আজি অলিম্পিকত পদকৰ যুঁজত নামিব মীৰাবাঈ চানু।

ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত খেলিব মীৰাবাঈ চানুৱে।

ভাৰোত্তোলনৰ পদকৰ দৌৰত নামিব উঃ-পূবৰ গৌৰৱ মীৰাবাঈ চানু।
আজি অলিম্পিকত পদকৰ যুঁজত নামিব মীৰাবাঈ চানু।

ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত খেলিব মীৰাবাঈ চানুৱে।

ভাৰোত্তোলনৰ পদকৰ দৌৰত নামিব উঃ-পূবৰ গৌৰৱ মীৰাবাঈ চানু।
লাহৰীঘাটত চাঞ্চল্যকৰ হত্যাকাণ্ড। আমগুৰিত নিশা বাসগৃহতে আবু বক্কৰ ছিদ্দিকক হত্যা।

পৰিয়ালৰ লোকেই আবু বক্কৰ ছিদ্দিকক হত্যা কৰাৰ অভিযোগ। আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য।
বাংলাদেশত আৱামি লীগ পাৰ্টীৰ নেতাক আক্ৰমণৰ লক্ষ্য প্ৰতিবাদকাৰীৰ। শ্বেখ হাছিনাৰ নেতৃত্বাধীন আৱামি লীগ পাৰ্টীৰ ২৯জন নেতাৰ মৃতদেহ উদ্ধাৰ।

গুৱাহাটীৰ ফ্ৰণ্টিয়াৰৰ ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪০৯৬ কিলোমিটাৰ, বি এছ এফ গুৱাহাটী সীমান্তৰ অধীনস্থ ৫০৯ কিলোমিটাৰ কোঁচবিহাৰ জিলা (পশ্চিম বংগ)ৰ পৰা দক্ষিণ শালমৰা মানকাচৰ (অসম)লৈকে বিস্তৃত ৷
গুৱাহাটী সীমান্তই এই সমগ্ৰ এলেকা পহৰা দিবলৈ ১১টা বি এছ এফ বেটেলিয়ন আৰু এটা ৱাটাৰ উইং মোতায়েন কৰিছে, যিবোৰ সকলো এতিয়া হাই এলাৰ্টত আছে ৷
কাজিৰঙাত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ বলেৰ’ ভান জব্দ। কাজিৰঙাৰ গেলেকীৰ পৰা যোৰহাট অভিমুখী আছিল বাহনখন।

বনকৰ্মীয়ে তত্পৰতাৰে জব্দ কৰে চোৰাং কাঠসহ বলেৰ’ ভানখন।

বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰে বনকৰ্মীয়ে।
আজি ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলাৰ অন্তিমখন মেচ। ৰোহিত শৰ্মাৰ নেতৃত্বত অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই।

শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচ। দিনৰ ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন।

ইতিমধ্যে শৃংখলাখনত ১-০ৰ ব্যৱধানত আগবাঢ়ি আছে শ্ৰীলংকা।
ভাৰতৰ মল্লযোদ্ধা ভিনেছ ফোগাটৰ ফাইনেলত প্ৰৱেশ। ছেমিত কিউবাৰ প্ৰতিদ্বন্দ্বী ৱাই গুজমান ৫-০ত পৰাস্ত। অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা মল্লাযোদ্ধা ফোগাট।

স্বৰ্ণজয়ৰ লক্ষ্যৰে আজি ৰিঙত নামিব ভিনেশ ফোগাট। বিয়লি ২:৩০ মিনিটত আমেৰিকাৰ হিল্ডেব্ৰাণ্ডৰ বিৰুদ্ধে যুঁজত নামিব ভিনেশ।

ছেমিত কিউবাৰ প্ৰতিদ্বন্দ্বী ৱাই গুজমানক পৰাস্ত কৰিছিল ভিনেশে। অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা মল্লযোদ্ধা ফোগাট।
দৈনন্দিন বাৰ্তাৰ সেৱা,নলবাৰী,০৬ আগষ্ট: আই আই ই’ৰ নেতৃত্বত আৰু জোনালী মহিলা মীন পালন সমবায় সমিতি লিমিটেডৰ উদ্যোগত লাফাকুছিত এখন সাধাৰণ সভাৰ লগতে সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । জোনালী মহিলা মীন পালন সমবায় সমিতি লিমিটেডৰ সঞ্চালক ধ্ৰুৱজিত মদাহী সভাপতিত্বত অনুষ্ঠিত সভাখনত জোনালী মহিলা মীন পালন সমবায় সমিতি লিমিটেডৰ সভাপতি দিপালী দাস,সম্পাদক মালতী ডেকা,মিডিয়া পাৰ্ছন ধ্ৰুৱ জ্যোতি মালাকৰ সহ সমবায়ৰ সদস্য সকল উপস্থিত থাকে ।

