Home Blog Page 456

Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ত নতুন ট্রেকিং পথ মুকলি

গুৱাহাটী বিশ্ববিদ্যালয়ত নতুন ট্রেকিং পথ মুকলি পাহাৰ ভাল পোৱা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ আবাসী, শিক্ষক, শিক্ষার্থী, কৰ্মচাৰী, গৱেষক আদিৰ বাবে সুখবৰ। কিয়নো এতিয়াৰে পৰা ট্রেকিঙৰ প্ৰতি আগ্ৰহী বিশ্ববিদ্যালয়ৰ চৌহদৰ আবাসী সকলে বাহিৰলৈ পাহাৰ বগাবলৈ যোৱাৰ সলনি চৌহদৰ ভিতৰতে ট্রেকিঙৰ সুবিধা লাভ কৰিব। ট্রেকিঙৰ প্ৰতি আগ্ৰহী সকলৰ সুবিধাৰ বাবে ৮ ডিচেম্বৰৰ দিনা পুৱাৰ ভাগত বিশ্ববিদ্যালয় চৌহদৰ পাহাৰৰ গাতে লগা এইছ কেবি বটানিকেল গার্ডেনত প্রায় ১৩০ বিঘা মাটি কালিৰে পৰিৱেষ্টিত এটা ট্রেকিং পথ মুকলি কৰা হ'য় । ট্রেকিং পথটো মুকলি কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্রী নন্দিতা গার্লোচাই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্ত, পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথকে ধৰি কেবাজনো বিষয়া, বিশিষ্ট সাংবাদিক প্রণয় বৰদলৈকে ধৰি ক্ৰীড়াক্ষেত্ৰৰ লগত জড়িত কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। চমু ভাষণত মন্ত্রী নন্দিতা গার্লোচাই ট্রেকিং পথটোৱে পাহাৰ বগাই ভাল পোৱা আগ্ৰহী লোক সকলৰ এটা বহুদিনীয়া অভাব পূৰণ কৰিব বুলি আশা ব্যক্ত কৰি ইয়াৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে । আনহাতে মুকলি কৰাৰ পাছতে মন্ত্ৰী গৰাকীয়ে ট্ৰেকিং পথটোৰে পাহাৰ বগাই প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰে। উল্লেখ্য যে ট্ৰেকিং পথ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ফটো প্ৰদৰ্শনীও অনুষ্ঠিত হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ত নতুন ট্রেকিং পথ মুকলি

পাহাৰ ভাল পোৱা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ আবাসী, শিক্ষক, শিক্ষার্থী, কৰ্মচাৰী, গৱেষক আদিৰ বাবে সুখবৰ। কিয়নো এতিয়াৰে পৰা ট্রেকিঙৰ প্ৰতি আগ্ৰহী বিশ্ববিদ্যালয়ৰ চৌহদৰ আবাসী সকলে বাহিৰলৈ পাহাৰ বগাবলৈ যোৱাৰ সলনি চৌহদৰ ভিতৰতে ট্রেকিঙৰ সুবিধা লাভ কৰিব। ট্রেকিঙৰ প্ৰতি আগ্ৰহী সকলৰ সুবিধাৰ বাবে ৮ ডিচেম্বৰৰ দিনা পুৱাৰ ভাগত বিশ্ববিদ্যালয় চৌহদৰ পাহাৰৰ গাতে লগা এইছ কেবি বটানিকেল গার্ডেনত প্রায় ১৩০ বিঘা মাটি কালিৰে পৰিৱেষ্টিত এটা ট্রেকিং পথ মুকলি কৰা হ’য় । ট্রেকিং পথটো মুকলি কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্রী নন্দিতা গার্লোচাই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্ত, পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথকে ধৰি কেবাজনো বিষয়া, বিশিষ্ট সাংবাদিক প্রণয় বৰদলৈকে ধৰি ক্ৰীড়াক্ষেত্ৰৰ লগত জড়িত কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। চমু ভাষণত মন্ত্রী নন্দিতা গার্লোচাই ট্রেকিং পথটোৱে পাহাৰ বগাই ভাল পোৱা আগ্ৰহী লোক সকলৰ এটা বহুদিনীয়া অভাব পূৰণ কৰিব বুলি আশা ব্যক্ত কৰি ইয়াৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে । আনহাতে মুকলি কৰাৰ পাছতে মন্ত্ৰী গৰাকীয়ে ট্ৰেকিং পথটোৰে পাহাৰ বগাই প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰে। উল্লেখ্য যে ট্ৰেকিং পথ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ফটো প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

Japan: ছাত্ৰ হিচাপে এদিন কটাব বিচাৰে নেকি খৰচ হয় মাত্ৰ ১৭ হাজাৰ টকা,ক’ত চাওক

ছাত্ৰ হিচাপে এদিন কটাব বিচাৰে নেকি খৰচ হয় মাত্ৰ ১৭ হাজাৰ টকা,ক'ত চাওক ছাত্ৰ জীৱনৰ মাত্ৰ এদিন। খৰচ মাত্ৰ ৩০ হাজাৰ য়েন (১৭ হাজাৰ টকা)। এই সুযোগ মাত্ৰ জাপানত উপলব্ধ। উণ্ডোকায়া নামৰ এটা ট্ৰেভেল কোম্পানীয়ে পৰ্যটকক এই সুযোগ দিছে। স্কুলৰ সাধাৰণ কাম-কাজৰ উপৰিও পৰ্যটকে কাটানা যুঁজ, শাৰীৰিক শিক্ষাও কৰিব পাৰে। পূব জাপানৰ চিবা অঞ্চলৰ এখন বিদ্যালয়ৰ ৰূপান্তৰ ঘটিছে পৰ্যটকৰ মনোৰঞ্জনৰ বাবে। এই পদক্ষেপৰ লক্ষ্য হৈছে পৰ্যটকসকলক জাপানী বিদ্যালয়ৰ সোৱাদ দিয়াৰ লগতে পৰ্যটন বৃদ্ধি কৰা। বয়সৰ সীমা নাই আৰু অভিজ্ঞতাত যিকোনো ব্যক্তিয়েই নিজকে বিলীন কৰিব পাৰে। প্ৰতিদিনে মাত্ৰ ৩০ জন লোককহে এই অভিজ্ঞতা দিয়া হয়। পৰ্যটকসকলে পৰম্পৰাগত কিমোনো পৰিধান কৰাৰো সুযোগ পাব। কাটানা ব্যৱহাৰ কৰিবলৈ শিকাৰ উপৰিও পৰম্পৰাগত জাপানী নৃত্য প্ৰদৰ্শনতো অংশগ্ৰহণ কৰিব পাৰে। আন আন কামবোৰ হ’ল স্কুলৰ দুৰ্যোগ অনুশীলন চলোৱা, জৰুৰীকালীন অৱস্থাত কেনেকৈ সঁহাৰি জনাব লাগে তাৰ দক্ষতা আহৰণ কৰা। এই সকলোবোৰ কথা জাপানত শিশুক শিকোৱা হয়। অতি ভূমিকম্প প্ৰৱল দেশ হোৱাৰ বাবে পৰ্যটকসকলক ভূমিকম্পৰ সময়ত কেনেকৈ নিজকে বচাব পাৰি সেই বিষয়েও প্ৰশিক্ষণ দিয়া হ’ব। দীৰ্ঘদিনীয়া কামৰ অন্তত পৰ্যটকসকলে শ্ৰেণীকোঠা চাফাই কামত অংশগ্ৰহণ কৰিব লাগিব, যিটো জাপানৰ শিক্ষা ব্যৱস্থাৰ অবিচ্ছেদ্য অংগ। ইয়াৰ লক্ষ্য হৈছে শিশুৰ মাজত দায়িত্ববোধ জগাই তোলা আৰু নাগৰিক জ্ঞান গঢ়ি তোলা। সকলো কাম-কাজ সম্পূৰ্ণ হোৱাৰ পিছত এই অভিজ্ঞতাৰ স্মৃতিগ্ৰন্থ হিচাপে পৰ্যটকসকলে স্নাতক ডিগ্ৰী লাভ কৰিব।
ছাত্ৰ হিচাপে এদিন কটাব বিচাৰে নেকি খৰচ হয় মাত্ৰ ১৭ হাজাৰ টকা,ক'ত চাওক

ছাত্ৰ জীৱনৰ মাত্ৰ এদিন। খৰচ মাত্ৰ ৩০ হাজাৰ য়েন (১৭ হাজাৰ টকা)। এই সুযোগ মাত্ৰ জাপানত উপলব্ধ। উণ্ডোকায়া নামৰ এটা ট্ৰেভেল কোম্পানীয়ে পৰ্যটকক এই সুযোগ দিছে। স্কুলৰ সাধাৰণ কাম-কাজৰ উপৰিও পৰ্যটকে কাটানা যুঁজ, শাৰীৰিক শিক্ষাও কৰিব পাৰে। পূব জাপানৰ চিবা অঞ্চলৰ এখন বিদ্যালয়ৰ ৰূপান্তৰ ঘটিছে পৰ্যটকৰ মনোৰঞ্জনৰ বাবে।

এই পদক্ষেপৰ লক্ষ্য হৈছে পৰ্যটকসকলক জাপানী বিদ্যালয়ৰ সোৱাদ দিয়াৰ লগতে পৰ্যটন বৃদ্ধি কৰা। বয়সৰ সীমা নাই আৰু অভিজ্ঞতাত যিকোনো ব্যক্তিয়েই নিজকে বিলীন কৰিব পাৰে। প্ৰতিদিনে মাত্ৰ ৩০ জন লোককহে এই অভিজ্ঞতা দিয়া হয়। পৰ্যটকসকলে পৰম্পৰাগত কিমোনো পৰিধান কৰাৰো সুযোগ পাব। কাটানা ব্যৱহাৰ কৰিবলৈ শিকাৰ উপৰিও পৰম্পৰাগত জাপানী নৃত্য প্ৰদৰ্শনতো অংশগ্ৰহণ কৰিব পাৰে। আন আন কামবোৰ হ’ল স্কুলৰ দুৰ্যোগ অনুশীলন চলোৱা, জৰুৰীকালীন অৱস্থাত কেনেকৈ সঁহাৰি জনাব লাগে তাৰ দক্ষতা আহৰণ কৰা। এই সকলোবোৰ কথা জাপানত শিশুক শিকোৱা হয়। অতি ভূমিকম্প প্ৰৱল দেশ হোৱাৰ বাবে পৰ্যটকসকলক ভূমিকম্পৰ সময়ত কেনেকৈ নিজকে বচাব পাৰি সেই বিষয়েও প্ৰশিক্ষণ দিয়া হ’ব। দীৰ্ঘদিনীয়া কামৰ অন্তত পৰ্যটকসকলে শ্ৰেণীকোঠা চাফাই কামত অংশগ্ৰহণ কৰিব লাগিব, যিটো জাপানৰ শিক্ষা ব্যৱস্থাৰ অবিচ্ছেদ্য অংগ। ইয়াৰ লক্ষ্য হৈছে শিশুৰ মাজত দায়িত্ববোধ জগাই তোলা আৰু নাগৰিক জ্ঞান গঢ়ি তোলা। সকলো কাম-কাজ সম্পূৰ্ণ হোৱাৰ পিছত এই অভিজ্ঞতাৰ স্মৃতিগ্ৰন্থ হিচাপে পৰ্যটকসকলে স্নাতক ডিগ্ৰী লাভ কৰিব।

Assam Ministry: অসম মন্ত্রীসভাত বৃহৎ সাল-সলনি। কোনে, কি বিভাগত দায়িত্ব লাভ কৰিলে

Assam Ministry
Assam Ministry

অসম মন্ত্রীসভাত বৃহৎ সাল-সলনি। সলনি হ’ল কেইবাগৰাকী মন্ত্ৰীৰ দপ্তৰ। (Assam Ministry)

বহুকেইগৰাকী মন্ত্ৰীৰ পৰা কৰ্তন হ’ল কেইবাটাও দপ্তৰ।

নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা কৌশিক ৰায়ক, খাদ্য আৰু অসামৰিক যোগান, খনি আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব প্ৰদান।(Assam Ministry)

কৃষে্ন্দু পালক পশু পালন, মীন, PWD(পথ), বিভাগৰ দায়িত্ব, ৰূপেশ গোৱালক, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ, কাৰাগাৰ আৰু হোমগাৰ্ড দপ্তৰৰ দায়িত্ব। আনহাতে প্ৰশান্ত ফুকন, শক্তি, দক্ষতা নিয়োগ, উদ্যমিতা বিভাগ আৰু
চিকিৎসা-শিক্ষা আৰু গৱেষণা বিভাগৰ দায়িত্ব।

কেশৱ মহন্তৰ পৰা কৰ্তন হ’ল আবকাৰী আৰু পৰিবহণ বিভাগ। মন্ত্ৰী অতুল বৰাক আবকাৰী বিভাগৰ দায়িত্ব। জয়ন্ত মল্ল বৰুৱাৰ পৰ্যটন বিভাগ কৰ্তন। ৰণজিত কুমাৰ দাসক পৰ্যটন বিভাগৰ দায়িত্ব। কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্ব। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ দায়িত্ব। জয়ন্ত মল্ল বৰুৱাক অতিৰিক্তভাৱে চহৰ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্ব। নন্দিতা গাৰ্লোছাক লোকনিৰ্মাণ, ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দায়িত্ব প্ৰদান।

Abhishek Bachchan: ঐশ্বৰ্য-অভিষেক কেতিয়া দ্বিতীয় বাৰৰ বাবে পিতৃ-মাতৃ হ’ব? কি ক’লে অভিষেকে…

