Home Blog Page 457

Kinnar:গোগামুখত কিন্নৰ বনাম কিন্নৰ

Kinnar:গোগামুখত কিন্নৰ বনাম কিন্নৰ
Kinnar:গোগামুখত কিন্নৰ বনাম কিন্নৰ

গোগামুখ, ৮ ডিচেম্বৰঃ কিন্নৰ বনাম কিন্নৰৰ(Kinnar) মাজৰ মাৰপিট তথা কাজিয়াই গোগামুখত(Gogamukh) তুমুল আলেড়নৰ সৃষ্টি কৰিছে৷

ঘটনাৰ বিৱৰণি মতে ধেমাজি জিলাৰ ভিন্ন ৰে’ল ষ্টেচনত ধেমাজি জিলাৰ চিলপথাৰৰ অনন্ত টায়ে আৰু জোনাই মুৰ্কংচেলেকৰ নয়ন পেগু সহিতে বহুকেইজন ভুবা কিন্নৰে নিজকে  কিন্নৰ বুলি  পৰিচয় দি বহু মানুহৰ পৰা ধন দাবী কৰি আহিছিল৷

উক্ত সমস্ত তথ্য লখিমপুৰ আৰু ধেমাজি জিলাৰ চৰকাৰী প্ৰমাণপত্ৰ থকা কিন্নৰসকলে সংগ্ৰহ কৰি আছিল৷

তথ্য সংগ্ৰহৰ সমান্তৰালভাৱে ভুৱা কিন্নৰ অনন্ত টায়ে আৰু নয়ন পেগুৰ লগতে দুয়োকে সংগ দিয়া ভুৱা কিন্নৰসকলক তেনে কামৰ বিৰত থাকিবলৈ সকীয়াই দি আহিছিল চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলে৷ কিন্তু ভুৱা কিন্নৰসকলে স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলকহে মাৰধৰ কৰিব বুলি ওলোটাকৈ  ভাবুকি দি আহিছিল আৰু ভুৱা কিন্নৰ সংখ্যা বৃদ্ধি কৰি ভুৱা কিন্নৰসকলে এটা গেং অৱ তৈয়াৰ কৰিছিল৷

যিটোৰভাৱে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলে খঙত অগ্নিশৰ্মা হৈ পৰিছিল৷ আজি পুৱা পুনৰ ভুৱা কিন্নৰ অনন্ত টায়ে আৰু নয়ন পেগুৱে জোনাইৰ পৰা গোগামুখলৈ অহা ৰে’লত উঠি যাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল৷ এই কথা জানিব পাৰি স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলে গোগামুখ ৰে’ল ষ্টেচনত পুৱাৰ পৰাই খাপ পিটি আছিল ভুৱা কিন্নৰ অনন্ত টায়ে আৰু নয়ন পেগুক ধৰিবলৈ৷

দীৰ্ঘ সময় প্ৰতীক্ষাৰ অন্তত দুয়োগৰাকী ভুৱা কিন্নৰক স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলে হাতে-লোটে ধৰে আৰু প্ৰচণ্ড মাৰপিট কৰে৷ কেৱল মাৰপিটতে সীমাবদ্ধ নাথাকি দুয়োগৰাকী ভুৱা কিন্নৰ অনন্ত আৰু নয়নক ৰে’ল ষ্টেচনতে  চুলি খুৰাই অপমান কৰে৷ পিছত দুয়োগৰাকী ভুৱা কিন্নৰকে গোগামুখ আৰক্ষী থানাত চমজাই দিয়ে৷

গোগামুখ আৰক্ষী থানাত স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলে ভুৱা কিন্নৰ অনন্ত টায়ে আৰু নয়ন পেগুক হাফ পেন্ট আৰু টি চাৰ্ট পিন্ধাই দি পুনৰ নিজৰ পুৰুষ জীৱনলৈ উভতি যাবলৈ আশীৰ্বাদ দিয়ে৷ ঘটনাটোৱে গোগামুখত তুমুল আলোড়নৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱেভাৱে বহুতৰ মাজত হাঁহিৰ খুৰাকো যোগাইছে৷

Vitamins for women: ২৫ বছৰ বয়সৰ পিছত মহিলাসকলে কি কি ভিটামিন গ্ৰহণ কৰিব? কি কি খাদ্যৰ পৰা পাব এইসমূহ ভিটামিন

Vitamins for women
Vitamins for women

শৰীৰক সুস্থ কৰি ৰাখিবলৈ মুঠ ১৩টা ভিটামিনৰ প্ৰয়োজন। প্ৰতিটো ভিটামিনৰ কাম বেলেগ বেলেগ। শৰীৰত ভিটামিনৰ অভাৱত ভাগৰুৱা, দুৰ্বলতা, মূৰ ঘূৰোৱা, অস্থিৰতা আদি সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ মহিলাৰ বয়স ২৫ বছৰৰ ওপৰত হ’লে কিছুমান ভিটামিন নিয়মিতভাৱে সেৱন কৰা উচিত। কিন্তু বৰ্তমানৰ খাদ্যাভ্যাসত কেৱল ভিটামিনৰ অভাৱ নহয়, শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ পদাৰ্থৰ অভাৱ। সেইবাবেই মাল্টিভিটামিন টেবলেট বা বিভিন্ন পৰিপূৰক সেৱনৰ অভ্যাস বাঢ়িছে। কিন্তু চিকিৎসকৰ মতে দৈনিক খাদ্যাভ্যাস এনেকুৱা হ’ব লাগে যাতে ভিটামিনৰ প্ৰয়োজনীয়তা তাৰ পৰাই পূৰণ হয়।(Vitamins for women)

