Home Blog Page 538

Earthquake in Assam : অসমত ভূমিকম্পৰ জোকাৰণি

Earthquake in Assam : অসমত ভূমিকম্পৰ জোকাৰণি

Earthquake in Assam : আজি পুৱা এটা মজলীয়া প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল।

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আজি পুৱা ৭ বাজি ৪৭ মিনিট ৩৩ ছেকেণ্ডত প্ৰায় ১৬ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.২ কম্পনাংক। (Guwahati)

আনহাতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ওদালগুৰি জিলাৰ ১৫ কিলোমিটাৰ গভীৰতাত। অৱশ্যে মজলীয়া প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত বৰ্তমানলৈ কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই।

Mahapurush Sri Srimanta Sankardev: গুৰুজনাৰ জন্মভূমিত ৫৭৬ জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ

Mahapurush Sri Srimanta Sankardev: গুৰুজনাৰ জন্মভূমিত ৫৭৬ জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ
বৰ্নিল সাংস্কৃতিক শোভাযাত্রাই জিলিকাই তুলিলে সমগ্ৰ বটদ্ৰৱা অঞ্চলক

Mahapurush Sri Srimanta Sankardev: বটদ্ৰৱা, ১৩ অক্টোৱৰ: অসমীয়া জাতীয় জীৱনৰ মহানায়ক জগতগুৰু শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী উৎসৱৰ প্ৰথম দিনটোতে এক বৰ্নিল সাংস্কৃতিক শোভাযাত্রাই শনিবাৰে জিলিকিাই তুলিলে সমগ্ৰ বটদ্ৰৱা অঞ্চল৷

এই বণাঢ্য সাংস্কৃতিক শোভাযাত্রাত অংশ লয় সহাস্ৰাধিক আবাল বৃদ্ধ বনিতাই৷ পৰাম্পৰাগত সাজ পোছাকৰে প্ৰতিজন ভকত বৈষ্ণৱে সাংস্কৃতিক শোভাযাত্ৰাত অংশ লোবা দৃশ্য আছিল অতি আকৰ্ষনীয়৷ (Barpeta Satra)

আয়তীৰ উৰুলী, শঙ্খ ডবা কাহৰ লগতে অগনন ভকতৰ হৰি নামৰ ধ্বনিৰে গুৰুজনাৰ জন্মোৎসৱ প্ৰথমদিনা মুখৰিত হল বটদ্ৰৱা আকাশ বতাহ৷ উল্লেখ্য, গুৰুজনাৰ পবিএ জন্মস্হান বটদ্ৰৱাত বিগত বছৰ সমুহৰ দৰে এইবাৰো বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত তিনিদিনীয়া বনাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় ৫৭৬সংখ্যক গুৰু জন্ম জয়ন্তী উৎসৱ৷

এই উপলক্ষে শনিবাৰে পুৱা তাল কোবোৱা প্ৰসংগ, দুই সত্ৰৰ ভকত বৈষ্ণৱৰ দ্বাৰা উষা কীৰ্তন আৰু মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগৰ পিছতে ১০.৩০ বজাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়েৰে পৰিবেষ্টিত এক সাংস্কৃতিক শোভাযাত্ৰাই বটদ্ৰৱা অঞ্চলৰ লগতে নিকটবৰ্টী ৰাইদঙীয়া, হাতীচোং, জাজৰি, মাজগাঁও, চকলাঘাট আদি প্ৰায় অৰ্দ্ধ শতাধিক গাঁও পৰিভ্ৰমণ কৰি হৰি নামৰ অমিয়া ধ্বনিৰে মূখৰিত কৰি তোলে। (Batdwara)

এই সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ সভাপতি অম্লানজ্যোতি দেৱ গোস্বামীয়ে৷ দিনৰ ২ বজাৰ পৰা গুৰু চৰিত পাঠ আৰু সন্ধিয়া ৬বজাত ৫৭৬ গছি বন্তিৰে প্ৰজ্বলনেৰে আলোকিত কৰে থান চৌহদ৷ নিশা ৯বজাৰ পৰা বটদ্ৰৱা দুই সত্ৰৰ যুবক বৃন্দৰ দ্বাৰা “শ্ৰী কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান ”ভাওনা মঞ্চস্থ হয় কীৰ্তন ঘৰৰ সভাগৃহত৷

একেদৰে দ্বিতীয়দিনা পৰম্পৰাগত ধৰ্মীয় কাৰ্যসূচীৰ ওপৰি পুৱা ১০ বজাত বৃক্ষৰোপন আৰু দিনৰ ১২ বজাৰ পৰা সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগীতা অনুষ্ঠিত হৈছে। ইপিনে দক্ষিণ জাজৰি সাৰ্বজনীন শংকৰ মন্দিৰ প্ৰাংগনতো ১২, ১৩ আৰু ১৪ অক্টোৱৰত তিনিদিনীয়াকৈ ৫৭৬ সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছে।

উদ্যোক্তা সমিতিয়ে জনোৱা মতে প্ৰথম দিনা প্ৰাত:প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, অঞ্চলজুৰি ভাগৱত ভ্ৰমণৰ পিছতে দুপৰীয়া প্ৰসংগ অনুষ্ঠিত হয়। দ্বিতীয়দিনা দিনৰ ভাগত ধৰ্মীয় কাৰ্যসূচীৰ অন্তত নিশা ন বজাত অঞ্চলৰ শিশু শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত হয় অংকীয়া ভাওনা “ৰুক্মীনি হৰণ”। তৃতীয় দিনা অঞ্চলৰ জেষ্ঠ শিল্পীসকলে পৰিবেশন কৰিব কাল্পনিক নাটক “চন্দ্ৰহংস”।

