Home Blog Page 629

৪.৬ কেজি ওজন কেনেকৈ কমাইছিল অমন ছেহৰাৱাটে, কম সময়ৰ ভিতৰতে কেনেকৈ ওজন কমাব…

২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা আটাইতকৈ কম বয়সীয়া মল্লযুঁজাৰু অমন ছেহৰাৱাটৰ কাহিনী কেৱল ক্ৰীড়াবিদ্যা আৰু জয়ৰ নহয়, তেওঁৰ দৃঢ়তা আৰু সাহসক পৰীক্ষা কৰা প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ কাহিনীও আছে। ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছত অমনৰ সন্মুখত ৫৭ কেজি ওজনৰ শাখাত যোগ্যতা অৰ্জন কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু তেওঁৰ হাতত আছিল মাত্ৰ ১০ ঘণ্টা। এই সময়ছোৱাত তেওঁৰ ওজন ৪.৬ কিলোগ্ৰাম কমাবলগীয়া হৈছিল।

৫৭ কেজি ওজনৰ শাখাত অমন ছেহৰাৱাটৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰাটো সহজ নাছিল। ছেমি ফাইনেলত পৰাজয়ৰ পিছত তেওঁৰ সন্মুখত আৰু এটা ডাঙৰ প্ৰত্যাহ্বান। তেওঁৰ ওজন ৬১.৫ কিলোগ্ৰাম স্পৰ্শ কৰিছিল, যিটো নিৰ্ধাৰিত ওজনৰ সীমাতকৈ ৪.৬ কিলোগ্ৰাম বেছি। এই কঠিন সময়ত অমনৰ প্ৰশিক্ষক জগমন্দৰ সিং আৰু বীৰেন্দ্ৰ দহিয়াই তেওঁৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিছিল। ওজন কমাবলৈ আমানে ডেৰ ঘণ্টা মেটত থিয় হৈ মল্লযুঁজ কৰিছিল, যাৰ ফলত ঘাম ওলাবলৈ আৰম্ভ কৰিছিল আৰু ওজন কমাবলৈ সহায় কৰিছিল। ইয়াৰ পিছত এঘণ্টা গৰম পানীৰ টাবত বহি শৰীৰৰ পৰা পানী উলিয়াই দিয়া হৈছিল। ৰাতি ১২ বজাৰ পিছত অমনে জিম পালে আৰু এঘণ্টা ধৰি অবিৰতভাৱে ট্ৰেডমিলত দৌৰিলে। ইয়াৰ পিছত ৩০ মিনিট জিৰণি লোৱাৰ পিছত পুনৰ পাঁচ মিনিটকৈ পাঁচ মিনিটকৈ ছাউনা খালোঁ। কিন্তু তেতিয়াও ৯০০ গ্ৰাম ওজন কমিবলৈ আছিল। কেইবাবাৰো ১৫ মিনিটকৈ দৌৰাৰ পিছত অৱশেষত অমনৰ ওজন ৫৬.৯ কিলোগ্ৰামলৈ নামি আহিল, যিটো নিৰ্ধাৰিত ওজনতকৈ মাত্ৰ ১০০ গ্ৰাম কম।

এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইমান কম সময়ৰ ভিতৰতে ইমান ওজন কমালে স্বাস্থ্যৰ বাবে বিপদজনক হয় নেকি? গতিকে যিকোনো ধৰণৰ খাদ্যাভ্যাস বা ব্যায়াম কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি ছৈয়দ ৰিফত আহমেদক…

বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি ছৈয়দ ৰিফত আহমেদক। ছৈয়দ ৰিফত আহমেদক দেশখনৰ ২৫ সংখ্যক মুখ্য ন্যায়াধীশ নিযুক্তি।

শনিবাৰে পদত্যাগ কৰিছিল মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে। ছাত্ৰ বিক্ষোভত নতশিৰ হৈ পদত্যাগ কৰিছিল ওবাইদুল হাছানে। ন্যায়িক-প্ৰশাসনীয় ব্যৱস্থা সংস্কাৰৰ দাবীত বিক্ষোভ ছাত্ৰ সমাজৰ।

প্ৰাক্তন বিদেশ মন্ত্ৰী কে নটৱাৰ সিঙৰ দেহাৱসান…

প্ৰাক্তন বিদেশ মন্ত্ৰী কে নটৱাৰ সিঙৰ দেহাৱসান। ৯৫ বছৰ বয়সত শেষনিশ্বাস ত্যাগ নটৱাৰ সিঙৰ। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শনিবাৰে নিশা শেষনিশ্বাস ত্যাগ।

গুৰুগ্ৰামৰ মেদান্ত হাস্পতালত মৃত্যু সিঙৰ। ২০০৪-০৫লৈ মনমোহন সিং নেতৃত্বাধীন চৰকাৰত বিদেশ মন্ত্ৰীৰ দায়িত্বত আছিল তেওঁ। ১৯২৯ চনত ৰাজস্থানৰ ভৰতপুৰ জিলাত জন্মগ্ৰহণ কৰিছিল সিঙে। ১৯৮৪ চনত পদ্মভূষণ বঁটা লাভ কৰিছিল নটৱাৰ সিঙে।

স্বাধীনতা দিৱসৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰিত গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ স্বেচ্ছাসেৱক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ চাৰিজন নিষ্ঠাবান স্বেচ্ছাসেৱকক ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে নতুন দিল্লীৰ লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে।

তেওঁলোকৰ সমাজ সেৱাৰ ব্যতিক্ৰমী অৱদান আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মূল্যবোধৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাক স্বীকৃতি জনাই এই সন্মান আগবঢ়ায়।আমন্ত্ৰিতসকলৰ ভিতৰত ৰাজ্যিক এন এছ এছ বঁটাপ্ৰাপক গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ এন এছ এছ গোটৰ ডলী চৌধুৰী, ৰাজ্যিক এন এছ এছ বঁটাপ্ৰাপক নৰ্থ গুৱাহাটী মহাবিদ্যালয়ৰ জয়ন্ত দাস , বৰনগৰ মহাবিদ্যালয়ৰ এন এছ এছ স্বেচ্ছাসেৱক সংগীতা সাউদ আৰু ,গোৱালপাৰা মহাবিদ্যালয়ৰ এন এছ এছ স্বেচ্ছাসেৱক কৌশিক নাথ নিৰ্বাচিত হয় স্বেচ্ছাসেৱকক সমাজ কল্যাণমূলক কাম-কাজৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।


লালকিল্লাত উদযাপন কৰা স্বাধীনতা দিৱস উদযাপনৰ জৰিয়তে এইসকল স্বেচ্ছাসেৱকক সন্মান জনোৱাই নহয়, এন এছ এছৰ জৰিয়তে আৰু বহু যুৱক-যুৱতীক জাতি-নিৰ্মাণৰ কাম-কাজত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈকে ধৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ, ছাত্ৰকল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি আৰু উত্তৰ পূৱ এন এছ এছৰ আঞ্চলিক সঞ্চালক শ্ৰীযুত জাংজিলঙে আমন্ত্ৰিতসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ যাত্ৰা সফল কৰি তুলিবলৈ শুভেচ্ছা জ্ঞাপন কৰে।

গোগামুখ-মহৰিকেম্পত স্বাধীনতা দিৱস ফুটবলত টি এম পি কে এফ চি ফাইনেলতঃ

ধেমাজি জিলাৰ গোগামুুুখত মহৰিকেম্প ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত   মহৰিকেম্প ক্ৰীড়া সন্হাৰ সহযোগত আৰু ৭৮  সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন সমিতিৰ উদ্যোগত পূৰ্ণ গতিত চলি থকা স্বাধীনতা দিৱস কাপ প্ৰাইজমাণি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি বিয়লি অনুষ্ঠিত হোৱা ছেমি ফাইনেল খেলত  টি এম পি কে এফ চিয়ে  ধেমাজি জীয়াধল দিহিৰি এফ চিক টাইব্ৰেকাৰৰ জৰিয়তে ৫-৪ গ’লৰ ব্যৱধানত পৰাস্ত কৰি  ফাইনেলত প্ৰৱেশ কৰিছে ৷ 

উত্তেজনাপূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধত টি এম পি কে এফ চিয়ে খেলৰ ১৫ মিনিটত প্ৰথমটো গ’ল দিয়ে যদিও প্ৰথমাৰ্ধৰ অন্তিম মূহুৰ্তত দিহিৰি এফ চিয়ে এটা পেনাল্টিৰ সুযোগ লাভ কৰে আৰু দিহিৰি এফ চিয়ে তাক সুন্দৰভাৱে গ’ললৈ ৰূপান্তৰিত কৰে ৷ দ্বিতীয়াৰ্ধত টি এম পি কে এফ চিয়ে একপক্ষীয়ভাৱে দিহিৰি এফ চিৰ গ’ল বক্সত  আক্ৰমণ আৰম্ভ কৰে যদিও দিহিৰি এফ চিৰ ডিফেণ্ডাৰৰ শক্তিশালী ভূমিকাৰ বাবে  গ’ল দিবলৈ সক্ষম নহ’ল ৷

ফলত খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লত ড্ৰ হৈ ৰয় ৷ খেলখন ড্ৰ হোৱাত খেলৰ পৰিচালকে টাইব্ৰেকাৰৰ আশ্ৰয় লয় ৷ টাইব্ৰেকাৰত টি এম পি কে এফ চিয়ে ৫ গ’ল দিয়াৰ বিপৰীতে দিহিৰি এফ চিয়ে ৪ গ’ল দি পৰাজয়বৰণ কৰে ৷ উল্লেখনীয় যে, টি এম পি কে ফুটবল দলটো এইবাৰ গমুগ পেগু আৰু পদ্মলোচন মিলিৰ নেতৃত্বত বিদেশী খেলুৱৈ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞ খেলুৱৈৰ দ্বাৰা গঠন কৰা হৈছে ৷

টি এম পি কে ফুটবল দলটোৱে প্ৰতিখন খেলতে গতি-শক্তি আৰু টেক্‌নিকৰ সুন্দৰ সমাহাৰেৰে ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত পদশিল্পক নান্দনিক কৰি তুলি ৰাখিছে ৷ আজিৰ খেলত মুখ্য পৰিচালকে বহুকেইটা সিদ্ধান্ত টি এম পি কে এফ চিৰ বিপক্ষে ভুল সিদ্ধান্ত দি খেলখন দিহিৰি এফ চিৰ সপক্ষে উদাৰ মনোভাৱ পোষণ কৰিছিল যদিও টি এম পি কে এফ চিৰ অভিজ্ঞ খেলুৱৈসকলে পৰিচালকৰ এই ভুল সিদ্ধান্তবোৰ গুৰুত্ব নিদি পদশিল্পৰ সৌন্দৰ্য তথা সুন্দৰতম শৈল্পিক বাতাবৰণ বৰ্ত্তি ৰাখে আৰু যোগ্য দল হিচাপে  ফাইনেলত প্ৰৱেশ কৰে ৷ 

ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

দিনযোৰা কাৰ্যসূচীৰে সোণাপুৰ স্থিত ডিমৰীয়া উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় । ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাত ডিমৰীয়া অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰী সকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ।

প্ৰায় ৭০০ সংখ্যক ছাত্ৰ ছাত্ৰী অভিভাৱক তথা ৰাইজৰ উপস্থিতিত ডিমৰীয়া অঞ্চলৰ প্ৰায় শতাধিক সংখ্যক কৃৰ্তী ছাত্র ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা লগতে আৰ্থিকভাৱে অনগ্ৰসৰ ১০ গৰাকী মেধাৱী ছাত্ৰীক আৰ্থিক সাহাৰ্য্য আগবঢ়াই । পুৱা ১০ বজাত সন্থাৰ সভাপতি ভাৰ্গবজ্যোতি গোস্বামীয়ে পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ পিছতে শ্বহীদ তৰ্পণ , গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে আজিৰ বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি ৰূপে আই পি এছ বিষয়া গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা , বিশিষ্ট অতিথি ৰূপে নিউজ লাইভ ৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক ছায়ামণি ভূঞা আৰু নিৰ্দিষ্ট বক্তা ৰূপে অসম পহু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ গবেষণা সঞ্চালক ড° প্ৰবোধ বৰা উপস্থিত থাকে ।

দুপৰীয়া ১২ বজাৰ পৰা আদৰণি সমিতিৰ সভাপতি ফণীচৰণ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ অভিনন্দন অনুষ্ঠানৰ সভাৰ নিৰ্দিষ্ট বক্তা ড° প্ৰবোধ বৰাই ছাত্র ছাত্ৰী সকলক জীৱন যুজঁ ত সফল বিফলতাৰ বাখ্যাৰে কৰি বিফলতাৰ আৰত হতাশা নহৈ বিফলতাক সফলতাৰ মাপকাঠিৰে বিচাৰ বিশ্লেষণ কৰাৰ পৰামৰ্শ আগবঢ়াই ।

আনহাতে আৰক্ষী আয়ুক্ত দিগন্ত বৰায়ো নিজে কেনেকৈ বিভিন্ন সংঘাতৰ মাজেৰে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত অবতীৰ্ণ হৈ আই পি এছ বিষয়া হবলৈ পালে সেই কাহিনী কৈ প্ৰতিজন ছাত্র ছাত্ৰীয়ে চেষ্টা অধ্যয়ন অৱ্যাহৃত ৰাখিলে নিশ্চয়কৈ সফল হব পাৰিব বুলি উল্লেখ কৰে । ইফালে নিউজ লাইভৰ সম্পাদক ছায়ামণি ভূঞাই ছাত্র ছাত্ৰী সকলক উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ নিজৰ সমাজ জাতিৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ।ইফালে ছাত্ৰ সন্থাৰ বিষয়ববিয়া সকলে জানিবলৈ দিয়া মতে সন্ধিয়া ছাত্র ছাত্ৰী সকলৰ দ্বাৰা তিনিখনকৈ নাটক পৰিবেশন কৰিব ।

মাতৃহাৰা হ’ল বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন…

মাতৃহাৰা হ’ল বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন।

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ পত্নীৰ মৃত্যু।

৮৬ বছৰ বয়সত শেষনিশ্বাস ত্যাগ মালতী বৰ্মনৰ।

আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিত্সালয়ত পুৱা ৯ বজাত মৃত্যু।

বিপদত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। মুখ্য ন্যায়াধীশক পদত্যাগৰ দাবী…

পদত্যাগ কৰিব বাংলাদেশৰ মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে।

উচ্চতম ন্যায়ালয়ৰ চৌহদ ঘেৰাও কৰি ধৰি মুখ্য ন্যায়াধীশগৰাকীক পদত্যাগৰ দাবী।

শতাধিক প্ৰতিবাদকাৰীৰ দাবীৰ পাছতেই এই সিদ্ধান্ত মুখ্য ন্যায়াধীশগৰাকীৰ।

মুক্তিৰ পিছত পত্নীৰ সৈতে প্ৰথম কাপ চাহঃ ১৭ মাহৰ পাছত জামিন লাভ মনীষ চিছ’দিয়াৰ…

সুৰা কেলেংকাৰীত ১৭ মাহৰ পাছত জামিন লাভ মনীষ চিছ’দিয়াৰ। উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা জামিনক সত্যৰ বিপৰীতে জয় বুলি অভিহিত কৰিছে মনীষ ছিছ’দিয়াই। আম আদমী পাৰ্টিয়ে ছিছ’দিয়াৰ মুক্তিৰ সময়ত বিজয় শোভাযাত্ৰা উলিয়াই তেওঁৰ গাত ফুল ছটিয়াই। আম আদমী পাৰ্টিৰ কৰ্মীসকলৰ মুখত আনন্দৰ সৃষ্টি হৈছিল যেন যুদ্ধত জয়ী হৈছে।

জেলৰ পৰা ওলাই অহাৰ পিছত আজি এখন ফটো শ্বেয়াৰ কৰিছে মনীষ চিছ’দিয়াই, য’ত তেওঁক পত্নীৰ সৈতে চাহ খোৰৱা দেখা গৈছে। ইয়াৰ লগতে তেওঁ কেপচনত লিখিছে, ‘মুক্তিৰ পিছত ৰাতিপুৱা প্ৰথম চাহ… ১৭ মাহৰ পিছত!

বিগত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে আৰু তাৰ পিছত ৯ মাৰ্চত বলবৎকাৰী সঞ্চালকালয়ে (ইডি) সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক। ইয়াৰ পিছত তেওঁ প্ৰায় ১৭ মাহ জেলত আছিল। এই সময়ছোৱাত মনীষ চিছ’দিয়াৰ জামিন আবেদন কেইবাবাৰো নাকচ কৰা হৈছিল যদিও শুকুৰবাৰে (৯ আগষ্ট) উচ্চতম ন্যায়ালয়ে তেওঁক জামিন মঞ্জুৰ কৰে, তাৰ পিছত তেওঁ জেলৰ পৰা ওলাই আহে। আনহাতে উচ্চতম ন্যায়ালয়ে কিছু চৰ্তসহ মনিষ ছিছ’দিয়াক জামিন মঞ্জুৰ কৰিছে। ৰায়দান দিওঁতে উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰত এতিয়ালৈকে ৪০০ৰো অধিক সাক্ষী আৰু হাজাৰ হাজাৰ নথি দাখিল কৰা হৈছে। অনাগত দিনত গোচৰৰ অন্ত পৰাৰ কোনো দূৰৈৰ সম্ভাৱনা নাই। এনে পৰিস্থিতিত ছিছ’ডিয়াক জিম্মাত ৰখাটো তেওঁৰ স্বাধীনতাৰ মৌলিক অধিকাৰ উলংঘা হ’ব। উচ্চতম ন্যায়ালয়ে ইডি আৰু চিবিআই গোচৰত ১০ লাখ টকাকৈ জামিন বণ্ড দিবলৈ কয় মনীষ চিছ’দিয়াক। তেওঁলোকে পাছপ’ৰ্ট জমা দিব লাগে, তেওঁলোকে প্ৰমাণ বা সাক্ষীক প্ৰভাৱিত নকৰে। মনীষ চিছ’দিয়াই প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে ওচৰৰ থানাত ৰিপৰ্ট দিব লাগিব।

সংগীত নাটক অকাডেমীৰ অমৃত বঁটা প্ৰাপক, সত্ৰীয়া শিল্পী তথা বৰপেটা সত্ৰৰ সেৱা কৰ্মৰ লগত জড়িত গুৰু প্ৰসাদ ওজাৰ পৰলোকপ্ৰাপ্তি…

সংগীত নাটক অকাডেমীৰ অমৃত বঁটা প্ৰাপক, সত্ৰীয়া শিল্পী, বৰপেটা সত্ৰৰ সেৱা কৰ্মৰ লগত জড়িত বৰপেটা চহৰৰ বিলৰতাৰি হাটী নিৱাসী গুৰু প্ৰসাদ ওজাৰ পৰলোকপ্ৰাপ্তি ৷

আজি ৰাতিপুৱা ১০-৩০ বজাত নিজ বাসগৃহত ৯২ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় সত্ৰীয়া শিল্পীজনৰ।বৰপেটা সত্ৰৰ লগত জড়িত ওজা বংশৰ এই শিল্পী জনৰ মৃত্যুত সমগ্ৰ বৰপেটাতে শোকৰ ছাঁ পৰিছে।