মহিলাৰ শৰীৰত কি কি ভিটামিন অতি প্ৰয়োজনীয়-

ভিটামিন বি ১২-এই ভিটামিনৰ অভাৱত হতাশাৰ সৃষ্টি হ’ব পাৰে। এই ভিটামিনৰ অভাৱত শৰীৰৰ বিভিন্ন অংশত প্ৰভাৱ পৰে। ছালখন ম্লান হ’বলৈ আৰম্ভ কৰে। নিৰামিষ খাদ্যত এই ভিটামিন অলপ কম থাকে। কণী, কাঠফুলা, বিভিন্ন ধৰণৰ মাংস আৰু সাগৰীয় খাদ্য আদিত ভিটামিন বি ১২ৰ প্ৰচুৰ পৰিমৈাণে থাকে। ইয়াৰ উপৰিও গাখীৰ, দৈ, চজিনাতো ভিটামিন বি ১২ থাকে।

ভিটামিন চি

নিয়মিতভাৱে ভিটামিন চি খালে ছালৰ বলিৰেখা আঁতৰ হয়, উজ্জ্বলতা বৃদ্ধি পায়। মগজুৰ কাৰ্য্যক্ষমতা উন্নত কৰাত ভিটামিন চিয়েও ভূমিকা পালন কৰে। ভিটামিন চিয়ে মানসিক স্বাস্থ্য ভাল কৰি ৰাখে। নেমুৰ উপৰিও আমলখি, অমিতা, ব্ৰকলি, ষ্ট্ৰবেৰী, ফুলকবি, কবি, বিলাহী, পালেং শাকত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। যদি আপুনি আপোনাৰ দৈনিক খাদ্য তালিকাত সতেজ শাক-পাচলি আৰু ফল-মূল ৰাখে তেন্তে আপোনাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি লাভ কৰিব।


ভিটামিন কে

হাড় ভাঙি যোৱা বা হাড়ৰ ঘনত্ব কম হোৱাৰ আঁৰতো ভিটামিন কেৰ অভাৱ। কাৰণ ভিটামিন কেয়ে হাড় মজবুত কৰাত সহায় কৰে। শৰীৰত ভিটামিন কেৰ পৰিমাণ কম হ’লে গাঁঠিৰ বিষ হ’ব পাৰে। বিশেষকৈ মহিলাসকলে এই ভিটামিন গ্ৰহণ কৰাটো প্ৰয়োজন, কিয়নো ইয়াৰ অভাৱত অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি পায়। ব্ৰকলি, পালেং, বন্ধাকবি ভিটামিন কেৰ ভাল উৎস। দুগ্ধজাত খাদ্য আৰু কণী খালে এই ভিটামিনৰ অভাৱ দূৰ কৰা সম্ভৱ। কুকুৰা আৰু সৰিয়হতো প্ৰচুৰ পৰিমাণে ভিটামিন কে থাকে।

ভিটামিন ই

হাড়ৰ যত্ন লয়, বন্ধ্যাত্বৰ সমস্যা ৰোধ কৰে, বয়স বৃদ্ধিৰ সমস্যাও প্ৰতিৰোধ কৰিব পাৰে ভিটামিন ই। বহুতে ছাল আৰু চুলিৰ যত্নৰ বাবে ভিটামিন ই কেপচুল ব্যৱহাৰ কৰে বুলি চিকিৎসকে কয় যে দৈনিক খাদ্যৰ পৰা ভিটামিন ইৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি। যেনে কচু, এভোকেডো, কাজু, বাদামত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে।

ভিটামিন ডি

হাড় মজবুত কৰা আৰু পেশী বজাই ৰখাৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়। কেৱল হাড় শক্তিশালী কৰাই নহয়, অষ্টিঅ’পৰ’ছিছৰ দৰে হাড়ৰ লগত জড়িত ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে। ইয়াৰ বাহিৰেও ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ভিটামিন ডি অতি গুৰুত্বপূৰ্ণ। কণীৰ কুহুমত ভিটামিন ডি থাকে। কিন্তু কণীৰ কুহুমত ভিটামিন ডিৰ মাত্ৰা বেছি। গাখীৰ আৰু যিকোনো দুগ্ধজাত খাদ্য ভিটামিন ডিৰ উত্তম উৎস। মাংস, মাছৰ কণীত ভিটামিন ডি থাকে।

Sweet Potato: স্বাস্থ্যৰ বাবে মিঠা আলু অতি উপকাৰী, কিন্তু এইসকল লোকে নাখাব মিঠা আলু

Sweet Potato
Sweet Potato

স্বাস্থ্যৰ বাবে মিঠা আলু অতি উপকাৰী, কিন্তু যদি আপুনি কিছু ৰোগৰ সন্মুখীন হৈছে, তেন্তে মিঠা আলু খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।(Sweet Potato)

মিঠা আলু অতি পুষ্টিকৰ আৰু সোৱাদযুক্ত খাদ্য। আলুত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল আৰু ফাইবাৰ থাকে, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। মিঠা আলুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, হজম শক্তি উন্নত কৰে, লগতে ছালৰ বাবেও উপকাৰী।

অৱশ্যে মিঠা আলুৱে সকলোৰে বাবে উপকাৰী নহয়। কিছুমান মানুহৰ মিঠা আলু খালে স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।

মিঠা আলুত অধিক পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, যাৰ বাবে মিঠা আলু খালে তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। যদিও মিঠা আলুৰ গ্লাইচেমিক ইনডেক্স (GI) স্বাভাৱিক আলুতকৈ কম, তথাপিও ডায়েবেটিছ ৰোগীয়ে সীমিত পৰিমাণত খাব লাগে।

Sweet Potato
Sweet Potato

মিঠা আলুত অধিক পৰিমাণে অক্সালেট থাকে, যাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। বৃক্কৰ সমস্যা থকা লোকে মিঠা আলু পৰিহাৰ কৰিব লাগে কাৰণ তেওঁলোকৰ বৃক্কে পটাছিয়াম সঠিকভাৱে আঁতৰাব নোৱাৰে।

মিঠা আলুত অধিক পৰিমাণৰ আঁহ থাকে, যিয়ে পাচন শক্তি উন্নত কৰাত সহায় কৰে। কিন্তু যদি কোনো ব্যক্তিৰ পেটৰ ইতিমধ্যে গেছ, পেট ফুলা, বা বদহজমৰ দৰে সমস্যা আছে, তেন্তে অত্যধিক মিঠা আলু সেৱনে পেটৰ সমস্যা আৰু বেয়া কৰি তুলিব পাৰে।

মিঠা আলুত পুষ্টিকৰ উপাদান প্ৰচুৰ হ’লেও ইয়াত কেলৰিৰ পৰিমাণ অতি বেছি। এনে পৰিস্থিতিত যদি আপুনি ওজন কমাবলৈ চেষ্টা কৰিছে তেন্তে মিঠা আলুৰ অত্যধিক সেৱনে আপোনাৰ ওজন হ্ৰাস প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব পাৰে।

Aishwarya Rai Abhishek Bachchan: বিচ্ছেদ হোৱা নাই ঐশ্বৰ্য-অভিষেকৰ! বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে দুয়োকে দেখা গ’ল একেলগে

Aishwarya Rai Abhishek Bachchan
Aishwarya Rai Abhishek Bachchan

বলীউডৰ অন্যতম বিখ্যাত দম্পতী অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ সম্পৰ্ক আৰু বিবাহ বিচ্ছেদৰ বাতৰিয়ে দীৰ্ঘদিন ধৰি শিৰোনাম দখল কৰি আহিছে। দুয়োকে প্ৰায়ে যিকোনো দল বা অনুষ্ঠানত অকলে দেখা যায়, যাৰ বাবে তেওঁলোকৰ বিচ্ছেদ সম্পৰ্কে জল্পনা-কল্পনা বিয়পি পৰিছিল। ইফালে ছ’চিয়েল মিডিয়াত কিছুমান ফটো ভাইৰেল হৈ পৰিছে। বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনাৰ মাজত দুয়োকে একেলগে দেখা গৈছে।(Aishwarya Rai Abhishek Bachchan)

স্বামী-স্ত্ৰী দুয়োৰে ফটো দেখি অনুৰাগীসকলেও সকাহৰ হুমুনিয়াহ কাঢ়িছে। লগতে দুয়োকে সুখেৰে একেলগে থাকিবলৈ কমেণ্টৰ জৰিয়তে পৰামৰ্শ দিয়ে। কেৱল এয়াই নহয় অনু ৰঞ্জনে নিজৰ ইনষ্টাগ্ৰামত এই ছবিসমূহ শ্বেয়াৰ কৰিছে, য’ত ঐশ্বৰ্য আৰু অভিষেকক তেওঁলোকৰ মাতৃ বৃন্দা ৰায়ৰ সৈতে দেখা গৈছে। এই দম্পতীয়ে বৃহস্পতিবাৰে নিশা অনুষ্ঠিত এক অনুষ্ঠানত আয়েশা জুলকা, অনু ৰঞ্জন আদিৰ সৈতে ফটো তোলা দেখা গৈছিল। এই ছবিবোৰ দেখাৰ পিছত অনুৰাগীৰ সুখৰ সীমা নাই।

দুয়োৰে ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আনহাতে যেতিয়া তেওঁলোকৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰি ইণ্টাৰনেটত বিয়পি পৰিছিল তেতিয়া অনুৰাগীৰ মন হতাশাৰে ভৰি পৰিছিল। চলচ্চিত্ৰ প্ৰযোজক অনু ৰঞ্জনে শ্বেয়াৰ কৰা ছবিখনত তেওঁ, ঐশ্বৰ্য, অভিষেক আৰু ঐশ্বৰ্য ৰায়ৰ মাতৃ বৃন্দা ৰায়ক চেলফি লোৱা দেখা গৈছে।

Thyroid : এই ৫ টা স্বাস্থ্যকৰ খাদ্য থাইৰয়ড ৰোগীৰ বাবে বেয়া!