আনহাতে আই আই ই’ৰ এল আৰ পি অপুৰ্ব শৰ্মাই সভাখনত সমবায়ৰ সদস্য আৰু মৎস্যপালক সকলৰ সতে মৎস্য পালনৰ ক্ষেত্ৰত হোৱা বিভিন্ন অসুবিধাৰ বুজ লয় । ভবিষ্যতে তেওঁলোকক বিভিন্ন দিশত প্ৰশিক্ষণ দিয়া হ’ব,চৰকাৰে মৎস্যপালক সকলৰ বাবে দিয়া আঁচনি সমূহৰ বিষয়ে, মৎস্যপালক সকলৰ বীমা আদিৰ বিষয়ে জিলা খনৰ এল আৰ পি অপূৰ্ব শৰ্মাই ভাষনৰ জৰিয়তে মৎস্যপালক সকলক জানিব দিয়ে আৰু পিছত মীন পালন পুখুৰী সমুহ পৰিদৰ্শন কৰে এল আৰ পি গৰাকীয়ে । উল্লেখ্য যে এই সভাৰ পুৰ্বে উক্ত এলেকাৰ চলেন বিল মীন পালন চচাইটি লগত ও আই আই ই’ৰ নেতৃত্বত সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ।
গুৱাহাটী,৬আগষ্ট: জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ বাবে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে পালন কৰিবলগীয়া লগীয়া ‘ঘৰে ঘৰে’ ত্ৰিৰংগ বা হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচীৰ সন্দৰ্ভত আজি জনতা ভৱনৰ কাৰ্য্যালয় কক্ষত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয়।

বিগত বৰ্ষৰ দৰে এইবাৰো দেশৰ স্বাধীনতা দিৱস উপলক্ষে অহা ১৩ আগষ্টৰ পৰা ‘ঘৰে ঘৰে ত্ৰিৰংগ’ কাৰ্যসূচী প্ৰতিখন জিলাতে ৰূপায়িত হ’ব। এই কাৰ্যসূচীত সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ইয়াৰ অধীনত ১৩আগষ্টৰ পূর্বৰে পৰা কেতবোৰ অন্য কাৰ্যসূচীও সমগ্ৰ ৰাজ্যখনতে ৰূপায়ণ কৰা হ’ব।
উল্লেখ্য যে বিগত বৰ্ষতো ‘আজাদি কা অমৃত মহোৎসৱ’ৰে সংগতি ৰাখি সমগ্ৰ দেশতে ‘ঘৰে ঘৰে ত্ৰিৰংগ’ শীৰ্ষক কাৰ্যসূচী হাতত লোৱা হৈছিল।২০২২ বৰ্ষত দেশৰ ২৩কৌটি পৰিয়ালে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল।
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভা খনত প্ৰতিখন জিলাতে তিৰংগা শীর্ষক দেশ প্ৰেম মূলক গীতৰ অনুষ্ঠানআয়োজিত কৰাৰ সিদ্ধান্ত লোৱা হয়।ইয়াৰ লগতে তিৰংগা কেনভাছ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