Abhishek Bachchan
Abhishek Bachchan

বি টাউনৰ সুপৰিচিত দম্পতী অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ সম্পৰ্ক আৰু বিবাহ বিচ্ছেদৰ খবৰে দীৰ্ঘদিন ধৰি শিৰোনাম দখল কৰি আহিছে। অৱশ্যে এই খবৰ সন্দৰ্ভত ঐশ্বৰ্য-অভিষেকে কোনো মন্তব্য কৰা নাই। শেহতীয়াকৈ দুয়োৰে একেলগে থকা কিছুমান ফটোও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিবোৰ শেহতীয়া এটা অনুষ্ঠানৰ, ফটোকেইখন দেখাৰ পিছত অনুৰাগীয়ে যেন কিছু সান্ত্বনা পাইছে। ইফালে অভিষেক বচ্চনে অভিনেতা ৰিতেশ দেশমুখৰ এটা শ্ব’ত উপস্থিত হয়।(Abhishek Bachchan)

য’ত ৰিতেশৰ বহু প্ৰশ্নৰ উত্তৰ দিছিল অভিনেতা অভিষেক বচ্চনে। ইয়াৰ লগতে ৰিতেশে দ্বিতীয় বাৰৰ বাবে জুনিয়ৰ বচ্চন আৰু ঐশ্বৰ্য ৰায়ক পিতৃ-মাতৃ হোৱাৰ কথাও ক’লে। অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ে বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি ২০০৭ চনত বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত ৪ বছৰৰ পাছত তেওঁলোকৰ মাজলৈ কন্যা আৰাধ্যা বচ্চনৰ জন্ম হয়। এতিয়া তেওঁৰ কন্যাৰ বয়স ১৩ বছৰ। এনে পৰিস্থিতিত অনুৰাগীসকলেও জানিব বিচাৰে আৰাধ্যাই সৰু ভাতৃ বা ভগ্নী নিবিচাৰে নেকি?(Aishwarya Rai)

শ্ব’টোত ৰিতেশে ধেমালিতে অভিষেকক কৈছিল, ‘অমিতাভ, ঐশ্বৰ্য, আৰাধ্যা আৰু তুমি অভিষেক। গতিকে আৰাধ্যাৰ পিছত? তেতিয়া অভিষেকে হাঁহি হাঁহি ক’লে নাই, নাই বাট চাম কেতিয়া আহিব পৰৱৰ্তী প্ৰজন্ম।’লগে লগে ৰিতেশে আৰু ক’লে, ‘কোনে ইমান সময় অপেক্ষা কৰে?’ যেনেকৈ ৰিতেশ, ৰিয়ান, ৰাহিল। অভিষেক, আৰাধ্যা’। অভিষেকে এই কথাত লাজ অনুভৱ কৰিলে।

Allu Arjun’s Diet: পুষ্পা ২ অভিনেতা আল্লু অৰ্জুনে কি খায়?

Allu Arjun's Diet
Allu Arjun's Diet

যিকোনো নৃত্যই হওক বা অভিনয়ে হওক-আল্লু অৰ্জুন যিকোনো ক্ৰিয়াতে খাপ খাই পৰে। তেওঁৰ অনুৰাগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে। বিভিন্ন সাক্ষাৎকাৰত আল্লু অৰ্জুনে কয় যে তেওঁ অতি সাধাৰণ খাদ্য খায়। তেওঁৰ খাদ্য তালিকাত কি আছে জানো আহক?(Allu Arjun’s Diet)

‘পুষ্পা: দ্য ৰাইজ’ৰ সফলতাৰ ধাৰা বৰ্তমানো অব্যাহত। দেশৰ অন্যতম সফল অভিনেতা হিচাপে পৰিগণিত হৈছে ‘পুষ্পা’ খ্যাতিৰ দক্ষিণৰ তাৰকা আল্লু অৰ্জুন।

আনহাতে অভিনেতা আল্লু অৰ্জুনৰ ফিটনেছ ৰুটিনও আন পাঁচজন বিখ্যাত তাৰকাৰ দৰে নহয়। বৰঞ্চ নিয়মিতভাৱে ব্যায়াম কৰি আৰু প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু ফাইবাৰ খায়।

অভিনেতাগৰাকীয়ে কয় যে তেওঁ অধিক প্ৰটিন সমৃদ্ধ খাদ্য খায়। কিন্তু তেওঁৰ খাদ্যত সমান পৰিমাণৰ প্ৰটিন, ফাইবাৰ, ভিটামিন থাকে। অতি কম কাৰ্বহাইড্ৰেট খাব লাগে। ব্ৰেকফাষ্টত কণী আৰু সতেজ ফলেৰ সৈতে দিনটো আৰম্ভ কৰে। কিন্তু তাৰ আগতে তেওঁ সাৰ পাই খালী পেটত কমেও ৪৫ মিনিট কাৰ্ডিঅ’ এক্সাৰচাইজ কৰে। এঘণ্টাৰ পিছত তেওঁ ব্ৰেকফাষ্ট কৰে।