Thyroid 
Thyroid 

থাইৰয়ড এনে এক বেমাৰ, যিটো বেমাৰক চিকিৎসা কৰিও আৰোগ্য কৰিব নোৱাৰি। জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ সহায়তহে এই ৰোগক নিয়ন্ত্ৰণত ৰাখিব পাৰি।(Thyroid)কিন্তু কিছুমান স্বাস্থ্যকৰ খাদ্য আছে যিবোৰ খালে থাইৰয়ডৰ সমস্যা গুৰুতৰ কৰি তুলিব পাৰে-


বাদামৰ ঘিউত গ’ইট্ৰ’জেনৰ উপস্থিতিৰ বাবে ই হাইপ’থাইৰয়ডিজমৰ অৱস্থা আৰু বেয়া কৰি তুলিব পাৰে। গতিকে হাইপোথাইৰয়ডিজম ৰোগীয়ে ইয়াক খোৱাৰ পৰা বিৰত থাকিব লাগে।(Worst Food For Thyroid)

আলমণ্ডত চেলেনিয়াম আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে থাকে – এই দুয়োটা থাইৰয়ডৰ কাৰ্য্যৰ বাবে অতি উত্তম। কিন্তু ই গ’ইট্ৰ’জেনিক হোৱাৰ বাবে ইয়াক অতিৰিক্তভাৱে খালে থাইৰয়ড বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত থাইৰয়ড গ্ৰন্থিৰ আয়’ডিন শোষণ ক্ষমতা হ্ৰাস পায়। এনে পৰিস্থিতিত হাইপোথাইৰয়ডিজম ৰোগীয়ে প্ৰতিদিনে মাত্ৰ ৩-৫ টা তিয়াই থোৱা আলমণ্ড খাব পাৰে।(4 healthy foods are bad for thyroid patients)

সৰিয়হ থকা খাদ্যই শৰীৰৰ থাইৰয়ড সঠিকভাৱে শোষণ কৰাৰ ক্ষমতাত পৰিৱৰ্তন আৰু প্ৰভাৱ পেলাব পাৰে। সৰিয়হত গ’ইট্ৰ’জেন থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিৰ বিষৰ সৃষ্টি কৰে, সেয়েহে সৰিয়হৰ সামগ্ৰী পৰিহাৰ কৰিব লাগে।

অটোইম্যুন হাইপ’থাইৰয়ডিজমৰ ক্ষেত্ৰত ঘেঁহু কমকৈ খোৱাৰ পৰামৰ্শ দিয়া হয়। গৱেষণাৰ পৰা দেখা গৈছে যে গ্লুটেন মুক্ত খাদ্য গ্ৰহণ কৰা লোকৰ ব্লাডত থাইৰয়ড গ্ৰন্থি আক্ৰমণ কৰা এন্টিব’ডিৰ ঘনত্ব কম।

Fridge: ভুলতেও এই ৫টা বস্তু ফ্ৰীজৰ ওপৰত নাৰাখিব! ঘৰৰ পৰা সুখ আৰু সমৃদ্ধি আঁতৰিব

Fridge
Fridge

আমি প্ৰায় ভাগ বস্তু ফ্ৰীজত ৰাখোঁ, কিন্তু সকলো বস্তু ফ্ৰীজত ৰখাটো বাস্তুৰ নিয়মত নপৰে। কোৱা হয় যে এনে কৰিলে ঘৰৰ সমৃদ্ধি ক্ৰমান্বয়ে ম্লান পৰে।(Fridge)

বহুতে ভুলতে সোণ, ৰূপ বা টকা আৰু গহনা ফ্ৰীজৰ ওপৰত ৰাখে। তেনে কৰিলে বাস্তু নিয়মক অমান্য কৰা হয়। যাৰ বাবে পৰিয়ালটোৱে আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়। সেয়েহে এনে কাম এৰাই চলিব লাগে।(Vastu Tips)

ঘৰৰ ভিতৰৰ খন ধুনীয়া কৰিবলৈ বহুতে মাছৰ একুৰিয়াম কিনে। কিছুমানে সেই একুৰিয়ামটো ফ্ৰীজৰ ওপৰত ৰাখে। বাস্তু বিশেষজ্ঞৰ মতে, এনে কৰিলে একুৰিয়ামত উপস্থিত থকা মাছবোৰ অসুস্থ হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত মাছৰ মৃত্যু হ’ব পাৰে। ইয়াৰ বাবে সমগ্ৰ পৰিয়ালে দোষ বহন কৰিবলগীয়া হ’ব পাৰে।

ভুলতে হ’লেও বাঁহৰ গছৰ টাব ফ্ৰীজৰ ওপৰত ৰাখিব নালাগে। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। ফ্ৰীজৰ ওপৰত ৰাখিলে ঘৰখনত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

