দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান।
৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

২০০০ চনৰ পৰা ২০১১ চনলৈকে, একেৰাহে ১১ বছৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল ভট্টাচার্য।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান।
৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

২০০০ চনৰ পৰা ২০১১ চনলৈকে, একেৰাহে ১১ বছৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল ভট্টাচার্য।
গোৱালপাৰাৰ লক্ষীপুৰত গুলীচালনাৰ ঘটনা। ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।

গুলীবিদ্ধ ডকাইত নুৰ আলম। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা।

ভৰিত আঘাতপ্ৰাপ্ত নুৰক গোৱালপাৰা অসামৰিকত চিকিৎসালয়ত ভৰ্তি।
আজিৰে পৰা আনুষ্ঠানিকভাৱে ৰাজ্যত আৰম্ভ হ’ব ‘নিযুত মইনা আঁচনি’। এই আঁচনিয়ে সামৰি ল’ব ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীক। এই আঁচনিৰ আধাৰতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলে প্ৰতিমাহে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন। আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলে গৰমৰ বন্ধৰ সময়খিনিক বাদ দি বাকী আটাইকেইটা মাহত প্ৰতি মাহে ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। তেওঁলোকে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নোহোৱা পৰ্যন্ত প্ৰতিমাহে ১১ তাৰিখে এই ধন লাভ কৰিব।সেইদৰে স্নাতক অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব। বি এডত অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব ২৫০০ টকাকৈ। এই সুবিধা ভেঞ্চাৰ আৰু জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলেও লাভ কৰিব।

ৰাজ্য চৰকাৰে পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই এটা বছৰত মুঠ ১০ মাহ এই আঁচনিৰ পৰা ধন লাভ কৰিব ছাত্ৰীসকলে। সেই অনুসৰি উচ্চতৰ মাধ্যমিকৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলে ২০ মাহ এই ধন লাভ কৰিব। সেইদৰেই স্নাতকত অধ্যয়নৰত ছাত্ৰীসকলে অধ্যয়ন সমাপ্ত নোহোৱা পৰ্যন্ত এই আঁচনিৰ সুবিধা লাভ কৰিব।অৱশ্যে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ নকৰিব। উচ্চতৰ আৰু স্নাতক মহলাত অধ্যয়নৰত কোনো ছাত্ৰী যদি বিবাহিত তেওঁৱো এই আঁচনিৰ পৰা বঞ্চিত হ’ব। অৱশ্যে স্নাতকোত্তৰ অধ্যয়নৰত ছাত্ৰী বিবাহিত হ’লেও তেওঁ এই আঁচনিৰ সুবিধা লাভ কৰিব।
কোনো ছাত্ৰী যদি একেটা শ্ৰেণীতে অনুত্তীৰ্ণ হৈ থাকে তেন্তে তেওঁৱো এই আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব। আনহাতে এই আঁচনিৰ সুবিধা সেইসকল ছাত্ৰীয়েহে লাভ কৰিব যিসকলে স্কুটি নলয়। ৰাজ্য চৰকাৰে এই আঁচনিৰখনৰ বাবে বান্ধি দিয়া চৰ্ত অনুসৰি স্কুটি আৰু নিযুত মইনাৰ যিকোনো এখন আঁচনিহে বাচি ল’ব লাগিব ছাত্ৰীয়ে। একেলগে দুয়োখন আঁচনিৰ সুবিধা লাভ নকৰিব। ৰাজ্যত ৫ বছৰত মুঠ ১০ লাখ ছাত্ৰীয়ে এই আঁচনিখনৰ সুবিধা লাভ কৰিব। আঁচনিখনৰ বাবে অসম চৰকাৰে ৩০০ কোটি টকা ধাৰ্য কৰিছে। আজি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে এই আঁচনি আৰম্ভ কৰিব।
অস্থিৰতাৰ মাজতে আজি বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শপত।

ন’বেল বিজয়ী মহম্মদ ইউনুছ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা। বাংলাদেশৰ সময় অনুসৰি নিশা ৮ বজাত হ’ব শপতগ্ৰহণ অনুষ্ঠান।

উপদেষ্টা পৰিষদত ১৫ জন সদস্য থকাৰ সম্ভাৱনা।
ৰাজ্যত পুনৰ হ’ব মুষলধাৰ বৰষুণ। ১১ আগষ্ট পৰ্যন্ত ৰাজ্যত হ’ব মুষলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই দিলে আগজাননী। ২৬খনকৈ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে Yellow Alert।

