বহু মহিলাই মাহেকীয়াৰ সময়ত টোপনি সমস্য়াত ভোগে। (Period Cramp)কাৰণ ক্ৰেম্প, অস্বস্তি, হৰম’নৰ উঠা-নমা আৰু কঁকালৰ বিষ আদি সমস্যাৰ বাবে টোপনি অহাত বাধাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত ৰাতি ভালদৰে শুব নোৱাৰাৰ বাবে ৰাতিপুৱা বিচনাৰ পৰা উঠিব মন নাযায় বহুতৰে। যদি আপুনিও প্ৰতিমাহে এই সমস্যাৰ সন্মুখীন হয় তেন্তে এই লেখাটো পঢ়ক।
পিৰিয়ডৰ সময়ত ভাল টোপনি পাবলৈ এইবোৰ কাম কৰক-
- ভাল বিচনা আৰু আঠুৱা ব্যৱহাৰ কৰক। শোৱাৰ আগতে কোঠাৰ উষ্ণতা আৰামদায়ক কৰি ৰাখিব লাগে। অতি গৰম বা অতি ঠাণ্ডা কোঠা এটাই টোপনিৰ ব্যাঘাত জন্মাব পাৰে। শোৱাৰ কমেও এঘণ্টা আগতে কোঠাটোৰ লাইটবোৰ ম্লান কৰি দিব লাগে।
- শুবলৈ ঢিলা আৰু আৰামদায়ক কাপোৰ পিন্ধিব। টান কাপোৰ পিন্ধি শৰীৰটো আৰামদায়ক নহয়, যাৰ বাবে টোপনিৰ সমস্যাৰ সৃষ্টি হয়।
- পিৰিয়ডৰ সময়ত বেছি বিষ হ’লে সদায় পোনে পোনে শুই থাকিব লাগে। ইয়াৰ ফলত পেটৰ চাপ কমি যায় আৰু ক্ৰেম্প কমি যায়, যাৰ ফলত টোপনিৰ অসুবিধা নহয়।
- পিৰিয়ডৰ সময়ত ক্ৰেম্প আৰু বিষৰ পৰা সকাহ পাবলৈ গৰম পানীৰ বেগ এটা পেটৰ তলৰ অংশ বা কঁকালৰ তলৰ অংশত ৰাখিব লাগে। গৰমে পেশীবোৰ ঢিলা কৰাত সহায় কৰে আৰু বিষৰ পৰা উপশম দিয়ে, যাৰ ফলত টোপনি ভাল হয়।
- শোৱাৰ আগতে গধুৰ আহাৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। লঘু আৰু পুষ্টিকৰ খাদ্য খাব লাগে। কেফেইনৰ পৰিমাণ কম কৰক। তাৰ পৰিৱৰ্তে পাতলীয়া খাদ্য খাব লাগে আৰু কুহুমীয়া গাখীৰ খাব লাগে।
- শোৱাৰ আগতে মানসিক চাপ হ্ৰাস কৰা কামবোৰ কৰক। গৰম পানীৰে গা ধোৱা, ব্যায়াম কৰা, কিতাপ পঢ়া বা সংগীত শুনা। এনে কাৰ্য্যই আপোনাৰ মনক শান্ত কৰাত সহায় কৰিব আৰু মানসিক চাপ কম কৰিব, যাৰ ফলত আপুনি ভালদৰে শুব পাৰিব।