Football League : মৰিগাঁও “এ” ডিভিজন ফুটবল লীগত নৱজ্যোতি ক্লাৱ চেম্পিয়ন

Football League : মৰিগাঁও “এ” ডিভিজন ফুটবল লীগত নৱজ্যোতি ক্লাৱ চেম্পিয়ন
ফাইনেলত ব’লব’ম ফুটবল ক্লাৱক ২-০ গ’লৰ ব্যৱধানত পৰাভূত কৰি নৱজ্যোতি ক্লাৱ চেম্পিয়ন

Football League : দৈনন্দিন বাৰ্তাৰ সেৱা, মৰিগাঁও, ১৩ অক্টোবৰ : মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ১০টা শক্তিশালী ফুটবল দলৰ অংশগ্ৰহণৰে মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা স্টেডিয়ামত বিপুল সংখ্যক ফুটবল প্ৰেমী ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে অনুষ্ঠিত হৈ থকা গুনেমাই বৰা আৰু ছাজিৰা বেগম সোঁৱৰণী প্ৰাইজমাণী “এ” ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত তীব্ৰ প্ৰতিদণ্ডিতামূলক ফাইনেল খেলখনত মৰিগাঁও নৱজ্যোতি ক্লাৱে ২-০ গ’লৰ ব্যৱধানত ব’লব’ম ফুটবল ক্লাৱক পৰাভূত কৰি চেম্পিয়নৰ খিতাপ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে দখল কৰিছে৷

নিমন্ত্ৰিত অতিথি আৰু বিশিষ্ট ক্ৰীড়া সংগঠকসকলৰ উপস্থিতিত মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই শুভ উদ্বোধন কৰা ফাইনেল খেলখনত ব’লব’মৰ খেলুৱৈ সকলে শক্তিশালী খেল প্ৰদৰ্শন কৰি প্ৰথমাৰ্ধত নৱজ্যোতি ক্লাৱক গ’ল স্কৰিং কৰাৰ সুবিধা নিদিলেও খেলৰ দ্বিতীয়াৰ্থত নৱজ্যোতিৰ খেলুৱৈ সকলে অধিক পৰিপক্ব আৰু সংঘবদ্ধ খেল প্ৰদৰ্শন কৰি অধিনায়ক মুস্তাক আহমেদৰ এক দৃষ্টিনন্দন গ’লৰে ১-০ অগ্ৰগতি লাভ কৰাৰ কিছু সময়ৰ পাছতে ফৰৱাৰ্ড ৰঞ্জন দেউৰীয়ে এক কোবাল শ্বতৰ জৰিয়তে ব’লব’মৰ গ’লৰক্ষকক পৰাভূত কৰি নৱজ্যোতিক ২-০ গ’লৰ অপ্ৰতিৰোধ্য অগ্ৰগতি প্ৰদান কৰে৷(Morigaon “A” Division)

মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ যুটীয়া সম্পাদক নাছিৰউদ্দিন আহমেদৰ তত্ত্বাৱধানত আয়োজিত বঁটা বিতৰণী সভাত অসম ফুটবল সন্হাৰ উপ-সভাপতি জিতু বৰদলৈ, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামূলী, তিৱা স্বায়ত্ত্ব পৰিষদৰ মনোনীত সদস্য অজিত ডেকা, খেল আয়ুক্ত ৰমেন নাথ, মৰিগাঁও জিলা সাংবাদিক সন্হাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সম্পাদক জিতুমনি নাথ, বিশিষ্ট সাংবাদিক অজিত শৰ্মা, অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, ক্ৰীড়া সন্হাৰ উপসভাপতি সকল ক্ৰমে জয় আমচি, মুনীন্দ্ৰ বৰা, নিপুন বৰা, যুটীয়া সম্পাদক বিজয় নাথকে আদি কৰি অনান্য শাখা সম্পাদক আৰু বিষয়ববীয়া সকলৰ উপস্থিতিত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’লৰক্ষক হিচাপে গৌতম আমচি, সৰ্বাধিক গ’ল স্ক’ৰাৰ হিচাপে নাৰ্ছন বড়ো আৰু ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে মুস্তাক আহমেদক বঁটা প্ৰদান কৰা হয়৷ (Navajyoti Club)

মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ তৰফৰ পৰা বিজয়ী আৰু বিজিত দলৰ ট্ৰফী-প্ৰাইজমাণীৰ দাতা নিপুন বৰা আৰু কামাল হুছেইনৰ লগতে আজিৰ খেলখন পৰিচালনা কৰা ৰেফাৰী মিন্টু বৰদলৈ, শ্বাহেদূৰ ৰহমান, ভোগসিং বৰদলৈ আৰু পদ্দ পাতৰক সম্ভাষণ জনোৱা হয়৷

Bangladesh’s Kali Temple : বাংলাদেশৰ কালী মন্দিৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া মুকুট চুৰি

Bangladesh's Kali Temple : বাংলাদেশৰ কালী মন্দিৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া মুকুট চুৰি
প্ৰধানমন্ত্ৰী মোদীয়ে দিছিল মুকুট উপহাৰ

Bangladesh’s Kali Temple : বাংলাদেশৰ কালী মন্দিৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া মুকুট চুৰি দুৰ্গোৎসৱৰ উলহ-মালহৰ মাজতে অঘটন৷ সকলোৰে অলক্ষিতে চোৰে ছাফাই কৰিলে দেৱীৰ মন্দিৰ৷ দেৱ-দেৱীৰ কোপদৃষ্টিকো ভ্ৰক্ষেপ নকৰি চোৰে লুটি নিলে দেৱী মাৰ শিৰৰ আভূষণ৷ লৈ গ’ল মাৰ মুকুট৷

তাতকৈ ডাঙৰ কথাটো হ’ল চোৰে সদৰ্পে লৈ উধাও হোৱা এই মুকুটৰ আছে এক বিশেষত্বও৷ কাৰণ এই মুকুটৰ দাতাগৰাকী কোন জানে? তেওঁ হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী৷ হয় ঠিকেই পঢ়িছে আমি ক’ব খোজা ব্যক্তিজন ভাৰতৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এই ঘটনাৰ স্থান সাতখিৰাৰ শ্যামনগৰ৷ এই ঠাইত অৱস্থিত যশোৰেশ্বৰী মন্দিৰৰ পৰা দেৱী কালীৰ এটা মুকুট চুৰি কৰা হৈছে।

