Home Blog Page 594

মালিগাঁৱৰ তৰুণৰাম হাইস্কুলত বিশেষ স্বাস্থ্য শিবিৰ…

কামৰূপ মহানগৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত আৰু পাণ্ডু স্বাস্থ্য খণ্ডৰ সহযোগত ২৭ আগষ্টত মালিগাঁৱৰ তৰুণ ৰাম ফুকন হাইস্কুলত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ স্বাস্থ্য শিবিৰ অনুস্থিত কৰা হয়। ৩৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্বাস্থ্য পৰীক্ষা কৰা শিবিৰত চকু, কাণ, নাক মনোৰোগ,পৰিপুষ্টিতা আদি কেইবাটাও ৰোগৰ বিশেষজ্ঞ

চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰা হয়। মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা:উদয় শংকৰ মেধি, পাণ্ডু স্বাস্থ্য খণ্ডৰ অতিৰিক্ত অধীক্ষক ডা: কুমুদ ডেকা ৰাষ্ট্ৰীয় ৱাল স্বাস্থ্য মিছনৰ সমন্বয়ক বৰ্ষা দেবী পাণ্ডু স্বাস্থ্য

খণ্ডৰ সমন্বয়ক নিলাক্ষী দাস, পাণ্ডু স্বাস্থ্য খণ্ডৰ প্ৰৱন্ধক মানস বৈশ্যৰ তত্বাৱধানত অনুস্থিত স্বাস্থ্য শিবিৰত ৰাষ্ট্ৰীয় ৱাল স্বাস্থ্য মিছনৰ চিকিৎসক ডা: হেমন্ত কুমাৰ দাস, ডা: দিপ্তীৰেখা শৰ্মা, ডা:ময়ুৰী ডেকা আৰু ডা: ধনদা দাসে চিকিৎসা সেৱা প্ৰদান কৰে।

আধাৰ কাৰ্ডক লৈ সংবাদমেলত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ! বাধা আঁতৰাই কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা…

আধাৰ কাৰ্ড সম্পৰ্কত সংবাদমেল মুখ্যমন্ত্ৰীৰ

আধাৰ কাৰ্ড বিতৰণ বিতৰণ বন্ধ কৰি ৰখা হৈছিল ।

২০১৯ৰ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ৰ আগষ্ট লৈ বন্ধ হৈ আছিল আধাৰ সমূহ ।

NRC বা আধাৰ কেন্দ্ৰ সমূহত গৈ এই লোকসকলে আবেদন কৰিছিল আধাৰ কাৰ্ড ।

৯,৩৫,৬৮২ জনৰ আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আহিছিল ।

কেবিনেট চাব কমিটিয়ে প্ৰায়বোৰ সংগঠনৰ লগত আলোচনা কৰিছিল ।

ঐক্যমতত উপনিত হৈ আধাৰ কাৰ্ড আৰু NRCৰ সম্পৰ্ক নাই বুলি সমৰ্থন কৰিছিল ।

দুই বছৰ ধৰি আধাৰ কাৰ্ড সমূহ খুলি দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কথা পাতি থকা হৈছিল ।

অসম চৰকাৰে ভাৰত চৰকাৰক ২৯-৭-২৪তাৰিখে আবেদন দিয়া হৈছিল আধাৰ কাৰ্ড মুকলিৰ বাবে ।

আমাৰ আবেদনক ভিত্তি কৰি মঙ্গলবাৰে নিৰ্দেশ দিয়ে আধাৰ কাৰ্ড মুকলি কৰি দিবলৈ ।

আধাৰ কাৰ্ড লোৱাৰ বাধা ভাৰত চৰকাৰে প্ৰত্যাহাৰ কৰে ।

১৫-২০দিনৰ ভিতৰত আধাৰ কাৰ্ড কাৰ্যালয়ত আধাৰ কাৰ্ড সমূহ গ্ৰহন কৰিব পাৰিব ।

২৭লাখ বুলি আমাৰ ধাৰণা আছিল, আলাপ আলোচনা কৰি গম পালোঁ ৯,৩৫,৬৮২হে ।

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ জাফাৰ…

শোক প্ৰকাশ

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা district media club ৰ সভাপতি ৰাতুল ডেকাৰ আকস্মিক মৃত্যুত জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম (জাফা)ৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই।


