীয়া জাতি যুৱ সন্মিলন।’চুতীয়া জাতি যুৱ সন্মিলন, অসম’ৰ মঙ্গলবাৰে তিতাবৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ পাছতে  হুংকাৰ দিলে সংগঠনটোৱে।


৮ জানুৱাৰীৰ পৰা চুতীয়া জাতি যুৱ সন্মিলন, অসম’ৰ নেতৃবৃন্দই  যোৰহাটত আৰম্ভ কৰা অনশন কাৰ্যসূচী অসম চৰকাৰৰ অনুৰোধমৰ্মে ১১ জানুৱাৰীত সাময়িকভাৱে স্থগিত ৰাখিছিল যদিও আলোচনাৰ নামত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে। যাৰ ফলত পুনৰ আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিছে সংগঠনটোৱে।

Police conduct anti-drug । চেঙাৰ মাজৰচৰত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

Police conduct anti-drug । চেঙাৰ মাজৰচৰত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
Police conduct anti-drug । চেঙাৰ মাজৰচৰত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

২২জানুৱাৰী, ২০২৫ঃ Police conduct anti-drug । দক্ষিণ বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত নিশা অকস্মাৎ মাজৰচৰত গাঁওখনৰ ৰেজাউলৰ কৰিম( given photo) উৰুফে মোশ্বাৰফ হুছেইনৰ ঘৰত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নিশা চলাই ড্ৰাগছ বিৰোধী অভিযান ।

আৰক্ষীৰ উমান পাই নিশাৰ এন্ধাৰৰ সুযোগ বুজি ঘৰৰ খিৰিকী ভাঙি মূল অভিযুক্ত ঘৰৰ মুশ্বাৰফ হুছাইনে পলায়ন কৰে যদিও তিনি জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা ধৃত ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মেহবুব আলম ভূঞা, আনোৱাৰ হুছেইন, ছমেদ আলী বুলি জানিব পৰা গৈছে । স্থানীয় গাঁওৰ প্ৰধান ও ৰাইজৰ সহযোগীতাত ৰেজাউল কৰিম উৰুফে মুশ্বাৰফ হুছাইনৰ ঘৰত তল্লাছি চলাই আৰক্ষীয়ে 50.7 গ্ৰাম ড্ৰাগছ জব্দ কৰে ।


উল্লেখ্যযোগ্য যে,আলোপতি আৰক্ষী থানাৰ বিভিন্ন এলেকাত দীৰ্ঘদিনৰে পৰা একাংশই চলাই আছে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা । শীঘ্ৰেই চৰাঞ্চলত চলি থকা ড্ৰাগছৰ বেহা সম্পুৰ্নৰূপে বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে

MLA Darsing Ronghang । খেতিয়কৰ মুখত হাঁহি বিৰিঙাবলৈ খেতিয়কৰ কাষত উপস্থিত বিধায়ক দৰছিং ৰংহাং

MLA Darsing Ronghang । খেতিয়কৰ মুখত হাঁহি বিৰিঙাবলৈ খেতিয়কৰ কাষত উপস্থিত বিধায়ক দৰছিং ৰংহাং
MLA Darsing Ronghang । খেতিয়কৰ মুখত হাঁহি বিৰিঙাবলৈ খেতিয়কৰ কাষত উপস্থিত বিধায়ক দৰছিং ৰংহাং

২২ জানুৱাৰী, ২০২৫ ঃ MLA Darsing Ronghang । বিধানসভাৰ মজিয়াত নহয়, খেতিয়কৰ মুখত হাঁহি বিৰিঙাবলৈ ত্ৰাণকৰ্তা ৰূপত খেতিয়কসকলৰ নিচেই কাষত উপস্থিত হৈ নিজৰ পকেটৰ ধনেৰে হাওৰাঘাট অঞ্চলৰ খেতিপথাৰত পানী যোগানৰ বাবে নিজ মুখেৰে কৃষক ৰাইজ আৰু সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দিয়াত আনন্দত উৎফুল্লিত হৈ উঠিছে গৰখীয়া পুখুৰী গাওঁ, দক্ষিণ দীঘলীপাৰ গাওঁ আৰু কেইবাখনো গাঁৱৰ কৃষক ৰাইজে । হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙৰ ওচৰত গৈ প্ৰথমে গৰখীয়া পুখুৰী গাওঁ আৰু দক্ষিণ দীঘলীপাৰ গাঁৱৰ ৰাইজে কৃষকসকলৰ খেতিৰ বাবে পানী যোগানৰ বাবে নলা মেৰামতিৰ বাবে আবেদন জনোৱা হৈছিল ।

কৃষকসকলৰ এই আবেদনৰ প্ৰতি গুৰুত্ব আৰু সন্মান জনাই বিধায়ক দৰছিং ৰংহাঙে ডিফুৰ পৰা আহি পোনে পোনে দক্ষিণ দীঘলীপাৰ গাওঁ আৰু গৰখীয়া পুখুৰী গাঁৱৰ কৃষক ৰাইজে দীঘল পানী নদীত থকা শ্লুইছ গেটত গোট খাই থকা কৃষকৰ ওচৰত উপস্থিত হৈ বিধায়ক ৰংহাঙে অহা ফ্ৰেব্ৰুৱাৰী মাহত নিজৰ পকেটৰ ধনেৰে নলা মেৰামতিৰ আশ্বাস দিয়াৰ লগতে আগন্তুক হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাজেটত জলসিঞ্চন বিভাগত কৃষকসকলৰ বাবে পানীৰ সুবিধাৰ্থে Action Plan ত আঁচনি ধৰি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । হাওৰাঘাটৰ বিধায়কৰ এই প্ৰতিশ্ৰুতি লাভ কৰি কৃষকসকলৰ মুখত হাঁহি বিৰিঙি উঠিছে আৰু আনন্দত উৎফুল্লিত হৈ পৰিছে ।

Central Government’s Fellowship । অসমৰ যুৱ মূকাভিনেতা মিনাংক ডেকালৈ কেন্দ্ৰীয় চৰকাৰৰ ফেল’শ্বিপ

২২ জানুৱাৰী,২০২৫ঃ Central Government's Fellowship । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিচিআৰটিৰ উৎকৃষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ গৱেষণামূলক অধ্যয়নৰ বাবে জুনিয়ৰ ফেল'শ্বিপ লাভ কৰিছে অসমৰ যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকাই। মূকাভিনয় ক্ষেত্ৰত ২০২২-২৩ বৰ্ষৰ এই ফেল'শ্বিপ ভাৰতৰ দুজন শিল্পীয়ে লাভ কৰিছে।
২২ জানুৱাৰী,২০২৫ঃ Central Government's Fellowship । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিচিআৰটিৰ উৎকৃষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ গৱেষণামূলক অধ্যয়নৰ বাবে জুনিয়ৰ ফেল'শ্বিপ লাভ কৰিছে অসমৰ যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকাই। মূকাভিনয় ক্ষেত্ৰত ২০২২-২৩ বৰ্ষৰ এই ফেল'শ্বিপ ভাৰতৰ দুজন শিল্পীয়ে লাভ কৰিছে।

২২ জানুৱাৰী,২০২৫ঃ Central Government’s Fellowship । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিচিআৰটিৰ উৎকৃষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ গৱেষণামূলক অধ্যয়নৰ বাবে জুনিয়ৰ ফেল’শ্বিপ লাভ কৰিছে অসমৰ যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকাই। মূকাভিনয় ক্ষেত্ৰত ২০২২-২৩ বৰ্ষৰ এই ফেল’শ্বিপ ভাৰতৰ দুজন শিল্পীয়ে লাভ কৰিছে।

এজন অসমৰ মিনাংক ডেকা আৰু এজন মধ্যপ্ৰদেশৰ। গৱেষণাৰ বিষয়- মূকাভিনয় শিল্পক পুনৰুদ্ধাৰঃ সংস্কৃতি আৰু শিক্ষাত ভাৰতীয় মূকাভিনয়ৰ গুৰুত্বক অন্বেষণ। কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ প্ৰাক্তন ছাত্ৰ মিনাংক ডেকাই ব্যতিক্ৰমী ৰূপেৰে মূকাভিনয়ৰে সমাজলৈ বহু ইতিবাচক বাৰ্তা প্ৰেৰণ কৰি আহিছে।

মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি থকা মিনাংক ডেকাই নিজস্ব উদ্যোগত অসম তথা ভাৰতৰ পৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা “নিৰ্বাক” প্ৰকাশ কৰি আহিছে। পথ সুৰক্ষা, স্বচ্ছতা, ড্ৰাগছৰ ভয়াবহতা, বাল্য বিবাহ, জলাশয় সংৰক্ষণ, এইডছ, কেঞ্চাৰ সজাগতা ইত্যাদি বহু বিষয় লৈ মিনাংক ডেকাই শিল্প সাধনা কৰি আছে। সংগীত নাটক অকাডেমি বঁটা প্ৰাপক মইনুল হকৰ তত্বাৱধানত মূকাভিনয় শিক্ষা লাভ কৰা মিনাংক ডেকা গুৱাহাটীৰ পশ্চিম বৰাগাঁও নিবাসী গোপী ডেকা (পিতৃ) আৰু বুলু ডেকাৰ (মাতৃ) একমাত্ৰ পুত্ৰ।