আমি প্ৰায়ে য’তেই মন যায় তাতেই ঔষধ ৰাখোঁ। এইবোৰৰ ভিতৰত ফ্ৰীজও অন্তৰ্ভুক্ত। এয়া সঠিক অভ্যাস নহয়। আচলতে ফ্ৰীজৰ পৰা নিৰ্গত হোৱা তাপে ঔষধৰ প্ৰভাৱ নষ্ট কৰে, গতিকে ঔষধবোৰ সদায় শুকান আৰু ঠাণ্ডা ঠাইত ৰাখিব।

বহুতে নিজৰ ফ্ৰীজটো শ্ব’কেছ হিচাপে ব্যৱহাৰ কৰি ভাল পায়। তেওঁলোকে নিজৰ বঁটা-ট্ৰফী ফ্ৰীজৰ ওপৰত ৰাখে, এনে অভ্যাসে পৰিয়ালটোক শাস্তি দিয়ে। ইয়াৰ ফলত পৰিয়ালটো পইচাৰ অসুবিধা হ’ব পাৰে।

Peanuts: ডায়েবেটিছ ৰোগীয়ে বাদাম খাব পাৰে নে? যদি আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে চিন্তিত তেন্তে পঢ়ক

Peanuts
Peanuts

ডায়েবেটিছ ৰোগীয়ে সদায় কি খাব আৰু কি নাখাব সেই সন্দৰ্ভত সঠিকে ক’ব নোৱাৰি। কাৰণ খোৱা-বোৱাত তেওঁলোকৰ সামান্য ভুলেও হঠাতে তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ডায়েবেটিছত বৃক্কৰ ৰোগ, হৃদৰোগ আৰু চকুৰ দৃষ্টিশক্তি দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে। এই জটিল ৰোগৰ সময়ত তেওঁলোকে বাদাম খাব পাৰে নে নোৱাৰে সেই বিষয়ে কিছু লোকে জানিব বিচাৰে, গতিকে জানি লওক ডায়েবেটিছ ৰোগীয়ে বাদাম খাব পাৰেনে?(Peanuts)

অতি পুষ্টিকৰ খাদ্যৰ তালিকাত বাদাম অন্তৰ্ভুক্ত, বাদাম খালে শৰীৰে প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন বি ৬, ভিটামিন বি ৯, ভিটামিন-বি কমপ্লেক্স, পেণ্টোথেনিক এচিড আৰু এন্টিঅক্সিডেন্ট লাভ কৰে।(type 2 diabetes)

ৰাতিপুৱা বাদাম খালে তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। ইয়াৰ উপৰিও বাদামৰ ঘিউত মেগনেছিয়াম পোৱা যায় যিটো ডায়েবেটিছত উপকাৰী। ইয়াৰ লগতে বাদাম খোৱাৰ আন বহুতো উপকাৰো আছে যিবিলাক ডায়েবেটিছ ৰোগীৰ বাবে গুৰুত্বপূৰ্ণ।(blood sugar)

বাদাম খোৱাৰ আন আন উপকাৰিতা-

১/ কলেষ্টেৰল কমিব
বাদাম খালে আমাৰ শিৰাত জমা হোৱা বেয়া কলেষ্টেৰল হ্ৰাস পাই। যিহেতু ডায়েবেটিছ ৰোগীৰ হৃদৰোগৰ আশংকা বেছি, সেয়েহে তেওঁলোকে বাদাম খাব লাগে।

২) শৰীৰে স্বাস্থ্যকৰ চৰ্বি লাভ কৰিব
বাদামক ‘দুখীয়া মানুহৰ আলমণ্ড’ বুলিও কোৱা হয়। বাদাম আমাৰ বাবে স্বাস্থ্যকৰ চৰ্বিৰ সমৃদ্ধ উৎস, বাদাম খালে শৰীৰত ভাল কলেষ্টেৰল উৎপন্ন হয় যিয়ে সুস্থ কোষ গঠনত সহায় কৰে।

৩/ ওজন কমিব (Weight Loss)
ডায়েবেটিছ ৰোগীৰ বাবে মেদবহুলতা এটা সমস্যা, এনে পৰিস্থিতিত যদি তেওঁলোকে বাদাম খায় তেন্তে তেওঁলোকৰ পেট ভৰি থকা যেন লাগিব আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব।

Maharastra: মহাৰাষ্ট্ৰত নতুন মন্ত্ৰীসভাৰ দায়িত্বকলৈ গৃহ মন্ত্ৰণালয়ৰ আলোচনা

Maharastra: নতুন মন্ত্ৰীসভাৰ দায়িত্বকলৈ গৃহ মন্ত্ৰণালয়ৰ আলোচনা
Maharastra: নতুন মন্ত্ৰীসভাৰ দায়িত্বকলৈ গৃহ মন্ত্ৰণালয়ৰ আলোচনা

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপি, শিৱসেনা আৰু এনচিপিৰে গঠিত মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰে। নিৰ্বাচনত লাভ কৰা বৃহৎ সংখ্যাগৰিষ্ঠতাই মিত্ৰজোঁটৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। মহাৰাষ্ট্ৰত দেৱেন্দ্ৰ ফাডনাভিছে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত একনাথ শিণ্ডে আৰু অজিত পাৱাৰে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত বিভাগ বিভাজন সন্দৰ্ভত আলোচনা চলি আছে। সূত্ৰ অনুসৰি দেওবাৰৰ ভিতৰত মন্ত্ৰী পৰিষদৰ স্থিতি স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পিছত ১১ আৰু ১২ ডিচেম্বৰৰ ভিতৰত ফাডনাভিছৰ নেতৃত্বত মন্ত্ৰীসভাই ঠাই ল’ব।