লগতে শোকাকুল পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰে।

পৰিয়ালটোৰ এই দুখৰ দিনত সহায় – সহযোগিতাৰ হাত আগবঢ়াবলৈ জাফাৰ সতীৰ্থ সকলোক অনুৰোধ ।

শীঘ্ৰে বিক্ৰী হ’ব ৰাজ্যৰ ১০ খন চাহ বাগিচা…

শীঘ্ৰে বিক্ৰী হ’ব ৰাজ্যৰ ১০ খন চাহ বাগিচা! মুখ্য সচিবৰ পত্ৰত পোহৰলৈ ভয়ংকৰ চৰকাৰী ষড়যন্ত্ৰ। চৰকাৰী সম্পত্তি বিক্ৰী কৰি সংগ্ৰহ কৰিব ৰাজহ।

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এণ্ড্ৰিউ উইলৰ ১০ খন বাগিচা আছে অসমত। খোৱাং চাহ বাগিচা, হলৌগুৰি চাহ বাগিচা, টিংখং চাহ বাগিচা,

বাছমটিয়া চাহ বাগিচা, ৰাজগড় চাহ বাগিচা, দেছাম চাহ বাগিচা, মুৰফুলনি চাহ বাগিচা আছে এণ্ড্ৰিউ য়ুলৰ অধীনত।

কথাতে নহয় কামতো পৰিচয় দিলে বৰঝাৰত আগৰৱালা পৰিয়ালে…

দৰং ওদালগুৰি জিলাৰ সীমান্ত অঞ্চল বৰঝাৰ লীলানন্দ বিদ্যা নিকেতনত বহু দিনৰ ছাত্ৰ ছাত্ৰীৰ আন এটা অভাৱ পূৰণ কৰিলে আগৰৱালা পৰিয়ালে। বীৰেন্দ্ৰ নগৰ আশ্ৰমত দুই দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰী কৃষ্ণৰ জন্ম অষ্টমী অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটীৰ পৱন আগৰৱালা পৰিয়ালে মংগবাৰে স্বৰ্গীয় প্ৰভু দয়াল আগৰৱালাৰ স্মৃতিত নাতিয়েক নীতিশ আগৰৱালা আৰু পুনিতা আগৰৱালাই ফিটা কাটি দ্বাৰ মুকলি কৰে ছাত্ৰ ছাত্ৰীৰ বাবে চাইকেল ষ্টেণ্ড। প্ৰায় পাঁচ লাখ টকা ব্যায়ৰে আটকধুনীয়া কৈ নিৰ্মাণ কৰে এই চাইকেল ষ্টেণ্ড। ধুনীয়া এটা চাইকেল ষ্টেণ্ড পাই ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয় কতৃপক্ষই আনন্দিত হয়।

বিদ্যালয় কতৃপক্ষই ধন্যবাদ জ্ঞাপন কৰে আগৰৱালা পৰিয়ালক। কথাতে নহয় কামতো পৰিচয় দিলে আগৰৱালা পৰিয়ালে প্ৰায় দুই মাহ পূৰ্বে বৰঝাৰ লীলানন্দ বিদ্যা নিকেতন মূল প্ৰবেশ দ্বাৰ নিৰ্মাণ কৰি শুভ উদ্বোধন কৰে আকৌ মঙ্গলবাৰে একে খন বিদ্যালয়ত আটকধুনীয়া কৈ ছাত্ৰ ছাত্ৰীৰ বাবে চাইকেল ষ্টেণ্ড এটা বনাই মুকলি কৰি দিয়ে।
ইয়াৰ লগতে পৱন আগৰৱালাই আমাৰ আগত কয় যে বৰঝাৰ আৰু বৰঝাৰৰ মানুহে মোক বহুত ভালপায়। বৰঝাৰৰ বাবে বহু কৰিব লগীয়া আছে। মোৰ দেউতাকৰ স্মৃতিত বিদ্যালয়খনৰ মূল প্ৰবেশ দ্বাৰ, চাইকেল ষ্টেণ্ড হৈছে আৰু বীৰেন্দ্ৰ নগৰ আশ্ৰমত এখন পুথি ভড়াল খুওৱ কম দিনৰ ভিতৰতে নিৰ্মাণ হ’ব আৰু আগলৈ বৰঝাৰৰ শ্মশান টো খুওৱ ধুনীয়া কৈ বনাই দিয়াৰ ইচ্ছা আছে বুলি মত প্ৰকাশ কৰে। দিলীপ আগৰৱালাই বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ বুজ লয় আৰু ছাত্ৰ ছাত্ৰীক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিদ্যালয় কতৃপক্ষক দহ টা ফেন দিয়ে।

বিদ্যালয় কতৃপক্ষই গুৱাহাটীৰ পৰা অহা পৱন আগৰৱালা, ভবিতা আগৰৱালা, দিলীপ আগৰৱালা, মেহেক আগৰৱালা,নীতিশ আগৰৱালা,পুনিতা আগৰৱালাক ফুলাম গামোচাৰে সম্বৰ্ধনাৰ লগতে ধন্যবাদ জনায়। লীলানন্দ বিদ্যা নিকেতনৰ প্ৰধান শিক্ষক প্ৰবীৰ দে ই আগৰৱালা পৰিয়ালক আন্তৰিক ধন্যবাদ জনায় আৰু কয় যে স্থানীয় ৰাইজৰ সহায় অবিহনে বিদ্যালয় এখন পৰিচালিত কৰা বহু টান।এনেকোৱা সহায় সহযোগিতা পালে বহু ভাল লাগে।উক্ত চাইকেল ষ্টেণ্ড দ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বীৰেন্দ্ৰ নগৰ আশ্ৰম কতৃপক্ষৰ মনিন্দ্ৰ বসুমতাৰী,শশধৰ বিশ্বাস,অমিত দাস,লীলা নন্দ বিদ্যা নিকেতন হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীৰ দে, সহকাৰী শিক্ষক গৌতম ভৌমিক,বকলি দাস,নন্দদুলাল চৰকাৰ, দিপক সাহা,বিদ্যুত সাহা, স্বপন বিশ্বাস, গৌৰি ঘোষ, নৱজীত ঘোষ, স্থানীয় মান্য গণ্য় ৰাইজ আৰু প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰী।

মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু…

মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু। নিশা ঘৰলৈ গৈ থকা অৱস্থাত মৃত্যু হয় সাংবাদিকজনৰ।

তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ। এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড তাক লৈ বৰ্তমান ৰহস্য।

জেষ্ঠ্য সাংবাদিকজনৰ মৃত্যুত মৰিগাঁৱত শোকৰ ছাঁ ।

কলকাতাত চিকিৎসকৰ ন্য়ায়ৰ দাবীত আজি পশ্চিমবংগ বন্ধ…

আজি পশ্চিমবংগ বন্ধ! কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদত বুধবাৰে ৰাজ্যৰ সচিবালয়লৈ উলিয়াইছিল প্ৰতিবাদী সমদল।

বেৰিকেড ভাঙি ৰাজ্যৰ সচিবালয়ত প্ৰৱেশৰ চেষ্টা কৰিছিল প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ আৰু পানী হিলৈ নিক্ষেপৰ প্ৰতিবাদ।

পুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈ বন্ধৰ আহ্বান বিজেপিৰ।

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৩ খনকৈ এজাহাৰ দাখিল…

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ। ধিং থানাত ৩ খনকৈ এজাহাৰ দাখিল বিধায়কগৰাকীৰ বিৰুদ্ধে।

ধিং আঞ্চলিক ছাত্ৰ সন্থা, নাৰী সুৰক্ষা সমিতিয়ে দাখিল কৰে এজাহাৰ।

বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অশালীন মন্তব্যৰ অভিযোগ

বিনা প্ৰতিদ্বন্দিতাৰে আই চি চিৰ অধ্যক্ষ নিৰ্বাচিত হ’ল জয় শ্বাহ…

একমাত্ৰ হিচাপে মনোনয়ন পত্ৰ দাখিলৰ পিছত বি চি চি আইৰ ৩৫ বছৰীয়া সম্পাদক জয় শ্বাহ আই চি চিৰ ( আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ ) পৰৱৰ্তী অধ্যক্ষ হোৱাটো নিশ্চিত হ’ল ।

এই ক্ষেত্ৰত তেওঁ পঞ্চমগৰাকী ভাৰতীয় । শ্বাহে অৱশ্যে অহা ডিচেম্বৰতহে কাৰ্যভাৰ লোৱাৰ সম্ভাৱনা আছে ।

তেনেহলে বি চি চি আইৰ পৰৱৰ্তী সচিব কোন হ’ব ? এতিয়া তাৰেই কুচকাৱাজ আৰম্ভ হ’ব । সম্ভাব্য প্ৰাৰ্থী হিচাপে আন কেইবাগৰাকীৰ লগতে বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিত শইকীয়াৰ নামো ওলাইছে ।

সোণাপুৰত সন্দেহযুক্ত নাগৰিকৰ উচ্ছেদৰ প্ৰসংগ

২৭ আগষ্ট, সোণাপুৰ : সন্দেহজনক নাগৰিকৰ বাসগৃহত  অবৈধভাবে বিদ্যুৎ সংযোগ দিয়াৰ বিৰুদ্ধে আজি প্ৰতিবাদ উত্তাল হল সোণাপুৰ ।সোণাপুৰৰ নতুন বজাৰস্থিত বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত ডিমৰীয়াৰ বিভিন্ন দল-সংগঠনে অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে  ৷

উল্লেখ্য যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবিলা, পাৰগোমা,বেলটিলা, সোণাপুৰ পথাৰ, কচুতলি আদি অঞ্চলত দীৰ্ঘ  দিন ধৰি সন্দেহজনক লোক প্ৰৱেশৰ লগতে চৰণীয়া পথাৰ, চৰকাৰী ভূমি আৰু জনজাতীয় আবেষ্টনী অঞ্চলত বসবাস কৰাৰ অভিযোগ পোৱা গৈছিল  ৷ তেনে চৰকাৰী ভূমিত বসবাস কৰা  সন্দেহজনক আৰু অবৈধ নাগৰিকৰ গৃহত বিদ্যুৎ বিভাগে কেনেকৈ আৰু কি হিচাপে বিদ্যুৎ সংযোগ দিলে তাক লৈ এতিয়া সমগ্ৰ ডিমৰীয়বাসীৰ দল সংগঠনৰ  মাজত ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷ তাৰোপৰি খিলঞ্জীয়াক বঞ্চিত কৰি অবৈধ ভূমি বেদখলকাৰীক চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস গৃহও দিয়া হৈছিল  ৷

এনেবোৰ কাৰ্য্যৰ বাবে   স্হানীয় ৰাইজ  আৰু দল সংগঠন মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ যাৰ বাবে আজি সোণাপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি  প্ৰতিবাদ সাব্যস্ত কৰে স্হানীয় দল সংগঠনৰ লগতে ৰাইজ  ৷মন কৰিবলগীয়া যে কেইদিনমান পূৰ্বে মৰিগাওঁ জিলাৰ নাঙেলী অঞ্চলৰ পৰা ঘৰ নিৰ্মাণৰ বহু সামগ্ৰী লৈ কেইবাখনো ট্ৰেক্টৰ নিশা এঘাৰ মান বজাত সোণাপুৰৰ কচুতলি অভিমুখে গৈ আছিল ৷ তেনে সময়তে বৰবিলাত সন্দেহজনক ভাবে  দুখন ট্ৰেক্টৰ নিশাই ৰাইজে জব্দ কৰি সোণাপুৰ থানাত গতাই দিয়ে ৷লগতে এই ঘটনাৰ সন্দৰ্ভত চাৰিজন লোকক সোধা পোচাৰ বাবে সোণাপুৰ থানালৈ লৈ অনা হয় ৷  এনে ঘটনাৰ পিছতে স্হানীয়  ৰাইজ আৰু দল সংগঠন অধিক সক্ৰিয় হৈ পৰে ৷  বিষয়টোৰ সন্দৰ্ভত অধিক তদন্ত কৰিবলৈ  সোণাপুৰ থানাত কেবাটাও দল সংগঠনে পৃথকে পৃথকে এজাহাৰো দাখিল কৰে ৷ এই বিষয়ে প্ৰশাসনো পলম নকৰি বিষয়টো অধিক গুৰুত্ব সহকাৰে লৈ কচুতলি অঞ্চলত চৰকাৰী ভূমি আৰু জনজাতীয় আবেষ্টনি অঞ্চলত বসবাস কৰা কেবাটাও পৰিয়ালক উচ্ছেদ কৰে ৷ কেবাটাও পৰিয়ালক দিয়া হৈছে চৰকাৰী বিনামূলীয়া ঘৰ আৰু বিদ্যুৎ সংযোগ ৷ মন কৰিবলগীয়া যে চৰকাৰী ভূমিত বসবাস কৰা লোকে কেনেকৈ পালে ঘৰ আৰু বিদ্যুৎ সংযোগ ৷ এই প্ৰশ্ৰ বিভিন্ন দল সংগঠনৰ ৷ এনে কাৰ্যত কোন কোন জড়িত হৈ আছে ,ইয়াকে লৈ এতিয়া সমগ্ৰ ডিমৰীয়াত তোলপাৰ লাগিছে ৷যাৰ বাবে আজি সোণাপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে অবৈধ ভূমি দখল কৰি গৃহ নিৰ্মাণ কৰা লোকৰ গৃহৰ পৰা  বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিয়ে ৷

অন্যথা পৰৱৰ্তী সময়ত কাৰ্যালয়ৰ সন্মূখত তীব্ৰ আন্দোলন গঢি তুলিব বুলিও হুংকাৰ দিয়ে ৷অবৈধ বিদ্যুৎ সংযোগ প্ৰদানৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰা কেইবাজনো লোকৰ নাম বিদ্যুৎ বিভাগৰ বিষয়াক প্ৰতিবাদকাৰী সকলে প্ৰদান কৰে। অতিশীঘ্ৰে উক্ত কৰ্মচাৰীসকলক পদৰ পৰা অব্যাহতি প্ৰদান কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনাইছে ।ইফালে আজি বিয়লিৰ ভাগত পুণৰ সোণাপুৰত উপস্থিত হয় কামৰূপ (ম) জিলাৰ জিলা আয়ুক্ত সুমিত ছত্তৱান আৰু পূব কামৰূপ আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকা বেদখলস্থলী পৰিদৰ্শন কৰি অতিশীঘ্ৰে বেদখল উচ্ছেদৰ কথা ঘোষণা কৰে। ইতিমধ্যে প্ৰশাসনে অঞ্চলটোৰ চৰকাৰী ভূমি, চৰণীয়া পথাৰ আৰু জনজাতীয় আৱেষ্টনীত অবৈধভাবে বসবাস কৰি থকা লোকসকলক সেই স্থানৰ পৰা আতঁৰি যাবলৈ গাঁৱে গাঁৱে মাইক যোগে ঘোষণা কৰিছে ।