Home Blog Page 644

বাংলাদেশত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত সৰ্বাত্মক অসহযোগ আন্দোলন…

বাংলাদেশত  হিংসা, সন্ত্ৰাস তথা বঙহৰ বাবে দেওবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তোলে একাংশই ।

প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত ‘সৰ্বাত্মক অসহযোগ আন্দোলন’ৰ প্ৰথম দিনাই প্ৰতিবাদৰ সূত্ৰপাত হয়।

হাজাৰ হাজাৰ লোক আহত হৈছে । ২৫ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। 

উক্ত প্ৰতিবাদত বৰিচালৰৰ এজন, ঢাকাৰ এজন আৰু গাজীপুৰৰ এজনৰ লোকৰ মৃত্যু হয়। ইফালে আহতসকলৰ ভিতৰত ৫০ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত অসমৰ প্ৰতিনিধিৰ অংশগ্ৰহণ…

ভাৰত তিব্বত সহযোগ মঞ্চ, অসম প্ৰান্ত।
ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত অসমৰ প্ৰতিনিধিৰ অংশগ্ৰহণ।

ভাৰত তিব্বত সহযোগ মঞ্চ, অসম প্ৰান্তৰ অধ্যক্ষ কৈলাশ শৰ্মাৰ নেতৃত্বত তথা মঞ্চৰ উত্তৰ পূৰ্বাঞ্চলৰ সহ সংযোজক বিধায়ক হেমাঙ্গ ঠাকুৰীয়া,অসম প্ৰান্তৰ মহামন্ত্ৰী ড০ বিচম কুমাৰ সিং, মঞ্চৰ উপসভাপতি হেকচন,যুৱ বিভাগৰ সভাপতি হেমাঙ্গ মজুমদাৰ,দেৱাশীষ শৰ্মা, গণেশ সিং প্ৰমুখ্যে এটা ১২ জনীয়া প্ৰতিনিধি দলে ৩ আগষ্ট

তাৰিখে হাৰিয়ানাৰ সমালখাৰ পানীপটত অনুষ্ঠিত হৈ থকা ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় পৰিষদৰ মহাসভাত উপস্থিত থাকি মুকলি আলোচনাত অংশ গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় পৰিষদ সদস্য অসমৰ উৰ্বশী মহন্তয়ো অংশ গ্ৰহণ

কৰে। ৰাষ্ট্ৰীয় পৰিষদৰ সভাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জেষ্ঠ্য প্ৰচাৰক তথা মঞ্চৰ মাৰ্গদদৰ্শক ড০ ইন্দ্ৰেশ কুমাৰ,তিব্বতৰ নিৰ্বাসিত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী শ্ৰী পঙ্কজ গোৱেলজিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কাইলৈ পৱিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰ…

পৱিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰে শিৱক আৰধনা কৰা উদ্দেশ্যে আজি মাৰ্ঘেৰিটাৰ পৰাও তিনিচুকীয়া শিৱ ধামলৈ ‘বল বম যাত্ৰা’ উলিওৱা হয়। মাৰ্ঘেৰিটাৰ হিলভিউৰস্থিত বুঢ়ীদিহিং নৈৰ বল বম ঘাটত পানী তুলি হাজাৰ হাজাৰ শিৱ ভক্তই খোজ কাঢ়ি গৈ পুৱা তিনিচুকীয়া শিৱ ধামৰ শিৱ লিংগত পানী অৰ্পণ কৰিব। পৱিত্ৰ শাওণ মাহক হিন্দুসকলে আৰাধ্য দেৱতা মহাদেৱ শিৱৰ মাহ বুলি জ্ঞান কৰি আহিছে।

এই মাহত শিৱক পূজা-অৰ্চনা কৰি মনৰ কামনা পুৰণ হয় বুলি বিশ্বাস কৰে। মাৰ্ঘেৰিটা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আজি বল বম যাত্ৰাৰ বাবে সম্পূৰ্ণ ৰূপে গেৰুৱা হৈ পৰে। গেৰুৱা বসন পৰিধান কৰি শিৱ ভক্তসকলে মুখেৰে উচ্চাৰিক বল বম শব্দই সমগ্ৰ পথছোৱাত ভক্তিময় পৰিৱেশৰ সুচনা কৰে। ভক্তপ্ৰাণ ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

আল্লু অৰ্জুনৰ কেৰালা সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান…

কেৰালাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ বৰঙণি অভিনেতা আল্লু অৰ্জুনৰ। ৱায়ানাডৰ ভূমিস্খলনত ক্ষতিগ্ৰস্তক সহায়ৰ বাবে আগবঢ়ায় এই অনুদান।

কেৰালাৰ ৱায়ানাড জিলাত এক ভয়াৱহ ভূমিস্খলনত ৩০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ধাৰাসাৰ বৰষুণৰ আৰু ভূমিস্খলনৰ ফলত যথেষ্ট ক্ষতি হৈছে। বহু চেলিব্ৰিটিয়ে আগবাঢ়ি আহি ভুক্তভোগীৰ বাবে ধন আগবঢ়াইছে। আল্লু অৰ্জুনে কেৰেলাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকা আগবঢ়াই নিহতসকলৰ বাবে প্ৰাৰ্থনা কৰে।

কোনোবা এম বি এ, কোনোবাই অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ মাজ বাটতে এৰিলে কলেজ! বচ্চন পৰিয়ালৰ কোন, কিমান পঢ়া…

অমিতাভ বচ্চনৰ পৰা জয়া বচ্চনলৈ, অভিষেক বচ্চনৰ পৰা ঐশ্বৰ্য ৰায় বচ্চনলৈকে তেওঁলোকৰ শৈক্ষিক অৰ্হতাৰ কিমান জানেনে। অমিতাভ বচ্চনে পাঁচ দশকজুৰি ২০০ৰো অধিক ছবিত অভিনয় কৰিছে। অমিতাভ বচ্চন এলাহাবাদৰ এখন বিদ্যালয়ত পঢ়িছিল। ইয়াৰ পিছত তেওঁ এলাহাবাদ এৰি নৈনীতাললৈ যায়। তাতে এখন স্কুলত পঢ়া-শুনা সমাপ্ত কৰিছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি দিল্লীৰ এখন কলেজত পঢ়ে অমিতাভ বচ্চন। ১৯৬২ চনত তেওঁ সেই মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত অমিতাভ অভিনয় জগতত প্ৰৱেশ কৰে।

১৯৭৩ চনত অমিতাভে বলীউডৰ অভিনেত্ৰী জয়া বচ্চনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জয়াই ভোপালৰ এখন স্কুলত পঢ়িছিল। উচ্চ শিক্ষাৰ বাবে জয়া ভোপালৰ পৰা পুনেলৈ গুচি যায়। তেওঁ পুনেৰ ফিল্ম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। অমিতাভ আৰু জয়াৰ কন্যা শ্বেতাৰ জন্ম হৈছিল ১৯৭৪ চনত। শ্বেতাই দিল্লীৰ স্কুলৰ পৰা শিক্ষা সমাপ্ত কৰে। শ্বেতা উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল। বষ্টনৰ এখন বিশ্ববিদ্যালয়ৰ পৰা এম বি এ কৰিছিল। ১৯৭৬ চনৰ ৫ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ মুম্বাইত অমিতাভ আৰু জয়াৰ ঘৰত জন্মগ্ৰহণ কৰিছিল অভিষেক বচ্চনে। অভিষেক মুম্বাই আৰু দিল্লীৰ স্কুলত পঢ়িছিল যদিও পিছলৈ বিদেশলৈ গুচি যায়। অভিষেকে ছুইজাৰলেণ্ডৰ এখন স্কুলৰ পৰা পঢ়া-শুনা সমাপ্ত কৰিছিল। বায়েকৰ দৰে তেওঁও বষ্টন বিশ্ববিদ্যালয়ত ব্যৱসায় প্ৰশাসনৰ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰে। কিন্তু অমিতাভ-পুত্ৰই মাজ বাটতে কলেজ এৰে অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ।


পত্নী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে অভিষেকৰ সম্পৰ্ক অন্তহীন। বালিপাৰাৰ অধিকাংশ লোকে দাবী কৰে যে বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্যৰ ভাল সম্পৰ্ক নাই। অভিষেকৰ সৈতেও বিবাহ বিচ্ছেদৰ কথা ভাবিছে অভিনেত্ৰীগৰাকীয়ে।২০০৭ চনত অভিষেকৰ সৈতে বিবাহপাশত আবদ্ধ হয় ঐশ্বৰ্যই। আনহাতে ঐশ্বৰ্যই কৰ্ণাটকত জন্মগ্ৰহণ কৰিলেও পিতৃৰ বদলিৰ চাকৰিৰ বাবে পৰিয়ালটো মুম্বাইলৈ গুচি যায়। ঐশ্বৰ্যই তাতেই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ঐশ্বৰ্যই স্নাতক ডিগ্ৰী লাভ কৰিবলৈ মুম্বাইৰ এখন কলেজত নামভৰ্তি কৰে। কিন্তু কলেজৰ পঢ়া-শুনা মাজ বাটতে এৰি অভিনয় কৰিবলৈ। অভিনেত্ৰীগৰাকীয়ে মডেলিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ অভিনয় জগতত প্ৰৱেশ কৰিছিল। বলিপাৰাৰ সূত্ৰ অনুসৰি শ্বেতাৰ জ্যেষ্ঠ কন্যা নব্য নোভেলী নন্দই নিউয়ৰ্ক চহৰৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ডিজিটেল টেকন’লজি আৰু ইউএক্স ডিজাইনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে। শ্বেতাৰ কনিষ্ঠ পুত্ৰ অগস্ত্য নন্দই লণ্ডনৰ এখন কলেজৰ পৰা পঢ়িছিল। ২০১৯ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। অভিষেক আৰু ঐশ্বৰ্যৰ কন্যা আৰাধ্যা বচ্চন বৰ্তমান মুম্বাইৰ ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলত অধ্যয়ন কৰি আছে।

মধ্যপ্ৰদেশৰ সাগৰ জিলাত শ্বাহপুৰত মন্দিৰৰ বেৰ খহি ৯টি শিশুৰ মৃত্যু…

মধ্যপ্ৰদেশৰ সাগৰ জিলাত শোকাৱহ ঘটনা। জিলাখনৰ শ্বাহপুৰত মন্দিৰৰ বেৰ খহি ৯টি শিশুৰ মৃত্যু। হঠাৎ খহি পৰে প্ৰায় ৫০ বছৰীয়া পুৰণি বেৰখন। ঘটনাত আহত ৪টা শিশুৰ অৱস্থা গুৰুতৰ।

হৰদৌল মন্দিৰত সংঘটিত এই ঘটনা। শিৱলিংগ স্থাপনৰ সময়তে সংঘটিত এই ঘটনা। পুৱা প্ৰায় ১০ বজাত শিৱলিংগ স্থাপনৰ কাৰ্যসূচী চলি আছিল।

শিৱলিংগ স্থাপন কাৰ্যসূচীত জড়িত আছিল শিশুসকল। আহতসকলক প্ৰয়োজনীয় চিকিত্সা প্ৰদানৰ নিৰ্দেশ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ। মৃত শিশুসকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ সাহায্য ঘোষণা।

অলিম্পিকৰ হকীৰ ছেমি ফাইনেলত ভাৰত, ভাৰতীয় দলে পৰাস্ত কৰিলে ব্ৰিটেইনক…

অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ যাদু।

অলিম্পিকৰ হকীৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় পুৰুষ হকী টীমৰ।

দহজনীয়া ভাৰতীয় দলে পৰাস্ত কৰিলে এঘাৰজনীয়া ব্ৰিটেইনক।

গল কিপাৰ পি আৰ শ্ৰীজেছৰ অভূতপূৰ্ব প্ৰদৰ্শন।

কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক ধৰাশায়ী টীম ইণ্ডিয়াৰ।

বাথৰুমৰ বাস্তু দোষে কেৰিয়াৰত বাধা দিয়ে, বাথৰুম কোন দিশে হ’ব লাগে জানেনে…

বাস্তুৰ দোষে জীৱনত বেয়া প্ৰভাৱ পেলায়। বাথৰুমত বাস্তুৰ দোষে কেৰিয়াৰ ৰাস্তা বন্ধ কৰি দিয়াই নহয় সম্পৰ্কও ধ্বংস কৰে। ব্যক্তিজনক আৰ্থিকভাৱে আগবাঢ়ি যাবলৈ সুবিধা নিদিয়ে। বাস্তু শাস্ত্ৰত ঘৰৰ প্ৰতিটো অংশৰ বাবে নিয়ম দিয়া হৈছে, যদি সেইবোৰ মানি চলা নহয় তেন্তে ইয়াৰ ফলত বহুত লোকচান হয়। কঠোৰ পৰিশ্ৰমৰ পিছতো কেৰিয়াৰত সফলতা লাভ নকৰা, সদায় আৰ্থিক সংকটত থকা, প্ৰগতি নোপোৱা আদিও বাস্তু দোষৰ লক্ষণ। আজি আমি বাথৰুমৰ বাস্তু দোষ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে জানিম।

বাথৰুম-টয়লেট কেতিয়াও দক্ষিণ, দক্ষিণ-পূব বা দক্ষিণ-পশ্চিম দিশত নিৰ্মাণ কৰিব নালাগে। এনে বাথৰুমে ঘৰত ঋণাত্মক শক্তি বৃদ্ধি কৰে। বাস্তু শাস্ত্ৰৰ মতে বাথৰুম ঘৰৰ উত্তৰ বা উত্তৰ-পশ্চিম দিশত হ’ব লাগে।

ভুলতে বাথৰুমটো পাকঘৰৰ সন্মুখত বা পাকঘৰৰ কাষতে বনাব নালাগে। এনে বাথৰুম থাকিলে ঘৰত ৰোগে বাস কৰে।

বাথৰুমত হালধীয়া বা কমলা ৰং নিদিব। বাস্তুৰ মতে বাথৰুমত নীলা ৰং বা টাইলছ লগোৱাটো শুভ। বাল্টি আৰু মগৰ ৰং নীলা কৰি ৰাখিলে ভাল হ’ব।

বাথৰুমৰ বাল্টিটো কেতিয়াও খালীকৈ নাৰাখিব। সদায় ভৰাই ৰাখিব। নহলে ঘৰত কেতিয়াও টকা নাথাকিব।

দুৱাৰৰ সন্মুখত থকা বাথৰুমত আইনাখন স্থাপন নকৰিব। ইয়াৰ ফলত ঋণাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পায়।

বাথৰুমৰ দুৱাৰখন বন্ধ কৰি ৰাখিব, যদি বাথৰুম সংলগ্ন থাকে তেন্তে ভুলতেও দুৱাৰখন খোলা ৰাখিব নালাগে। ইয়াৰ ফলত আৰ্থিক সংকট আৰু কেৰিয়াৰত বাধাৰ সৃষ্টি হয়।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…

বিহাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ।

ভাবুকিভৰা ই-মেইল প্ৰেৰণ দুৰ্বৃত্তৰ। নীতিশ কুমাৰ পূৰ্বে অল-কায়েদাৰে জড়িত থকাৰ অভিযোগ পত্ৰত।

ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল।

দীপৰ বিলৰ পৰা ৰাণীলৈ একাংশ ধাবাই আকৰ্ষণীয়কৈ উলিৱাই আনিছে অসমৰ জনগোষ্ঠীয় পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰক…

ভোগবাদী সমাজৰ লগত তাল মিলাবলৈ গৈ অসমীয়া জাতিয়ে বহুক্ষেত্রত নিজস্বতা হেৰুৱাই পেলাইছে । আধুনিকতাৰ প্ৰসাৰৰ ফলত অসমীয়া সংস্কৃতিৰ বিভিন্ন সম্পদৰ লগতে হেৰাই গৈছে অসমীয়া পৰম্পৰা থলুৱা খাদ্য সম্ভাৰ । এসময়ত খাদ্যৰসিক বুলি নাম থকা অসমীয়া জাতিৰ নতুন প্রজন্মই বর্তমান পাহৰিয়েই গৈছে সুস্বাদু কাঁহুদী, খাৰলি, খৰিচা , পাতত দিয়া মাছ, ভাপত দিয়া মাছ, চুঙা ভাত , আদিকে ধৰি অসমীয়া বিবিধ ব্যঞ্জন। কিন্তু সৌভাগ্যৰ বিষয় যে বর্তমান গুৱাহাটী মহানগৰীৰ ৰেস্তোৰাঁসমূহত সহজলভ্য ইটালিয়ান, চাইনিজ ম’ম’, ৰ’ল, চাওমিন, পিজা আদিৰ পয়োভৰত অস্তিত্ব হেৰুৱাই পেলোৱা এই অসমীয়া খাদ্যক পুনৰ জনপ্রিয় কৰি তুলিছে মহানগৰীৰ কাষৰীয়া দীপৰ বিলৰ পৰা ৰাণীলৈ বিগত চাৰি – পাঁচ বছৰমানৰ ভিতৰত স্থাপন হোৱা একাংশ ধাবাই। বিদেশী খাদ্যত আসক্ত মানুহৰ মাজলৈ অসমীয়া পৰম্পৰাগত থলুৱা খাদ্যক পুনৰ ঘূৰাই অনাটো প্ৰকৃততে এক প্ৰত্যাহ্বানমূলক কাৰ্য বুলি অভিহিত কৰিছে বিগত ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত দীপৰ বিলৰ কাষৰীয়া চকৰদৌ প্ৰাথমিক বিদ্যালয়ৰ সন্মূখত গড়চুক – পাটগাঁও সংযোগী পথৰ দাঁতিত স্থাপন কৰা মৃত্তিকা এথেনিক ফুড নামৰ ধাবাখনৰ স্বতাধিকাৰী মমী

ৰংপীয়ে। এই সন্দৰ্ভত উচ্চ শিক্ষিতা মমী ৰংপীয়ে জানিবলৈ দিয়া মতে এইক্ষেত্ৰত তেওঁক স্বামী প্ৰমোদ ৰংপীয়ে সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াইছিল। আনকি দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰি বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক, পৰিৱেশকৰ্মী প্ৰমোদ কলিতায়ো যথেষ্ট ইতিবাচক দিহা – পৰামৰ্শ দি আহিছে । প্ৰথম অৱস্থাত গ্ৰাহকৰ সঁহাৰি লাভ কৰাত কিছু অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল। কিন্তু লাহে লাহে বাঢ়ি অহা জনপ্ৰিয়তাৰ পৰা বুজা গৈছে যে অসমীয়া পৰাম্পৰাগত থলুৱা খাদ্যৰ সমাদৰ এতিয়াও আছে। অন্য খাদ্যতকৈ কম মচলাযুক্ত অসমীয়া আৰু বিভিন্ন জনগোষ্ঠীয় ব্যঞ্জনসমূহ স্বাস্থ্যসম্মত হোৱাৰ বাবে গ্রাহকে অধিক পছন্দ কৰে। বিশেষকৈ দেওবাৰ আৰু উৎসব-পার্বণত তুলনামূলকভাৱে মানুহৰ সমাগম অলপ বেছি হয়। তেওঁলোকে বাঁহৰ গাজ, বাঁহৰ চুপ, তিলৰে প্ৰস্তুত কৰা গাহৰি মাংসৰ উপৰিও কাৰ্বি, ৰাভা, বড়ো জনগোষ্ঠীয় খাদ্য সম্ভাৰ পৰিৱেশন কৰি গ্ৰাহকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে পৰিৱেশ কৰ্মী প্ৰমোদ কলিতাই মৃত্তিকা এথেনিক ফুডক দীপৰ বিলৰ পৰ্যটনৰ এক নতুন সংযোজন বুলি অভিহিত কৰি মমী ৰংপীকে ধৰি একাংশ উচ্চ শিক্ষিত যুৱক – যুৱতী এনে ধৰণৰ পৰম্পৰাগ ত খাদ্য সম্ভাৰৰে গ্ৰাহকক আকৰ্ষণ কৰাৰ লগতে চৰকাৰী – বেচৰকাৰী চাকৰিৰ পাছত দৌৰি নুফুৰি ধাবা স্থাপনৰে আন কেইজনমানক জীৱিকাৰ পথ মোকোলাই দিবলৈ সক্ষম হোৱাটো এক ইতিবাচক বাৰ্তা দিব বুলি আশা ব্যক্ত কৰিছে।

তেনেদৰে দীপৰ বিলৰ পাৰৰ চকৰদৌ কলিতাপাৰাৰ দীপৰ বিল ধাবাৰ পৰা আৰম্ভ কৰি কিছু নিলগৰ ৰাণী সংযোগী এন ই চি পথৰ দাঁতিত তথা বিনোদনৰ থলী হিচাপে পৰিচিত একোলেণ্ডৰ অাশে – পাশে বিগত কেইটামান বৰ্ষত স্থাপন হোৱা কলফুল লোকেল ধাবা , কলপাত লোকেল ধাবা , জুহাল লোকেল ধাবাকে ধৰি তেনে ধৰণৰ প্ৰায় দহ – বাৰখনমান লোকেল ধাবাই বিভিন্ন ধৰণৰে প্ৰস্তুত কৰা মূৰ্গী, ছাগলী আৰু গাহৰিৰ মাংস, কেঁকোৰা, আলু পিটিকা, খাৰ, কাঁহুদী, খাৰলি, মাছৰ টেঙা আঞ্জা আদি সম্পূর্ণ অসমীয়া ব্যঞ্জনেৰে গ্রাহকক সন্তুষ্ট কৰি আহিছে। অন্য খাদ্যতকৈ জনগোষ্ঠীয় থলুৱা খাদ্য বিচাৰি অহা গ্ৰাহকৰ সংখ্যা অধিক বুলি কলপাত লোকেল ধাবাৰ স্বতাধিকাৰী বিশ্বজিৎ ৰাভাই জানিবলৈ দিছে। তেনেদৰে কলফুল লোকেল ধাবাৰ স্বতাধিকাৰী বিবেক ৰাভাই স্বাস্থ্যৰ বাবে ক্ষতিকৰ, প্রচলিত ফাষ্টফুডতকৈ কম মচলাযুক্ত আৰু স্বাস্থ্যসম্মত অসমীয়া জনগোষ্ঠীয় পৰাম্পৰাগত খাদ্যসমূহ থলুৱা গ্রাহকে অধিক পছন্দ কৰি আহিছে। সমান্তৰালভাবে ৰাণী অঞ্চলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলে দেওবাৰ বা অান চৰকাৰী বন্ধৰ দিনত বহু লোক গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিয়াল, বন্ধু – বান্ধবসহ আহে। তেনে লোকৰ এক বুজন সংখ্যকেই একোলেণ্ডৰ পৰা আৰম্ভ কৰি ৰাণীলৈকে থকা একাংশ লোকেল ধাবাত নিজৰ মন পচন্দৰ আহাৰ গ্ৰহণ কৰে। উল্লেখ্য যে বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ দীপৰ বিলৰ পৰা ৰাণীলৈ অসমৰ জনগোষ্ঠীয় লোকসকলৰ উচ্চ শিক্ষিত যুৱক – যুৱতীসকলৰ এই ইতিবাচক কাৰ্যই উঠি অহা শিক্ষিত যুৱ সমাজক ইতিবাচক বাৰ্তা দিবলৈ সক্ষম হব বুলি সচেতন লোকসকলে মত ব্যক্ত কৰিছে।