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপি, শিৱসেনা আৰু এনচিপিৰে গঠিত মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। আভ্যন্তৰীণ হেঁচা আৰু হুলস্থুলৰ মাজতে ১২ দিনৰ পাছত ৫ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। শপত গ্ৰহণৰ পিছত এতিয়া নতুন মন্ত্ৰীসভা গঠনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কাৰণ শিৱসেনাৰ নেতা উদয় সমান্ত আৰু সঞ্জয় শিৰসাতে গৃহ মন্ত্ৰণালয় শিৱসেনাক দিবলৈ মুকলিকৈ দাবী জনাইছে। এই দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ শিণ্ডেও গ্ৰহণ কৰিছে। কাৰণ ফাডনাভিছ যেতিয়া উপ মুখ্যমন্ত্ৰী আছিল তেতিয়া শিণ্ডে তেওঁক গৃহ মন্ত্ৰণালয় দিছিল।

বিজেপি আৰু এনচিপিৰ সূত্ৰই জনোৱা মতে, তিনিটা দলৰ নেতাসকলে মন্ত্ৰীসভা গঠন আৰু বিভাগ আবণ্টন সন্দৰ্ভত আভ্যন্তৰীণ বৈঠক অনুষ্ঠিত কৰি আছে। কোৱা হৈছে যে নিৰ্বাচনত লাভ কৰা বৃহৎ সংখ্যাগৰিষ্ঠতাই মহাযুতি মিত্ৰজোঁটৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। কাৰণ প্ৰতিটো দলে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে।

শেহতীয়াকৈ ৰাজ্যখনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ২৮৮খন বিধানসভাৰ আসনৰ ভিতৰত ২৩০খন আসনত জয়লাভ কৰে। ইয়াত অকল বিজেপিয়ে ১৩২ খন আসন লাভ কৰে। পূৰ্বে কোৱা হৈছিল যে মুখ্যমন্ত্ৰীৰ লগতে কেবিনেটত ২১-২২টা মন্ত্ৰী পদ থাকিব। আনহাতে শিৱসেনাই ১১ৰ পৰা ১২টা বিভাগ আৰু অজিত পাৱাৰৰ এন চি পিয়ে ৯ৰ পৰা ১০টা বিভাগৰ দাবী জনাইছে। ইয়াৰ বাবে মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীৰ লগতে সৰ্বাধিক ৪৩ জন মন্ত্ৰী থাকিব পাৰে।

অহা ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে ১৫ সংখ্যক মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন। ইয়াত নৱনিৰ্বাচিত সদস্যসকলক প্ৰটেমৰ অধ্যক্ষ কালিদাস কোলাম্বকাৰে শপত গ্ৰহণ কৰে। অহা ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব অধ্যক্ষৰ নিৰ্বাচন। যিহেতু ১৬ ডিচেম্বৰৰ পৰা নাগপুৰত বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হ’ব।

International: কাক কিয় ক্ষমা বিচাৰিলে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে কাক কিয় ক্ষমা বিচাৰিলে চলিত সপ্তাহৰ আৰম্ভণিতে সামৰিক আইন ঘোষণা কৰাৰ বাবে ক্ষমা বিচাৰিছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়লে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ইউন চুক ইয়েলে যোৱা মঙলবাৰে (৩ ডিচেম্বৰ) দেশত হঠাতে সামৰিক আইন ঘোষণা কৰিছিল। কিন্তু তাত থকা সংসদে ঘণ্টাৰ ভিতৰতে ইয়াৰ বিৰুদ্ধে ভোটদান কৰাৰ বাবে তেওঁ সামৰিক আইন বাতিল কৰিবলৈ বাধ্য হয়। ইওলে ক্ষমা খুজি আগলৈ এনে কাম নকৰে বুলি কয়।টেলিভিছনত দিয়া ভাষণত ইউনে কয় যে, “মই বহুত দুখ পাইছো।” যিসকলে ক্ষুন্ন হৈছে তেওঁলোকৰ ওচৰত মই আন্তৰিক ক্ষমা বিচাৰিছো। মঙলবাৰে নিশা সামৰিক আইন ঘোষণা কৰাৰ পিছত সম্ভাৱ্য অভিযোগনামাৰ সন্মুখীন হ’বলগীয়া হৈছে তেওঁ। ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ শাসকীয় পিপল পাৱাৰ পাৰ্টিৰ নেতাগৰাকীয়ে সাংবাদিকৰ আগত কয় যে য়েওলৰ বাবে স্বাভাৱিক কৰ্তব্য অব্যাহত ৰখাটো অসম্ভৱ হৈ পৰিছে। হান ডং-হুনে কয় যে তেওঁৰ আগতীয়া পদত্যাগ অনিবাৰ্য। দক্ষিণ কোৰিয়াৰ শাসকীয় দলৰ মুৰব্বীগৰাকীয়ে সকীয়াই দিয়ে যে যদিহে দেশখনৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়েল ক্ষমতাত থাকে তেন্তে দক্ষিণ কোৰিয়াৰ লোকসকল ডাঙৰ বিপদত পৰিব পাৰে সেয়েহে তেওঁ ৰাষ্ট্ৰপতিগৰাকীৰ কৰ্তব্য শীঘ্ৰে স্থগিত ৰখাৰ আহ্বান জনায়। টেলিভিছনৰ চমু ভাষণত য়েওলে কয় যে মই গভীৰভাৱে দুখী আৰু যিসকল স্তম্ভিত হৈছিল তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো।অৱশ্যে তেওঁ ভাষণত পদত্যাগ বা অভিযোগনামা সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। য়েওলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ প্ৰস্তাৱত ভোটদানৰ বাবে হেঁচা প্ৰয়োগ কৰিছে বিৰোধীয়ে। অৰ্থাৎ ৩০০ জনীয়া সংসদত ২০০ ভোট ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত বিৰোধী মিত্ৰজোঁটৰ ১৯২ গৰাকী সাংসদে অভিযোগনামা দাখিল কৰিছে। বিৰোধী দলপতি লি জে-মিউঙে ৰাষ্ট্ৰপতি ইয়েলৰ এই মন্তব্যত হতাশ হোৱা বুলি কয়। জনসাধাৰণৰ ক্ষোভ আৰু প্ৰতাৰণাবোধক ইন্ধন যোগাইছে।
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে কাক কিয় ক্ষমা বিচাৰিলে

চলিত সপ্তাহৰ আৰম্ভণিতে সামৰিক আইন ঘোষণা কৰাৰ বাবে ক্ষমা বিচাৰিছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়লে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ইউন চুক ইয়েলে যোৱা মঙলবাৰে (৩ ডিচেম্বৰ) দেশত হঠাতে সামৰিক আইন ঘোষণা কৰিছিল। কিন্তু তাত থকা সংসদে ঘণ্টাৰ ভিতৰতে ইয়াৰ বিৰুদ্ধে ভোটদান কৰাৰ বাবে তেওঁ সামৰিক আইন বাতিল কৰিবলৈ বাধ্য হয়। ইওলে ক্ষমা খুজি আগলৈ এনে কাম নকৰে বুলি কয়।টেলিভিছনত দিয়া ভাষণত ইউনে কয় যে, “মই বহুত দুখ পাইছো।” যিসকলে ক্ষুন্ন হৈছে তেওঁলোকৰ ওচৰত মই আন্তৰিক ক্ষমা বিচাৰিছো। মঙলবাৰে নিশা সামৰিক আইন ঘোষণা কৰাৰ পিছত সম্ভাৱ্য অভিযোগনামাৰ সন্মুখীন হ’বলগীয়া হৈছে তেওঁ।
ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ শাসকীয় পিপল পাৱাৰ পাৰ্টিৰ নেতাগৰাকীয়ে সাংবাদিকৰ আগত কয় যে য়েওলৰ বাবে স্বাভাৱিক কৰ্তব্য অব্যাহত ৰখাটো অসম্ভৱ হৈ পৰিছে।

হান ডং-হুনে কয় যে তেওঁৰ আগতীয়া পদত্যাগ অনিবাৰ্য।
দক্ষিণ কোৰিয়াৰ শাসকীয় দলৰ মুৰব্বীগৰাকীয়ে সকীয়াই দিয়ে যে যদিহে দেশখনৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়েল ক্ষমতাত থাকে তেন্তে দক্ষিণ কোৰিয়াৰ লোকসকল ডাঙৰ বিপদত পৰিব পাৰে সেয়েহে তেওঁ ৰাষ্ট্ৰপতিগৰাকীৰ কৰ্তব্য শীঘ্ৰে স্থগিত ৰখাৰ আহ্বান জনায়।

টেলিভিছনৰ চমু ভাষণত য়েওলে কয় যে মই গভীৰভাৱে দুখী আৰু যিসকল স্তম্ভিত হৈছিল তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো।অৱশ্যে তেওঁ ভাষণত পদত্যাগ বা অভিযোগনামা সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।
য়েওলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ প্ৰস্তাৱত ভোটদানৰ বাবে হেঁচা প্ৰয়োগ কৰিছে বিৰোধীয়ে। অৰ্থাৎ ৩০০ জনীয়া সংসদত ২০০ ভোট ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত বিৰোধী মিত্ৰজোঁটৰ ১৯২ গৰাকী সাংসদে অভিযোগনামা দাখিল কৰিছে। বিৰোধী দলপতি লি জে-মিউঙে ৰাষ্ট্ৰপতি ইয়েলৰ এই মন্তব্যত হতাশ হোৱা বুলি কয়। জনসাধাৰণৰ ক্ষোভ আৰু প্ৰতাৰণাবোধক ইন্ধন যোগাইছে।

Banana: শীতকাল, কল আৰু পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন বি ৬ৰ উত্তম উৎস

শীতকাল, কল আৰু পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন বি ৬ৰ উত্তম উৎস কল পৃথিৱীৰ অন্যতম জনপ্ৰিয় ফল। ইয়াৰ উপলব্ধতা, পুষ্টিকৰ মূল্য আৰু সুস্বাদুতাৰ বাবে কলে আমাৰ দৈনন্দিন খাদ্য তালিকাত স্থান লাভ কৰিছে। ভিটামিন, খনিজ আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ কলে আমাৰ শৰীৰৰ বিভিন্ন কামত সহায় কৰে।কিন্তু আমি প্ৰায়ে শীতকালত কল খোৱাৰ ক্ষেত্ৰত দ্বিধাদ্বন্দ্বত ভুগিবলগীয়া হয়। বিশেষজ্ঞসকলে কয় যে কলত পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন বি ৬ৰ উত্তম উৎস। ই শৰীৰৰ বিপাকীয় ক্ৰিয়া সুস্থ কৰি ৰখাত সহায় কৰে। শীতকালত যেতিয়া শৰীৰৰ শক্তিৰ প্ৰয়োজনীয়তা বৃদ্ধি পায় তেতিয়া কল শক্তিৰ এক উত্তম উৎস হিচাপে প্ৰমাণিত হ’ব পাৰে । লগতে ইয়াত থকা আঁহে পাচন প্ৰক্ৰিয়া শক্তিশালী কৰে, যিটো সাধাৰণতে শীতকালত লেহেমীয়া হ’ব পাৰে। কল খোৱাৰ আগতে এটা কথা মনত ৰাখিব যে ই চৰ্দি আৰু কাহৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। চৰ্দিত এলাৰ্জী হ’লে কল খোৱাৰ পৰা বিৰত থাকিব লাগে। অৱশ্যে শাৰীৰিকভাৱে সক্ৰিয় হৈ থকা আৰু ঠাণ্ডাতো ব্যায়াম কৰা সকলৰ বাবে কল উপকাৰী হ’ব পাৰে। কাৰণ ই তৎক্ষণাত শক্তি প্ৰদান কৰে। যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ বাবে কল উপকাৰী। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। কিন্তু ডায়েবেটিছ ৰোগীয়ে সীমিত পৰিমাণত কল সেৱন কৰিব লাগে। কাৰণ ইয়াত অধিক পৰিমাণৰ চেনি থাকে । শীতকালত কল খাব নে নাখাব সেইটো নিৰ্ণয় কৰাটো ব্যক্তিজনৰ শাৰীৰিক অৱস্থা আৰু প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰে। উপযুক্ত পৰিমাণত আৰু সঠিক সময়ত সেৱন কৰিলে শীতকালতো স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।
শীতকাল, কল আৰু পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন বি ৬ৰ উত্তম উৎস

কল পৃথিৱীৰ অন্যতম জনপ্ৰিয় ফল। ইয়াৰ উপলব্ধতা, পুষ্টিকৰ মূল্য আৰু সুস্বাদুতাৰ বাবে কলে আমাৰ দৈনন্দিন খাদ্য তালিকাত স্থান লাভ কৰিছে। ভিটামিন, খনিজ আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ কলে আমাৰ শৰীৰৰ বিভিন্ন কামত সহায় কৰে।কিন্তু আমি প্ৰায়ে শীতকালত কল খোৱাৰ ক্ষেত্ৰত দ্বিধাদ্বন্দ্বত ভুগিবলগীয়া হয়। বিশেষজ্ঞসকলে কয় যে কলত পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন বি ৬ৰ উত্তম উৎস। ই শৰীৰৰ বিপাকীয় ক্ৰিয়া সুস্থ কৰি ৰখাত সহায় কৰে। শীতকালত যেতিয়া শৰীৰৰ শক্তিৰ প্ৰয়োজনীয়তা বৃদ্ধি পায় তেতিয়া কল শক্তিৰ এক উত্তম উৎস হিচাপে প্ৰমাণিত হ’ব পাৰে । লগতে ইয়াত থকা আঁহে পাচন প্ৰক্ৰিয়া শক্তিশালী কৰে, যিটো সাধাৰণতে শীতকালত লেহেমীয়া হ’ব পাৰে। কল খোৱাৰ আগতে এটা কথা মনত ৰাখিব যে ই চৰ্দি আৰু কাহৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। চৰ্দিত এলাৰ্জী হ’লে কল খোৱাৰ পৰা বিৰত থাকিব লাগে। অৱশ্যে শাৰীৰিকভাৱে সক্ৰিয় হৈ থকা আৰু ঠাণ্ডাতো ব্যায়াম কৰা সকলৰ বাবে কল উপকাৰী হ’ব পাৰে। কাৰণ ই তৎক্ষণাত শক্তি প্ৰদান কৰে। যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ বাবে কল উপকাৰী। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। কিন্তু ডায়েবেটিছ ৰোগীয়ে সীমিত পৰিমাণত কল সেৱন কৰিব লাগে। কাৰণ ইয়াত অধিক পৰিমাণৰ চেনি থাকে । শীতকালত কল খাব নে নাখাব সেইটো নিৰ্ণয় কৰাটো ব্যক্তিজনৰ শাৰীৰিক অৱস্থা আৰু প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰে। উপযুক্ত পৰিমাণত আৰু সঠিক সময়ত সেৱন কৰিলে শীতকালতো স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।