Home Blog Page 639

তাজমহল যোৱাৰ পূৰ্বে জানি লওক এই সমূহ নিয়মৰ বিষয়ে…

যদি আপুনি তাজমহল ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেন্তে এই সমূহ নিয়মৰ বিষয়ে জানি লওক। শেহতীয়াকৈ তাজমহলত কিছুমান নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে, যাৰ বিষয়ে আপোনালোকে জনাটো গুৰুত্বপূৰ্ণ। এই নিয়ম মানি চলিলে আপোনাৰ ভ্ৰমণ সুবিধা হোৱাই নহয়, তাজমহলৰ সুৰক্ষা আৰু সংৰক্ষণতো সহায়ক হ’ব।

তাজমহলৰ মূল সমাধিস্থললৈ পৰ্যটকৰ পানীৰ বটল কঢ়িয়াই নিয়াত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শেহতীয়াকৈ তাজমহলক শিৱ মন্দিৰ আখ্যা দি পানী আগবঢ়োৱাৰ গোচৰ পোহৰলৈ অহাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে।

এতিয়াৰ পৰা জেচমিনৰ মজিয়াৰ পৰা মূল সমাধিলৈ যোৱা চিৰিবোৰত পৰ্যটক আৰু গাইডে পানীৰ বটল কঢ়িয়াই নিব নোৱাৰিব। এতিয়া চিৰি পোৱাৰ আগতে বটল ৰখা হ’ব। ইয়াৰ ফলত পৰ্যটকৰ কিছু অসুবিধাৰ সৃষ্টি হ’ব পাৰে, কিন্তু নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা এই পদক্ষেপটো প্ৰয়োজনীয়।

আনহাতে তাজমহলৰ ভিতৰত কি ল’ব নোৱাৰিব-

  • সকলো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক সামগ্ৰী আৰু ইয়াৰ প্ৰতিৰূপ নিষিদ্ধ।
  • জুইশলা, লাইটাৰ, চিগাৰেট আৰু সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ।
  • কেঁচি, কটাৰী আৰু অন্যান্য চোকা বস্তু ব্যৱহাৰ কৰিব নোৱাৰিব।
  • প্ৰসাদ, মালা আদি ধৰ্মীয় সামগ্ৰী ভিতৰলৈ নিব নোৱাৰিব।
  • লেপটপ আৰু সকলো ধৰণৰ কেমেৰা ষ্টেণ্ড নিষিদ্ধ।
  • টৰ্চ, পেছাদাৰী ভিডিঅ’ কেমেৰা, পি এ চিষ্টেম আৰু ডাঙৰ বেগ আনিব নোৱাৰিবও পাৰে।
  • ফটো আৰু চিডিৰ হাৰ্ড কপিও ভিতৰলৈ লোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

তাজমহল ভ্ৰমণৰ আগতে এই নিয়মবোৰ মনত ৰাখিব আৰু অপ্ৰয়োজনীয় বস্তু লগত লৈ নাযাব। ইয়াৰ ফলত আপোনাৰ যাত্ৰা সহজ হ’ব আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো সহায়ক হ’ব।

৫০ কেজি মল্লযুঁজৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটৰ…

৫০ কেজি মল্লযুঁজৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটৰ।

বিশ্ব নং. ১ আৰু ডিফেণ্ডিং চেম্পিয়ন জাপানৰ ইউই চুছাকিক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটৰ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ফিজিৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘কম্পেনিয়ান অফ দা অৰ্ডাৰ’ৰে সন্মানিত…

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আজি ফিজিৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘কম্পেনিয়ান অফ দা অৰ্ডাৰ’ৰে সন্মানিত কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি উইলিয়াম কাটোনিভেৰে মুৰ্মুক এই সন্মান প্ৰদান কৰে। আনহাতে ইয়াৰ পূৰ্বে তেওঁ ফিজিৰ ৰাজধানী ছুভাত ভাৰতীয় বংশোদ্ভৱসকলৰ সৈতে এখন সভাত মিলিত হয়।

সভাত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে ফিজিত তেওঁৰ নিজৰ দেশত থকা যেনেই অনুভৱ হৈছে তথা সেই দেশত থকা ভাৰতীয় মূলৰ লোকসকলে নিজৰ সংস্কৃতি আৰু মূল্যবোধক অক্ষত ৰখাত যথেষ্ঠ আনন্দিত হৈছে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে দুদিনীয়া ভ্ৰমণসূচীৰে কালি ফিজিত উপস্থিত হৈছিল।

জেভলিন থ্ৰ’ৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰাৰ…

পুৰুষৰ জেভেলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় এথলেটিক নীৰজ চোপ্ৰা।