চুবুৰীয়া ৰাজ্য মেঘালয়তো বৰষুণৰ আগজাননী, আকৌ গুৱাহাটী মহানগৰবাসী কৃত্ৰিমবানৰ কৱলত পৰাৰ সম্ভাৱনা আছে।

দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বাক্সা,গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), ওদালগুৰি, দৰং, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, গোলাঘাট, লখিমপুৰ,ধেমাজি, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড় জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েল্ল’ এলাৰ্ট।
যেতিয়া এজন ব্যক্তিৰ ডায়েবেটিছ হয় তেতিয়া তেওঁৰ চেনিয়ে ‘বিষ’ যেন লাগে, কাৰণ চেনীয়ে হঠাতে ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি কৰে যিয়ে ব্যক্তিগৰাকীৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে চাহ বা আন বস্তুত মিঠা পাবলৈ কৃত্ৰিম মিঠাই ব্যৱহাৰ কৰিব পাৰে। কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে স্বাস্থ্যকৰ বুলি দাবী কৰা এই মিঠাইবোৰ আচলতে ইমান স্বাস্থ্যকৰ নহয়। জানি লওক কৃত্ৰিম মিঠাইৰ অসুবিধা-

১/ হৃদৰোগৰ আশংকা
ডায়েবেটিছ ৰোগীৰো হৃদৰোগৰ আশংকা থাকে, গতিকে যদি তেওঁলোকে কৃত্ৰিম মিঠাই খাবলৈ আৰম্ভ কৰে তেন্তে বিপদৰ সম্ভাৱনা বেছি। এই মিঠা বস্তুটোৱে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত হাৰ্ট এটেকৰ আশংকা সৃষ্টি হ’ব।
২/ ওজন বৃদ্ধি হব পাৰে
কৃত্ৰিম মিঠাই আমাৰ শৰীৰৰ কেলৰি গ্ৰহণ নিয়ন্ত্ৰণৰ স্বাভাৱিক ক্ষমতাত বিৰূপ প্ৰভাৱ পেলায়, যাৰ ফলত অতিমাত্ৰা খাদ্য গ্ৰহণ হয় আৰু শেষত ওজন বৃদ্ধি হয়।
৩/ মিঠা লোভ বাঢ়িব
আপুনি কৃত্ৰিম মিঠাইক মিঠাৰ বিকল্প হিচাপে বিবেচনা কৰিব পাৰে, কিন্তু যদি আপুনি ইয়াক অত্যধিকভাৱে সেৱন কৰে তেন্তে আপোনাৰ মিঠাই খোৱাৰ ইচ্ছা বহু পৰিমাণে বৃদ্ধি পাব আৰু শেষত আপুনি অত্যধিক কেলৰি খাব পাৰে, যিয়ে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।
৪) হজম শক্তিৰ ওপৰত প্ৰভাৱ
অতিৰিক্তভাৱে কৃত্ৰিম মিঠা দ্ৰব্য সেৱন কৰিলে পেট ফুলা, গেছ আৰু ডায়েৰিয়া আদি পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।
পেৰিছ অলিম্পিকত পদক অৰ্জনৰ দৌৰৰ পৰা বাহিৰ মীৰাবাঈ চানু।
১ কিলোগ্ৰামৰ বাবে পদক লাভৰ পৰা বঞ্চিত ভাৰতীয় ভাৰোত্তোলকগৰাকী।
৪৯ কিলোগ্ৰাম শাখাৰ ভাৰোত্তোলন প্ৰতিযোগিতাত চতুৰ্থ স্থান লাভ চানুৰ।

আজি অলিম্পিকত পদকৰ যুঁজত নমাৰ কথা আছিল মীৰাবাঈ চানু।
জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ বাবে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে পালন কৰিবলগীয়া লগীয়া ‘ঘৰে ঘৰে’ ত্ৰিৰংগ বা হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচীৰ সন্দৰ্ভত বুধবাৰে জনতা ভৱনৰ কাৰ্য্যালয় কক্ষত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয়। বিগত বৰ্ষৰ দৰে এইবাৰো দেশৰ স্বাধীনতা দিৱস উপলক্ষে অহা ১৩ আগষ্টৰ পৰা ‘ঘৰে ঘৰে ত্ৰিৰংগ’ কাৰ্যসূচী প্ৰতিখন জিলাতে ৰূপায়িত হ’ব। এই কাৰ্যসূচীত সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ইয়াৰ অধীনত ১৩আগষ্টৰ পূর্বৰে পৰা কেতবোৰ অন্য কাৰ্যসূচীও সমগ্ৰ ৰাজ্যখনতে ৰূপায়ণ কৰা হ’ব।

উল্লেখ্য যে বিগত বৰ্ষতো ‘আজাদি কা অমৃত মহোৎসৱ’ৰে সংগতি ৰাখি সমগ্ৰ দেশতে ‘ঘৰে ঘৰে ত্ৰিৰংগ’ শীৰ্ষক কাৰ্যসূচী হাতত লোৱা হৈছিল।২০২২ বৰ্ষত দেশৰ ২৩কৌটি পৰিয়ালে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল।
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভা খনত প্ৰতিখন জিলাতে তিৰংগা শীর্ষক দেশ প্ৰেম মূলক গীতৰ অনুষ্ঠানআয়োজিত কৰাৰ সিদ্ধান্ত লোৱা হয়।ইয়াৰ লগতে তিৰংগা কেনভাছ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।উন্নয়ণ খণ্ড পৰ্যায়ত আয়োজিত হ’ব লগীয়া এই কাৰ্যসূচীত ৰাজহূৱা স্হানত ৰখা ৰাষ্ট্ৰীয় পতাকাৰ জোখৰ কেনভাছত জন সাধাৰণে নিজ নিজ ভাষাত ‘হৰ ঘৰ তিৰংগা’ আৰু ‘জয় হিন্দ’ বুলি লিখিব পাৰিব।প্ৰতিখন ৰাজ্যৰে এনে কেনভাছবোৰ১৫ আগষ্টত দিল্লীৰ লালকিল্লাত অনুষ্ঠিতব্য স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা হ’ব।
ইয়াৰ লগতে ত্ৰিৰংগ শপত, ত্ৰিৰংগ যাত্ৰা তথা স্বাধীনতা সংগ্ৰামী আৰু তেওঁ লোকৰ পৰিয়ালৰ বিভিন্ন স্হানীয় কাৰ্যসূচীত অংশগ্ৰহণ আৰু উপস্থিতি নিশ্চিত কৰাৰ বাবে জিলা সমূহক নিৰ্দেশ দিয়াৰ সিদ্ধান্ত সভাত লোৱা হয়।
সভাত সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, সচিব মণিদিপা বৰকটকী, সঞ্চালিকা মীনাক্ষী দাস নাথ, ষ্টেট আৰ্ট কলেজৰ অধ্যক্ষ নৱজিৎ ডেকাকে ধৰি কেবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্হিত আছিল।
পেৰিছ অলিম্পিকত আজি প্ৰথমটো স্বৰ্ণ জয়ৰ আশা ভাৰতৰ।

নীৰজ চোপ্ৰা অৱতীৰ্ণ হ’ব জেভলিন থ্ৰ’ৰ ফাইনেলত।
নিশা ১১.৫৫ বজাত অনুষ্ঠিত হ’ব ফাইনেল খেলখন।
পেৰিছ অলিম্পিকৰ ফাইনেলত অযোগ্য ঘোষণাৰ পাছতে মল্লযোঁজৰ পৰা বিদায় ল’লে ভিনেশ ফোগাটে। সামাজিক মাধ্যমত আৱেগিক পোষ্ট ভাৰতীয় মল্লযোদ্ধাগৰাকীৰ।

‘মা, কুস্তি জিকি গ’ল, মই হাৰি গ’লোঁ। ক্ষমা কৰিব, আপোনাৰ সপোন, মোৰ সাহস সকলো ভাগি গৈছে। ইয়াতকৈ বেছি শক্তি আৰু এতিয়া মোৰ নাই। বিদায় মল্লযুঁজ ২০০১-২০২৪। আপোনালোক সকলোৰে ওচৰত মই সদায় ঋণী হৈ থাকিম’। এইদৰে সামাজিক মাধ্যমত আৱেগিক প’ষ্ট শ্বেয়াৰ কৰি মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা কৰিলে ভিনেশ ফোগাটে।