তথ্য অনুসৰি, ২০২১ চনৰ মাৰ্চ মাহত উক্ত মন্দিৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুকুট উপহাৰ দিছিল। বৃহস্পতিবাৰে মন্দিৰৰ পুৰোহিত দিলীপ মুখাৰ্জীয়ে দিনটোৰ নিত্যকৰ্ম সামৰি থৈ যোৱাৰ পিছত দুপৰীয়া ২ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত চুৰিকাৰ্য সংঘটিত হয়। পৰবৰ্তী সময়ত মন্দিৰ ছাফাইৰ কামৰ নিয়োজিত কৰ্মচাৰীসকলে দেখা পায় মুকুটটো দেৱীৰ শিৰত নাই। (India)

শ্যামনগৰ আৰক্ষী থানাৰ পৰিদৰ্শক তাইজুল ইছলামে কয়, “আমি চোৰক চিনাক্ত কৰিবলৈ মন্দিৰৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি আছো।” উল্লেখ্য, ৰূপ আৰু সোণৰ আৱৰণেৰে নিৰ্মিত মুকুটটোৱে সাংস্কৃতিক তাৎপৰ্য আৰু ধৰ্মীয় গুৰুত্ব বহন কৰে। (Prime Minister)

হিন্দু পৌৰাণিক কাহিনী অনুসৰি, যশোৰেশ্বৰী মন্দিৰ হৈছে ভাৰত আৰু চুবুৰীয়া দেশবোৰত সিঁচৰতি হৈ থকা ৫১ টা শক্তি পীঠৰ ভিতৰত এটা। “যশোৰেশ্বৰী” নামৰ অৰ্থ হৈছে “যশোৰৰ দেৱী।” এই মন্দিৰ পিচে ভাৰতত নহয় প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশত অৱস্থিত ৷

যশোৰেশ্বৰী কালী মন্দিৰ দেৱী কালীৰ প্ৰতি উৎসৰ্গিত এক প্ৰসিদ্ধ হিন্দু মন্দিৰ, মন্দিৰটো সাতখিৰা জিলাৰ উপজিলা শ্যামনগৰৰ এখন গাওঁ ঈশ্বৰীপুৰত অৱস্থিত। (crown)

প্ৰধানমন্ত্ৰী মোদীয়ে ২০২১ চনৰ ২৭ মাৰ্চত বাংলাদেশ ভ্ৰমণৰ সময়ত যশোৰেশ্বৰী মন্দিৰ পৰিদৰ্শন কৰিছিল। সেই দিনা তেওঁ ধৰ্মীয় বিশ্বাসৰ চিনস্বৰূপে সেই মুকুটটো দেৱীৰ মূৰত স্থাপন কৰিবলৈ আগবঢ়াইছিল। সেই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সেই মন্দিৰ ভ্ৰমণৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছিল, যিটো ক‘ভিড-১৯ মহামাৰীৰ পিছত যিকোনো দেশলৈ তেওঁৰ প্ৰথম ভ্ৰমণ আছিল।

লোকবিশ্বাসমতে এই মন্দিৰটো দ্বাদশ শতিকাৰ শেষভাগত অনাড়ী নামৰ এজন ব্ৰাহ্মণ ব্যক্তিয়ে নিৰ্মাণ কৰিছিল। তেওঁ যশোৰেশ্বৰী পীঠৰ বাবে এটা ১০০ দুৱাৰৰ মন্দিৰ নিৰ্মাণ কৰিছিল৷ (Narendra Modi)

পিছত ১৩ শতিকাত লক্ষ্মণ সেনে ইয়াক নতুন ৰূপ দিছিল আৰু পিছলৈ ষোড়শ শতিকাত ৰজা প্ৰতাপদিত্যই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল।

হিন্দু পৌৰাণিক আখ্যানমতে, ১৫টা পীঠৰ ভিতৰত, ঈশ্বৰীপুৰৰ মন্দিৰ হৈছে সেই ঠাই য’ত দেৱী সতীৰ ভৰিৰ তলুৱা আৰু গোড়ালিৰ অংশ পৰিছিল আৰু তেওঁ দেৱী যশোৰেশ্বৰীৰ ৰূপত আৰু ভগৱান শিৱ চণ্ড ৰূপে বিৰাজমান।

Dr. Purnima Devi Burman : ইউৰোপীয়ান‌ এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মন

Dr. Purnima Devi Burman : ইউৰোপীয়ান‌ এচ'চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মন
গোলকীয় সংৰক্ষণৰ হকে আহ্বান হাড়গিলা বাইদেউ হিচাপে খ্যাত ড° বৰ্মনৰ

Dr. Purnima Devi Burman: ইউৰোপীয়ান‌ এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মনইউৰোপীয়ান এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ (European Association of Zoos and Aquariums Conference- EAZA)ৰ সন্মিলনত ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশীয় সন্মান “Champion of the Earth” বিজয়ী আৰু ৰাণী‌ এনৰ দ্বাৰা হুইটলি গোল্ড পুৰষ্কাৰকে‌ ধৰি দুবাৰকৈ হুইটলি ফাণ্ড ফৰ নেচাৰৰ‌ পৰা সেউজ অস্কাৰ‌ বঁটা লাভ কৰা‌ অসমৰ‌ ড° পূৰ্ণিমা দেৱী বৰ্মনে ইউৰোপ তথা‌ অন্য ঠাইৰ‌ পৰা অহা‌ সংৰক্ষণবিদ, বিজ্ঞানী, চিৰিয়াখানাৰ সঞ্চালক‌‌ আৰু‌ জড়িত ব্যক্তিসকলৰ এটা বিশাল সমাৰোহত অতি গুৰুত্বপূৰ্ণভাৱে তিনিটা বক্তৃতা প্ৰদান কৰে।

লেইপ্জিগৰ লেইপ্জিগ‌ চিৰিয়াখানাত ৮ অক্টোবৰৰ‌ পৰা‌ ১২ অক্টোবৰলৈ অনুষ্ঠিত ইউৰোপীয়ান এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচৰ এই বৰ্ষৰ সন্মিলনত প্ৰায় ১০০০ ব্যক্তিৰ সমাগম হয়।


হাড়গিলা আৰ্মীয়ে বোৱা মেৰুণ ৰঙৰ পৰম্পৰাগত অসমীয়া হাতেৰে বোৱা আৰু‌ হাড়গিলা অংকিত মেখেলা চাদৰ আৰু হাড়গিলা চৰাই সজ্জিত গামোছা পৰিধান কৰি ড° বৰ্মনে সংস্কৃতি, জৈৱ বৈচিত্ৰ্য, আৰু সম্প্ৰদায় চালিত সংৰক্ষণৰ মাজৰ অনন্য সংযোগ প্ৰদৰ্শন কৰে। ১২ অক্টোবৰত জাৰ্মানীৰ লাইপ্জিগ চিৰিয়াখানাত বন্যপ্ৰাণী সংৰক্ষণবিদৰ এক বিশ্বব্যাপী মঞ্চত তেওঁ অসমত মানুহ আৰু হাড়গিলাৰ সহাৱস্থানৰ ওপৰত আলোকপাত কৰে।


চিকনিফৰ্মেছ, পেলেকানিফৰ্মেছ, আৰু ফিনিকোপটেৰিফৰ্মছ টেগ গোটৰ অধ্যক্ষতাত ড° বৰ্মনৰ প্ৰথম বক্তৃতাত অসমৰ পৰা পৰিৱৰ্তনশীল হাড়গিলা সংৰক্ষণ আৰ্হিৰ ওপৰত আলোকপাত কৰা হয়। বিশেষকৈ পৰিৱেশ শিক্ষাৰ জৰিয়তে বিলুপ্তপ্ৰায় গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক (হাড়গিলা)ক সুৰক্ষা দিবলৈ তেওঁ সম্প্ৰদায়ভিত্তিক সংৰক্ষণৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে। স্থানীয় সম্প্ৰদায়ক জড়িত কৰি ড০ বৰ্মনৰ কামে প্ৰদৰ্শন কৰে যে আচৰণৰ পৰিৱৰ্তন কেনেকৈ জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে এক শক্তিশালী আহিলা হ’ব পাৰে।


দ্বিতীয় বক্তৃতাত, শিক্ষা অধ্যক্ষতাত ড° বৰ্মনে অসমৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ নেতৃত্ব দিয়া সৰ্বমহিলা গোট হাড়গিলা আৰ্মীৰ জন্মৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে। সংৰক্ষণৰ ক্ষেত্ৰত নাৰীৰ গভীৰ ভূমিকা আৰু হাড়গিলা আৰ্মীৰ অসমীয়া মহিলাসকল কেনেদৰে পৰিৱৰ্তনৰ প্ৰতিনিধি হৈ পৰিছে সেই বিষয়ে আলোচনা কৰে।

তেওঁলোকৰ নেতৃত্বৰ জৰিয়তে মহিলাসকলে পৰিৱেশ শিক্ষা আৰু পৰম্পৰাক একেডাল সূঁতাৰে গাঁঠি এক প্ৰেৰণাদায়ক আন্দোলনলৈ পৰিণত কৰিছে। ড° বৰ্মনে বিশ্ব সংৰক্ষণবিদসকলে সংঘাতক সংৰক্ষণৰ সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ শিক্ষা আৰু সম্প্ৰদায়ৰ যৌথ শক্তিক আকোঁৱালি ল’বলৈ আহ্বান জনায়।


তৃতীয় বক্তৃতাত তেওঁ অসমৰ হাড়গিলা সংৰক্ষণ আৰ্হিক অন্য প্ৰজাতিৰ বাবে উদাহৰণ হিচাপে ব্যৱহাৰ কৰি মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ড° বৰ্মনে অসমৰ সাংস্কৃতিক পৰম্পৰা ইয়াৰ চহকী জৈৱ বৈচিত্ৰ্যৰ সৈতে কেনেদৰে গভীৰভাৱে জড়িত হৈ আছে সেই বিষয়ে গভীৰভাৱে আলোচনা কৰি সংৰক্ষণৰ প্ৰচেষ্টাসমূহে কেনেকৈ স্থানীয় জনগোষ্ঠী আৰু সাংস্কৃতিক মূল্যবোধক একত্ৰিত কৰি সফল হ’ব লাগিব, সেই বিষয়ে আলোকপাত কৰে। (global conservation)


ড° বৰ্মনে “বিশ্ব হাড়গিলা দিৱস”ৰ প্ৰৱৰ্তনৰ প্ৰস্তাৱো আগবঢ়ায় আৰু এই সুযোগতে ২০৩৫ চনৰ ভিতৰত হাড়গিলাৰ জনসংখ্যা ১০,০০০লৈ বৃদ্ধি কৰাৰ বাবে তেওঁৰ অভিলাষী সংৰক্ষণ দৃষ্টিভংগী মুকলি কৰে। (Germany)


নিজৰ বক্তৃতাৰ সময়ত ড০ বৰ্মনে হাড়গিলা আৰ্মীৰ সহাৱস্থান আৰ্হিৰ এক অনন্য প্ৰতীক হাড়গিলা হেডড্ৰেছ (মুখা)কো প্ৰদৰ্শন কৰে। তেখেতৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ দৰ্শকে অসমৰ সাংস্কৃতিক আৰু পৰিৱেশ পৰিচয়ৰ সৈতে স্পষ্ট সংযোগ হিচাপে অসমীয়া গামোছা আৰু মেখেলা চাদৰক আগ্ৰহেৰে আকোঁৱালি লৈছিল।


ড° পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বই বিশ্ব সংৰক্ষণবিদসকলক অনুপ্ৰাণিত আৰু মোহিত কৰি আহিছে। গভীৰ সাংস্কৃতিক আৰু পৰিৱেশগত সংযোগৰ সৈতে সংযুক্ত তেওঁৰ সম্প্ৰদায়ভিত্তিক সংৰক্ষণৰ উদ্ভাৱনীমূলক আৰ্হিটোৱে বিশ্বজুৰি অন্যান্য প্ৰজাতি সংৰক্ষণ প্ৰচেষ্টাৰ বাবে এক মাইলৰ খুঁটি হিচাপে থিয় দিছে। সন্মিলনখনৰ অংশগ্ৰহণকাৰীসকলে কেৱল হাড়গিলাক ৰক্ষা কৰাই নহয়, এই প্ৰক্ৰিয়াত সমগ্ৰ সম্প্ৰদায় বিশেষকৈ মহিলাসকলকো উন্নীত কৰাৰ বাবে তেওঁৰ অক্লান্ত নিষ্ঠাৰ প্ৰতি আকৰ্ষিত হয়।


ড° বৰ্মনে উজ্জ্বল, সেউজীয়া ভৱিষ্যতৰ দিশত পথ নিৰ্ধাৰণ কৰাৰ সময়তে মহিলাসকলৰ সংৰক্ষণ নেত্ৰী হিচাপে উত্থানৰ সমান্তৰালভাৱে হাড়গিলাৰ জনসংখ্যা বৃদ্ধি আৰু লাভৱান হোৱা দেখাৰ তেওঁৰ সপোনটোৱে আমাৰ গ্ৰহৰ জৈৱ বৈচিত্ৰ্যক ৰক্ষা কৰিব বিচৰাসকলৰ মাজত গভীৰভাৱে অনুৰণন ঘটায়। ড° পূৰ্ণিমা বৰ্মনক জাৰ্মানীৰ ষ্টুটগাৰ্টৰ উইলহেলমা জুলজিকেল এণ্ড বটানিকেল গাৰ্ডেনৰ দ্বাৰা শিক্ষণ বিনিময় কাৰ্যসূচীৰ বাবে এমাহৰ কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

গোলকীয় সংৰক্ষণৰ হকে আহ্বান হাড়গিলা বাইদেউ (Hargila Baideu) হিচাপে খ্যাত ড° বৰ্মনৰ-
ড° পূৰ্ণিমা দেৱী বৰ্মনে জাৰ্মানীৰ সন্মিলনখনত সংৰক্ষণমূলক নেতৃত্বৰ সৈতে সংস্কৃতিক জড়িত কৰাৰ আহ্বান জনায়।

Satpara Durga Puja Samiti : মিৰ্জাত ৮০ৰ উৰ্দ্ধৰ ১৭ বিশিষ্ট নাগৰিকক নিমগছৰ পুলিৰে সম্বৰ্দ্ধনা সাতপাৰা দুৰ্গা পূজা সমিতিৰ

Satpara Durga Puja Samiti : মিৰ্জাত ৮০ৰ উৰ্দ্ধৰ ১৭ বিশিষ্ট নাগৰিকক নিমগছৰ পুলিৰে সম্বৰ্দ্ধনা সাতপাৰা দুৰ্গা পূজা সমিতিৰ
Satpara Durga Puja Samiti : মিৰ্জাত ৮০ৰ উৰ্দ্ধৰ ১৭ বিশিষ্ট নাগৰিকক নিমগছৰ পুলিৰে সম্বৰ্দ্ধনা সাতপাৰা দুৰ্গা পূজা সমিতিৰ

Satpara Durga Puja Samiti : মিৰ্জাত ৮০ৰ উৰ্দ্ধৰ ১৭ বিশিষ্ট নাগৰিকক নিমগছৰ পুলিৰে সম্বৰ্দ্ধনা সাতপাৰা দুৰ্গা পূজা সমিতিৰ কামৰূপ জিলাৰ মিৰ্জাৰ সাতপাৰা ৰাইজ গয়ৰহৰ সৌজন্যত আয়োজিত সাতপাৰা দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা পূজা সমিতিৰ সৈতে জৰিত ৮০ৰ‌ উৰ্দ্ধৰ ১৭জন বিশিষ্ট নাগৰিক কালি নিশা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

এই উপলক্ষে সমিতিৰ সভাপতি কনক কাকতিৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়।‌

সভাত অংশ লৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা জ্যেষ্ঠ সাংবাদিক‌ দীপক শৰ্মাই কয়- “সাতপাৰা ৰাইজ গয়ৰহৰ পূজাৰ চিন্তা সুদূৰ প্ৰসাৰী। তেওঁলোকে জ্যেষ্ঠজনক সন্মান কৰিব জানে।

আনক সন্মান কৰিলে নিজেও সন্মান পায়। জ্যেষ্ঠজনৰ প্ৰতি আমি যথোচিত শ্ৰদ্ধা-সন্মান কৰিব লাগে। বোধহয়, সাতপাৰা দুৰ্গা পূজা সমিতিৰ দৰে এই ইতিবাচক অনুষ্ঠান অইন কোনো ঠাইতে হোৱা নাই।”

সভাত পূজা সমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাসৰ লগতে কাৰ্যকৰী সভাপতি দুলাল দাস, উপ-সভাপতি পংকজ দেৱান, বীৰেণ শৰ্মা, প্ৰবীণ দাস, কোষাধ্যক্ষ বলেন শৰ্মা, বৰতীয়া ডিম্বেশ্বৰ শৰ্মা, সহঃসম্পাদক সঞ্জীৱ কুমাৰ দাস, পুলক গোস্বামী, যাদৱ দাস প্ৰকৃতিয়ে নিজৰ নিজৰ মতামত দাঙি ধৰে।