৮৯.৩৪ মিটাৰ দূৰত্বৰে জেভলিন থ্ৰ’ৰ ফাইনেলত প্ৰৱেশ কৰে নীৰজ চোপ্ৰাই।

৮ আগষ্টত অনুষ্ঠিত হ’ব ফাইনেল খেল।

নিশা ১১.৫০ বজাত অনুষ্ঠিত হ’ব ফাইনেল খন ।

পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল…

ৰাজ্যত পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া। কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক গ্ৰেপ্তাৰ।

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চালককো গ্ৰেপ্তাৰ। লাট মণ্ডল ৰহিমৰাম মণ্ডল আৰু চালক ধ্ৰুৱ নাথক গ্ৰেপ্তাৰ। ১০ হাজাৰ টকা লওঁতেই গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই।

চালক ধ্ৰুৱ নাথৰ জৰিয়তে সংগ্ৰহ কৰিছিল টকাখিনি।

মুকলি আকাশৰ তললৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়া…

মুকলি আকাশৰ তললৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়া।

প্রাক্তন প্রধানমন্ত্রী বেগম খালেদা জীয়া ৬বছৰে বন্ধী হৈ আছিল।

বাংলাদেশৰ পট পৰিৱৰ্তনৰ পিছতে BNPৰ নেত্ৰী খালেদাৰ মুক্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ।

দিল্লীতে আছে শ্বেখ হাছিনা, ভাৰতে আগন্তুক দিনৰ পৰিকল্পনা কৰিবলৈ সময় দিছে হাছিনাকঃ জয়শংকৰ

মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত সকলো পক্ষৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত তেওঁ কয় যে ভাৰত চৰকাৰে হাছিনাক ভৱিষ্যত পৰিকল্পনাৰ বাবে কিছু সময় দিছে। দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত এই মন্তব্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ। মঙলবাৰে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত সকলো পক্ষৰ সৈতে বৈঠকত বহিছিল। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰও উপস্থিত থাকে। কেন্দ্রই কয় যে নতুন দিল্লী বাংলাদেশ সেনাৰ সৈতে যোগাযোগত আছে৷ পৰিস্থিতি কোন দিশলৈ গতি কৰিব সেয়া হ’ব লক্ষ্যণীয়।

সূত্ৰ অনুসৰি বাংলাদেশক লৈ ভাৰতৰ স্থিতি কি, জয়শংকৰে সৰ্বদলীয় বৈঠকত উপস্থিত থকা সকলো সাংসদক জনায়। তেওঁৰ বক্তব্য অনুসৰি এতিয়াৰ বাবে ভাৰতে হাছিনাক কিছু সময় দিব বিচাৰিছে। তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ভাৰত চৰকাৰক অৱগত কৰিব। সেই চিন্তাৰ বাবে সময় উলিয়াই। নতুন দিল্লীয়ে হাছিনাৰ পৰিকল্পনা জানি পৰৱৰ্তী সিদ্ধান্ত ল’ব। হাছিনাৰ পদত্যাগ আৰু পলায়নৰ পিছত বাংলাদেশৰ ক্ষমতা এতিয়া সেনাৰ হাতত। সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে দায়িত্ব লয়। সেনাৰ নেতৃত্বত গঠন হ’ব কেয়াৰটেকাৰ চৰকাৰ। এই পৰিৱৰ্তিত পৰিস্থিতিত বাংলাদেশত বসবাস কৰা ভাৰতীয়সকলৰ সুৰক্ষা সুনিশ্চিত কৰাটোৱেই কেন্দ্ৰৰ লক্ষ্য বুলি জয়শংকৰে কয়।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ আঁৰত ISIৰ হাত ! অভিযোগ আমেৰিকাত থকা শ্বেখ হাছিনাৰ পুত্ৰ সজীৱ ৱাজেদ জায়ৰ এই বিস্ফোৰক অভিযোগ…

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ আঁৰত ISIৰ হাত। অভিযোগ আমেৰিকাত থকা শ্বেখ হাছিনাৰ পুত্ৰ সজীৱ ৱাজেদ জায়ৰ এই বিস্ফোৰক অভিযোগ। বাংলাদেশৰ পৰিস্থিতিৰ পাছত দেশখনলৈ ঘূৰি নোযোৱাৰ সিদ্ধান্ত শ্বেখ হাছিনাৰ। ইয়াৰ পাছত ভাৰতৰ সীমান্তত BSFৰ হাই এলাৰ্ট জাৰি। নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে সীমান্তত।

জানিব পৰা মতে, কালি হিংসাত্মক ঘটনা অব্যাহত থকাৰ পাছৰে পৰা ২১ জুলাইৰ পৰা বাংলাদেশত মুঠ মৃতকৰ সংখ্যা ৪৪০ অতিক্ৰম কৰিছে। প্ৰথম অৱস্থাত এই মৃতকৰ মাজত আন্দোলনকাৰীৰ সংখ্যা বেছি আছিল। কিন্তু কালিৰে পৰা ‘প্ৰতিশোধ’ৰ নামত আৱামী লীগৰ নেতা-কৰ্মী আৰু আৰক্ষীক নিৰ্বিচাৰে আক্ৰমণ কৰা হৈছে। কালি দুপৰীয়াৰ ভিতৰত বাংলাদেশৰ সেনাধ্যক্ষৰ শান্তি ঘূৰাই অনাৰ অনুৰোধৰ পিছত যেন আৰু অধিক হিংসাত্মক কাৰ্য্যৰ বাবে ‘লাইচেন্স’ লাভ কৰিলে এক শ্ৰেণীৰ প্ৰতিবাদকাৰীয়ে।

ইফালে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনে সংখ্যালঘু আৰু সাংবাদিকৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিয়ে। কিন্তু ইয়াৰ মাজতে বাংলাদেশৰ বহু ঠাইত জাতিৰ জনক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হয়। তেওঁৰ স্মৃতি সংগ্ৰহালয়ত জুই লগাই দিয়া হয় য’ত ১৯৭৫ চনৰ ১৫ আগষ্টত তেওঁক হত্যা কৰা হৈছিল।

আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ৭ টা বস্তু…

প্ৰটিন শৰীৰৰ বাবে এক গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। ই পেশী গঠন, শক্তি উৎপাদন আৰু আন বহুতো গুৰুত্বপূৰ্ণ কামত সহায় কৰে। যদি আপোনাৰ খাদ্যত প্ৰটিনৰ অভাৱ হয় তেন্তে আপুনি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কোনবোৰ খাদ্য-সামগ্ৰী প্ৰটিন সমৃদ্ধ সেই খাদ্য সামগ্ৰীৰ বিষয়ে জানো আহক-

১/ দাইল
দাইল প্ৰটিনৰ এক উৎকৃষ্ট উৎস। প্ৰটিনৰ লগতে আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদান মগু দাইল, বুট দাইল, মছুৰ দাইল আদিতো প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়।

২ টা কণী
কণী হৈছে প্ৰটিনৰ সম্পূৰ্ণ পেকেজ। এটা কণীত প্ৰায় ৬ গ্ৰাম প্ৰটিন থাকে। কণী উতলাই, ভাজি বা অমলেট বনাই খাব পাৰে।

৩/ মাছ
প্ৰটিনৰ লগতে মাছতো ওমেগা-৩ ফেটি এচিড পোৱা যায় যি হৃদৰোগ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ছালমন, টুনা, মাগুৰ আদি মাছ খাব পাৰে।

৪/ পনিৰ
পনিৰত প্ৰটিন আৰু কেলচিয়াম দুয়োটা প্ৰচুৰ পৰিমাণে পোৱা যায়। পাচলিত দি, পৰঠাৰ সৈতে বা চালাডত দি পানীৰ খাব পাৰে।

৫/ কুকুৰা মাংস
কুকুৰা মাংসত প্ৰটিনৰ পৰিমাণ বেছি আৰু সহজে হজম হয়। চিকেন উতলাই, ভাজি বা গ্ৰীল কৰি খাব পাৰে।

প্ৰটিন সেৱনৰ উপকাৰিতা সমূহ হৈছেঃ

পেশী গঢ়ি তোলা
ওজন হ্ৰাস কৰাত সহায় কৰে
শক্তি প্ৰদান কৰে
হাড় শক্তিশালী কৰা
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ মাছৰাফে মৰ্তাজাৰ ঘৰত অগ্নিসংযোগ…

বাংলাদেশত এটা দিনত ১৩৫ জন লোকৰ প্ৰাণহানি। বাংলাদেশৰ যশোৰত আৱামি লীগ নেতাৰ মালিকানাধীন হোটেলত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ। অগ্নিকাণ্ডত বৰ্তমান সময়লৈকে মৃত্যু ২৪জন লোকৰ।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰত চৰকাৰ৷ দিল্লীৰ সংসদত ভৱনত সৰ্বদলীয় বৈঠক৷ বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ মাছৰাফে মৰ্তাজাৰ ঘৰত অগ্নিসংযোগ।

শেহতীয়াকৈ শ্বেখ হাচিনাৰ নেতৃত্বাধীন আৱামি লীগ পাৰ্টীৰ সাংসদ আছিল মাছৰাফে বিন মৰ্তাজা।