Home Blog Page 640

ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানত কটাক্ষ কমলা হেৰিছক! ‘জো বাইডেনৰ দৰেই এটি কৌতুক’ বুলি সমালোচনা…

উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ “ৰাষ্ট্ৰপতি জো বাইডেনৰ দৰেই এটি কৌতুক” বুলি দেওবাৰে ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানে কটাক্ষ কৰে। এক বিবৃতি যোগে দাবী কৰা হৈছে, “বাইডেনে ৰাষ্ট্ৰপতি পদৰ প্ৰচাৰ অভিযানৰ পৰা নিজক উলিয়াই আনিব নোৱাৰে কাৰণ ‘তেওঁ মানসিকভাৱে অত্যন্ত অযোগ্য’ আৰু তথাপিও তেওঁ হোৱাইট হাউছত আছে। “দেওবাৰে বাইডেনে (81) 2024 চনত হ’বলগীয়া পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ দৌৰৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰি ভাৰতীয় আৰু আফ্ৰিকান উভয় মূলৰ হেৰিছক ডেম’ক্ৰেটিক পাৰ্টিৰ নতুন প্ৰাৰ্থী হিচাপে সমৰ্থন আগবঢ়ায়।  যোৱা মাহত ৰিপাব্লিকান প্ৰতিদ্বন্দ্বী তথা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিতৰ্কত হোৱা বিপৰ্যয় জনক প্ৰদৰ্শনৰ পিচত সহযোগী ডেম’ক্ৰেট সকলৰ পৰা কেইবাসপ্তাহ ধৰি তীব্ৰ হেঁচা প্ৰয়োগ কৰাৰ পিচতে হেৰিছ (৫৯)কমনোনীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এক বিবৃতি যোগে ট্ৰাম্পৰ প্ৰচাৰ অভিযানত কোৱা হয়, “কমলা হেৰিছ বাইডেনৰ দৰেই এটি কৌতুক। হেৰিছ আমাৰ জাতিৰ জনসাধাৰণৰ বাবে জো বাইডেনতকৈও অনুন্নত। “ট্ৰাম্পৰ প্ৰচাৰৰ হৈ এক যৌথ বিবৃতিত ক্ৰীছলা চিভিটা আৰু চুজি উইলেছ’ই অভিযোগ কৰি কয়, “বাইডেন হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু আমাৰ দেশৰ প্ৰতিজন পুৰুষ, মহিলা আৰু শিশুৰ বাবে স্পষ্ট আৰু বৰ্তমানৰ বিপদ। আমি ৫ নৱেম্বৰত এই নিৰ্বাচনত জয়ী হৈ আমাৰ দেশক বচাবলৈ ওলাইছো। আমি জয়ী হোৱাৰ পিচত আমেৰিকাক আকৌ উন্নত ধৰণেৰে নিৰ্মাণ কৰিব পাৰিম !  বাইডেন হৈছে প্ৰৱঞ্চক আৰু আমাৰ দেশৰ বাবে অপমানজনক।” “বাইডেনে আমাৰ সীমান্ত মুকলি কৰি ৰাখিছে, যাৰ ফলত ২  কোটি পৰ্যন্ত বিদেশীক অবৈধ ভাবে আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে”

লোক সভাত দাখিল আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনঃ নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি, হ্ৰাস পাব নিবনুৱা সমস্যা…

সংসদৰ বাজেট অধিবেশনত বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলাসীতাৰমণে লোক সভাত দাখিল কৰিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদন। এই প্ৰতিবেদন দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কয়, দেশৰ অৰ্থনীতিয়ে কোৰোনা পৰিস্থিতিৰ পাছত একাধিক সমস্যাৰ সন্মুখীন হৈছিল। তাৰ পাছতো বৰ্তমান দেশৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত আছে। তেওঁ দাখিল কৰা আৰ্থিক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি যোৱা বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বৃদ্ধি ৮.২শতাংশ আশা কৰা হৈছিল। ২০২৪-২৫ অৰ্থনৈতিক বৰ্ষত অৰ্থনৈতিক বৃদ্ধি ৬.৫ শতাংশৰ পৰা ৭ শতাংশৰ মাজত বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে। সেইদৰেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুদ্ৰাস্ফীতিৰ সূচক ৪.৫ শতাংশস্থিৰ হৈছে। এই প্ৰতিবেদনত দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে বুলিও দাবী কৰা হৈছে। আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে, ভাৰতীয় অৰ্থনীতি এক শক্তিশালী স্তম্ভ। ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ মুখামুখী হ’বলৈ ভাৰতৰ অৰ্থনীতি এতিয়া স্থিতিশীল। প্ৰতিবেদন দাখিলৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, বিগত বিত্তীয় বৰ্ষত চাৰিটা ত্ৰৈমাসিকৰ ভিতৰত তিনিটাতেই আৰ্থিক বৃদ্ধি আছিল ৮শতাংশৰো অধিক।

২০২৩ আৰু ২০২৪ বিত্তীয় বৰ্ষৰ ওপৰত ভিত্তি কৰি তৈয়াৰ হোৱা অৰ্থনৈতিক বৃদ্ধি আগন্তুক বছৰতো দেখা যাব। যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা বুলি কোৱা হয়,  প্ৰতিবেদন খনত খাদ্যৰ মুদ্ৰাস্ফীতিৰ আশংকা প্ৰকাশ কৰিছে। ২০২৩বিত্তীয় বৰ্ষত, এই ক্ষেত্ৰত মুদ্ৰাস্ফীতি ৰহাৰ আছিল ৬.৬শতাংশ। ২০২৪ বিত্তীয় বৰ্ষতই ৭.৫ শতাংশলৈ বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি,  প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বাবে খাদ্য সামগ্ৰী উৎপাদনত প্ৰভাৱ পৰিছে। খেতি কৰোঁতে কৃষক সকলে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ বাবে খাদ্যৰ মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে বুলি কোৱা হৈছে। অৱশ্যে, খুচুৰা মুদ্ৰাস্ফীতি বিত্তীয় বৰ্ষ২০২৩ৰ পৰা বিত্তীয় বৰ্ষ২০২৪লৈ ১.৩ শতাংশ হ্ৰাস পাইছে। প্ৰতিবেদনখনত এইটোও দাবী কৰা হৈছে যে কোৰোনা ভাইৰাছৰ প্ৰকোপৰ সন্মুখীন হোৱাৰ পাছত খুচুৰা মুদ্ৰাস্ফীতিৰ এয়া সৰ্ব নিম্নহাৰ। প্ৰতিবেদনখনত বাৰ্ষিক নিবনুৱাৰ কথাও উল্লেখ কৰা হৈছে। কোৱা হৈছে যে পৰৱৰ্তী বিত্তীয় বৰ্ষত নিবনুৱাৰ হাৰ হ্ৰাস হ’ব পাৰে। কোৰোনা পৰ্যায়ৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তি বৃদ্ধি পাইছে। ই ভাৰতৰ অৰ্থনীতিক যথেষ্ট প্ৰভাৱে পেলাইছে। মহিলাৰ নিয়োগৰ সংখ্যাও বৃদ্ধি পাইছে। ২০১৭-১৮বৰ্ষত, এই হাৰ আছিল ২৩.৩ শতাংশ। যোৱা ছয় বছৰত,  সেই হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ২০২২-২৩বৰ্ষত, ই ৩৭শতাংশ লৈ বৃদ্ধি পাইছে। বিশেষকৈ,  গ্ৰাম্যঅঞ্চলত কাম কৰা মহিলাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে।

 

সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান…

সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান।

কেন্সাৰ ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল সংগীতজ্ঞ পুষ্পৰঞ্জন দে।

মৃত্যুৰ সময়ত সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ বয়স আছিল ৭৯ বছৰ।

আজি নিজা বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে সংগীতজ্ঞগৰাকীয়ে।

গোলকগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ কম হোৱাৰ লগে লগে আৰম্ভ হৈছে ধ্বংসলীলা…

গোলকগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ কম হোৱাৰ লগে লগে আৰম্ভ হৈছে ধ্বংসলীলা। দুচিন্তাত দিন ৰাতি পাৰ কৰিছে গোলকগঞ্জৰ পূৱ গাইখোৱা দ্বিতীয় খণ্ডৰ ৰাইজ। পুৱ গাইখোৱা দ্বিতীয় খণ্ডত কালৰূপ ধাৰন কৰিছে গংগাধৰ নৈৰ গৰাখহনীয়াই। নৈত জাহ গৈছে শ শ বিঘা কৃষি ভূমি। কাণসাৰ নাই জনপ্ৰতিনিধি তথা আমলা বিষয়াৰ।চপৰা চপৰেকৈ খহাই নিছে গংগাধৰ নৈয়ে, যাৰ ফলত আতঙ্কত নিদ্ৰাহৰণ হৈছে গাঁৱবাসীৰ।পুৱ গাইখোৱা দ্বিতীয় খণ্ডৰ গাঁৱৰ ৰাইজৰ মাজত ভাবুকি কঢ়িয়াই আনিছে গংগাধৰ নৈয়ে।

যোৱা বছৰ জল সম্পদ বিভাগে চিমেণ্টৰ পাৰ্কুপাইন আৰু বাঁহ পুতি গংগাধৰ নৈৰ গৰাখহনীয়া ৰোধৰ বাবে সামান্য ব্যৱস্থা কৰিছিল। কিন্তু গংগাধৰ নৈৰ গৰাখহনীয়া চলিয়ে থাকিল। সেয়ে বিজ্ঞান সন্মতভাৱে খহনীয়া ৰোধৰ বাবে আহ্বান জনাইছে গাঁৱবাসীয়ে।.জানিব পৰা মতে শ শ পৰিয়াল ইতিমধ্যে গৃহহাৰা হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি গংগাধৰ নৈত বিলীন হৈছে। অভিযোগ মতে ইয়াৰ পূৰ্বে পাৰকুপাইনৰ বাবে চৰকাৰে কেইবালক্ষ্যাধিক টকাৰ আবণ্টন দিছিল যদিও দালাল চক্ৰৰ আৰু আমলা বিষয়াৰ ময়মতালিৰ ফলত কাম সম্পূৰ্ণ নোহোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

বাজেটক লৈ মাত মাতিছে চাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে…

মোডী চৰকাৰৰ ৩.০ প্ৰথম বাজেট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে দাখিল কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা সাধাৰণ বাজেটক ভাৰত মিত্ৰজোঁটৰ দলসমূহে বৈষম্যমূলক বাজেট বুলি অভিহিত কৰিছে। ইণ্ডিয়া এলায়েন্সৰ সাংসদে বুধবাৰে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আৰু ইণ্ডিয়া এলায়েন্সৰ সকলো মুখ্যমন্ত্ৰীয়েও নিটি আয়োগৰ বৈঠক বৰ্জন কৰিব।


সাধাৰণ বাজেট দাখিল কৰাৰ পাছতেই আগ্ৰাসী হৈ পৰিছে বিৰোধী দল। বিহাৰ, অন্ধ্ৰ আৰু ওড়িশাক অৰ্থনৈতিক পেকেজ দিয়াৰ পিছত বহু ৰাজ্যৰ চৰকাৰে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মঙলবাৰে কয় যে কেন্দ্ৰীয় বাজেটত ৰাজ্যখনক সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছে আৰু অহা ২৭ জুলাইত দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া নিটি আয়োগৰ বৈঠক বৰ্জন কৰিব। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনেও কেন্দ্ৰীয় বাজেটক লৈ অসন্তুষ্ট! একে সময়তে ঝাৰখণ্ড মুক্তি মৰ্চাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুপ্ৰিয় ভট্টাচাৰ্যই কয় যে চৰকাৰে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক নিজৰ মিত্ৰ দেশক আকৰ্ষণ কৰিবলৈ দয়ালু, ওড়িশাৰ প্ৰতিও কিছু গুৰুত্ব দিয়া হয়। কিন্তু বাকী ২৭খন ৰাজ্য যেন দেশৰ অন্তৰ্গত নহয়।

কংগ্ৰেছৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আছে তেলেংগানাৰ ৰেভান্ত ৰেড্ডী, কৰ্ণাটকৰ সিদ্দাৰমাইয়া আৰু হিমাচল প্ৰদেশৰ সুখৱিন্দৰ সিং চুখু, তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে বিৰোধিতা কৰিছে কেন্দ্ৰীয় বাজেটক।

ৰোগৰ সমস্যা সমাধান কৰে নাৰিকলৰ পানীয়ে! কেতিয়া, কেনেকৈ খাব নাৰিকলৰ পানী…

আমি বহুতে নাৰিকলৰ পানী খাই ভালপাওঁ আৰু বহুতে ভাল নাপাওঁ। কিন্তু আপুনি জানেনে নাৰিকলৰ পানী খালে বহু ৰোগৰ সমস্যা সমাধান হয়। নাৰিকল পানী খালে কোনবোৰ ৰোগ আৰু সমস্যা নিৰাময় জানোঁ আহক-


মেদবহুলতা নিজৰ বাবে কোনো ৰোগ নহয়, কিন্তু মেদবহুলতাই বহু ৰোগক আমন্ত্ৰণ জনায়। গতিকে ওজন কমাবলৈ আৰু পেটৰ চৰ্বি কম কৰিবলৈ নাৰিকল পানী খাব পাৰে। উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলে দৈনিক নাৰিকল পানী খাব লাগে কাৰণ এই পানীয়ে তেজত কলেষ্টেৰল হ্ৰাস কৰে, আৰু তাৰ পিছত চৰ্বি কমি যোৱাৰ বাবে ক্ৰমান্বয়ে বি পি স্বাভাৱিক হ’বলৈ আৰম্ভ কৰে।আনহাতে হৃদৰোগত আক্ৰান্ত লোকৰ অভাৱ নাই, সেয়েহে আমি সকলোৱে নাৰিকল পানী খাব লাগিব।

পেৰিছ অলিম্পিকত অংশ ল’বৰ বাবে পেৰিছত উপস্থিত টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জজয়ী লাভলীনা বৰগোহাঁই…

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ অলিম্পিক। বিশ্ব ক্ৰীড়াৰ মহাযুদ্ধত অংশ ল’বৰ বাবে পেৰিছত উপস্থিত লাভলীনা বৰগোহাঁই। মঙলবাৰে পেৰিছত উপস্থিত হয় টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জজয়ী লাভলীনা।

অলিম্পিকৰ গেম ভিলেজত প্ৰৱেশ কৰিছে লাভলীনা। ৩১ জুলাইত লাভলীনাই আৰম্ভ কৰিব অলিম্পিকৰ অভিযান। ৭৫ কেজি শাখাত খেলিব লাভলীনা বৰগোহাঁইয়ে।চীনৰ লি কোৱান, মৰক্কোৰ খাদিজা এল মাৰ, অলিম্পিক ৰিফিউজি টীমৰ কিন্দি নাগমাৰ লাভলীনাৰ মূল প্ৰতিদ্বন্দ্বী।

কেন্দ্ৰীয় বাজেট ৰিয়েল ইষ্টেট খণ্ডৰ বাবে আশাব্যঞ্জকঃ এৰিডা…

দেশৰ ইতিহাসত অভিলেখ সৃষ্টি কৰি ধাৰাবাহিকভাৱে আজি সপ্তমবাৰৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ এই বাজেটখন নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। বিত্তমন্ত্রীয়ে মংগলবাৰে সদনত দাখিল কৰা বাজেটখনক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল’পাৰ্ছ এছ’চিয়েছন চমুকৈ ‘এৰিডা’ই। বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কেন্দ্ৰীয় বাজেটক গতিশীল আখ্যা দিয়ে।

বাজেটত বিকাশকেন্দ্ৰ হিচাপে গৃহ আৰু নগৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নগৰ ২.০ ৰ অধীনত সামৰি ল’বলগীয়া ১ কোটি নগৰীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে মুখ্য আৱণ্টন আৰু এম এছ এম ই সমৰ্থনে ভাৰতৰ বিকাশ আৰু সকলো অভিযানৰ বাবে গৃহ নিৰ্মাণত সহায় কৰিব। পেৰি নগৰ অঞ্চলৰ অধিক সুশৃংখল বিকাশ, বিদ্যমান চহৰসমূহৰ ব্ৰাউনফিল্ড পুনৰ বিকাশ, পানী যোগানৰ বাবে আৱণ্টন, নৰ্দমা শোধন আৰু ১০০ খন চহৰৰ বাবে গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ লগতে ঘোষণা কৰা পৰিবহন মুখী উন্নয়ন পৰিকল্পনাসমূহ শৰ্মাই আদৰণি জনায়। শৰ্মাই লগতে কয় যে ভাড়াঘৰৰ উৎসাহ আৰু প্ৰস্তাৱিত ষ্টাম্প শুল্ক হ্ৰাস কৰাৰ লগতে দীৰ্ঘম্যাদী মূলধন লাভ কৰ ২০ শতাংশৰ পৰা ১২.৫ শতাংশলৈ হ্ৰাস কৰাটো ৰিয়েল ইষ্টেট বিকাশৰ বাবে ইতিবাচক পদক্ষেপ।

পুনৰ অনুষ্ঠিত নহয় NEET-UG পৰীক্ষা

পুনৰ অনুষ্ঠিত নহয় NEET-UG পৰীক্ষা। এই ৰায় প্ৰদান কৰিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠে।


সমগ্র পৰীক্ষা নাকচ কৰিব পৰাকৈ কোনো তথ্য নাই বাবে পৰীক্ষা বাতিল কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে।

পুনৰবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাটো ন্যায়সংগত নহয় বুলিও উল্লেখ কৰিলে উচ্চতম ন্যায়ালয়ে।
NTA-এ দাখিল কৰা সকলো তথ্য ন্যায়ালয়ে স্বাধীনভাৱে নিৰীক্ষণ কৰি এই ৰায় প্ৰদান কৰিছে।
বিহাৰৰ পাটনা আৰু ঝাৰখণ্ডৰ হাজাৰিবাগত প্ৰশ্নকাকত ফাদিল হৈছিল।

ইয়াৰ বিৰুদ্ধে চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে।
এইবছৰৰ নীট পৰীক্ষাত ২৪লাখৰো অধিক শিক্ষাৰ্থী অৱৰ্তীণ হৈছিল

বাজেটত কৃষকক বিশেষ গুৰুত্ব

কৃষকসকলৰ বাবে ১০হাজাৰটা জৈৱ গৱেষণা কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ
কৃষিৰ বাবে ১.৫২লাখ কোটি টকা ধাৰ্য এইবাৰৰ বাজেটত।


৫ কোটি কৃষকক স্থায়ী ভূমি পট্টা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে।
আগন্তুক ৫বছৰলৈ কৃষকসকলক ফ্ৰী খাদ্য সামগ্ৰী প্ৰদান কৰিব কেন্দ্ৰই।
লগতে আগন্তুক ৫বছৰত দেশত উন্নত আৰু বিজ্ঞানসন্মত কৃষিপদ্ধতিৰ ক্ষেত্ৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।


কৃষি আৰু উতপাদন, ৰোজগাৰ আৰু দক্ষতা বিকাশ, মানৱ সংসাধন বিকাশ আৰু সামাজিক ন্যায়, বিনিয়োগ আৰু সেৱা, চহৰাঞ্চলৰ বিকাশ, দেশৰ গ্ৰামাঞ্চলৰ আন্তঃগাথঁনি নিৰ্মাণ,নৱপ্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি, সকলোধৰণৰ উদ্যোগৰ বিকাশ আৰু ডিজিটেল খণ্ডৰ বিকাশ সাধন ইত্যাদি


৯টা দিশত গুৰুত্ব প্ৰদান বিত্তমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ।