Home Blog Page 577

জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ…

জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ এক বিশেষ মন্তব্য।
‘জালুকবাৰী সমষ্টিত যদি নিৰ্বাচন খেলিব লাগে মই জালুকবাৰীৰ পৰা খেলিম’

২০২৬ৰ নিৰ্বাচনত দলক সন্মুখৰ পৰা নেতৃত্বত দিবলৈ সাজু হৈছে লোকসভাত কংগ্ৰেছৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ। ইয়াৰ বাবে নিজে প্ৰতিদ্বন্দিতা কৰিবলগীয়া সমষ্টিও ঠিক কৰিছে গৌৰৱে ৷ গৌৰৱ গগৈয়ে ক’লে—

“মোক লৈ বহু বাতৰি ওলাই থাকে ৷ কেতিয়াবা মই নগাঁৱত, কেতিয়াবা যোৰহাটত নিৰ্বাচন খেলিম বুলি ওলাই ৷ দলে য’তেই দিব মই তাতেই খেলিম ৷ দলে যদি যোৰহাটত দিয়ে, যোৰহাটৰ পৰা খেলিম ৷ যদি দলে জালুকবাৰীত দিয়ে, মই জালুকবাৰীৰ পৰা খেলিম ৷”

কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত আয়োজিত সদৌ অসম আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাত ১৫০ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ…

কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে ১৬-১৭ আগষ্ট, ২০২৪ তাৰিখে সমগ্ৰ অসমৰ ৩০ খন বিদ্যালয়ৰ ১৫০ ৰো অধিক শিক্ষাৰ্থীক সামৰি সফলতাৰে প্ৰথম সদৌ অসম আন্তঃবিদ্যালয় দবা চেম্পিয়নশ্বিপ আয়োজন কৰে।এই দুদিনীয়া অনুষ্ঠানটোৰ উদ্দেশ্য আছিল শিক্ষাৰ্থীসকলৰ মাজত মানসিক ক্ষিপ্ৰতা, কৌশলগত চিন্তা আৰু বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা বৃদ্ধি কৰা।

শিক্ষাৰ্থীসকলে ল’ৰা আৰু ছোৱালীৰ বাবে বিভাজিত তিনিটা শাখা ক্ৰমে ১ম-৪ৰ্থ, ৫ম-৮ম, আৰু ৯ম-১২শ অনুসৰি প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। অংশগ্ৰহণকাৰীসকলে গোটেই প্ৰতিযোগিতাখনত উল্লেখনীয় দক্ষতা আৰু অধ্যৱসায় প্ৰদৰ্শন কৰা দেখা যায়। নাৰেংগীৰ ছেইণ্ট ফ্ৰান্সিছ ডি চেলছ স্কুল (এছ এফ এছ)য়ে শ্ৰেষ্ঠ বিদ্যালয় বঁটা লাভ কৰে গুৱাহাটীৰ দিল্লী পাব্লিক স্কুল ৰানাৰ-আপ হয়।

শাখা অনুসৰি বিজয়ীসকলৰ বিৱৰণ তলত উল্লেখ কৰা হৈছে।

শাখা – শ্ৰেণী ১ম ৰ পৰা ৪ৰ্থলৈ
বিজয়ী (ল’ৰা)
প্ৰথম স্থান – সৰস্বত ডেকা, দিল্লী পাব্লিক স্কুল, গুৱাহাটী
দ্বিতীয় স্থান – দৰ্শিল দাস, এছ এফ এছ নাৰেংগী, গুৱাহাটী
তৃতীয় স্থান – ৰেয়ান নবিচ, এছ এফ এছ নাৰেংগী, গুৱাহাটী
চতুৰ্থ স্থান – প্ৰাচুৰ্য্য চাংমাই, এছ এফ এছ নাৰেংগী, গুৱাহাটী
পঞ্চম স্থান – ঋষভ বৰদলৈ, কেন্দ্ৰীয় বিদ্যালয় নামৰূপ

বিজয়ী (ছোৱালী)
প্ৰথম স্থান – আব্ৰি নাইলা বৰা, দিল্লী পাব্লিক স্কুল, গুৱাহাটী
দ্বিতীয় স্থান – কৃশাংগী শৰ্মা, লিটল ফ্লাৱাৰ স্কুল, গুৱাহাটী
তৃতীয় স্থান – উৰ্ভি বৰগোঁহাই, দ্য গ্ৰীণ স্কুল ইণ্টাৰনেচনেল
চতুৰ্থ স্থান – ধনিক্ষা দাস, হোলী হোম স্কুল, গুৱাহাটী
পঞ্চম স্থান – ইপ্সিতা ঠাকুৰীয়া, দিল্লী পাব্লিক স্কুল, গুৱাহাটী

শাখা – শ্ৰেণী ৫ মৰ পৰা ৮মলৈ
বিজয়ী (ল’ৰা)
প্ৰথম স্থান – জগজিৎ সিনহা, মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটী
দ্বিতীয় স্থান – বৰ্ণিল হাজৰিকা, শ্বেমফৰ্ড ফিউচাৰিষ্টিক স্কুল, যোৰহাট
তৃতীয় স্থান – শুভাঙ্গ প্ৰাণ কাশ্যপ, মাৰিয়াছ পাব্লিক স্কুল, গুৱাহাটী
চতুৰ্থ স্থান – এছ ডি চাইকাৰ্তিক, দিল্লী পাব্লিক স্কুল, গুৱাহাটী
পঞ্চম স্থান – নীহাৰ দাস, ফেকাল্টি এইচ এছ স্কুল

বিজয়ী (ছোৱালী)
প্ৰথম স্থান – অমেয়া গুপ্তা, মাৰিয়াছ পাব্লিক স্কুল, গুৱাহাটী
দ্বিতীয় স্থান – তমন্না শৰ্মা, পি এম শ্ৰী কে ভি খানাপাৰা
তৃতীয় স্থান – সৃষ্টি ৰূপা ৰয়, দ্য গ্ৰীণ স্কুল ইণ্টাৰনেচনেল
চতুৰ্থ স্থান – ভৈৰৱী বড়ো, মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটী
পঞ্চম স্থান – ক্ৰিষ্টিনা কলিতা, চৰকাৰী গৰ্ডন এইচ এছ স্কুল, নলবাৰী
শাখা – শ্ৰেণী ৯মৰ পৰা ১২শলৈ
বিজয়ী (ল’ৰা)
প্ৰথম স্থান – প্ৰাণ গোবিন্দ পৰাশৰ কাশ্যপ, ইণ্টাৰনেচনেল স্কুল গুৱাহাটী
দ্বিতীয় স্থান – দেৱব্ৰত নাথ, সন্দীপনী বিদ্যা মন্দিৰ
তৃতীয় স্থান – সুভম ভট্টাচাৰ্য, চাউথ পইণ্ট স্কুল, গুৱাহাটী
চতুৰ্থ স্থান – আয়ুষ্মান দাস, গ্ৰীণ ইণ্টাৰনেচনেল স্কুল, গুৱাহাটী
পঞ্চম স্থান – নিৰ্বাণ দাস, এছ এফ এছ, নাৰেঙ্গী, গুৱাহাটী

অনুষ্ঠানটো এফ আই ডি ই বিচাৰক গোলাপ চন্দ্ৰ গোঁহাইৰ লগতে জ্যেষ্ঠ ৰাষ্ট্ৰীয় বিচাৰক ৰজনীশ বৰ্মা, হোমেন ৰভা আৰু প্ৰয়াগ হাজৰিকাৰ দৰে সন্মানীয় ব্যক্তিসকলৰ এক পেনেলৰ উপস্থিতিত পৰিচালিত হয়। ২৫ গৰাকী শীৰ্ষ প্ৰতিযোগীক ট্ৰফী আৰু প্ৰমাণপত্ৰ প্ৰদানৰ সমান্তৰালকৈ সমূহ অংশগ্ৰহণকাৰীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰৰে সন্মানিত কৰাৰ অন্তত প্ৰতিযোগিতাখনৰ সামৰণি পৰে।

মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে চেম্পিয়নশ্বিপৰ সফলতা সন্দৰ্ভত নিজৰ উৎসাহ ব্যক্ত কৰি কয়: “আমি এনে এক সন্মানীয় অনুষ্ঠান আয়োজন কৰি আনন্দিত হৈছো যিয়ে ৰাজ্যজুৰি শিক্ষাৰ্থীসকলক তেওঁলোকৰ বৌদ্ধিক দক্ষতা প্ৰদৰ্শন কৰিবলৈ একত্ৰিত কৰে। দবাই সমালোচনামূলক চিন্তাধাৰাৰ লগতে আমাৰ শিক্ষাৰ্থীসকলৰ অনুশাসন আৰু সহনশীলতা বৃদ্ধি কৰে। আমি প্ৰতিগৰাকী অংশগ্ৰহণকাৰীৰ নিষ্ঠা আৰু খেলুৱৈসুলভ মনোভাৱৰ বাবে তেওঁলোকক লৈ গৌৰৱান্বিত।”

মডাৰ্ণ ইংলিছ স্কুলৰ দবা প্ৰশিক্ষক বিপিন সিনহাই শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি কয়, “অংশগ্ৰহণকাৰীসকলে প্ৰদৰ্শন কৰা দক্ষতা আৰু আবেগৰ স্তৰ সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। দবা হৈছে ধৈৰ্য্য আৰু ৰণনীতিৰ খেল, আৰু ইমানসংখ্যক যুৱ মনক ইয়াৰ প্ৰতি আকৰ্ষিত হোৱা দেখাটো সঁচাকৈয়ে উৎসাহজনক। এই চেম্পিয়নশ্বিপে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মনত খেলবিধৰ প্ৰতি আজীৱন প্ৰেম প্ৰজ্বলিত কৰিব বুলি আমি আশা কৰিছোঁ।”

সদৌ অসম আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাৰ এক স্মৰণীয় প্ৰথম সংস্কৰণ চিহ্নিত কৰি অনুষ্ঠানটো অতি উলহ-মালহেৰে সমাপ্ত হয়।

২০২৪ চনৰ ১০ আগষ্টত বিদ্যালয়খনত সফলতাৰে অনুষ্ঠিত হৈ যোৱা সদৌ অসম আন্তঃবিদ্যালয় যোগাসন প্ৰতিযোগিতাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা দবা চেম্পিয়নশ্বিপ হৈছে বিদ্যালয়খনৰ অনুষ্ঠান শৃংখলাৰ শেহতীয়া সংযোজন।

মুম্বাইৰ ছিয়ন হাস্পতালৰ মহিলা চিকিৎসকক আক্ৰমণ ৰোগীৰ আত্মীয়ৰ…

কলকাতাৰ নৃশংস কাণ্ডৰ ঢৌ মাৰ নাযাওতেই এইবাৰ মুম্বাইত মহিলা চিকিৎসকক শাৰিৰীকভাৱে অপদস্থ ।

মুম্বাইৰ ছিয়ন হাস্পতালৰ মহিলা চিকিৎসকক আক্ৰমণ ৰোগীৰ আত্মীয়ৰ।

৫-৬জনীয়া দলৰ আক্ৰমণ মহিলা চিকিৎসকগৰাকীক।

এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া বিমান যাত্ৰীৰ মাজত হাহাকাৰ…

দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া বিমান যাত্ৰীৰ মাজত হাহাকাৰ। এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ যাত্ৰা বিলম্ব হোৱাক লৈ যাত্ৰীৰ হাহাকাৰ। পুৱা ৭.২০ বজাত দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া আছিল বিমানখন।

বিয়লি ২ বজাতহে বিমানখনে যাত্ৰা কৰিব বুলি যাত্ৰীসকলক জনায় কৰ্তৃপক্ষই। বিমানখনত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।

আন কেইবাগৰাকীও বিজেপি নেতা আছিল গুৱাহাটীমুখী বিমানখনত। এতিয়াও বিমানখনৰ ভিতৰতে আছে গুৱাহাটী অভিমুখী আন যাত্ৰীসকল।

বিদ্যুৎ মাচুল বৃদ্ধিত অতিষ্ঠ ৰাইজ তথা ছাত্ৰ ছাত্ৰী ! বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি মৰিগাঁও মূল চাৰিআালিত তীব্ৰ প্ৰতিবাদ মৰিগাঁও জিলা আছুৰ…

অনিয়মীয়া বিদুৎ যোগান, স্মাৰ্ট মিটাৰৰ আতিশয্য, বিদ্যুৎ মাচুল বৃদ্ধিত অতিষ্ঠ ৰাইজ তথা ছাত্ৰ ছাত্ৰী ।।
বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি মৰিগাঁও মূল চাৰিআালিত তীব্ৰ প্ৰতিবাদ মৰিগাঁও জিলা আছুৰ ‌।।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মৰিগাঁও জিলা আছুৱে স্মাৰ্ট মিটাৰৰ আতিশয্য, আৰু অসম চৰকাৰৰ শক্তি বিভাগে বিদ্যুতৰ মাচুল বৃদ্ধি কৰা আৰু প্ৰয়োজনীয় বিদুৎ যোগান ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ মৰিগাঁও জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যেতি চৌধুৰী নেতৃত্বত প্ৰায় দুই শতাধিক ছাত্ৰকৰ্মীয়ে মৰিগাঁও মূল চাৰিআলিত অকমৰ্ণ্য শক্তি বিভাগৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি অসম চৰকাৰ শক্তি বিভাগ কাম নাই,বিদ্যুতৰ মাচুল হ্ৰাস কৰক, স্মাৰ্ট মিটাৰৰ আতিশয্য মানি লোৱা নহব, বিদ্যুতৰ সঘন লুকা ভাকু বন্ধ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাৱল কৰি তোলে ৷

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে কয় যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে নিৰ্বাচনৰ সময়ত ২৪ ঘণ্টাই বিদ্যুতৰ যোগান ধৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হল,উৎকট গৰমত বিদ্যুতৰ সহন আহ যাহত ৰাইজ অতিষ্ঠ হৈ পৰিছে, দিনটোৰ দুই তিনিঘণ্টাহে কাৰেণ্ট থাকে, তাকো ভলটেজ একেবাৰে কম, প্ৰখৰ গৰমত ছাত্ৰছাত্ৰী পঢ়িব নোৱাৰা অৱস্থা, বিদ্যুৎ বিভাগ আছে নে নাই এতিয়া ৰাইজে প্ৰশ্ন কৰিছে ৷ এইখন চৰকাৰে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিহ দিয়ে সচা কিন্তু পিছত কৰ্মত ৰূপায়ণ নকৰে ৷ স্মাৰ্ট মিটাৰৰ জৰিয়তে আতিশয্য চলাব জনা চৰকাৰ খনে কেৱল আচনি ঘোষণা কৰাত হে ব্যস্ত থাকে ৷


অন্যহাতে জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ কয় যে এফালে বিদ্যুতৰ নাটনি আনফালে আকাশলংঘী বিদ্যুতৰ মাচুলে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে, এতিয়া আকৌ স্মাৰ্ট মিটাৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ চলোৱাহে আৰম্ভ কৰিছে এই খন বিজেপিৰ চৰকাৰে ৷ চৰকাৰে বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহন কৰিব লাগে আৰু জনসাধাৰণ তথা ছাত্ৰছাত্ৰীক সকাহ দিব লাগে। কিন্তু তেনে সময়তে শক্তি বিভাগৰ নিৰ্লিপ্ত ভূমিকাত ৰাইজ আচৰিত হৈছে আৰু চৰকাৰ আছেনে নাই ৰাইজে ভাবিবলৈ বাধ্য হৈছে ৷ তেখেতৰ দাবী অতিশীঘ্ৰ চৰকাৰে বিদ্যুৎ যোগান নিয়মীয়া কৰক আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰি স্মাৰ্ট মিটাৰৰ আতিশয্য বন্ধ কৰক অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হম ৷৷আজিৰ কাৰ্য্যসূচীত জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অংকুৰ ডেকা, সদৰ ছাত্ৰ সন্থাৰ সভাপতি ঘনেন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি বৰ্মন আদি ছাত্ৰ কৰ্মী সকল উপস্থিত থাকে ৷

দীনজ্যেতি ফাউণ্ডেশ্যনৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন…

দীনজ্যেতি ফাউণ্ডেশ্যনৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন

সাংবাদিক কমল কুমাৰলৈ সংবাদ প্ৰহৰী বঁটা

আজি দিনৰ ২ বজাৰ পৰা গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় দীনজ্যেতি ফাউণ্ডেশ্যনৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। চুমী ৰহমানৰ নেতৃত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুক্তি যুঁজাৰু প্ৰয়াত চিৰাজুদ্দিন আহমেদ, প্ৰয়াত পদ্ম কুমাৰ দত্ত, প্ৰয়াত হৰেন্দ্ৰ নাথ শীল আৰু পণ্ডিত ভূৱনচন্দ্ৰ ভূঞাক সম্বৰ্ধনা জনোৱাৰ লগতে সাংস্কৃতিক সাংবাদিক দৰ্শনা বৰুৱাক সংবাদ সাধনা বঁটাৰে সন্মানিত কৰাৰ লগতে সাংবাদিক কমল কুমাৰলৈ সংবাদ প্ৰহৰী বঁটা আগবঢ়োৱা হয়।


দৰং জিলাৰ পৰা প্ৰকাশিত মংগল বাতৰি, নতুন প্ৰবাহ বাতৰি কাকতৰ জৰিয়তে সাংবাদিকতাৰ পৃথিৱীত প্ৰথম খোজ পেলাই পৰবৰ্তী সময়ত অসমৰ বহুকেইখন আগশাৰীৰ কাকতত সাংবাদিকতাৰ সেৱা আগবঢ়াই অহাৰ লগতে প্ৰাগ নিউজ, প্ৰথম খবৰ ডিজিটেলৰ সাংবাদিক হিচাপে সেৱা আগবঢ়োৱা কুমাৰে কুৰিখনকৈও অধিক গ্ৰন্থ সম্পাদনা কৰিছে। অসমৰ জনপ্ৰিয় আলোচনী ‘মায়া’ৰ কাৰ্যবাহী সম্পাদক, জনপ্ৰিয় ‘বিন্দু আলোচনী’ৰ সম্পাদক হিচাপে দীৰ্ঘ সময় কাৰ্যনিৰ্বাহ কৰা কমল কুমাৰৰ প্ৰকাশিত গ্ৰন্থ হৈছে “ধুনীয়া বাবেই ভালপাওঁ তোমাক”, “ৰক্ত কমল”, আই লাভ ইউ।

অসম চৰকাৰৰ যুৱ লেখকৰ সন্মান লাভ কৰা কুমাৰে সম্প্ৰতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “আধ্যাত্মিক চিন্তা আৰু দৰ্শন’’, আৰু সামাজিক উপন্যাস “মজেবাই” গ্ৰন্থখন দুখন প্ৰকাশৰ পথত। এগৰাকী আপোচবিহীন লেখক আৰু সত্যনিষ্ঠ সংবাদদাতা হিচাপে তেখেতে সমাজক এখন গণতান্ত্ৰিক মঞ্চ প্ৰদান কৰাৰ হেতু দীৰ্ঘদিনৰ পৰা নিৰলে সেৱাত ব্ৰতী হৈ অহাৰ বাবে আজিৰ এই অনুষ্ঠানত তেখেত ‘সংবাদ প্ৰহৰী’ বঁটা প্ৰদান কৰে। যুৱ সাংবাদিক ডিম্পী ভৰালীয়ে আঁতধৰা আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰঠাকুৰ আই.এ.এছ একাডেমীৰ স্বত্বাধিকাৰী বন্দনা বৰঠাকুৰ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা, পূৰৱী শৰ্মা, কাশ্মিৰী শইকীয়া।

চামগুৰিৰ কাৱৈমাৰীত আবু হানিফাৰ ঘৰৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গ…

চামগুৰিৰ কাৱৈমাৰীত গঁড়ৰ খৰ্গসহ এজনক আটক।

ধৃত আবু হানিফাৰ ঘৰৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গটো। উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গটোৰ ওজন ১২০০ গ্ৰাম।

কাৰ্বি আংলং, ৰূপহীহাট, চামগুৰি আৰক্ষীয়ে চলাইছিল অভিযান।

মুম্বাই বিমানবন্দৰত ইথিওপিয়ান এয়াৰলাইন্সৰ এখন বিমানত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত…

মহাৰাষ্ট্ৰৰ মুম্বাই বিমানবন্দৰত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ সৈতে জড়িত ৫জন লোকক আটক কৰিছে মুম্বাই আৰক্ষীয়ে। আৰক্ষীৰ মতে, ইথিওপিয়ান এয়াৰলাইন্সৰ বিমানখনত কিছু ৰাসায়নিক পদাৰ্থ ভৰোৱাৰ সময়ত হঠাতে এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়, তাৰ পাছত বিমানবন্দৰ প্ৰশাসনে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে।

শনিবাৰে মুম্বাই বিমানবন্দৰত ইথিওপিয়ান এয়াৰলাইন্সৰ এখন বিমানত কিছু ৰাসায়নিক পদাৰ্থ ভৰোৱাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হয়।

সম্প্ৰতি পুলিচে এই ৰাসায়নিক পদাৰ্থ কি আছিল তদন্ত কৰি আছে। এই গোচৰৰ সৈতে জড়িত ৫ জন লোকক আটক কৰিছে মুম্বাই আৰক্ষীয়ে।

ৰাছিয়াত প্ৰচণ্ড ভূমিকম্প, তাৰ পাছতে আগ্নেয়গিৰি উদ্গীৰণ…

ৰাছিয়াত প্ৰচণ্ড ভূমিকম্প, তাৰ পাছতে আগ্নেয়গিৰি উদ্গীৰণ। দেশখনৰ পূব উপকূলৰ কামচাটকাত অনুভূত প্ৰচণ্ড জোকাৰণি।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৭.০ । ইয়াৰ পাছতে উদ্গীৰণ ঘটে বৃহৎ শিভেলুচ আগ্নেয়গিৰিটো।

সমুদ্ৰপৃষ্ঠৰ পৰা ৮ কিঃমিঃ ওপৰলৈ উঠে আগ্নেয়গিৰিৰ ধোঁৱা-ছাই।

দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা ! টিপলিঙত বাহনৰ ভিতৰত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ…

দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা। বাহনৰ ভিতৰত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ। WB06-B-0909 নম্বৰৰ এখন বাহনৰ ভিতৰত উদ্ধাৰ মৃতদেহটো।

৫ দিনে পথৰ ওপৰত ৰহস্যজনক অৱস্থাত ৰখাই থোৱা আছিল বাহনখন। টিপলিঙত পথৰ দাঁতিত ৰখাই থোৱা আছিল বাহনখন।

ইতিমধ্যে বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ NCCৰ টুপি, পোছাকো। লগতে কেতবোৰ সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।