Home Blog Page 586

নাজিৰা মহকুমাত স্বাধীনতা দিৱস উপলক্ষে জ্যেষ্ঠ নাগৰিক সকলৰ মাজত খোজ কঢ়া প্ৰতিযোগিতা অনুষ্ঠিত…

৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত, নাজিৰা এম.চি ক্লাবৰ পৰা নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়লৈ ষাঠী বছৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ মাজত “Freedom Walk” শীৰ্ষক এক খোজ কঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।


সত্তৰো অধিক ব্যক্তিৰ উপস্থিতিৰে আয়োজন কৰা এই প্ৰতিযোগিতাত অতিৰিক্ত আয়ুক্ত তথা নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন উপস্থিত থাকে আৰু জ্যেষ্ঠ নাগৰিক সকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে তেঁওলোকৰ সক্ৰিয় অংশগ্ৰহণৰ শলাগ লয়।

উক্ত প্ৰতিযোগিতাত, পুৰুষৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে প্ৰদীপ কুমাৰ গগৈ, বেনী মাধৱ গগৈ আৰু দিলীপ দাসে লগতে মহিলা শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে পুষ্পা গগৈ, অঞ্জু সাধনীদাৰ আৰু চম্পা দুৱৰা বৰুৱাই । এই অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক সকল, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।

সোণাৰিৰ মাহমৰাত বাঢ়নী পানীত পৰি মৃত্যু কাকতিবাৰীৰ ৰুবুল গগৈ…

সোণাৰিৰ মাহমৰাত বাঢ়নী পানীত পৰি এজনৰ মৃত্যু। মৃত লোকজন কাকতিবাৰীৰ ৰুবুল গগৈ।

মঙলবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল ৰুবুল গগৈ।

আজি নিজ ঘৰৰ সমীপৰ কালভাৰ্টত উদ্ধাৰ লোকজনৰ মৃতদেহ।

ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰথম বিদেশ ভ্ৰমণ…

ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰথম বিদেশ ভ্ৰমণ।

১৬-২৪ আগষ্টলৈ লেটিন আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ মুঠ ৫খন দেশ ভ্ৰমণ কৰিব মাৰ্ঘেৰিটাই।

ড’মিনিকান ৰিপাব্লিক, গুৱাটেমালা, এল চালভাড’ৰ, পানামা, ট্ৰিনিডাড এণ্ড টবাগ’ ভ্ৰমণ কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই।

চ’ছিয়েল মিডিয়াত খলকনি ! ONGCত গাড়ী নিবিদাক লৈ যাদৱ গগৈৰ বিস্ফোৰক ফেচবুক পোষ্ট…

⭕চ’ছিয়েল মিডিয়াত খলকনি ।
⭕স্বয়ম্ভু জাতীয় সংগঠনৰ মুখা খুলিবলৈ আৰম্ভ কৰিছে সংগঠনৰে এচাম নেতাই
⭕শিৱসাগৰত সৃষ্টি হেছৈ এই খলকনিৰ
⭕ONGCত গাড়ী নিবিদাক লৈ যাদৱ গগৈৰ বিস্ফুৰক ফেচবুক পুষ্ট


⭕372খন গাড়ী নিবিদা চলি থকা মাজতে নিগমত এটা ছাত্ৰ সংগঠনৰ নেতা সকলে আজি গোপন বুজাবুজিত মিলিত হোৱাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ নেতা গৰাকীৰ
⭕আপুনিও ভাবিবলৈ বাধ্য হব জাতীয় সংগঠনৰ সমূহৰ এই সমূহ কৰ্ম কাণ্ড


⭕এতিয়া প্ৰশ্ন হৈছে কোন সঁচা আৰু কোন মিছা
⭕অসমীয়া যুৱ মঞ্চৰ নেতা যাদৱ গগৈয়ে অভিযোগ অনা অনুসৰি ONGCৰ সৈতে গোপন বুজাবুজিত মিলিত হোৱা ছাত্ৰ নেতা সকলৰ সবিশেষ ৰাজহুৱা কৰিবলৈ সক্ষম হ’বনে?
⭕যাকলৈ শিৱসাগৰত চেপা উত্তেজনা অব্যাহত আছে

বিলাসীপাৰা মহকুমাৰ টিলাপাৰাত শোকাৱহ ঘটনা ! ঘৰৰ কাষত জমা হৈ থকা বাৰিষাৰ পানীত পৰি কৰুণ মৃত্যু প্ৰথম শ্ৰেণীৰ কণমানি ছাত্ৰৰ…

বিলাসীপাৰা মহকুমাৰ টিলাপাৰাত শোকাৱহ ঘটনা। ঘৰৰ কাষত জমা হৈ থকা বাৰিষাৰ পানীত পৰি কৰুণ মৃত্যু প্ৰথম শ্ৰেণীৰ কণমানি ছাত্ৰৰ। টিলাপাৰাৰ কামাৰডিহি দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক হৃদয়বিদাৰক ঘটনা। মৃত শিশুজন কামাৰডিহি দ্বিতীয় খণ্ড গাঁৱৰ লুতফৰ ৰহমানৰ পুত্ৰ জাকিৰ হুছেইন (৬) বুলি জানিবপৰা

গৈছে। জাকিৰ হুছেইনে ভাতৃৰ সৈতে খেলি থকা অবস্থাত ঘৰৰ কাষত জমা হৈ থকা বাৰিষাৰ গভীৰ পানীত পৰিছিল। ততাতৈয়াকৈ জাকিৰৰ ভাতৃয়ে জাকিৰক পানীৰ পৰা উঠাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। পিছত জাকিৰৰ ভাতৃয়ে খবৰ দিছিল ঘৰৰ মানুহক। ঘৰৰ মানুহে দৌৰি গৈ জাকিৰ হুছেইনক উদ্ধাৰ কৰিছিল যদিও জাকিৰৰ অবস্থা অতি সংকটজনক আছিল। লগে লগে জাকিৰ হুছেইনক লৈ যোৱা হৈছিল ওচৰৰ চিকিৎসালয় লৈ।

কিন্তু চিকিৎসকে শিশু জাকিৰক দেখি মৃত বুলি ঘোষণা কৰে। জাকিৰ হুছেইন টিলাপাৰা জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বুলি জানিৱ পৰা গৈছে। পিছত খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় শালকোচা আৰক্ষীৰ দল। কণমানি ছাত্ৰ জাকিৰ হুছেইনৰ সলিল সমাধিৰ এই হৃদয়বিদাৰক ঘটনাই শিশুজনৰ পৰিয়ালৰ লগতে সমগ্ৰ কামাৰডিহি গাঁৱত সৃষ্টি কৰিছে শোকাকুল পৰিৱেশ।

বিলাসী পাৰাৰ পৰা ছুৰুত জামানৰ ৰিপোৰ্ট।।

বিশ্ব হস্তী দিৱসৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দৰ যাদৱে প্ৰয়াত বুবুল গগৈক মৰণোত্তৰভাৱে গজ গৌৰৱ বঁটা প্ৰদান…

বিশ্ব হস্তী দিৱসৰ কালিৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দৰ যাদৱ ডাঙৰীয়াই অসমৰ প্ৰয়াত বুবুল গগৈক মৰণোত্তৰভাৱে গজ গৌৰৱ বঁটা প্ৰদান কৰে।

এই বছৰত বঁটাপ্ৰাপ্ত কৰা দেশৰ চাৰিগৰাকী ব্যক্তিৰ ভিতৰত অসম সন্তানগৰাকী অন্যতম। এয়া প্ৰকৃতাৰ্থত অসমৰ বন বিভাগত নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱা প্ৰয়াত

গগৈক বিশেষকৈ হাতী সংৰক্ষণৰ ক্ষেত্ৰত থকা ব্যতিক্ৰমী আৰু উল্লেখনীয় অৱদানক ভাৰত চৰকাৰৰ এক স্বীকৃতি৷

মঙলদৈত তীব্রবেগী বাহনে মহটিয়াই নিলে ৪জন কলেজীয়া ছাত্রক…

মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা
তীব্রবেগী বাহনে মহটিয়াই নিলে ৪জন কলেজীয়া ছাত্রক


বেজপাৰা MPK পথত এই দুর্ঘটনা
আহত ছাত্রকেইজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভর্তি


সংকটজনক অৱস্থাত দুজন ছাত্রক GMCHলৈ প্ৰেৰণ

মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জেনেৰেল মেনেজাৰ অৰুণ কুমাৰ চৌধৰী মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়…

মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জেনেৰেল মেনেজাৰ অৰুণ কুমাৰ চৌধৰীয়ে

আজি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱক সাক্ষাৎ কৰে৷

উক্ত সাক্ষাৎকালত ৰাজ্যখনৰ ৰে’লপথৰ সমন্বয়, বৃদ্ধি, উন্নয়ন সম্পৰ্কীয় বিভিন্ন বিষয়ত গঠনমূলক আলোচনাত মিলিত হয়।

বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্ত্তি…

বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্ত্তি

তীৰ্থনগৰী হাজোত কাইলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই উন্মোচন কৰিব অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্ত্তি। প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজো ভৰালীটোলাস্থিত নিজ বাসভৱন “শিশু কল্যাণ ভৱন”ত পুৱা চাৰে দহ বজাত সাত ফুট উচ্চতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰি এক ৰাজহুৱা

সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰীগৰাকীয়ে “লৌহমানৱ” শীৰ্ষক এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰিব। অনুষ্ঠানৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক জনপ্ৰিয় সংগীত শিল্পী তৰালী শৰ্মা আৰু কল্লোল বৰঠাকুৰে পৰিবেশন কৰিব এটি বৰগীত। জনদৰদী নেতা লৌহমানৱ বিষ্ণুৰাম মেধিৰ স্মৃতি আৰু কৰ্মৰাজী সজীৱ কৰি ৰাখিবলৈ লৌহমানৱ বিষ্ণুৰাম মেধি স্মৃতি সুৰক্ষা সমিতি, প্ৰতিমূৰ্ত্তি নিৰ্মাণ সমিতিৰ লগতে

হাজোবাসী ৰাইজে অনুষ্ঠানটো সফল কৰিবলৈ স্বতঃস্ফুটভাবে সঁহাৰি আগবঢ়াইছে। উক্ত অনুষ্ঠানলৈ সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে লৌহমানৱ বিষ্ণুৰাম মেধি প্ৰতিমূৰ্ত্তি নিৰ্মাণ সমিতিয়ে। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চেঁচা দলঙৰ পৰা পাখামেলালৈ মটৰ চাইকেল ৰেলীৰে আদৰি অনাৰ প্ৰস্তুতি চলাইছে হাজো বিজেপিৰ যুৱ মৰ্চাই।

ছিপাঝাৰৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ₹১,০০,০০০ অনুদান আগবঢ়ায়…

ছিপাঝাৰৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশী দেৱে লোকসেৱা ভৱণত

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ₹১,০০,০০০ অনুদান আগবঢ়ায়।

এই উদাৰ ভংগীমাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰি অসমৰ সাহায্যত ইয়াৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰে।