Home Blog Page 630

চকুৰ দৃষ্টিশক্তি ভালে ৰাখিবলৈ কি কি খাদ্য খাব জানেনে…

বয়স বঢ়াৰ লগে লগে আমাৰ চকুৰ দৃষ্টিশক্তি কমিবলৈ আৰম্ভ কৰে, কিন্তু সঠিক খাদ্যৰ জৰিয়তে আমি আমাৰ দৃষ্টিশক্তি উন্নত কৰিব পাৰোঁ। চকুৰ বাবে কোনবোৰ খাদ্য ভাল জানি লওক…


১/ বিলাহীঃ চকুৰ বাবে বিলাহীক সৰ্বোত্তম খাদ্য বুলি গণ্য কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু বিটা-কেৰটিন থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে বিটা-কেৰটিন হৈছে এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট যিয়ে চকুক ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। বিলাহী চালাড, ৰস বা শাক-পাচলিৰ ৰূপত খাব পাৰি।

২) সেউজীয়া পাতৰ শাক-পাচলিঃ পালেং, বন্ধাকবি, আৰু অন্যান্য সেউজীয়া পাতৰ শাক-পাচলিত লুটিন আৰু জিএক্সান্থিনৰ দৰে এন্টিঅক্সিডেন্ট থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই পুষ্টিকৰ উপাদানসমূহে ৰেটিনাক সুৰক্ষা দিয়ে আৰু বয়সৰ লগত জড়িত চকুৰ মেকুলাৰ ডিজেনেৰেচনৰ সম্ভাৱনা হ্ৰাস কৰে।

৩/ চৰ্বিযুক্ত মাছঃ মাছ বিশেষকৈ ছালমন, টুনা, চাৰ্ডিন আদিত ওমেগা-৩ ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে। চকুৰ বাবে ওমেগা-৩ ফেটি এচিড অত্যন্ত উপকাৰী। সপ্তাহত দুবাৰকৈ মাছ মাছ খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধিত সহায়ক হ’ব।

৪/ কণীঃ কণীত অধিক পৰিমাণে লুটিন, জিএক্সান্থিন, ভিটামিন এ থাকে। এই সকলোবোৰ পুষ্টিকৰ উপাদানে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ কণীৰ হালধীয়া অংশ চকুৰ বাবে উপকাৰী।

অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানক লৈ বিতৰ্ক ! ‘দা লাষ্ট ছাপাৰ’ চিত্ৰায়ন কৰি খ্ৰীষ্টান ধৰ্মক উপলুঙা কৰাৰ অভিযোগ…

অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানক লৈ বিতৰ্ক। ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ।

‘দা লাষ্ট ছাপাৰ’ চিত্ৰায়ন কৰি খ্ৰীষ্টান ধৰ্মক উপলুঙা কৰাৰ অভিযোগ। অলিম্পিকৰ আয়োজক কমিটিক ভর্ৎসনা।

প্ৰতিক্ৰিয়া প্ৰকাশ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ।

ভাৰতত বৃদ্ধি পাইছে মূৰ আৰু ডিঙিত কৰ্কট আক্ৰান্ত ৰোগীৰ সংখ্যা !  মৌখিক যৌন সম্ভোগৰ বাবে যুৱতীসকল এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি…

উদ্বেগজনক খবৰ! ভাৰতত বৃদ্ধি পাইছে মূৰ আৰু ডিঙিত কৰ্কট আক্ৰান্ত ৰোগীৰ সংখ্যা। বিশেষজ্ঞৰ মতে, ধঁপাত সেৱনৰ ফলত যুৱক-যুৱতীসকল এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি । ২০৪০ চন পৰ্যন্ত এই ৰোগীৰ সংখ্যা ২.১ মিলিয়ন হোৱাৰ আশংকা ব্যক্ত।

