Home Blog Page 561

ৰঙিয়া সমষ্টিৰ যুৱক যুৱতী সকলৰ সুবিধাৰ্থে অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধসামৰিক বাহিনীৰ বিভিন্ন পদৰ বাছনি পৰীক্ষাৰ বাবে বিনামূলীয়া বিশেষ প্ৰশিক্ষণ শিবিৰৰ আয়োজন বিধায়ক ভৱেশ কলিতাৰ…

ৰঙিয়া সমষ্টিৰ শিক্ষিত যুৱক যুৱতী সকলৰ সুবিধাৰ্থে অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধসামৰিক বাহিনীৰ বিভিন্ন পদৰ বাছনি পৰীক্ষাৰ বাবে শাৰীৰিক পৰীক্ষাত যাতে সফলতাৰে উত্তীৰ্ণ হৈ চাকৰিত নিয়োজিত হব পৰাকৈ সম্পূৰ্ণভাৱে প্ৰস্তুত কৰি তুলিবলৈ উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ উদ্যোগত বিনামূলীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ কাৰ্যসূচীৰ আয়োজিত কৰিছে।

এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত সমষ্টিৰ যুৱক যুৱতী সকলক অংশগ্ৰহণ কৰিবলৈ বিনম্ৰ ভাৱে অনুৰোধ জনাই ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই ।

ৰঙিয়াৰ উঠি অহা যুৱ প্ৰজন্ম তথা শিক্ষিত যুৱক যুৱতী সকলে অযথা সময় নষ্ট নকৰি সকলোৱে এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি এই সুযোগ গ্ৰহণ কৰিব বুলি দৃঢ় বিশ্বাস ভৱেশ কলিতাৰ ।

এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰিবৰ বাবে তলত দিয়া নিম্নলিখিত ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব—-৮৬৩৮২৯৪২২৪, ৭০০২৩৭৬৮৪৫, ৯১০১৯৬০৯০৪

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰ তথা বৰ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী…

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰ তথা বৰ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। স্মাৰ্ট মিটাৰৰ আতিশয্য বন্ধ কৰা, অভাৱনীয় বিদ্যুত মাছুল হ্ৰাস কৰা, অনিয়মীয়া বিদ্যুত যোগান বন্ধ কৰাৰ প্ৰতিবাদত তামুলপুৰতো তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ শৱযাত্ৰা ৷

তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত APDCL ৰ বিৰুদ্ধে আজি শৱযাত্ৰা উলিওৱা হয়৷ কমাৰ্চ কলেজৰ সন্মুখৰ পৰা ৰঙিয়া-তামুলপুৰ-ভূটান পথৰে আছুৰ সদস্য সকলে সমদল কৰি কান্ধত শৱ লৈ ৰাজপথত সমদল কৰি বিদ্যুত বিভাগৰ কাৰ্যলয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দুই শতাধিক ছাত্ৰ-ছাত্ৰীক লৈ আছুৰ এই প্ৰতিবাদ ৷

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নাজিৰাৰ কণমানি দাৰ্বিক ডি বৰাৰ…

নাজিৰাৰ মাদুৰি টি ইষ্টেটৰ নিৱাসী অমিতাভ বৰা আৰু মেঘালীমা দত্তৰ একমাত্ৰ সন্তান দাৰ্বিক ডি বৰাই ভাৰতৰ সকলো ৰাজ্যৰ নাম , ৰাজ্যসমূহৰ ৰাজধানী, ৰাজ্য সমূহৰ সকলো জিলাৰ নাম , কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ

জিলাৰ নাম, মাত্ৰ ৬.৫৫ মিনিটত আওৰাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাৰ টেম্পুল টাউন ইউৰো বিদ্যালয়ৰ

চিনিঅ’ৰ কেজিত অধ্যয়ন কৰি থকা মাত্ৰ ৫ বছৰীয়া দাৰ্বিকৰ এই সফলতাত স্বাভাবিকতে উৎফুল্লিত হৈ পৰিছে কনমানিটোৰ পিতৃ- মাতৃৰ লগতে স্থানীয় ৰাইজ।

ইউ এছ টি এমৰ দশম সমাৱৰ্তন অনুষ্ঠানত ডি লিট উপাধি জুবিন গাৰ্গ আৰু লৌ মাজাউলৈ…

ভাৰতৰ বিভিন্ন প্ৰান্তৰ দহ জনৰো অধিক উপাচাৰ্য, শিক্ষাবিদ, আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আজি ইউনিভাৰ্ছিটি অফ চায়েঞ্চ এণ্ড টেকনোলজী মেঘালয়ৰ দশম সমাৱৰ্তন সমাৱেশ সফলভাৱে অনুষ্ঠিত হয়। মুঠ ১৬৩৯ জন ছাত্ৰ ছাত্ৰীক এই সমাবৰ্তনত ডিগ্ৰী প্ৰাদান কৰা হয়। ইয়াৰে ১৭ গৰাকীয়ে পি এইচ ডি ডিগ্ৰী, ৯০৬ গৰাকীয়ে স্নাতকোত্তৰ ডিগ্ৰী আৰু ৭১৬ গৰাকীয়ে স্নাতক ডিগ্ৰী লাভ কৰে। অসম আৰু মেঘালয়ৰ সাংস্কৃতিক জগতৰ দুইতাৰকা জুবিন গাৰ্গ আৰু লৌ মাজাউক ডি.লিট সন্মান প্ৰদান কৰা হয়। শিল্প আৰু সংস্কৃতি, শান্তি, সম্প্ৰীতি আৰু সমাজৰ উন্নয়নৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে তেওঁলোকক এই ডিগ্ৰী প্ৰদান কৰা হয়। সমাৱৰ্তনৰ সভাপতিত্ব কৰে ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে।


সমাৱৰ্তনৰ মূল ভাষণ প্ৰদান কৰে ইউ জি চিৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক বেদ প্ৰকাশে। বিশেষ ভাষণ প্ৰদান কৰে মুম্বাইৰ সোমায় বিদ্যাসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু এন এ এ চিৰ প্ৰাক্তন সঞ্চালক অধ্যাপক ভি এন ৰাজশেখৰন পিল্লাই। ডক্টৰেট ডিগ্ৰী লাভ কৰা জুবিন গাৰ্গ আৰু লৌ মাজৱে ডিগ্ৰী লাভ কৰাৰ পিছত উপস্থিত ৰাইজক সম্বোধন কৰে। সমাৱৰ্তনত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ড° হৰিসিং গৌৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপিকা নীলিমা গুপ্তা; অধ্যাপক (ড°) মহম্মদ আফশ্বাৰ আলম, উপাচাৰ্য, জামিয়া হামদৰ্দ; অধ্যাপক (ড°) আমি ইউ উপাধ্যায়, উপাচাৰ্য, ড° বাবাছাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়, আহমেদাবাদ; মিজোৰাম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দিবাকৰ চন্দ্ৰ ডেকা; হিমাচল প্ৰদেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক (ড°) সত প্ৰকাশ বংশাল; ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক গংগা প্ৰসাদ প্ৰসাইন; ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সাকেট কুশৱাহা; অধ্যাপক প্ৰভা শংকৰ শুক্লা, উপাচাৰ্য, নেহু, শ্বিলং; ডাঃ আৰ.এম. পন্ত, উপাচাৰ্য, অসম বিশ্ববিদ্যালয়, শিলচৰ। ইউ এছ টি এমৰ আচাৰ্য শ্ৰী মহবুবুল হকে তেওঁলোকৰ অংশগ্ৰহণৰ বাবে সকলোকে আদৰণি জনাই কয়, “আমি এখন বিশ্বমানৰ বিশ্ববিদ্যালয় হোৱাৰ আকাংক্ষা কৰিছো আৰু এই বিশ্ববিদ্যালয়খনক বিশ্বমানৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টাত আমাৰ সৈতে যোগদান কৰিবলৈ আৰু ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সকলো অংশীদাৰক আহ্বান জনাইছো”। ইউ এছ টি এম স্থাপনৰ ক্ষেত্ৰত মেঘালয় চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবেও তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।


ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ প্ৰতিবেদন দাখিল কৰে ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই। ইয়াৰ পিছতে ডিগ্ৰী আৰু স্বৰ্ণ পদক প্ৰদান কৰা হয়। ডি লিট ডিগ্ৰী জুবিন গাৰ্গ আৰু লৌ মাজাউক প্ৰদান কৰা হয়। ভিজীতৰচ শ্ৰেষ্ঠ ছাত্ৰ বঁটা লাভ কৰে কাছিম আম্পাং চাংমা, এম এ গ্ৰাম্য উন্নয়ন বিভাগ; ড° এ পি জে আব্দুল কালাম শ্ৰেষ্ঠ পি জি ছাত্ৰ বঁটা লাভ কৰে মানশ প্ৰতিম শৰ্মা, এম.এছ.চি প্ৰাণীবিজ্ঞান বিভাগ; চ্যান্সেলৰৰ শ্ৰেষ্ঠ ছাত্ৰ বঁটা লাভ কৰে মুস্তাফিজুৰ ৰহমান, বি. এছ.চি ৰসায়ন বিজ্ঞান বিভাগ, আৰু পি এ চাংমা শ্ৰেষ্ঠ ইউ জি শ্ৰেষ্ঠ বঁটা লাভ কৰে সুজাতা কুমাৰী, বি ফাৰ্ম বিভাগ। নিজ নিজ বিভাগৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক ২৩টা স্বৰ্ণ পদক প্ৰদান কৰাৰ বিপৰীতে বিভিন্ন বিভাগৰ শ্ৰেষ্ঠ স্নাতক ছাত্ৰ-ছাত্ৰীক ২২টা স্বৰ্ণ পদক প্ৰদান কৰা হয়। শপত গ্ৰহণ আৰু ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশনৰ লগে লগে সমাৱৰ্তনৰ অন্ত পৰে।

নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চৰাইদলনিৰ বীণা নেওগৰ মৃত্যু…

নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী চৰাইদলনিৰ বীণা নেওগ।

ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলাগৰাকীৰ।

বিগত এমাহত নাৰায়ণপুৰত JEত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজনৰ।

‘Emergency’ৰ মুক্তিৰ পূৰ্বে কংগনা ৰাণাৱটলৈ ভাবুকি! ছবিখনকলৈ কি ক’লে অভিনেত্ৰীগৰাকীয়ে…

‘Emergency’ৰ মুক্তিৰ পূৰ্বে কংগনা ৰাণাৱটলৈ মৃত্যুৰ ভাবুকি। শিখ উগ্ৰপন্থী গোটে ছচিয়েল মিডিয়াযোগে দিছে ভাবুকি। আৰক্ষীৰ সহায় বিচাৰি X-যোগে আহ্বান অভিনেত্ৰী তথা বিজেপি সাংসদগৰাকীৰ। ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে কংগনা ৰাণাৱটে। ৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ছবিখনে।

মাণ্ডিৰ বিজেপিৰ সাংসদ তথা অভিনেতা কংগনা ৰানাৱটে শিখ সম্প্ৰদায়ৰ পৰা ভাবুকি লাভ কৰিছে তেওঁৰ আগন্তুক চিনেমাৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত। ৬ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া ‘ইমাৰ্জেন্সি’ ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰি থকা এই ভাবুকিমূলক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত অভিনেতাগৰাকীয়ে আৰক্ষীৰ সহায় বিচাৰিছিল।

গুৱাহাটী মহানগৰীৰ মাণিকনগৰত শ্বৰ্ট-চাৰ্কিটৰ ফলত নিশা অগ্নিকাণ্ড…

গুৱাহাটী মহানগৰীৰ মাণিকনগৰত নিশা অগ্নিকাণ্ড।

শ্বৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত। কথমপি ৰক্ষা পৰে আৱাসিক এলেকাটো।

অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপণ।

অখিল গগৈক দুৰ্যোধন, দুশাসন আখ্যা মন্ত্ৰী পীযূষ হাজৰিকাৰ…

আজি বিধান সভাত আকৌ মহাভাৰতৰ প্ৰসংগ। অখিল গগৈক দুৰ্যোধন, দুশাসনৰ অভিভাৱক আখ্যা মন্ত্ৰী পীযূজ হাজৰিকাৰ। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যিসকলে নাৰীক সন্মান নকৰে সেইসকল দুৰ্যোধনৰ পৃষ্ঠপোষক, অখিল গগৈয়ে বিশেষ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে।

আনহাতে উজনিলৈ মাছ বন্ধ কৰাৰ ক্ষেত্ৰত অখিল গগৈৰ ভূমিকা কি হ’ব প্ৰথমে জনাওক বুলিও বিধায়ক অখিল গগৈৰ প্ৰতিবাদ সন্দৰ্ভত মন্ত্ৰী পীযূষ হাজৰিকাৰ মন্তব্য।

মৰাণ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ বিশাল বৰাক নৃশংস হত্যা…

মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ বিশাল বৰাক নৃশংস হত্যা।

মৰাণ চাহ বাগিচাত উদ্ধাৰ ছাত্ৰজনৰ ক্ষত-বিক্ষত মৃতদেহ। মৰাণ মহাহিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ আছিল বিশাল।

হত্যাকাণ্ডত জড়িতৰ সন্দেহত ডিমৌৰ উদয়পুৰৰ দুজন যুৱকক আটক।

উজনিৰ লোকে নাপাব মাছ! নামনিৰ পৰা উজনিলৈ মাছ আমদানি বন্ধ কৰিলে নামনি মিঞা মাছ ব্যৱসায়ীয়ে

মাৰ্ঘেৰিটাৰ মাছৰ বজাৰত জুই লাগিছে। নামনিৰ পৰা উজনিলৈ মাছ আমদানি বন্ধ কৰিলে নামনি মিঞা মাছ ব্যৱসায়ীয়ে। উজনিৰ অসমৰ পৰা মিঞা খেদা অভিযানৰ প্ৰভাৱ এইবাৰ দেখিবলৈ পোৱা গৈছে উজনিৰ মাছৰ বজাৰসমূহত। মাৰ্ঘেৰিটাৰ মাছৰ বজাৰতো পৰিছে ব্যাপক প্ৰভাৱ। বজাৰত নাটনি হৈছে মাছ, বৃদ্ধি পাইছে মাছৰ দাম। উজনিৰ মাছৰ বজাৰসমূহ এক কথাত ক’বলৈ গ’লে নামনিৰ মাছৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰশীল।

কিন্তু উজনিৰ বহু কেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠনে একত্ৰিত ভাৱে মিঞা খেদা অভিযান আৰম্ভ কৰাত নামনি মিঞা অধ্যুষিত অঞ্চলসমূহৰ পৰা উজনিলৈ মাছ আমদানি কৰাত বাধা সৃষ্টি হৈছে ফলত উজনিৰ বিভিন্ন অঞ্চলৰ লগতে মাৰ্ঘেৰিটাৰ মাছৰ বজাত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি। এই অৱস্থা অব্যাহত থাকিলে উজনিৰ মাছৰ বজাৰ এক প্ৰকাৰে অচল হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।