লগতে বেছিভাগ সময়তে দুপৰীয়াৰ আহাৰত গ্ৰীল কৰা কুকুৰা মাংস খাই। কেতিয়াবা এনে মাংসৰ সৈতে ব্ৰাউন ৰাইচও খায় আৰু সিজোৱা শাক-পাচলিও যথেষ্ট পৰিমাণে খায়। আল্লুৱে কয় যে শাক-পাচলিয়ে আঁহ আৰু এন্টিঅক্সিডেন্ট প্ৰদান কৰে আৰু ছালখনো ভালে ৰাখে। সুস্থ শৰীৰ আৰু সুন্দৰ ছালৰ বাবে দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত এগিলাচ সতেজ ফলৰ ৰস সেৱন কৰে। দুপৰীয়া ভোক লাগিলে তেওঁ নানান বাদাম খাই ভাল পায়। ৰাতিৰ আহাৰত পাতলীয়া খাদ্য বখায়। ব্ৰাউন ৰাইচ, মচুৰ দাইল, সিজোৱা শাক-পাচলি ৰাতি গ্ৰহণ কৰে। তেওঁৰ খাদ্য তালিকাত সদায় চালাড থাকে।

শ্বুটিঙত যিমানেই ব্যস্ত নহওক কিয়, দক্ষিণৰ তাৰকাগৰাকীয়ে এদিনো ব্যায়াম নকৰাকৈ নাথাকে। জিমলৈ যোৱাৰ উপৰিও নিয়মিতভাৱে চাইকেল চলাই। প্ৰতিদিনে ১ ঘণ্টা সময়ৰ বাবে তেওঁ চাইকেল চলাই।এয়াই আছিল অভিনেতাগৰাকীৰ ডায়েট প্লেন আৰু জীৱনশৈলী।

Indian Railway: বিমানৰ দৰে ৰে’ল পলম হ’লেও লাভ কৰিব বিনামূলীয়া খাদ্য, এই সুবিধা কোন কোন ৰে’লত পাব…

Indian Railway: বিমানৰ দৰে ৰে’ল পলম হ’লেও লাভ কৰিব বিনামূলীয়া খাদ্য, এই সুবিধা কোন কোন ৰে'লত পাব...
Indian Railway

বিমানৰ দৰে এখন ৰে’ল পলম হ’লেও পাব পাৰে বিনামূলীয়া খাদ্য। এই সুবিধা কোনে পাব বা কোন কোন ৰে’লৰ বাবে এই সুবিধা আছে?(Indian Railway)ৰে’লখন বিমানৰ দৰে তিনি ঘণ্টা বা তাতোকৈ অধিক দেৰি হ’লে যাত্ৰীসকলে সেই সুবিধা লাভ কৰিব। ৰে’লৱে তেওঁলোকৰ বাবে খাদ্য আৰু খোৱাপানীৰ ব্যৱস্থা কৰিব।

ধৰি লওক আপুনি বিমানেৰে যাত্ৰা কৰিব। যদি নিৰ্ধাৰিত বিমানখন সময়তকৈ চাৰি ঘণ্টা পিছুৱাই তেতিয়া তেনে পৰিস্থিতিত বিমান মন্ত্ৰালয়ৰ নিয়ম অনুসৰি সকলো যাত্ৰীকে বিনামূলীয়াকৈ খাদ্য দিব লাগিব। কেৱল বিমান যাত্ৰাৰেই সেই নিয়ম নাই। ৰে’লখন দেৰিকৈ চলিলেও যাত্ৰীসকলেও বিনামূলীয়াকৈ খাদ্য লাভ কৰিব পাৰিব। ভাৰতীয় ৰে’লৱেৰো এনে নিয়ম আছে। সকলো ক্ষেত্ৰতে নহ’লেও কিছুমান এক্সপ্ৰেছ ৰে’লত ৰে’লৱেই সেই সুবিধা প্ৰদান কৰিছে। ইয়াৰ বাবে নিৰ্দিষ্ট নিয়ম আছে। কিন্তু যিকোনো ৰেলত যাত্ৰা কৰিলে সেই সুবিধা নাপাব?

ৰে’লখন বিমানৰ দৰে তিনি ঘণ্টা বা তাতোকৈ অধিক দেৰি হ’লে যাত্ৰীসকলে সেই সুবিধা লাভ কৰিব। ৰেলৱেই তেওঁলোকৰ বাবে খাদ্য আৰু খোৱাপানীৰ ব্যৱস্থা কৰিব। ৰেলৱেৰ নিয়ম অনুসৰি ৰে’লখন দেৰিকৈ চলিলেও যাত্ৰীসকলক খাদ্য দিয়া হ’ব। ইয়াৰ বাবে যাত্ৰীসকলে এটকাও খৰচ কৰিব নালাগে। কিন্তু এই সুবিধা সকলো ৰে’ল বা এক্সপ্ৰেছ ৰে’লৰ বাবে প্ৰযোজ্য নহয়। এই সকলোবোৰ সুবিধা ৰাজধানী, শতাব্দী আৰু ডুৰাণ্ট এক্সপ্ৰেছৰ দৰে প্ৰিমিয়াম দীৰ্ঘ দূৰত্বৰ ৰে’লত উপলব্ধ হ’ব। দিনৰ কি সময়ত ৰেলখন দেৰি হৈছে তাৰ ওপৰত ভিত্তি কৰি খাদ্য তালিকাভুক্ত কৰা হ’ব। প্ৰিয় খাদ্যও তাত পোৱা যায়।

