Home Blog Page 630

বিয়াৰ পূৰ্বেই মূৰৰ চুলি বগা হৈছে নেকি? বগা চুলি ক’লা কেনেকৈ কৰিব…

আমাৰ সৌন্দৰ্য্যত চুলিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেইবাবেই সকলোৱে নিজৰ চুলি ক’লা আৰু ডাঠ হৈ থকাটো বিচাৰে। বিশেষকৈ কম বয়সত কোনেও নিবিচাৰে তেওঁলোকৰ চুলি পকাটো। আগৰ দিনত কেৱল বৃদ্ধ বা মধ্যবয়সীয়া লোকৰ ক্ষেত্ৰতহে এনেকুৱা হৈছিল যদিও এতিয়া বগা চুলিৰ সমস্যা প্ৰতিটো বয়সৰ মানুহৰ মাজত দেখা গৈছে।


২০ৰ পৰা ২৫ বছৰীয়া অবিবাহিত ব্যক্তিৰ মূৰত যেতিয়া বগা চুলি দেখা পোৱা যায় তেতিয়া মানুহ টেনচনত পৰে আৰু তাৰ পৰা মুক্তি পাবলৈ সকলো প্ৰচেষ্টা চলাবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে কিছুমানে ৰাসায়নিক ভিত্তিক চুলিৰ ৰং ব্যৱহাৰ কৰে যদিও ইয়াৰ ফলত চুলি ৰুক্ষ আৰু ক্ষতিগ্ৰস্ত হ’ব পাৰে।

ট্ৰেণ্ডিং এতিয়া

চুলি পকা কমাবলৈ আপুনি দৈনিক ৭ৰ পৰা ৮ ঘণ্টা ভাল টোপনি ল’ব লাগে, দৈনিক খাদ্যত সেউজীয়া শাক-পাচলি আৰু ফল-মূলৰ পৰিমাণ বৃদ্ধি কৰিব লাগে, সপ্তাহত এবাৰ উপবাসে পালন কৰিব লাগে। যদি থাইৰয়ড বা আন ৰোগ ধৰা পৰে তেন্তে ইয়াৰ চিকিৎসা কৰাব লাগে।

পশ্চিম জালুকবাৰীৰ ছাত্ৰৰ ৰাছিয়াত সন্মানীয় বৃত্তি লাভ…

গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম জালুকবাৰীৰ মাদাৰ টেৰেছা পথ নিবাসী বৰ্ণিল দাস নামৰ এজন ছাত্ৰই ৰাছিয়াৰ শৈক্ষিক ক্ষেত্ৰৰ সন্মানীয় ‘ইণ্টাৰনেশ্যনেল অলিম্পিয়াদ ২০২৩-২৪ বৃত্তি লাভ কৰি ৰাছিয়াৰ ৰাজধানী চহৰ মস্কোত অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছে। গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলৰ পৰা এইবেলি দ্বাদশ শ্ৰেণীত কলা শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৰ্ণিল দাসে মস্কো ষ্টেট ইনষ্টিটিউট অৱ ইণ্টাৰনেশ্যনেল ৰিলেচন চমুকৈ এম জি আই এম অৰ অধীনত অনুষ্ঠিত এক আন্তৰ্জাতিক পৰীক্ষাত অৱতীৰ্ণ হৈ এই বৃত্তি লাভৰ বাবে নিৰ্বাচিত হৈছে। ভাৰতৰ অতি কম সংখ্যক শিক্ষাৰ্থীয়ে এই বৃত্তি লাভৰ বাবে নিৰ্বাচিত হৈছে আৰু উত্তৰ পূবৰ পৰা বৃত্তি লাভ কৰা তেৱেঁই একমাত্ৰ শিক্ষাৰ্থী।

এই বৃত্তি লাভ কৰাৰ সূত্ৰে বৰ্ণিল দাসে আগন্তক চাৰি বছৰৰ বাবে বিনামূলীয়াকৈ মস্কোত উচ্চ শিক্ষা গ্ৰহণৰ বাবে সুযোগ পাব। অহা ২৭ আগষ্টত তেঁও মস্কো অভিমুখে গুৱাহাটীৰ পৰা যাত্ৰা কৰিব। উল্লেখ্য যে বৰ্ণিল দাস গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প দাস আৰু মালিগাঁৱৰ নেতাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী শান্তনা তালুকদাৰৰ কনিষ্ঠ পুত্ৰ।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সাঃ সম্পাদক বি এল সন্তোষ…

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সাঃ সম্পাদক বি এল সন্তোষ। উত্তৰ-পূব বিজেপিৰ সাংগনিক বৈঠকৰ অধ্যক্ষতা কৰিব বি এল সন্তোষে। উজানবজাৰস্থিত পদ্ম ভৱনত অনুষ্ঠিত হ’ব এই বৈঠক। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজ্যিক সভাপতি, সাংগঠনিক সাঃ সম্পাদকৰে কৰিব মত বিনিময়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে নিশা আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) বি এল সন্তোষক আদৰণি জনাই। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) বি এল সন্তোষ উপস্থিত। উত্তৰ-পূব বিজেপিৰ সাংগাঠনিক বৈঠকৰ অধ্যক্ষতাও কৰিব বি এল সন্তোষে।

উল্লেখযোগ্য শুক্ৰবাৰৰ দিনাখন বিজেপিৰ দলৰ জেষ্ঠ নেতা তথা নলবাৰী জিলাৰ প্ৰাক্তন বিজেপি বিধায়কে যোগদান কৰিছিল কংগ্ৰেছত। সংস্কৃতৰ বন্দনা উচ্চাৰণ কৰিয়েই বিজেপিৰ আৰ এছ এছ ৰ মতাদৰ্শৰ বিপৰীত দল কংগ্ৰেছ দলত যোগদান কিৰিছিল অশোক শৰ্মাই, লগতে তেওঁ মন্তব্য কৰিছিল বহু বিজেপিৰ কৰ্মী কংগ্ৰছে দলত যোগদান কৰিব বুলি আৰু এনে সময়তে উত্তৰ পূব বিজেপিৰ দলৰ সাংগাঠনিক ভেটি শক্তিশালী কৰিবলৈ এতিয়া দুদিনৰ বাবে অসমত প্ৰৱেশ বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) বি এল সন্তোষ। খবৰ অনুসৰি উত্তৰ-পূব বিজেপিৰ বিষয়ববীয়া সৈতে বিজেপিৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে বৈঠকত আলোচনা কৰিব। এই আলোচনাৰ পিছত উত্তৰ-পূব সাংগাঠনিক ভেটি শক্তিশালী হ’ব নে দুৰ্বল হ’ব সেয়া সময়ত গম পোৱা যাব।

ধেমাজিৰ নটৰাজ ডান্স একাডেমীৰ গ্ৰীষ্মকালীন অনুষ্ঠান, কণ কণ শিশুয়ে ভাওনা প্ৰদৰ্শনেৰে মুগ্ধ কৰিলে ৰাইজক…

সাংস্কৃতিক ক্ষেত্ৰত চহকী ধেমাজি জিলাৰ নগাখেলিয়াত ২০২১ চনত প্ৰতিষ্ঠা হোৱা নটৰাজ ডান্স একাডেমীৰ উদ্যোগ এক গ্ৰীষ্মকালীন কৰ্মশালা তথা মহাপুৰুষীয়া নাট প্ৰদৰ্শনৰ এক অনুষ্ঠান অলপতে সামৰণি পৰে। নগাখেলিয়া নামঘৰৰ প্ৰাংগনত বদলা পদ্ম আতা সত্ৰ নাৰায়ণপুৰৰ বৰবায়ন দাদু দত্ত আৰু বায়ন পৰাগ শইকীয়াই অৰ্ধ শতাধিক কন কন শিশুক ৫শ বছৰীয়া ঐতিহ্যমণ্ডিত মহাপুৰুষীয়া সত্ৰীয়া সংস্কৃতিৰ অংকীয়া নাট-ভাওনাৰ প্ৰশিক্ষণ প্ৰদান কৰে। অধ্যক্ষ ৰিদীপ শইকীয়া আৰু পৰিচালিকা ৰিচা শইকীয়াই পৰিকল্পনাত নটৰাজ ডান্স একাডেমীত প্ৰদৰ্শন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান সৃষ্টি “শ্ৰী ৰাম বিজয়” অংকীয়া নাটখনৰ।

ভাওনাখনত সুত্ৰধাৰৰূপে সাগৰ দিহিঙ্গীয়া (১৮), ৰাম- বৰুণ বিকাশ সোণোৱাল (১১) , লক্ষ্মণ- ত্ৰিদিপ বৈশ্য (১১), সীতা-গৰিমা গগৈ (৯) কনকাৱতী-সংগীতা গগৈ (১০) , মদন মন্থৰা- ভাগ্যশ্ৰী গগৈ (১০), প্ৰথম সখী- ডেইজি দত্ত (১০), দ্বিতীয় সখী- জেচমিন দত্ত ( ৯) , বিশ্বামিত্ৰ- ৰিচা শইকীয়া(২০), প্ৰথম লিতিকাই- প্ৰীতিস্মীতা ভৰালী (৬), দ্বিতীয় লিতিকাই- ইপ্সিতা দেউৰী(৮), দশৰথ- জিশু তামুলী (৯), জনক- বৈভৱ ভূঞা (১২), মন্ত্ৰী – শিৰোমণি দত্ত(১২), তাৰকাসুৰ- নিহা বৰুৱা (১১), মাৰিচ -চিম্লন দত্ত (৯), সুবাহু- মেৰুনী প্ৰিয়াঞ্চী শইকীয়া (৮), পৰশুৰাম- নিহা বৰুৱা (১১), প্ৰথম ৰজা-চিম্লন দত্ত (৯), দ্বিতীয় ৰজা- মেৰুনী প্ৰিয়াঞ্চী শইকীয়া (৮), তৃতীয় ৰজা-লেকিচা আৰুশ্ৰী শইকীয়া( ৭), চতুৰ্থ ৰজা- প্ৰজ্ঞা দত্ত (৮), পঞ্চম ৰজা- লুইচ দত্ত ( ১১), ষষ্ঠ ৰজা- জুমন সোণোৱাল (৬), সপ্তম ৰজা- প্ৰজ্ঞান দাস ( ৯), অষ্টম ৰজাৰ ভাও ৰূপে সান্নিধ্য দত্ত (৯)ই অভিনয় কৰি উপস্থিত দৰ্শকক আপ্লুত কৰাই নহয় উষ্ণ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।


কণ কণ শিশু শিল্পী সকলক অসমীয়া জনজীৱনৰ আপুৰুগীয়া এই মহান আধ্যাত্মিক সংস্কৃতিৰ প্ৰতি , মহাপুৰুষীয়া সত্ৰীয়া সংস্কৃতিৰ পৰিবেশন, অধ্যয়ন আৰু চৰ্চা প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে আয়োজন কৰা এই প্ৰদৰ্শনে ধেমাজি বাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নটৰাজ ডান্স একাডেমীৰ সম্পাদক দীপেন ভৰালীয়ে জনোৱা মতে অচিৰেই অনুষ্ঠানটোৱে বিশিষ্ট সমল ব্যক্তিৰ দ্বাৰা পুনৰ প্ৰণালীবদ্ধ ৰূপত লোক সংস্কৃতিৰ পৰিবেশ্য কলাৰ কৰ্মশালা আৰু প্ৰশিক্ষণ আয়োজনৰ দিহা কৰা বুলি জানিবলৈ দিছে।

পানীৰ বিষক্ৰিয়া কি জানেনে? বেছি পানী খোৱাটো বিষ হ’ব পাৰেনে…

শৰীৰ সুস্থ আৰু সুস্থ কৰি ৰখাৰ বাবে পানী অন্যতম গুৰুত্বপূৰ্ণ বস্তু। আমাৰ শৰীৰে সঠিকভাৱে কাম কৰিবলৈ হ’লে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো গুৰুত্বপূৰ্ণ। শৰীৰত পানীৰ অভাৱত বহুতো সমস্যা হ’ব পাৰে, যেনে- ছাল শুকান, অকাল বয়স বৃদ্ধি, বৃক্ক আৰু যকৃতৰ ক্ষতি ইত্যাদি। কিন্তু প্ৰয়োজনতকৈ বেছি পানী খালে কি হ’ব পাৰে জানেনে? ইয়াৰ ফল খাদ্য বিষক্ৰিয়াৰ দৰেও হ’ব পাৰে। ইয়াক পানীৰ বিষক্ৰিয়া বুলি কোৱা হয়।

পানীৰ বিষ বৃদ্ধি হ’লে মগজুতো ফুলা হ’ব পাৰে, যিটো যথেষ্ট বিপদজনক হ’ব পাৰে। খেলুৱৈ আৰু যিসকল লোকে বহুত শাৰীৰিক কাৰ্য্যকলাপ কৰে তেওঁলোকৰ পানীৰ বিষক্ৰিয়াৰ আশংকা বেছি কাৰণ তেওঁলোকে নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ অধিক পানী খায়। ইয়াৰ বাহিৰেও বৃক্কৰ ৰোগ থকা বা হৃদযন্ত্ৰৰ বিকলতা থকা লোকৰ পানীত বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা বেছি হ’ব পাৰে।

ইয়াৰ উপৰিও কেঁচুৱা আৰু সৰু ল’ৰা-ছোৱালীও বিপদত পৰে কাৰণ তেওঁলোকৰ শৰীৰ সৰু আৰু পানীৰ মাত্ৰাৰ পৰিৱৰ্তনৰ প্ৰতি অধিক সংবেদনশীল। সন্তানক পানী দিয়াৰ সময়ত অভিভাৱকসকলে সাৱধান হ’ব লাগে আৰু সদায় পৰামৰ্শ দিয়া নিৰ্দেশনা মানি চলিব লাগে।

দিনটোত কমেও দুলিটাৰ পানী খাব লাগে। যদি আপুনি অধিক শাৰীৰিক কাৰ্য্যকলাপ কৰে তেন্তে আপুনি ডেৰ-দুইৰ পৰা তিনি লিটাৰলৈকে পান কৰিব পাৰে।

১৭ মাহৰ পাছত মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া…

১৭ মাহৰ পাছত মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া।

জামিন লাভ কৰাৰ পাছতেই অৰবিন্দ কেজৰিৱালৰ পৰিয়ালক সাক্ষাৎ ছিছ’দিয়াৰ।

সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন বিষয়ক ৰাজহুৱা সভা, শৈক্ষিক পৰিৱেশ অক্ষুণ্ণ ৰাখি হ’ব নতুন নিৰ্মাণ কাৰ্য…

গুৱাহাটীৰ ভৰলুমুখস্থিত আৰু ১৩০ টা বৰ্ষত ভৰি দিয়া ঐতিহ্যমণ্ডিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত অসম চৰকাৰৰ লোক নিৰ্মাণ গৃহ বিভাগে নতুন ভৱন নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰিছে। আনহাতে বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰা বিষয়ত আলোচনা কৰাৰ বাবে আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয় কৰ্তৃপক্ষৰ আহ্বান ক্ৰমে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মালবিকা চৌধুৰীয়ে। সভাত স্থানীয় ৰাইজ, বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী , বহুসংখ্যক প্ৰাক্তন ছাত্ৰকে ধৰি কেবাজনো নেতৃস্থানীয় লোক উপস্থিত থাকে। আনহাতে বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ , তথা পৰিচালনা সমিতিৰ সদস্য ধ্ৰুৱজ্যোতি মৰলে আঁত ধৰা সভাত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ডঃ দিপীকা চৌধুৰী, প্ৰাক্তন অধ্যক্ষ মঞ্জু ৰাণী বৰ্মন , গুৱাহাটী পৌৰ নিগমৰ ১৪ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জু বৰা , প্ৰাক্তন পাৰিষদ জ্যোতি পাঠক, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি জয়দুল ইচলাম ৰেগনিৰ স্বত্বাধিকাৰী ৰাজীৱ বৰা, দিগন্ত বৰা, ডঃ জিতেন দাস, জগদীশ দাসৰ লগতে লোক নিৰ্মাণ বিভাগৰ আৰু ঠিকাদাৰ অভিজিত কলিতাই নিৰ্মাণ প্ৰসংগত আৰু লবলগীয়া ব্যৱস্থা সম্পৰ্কে বক্তব্য ডাঙি ধৰে।


সভাৰ আৰম্ভণিতে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পুৰণি বিদ্যালয়খন বৰ্তমান ভাগি চাগি যোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই মহান পদক্ষেপক সকলোৱে আন্তৰিৰতাৰে ধন্যবাদ জ্ঞাপন কৰে । আৰু অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবৰ বাবে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষই আনুষ্ঠানিকভাৱে বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্য লোক নিৰ্মাণ বিভাগক অৰ্পণ কৰে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তুাৱ গ্ৰহণ কৰা হয় । তাৰ ভিতৰত বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ সময়চোৱাত শৈষিক পৰিবেশ বিঘ্নিত নোহোৱাৰ বাবে নিৰ্মাণৰ বাবে শ্ৰেণী কোঠাসমূহ নভঙাৰ আগে আগে সূচাৰুৰূপে ক্লাছবোৰ চলি থকাৰ বাবে প্ৰয়োজন সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে লোক নিৰ্মাণ বিভাগক অনুৰোধ জনোৱা হয়। লগতে বাথৰুম , প্ৰস্ৰাৱগাৰ আদিৰ ব্যৱস্থাও ৰাখিবৰ বাবে আহ্বান জনোৱা হয় । ইয়াৰ উপৰিও বিদ্যালয়ৰ অৰ্ধনিৰ্মিত ভৱনটোতে অস্থায়ীভাৱে ক্লাছ সমূহ চলাই নিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই মৰ্মে নিৰ্মাণ কৰ্তৃপক্ষই অতি শীঘ্ৰে অৰ্ধনিৰ্মিত ভৱনটো ক্লাছৰ বাবে উপযোগী কৰি দিব বুলি সন্মতি প্ৰকাশ কৰে।। ইতিমধ্যে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বিজ্ঞান বিভাগ আৰু লেবৰটৰী এই তিনিওটা বিদ্যালয়ৰ পূৰ্বৰ হোষ্টেললৈ স্থানান্তৰিত কৰা হৈছে।

জালুকবাৰী সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ৰণদুন্দুভি বজালে অগপই…

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ঘোষণা কৰাৰ পাছত বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ অংশীদাৰী দল অগপই ইতিমধ্যে ৰাজ্যজুৰি সাংগঠনিক তৎপৰতা বৃদ্ধিৰে নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ বাবে ককালত টঙালি বন্ধা পৰিলক্ষিত হৈছে ইয়াৰ অংশ হিচাপে সমষ্টি পুনৰ গঠনৰ পাছত বৰ্তমান জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত আজাৰা ভি আই পিস্থিত শ্যামভূমি হাইস্কুলত বিয়লি অসম গণ পৰিষদ দলৰ জালুকবাৰী বিধান সভা সমষ্টি সমিতিৰ এখনি বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। সভাত তিনি শতাধিক দলীয় বিষয়ববীয়া আৰু সদস্যই অংশ গ্ৰহণ কৰে। সমষ্টি সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি শংকৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত মূলতঃ পঞ্চায়ত নিৰ্বাচন আৰু দলীয় সংগঠনৰ ওপৰত বিশদ ভাৱে আলোচনা কৰা হয়।

সভাত প্ৰতিটো পঞ্চায়ততে বুথ পৰ্য্যায়ত সভা অনুষ্ঠিত কৰি প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, বিধায়ক তথা সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই তৃণমূল পৰ্য্যায়ৰ পৰা দলৰ সকলো সাংগঠনিক স্তৰ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িবলৈ আহ্বান জনায়। কলিতাই দলৰ জনসংযোগ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ বাবে দলীয় সদস্যসকলক জনসাধাৰণৰ কাষলৈ যাবলৈ আহ্বান জনায়। সভাত দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই সাংগঠনিক তৎপৰতা বৃদ্ধিৰে দলীয় সদস্যসকলক নতুন ধৰণে দলক সাজু কৰিবলৈ আহ্বান জনায়। মহিলা আৰু যুৱ প্ৰজন্মক দলত সক্ৰিয়তাৰে জড়িত কৰাত গুৰুত্ব আৰোপ কৰি প্ৰতিটো দলীয় কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে আহ্বান জনায়। সভাই পঞ্চায়ত পৰ্যায়ত সভা অনুষ্ঠিত কৰাৰ লগতে বুথ সন্মিলন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত দলৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, পৰেশ বৰুৱা, জগন্নাথ ঠাকুৰীয়া, ৰুবুল বৈশ্য, প্ৰণৱ দাসকে ধৰি দলৰ ভাতৃ – ভগ্নী সংগঠনৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিয়া হাছিনা বেগমক গ্ৰেপ্তাৰ…

নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত হাছিনা বেগমক গ্ৰেপ্তাৰ। গুৱাহাটীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ আৰক্ষীৰ। SI জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত হঠাৎ আত্মপ্ৰকাশ ঘটিছিল হাছিনাৰ। নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ হাছিনাই ধন লোৱাৰ আভিযোগ। বিহপুৰীয়া OC আৰু বঙালমৰা ICৰ নামত ধন লৈছিল হাছিনাই।

নিজৰ মতে নচলিলে আৰক্ষী বিষয়াকো হাছিনাই দিয়ে বদলিৰ ভাবুকি। হাছিনাৰ বিৰুদ্ধে তথ্য-প্ৰমাণ লাভৰ পাছতে আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। মহানগৰীৰ গণেশগুৰিৰ এখন হোটেলৰ পৰা নিশা গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ। হাছিনাৰ আন এগৰাকী সহযোগী ফকৰুদ্দিনকো হোটেলৰ পৰাই গ্ৰেপ্তাৰ। একেটা কোঠালিৰ পৰা নিশা গ্ৰেপ্তাৰ দুয়োকে।

আজি ৬ ঘণ্টাৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং…

আজি ৬ ঘণ্টাৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং।

দলংখনৰ জৰুৰী মেৰামতিৰ বাবে ৰে’ল বিভাগৰ নিৰ্দেশনা।

নিশা ১১ বজাৰ পৰা কাইলৈ পুৱা ৫ বজালৈ বন্ধ থাকিব যাতায়াত।

দলংখনত সৃষ্টি হোৱা গাঁত মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত।

উত্তৰ-পূব সীমান্ত ৰে’লৱে সদৰী কৰিছে এই কথা।