অনুষ্ঠানত ‌সৰপাৰাৰ‌ ভূৱন মজুমদাৰ, অমৃত দেৱান, চবিন ডেকা, নগেন্দ্ৰ চন্দ্ৰ কাকতি, সত্য কুমাৰ দাস, প্ৰভাত ডেকা, নৰেন দাস, ৰামেশ্বৰ কলিতা, কোছপাৰাৰ উপেন চন্দ্ৰ শৰ্মা, তাৰিণী চৰণ শৰ্মা, বসুদত্ত শৰ্মা, প্ৰভাত শৰ্মা, গৌৰীকান্ত গোস্বামী, বটিয়াপাৰাৰ কমলেশ্বৰ দাস, ৰত্নেশ্বৰ দাস, গোপাল দাস, প্ৰতীমা দাতা হিতেশ কলিতাক নিম গছৰ পুলি, গামোচা, মানপত্ৰ আদিৰে সন্মানিত কৰে। সাতপাৰা ৰাইজ পূজা সমিতিৰ এই প্ৰচেষ্টাক ভিন-ভিন প্ৰান্তৰ লোকসকলে ভূয়সী প্ৰশংসা কৰে।

Guru Avirbhav Mahotsav in Kaliabor: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ গুৰুজয়ন্তী মহোৎসৱত মন্ত্ৰী কেশৱ মহন্ত

Assam minister Keshab Mahanta Emphasizes Sattriya Culture at 576th Guru Avirbhav Mahotsav in Kaliabor
Guru Avirbhav Mahotsav in Kaliabor: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ গুৰুজয়ন্তী মহোৎসৱত মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ, ১৩ অক্টোবৰ: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ উদ্যোগত আৰু শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰৰ ব্যৱস্থাপনাত দুদিনীয়াকৈ অনুষ্ঠিত ৫৭৬ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ শনিবাৰে সামৰণী পৰে (Guru Avirbhav Mahotsav in Kaliabor)। দ্বিতীয় দিনৰ অন্তিম কাৰ্যসূচীত শ্ৰীশ্ৰীকৰতিপাৰ পুৰণি সত্ৰৰ প্ৰয়াত পূজ্যপাদ সত্ৰাধিকাৰ ৰুদ্ৰকান্ত গোস্বামী কৃত ‘দ্ৰৌপদীৰ সয়ম্বৰ’ ভাওনাত উপস্থিত থাকি গুৰুজনাৰ অৱদানক সশ্ৰদ্ধ সোঁৱৰণ কৰে শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকাসত্ৰীয়া তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই(Assam Minister Keshab Mahanta)। মন্ত্ৰী মহন্তই অসমৰ জাতীয় জীৱনক চহকী কৰি থৈ যোৱা ক্ষণজন্মা মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱক স্মৰণ কৰি তেৰাৰ অনবদ্য অৱদানসমূহ চৰ্চা আৰু প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰ সমাজক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাই।

কলিয়াবৰৰ শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকা সত্ৰীয়া তথা অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ‘দ্ৰৌপদীৰ সয়ম্বৰ’ ভাওনাৰ(Draupadi Swayamvar bhaona) প্ৰাকক্ষণত ভাওনাৰ কলা-কুশলী আৰু অনুষ্ঠানৰ উদ্যোক্তাসকলক উদ্দেশ্যি দিয়া শুভেচ্ছামূলক বাৰ্তাত কয় – ১৯১৫ চনতে স্থাপিত হোৱা সন্ত সন্মিলনীৰ যোগেদি শ্ৰীমন্তশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ অৱদানৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰ হৈ থকাৰ সময়তে ১৯৪৫ চনত কলিয়াবলতে অসম সত্ৰ সংঘৰ প্ৰতিষ্ঠা হৈছিল। পৰৱৰ্তী কালত অসম সত্ৰ মহাসভা নামেৰে গুৰু দুজনাৰ কৃষ্টি-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ কাৰ্যত ব্ৰতী হৈ আছে(Importance of Sattriya Culture)। কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সত্ৰীয়া কৃষ্টি-সংস্কৃতিক আগবঢ়াই লৈ যোৱা সকলো পদক্ষেপতে কলিয়াবৰীয়া এগৰাকী সত্ৰীয়া হিচাপে আগলৈও সহায়-সহযোগিতাৰে সেৱা ধৰি যাব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে।

এই অনুষ্ঠানতে কলিয়াবৰৰ শ্ৰীশ্ৰীবাকৰীয়াল সত্ৰৰ সত্ৰাধিকাৰ, শিক্ষাসেৱী প্ৰভাত চন্দ্ৰ গোস্বামী আৰু শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰৰ পৰিচালক সত্ৰীয়া ফটিক ভঁৰালীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ নেতা দিপ্লুৰঞ্জন শৰ্মায়ো ভাওনা অনুষ্ঠানত উপস্থিত থাকি গুৰুজনাই অসমীয়া সমাজলৈ আগবঢ়োৱা মহান অৱদানক স্মৰণ কৰে।

উল্লেখযোগ্য যে, কলিয়াবৰ জিলা সত্ৰ মহাসভাই কলিয়াবৰৰ শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰৰ ব্যৱস্থাপনাত ৫৭৬ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰিছিল । কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ অন্তৰ্গত সত্ৰীয়া কৃষ্টি কেন্দ্ৰ, সতী ৰাধিকা মহিলা তীৰ্থ আৰু সমন্বিত যুৱতীৰ্থ কলিয়াবৰ জিলা সমিতিৰ প্ৰত্যক্ষ সহযোগত ১১ আৰু ১২ অক্টোবৰ, ২০২৪ তাৰিখে দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৰ ৫৭৬ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ শনিবাৰে নিশা সামৰণি পৰে।

প্ৰমদিনাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অহা ২৪ আহিন, ১১ অক্টোবৰ, শুক্ৰবাৰৰ প্ৰথম দিনা বৰগীত প্ৰতিযোগিতাৰ সম্পন্ন হয় । শনিবাৰে ২৫ আহিন, ১২ অক্টোবৰ, শনিবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনেৰে দ্বিতীয় দিনৰ কাৰ্যসুচীৰ শুভাৰম্ভণি কৰে কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সভাপতি শ্ৰীশ্ৰী বগাজন সত্ৰৰ সত্ৰাধিকাৰ কৈলাশ গোস্বামীয়ে। ধৰ্মধ্বজা উত্তোলনৰ পিছতেই বিশিষ্ট শিক্ষাসেৱী প্ৰয়াত অৰবিন্দ বৰগোহাঞি সোঁৱৰণী স্থায়ী তোৰণ উন্মোচন কৰে শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকা সত্ৰীয়া তথা অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মণিমাধৱ মহন্তই । সত্ৰৰ নামঘৰত আইসকলৰ নামৰ পিছতেই ডেৰপৰীয়া প্ৰসংগৰে দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে ।

Golden Langur Conservation: হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘৰ সুন্দৰ প্ৰয়াস

Rajapara Youth Association Takes Initiative for Golden Langur Conservation in Assam
Golden Langur Conservation: হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘৰ সুন্দৰ প্ৰয়াস

মিৰ্জা, ১৩ অক্টোবৰ: জৈৱ বৈচিত্ৰ্যত চহকী আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি চানডুবি(Chandubi biodiversity)ৰ কাষৰীয়া ৰাজাপাৰা অঞ্চলত অগ্ৰণী সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘই অসমত দুষ্প্ৰাপ্য হবলৈ ধৰা হলৌ বান্দৰ প্ৰজাতিটো সংৰক্ষণৰ বাবে শেহতীয়াকৈ কেতবোৰ প্ৰচেষ্টা হাতত লৈছে (Golden Langur Conservation) । ইয়াৰ অংশ হিচাপে ১০ অক্টোবৰত বিশ্ব হলৌ বান্দৰ দিৱসৰ লগত সংগতি ৰাখি সংঘৰ উদ্যোগত ৰাজাপাৰাত এক সজাগতা মুলক অনুষ্ঠান অনুষ্ঠিত কৰা হয়(Rajapara youth efforts) ।

সংঘৰ সভাপতি পক্ষীৰাজ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, হাতীগড় মিলন জ্যোতি সংঘৰ সভাপতি উৎপল ৰাভা, ৰাজাপাৰা ৰাইজ গয়ৰহৰ সভাপতি পৱিত্ৰ ৰাভা, কাৰ্যকৰী সভাপতি ভাৰ্গিথ ৰাভা, পূৱ ৰাজাপাৰাৰ গাঁওবুঢ়া গণেশ ৰাভা, ছেভেন ৱেবচ ৰিচাৰ্ছ সংস্থাৰ কৰ্মকৰ্তা ক্ৰমে – ঋতুৰাজ দেৱান, টানিয়া তালোৱাৰ , ধীতিমণি দাস, সীমা তালুকদাৰ, হলৌ বান্দৰৰ সংৰক্ষণৰ বাবে কাম কৰি অহা কেবাজনো লোকে ভাগ লৈ ভাষণ প্ৰদান কৰে(Habitat conservation Assam)।

হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘৰ সুন্দৰ প্ৰয়াস

ভাষণ প্ৰসংগত বক্তাসকলে কয় হলৌ বান্দৰ প্ৰকৃতিৰ এক দুষ্প্রাপ্য ও অনন্য সৃষ্টি । ই জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ লগতে প্ৰকৃতিৰ শোভাবর্দ্ধনৰ ক্ষেত্ৰতো এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে । আনকি মানুহৰ খাদ্য-শস্যৰ কোনো অনিষ্ট সাধন নকৰে হলৌ বান্দৰে(Endangered species Assam) । কিন্তু জধে-মধে বন-জংঘল ধ্বংসৰ ফলত হলৌ বান্দৰ অহা-যোৱা কৰা হলৌ বাট (Golden Langur Corridor) বা ফল-মূলৰ গছ আৰু বাসস্থানবোৰ একাধিক্রমে সংকুচিত বা নোহোৱা হৈ আহিছে । ইয়াক উপযুক্তভাবে সংৰক্ষণ কৰাটো সকলোৰে দায়িত্ব আছে বুলি বক্তা সকলে সদৰি কৰে(Wildlife preservation in Assam) ।

আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত হলৌ বান্দৰৰ অহা – যোৱা কৰা পথ, হলৌ বান্দৰৰ বংশবৃদ্ধিৰ বাবে বিচৰণথলীসমূহ চিহ্নিত কৰাৰ বাবে কেতবোৰ সংকেটমূলক হৰ্ডিং স্থাপন কৰাৰ লগতে ৰাইজৰ মাজত প্ৰচাৰ পুস্তিকা বিতৰণ কৰা হয় । উল্লেখ্য যে চানডুবিৰ নৈসর্গিক প্রাকৃতিক সৌন্দর্য্য, পৰ্ব্বত-পাহাৰ, ওখ-ওখ গছ, বিশুদ্ধ অক্সিজেন ও বিভিন্ন দুষ্প্রাপ্য বনৰীয়া জীৱ-জন্তুৰে ভৰা অঞ্চল হিচাপে পৰিচিত অঞ্চলটোত হলৌ বান্দৰৰ বিচৰণথলী হিচাপেও পৰিগণিত হৈ আহিছে ।

BJP MLA Manab Deka Brother Suicide: ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ মৃতদেহ

BJP MLA Manab Deka Brother Suicide: ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ মৃতদেহ
BJP MLA Manab Deka Brother Suicide: ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ মৃতদেহ

লখিমপুৰ,১৩ অক্টোবৰ: দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ আত্মহনন(BJP MLA Manab Deka Brother Suicide) ।

লখিমপুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপি বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই শনিবাৰে বাছি ললে চৰম পন্থা(BJP MLA Manab Deka Brother Suicide) । শনিবাৰে নিশা প্ৰায় ১১ মান বজাত এই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় কল্যাণ ডেকাৰ মৃতদেহ (Lakhimpur suicide case)।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো লোক নাছিল বুলি জানিব পৰা গৈছে । বিধায়কজনৰ লগতে কল্যাণ ডেকা সহিতে পৰিয়ালৰ সকলো লখিমপুৰৰ বাসগৃহত একেলগে বসবাস কৰি আছিল । ঘটনাৰ দিনা দুৰ্গা পূজা উপলক্ষে পৰিয়ালৰ আনসকল সদস্য ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল । ঘৰত কোনো নথকাৰ সেই সময়চোৱাতে বিধায়কগৰাকীৰ ভাতৃ কল্যাণ ডেকাই ললে চৰম পন্থা(Kalyan Deka suicide) ।

এগৰাকী চিকিৎসকে জানিবলৈ দিয়া মতে, দীৰ্ঘদিন ধৰি কল্যাণৰ মানসিক অৱস্থা দুৰ্বল আছিল । বিগত পাঁচবছৰ মানৰ পৰা তেওঁ ‘বাইপোলাৰ ডিজৰদাৰ’ (Bipolar disorder) নামৰ এক মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ।

চিকিৎসক চামিউল আখটাৰ বৰবৰাই জানিবলৈ দিয়া মতে, বিগত কেইবছৰ মানৰ পৰা কল্যাণৰ মানসিক চিকিৎসাও চলি আছিল যদিও চিকিৎসা চলি থকাৰ মাজতে এই ঘটনাটো সংঘটিত হয় । হতাশা আৰুমানসিক অস্থিৰতাৰ বাবেই তেওঁ এই চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা বুলি সকলোৱে এতিয়া সন্দেহ কৰিছে । ইফালে পূজাৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত এই অপ্ৰত্যাশিত ঘটনাটোক লৈ লখিমপুৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ
NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

মুম্বাই, ১৩ অক্টোবৰ: শনিবাৰে সন্ধিয়া মুম্বাইৰ উপনগৰ অঞ্চল বান্দ্ৰাত অজিত-পাৱাৰ নেতৃত্বাধীন এন চি পি দলৰ(Nationalist Congress Party) নেতা তথা তিনিবাৰৰ বিধায়ক বাবা ছিদ্দিকীক আততায়ীয়ে গুলীয়াই হত্যা কৰে(NCP Leader Baba Siddique Shot Dead)।

দুটাকৈ গুলীয়ে বুকুত আঘাত কৰা বাবা ছিদ্দিকীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে মুম্বাইৰ লীলাৱতী চিকিৎসালয়লৈ(Lilavati Hospital) নিয়া হয় যদিও কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু ঘটে।

লিলাৱতী হাস্পতালৰ চিকিৎসক ডাঃ জলিল পাৰ্কাৰে কলে, “নিশা প্ৰায় ৯.৩০ বজাত বাবা ছিদ্দিকক চিকিৎসালয়লৈ অনা হৈছিল যদিও নিশা প্ৰায় ১১.২৭ বজাত তেওঁক মৃত ঘোষণা কৰা হয়। তেওঁৰ বুকুত গুলীৰ আঘাত আছিল।” চিকিৎসালয়খনৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ নীতিন গোখলেই মৰণোত্তৰ পৰীক্ষাৰ পিছতহে কেইটাকৈ গুলীৰ দ্বাৰা তেওঁ আঘাতপ্ৰাপ্ত হৈছিল সেইয়া নিশ্চিত হ’ব পৰা যাব বুলি জানিবলৈ দিয়ে।

ইফালে এন চি পিৰ নেতাজনৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ দুজনক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। অতিৰিক্ত আৰক্ষী আয়ুক্ত পৰমজিৎ সিং দহিয়াই সাংবাদিকৰ আগত কয় যে, “নিশা প্ৰায় ৯:৩০ বজাত নিৰ্মল নগৰত এই ঘটনাটো সংঘটিত হৈছিল। ঘটনাটো সংঘটিত হোৱাৰ পিছতেই বাবা ছিদ্দিকক ততাতৈয়াকৈ লীলাৱতী চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। ঘটনাটোৰ লগত জড়িত থকাৰ সন্দেহত ইতিমধ্যে দুজন লোকক আটক কৰা হৈছে ।তাৰোপৰি আক্ৰমণৰ এই ঘটনাটোক লৈ মুম্বাই ক্ৰাইম ব্ৰাঞ্চে তদন্ত অব্যাহত ৰাখিছে।” লগতে এই অপৰাধত ব্যৱহৃত ৯.৯ এম এমৰ এটা পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

অহা মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ এতিয়া বিৰোধীও হৈ পৰিছে সৰব । শনিবাৰে এন চি পিৰ নেতাজনৰ হত্যাৰ এই ঘটনাক কংগ্ৰেছ দলে গৰিহনা দিয়াৰ লগতে একনাথ সিন্দে নেতৃত্বাধীন চৰকাৰখনক কৰিছে তীব্ৰ সমালোচনা । মহাৰাষ্ট্ৰৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি এই ঘটনাৰ নিকা তথা উচিত তদন্তৰ দাবী জনায়।

উল্লেখ্য যে, বান্দ্ৰা ইষ্টক প্ৰতিনিধিত্ব কৰি তিনিবাৰকৈ বিধায়কৰ হোৱাৰ লগতে মহাৰাষ্ট্ৰৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীও আছিল বাবা ছিদ্দিক । শেহতীয়াকৈ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি চলিত বৰ্ষৰ আৰম্ভণিতে এন চি পিৰ অজিত পাৱাৰৰ ফৈদত(Ajit-Pawar-led NCP) যোগদান কৰিছিল বাবা ছিদ্দিকে ।