Home Blog Page 606

বাৰিষা লেতেৰা পানীৰ পৰা ছালৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ এই ঘৰুৱা উপায়সমূহ পালন কৰক…

বাৰিষাৰ পিছত বতৰৰ পৰিৱৰ্তনৰ লগে লগে ছালৰ লগত জড়িত সমস্যাও হয়। ফোহা আৰু শুকান ছালৰ দৰে সমস্যাই মানুহক অসুবিধা দিবলৈ আৰম্ভ কৰে। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ কিছু সহজ আৰু ঘৰুৱা উপায় জানি লওক। আনহাতে এনে বতৰত শুকান খাদ্য আৰু বেকাৰী সামগ্ৰী গ্ৰহণ কৰাটো পৰিহাৰ কৰিব লাগে। ইয়াৰ উপৰিও পেট পৰিষ্কাৰ কৰি ৰখাটোও অতি প্ৰয়োজনীয়, কাৰণ পেটটো ছালৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।

ঘৰুৱা উপায় সমূহ হৈছে-

লঘু খাদ্য খাব লাগে, মগু দাইলেৰে তৈয়াৰী ৰ’টি খালে পেট ভাল হৈ থাকে আৰু ছালৰ ৰোগৰ সম্ভাৱনা কম হয়।

পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে, পানীয়ে ছালখন হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে আৰু ছালৰ ৰোগৰ পৰা ৰক্ষা কৰে।

প্ৰাকৃতিক প্ৰতিকাৰে কেৱল ছালৰ ৰোগ নিৰাময় কৰাই নহয় শৰীৰক সুস্থ কৰি ৰাখিব পাৰে।

দাম লাখ টকা, বাংলাদেশৰ এই শাৰী সমূহ সমগ্ৰ বিশ্বতে বিখ্যাত! শ্বেখ হাছিনাইও পিন্ধে এনে শাৰী…

সমগ্ৰ বিশ্বতে ফেশ্বন প্ৰেমীৰ মাজত বাংলাদেশী শাৰী অতি জনপ্ৰিয়। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাকো বহু আন্তঃৰাষ্ট্ৰীয় সভাত এই শাৰী পিন্ধা দেখা গৈছে। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন শ্ব’ আৰু আলোচনীৰ পৃষ্ঠাতো এই শাৰীবোৰ দেখা পোৱা যায়। কেৱল এয়াই নহয়, ইয়াৰ সৌন্দৰ্য্য আৰু বৈচিত্ৰ্যৰ বাবেও ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতি দিয়া হৈছে এই শাৰীবোৰ। এই শাৰীবোৰ হাতেৰে তৈয়াৰ কৰা হয়, যাৰ বাবে ইয়াৰ বাবে বহু সময় লাগে। এনে পৰিস্থিতিত জামদানী শাৰী বনোৱাটো এক শিল্পকৰ্ম, যাক ইউনেস্ক’ই সাংস্কৃতিক ঐতিহ্যৰ অংগ হিচাপে গঢ়ি তুলিছে।

বাংলাদেশী মুছলিন শাৰীক অতি বিশেষ বুলি গণ্য কৰা হয়। এইবোৰ মিহি কপাহৰ পৰা তৈয়াৰ কৰা হয়। এই শাৰী কোমল আৰু আৰামদায়ক হোৱাৰ বাবে ইয়াৰ চাহিদা সমগ্ৰ বিশ্বতে অতি বেছি।তন্ত শাৰীক ঢকাই শাৰী বুলিও কোৱা হয়। এই হাতেৰে বোৱা কপাহী শাৰীবোৰ পাতল আৰু স্পন্দনশীল ৰঙৰ বাবে বিখ্যাত।ৰেচমৰ শাৰীয়ে বাংলাদেশী ফেশ্বনত বিলাসীতাক প্ৰতিনিধিত্ব কৰে। এই শাৰীবোৰ ৰেচমৰ সূতাৰ পৰা বোৱা হয় আৰু প্ৰায়ে জটিল এম্ব্ৰয়ডাৰী আৰু ডিজাইন থাকে।

আজি গুৱাহাটীৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ…

আজি গুৱাহাটীৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা।

মহানগৰীৰ বান পৰিস্থিতিৰ বাবে এই বন্ধৰ নিৰ্দেশ।

মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বানৰ বাবে আজি গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনস্থ সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান–মহাবিদ্যালয়, কোচিং চেণ্টাৰসহ কামৰূপ মহানগৰ জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে।

পুনৰ মহানগৰীৰ আভিজাত্যক ভেঙুচালি কৰিলে এজাক বৰষুণে…

পুনৰ মহানগৰীৰ আভিজাত্যক ভেঙুচালি দেখুৱালে এজাক বৰষুণে। মহানগৰীৰ বাবে বৰষুণ সপোন যেন নহয়, সীমা হীন দুদৰ্ষাহে সেয়া পুণৰ প্ৰমাণিত হ’ল সোমবাৰৰ বিয়লিৰ এজাক বৰষুণত। সোমবাৰে বিয়লি অহা মুষলধাৰ বৰষুণত সমগ্ৰ মহানগৰী কৃত্ৰিম বানত বুৰ যায় । মহানগৰীৰ চানমাৰি , নুনমাটি, বামুনীমৈদান, জি এছ ৰোড , উলুবাৰী , নমাইল , যোৰাবাট , গুৱাহাটী ক্লাৱ, আমবাৰী , ৰুক্মিণী গাঁও, হাতীগাও,বেলতলা, গণেশগুৰি , গান্ধীবস্তি , ৰাজগড়, পুৱশৰণীয়াকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায়।

ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে। তদুপৰি মহানগৰীৰ ঠায়ে ঠায়ে তীব্ৰ যান জঁটৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ কৱলত স্বাভাৱিক জীৱন যাপন ব্যাহত হৈ পৰে। মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নলা নৰ্দমা নিষ্কাষণৰ বাবে অত্যাধুনিক যন্ত্ৰ চৰকাৰে ব্যৱহাৰ কৰিছে যদিও মহানগৰীৰ কৃত্ৰিম বান ৰোধত ব্যৰ্থ হয়।

ৰাণী বনাঞ্চলৰ গভীৰ অৰণ্যত এৰি দিয়া হয় হাতীটো

গুৱাহাটী , ৫ আগষ্ট : শক্তিপীঠ কামাখ্যা মন্দিৰ চৌহদসহ নীলাচল পাহাৰত বিগত প্ৰায় ৯ দিনমান ধৰি বিচৰণ কৰি থকা এটা বনৰীয়া হাতীক আজি পুৱতি নিশা বন বিভাগে ট্ৰেংকুলাইজদ কৰি অচেতন কৰিবলৈ সক্ষম হৈছে। আজি পুৱাৰ ভাগত হাতীটোক পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলৰ বনৰীয়া হাতীৰ বিচৰণথলী হিচাপে পৰিচিত গভীৰ অৰণ্যত এৰি দিয়া হয়। বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি ব্ৰহ্মপুত্ৰৰ পানীত উটি অহা বুলি সন্দেহ কৰা মখন্দা হাতীটোক ২৪ জুলাইত গুৱাহাটীৰ সমীপৰ ৰামচিং চাপৰিত প্ৰত্যক্ষ কৰা হৈছিল। তাৰ পাছত ২৬ জুলাইত নীলাচল পাহাৰৰ বংশী বাগানত হাতীটো বিচৰণ কৰাত শক্তিপীঠ কামাখ্যা মন্দিৰ চৌহদকে ধৰি সমগ্ৰ নীলাচল পাহাৰত থকা বাসিন্দা সকলৰ মাজত আতংকৰ সৃষ্টি হয় ।

প্ৰথম অৱস্থাত পাহাৰৰ তলৰ ফালে ব্ৰহ্মপুত্ৰৰ নদীৰ কাষৰ অঞ্চলৰ লগতে পাহাৰৰ হাবিত বিচৰণ কৰি আছিল হাতিটোৱে ।পৰৱৰ্তী সময়ত নীলাচল পাহাৰৰ বিভিন্ন ঠাইলৈ গমন কৰা বনৰীয়া হাতীটোৰ মুক্ত বিচৰণক লৈ শংকিত হৈ পৰিছিল সমগ্ৰ নীলাচল পাহাৰবাসী ৰাইজ । যাৰ বাবে হাতীৰ ভয়ত নিশা উজাগৰে কটাবলগীয়া হৈছিল ৰাইজে। ইফালে বন বিভাগৰ গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱা আৰু খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া জিণ্টো তালুকদাৰৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে নীলাচল পাহাৰত বাহৰ পাতি হাতীটো নিৰাপদে উলিয়াই পঠিয়াবলৈ চেষ্টা কৰিছিল যদিও সফল হব পৰা নাই ।

অবশেষত সন্ধিয়াৰ পৰা দুটা উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত হাতী লৈ বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়াৰ নেতৃত্বত ৰাজ্যিক চিৰিয়াখানা প্ৰাধিকৰণ, গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয় , দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ উপৰিও বন বিভাগৰ গুৱাহাটীত থকা কেইবাটাও বন বিভাগৰ কাৰ্য্যালয়ৰ যৌথ অভিযানকাৰী দলে নীলাচল পাহাৰত বনৰীয়া হাতীটোৰ সন্ধানত অভিযান আৰম্ভ কৰে। তাৰ পাছত নীলাচল পাহাৰৰ নামনিত থকা কালীপুৰৰ নীলাচল বিদ্যাপীঠৰ সমীপত হাতীটোক অভিযানকাৰী দলটোৱে টেংকুলাইজদ কৰি অচেতন কৰিবলৈ সক্ষম হয়। তাৰ পাছত ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসা বিষয়া ডাঃ প্ৰণৱ দাসৰ নেতৃত্বত চিৰিয়াখানাৰ পৰা অহা এটা বনকৰ্মীৰ দলে হাতীটোক চিকিৎসা আৰু পৰ্যবেক্ষণ কৰে আৰু এখন বাহনত হাতীটোক ৰাণী বনাঞ্চলৰ গভীৰ অৰণ্যত এৰি দিয়া হয়। সম্প্ৰতি পূৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অৰ নিৰ্দেশত ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দলে হাতীটোক পৰ্যবেক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত মহানগৰীত কেন্দ্ৰীয়ভাৱে আয়োজন মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ…

মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত মহানগৰীত কেন্দ্ৰীয়ভাৱে আয়োজন মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ

শঙ্কৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত এই কাৰ্যসূচী

শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ ভাতৃ সংগঠন শঙ্কৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত অহা ইং ২৭ অক্টোবৰ ২০২৪ তাৰিখে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, সৰ্বগুণাকৰ, শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ মহানগৰীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ’ব। ঐক্য, সংহতিৰে সকলো জাতি জনগোষ্ঠীক লৈ বৰ অসমৰ ভেটি সুদৃঢ় কৰা মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া এই

অনুষ্ঠানত ৫ হাজাৰ গায়ন-বায়ন, নামতিয়ে গুৰুজনাৰ অমুল্য সৃষ্টিৰাজি বৰগীত, ঘোষানাম, হোলীগীত, থিয়নাম, সত্ৰীয়া নৃত্য, অংকীয়া নাট আদি পৰিবেশন কৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ’বলগীয়া উক্ত কাৰ্যসূচীৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত কৰিছে উদ্যোক্তাসকলে। মহানগৰীৰ কুমাৰপাৰস্থিত শ্ৰীশ্ৰী

ৰাজহুৱা সত্ৰৰ মুখ্য সেৱক সনাতন দাস বাপ, শঙ্কৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ কাৰ্যকৰী সভাপতি মৃদুল কুমাৰ মেধি আৰু কাৰ্যকৰী সম্পাদক কমল কুমাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচৰা নামতি দল, গায়ন-বায়নসকলে 9864088828, 98641 16513, 9864602104 নম্বৰত যোগাযোগ কৰিবলৈ কাৰ্যলয় সম্পাদক ডিম্পী ভৰালীয়ে অনুৰোধ জনাইছে।

স্মাৰ্ট চিটি গুৱাহাটী এজাক বৰষুণতেই কৃত্ৰিম বানত হাহাকাৰ অৱস্থা…

স্মাৰ্ট চিটি গুৱাহাটী। স্মাৰ্ট চিটি বুলি ক’লেই ধাৰণা এটা মনলৈ আহে যে চাৰিওফালে বিকাশ, প্ৰগতি, ভাল ৰাস্তা ঘাট, উদ্যোগ, অট্টালিকা আদিৰে সমাহাৰ এখন ঠাই। কিন্তু স্মাৰ্ট চিটি গুৱাহাটীৰ ক্ষেত্ৰত এখন বেলেগ ছবিহে মনলৈ আহে। ঠায়ে ঠায়ে নিৰ্মাণ কৰি থকা ফ্লাই অভাৰ, বিভিন্ন বিকাশৰ পদক্ষেপৰ লগতে চকুৰ আগত আহে বানে বুৰাই পেলোৱা গুৱাহাটী।

বানপানী কোনো নতুন সমস্যা নহয়। কৃত্ৰিম বানপানীৰ ফলতো ৰাজপথতেই নদী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা দৃশ্য নতুন নহয়। এজাক বৰষুণতেই পানীত ডুব যায় গুৱাহাটী মহানগৰী। এয়াই সত্য, এয়াই স্মাৰ্ট চিটিৰ অৱস্থা।

আজিও একেই অৱস্থা হয় মহানগৰীত। এজাক বৰষুণ, তাৰপাছতেই মহানগৰীত কৃত্ৰিম বান। হাতীগাঁও, চানমাৰী,বেলতলা আদিকে ধৰি একাংশ অঞ্চল ডুৱ গ’ল কৃত্ৰিম বানত।বাদ নপৰিল দিছপুৰো। ৰজাঘৰীয়াৰ স্থানো ডুবালে বৰষুণে। কৰবাত এক আঁঠু কৰবাত একঁকাল পানীৰ মাজতেই চলিছে যান্ত্ৰিক মহানগৰী।

ভাৰতৰ পৰা লণ্ডনলৈ যাত্ৰা শ্বেখ হাছিনাৰ!

ভাৰতৰ পৰা লণ্ডনলৈ যাত্ৰা শ্বেখ হাছিনাৰ! পদত্যাগৰ পিছতে দেশ এৰিছে হাছিনাই। বাংলাদেশৰ সেনাৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতত উপস্থিত হোৱাৰ পিছত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই লণ্ডনলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে।

৭৬ বছৰীয়া হাছিনাই এমাহৰ তীব্ৰ আৰু মাৰাত্মক চৰকাৰ বিৰোধী প্ৰতিবাদৰ অন্তত বাংলাদেশ এৰিলে। কেইবা সপ্তাহ ধৰি পদত্যাগ কৰাৰ হেঁচা সহ্য কৰিও দেওবাৰে বিশেষভাৱে হিংসাত্মক অশান্তিৰ দিনটোৰ পিছত পলায়ন কৰে, দেওবাৰৰ প্ৰতিবাদত প্ৰায় ১০০ জন লোকৰ মৃত্যু হয়।

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা টেবুল টেনিছ দল..

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা টেবুল টেনিছ দলৰ।

১৬ ৰাউণ্ডত ৰোমানিয়াক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা টেবুল টেনিছ দলৰ।

মণিকা বাট্ৰাৰা সুন্দৰ প্ৰদৰ্শনৰ চৰ্চা।

কোৱাৰ্টাৰ ফাইনেলত আমেৰিকা বা জাৰ্মানীৰ বিৰুদ্ধে খেলিব ভাৰতে।

মুষলধাৰ বৰষুণত বুৰিল গুৱাহাটী মহানগৰৰ ৰাজপথ…

দিনতেই অন্ধকাৰময় পৰিৱেশ গুৱাহাটীত।

মুষলধাৰ বৰষুণত মহানাগৰিকৰ হাহাকাৰ।

আনহাতে জিলাই জিলাই জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট।

এই দৃশ্য হৈছে চানমাৰি ৰাজপথৰ।

এজাক বৰষুণতে এবুকু পৰ্যন্ত বানপানী চানমাৰি পথত।