শেহতীয়া অধ্যয়নত পোহৰলৈ আহিছে যে ধূমপান আৰু সুৰাপানৰ উপৰিও মৌখিক যৌন সম্ভোগ (oral sex) আৰু একাধিক সংগীৰে যৌন সম্ভোগৰ দ্বাৰা হিউমেন পেপিলোমা ভাইৰাছ (HPV) সংক্ৰমণৰ ফলত ডিঙিৰ কৰ্কট ৰোগ হোৱা দেখা যায় । ব্ৰাচেলছ কৰ্কট পঞ্জীয়ন ফাউণ্ডেচনৰ মতে, ডিঙিৰ কৰ্কট ৰোগৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে ২০১৯ চনত ২,৭৬৬ টা নতুনকৈ মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ ঘটনা পোহৰলৈ আহিছিল যিটো প্ৰতি বছৰে প্ৰতি ১,০০,০০০ জনসংখ্যাৰ ২৪.২ নতুন ৰোগ নিৰ্ণয়ৰ সমান । ৰোগীসকলৰ ভিতৰত পুৰুষৰ সংখ্যা আছিল সৰ্বাধিক ২,০৫৮ গৰাকী, আনহাতে মহিলা ৭০৮ গৰাকী ।

ইউজেড লিউভেনৰ (UZ Leuven) অধ্যাপক ডাঃ পিয়েৰ ডেলায়েৰে কয় যে শেহতীয়া বছৰবোৰত HPV ভাইৰাছৰ ফলত হোৱা ডিঙিৰ কৰ্কট ৰোগৰ সংখ্যা বৃদ্ধি পাইছে । পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত ইজনৰ পৰা সিজনলৈ যৌন সম্ভোগৰ ফলত এইচ.পি.ভি. সংক্ৰমণৰ দ্বাৰা মুখ গহ্বৰৰ কৰ্কট ৰোগ হ’ব পাৰে (Causes of throat cancer)। অধ্যাপকগৰাকীৰ মতে ডিঙিৰ কৰ্কট ৰোগ Oral sexৰ জৰিয়তে সংক্ৰমণ হ’ব পাৰে (Oral sex cause throat cancer)।

বেছিভাগ ক্ষেত্ৰতে, ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে শৰীৰৰ পৰা ভাইৰাছটো আঁতৰ কৰে, কিন্তু কেতিয়াবা ভাইৰাছটো মুখ গহ্বৰৰ কোষবোৰত থাকি যায় । যাৰ ফলত দীৰ্ঘম্যাদী সংক্ৰমণ হ’ব পাৰে । ফলস্বৰূপে, কোষবোৰৰ পৰিৱৰ্তন হ’ব পাৰে আৰু ইয়াৰ পৰিণতি হ’ব পাৰে ডিঙিৰ কৰ্কট ৰোগ ।

কৰ্কট ৰোগ উৎপত্তি –
শৰীৰৰ জীৱনৰ প্ৰাথমিক একক কোষত কৰ্কট ৰোগ আৰম্ভ হয়। কৰ্কট ৰোগক বুজি পাবলৈ হ’লে এটা স্বাভাৱিক কোষ কেনেকৈ কৰ্কট কোষলৈ পৰিৱৰ্তন হয় সেইটো জানিবলৈ সহায়ক হ’ব।

শৰীৰটো বহু বিভিন্ন ধৰণৰ কোষসমূহেৰে গঠিত হয়। শৰীৰৰ সু-স্বাস্থ্য বজাই ৰাখিবলৈ প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰিতভাৱে এই কোষসমূহ বৃদ্ধি পায় আৰু বিভাজিত হৈ অধিক কোষৰ সৃষ্টি কৰে।

যেতিয়া কোষসমূহ বৃদ্ধ হয় বা কিবা কাৰণত ধ্বংস হয় তেতিয়া এইবোৰৰ মৃত্যু হয় ইয়াৰ ঠাইত নতুন কোষৰ সৃষ্টি হয়।

তথাপিও কেতিয়াবা এই ক্ৰম অনুসৰি থকা প্ৰক্ৰিয়াত বিসংগতি ঘটে। কোষৰ জিনগত সামগ্ৰী (ডিএনএ) কেতিয়াবা ধ্বংস হ’ব পাৰে বা সলনি হ’ব পাৰে, ৰূপান্তৰ হোৱাৰ ফলত কোষৰ স্বাভাৱিক বৃদ্ধি আৰু বিভাজনত প্ৰভাৱ পেলাব পাৰে। যেতিয়া এনে হয় তেতিয়া কোষবোৰৰ সময়ত মৃত্যু নহয় আৰু শৰীৰটোক প্ৰয়োজন নথকা অৱস্থাতো নতুন কোষৰ সৃষ্টি হয়।

এনে অতিৰিক্ত আৰু অপ্ৰয়োজনীয় নতুন কোষবোৰে এটা মাংসপিণ্ডৰ সৃষ্টি কৰে। এইবোৰকে টিউমাৰ বোলা হয়। সকলোবোৰ টিউমাৰেই কৰ্কট ৰোগ নহয়, টিউমাৰবোৰ ক্ষতিকাৰক নহ’বও পাৰে বা ক্ষতিকাৰক মেলিগনেন্টো হ’ব পাৰে।

অবিপদজনক টিউমাৰবোৰ কৰ্কট ৰোগ নহয়। এইবোৰ আঁতৰাই পেলাব পৰা যায় আৰু এইবোৰ পুনৰাই সৃষ্টি নহয়। অবিপদজনক টিউমাৰত থকা কোষসমূহ দেহৰ আন অংশলৈ বিয়পি নপৰে।ক্ষতিকাৰক মেলিগনেন্ট টিউমাৰবোৰৰ পৰা কৰ্কট ৰোগ হয়।

এনে টিউমাৰত থকা কোষবোৰে ওচৰৰ কলাসমূহ ক্ষতি কৰিব পাৰে আৰু শৰীৰৰ বিভিন্ন অংশলৈ বিয়পি পৰিব পাৰে। এনেদৰে এই কৰ্কট কোষবোৰ এটা অংগৰ পৰা আন এটা অংগলৈ বিয়পি পৰাতো মেটাছটাছিছ বোলা হয়। লিউকেমিয়া- এই কৰ্কট ৰোগবিধ হাড়ৰ মজ্জা আৰু তেজত হয়।

ই কোনো টিউমাৰৰ সৃষ্টি নকৰে।কৰ্কট ৰোগৰ কিছুমান লক্ষণ সমূহ: স্তন বা শৰীৰৰ আন ঠাইত নতুনকৈ টেমুনা বা মঙহৰ টুকুৰা সৃষ্টি হোৱা।নতুন তিল বা মাহ সৃষ্টি হোৱা বা পুৰণি কোনো তিল বা মাহৰ পৰিৱৰ্তন হোৱা।

চিকিৎসাৰ পিছতো বহুদিনলৈ ঘাঁ আৰোগ্য নোহোৱা। বহুদিন ধৰি কাঁহ হৈ থকা। শৌচ প্ৰস্ৰাৱৰ অভ্যাস পৰিৱৰ্তন হোৱা। খাদ্য গ্ৰহণৰ পিছত অস্বস্তিবোধ হোৱা। ঢোক গিলোতে কষ্ট পোৱা। কোনো কাৰণ নোহোৱাকৈ অস্বাভাৱিকভাৱে ওজন বৃদ্ধি বা হ্ৰাস পোৱা। অস্বাভাৱিক ৰক্তপাত বা ৰক্তক্ষৰণ হোৱা।দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰি থকা।

বেছিভাগ ক্ষেত্ৰতে এই লক্ষণসমূহ কৰ্কট ৰোগৰ বাবেই যে হৈছে সেইটো নহয়। এনেবোৰ লক্ষণ টিউমাৰ বা আন সমস্যাৰ বাবেও হ’ব পাৰে। কেৱল চিকিৎসকেহে নিশ্চিতভাৱে ক’ব পাৰিব।

যদি কোনো ব্যক্তিৰ এনে লক্ষণসমূহ থাকে বা স্বাস্থ্য সম্পৰ্কীয় আন পৰিৱৰ্তন দেখা যায় তেন্তে ৰোগ নিৰ্ণয়ৰ বাবে চিকিৎসকৰ কাষ চাপিব লাগে আৰু যিমান শীঘ্ৰে সম্ভৱ হয় চিকিৎসা কৰাব লাগে। সাধাৰণতে কৰ্কট ৰোগৰ প্ৰাথমিক অৱস্থাত কোনো বিষ অনুভূত নহয়। যদিহে আপোনাৰ এই লক্ষণবোৰে দেখা দিছে তেন্তে বিষ উপলব্ধি কৰালৈকে অপেক্ষা কৰি নাথাকি চিকিৎসকক দেখুৱাওঁক।

আজিৰে পৰা দাম বৃদ্ধি পূৰৱী গাখীৰৰ…

দাম বৃদ্ধি হ’ল গাখীৰৰ।

পূৰৱী গাখীৰৰ প্ৰতি লিটাৰত ২ টকাকৈ দাম বৃদ্ধি।

আজিৰে পৰা বৃদ্ধি পূৰৱী গাখীৰৰ দাম।

স্মার্ট প্লাছ গাখীৰৰ প্ৰতি লিটাৰৰ দাম হ’ল ৬৬ টকা।

পূৰৱী গোল্ড গাখীৰৰ প্ৰতি লিটাৰৰ দাম হ’ল ৭২ টকা।

আনহাতে দাম বৃদ্ধি পালে পনীৰ, দৈ আৰু ঘিউৰ।

ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত আজি দুখন মেচ, মহমেদান স্পৰ্টিং-ইণ্টাৰ কাশী এফ চি আৰু জামছেদপুৰ এফ চি-আছাম ৰাইফলছ…

চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কাইলৈ দুখন খেল অনুষ্ঠিত হ’ব৷ আবেলি চাৰি বজাত জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত হ’বলগা দিনটোৰ প্ৰথমখন মেচত আই এছ এল দল জামছেদপুৰ এফ চিয়ে আছাম ৰাইফলৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে এয়া গ্ৰুপ ‘ডি’ৰ প্ৰথম মেচ৷ ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ খেল এইবাৰ প্ৰথমবাৰৰ বাবে জামছেদপুৰত আয়োজন কৰা হৈছে৷উল্লেখ্য যে জামছেদপুৰ এফ চিৰ বাবে যোৱা ছিজন মুঠেও আশাপ্ৰদ নাছিল৷ আই এছ এলত মুঠ ২২ মেচ খেলা ক্লাবটোৱে পাঁচখনত জয়লাভ কৰাৰ বিপৰীতে ১১ খনত পৰাজয়ৰ সন্মুখীন হৈছিল৷ ছখন মেচত পইণ্ট ভগাই লোৱা জামছেদপুৰ দলে পইণ্ট তালিকাৰ অন্তিম দ্বিতীয় স্থানত থাকিয়ে ছিজন সামৰে৷ বিপৰীতে, আছাম ৰাইফলছৰ খেলুৱৈৰ বাবে ডুৰাণ্ড কাপত খেলাটো এক নতুন অভিজ্ঞতা হ’ব৷

ইফালে, কাইলৈ কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত নিশা সাত বজাত হ’বলগা দিনটোৰ দ্বিতীয় মেচখনত স্থানীয় দল মহমেদান স্পৰ্টিং ক্লাবে উত্তৰ প্ৰদেশৰ ইণ্টাৰ কাশী এফ চিৰ বিৰুদ্ধে খেলিব৷ এয়া গ্ৰুপ ‘বি’ৰ উদ্বোধনী মেচ৷ মহমেদান স্পৰ্টিং ক্লাব যোৱা আই লীগ ছিজনৰ চেম্পিয়ন৷ আই এছ এললৈ উত্তৰণ কৰা দলে ডুৰাণ্ড কাপৰ জড়িয়তে প্ৰত্যাশিত আৰম্ভনি কৰিব বিচাৰিছে৷ বিপৰীতে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত ইণ্টাৰ কাশী এফ চিয়ে খেলিব৷ এইবাৰ ডুৰাণ্ড কাপৰ খেল কলকাতাৰ লগতে অসমৰ কোকৰাঝাৰ, মেঘালয়ৰ শ্বিলং আৰু ঝাৰখণ্ডৰ জামছেদপুৰত অনুষ্ঠিত হ’ব৷ কলকাতাত তিনিটা গ্ৰুপৰ খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰে এটাকৈ গ্ৰুপ মেচ আয়োজন কৰিব৷ উল্লেখ্য যে জামছেদপুৰৰ দৰে¸ শ্বিলঙেও প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে৷ আনহাতে, কোকৰাঝাৰত ক্ৰমাগত দ্বিতীয় বৰ্ষৰ বাবে তথা অসমত তৃতীয়বাৰলৈ অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ৷

প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হ’ব৷

দিল্লীত শিলচৰৰ যুৱতী স্নেহা নাথ চৌধুৰীক নৃশংস হত্যা প্ৰেমিকৰ…

দিল্লীত শিলচৰৰ যুৱতীক নৃশংস হত্যা। প্ৰেমিকৰ ছুৰিকাঘাতত মৃত্যু স্নেহা নাথ চৌধুৰীৰ।

ৰাজ কৰ্মকাৰৰ বিৰুদ্ধে যুৱতীগৰাকীক হত্যাৰ অভিযোগ। শিলচৰৰ অম্বিকাপট্টিৰ এটা জিমৰ ট্ৰেইনাৰ আছিল স্নেহা।

দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত চলি আছিল বিবাদ।

হঠাৎ অসুস্থ জুবিন গাৰ্গ! নেমকেয়াৰ হাস্পতালত ভৰ্তি জুবিন গাৰ্গক…

হঠাৎ অসুস্থ জুবিন গাৰ্গ।

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি শিল্পীগৰাকীক।

আজি পুৱা ১০ বজাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে জুবিন গাৰ্গক।

বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্য সুস্থিৰ বুলি জনায় হাস্পতাল কৰ্তৃপক্ষই।

পৃথিৱীৰ সৰ্বোচ্চ ৫ খন গৰম ঠাই ! গ্ৰীষ্মকালত উষ্ণতা ৪৮ ডিগ্ৰী চেলছিয়াছৰ ওপৰত থাকে এই ঠাইসমূহত…

মানুহে নিজকে আটাইতকৈ শক্তিশালী বুলি ভাবে, আৰু বৈজ্ঞানিক প্ৰযুক্তিৰ জৰিয়তে মানুহে বহুত আগবাঢ়ি গৈছে যদিও কিন্তু তেওঁলোকে পাহৰি যায় যে প্ৰকৃতিয়ে পৃথিৱীৰ আটাইতকৈ শক্তিশালী আৰু দয়ালু।  প্ৰকৃতিৰ বিভিন্ন দিশ আছে।  বহুতো ঠাই আছে যিবোৰ পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই আৰু বহুতো ঠাই আছে যিবোৰ পৃথিৱীৰ আটাইতকৈ গৰম ।  সেই উত্তপ্ত গৰম ঠাইবোৰ ক’ত আছে জানেনে ?  যদি নাজানে, তেন্তে এই লেখাটোত পৃথিৱীৰ শীৰ্ষ ৫ খন  আটাইতকৈ উত্তপ্ত ঠাইৰ বিষয়ে ক’ম যিবোৰক পৃথিৱীৰ আটাইতকৈ উত্তপ্ত ঠাই বুলি গণ্য কৰা হয় আৰু আপুনিও জানিব পাৰিব যে তাত প্ৰকৃতিয়ে কেনেকৈ বিধ্বংসী ৰূপ ধাৰণ কৰিছে। 

1/আজিজিয়াহ, লিবিয়া

 আজিজিয়াহ  পূৰ্বতে ত্ৰিপুলীৰ পৰা প্ৰায় ২৫ মাইল (প্ৰায় ৪১ কিলোমিটাৰ) দক্ষিণ-পশ্চিমে অৱস্থিত জাফ্ৰা প্ৰদেশৰ ৰাজধানী আছিল।  আজিজিয়াহ এসময়ত পৃথিৱীৰ আটাইতকৈ উত্তপ্ত ঠাই আছিল।  ১৯২২ চনত যেতিয়া ইয়াত সৰ্বোচ্চ উষ্ণতা ৰেকৰ্ড কৰা হৈছিল ৫৮ ডিগ্ৰী।  কিন্তু পৰৱৰ্তী সময়ত ইয়াক ভুৱা দাবী বুলি গণ্য কৰা হয় আৰু উপযুক্ত তথ্যৰ অভাৱত । ২০১২ চনৰ আটাইতকৈ উত্তপ্ত স্থানৰ শীৰ্ষস্থানৰ পৰা ইয়াক আঁতৰাই পেলোৱা হয়।

 আজিৰ সময়ত লিবিয়াৰ আজিজিয়াহতকৈ গৰম আৰু শুকান চহৰ পৃথিৱীৰ কমেইহে আছে।  গ্ৰীষ্মকালত এতিয়াও ঠাইখনৰ উষ্ণতা ৪৮ ডিগ্ৰী চেলছিয়াছৰ ওপৰত থাকে।

2/ডেথ ভেলী, কেলিফৰ্ণিয়া

   তালিকাত ডেথ ভেলীক এক নম্বৰ স্থান লাভ কৰিছে।  মৃত্যু তাৰ নামত আছে।  আমেৰিকাৰ কেলিফৰ্ণিয়া প্ৰদেশৰ ডেথ ভেলী । বিশ্বৰ ভিতৰতে সৰ্বোচ্চ উষ্ণতা ৰেকৰ্ড কৰা ঠাই ।  বন্ধুসকল, ইয়াত সদায় গৰম যদিও ১৯১৩ চনত ডেথ ভেলীৰ সৰ্বোচ্চ উষ্ণতা ৫৬.৭ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল ।  য’ত কোনো মানুহৰ জীয়াই থকাটো সম্ভৱ নহয় ।  এইয়া সঁচাকৈয়ে মৃত্যুৰ উপত্যকা  । সেইবাবে ইয়াক ডেথ ভেলী বুলি কোৱা হয় ।

 পৰিস্থিতি আনকি এনেকুৱা যে ইয়াত আপুনি এঠাইৰ পৰা এঠাইলৈ ভূতৰ চহৰ বিচাৰি পাব, য’ত কেৱল ঘৰহে আছে, কিন্তু থাকিবলৈ কোনো মানুহ নাই।আমেৰিকাৰ এই ডেথ ভেলীত বৰষুণ প্ৰায় নগণ্য । যাৰ বাবে এটুপাল পানী   বহু দূৰলৈ বিচাৰি ফুৰাৰ পিছতো পানী বিচাৰি পোৱা নাযায়।

3/ ৱাদি হালফা, ইৰাণ

   শীৰ্ষ চতুৰ্থ স্থানত ইৰাণ উপস্থিত আছে আৰু  বিশ্বাস কৰক, এই তালিকাখনত আপুনি ইৰাণৰ আটাইতকৈ বেছি ঠাই পাব ৷  ইৰাণৰ ৱাদি হালফা চহৰখন চুডানৰ নুবিয়া হ্ৰদৰ পাৰত অৱস্থিত।  গোটেই বছৰটো ইয়াত একেবাৰে বৰষুণ নহয়।  বিশেষকৈ গৰমৰ দিনত অৰ্থাৎ মে’ৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ৱাদি হালফা জ্বলি থকা অগ্নিকুণ্ডলৈ পৰিণত হয়।  ইয়াত জুন মাহ আটাইতকৈ উষ্ণ মাহ, য’ত গড় তাপমাত্ৰা ৪১ ডিগ্ৰী চেলচিয়াছ ।

   বিশ্বৰ আটাইতকৈ উষ্ণ চহৰ হিচাপে বিবেচিত ৱাদি হালফা, এতিয়ালৈকে ৰেকৰ্ড কৰা সৰ্বোচ্চ উষ্ণতা ৫৩ ডিগ্ৰী চেলছিয়াছ, যিটো ১৯৬৭ চনৰ এপ্ৰিল মাহত সংঘটিত হৈছিল ।   এনে অৱস্থাত ইয়াত বসবাস কৰা মানুহখিনিৰ বাবে জীৱনটো নিশ্চয় কঠিন আৰু সংগ্ৰামেৰে ভৰা আছিল । 

4/ডাষ্ট-ই লুট, ইৰাণ

   ইৰাণ এই তালিকাত বহু প্ৰাৰ্থীৰ সৈতে উপস্থিত আছে, গতিকে আকৌ ইৰাণলৈ উভতি যাওঁ আহক।  ইৰাণৰ এই লুট মৰুভূমিৰ পৃষ্ঠৰ উষ্ণতা এই গ্ৰহৰ আটাইতকৈ উষ্ণ ভূমিৰ উষ্ণতা।  ২০০৩ চনৰ পৰা ২০০৯ চনৰ ভিতৰত আমেৰিকান স্পেচ এজেন্সী নাছাই উপগ্ৰহৰ জৰিয়তে কৰা জোখ-মাখৰ পৰা সৰ্বোচ্চ উষ্ণতা ৭০.৭ ডিগ্ৰী পোৱা গৈছিল।  এতিয়া ইমান উচ্চ উষ্ণতাত স্পষ্ট হৈ পৰিছে যে ইয়াত কোনো মানুহ বা আনকি জীৱ-জন্তু, উদ্ভিদও জীয়াই থাকিব নোৱাৰে।

 ডাষ্ট-ই লুটৰ এই মৰুভূমিত মৃত্যু লুকাই আছে।  যদি কোনো ব্যক্তিয়ে ভুলতে ইয়াত উপস্থিত হয়, তেন্তে তেওঁক ৰক্ষা কৰিবলৈ কেৱল ভগৱানহে মাটিত আহিব লাগিব, নহ’লে, তেওঁৰ মৃত্যু নিশ্চিত।

5/ তিৰাট ঝ্ভি, ইজৰাইল

 ইজৰাইলৰ বেইট শ্বিয়ান উপত্যকাত জৰ্ডান নদীৰ পশ্চিমে অৱস্থিত টিৰাট ঝ্ভি ।  এই চহৰৰ জনসংখ্যা হাজাৰতকৈও কম, ইয়াৰে অধিকাংশই কৃষক আৰু খেতি কৰে। অসহ্যকৰ গৰম  আৰু গৰম, গৰমে ইয়াৰ মানুহবোৰৰ জীৱন অতি কঠিন কৰি তোলে।

  টিৰাট ঝ্ভি টাউন সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৭২২ ফুট (২২০ মিটাৰ) তলত অৱস্থিত।  ১৯৪২ চনৰ জুন মাহত ইয়াত তাপমাত্ৰা ৫৩.৮৯ ডিগ্ৰী চেলচিয়াছ ।  ইয়াত উপস্থিত থকা কিবুটজ ইজৰাইলৰ আটাইতকৈ ডাঙৰ কল বাগিচা, য’ত ২ লাখতকৈ অধিক গছ ৰোপণ কৰা হয়।

আজি বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ! বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱসৰ তাৎপৰ্য…

আজি বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস। প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা সমাজৰ প্ৰতিজন লোকৰ মাজত জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে উদযাপন কৰা হয় এই দিৱস ।

পৃথিৱী আমাৰ ঘৰ। কিন্তু সময়ৰ লগে লগে মানৱ জাতিয়ে পৃথিৱীৰ সম্পদ ক্ষয় কৰি বন্যপ্ৰাণী বিপন্ন কৰি নিজৰ দৈনন্দিন বিষাক্ত পদ্ধতিৰে পৃথিৱীখন প্ৰদূষিত কৰি তুলিছে। যদি আমি এতিয়ালৈকে পৃথিৱী আৰু ইয়াৰ সম্পদসমূহ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তা বুজি নাপাওঁ, তেন্তে হয়তো বহু দেৰি হ’ব। বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস হৈছে পৃথিৱীৰ প্ৰাকৃতিক সম্পদ, বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ গুৰুত্ব আৰু ইয়াৰ দ্বাৰা বহনক্ষম জীৱনৰ বাবে সৃষ্টি কৰা ভাৰসাম্যৰ বিষয়ে বুজি পোৱাৰ দিন।প্ৰতি বছৰে ২৮ জুলাইত বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস উদযাপন কৰা হয়।আজিৰ দিনটোত মানুহে প্ৰকৃতি সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰে।

সকলোৰে পৰা প্ৰতিদিনে সৰু সৰু অৱদানৰ সহায়ত আমি গ্ৰহটোক ৰক্ষা কৰিব পাৰো আৰু আমাক যি প্ৰকৃতি প্ৰদান কৰা হৈছে, সেই প্ৰকৃতি পুনৰ লাভ কৰিব পাৰো। ই সুস্থ জীৱন যাপনৰ পথ আৰু অধিক মুকলি কৰিব।

সমগ্ৰ মানৱ জাতিৰ বহনক্ষম ভৱিষ্যতৰ ওপৰত সম্প্ৰতি বহু প্ৰশ্ন উত্থাপন হৈছে । সুদূৰ ভৱিষ্যতে প্ৰকৃতিৰ ওপৰত চলোৱা এনে অত্যাচাৰৰ ফলত মানৱ সমাজে এটুপাল পানী, বিশুদ্ধ বায়ুৰ বাবে হাহাঁকাৰ কৰিব লাগিব ৷ কিয়নো বিশ্ব বন্যপ্ৰাণী ফাউণ্ডেছনে (World Wildlife Fund) প্ৰদান কৰা তথ্য অনুসৰি,

1970 চনৰ পৰা মানৱ সমাজে পৃথিৱীৰ ওপৰত দিয়া হেঁচাৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত প্ৰাকৃতিক সম্পদৰ পৰিমাণ বহু হ্ৰাস পাইছেগৈ ৷ইয়াৰোপৰি, সমগ্ৰ বিশ্বতে 2.5 শতাংশহে বিশুদ্ধ পানী থকাৰ লগতে 70% বিশুদ্ধ পানী বৰফ আৰু হিমৰ আকাৰত আছে ৷ সেয়ে এই পৃথিৱীৰ প্ৰাকৃতিক সম্পদ ৰক্ষাৰ সৰ্বোত্তম অনুশীলন সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্বজুৰি ২৮ জুলাইৰ দিনটোত পালন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস । এই দিৱস উদযাপন কৰি প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰতিজন মানুহ দায়বদ্ধ হৈ সংকল্পবদ্ধ হ’ব লাগে যাতে আমাৰ সেউজীয়া ধৰণীক চিৰকাল সেউজীয়া কৰি ৰাখিব পাৰোঁ ।

দাঁতেৰে নখ কামোৰে নেকি? এই বেয়া অভ্যাস ৰোধ কৰিবলৈ কি কৰিব…

বহুতে মানসিক চাপ, বিৰক্ত, উদ্বিগ্নত থাকিলে অজানিতে নখ দাঁতৰ ওচৰলৈ যায়।যদিও এই অভ্যাসে সাময়িক তৃপ্তি দিয়ে, তথাপিও ই শৰীৰৰ বাবে একেবাৰেই ভাল নহয়।ডাঙৰ হোৱাৰ পিছতো বহুতে সৰু কালৰ এই বেয়া অভ্যাস এৰিব নোৱাৰে। নখত সৰ্বাধিক বেক্টেৰিয়া থাকে।দাঁতেৰে নখ কামুৰিলে বেক্টেৰিয়া মুখলৈ স্থানান্তৰিত হয়।যাৰ ফলত পেটৰ সংক্ৰমণ হ’ব পাৰে।শিশুক নখ কামোৰা বেছিকৈ দেখা যায়।

এই বেয়া অভ্যাস ৰোধ কৰিবলৈ কি কৰিব, জানেনে-

১) নখবোৰ দীঘল হ’লে দাঁতেৰে নখ কামোৰা পৰা প্ৰৱণতা বাঢ়ে। গতিকে নখবোৰ চুটিকৈ কাটি লওক। নখতো মলি জমা হয়।

২) নখত নেইল পলিচ লগাওক। তেতিয়া দাঁতেৰে নখ কামুৰিলে নখ পলিচৰ তিতা সোৱাদ পাব আৰু সেই কামৰ পৰা বিৰত থাকিব।

৩) নখবোৰ মাজে মাজে মেনিকিউৰ কৰক। সাৱধানে মেনিকিউৰ কৰা নখ এটা দাঁতেৰে কামোৰাৰ আগতে দুবাৰ ভাবিব।

৪)দাঁতেৰে নখ কামোৰাৰ আঁৰৰ এটা কাৰণ হ’ল কিবা কাৰণত হোৱা মানসিক চাপ বা উদ্বেগ। মানসিক চাপ কম কৰিবলৈ ধ্যান, প্ৰাণায়াম, যোগাসন কৰক। শৰীৰ আৰু মন দুয়োটা ভাল হ’ব।