Home Blog Page 410

Donald Trump: আমেৰিকাৰ সোণালী যুগ মাত্ৰ আৰম্ভ হৈছে: ড’নাল্ড ট্ৰাম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে ট্ৰাম্পৰ শপতগ্ৰহণ

Donald Trump: আমেৰিকাৰ সোণালী যুগ মাত্ৰ আৰম্ভ হৈছে: ড'নাল্ড ট্ৰাম্প
Donald Trump: আমেৰিকাৰ সোণালী যুগ মাত্ৰ আৰম্ভ হৈছে: ড'নাল্ড ট্ৰাম্প

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ ড’নাল্ড ট্ৰাম্পৰ।(Donald Trump) ট্ৰাম্পৰ লগতে শপত ল’লে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে পাঠ কৰোৱালে শপত বাক্য। শপত বাক্য পাঠ কৰোৱালে মুখ্য ন্যায়াধীশ জন ৰবাৰ্টে। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কেইবাখনো দেশৰ প্ৰতিনিধিৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে ড’নাল্ড ট্ৰাম্পে শপতগ্ৰহণ কৰিয়ে ইলন মাস্কক নতুন দায়িত্ব অৰ্পণৰ ঘোষণা কৰে। এটা নতুন বিভাগ গঠন কৰি দায়িত্ব দিয়া হ’ব ইলন মাস্কক।

আমেৰিকাৰ দক্ষিণ সীমান্তত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ট্ৰাম্পে কয় যে তেওঁ নিজৰ ‘ৰিমেইন ইন মেক্সিকো’ নীতি পুনৰ কাৰ্যকৰী কৰিব। তেওঁ ঘোষণা কৰে যে ‘সকলো অবৈধ প্ৰৱেশ তৎক্ষণাত বন্ধ কৰা হ’ব আৰু আমি অবৈধ অনুপ্ৰৱেশকাৰীক তেওঁলোকৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম।’ ট্ৰাম্পে কয়, ‘…আমি মেক্সিকো উপসাগৰৰ নাম সলনি কৰি আমেৰিকা উপসাগৰ কৰিম…’

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে তেওঁ ‘চৰকাৰী সকলো চেঞ্চৰশ্বিপ তৎক্ষণাত বন্ধ কৰি আমেৰিকালৈ মুক্ত বাক্য ঘূৰাই অনা’ৰ কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিব। লগতে ট্ৰাম্পে কয় যে মাত্ৰ দুটা লিংগৰ কথা উল্লেখ কৰাটো চৰকাৰৰ নীতি হ’ব। তৃতীয় লিংগক অমান্য ঘোষণা আমেৰিকাৰ। এতিয়াৰে পৰা পুৰুষ আৰু স্ত্ৰী লিংগকহে বৈধ ঘোষণা। শপতগ্ৰহণৰ পাছতে এই সিদ্ধান্ত ড’নাল্ড ট্ৰাম্পৰ।উদ্বোধনী ভাষণত ট্ৰাম্পে কয় যে “আমেৰিকাৰ সোণালী যুগ মাত্ৰ আৰম্ভ হৈছে।”

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, ‘আমি পুনৰবাৰ বিশ্বৰ শক্তিশালী সামৰিক বাহিনী সৃষ্টি কৰিম। আমি কেৱল আমি জয়ী হোৱা যুদ্ধৰ দ্বাৰাই নহয়, আমি শেষ কৰা যুদ্ধৰ দ্বাৰা আৰু হয়তো আমি কেতিয়াও প্ৰৱেশ কৰা যুদ্ধৰ দ্বাৰাও আমাৰ সফলতা জুখিম।’

ট্ৰাম্পে কয় যে এই সপ্তাহত ক’ভিড ভেকচিনৰ আদেশত আপত্তি কৰাৰ বাবে আমাৰ সেনাবাহিনীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা সকলো সেৱা সদস্যক পুনৰ নিযুক্তি দিম, তেওঁলোকক সম্পূৰ্ণ দৰমহা দিম আৰু আমাৰ যোদ্ধাসকলক কৰ্তব্যৰত অৱস্থাত যুদ্ধত যুঁজিবলৈ প্ৰয়োজনীয় স্বাধীনতা দিম।

Jorhat । হৰি নামৰ ধ্বনিৰে মুখৰিত যোৰহাটৰ এৰালতলি পথাৰ

Jorhat । হৰি নামৰ ধ্বনিৰে মুখৰিত যোৰহাটৰ এৰালতলি পথাৰ
Jorhat । হৰি নামৰ ধ্বনিৰে মুখৰিত যোৰহাটৰ এৰালতলি পথাৰ

২০ জানুৱাৰী, ২০২৫ঃ Jorhat । হৰি নামৰ ধৱনিৰে মুখৰিত হৈ পৰিল পশ্চিম যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰ। যোৰহাটত অনুষ্ঠিত হব লগীয়া উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিবেশনৰ লগত সংগতি ৰাখি আজি অধিবেশন স্থলীত নিৰ্মান কৰা নামঘৰৰ গুৰু আসন আৰু ভাগৱত প্ৰতিষ্ঠা কাৰ্যসূচী সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মেৰে পালন কৰা হয়।

ডবা শংখ খোল তালৰ পবিত্ৰ ধ্বনিৰ মাজেদি গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পাছত গায়ন বায়ন পৰিবেশন কৰা হয়। তাৰ পাছতে এক সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশৰ মাজেদি অনুষ্ঠিত কৰা হয় নাম প্ৰসংগ। এই নাম প্ৰসংগত জিলা খনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, আই মাতৃ সকল আহি অংশগ্ৰহণ কৰি এক আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰে। এক কথাত কবলৈ গলে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ এক প্ৰকাৰ দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰিত হয় যোৰহাটৰ এৰালতলি পথাৰ। আৰু প্ৰায় লক্ষ ভকত বৈষ্ণৱ উপস্থিত হয় এৰালতলি পথাৰত। উল্লেখযোগ্য যে ইতিমধ্যেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ বাবে অধিবেশন স্থলীৰ প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। আৰু কালিলৈৰ পৰা নিতৌ চাৰি প্ৰসংগ নাম অনুষ্ঠিত হব।

Mariani । মৰিয়ানি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Mariani । মৰিয়ানি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
Mariani । মৰিয়ানি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

২০ জানুৱাৰী, ২০২৫ঃMariani । মৰিয়ানি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এটা বিশেষ আৰক্ষীৰ দলে মৰিয়নিৰ সীমান্তবৰ্তী নিউ সোনোৱালত চলাইছে অভিযান ।


বিশেষ আৰক্ষীৰ দলটোৱে এখন ম’বাইল দোকানত অভিযান চলাই জব্দ কৰিছে ৭ গ্ৰাম ড্ৰাগছ। প্ৰায় দুঘণ্টা সময় ধৰি ম’বাইল দোকানখনত চলাই আছে অভিযান । আৰক্ষীয়ে অভিযান চলোৱা দোকানখন ৰিকি দত্ত নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে আটক কৰিছে ৰিকি দত্ত নামৰ যুৱকজনক।

বৰ্তমানেও আৰক্ষীৰ অভিযান চলি আছে দোকানখনত।ৰিকি দত্তই দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায় ।সীমান্তবৰ্তী অঞ্চলসমূহত দ্ৰুতগতিত বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱসায় ।

deer meat in Gosaigaon । গোসাঁইগাঁৱত হৰিন মাংস সহ দুজন চোৰাং চিকাৰী আটক

deer meat in Gosaigaon । গোসাঁইগাঁৱত হৰিন মাংস সহ দুজন চোৰাং চিকাৰী আটক
deer meat in Gosaigaon । গোসাঁইগাঁৱত হৰিন মাংস সহ দুজন চোৰাং চিকাৰী আটক

২০ জানুৱাৰী,২০২৫ঃ deer meat in Gosaigaon। গোসাঁইগাঁও মহকুমাৰ ৰাইমোনা ৱেষ্টাৰ্ন ফৰেষ্ট ৰেঞ্জৰ অধিনত থকা ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ সমিপত বাংতিঝোৰা গাঁৱৰ পৰা দুজন চোৰাং চিকাৰীক আটক কৰে বন কৰ্মীয়ে ।পুৱতি নিশা গোপন তথ্যৰ ভিত্তিত বাংতিঝোৰা গাঁৱত সুগৰী পহু হত্যা কৰি ভোগাই থকা সময়তে অভিযান চলাই দুজনক আটক কৰিবলৈ সক্ষম হয় ।

ৰাইমোনা ৰাস্ত্ৰীয় উদ্যানৰ পৰা উলাই আহিছিল সুগৰী পহুটোয়ে।দুজন চোৰাং চিকাৰী ক্ৰমে বাংতিঝোৰা গাঁৱৰ লেডুম বাস্কে (৫৪) আৰু গুংগা টুডু (৭৪) । ৰাইমোনা ৱেষ্টাৰ্ন ফৰেষ্ট ৰেঞ্জৰ উপ ৰেঞ্জাৰ গণলাল বসুমাতাৰীৰ নেতৃত্বত অভিযান চলাই দুজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ।


চোৰাং চিকাৰীৰ লগত সুগৰী পহুৰ মাংস উদ্ধাৰ কৰে বন কৰ্মীয়ে ।

Nazira Amolapatti । ঐতিৰ্যমণ্ডিত নাজিৰা আমোলাপট্টি বৰনামঘৰত শ্ৰীমদ্ভাগৱত পাঠ , ব্যাখ্যানুষ্ঠানৰ আৰু ভাওনা প্ৰদৰ্শন

Nazira Amolapatti । ঐতিৰ্যমণ্ডিত নাজিৰা আমোলাপট্টি বৰনামঘৰত শ্ৰীমদ্ভাগৱত পাঠ , ব্যাখ্যানুষ্ঠানৰ আৰু ভাওনা প্ৰদৰ্শন
Nazira Amolapatti । ঐতিৰ্যমণ্ডিত নাজিৰা আমোলাপট্টি বৰনামঘৰত শ্ৰীমদ্ভাগৱত পাঠ , ব্যাখ্যানুষ্ঠানৰ আৰু ভাওনা প্ৰদৰ্শন

২০ জানুৱাৰী, ২০২৫ঃNazira Amolapatti। বিশ্ব শান্তি আৰু মানৱ সমাজৰ কল্যাণ সাধনৰ উদ্দেশ্য আগত ৰাখি গুৰুজনাৰ সৃষ্ট শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ ভাগি পাঠ আৰু ব্যাখ্যানুষ্ঠান তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজিত এই কাৰ্যসূচীৰ প্ৰথম দিনাই সমগ্ৰ নাজিৰা নগৰাঞ্চল দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰি তুলিছে ।

পুৱা প্ৰাতঃপ্ৰসঙ্গৰ পিছতে ধৰ্মধ্বজা উত্তোলন আৰু শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ শোভাযাত্ৰাই নাজিৰা নগৰাঞ্চল পূণ্যভূমিত পৰিণত কৰি তোলে ।শেষৰ দিনা শ্ৰীমদ্ভাগৱত পাঠ, বাখ্যানুষ্ঠানৰ সামৰণি পৰাৰ পিছতে নাম – প্ৰসংগ আৰু সন্ধিয়ালৈ স্থানীয় যুৱক শিল্পীৰ দ্বাৰা “বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ” নাট ভাওনা প্ৰদৰ্শন কৰে । ইয়াৰ প্ৰাকক্ষণত যুৱ সমাজৰ দ্বাৰা স্থানীয় বয়োজ্যেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তিক সম্বৰ্দ্ধনা শৰাই আগবঢ়াই আশীষ গ্ৰহণ কৰাৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ।

Asom Sahitya Sabha । মঙলদৈত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ অঙ্গীকাৰ, সকলো বিবাদ-বিতৰ্কৰ অন্ত পেলাই সভাক অধিক শক্তিশালী কৰিব লাগিব

Asom Sahitya Sabha । মঙলদৈত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ অঙ্গীকাৰ, সকলো বিবাদ-বিতৰ্কৰ অন্ত পেলাই সভাক অধিক শক্তিশালী কৰিব লাগিব
Asom Sahitya Sabha । মঙলদৈত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ অঙ্গীকাৰ, সকলো বিবাদ-বিতৰ্কৰ অন্ত পেলাই সভাক অধিক শক্তিশালী কৰিব লাগিব