Aamir Khan: শীঘ্ৰেই একেখন পৰ্দাত দেখা যাব আমিৰ, ছলমান; শ্বাহৰুখক!

Aamir Khan
Aamir Khan

অতি সোনকালে একেখন পৰ্দাত দেখা যাব আমিৰ খান, ছলমান খান আৰু শ্বাহৰুখ খানক! অনুৰাগী অপেক্ষাৰে ৰৈ আছে। বলীউডৰ ‘মিষ্টাৰ পাৰ্ফেকচনিষ্ট’ৰ ভাষাত “মই, ছলমান আৰু শ্বাহৰুখৰ লগ হৈছিলোঁ ছমাহ মানৰ আগত।” তাৰ পিছত আমি এই বিষয়ে আলোচনা কৰিলোঁ।”(Aamir Khan)

বলীউডৰ তিনিজন খান — শ্বাহৰুখ, ছলমান আৰু আমিৰক একেলগে ছবিত দেখা যাবনে? বহু দিন ধৰি এই প্ৰশ্ন উত্থাপন হৈ আহিছে। শেহতীয়াকৈ এই বিষয়ত তিনিওজনৰ মাজত আলোচনা হৈছিল। আমিৰে এক সাক্ষাৎকাৰত এইদৰে কয়।(Salman Khan)

অভিনেতাজনে কয় যে মইয়ে তিনিওজনে একেলগে অভিনয় কৰাৰ কথাটো উল্লেখ কৰিছিলোঁ। শ্বাহৰুখ আৰু ছলমানক কলোঁ, আমি তিনিওজনে একেলগে এখন চিনেমা নকৰিলে বহুত বেয়া হ’ব। মোৰ কথাত তেওঁলোকে সন্মতি দিলে। আমিৰে লগতে কয় ‘আমি তিনিওজনে একেলগে এখন ছবি নিৰ্মাণ কৰাটো সঁচাকৈয়ে প্ৰয়োজন। আশাকৰোঁ কাৰ্যকৰী হ’ব। কিন্তু ইয়াৰ বাবে এটা ভাল কাহিনীৰ প্ৰয়োজন।(Shah Rukh Khan)ভাল চিত্ৰনাট্যৰ প্ৰয়োজন। আমি তাৰ বাবে অপেক্ষা কৰি আছো।”

আমিৰক শেষবাৰৰ বাবে দেখা গৈছিল ‘লাল সিং চাধা’ত। বৰ্তমান তেওঁ ব্যস্ত ‘সীতাৰে জমিন পাৰ’ ছবিত।

Pushpa 2: মুক্তিৰ চতুৰ্থ দিনতে বিশ্বজুৰি উপাৰ্জন ৮০০ কোটি ‘পুষ্পা ২’ৰ

Pushpa 2
Pushpa 2

আল্লু অৰ্জুন, ৰশ্মিকা মণ্ডন্না আৰু ফাহাধ ফাচিলৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’ এই বছৰৰ অন্যতম বহু প্ৰত্যাশিত ছবি। এই ছবিখনক লৈ অনুৰাগীৰ মাজত ইমানেই উন্মাদনা দেখা গৈছে যে প্ৰথম দিনাৰ পৰাই বক্স অফিচত বিপুল মুনাফা অৰ্জন কৰিছে। মুক্তিৰ প্ৰথম দিনাৰ পৰাই ছবিখনে বক্স অফিচত বহু ছবিৰ অভিলেখ ভংগ কৰাৰ লগতে নতুন অভিলেখ গঢ়িবলৈ আৰম্ভ কৰে। এই ছবিখনে তিনিদিনৰ ভিতৰতে বিশ্বজুৰি নিজৰ বাজেট সম্পূৰ্ণ কৰিলে।(Pushpa 2)

মুক্তিৰ চতুৰ্থ দিনটোত ছবিখনে বিশ্বজুৰি ৮০০ কোটি টকাৰ আকৰ্ষণীয় পৰিসংখ্যা অতিক্ৰম কৰে।(800 core worldwide) ট্ৰেড ৰিপৰ্ট অনুসৰি এসপ্তাহৰ ভিতৰত ছবিখনে ১০০০ কোটি টকা উপাৰ্জন কৰিব পাৰে। বিশেষকৈ হিন্দী ভাষাত। এই ছবিখনে এই বছৰৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হ’ব পাৰে, যিখন ছবিয়ে এসপ্তাহৰ ভিতৰতে ১০০০ কোটি টকাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। আনহাতে ৮ ডিচেম্বৰত ভাৰতত ৮০ কোটিতকৈ অধিক উপাৰ্জন কৰা প্ৰথমখন হিন্দী ছবি হিচাপে পৰিগণিত হয়।(Allu Arjun)

৫ ডিচেম্বৰত ছবিখন ছবিগৃহত মুক্তি লাভ কৰিছিল। তাৰ আগতে ৪ ডিচেম্বৰত হায়দৰাবাদত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল, য’ত ছবিখনে ১০.৬৫ কোটি টকা উপাৰ্জন কৰিছিল। ইয়াৰ পিছত ছবিখনে মুক্তিৰ প্ৰথম দিনাই ১৬৪.২৫, দ্বিতীয় দিনা ৯৩.৮, তৃতীয় দিনা ১১৯.২৫ আৰু চতুৰ্থ দিনা ১৪১.৫ লাভ কৰে, তাৰ পিছত ছবিখনৰ মুঠ উপাৰ্জন ৫২৯.৪৫ কোটি হয়। লগতে ছবিখনে পৃথিৱীত আলোড়নৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত ছবিখনৰ বিশ্বব্যাপী সংগ্ৰহ হৈছে ৮০০ কোটি। এতিয়া ছবিখনে অনাগত দিনত ১০০০ কোটি টকা উপাৰ্জন কৰিব পাৰিব বুলি বিশ্বাস।(Rashmika Mandanna)

Kids Breakfast: শিশুক ব্ৰেকফাষ্টত খুৱাব এই ৫টা স্বাস্থ্যকৰ বস্তু, লাভ কৰিব শক্তি

Kids Breakfast
Kids Breakfast

ব্ৰেকফাষ্ট আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ খাদ্য। আমি ৰাতিপুৱা যিয়েই নাখাওক কিয়, সেই খাদ্যই নিৰ্ধাৰণ কৰিব গোটেই দিনটোৰ বাবে আপুনি কেনেধৰণৰ শক্তি লাভ কৰিব। আনহাতে শিশুক অতি স্বাস্থ্যকৰ খাদ্য খাবলৈ দিয়াটো অতি গুৰুত্বপূৰ্ণ। আপুনি আপোনাৰ সন্তানক স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট আৰু অধিক গুৰুত্বপূৰ্ণ। স্কুললৈ যোৱা শিশুৱে ব্ৰেকফাষ্টত কি কি বস্তু খাব, সেই সন্দৰ্ভত পিতৃ-মাতৃয়ে গুৰুত্ব দিব লাগে। যাতে ঘৰলৈ উভতি অহালৈকে তেওঁলোকে ভাগৰুৱা অনুভৱ নকৰে।(Kids Breakfast)

আমাৰ বহুতেই ওটছ স্বাস্থ্যকৰ ব্ৰেকফাষ্ট হিচাপে গ্ৰহণ কৰে। ৰাতিপুৱা শিশুক খুৱাব পাৰে ওটচ, কাৰণ ওটচত স্বাস্থ্যকৰ চৰ্বি, স্বাস্থ্যকৰ কেলৰি, প্ৰটিন, আঁহ আৰু কাৰ্ব আদি পুষ্টিকৰ উপাদান থাকে, যিয়ে শিশুক গোটেই দিনটোৰ বাবে বহু প্ৰয়োজনীয়তা পূৰণ কৰে।(best healthy breakfast for children)

কণীত প্ৰটিন আৰু আন বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। বইল কণীৰ পৰা আৰম্ভ কৰি ভজা কণীলৈকে শিশুৰ পছন্দ অনুসৰি বিভিন্ন ধৰণে ৰান্ধিব পাৰে। ইয়াৰ ফলত শিশুৰ শৰীৰ শক্তিশালী হ’ব।

আমি সকলোৱে জানো যে দৈ স্বাস্থ্যৰ বাবে কিমান উপকাৰী, যদি আপুনি দৈত জামুক মিহলাই, তেন্তে ই আপোনাৰ শিশুৰ বাবে এক উত্তম ব্ৰেকফাষ্ট।

বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থ বাদামত প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে শিশুক গোটেই দিনটো শক্তি প্ৰদান কৰে। বিভিন্ন বাদাম একেলগে খাব পাৰে, যদিহে তেলত ভজা নহয় আৰু নিমখ দিব নালাগে।

এভোকেডো এবিধ অতি স্বাস্থ্যকৰ ফল য’ত ভাল চৰ্বি আৰু পুষ্টিকৰ উপাদানৰ অভাৱ নাই। এইখিনি খালে শিশুটিৰ পেট দীৰ্ঘ সময়ৰলৈকে ভৰি থাকিব। ইয়াৰ ফলত গোটেই দিনটো শক্তিৰ যোগান ধৰা হ’ব আৰু শিশুৰ একাগ্ৰতাও বৃদ্ধি পাব।

APSC examination:ব্যক্তিগত পুথিভঁৰালত অধ্যয়ন কৰি এপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ চিলাপথাৰৰ মোহন উপাধ্যায়

APSC examination:ব্যক্তিগত পুথিভঁৰালত অধ্যয়ন কৰি এপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ চিলাপথাৰৰ মোহন উপাধ্যায়
APSC examination:ব্যক্তিগত পুথিভঁৰালত অধ্যয়ন কৰি এপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ চিলাপথাৰৰ মোহন উপাধ্যায়

চিলাপথাৰ, ৮ ডিচেম্বৰঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ(APSC examination) সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈছে চিলাপথাৰৰ এগৰাকী অৱসৰী সেনা বাহিনীৰ জোৱান। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰক্ষী সেৱাত ৩৩ সংখ্যক স্থানত উত্তীৰ্ণ হৈছে ধেমাজি জিলাৰ চিলাপথাৰৰ ফুলবাৰী পথাৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰজাপতি উপাধ্যায় আৰু কমলা উপাধ্যায় ৰ পুত্ৰ মোহন উপাধ্যায়।

চিলাপথাৰ ভগৱান চাৰিআলিৰ ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলৰ পৰা মেট্ৰিকত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ ডিব্ৰুগড় চৰকাৰী লৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত চিলাপথাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰে যদিও আধাতে সামৰি ২০০৫ চনত ভাৰতীয় সেনা বাহিনীৰ আৰ্মী এয়াৰ ডীফেন্সত ভৰ্তি হয়।

ভাৰতীয় সেনা বাহিনীত চাকৰি কৰি থকা সময়তে ডিব্ৰুগড় ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত অনাৰ্চ লৈ প্ৰথম বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। মেধাসম্পন্ন মোহন উপাধ্যায়য়ে ২০২১ চনত ভাৰতীয় সেনা বাহিনীৰ এয়াৰ ডিফেন্সৰ নায়ক পদৰ পৰা স্বেচ্ছা অৱসৰ গ্ৰহণ কৰে।

মোহন উপাধ্যায়য়ে অৱসৰ লোৱাৰ পাছত প্ৰথম অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ ষ্টাফ্ চেলেকচন কমিচন পৰীক্ষাৰ বাবে অধ্যয়ন কৰিছিল যদিও পাছত অসম লোকসেৱা পৰীক্ষালৈ মন মেলিলে।

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ মূলতে কেন্দ্ৰীয় চৰকাৰৰ ষ্টাফ্ চেলেকচন কমিচন পৰীক্ষাৰ বাবে অধ্যয়ন কৰা অভিজ্ঞতাই যথেষ্ট সহায় কৰাৰ উপৰিও এইক্ষেত্ৰত গুৱাহাটীৰ এখন ব্যক্তিগত পুথিভঁৰালত তিনিমাহ একেৰাহে অধ্যয়ন কৰিছিল।

ইয়াৰোপৰি নামভৰ্তি নকৰাকৈ গুৱাহাটীৰ এছ পি এম আৰু স্মাৰ্ট আই এ এছ নামৰ শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষকৰ পৰা বহুখিনি জ্ঞান আয়ত্ত কৰা কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে মোহন উপাধ্যায়ৰ পিতৃ প্ৰজাপতি উপাধ্যায়য়ে চিলাপথাৰ ঘগৰা অঞ্চলত ২ নং ফুলবাৰী সীমান্ত এখন এম ই স্কুলৰ প্ৰতিষ্ঠাপক হিচাপে ২৪ বছৰ ধৰি বিনা বেতনে শিক্ষাদান কৰাৰ পাছত মাত্ৰ পাঁছবছৰহে চৰকাৰী দৰমহা লাভ কৰি ২০১৯ চনৰ জুলাই মাহত অৱসৰ গ্ৰহণ কৰে।

মোহন উপাধ্যায়ৰ সফলতাত তেওঁৰ বাসগৃহত উপস্থিত হৈ গোৰ্খা ছাত্র সন্থাৰ ধেমাজি জিলা সমিতি, চিলাপথাৰ আৰু মালিনীপুৰ আঞ্চলিক সমিতিয়ে উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় লগতে ধেমাজি জিলাৰ লগতে চিলাপথাৰ অঞ্চললৈ সুনাম কঢ়িয়াই অনাত সকলোৱে শুভেচ্ছা জ্ঞাপন কৰে।