উন্নয়ণ খণ্ড পৰ্যায়ত আয়োজিত হ’ব লগীয়া এই কাৰ্যসূচীত ৰাজহূৱা স্হানত ৰখা ৰাষ্ট্ৰীয় পতাকাৰ জোখৰ কেনভাছত জন সাধাৰণে নিজ নিজ ভাষাত ‘হৰ ঘৰ তিৰংগা’ আৰু ‘জয় হিন্দ’ বুলি লিখিব পাৰিব।প্ৰতিখন ৰাজ্যৰে এনে কেনভাছবোৰ১৫ আগষ্টত দিল্লীৰ লালকিল্লাত অনুষ্ঠিতব্য স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা হ’ব।
ইয়াৰ লগতে ত্ৰিৰংগ শপত, ত্ৰিৰংগ যাত্ৰা তথা স্বাধীনতা সংগ্ৰামী আৰু তেওঁ লোকৰ পৰিয়ালৰ বিভিন্ন স্হানীয় কাৰ্যসূচীত অংশগ্ৰহণ আৰু উপস্থিতি নিশ্চিত কৰাৰ বাবে জিলা সমূহক নিৰ্দেশ দিয়াৰ সিদ্ধান্ত সভাত লোৱা হয়।
সভাত সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, সচিব মণিদিপা বৰকটকী, সঞ্চালিকা মীনাক্ষী দাস নাথ, ষ্টেট আৰ্ট কলেজৰ অধ্যক্ষ নৱজিৎ ডেকাকে ধৰি কেবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্হিত আছিল।
আমবাৰীত অগপৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ সভা
নিৰ্বাচন কেন্দ্ৰীক তৎপৰতাৰে ব্যাপক সাংগঠনিক কাৰ্য্যসূচী
সৰ্বস্তৰতে অগপক শক্তিশালী কৰাৰ সংকল্প লবলৈ আহ্বান অতুল বৰাৰ
আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত পৰিলক্ষিত হ’ল বিশেষ ব্যস্ততাপূৰ্ণ তৎপৰতা। অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চাৰিখনকৈ বৰ্ধিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়। চাৰিখন সভাতে কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু সমষ্টি সমিতিৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে। মুলতঃ দলটোক তৃণমূল পৰ্য্যায়ৰ পৰা ব্যাপক ৰূপত সাংগঠনিক ভাৱে শক্তিশালী কৰাৰ উদ্দেশ্যেই আৰু নিৰ্বাচন কেন্দ্ৰীক প্ৰস্তুতিৰে এই সভা অনুষ্ঠিত হয়। তিনিওখন সভাতে উপস্থিত থাকি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই দলটোক সৰ্বস্তৰতে সম্প্ৰসাৰিত তথা শক্তিশালী কৰাৰ উদ্দেশ্যে এলানি সাংগঠনিক কাৰ্য্যসূচী ঘোষণা কৰে। সেই অনুসৰি ১১, ১২ আৰু ১৩ আগষ্ট তাৰিখে সকলো বিধান

সভা সমষ্টিতে সভা অনুষ্ঠিত কৰাৰ লগতে ১৯,২০ আৰু ২১ আগষ্ট তাৰিখে গুৱাহাটীত তিনিদিনীয়াকৈ ৰাজনৈতিক কৰ্মশালা আৰু ২৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈ প্ৰতিটো বুথতে বুথ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথা সদৰি কৰে। সভাপতি বৰাই কয় যে, দলে ঘোষণা কৰা জনসম্পৰ্কীয় কৰ্মসূচীৰ জৰিয়তে ৰাইজৰ মাজলৈ গৈ জ্যেষ্ঠ জনৰ লগত মতবিনিময় কৰাৰ লগতে দলক আগবঢ়াই নিয়াৰ পৰামৰ্শ গ্ৰহণ কৰিব। আঞ্চলিকতাবাদৰ সুদিন উভতি আহিছে বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে, এক শক্তিশালী আঞ্চলিকতাবাদ অসম গণ পৰিষদ দলে ৰাইজৰ সন্মুখলৈ আগবঢ়াই নিব। ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ বাবে আঞ্চলিকতাবাদৰ মুখাপিন্ধি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ চত্ৰছায়াত ৰাজনীতি কৰা সকলৰ মুখা খোল খাইছে বুলিও বৰাই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

বৰাই পঞ্চায়ত আৰু উপ-নিৰ্বাচনৰ কাৰণে সকলো দলীয় সদস্যকে সাজু হ’বলৈ আহ্বান জনাই কয় যে, পঞ্চায়তৰ প্ৰতিটো স্তৰতে দলে প্ৰতিদ্বন্দিতা কৰিব। সভাত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, শক্তিশালী সাংগঠনিক কাঠামোৰ জৰিয়তে অসম গণ পৰিষদ দলে আহিবলগীয়া দিনসমূহত অসমৰ ৰাজনীতিত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। ভাতৃ-ভগ্নী সংগঠনসমূহ হৈছে দলৰ অন্যতম স্তম্ভ স্বৰূপ। ভাতৃ-ভগ্নী সংগঠনসমূহে নিজস্ব কাৰ্য্যসূচীৰ জৰিয়তে সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সু-সম্পৰ্ক ৰক্ষা কৰি দলটোক অধিক শক্তিশালী কৰাৰ পৰিবেশ ৰচনা কৰিব লাগিব বুলি উল্লেখ কৰে। সভাত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা০ কমলাকান্ত কলিতা, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সুনীল ডেকা, ড০ তপন দাস, উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য আদি উপস্থিত থাকে।
অশান্ত বাংলাদেশ! ভাৰতৰ সীমান্তত BSFৰ হাই এলাৰ্ট জাৰি। আজিৰে পৰা সীমান্তৰ জিৰ’ লাইন এলেকাত বন্ধ কৰা হৈছে খেতি-বাতি।

পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ থাকিব খেতিপথাৰৰ কাম।

এই কথা সদৰী কৰিছে BSFৰ শীৰ্ষ সূত্ৰই।