২০ জানুৱাৰী, ২০২৫ : Asom Sahitya Sabha । অসম সাহিত্য সভাক লৈ চলি সকলো বাদ-বিবাদ, বিতৰ্কৰ অন্ত পেলাই আমি সভাক অধিক শক্তিশালী কৰি তুলিব লাগিব ৷ সভাৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবেই আমি সকলো সহনশীল হ’ব লাগিব আৰু এৰা ধৰা কৰিব পাৰিব লাগিব —এই মন্তব্য অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ । কালি সন্ধিয়া মঙলদৈস্থিত দৰং জিলা সাহিত্য সভা প্ৰকল্পত আকস্মিকভাৱে উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে কয় অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক বৰাই।

দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই আঁত ধৰা আৰু দৰং জিলা সভাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ ডঃ চহিৰ ভূঞা, মঙলদৈ আঞ্চলিক কাৰ্য্যালয়ৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, প্ৰাক্তন সাংগঠনিক সম্পাদক ৰাণা আলম, দৰং জিলা সাহিত্য সভাৰ সাংস্কৃতিক আহ্বায়ক ডা: মৃণ্ময় কুমাৰ নাথ,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মুকুট চন্দ্ৰ হাজৰিকা, নয়নমণি চৌধুৰী,প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতা,অসম বাৰ্তাজীৱি সংঘৰ সম্পাদক মুকুটৰাজ শৰ্মা, আপকুৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ প্ৰমুখ্যে ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থকা এক চমু অনুষ্ঠানত কেতবোৰ গঠনমূলক কাম কাজৰ ওপৰত আলোচনা কৰা হয়। নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে জিলা সাহিত্য সভাৰ কাৰ্যালয়ত পদাৰ্পন কৰা নৱনিৰ্বাচিত প্ৰধান সম্পাদক গৰাকীক জিলা সভাৰ তৰফৰ পৰা জাতীয় ফুলাম গামোচা,শৰাই, গ্ৰন্থৰ টোপোলা আৰু স্মাৰকেৰে উষ্ম আদৰণি জনায়। অনুষ্ঠানত উপস্থিত থকা দৰঙৰ অন্যতম সক্ৰিয় শতদল শাখা সাহিত্য নগৰ সাহিত্য সভাৰ সভাপতি তমজিদ আলি, উপ-সভাপতি মিছবাহুল হুদা, সম্পাদক গোলাপ আলি আৰু মঙলা নগৰ শতদল সাহিত্য সভাৰ সম্পাদকে জিতেন কলিতাই নিজ নিজ শাখা সভাৰ তৰফৰ পৰা তেওঁক ফুলাম গামোচাৰে আদৰণি জনায়।

Sanjay Roy: দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ৰ যাৱজ্জীৱন কাৰাদণ্ড!

Sanjay Roy: দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ৰ যাৱজ্জীৱন কাৰাদণ্ড!
Sanjay Roy: দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ৰ যাৱজ্জীৱন কাৰাদণ্ড!

দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড দিলে আদালতে। শনিবাৰে আদালতে দোষী সাব্যস্ত কৰিছিল সঞ্জয় ৰয়ক।(Sanjay Roy)লগতে সঞ্জয় ৰয়ক ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হয়। শিয়ালদহ আদালতে ঘোষণা কৰিলে সঞ্জয় ৰয়ৰ শাস্তি।

আৰ জি কাৰ ধৰ্ষণ-হত্যাৰ গোচৰত সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ছিলডা আদালতে। পুৱাৰে পৰা সঞ্জয়ৰ ঘৰত ভিৰ কৰিছে সাংবাদিকৰ। আনহাতে ওচৰ-চুবুৰীয়াই কয় যে সঞ্জয়ৰ মাতৃ মানসিকভাৱে সম্পূৰ্ণ সুস্থ নহয়।

যোৱা ২০২৪ বৰ্ষৰ ৯ আগষ্টত আৰ জি কৰ হাস্পতালত এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। এই জঘন্য ঘটনাৰ ৫ মাহ পাছত কলকাতাৰ শিয়ালদহ আদালতে ঘোষণা কৰিলে।

ইয়াৰ পূৰ্বে আদালতে সঞ্জয়ক আৰ জি কৰ গোচৰত দোষী সাব্যস্ত কৰিছিল। সোমবাৰে বিয়লি ন্যায়াধীশ অনিৰ্বান দাসে কয় যে ভাৰতীয় দণ্ডবিধিৰ তিনিটা ধাৰাত — ৬৪, ৬৬ আৰু ১০৩(১) — সঞ্জয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। তেওঁ আজীৱন জেলত থাকিব লাগিব।

Nita Ambani’s Fashion: ট্ৰাম্পৰ নিমন্ত্ৰণত বিশেষ ৰাতিৰ আহাৰত আম্বানী দম্পতী

Nita Ambani’s Fashion: ট্ৰাম্পৰ নিমন্ত্ৰণত বিশেষ ৰাতিৰ আহাৰত আম্বানী দম্পতী
Nita Ambani’s Fashion: ট্ৰাম্পৰ নিমন্ত্ৰণত বিশেষ ৰাতিৰ আহাৰত আম্বানী দম্পতী

আজি ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। সোমবাৰে প্ৰায় ১০:৩০ বজাত(Nita Ambani’s Fashion) এই অনুষ্ঠান অনুষ্ঠিত হ’ব। তাৰ মাত্ৰ দুদিন পূৰ্বে ট্ৰাম্পে বিশেষ ৰাতিৰ আহাৰ গ্ৰহণৰ আয়োজন কৰিছিল। সেই অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত ১০০ গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছিল। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ, পৰিচালন সঞ্চালক মুকেশ আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীকো ডিনাৰত দেখা যায়।

ইতিমধ্যে নীতা আম্বানী ‘ফেশ্বন আইকন’ হিচাপে পৰিচিত। আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণ! নীতা আম্বানী য’তেই যায় তাতেই নিজৰ অনন্য ৰুচি লৈ আহে। সাধাৰণ মানুহেও তেওঁৰ সাজ-পোছাকক লৈ কৌতুহলী। অগণন মানুহৰ মাজত নীতাই নিজৰ উপস্থিতি পৃথক কৰিব পাৰে।

ট্ৰাম্পৰ আমন্ত্ৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ গৈছিল নীতাই সৰু ফোট, লাইট লিপষ্টিক আৰু কাঞ্চিপুৰম ৰেচমৰ শাৰী পিন্ধি। নীতাৰ গহনা সংগ্ৰহও আকৰ্ষণীয়। ইতিমধ্যে নীতাৰ বয়স ৬০ৰ পাৰ হৈছে। তথাপিও তেওঁৰ সৌন্দৰ্য্য অতি আকৰ্ষণীয়।

Rinku Singh: কইনা সাংসদ প্ৰিয়া, ৰিংকুৰ বিয়াৰ তাৰিখ ঠিক হ’ব ইংলেণ্ড ছিৰিজৰ পিছত

Rinku Singh: কইনা সাংসদ প্ৰিয়া, ৰিংকুৰ বিয়াৰ তাৰিখ ঠিক হ’ব ইংলেণ্ড ছিৰিজৰ পিছত
Rinku Singh: কইনা সাংসদ প্ৰিয়া, ৰিংকুৰ বিয়াৰ তাৰিখ ঠিক হ’ব ইংলেণ্ড ছিৰিজৰ পিছত

ভাৰতীয় দলৰ হৈ খেলিবলৈ এতিয়া কলকাতাত আছে ৰিংকু।(Rinku Singh) পাঁচখন খেলৰ টি-২০ ছিৰিজত খেলিব তেওঁ। সেই কাৰণে তেওঁ দেশৰ বিভিন্ন চহৰলৈ যাত্ৰা কৰিবলগীয়া হয়। এই ধাৰাবাহিকখনৰ শেষৰ পিছতহে তেওঁৰ বিবাহৰ কথা আৰম্ভ হ’ব।

ৰিংকু সিঙৰ কইনা হ’ব সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰোজ। ইংলেণ্ডৰ শৃংখলাৰ পিছতে তাৰিখ ঠিক কৰা হ’ব। এই কথা কৈছে প্ৰিয়াৰ পিতৃ টুফানী সৰোজে।

সাংসদ প্ৰিয়া সৰোজৰ পিতৃ টুফানী নিজে তিনিবাৰৰ সাংসদ। এতিয়া তেওঁ উত্তৰ প্ৰদেশৰ কেৰাকোটৰ বিধায়ক। টুফানীয়ে কয় যে শেষবাৰৰ বাবে ৰিংকুৰ পৰিয়ালৰ সৈতে কথা পতাটো ইতিবাচক আছিল। বিয়াৰ কথা কৈছে। প্ৰিয়া আৰু ৰিংকুৱে একেলগে বহি তাৰিখ ঠিক কৰিব। পৰৱৰ্তী লোকসভা অধিৱেশন আৰু টি-২০ ছিৰিজ শেষ হোৱাৰ পিছতহে বিয়াৰ দিন ঠিক হ’ব।

বৃহস্পতিবাৰে আলিগড়ত আছিল টুফানী। তাতে ৰিংকুৰ দেউতাকৰ লগত কথা পাতে। টুফানীয়ে ক’লে, “প্ৰিয়াৰ বন্ধুৰ দেউতাক ক্ৰিকেটাৰ আছিল। তেনেকৈয়ে ৰিংকু আৰু প্ৰিয়াৰ লগ হৈছিল। বহুদিনৰ পৰা চিনাকি। দুয়োটা পৰিয়ালে মান্তি হ’লে বিয়া হ’বলৈ সাজু বুলি কয়।’

ৰিংকুৰ উত্থান আই পি এলৰ পৰা। তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলে। সেই দলৰ হৈ তেওঁ ট্ৰফীও লাভ কৰিছিল। ৰিংকু হৈছে দলৰ নিৰ্ভৰযোগ্য ফিনিছাৰ। ইতিমধ্যে তেওঁ দেশৰ হৈ ৩২খন খেল খেলিছে। ২৭ বছৰীয়া ৰিংকু টি-২০ দলৰ নিয়মীয়া সদস্য। ৩০ খন টি-২০ত দেশৰ হৈ ৫০৭ ৰান সংগ্ৰহ কৰে।

Pomegranate: ব্ৰেকফাষ্টৰ পিছত খাব ডালিম, চুলিৰ বৃদ্ধিৰ লগতে বৃদ্ধি পাব মগজুৰ শক্তি

Pomegranate: ব্ৰেকফাষ্টৰ পিছত খাব ডালিম
Pomegranate: ব্ৰেকফাষ্টৰ পিছত খাব ডালিম

ডালিম খালে বহু ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। ডালিমত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ফলেট আৰু ভিটামিন কে, পটাছিয়াম পোৱা যায়।(pomegranate) দৈনিক ডালিম খালে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। কিছুমান মানুহে ব্ৰেকফাষ্টৰ পিছত মাত্ৰ ৪ চামুচ ডালিম খাবলৈ পৰামৰ্শ দিয়ে।

ডালিমৰ চেনি প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। ইয়াৰ গ্লাইচেমিক সূচকাংক কম, যাৰ বাবে ই তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক। ব্ৰেকফাষ্টৰ পিছত ডালিম খোৱাটোৱে গোটেই দিনটো চেনিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

যদি আপোনাৰ চুলি দুৰ্বল হয় তেন্তে ডালিম খোৱাৰ আৰম্ভ কৰিব। ইয়াত ভিটামিন চি, ই, কে আৰু বি থাকে, যিয়ে চুলিক শক্তিশালী কৰাত সহায় কৰে।

ডালিমত এন্টিঅক্সিডেন্ট, বিশেষকৈ পলিফিনল থাকে, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। ই ৰক্তবাহী নলী সুস্থ কৰি ৰখাত আৰু তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে।

ডালিমত ভাল পৰিমাণৰ আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। ই কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে অন্ত্ৰ পৰিষ্কাৰ কৰাৰ কাম কৰে।

ডালিমৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে। ই বাতবিষ আৰু অন্যান্য প্ৰদাহজনিত ৰোগৰ লক্ষণসমূহ হ্ৰাস কৰিব পাৰে।

ডালিমত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালখনক সুস্থ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও মুখৰ বয়স বৃদ্ধিৰ লক্ষণ কমোৱা আৰু ছালৰ উন্নতি সাধন কৰাত সহায়ক।

ডালিমত কেলৰি কম আৰু আঁহ বেছি থাকে, যাৰ ফলত পূৰ্ণতাৰ অনুভৱ হয় আৰু অতিমাত্ৰা খাদ্য খোৱাটো ৰোধ কৰাত সহায় কৰে। ই ওজন কমাবলৈ সহায়ক হ’ব পাৰে।

ব্ৰেকফাষ্টৰ পিছত ডালিম খোৱাটো শৰীৰৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে, যিয়ে পুষ্টিৰ লগতে বহুতো স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে।