ধেমাজি জিলাৰ গোগামুখৰ অন্যতম ক্ৰীড়া সংগঠক ন-গাঁও যুৱক সংঘৰ উদ্যোগত গোগামুখ নগৰ হাইস্কুল খেলপথাৰত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত হৈ থকা প্ৰয়াত কনকেশ্বৰ গগৈ আৰু ধনবৰ দত্ত সোঁঁৱৰণি প্ৰাইজমানি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ
আজি বিয়লি অনুষ্ঠিত হোৱা এখন খেলত মৰ্ণিং এফ চিক গোগামুখ চৃঃচাং এফ চিয়ে ০-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে ৷ উত্তেজনাপূৰ্ণ খেলখনত মৰ্ণিং এফ চিয়ে উভয় অৰ্ধতে অধিক সময় বল নিজৰ আয়ত্বত ৰাখিবলৈ সক্ষম হৈ যদিও মৰ্ণিং এফ চিক আজি ভাগ্যই লগ নিদিলে ৷
মৰ্ণিং এফ চিয়ে লোৱা বহুকেইটা শ্বট গ’লভাৰত লাগি ঘুৰি অহাৰ বিপৰীতে বহুকেইটা বিপজ্জনক শ্বট চৃঃচাং এফ চিৰ গলকীপাৰে প্ৰতিহত কৰে ৷ আজিৰ খেলখন পৰিচালনা কৰে মণিৰাম পেগু ভূবন পেগু আৰু মহানন্দ মিলিয়ে ৷ চতুৰ্থ পৰিচালক হিচাপে থাকে গৌৰৱজ্যোতি দলেয়ে ৷
মেচ কমিছনাৰ হিচাপে থাকে বিমল স্বৰ্গীয়াৰীয়ে ৷ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ সভাপতি কল্যাণ গগৈ আৰু সম্পাদক সদানন্দ দাসে জনোৱা মতে কাইলৈ প্ৰতিযোগিতাখনৰ খেল বন্ধ থাকিব আৰু ১১ আগষ্টত চৃঃচাং এফ চি আৰু গা-ডাঙৰ চুক এফ চিৰ মাজত প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব ৷
আজিৰ এই বিশেষ দিনটোত বিভিন্ন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাসভূমি অসমৰ প্ৰতিগৰাকী ভূমিপুত্ৰলৈ শ্ৰদ্ধাপূৰ্ণ শুভকামনা জনাইছোঁ। এই বিশেষ ক্ষণত সকলোকে খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ অনুপম-অনন্য কলা-সংস্কৃতি,
বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্রতিৰোধ তথা ছাত্রী সবলীকৰণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা শিক্ষা বিভাগৰ দূৰদৰ্শী চিন্তাৰে গ্ৰহণ কৰা এক সৰ্বাংগীণ পদক্ষেপ হৈছে ‘মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি’।
এই আঁচনিৰ সফল ৰূপায়ণে নাহৰকটীয়া সমষ্টি তথা ৰাজ্যৰ যুৱতীসকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ লগতে বাল্যবিবাহ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেওঁ এই আচঁনিয়ে ছাত্ৰীসকলক শৈক্ষিক-সামাজিক উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰিব বুলি কয় ৷