Home Blog Page 653

মূৰৰ বিষত বনৌষধ ব্য়ৱহাৰ কৰি কিদৰে মূৰৰ বিষ নাইকিয়া কৰিব জানক…

মূৰৰ বিষত বনৌষধ :

১) নহৰু বা পিঁয়াজ থেঁতেলাই নাকেৰে শুঙিলে মূৰৰ বিষ কমে। নাইবা পূৰৈ শাকৰ গুটি কপালত ঘঁহিলে মূৰৰ বিষ নোহোৱা হয়।

২) দোৰোণ শাকৰ ৰস ২/৩ টোপাল নাকেৰে উজালে মূৰৰ বিষ নোহোৱা হয়। নাইবা সিজুৰ পাতৰ ৰসত কালজীৰা বটি কপালত লেপ দিলে মূৰৰ বিষ নাইকিয়া হয়।

৩) পচতীয়াৰ পাত মোহাৰি শুঙিলে মূৰৰ বিষ কমে, নিশা শোৱাৰ সময়ত গাৰুৰ তলত পচেতীয়াৰ পাত ৰাখিলে ভাল কাম দিয়ে।

৪) এৰা গছৰ শিপা বটি মূৰত প্ৰলেপ দিলে মূৰৰ বিষ নাইকিয়া হয়। নাইবা ৰক্ত কৰৱীৰ শিপা কাটি কপালত প্ৰলেপ দিলে মূৰৰ বিষ নাশ হয়।

Closeup of young man touching temples with fingers as if suffering from severe migraine, feeling sick, isolated on gray background

৫) বকুলৰ ফুল, পাত বা ফল বটি নাকেৰে ঘ্ৰাণ ল’লে মূৰৰ বিষ নোহোৱা হয়। নাইবা কেঁচা পাণ এখিলা কপালত লগাই ৰাখিলে অথবা ৰুমালেৰে বান্ধি ৰাখিলে মূৰৰ বিষ নোহোৱা হয়।

৬) ছালকুঁৱৰীৰ পাত বটি মূৰত ভৰণ দিলে নাইবা নেমু টেঙা এটা দুফাল কৰি কপালত ঘঁহিলে মূৰৰ বিষ নাইকিয়া হয়।

৭) ৰক্ত চন্দন পতাত ঘঁহি চন্দন তুলি কপালত লগালে মূৰৰ বিষ কমে। ভূতমূলাৰ আগ মোহাৰি কপালত ঘঁহিলেও আদকপালি মূৰৰ বিষ নোহোৱা হয়।

৮) শতমূলৰ ৰস এৱাঁ গাখীৰ আৰু চেনি মিহলাই খালে আদকপালি মূৰৰ বিষ ভাল হয়।

৯) কেহেৰাজ বা ভৃংগৰাজৰ ৰস ছাগলীৰ গাখীৰ মিহলাই ৰ’দত তপতাই তপত থাকোতেই নাকেৰে উজালে আদকপালি বা সূৰয কপালি মূৰৰ বিষ নাইকিয়া হয়।

১০) নীলা অপৰাজিতাৰ শিপা বা পাতৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়। নাইবা নিচাদলত চূণ মিহলাই শুঙিলেও মূৰ কামোৰণি ভাল হয়।

১১) গাখীৰেৰে ক’লা তিল বটি নাকেৰে উজালে আদকপালি বা সূৰ্য কপালি মূৰৰ বিষ ভাল হয়।

১২) ডালচেনি, য’খাৰ আৰু নাৰিকলৰ ফুল সমানে লৈ মিহিকৈ বটি কপাল বা কুমত লেপন দিলে মূৰৰ বিষ নাইকিয়া হয়।

গছপুলিৰ বাবে পূৰ্বে পঞ্জীয়ন কৰাসকলে নৱীকৰণ পঞ্জীয়ন কৰিব পাৰিব : বিশেষ মুখ্য সচিব এম কে যাদৱ…

বিশেষ মুখ্য সচিব এম কে যাদৱ–

https://aba.assam.gov.in পৰ্টেলত নতুনকৈ পঞ্জীয়ন কৰিব পাৰিব। পূৰ্বে পঞ্জীয়ন কৰাসকলে নৱীকৰণ পঞ্জীয়ন কৰিব পাৰিব।

আশা, অঙ্গনবাড়ী, আত্মসহায়ক গোট, শিক্ষানুষ্ঠান, কৃষক, এন জি অ’, ক্ষুদ্ৰ চাহ খেতিয়ক আদিৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

১-১৫ আগষ্টৰ ভিতৰত সকলোৱে গছপুলিৰ সৈতে ফটো আপলোড কৰিব পাৰিব।

প্ৰতিখন জিলাৰ বাবে সুকীয়া সুকীয়াকৈ সাজু কৰা হৈছে এপ। সেই এপতে জিলাভত্তিক আপলোড কৰিব পাৰিব ৰাইজে।

জিভাই ক’ব আপোনাৰ ৰোগৰ কথা! ডাক্তৰৰ ওচৰলৈ গ’লে প্ৰথমে জিভাৰ পৰীক্ষা কিয় কৰে…

ডাক্তৰে প্ৰথমে ৰোগীৰ জিভাখন চাই। কাৰণ, শৰীৰত কিবা অস্বাভাৱিক ঘটনা ঘটিলে তাৰ কিছু লক্ষণ জিভাত দেখা দিয়ে। খাদ্যৰ সোৱাদ বুজিব নোৱাৰা, জিভা শুকান একেবাৰেই স্বাভাৱিক নহয়। তদুপৰি জিভাৰ স্বাভাৱিক ৰঙা-গোলাপী ৰঙৰ পৰিৱৰ্তন চাইও চিকিৎসকে ৰোগৰ লক্ষণসমূহৰ বিষয়ে ক’ব পাৰে-


জিভাৰ কি ৰঙে কি কি ৰোগৰ ইংগিত দিয়ে জানেনেঃ

১) সাধাৰণতে বেক্টেৰিয়া বা ভেঁকুৰৰ আক্ৰমণৰ বাবে জিভাত বগা আৱৰণ পৰে। দাঁত ব্ৰাছ কৰাৰ সময়ত নিয়মিতভাৱে জিভা পৰিষ্কাৰ নকৰিলেও এই সমস্যাৰ সৃষ্টি হয়।

২) জিভাত যদি ষ্ট্ৰবেৰীৰ দৰে ৰঙা কিবা এটা গঢ় লৈ উঠে তেন্তে ই শৰীৰত ভিটামিনৰ অভাৱৰ ইংগিত দিয়ে। শৰীৰত ভিটামিন বিৰ অভাৱ হ’লে এই ধৰণৰ সমস্যা দেখা যায়।

৩) অত্যধিক ধূমপান, কেফেইনযুক্ত পানীয়ৰ ফলত জিভাত ক’লা আৱৰণ হ’ব পাৰে। কিন্তু চিকিৎসকৰ মতে, এন্টিবায়টিকৰ প্ৰভাৱতো জিভা ক’লা পৰিব পাৰে।

৪) হঠাৎ জিভাৰ ৰং নীলা বা বেঙুনীয়া হৈ পৰিলে বুজিব লাগে যে শৰীৰত অক্সিজেনৰ অভাৱ।

৫)জিভাৰ ৰং সম্পূৰ্ণ শেঁতা হৈ গ’লে তেজত আইৰণৰ অভাৱৰ ইংগিত পোৱা যায়।

ওমানৰ উপকূলত ডুবিল তেল পৰিবাহী জাহাজ! সন্ধানহীন ১৩ ভাৰতীয়সহ ১৬ জন কৰ্মচাৰী…

ওমানৰ উপকূলীয় অঞ্চলত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা৷ সমুদ্ৰত তেল পৰিবাহী এখন জাহাজ ডুব যোৱাৰ ফলত সন্ধানহীন হৈছে ১৬ গৰাকী কৰ্মচাৰী৷ এই সকলৰ মাজৰ ১৩ গৰাকী কৰ্মচাৰী ভাৰতীয় বুলি জানিব পৰা গৈছে৷ওমানৰ সামুদ্ৰিক সুৰক্ষা কেন্দ্ৰই সোমবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এক পোষ্ট শ্বেয়াৰ কৰি জাহাজখন ডুকমৰ ৱিলায়াত ৰাছ মাদ্ৰাকাহৰ পৰা ২৫ মাইল দক্ষিণ-পূবত ডুবাটো নিশ্চিত কৰে৷ এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তোলাৰ কথাও জানিবলৈ দিয়ে৷ প্ৰেষ্টিজ ফেলকন নামৰ জাহাজখনত থকা ১৬ গৰাকী কৰ্মচাৰীৰ ভিতৰৰ ১৩ গৰাকীয়ে ভাৰতীয় আৰু বাকী তিনিগৰাকী শ্ৰীলংকাৰ লোক আছিল৷ এক বিবৃতিত প্ৰকাশ পাইছে এই কথা৷

জাহাজখনত থকা কৰ্মচাৰীসকলৰ বৰ্তমান সময়লৈকে কোনো সন্ধান লাভ কৰা হোৱা নাই বুলি অভিযানকাৰী দলটোৱে সদৰী কৰিছে৷ উল্লেখ্য যে, জাহাজখন ইয়েমেনী বন্দৰ চহৰ এডেন অভিমুখে যাত্ৰা কৰি থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয়৷ জাহাজখনৰ ৱেবছাইট marinetraffic.comৰ মতে, ই ডুবাইৰ হামৰিয়া বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল৷ ডুকম বন্দৰ হৈছে ওমানৰ মুখ্য তেল আৰু গেছ প্ৰকল্পৰ এটা মুখ্য কেন্দ্ৰ ।উল্লেখ্য যে, ২০০৭ চনত নিৰ্মাণ কৰা ১১৭ মিটাৰ দীঘল তেল পৰিবাহী জাহাজখনৰ পৰা তেল লিক হৈছে নে নাই সেয়া কৰ্তৃপক্ষই নিশ্চিত কৰা নাই। এনে সৰু তেল পৰিবাহী জাহাজ বা টেংকাৰবোৰ সাধাৰণতে চুটি উপকূলীয় ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয়।

হ্ৰাস পাইছে বাল্য বিবাহৰ সংখ্যা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২ আৰু ২০২৪ চনৰ কিশোৰীৰ গৰ্ভধাৰণৰ তথ্য প্ৰকাশ কৰে…

হ্ৰাস পাইছে বাল্য বিবাহৰ সংখ্যা, হ্ৰাস পাইছে কিশোৰীৰ গৰ্ভধাৰণৰ সংখ্যাও৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২ আৰু ২০২৪ চনৰ কিশোৰীৰ গৰ্ভধাৰণৰ তথ্য প্ৰকাশ কৰে৷

সামাজিক মাধ্যমত তেওঁ উল্লেখ কৰে যে বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ নিৰৱচ্ছিন্ন যুঁজে কেৱল সমাজৰ পৰিৱৰ্তন অনাই নহয়, আমাৰ কন্যাসকলৰ বাবে এক সুস্থ জীৱনো নিশ্চিত কৰিছে৷ ২০২২ চনৰ এপ্ৰিল মাহত কিশোৰীৰ গৰ্ভধাৰণ : ৯,৩৩০, ২০২৪ চনৰ জুন মাহত কিশোৰীৰ গৰ্ভধাৰণ : ৩,৪০১।অনাগত দিনত অভিযান অবিৰতভাৱে চলি থাকিব।

৬ খন ব্যক্তিগত নাৰ্ছাৰীয়ে ২৩ কোটি টকা সৰকোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ মুখ্যমন্ত্ৰীৰ…

৬ খন ব্যক্তিগত নাৰ্ছাৰীয়ে ২৩ কোটি টকা সৰকোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ–

গছপুলিসমূহ ক্ৰয় কৰাৰ বাবদ নাৰ্ছাৰীসমূহে শ্ৰমৰ মূল্যহে পাইছে। তাত সৰকাই নিয়াৰ কথা নাহে। চৰকাৰক কোনেও বিনামূলীয়াকৈ গছপুলি নিদিয়ে। সেয়ে তেওঁলোকক উচিত মূল্য দিয়া হৈছে।

যোৱাবছৰ সময় কম আছিল। সেয়ে এইবাৰ চৰকাৰে ব্যয় কমাবলৈ নিজাববীয়াকৈ গছপুলি উৎপাদন কৰি ৰোপনৰ বাবে সাজু কৰিছে।

প্ৰতিপালনৰ অভাৱত বহু গছপুলি মৰি যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দাবী–

প্ৰতিপালনৰ অভাৱত গছপুলি মৰা নাই। অসমীয়া মাতৃসকলে গছপুলি মাৰিব নোৱাৰে।

বাতৰি কৰা সাংবাদিকসকলে আই-মাতৃসকলক প্ৰশ্ন কৰক যে তেওঁলোকে গছপুলি মাৰিব পাৰে জানো?

আইমাতৃসকলে মোক গছপুলিসমূহ জীয়াই আছে বুলি কৈছে। যদি আইমাতৃসকলে অসত্য কৈছে তেন্তে সেয়াই সত্য বুলি মানিব লাগিব। কাৰণ গছপুলিসমূহ চৰকাৰী চৌহদত নহয়, সকলোৱে নিজৰ ঘৰৰ চৌহদত ৰুইছিল।

তিতাবৰৰ চুঙী চাহ বাগিচাত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন…

তিতাবৰৰ চুঙী চাহ বাগিচা প্ৰাথমিক সংঘৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধ্যা বাগিচাখনৰ কাৰ্যালয় প্ৰাঙ্গনত বাগিচাখনৰ পৰা উচ্চ-উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। চুঙী চাহ বাগিচা প্ৰাথমিক সংঘৰ সভাপতি সঞ্জীৱ ঘাটোৱাৰৰ সভাপতিত্বত আৰু সম্পাদক বকুল গোৱালাই উদ্দেশ্য ব্যাখ্যা কৰা অভিনন্দন অনুষ্ঠানত ডফলাটিং চাহ বাগিচাৰ মুখ্য পৰিচালক শশীকান্ত আদকীয়া, পৰিচালক শৈলেন্দ্ৰ তিৱাৰী, অসম চাহ মজদুৰ সংঘৰ তিতাবৰ শাখাৰ সভাপতি বগাই ভূমিজ, সংঘৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী নগেন কুৰ্মী, কনচেপ্ত শিক্ষা প্ৰতিষ্ঠানৰ গাইডেন্স কাউন্সিলৰ নবাব মুস্তাফা আহমেদ, সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, চুঙী চাহ বাগিচাৰ পৰিচালক কৃষাণ শৰ্মা আৰু শিক্ষক দিগন্ত হাজৰিকা আদিয়ে বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত ৩২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, কলম আদি উপহাৰ সামগ্ৰীৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে মুখ্য পৰিচালক শশীকান্ত আদকীয়াই প্ৰতি গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক নগদ ধন প্ৰদানেৰে উৎসাহিত কৰে।

আজিৰে পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ কৰ্মসূচী আৰম্ভ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

মুখ্যমন্ত্ৰীৰ ভাষণ–

আজিৰে পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ কৰ্মসূচী আৰম্ভ হ’ল। যোৱা বছৰ ১৭ চেপ্তেম্বৰত এই আন্দোলন আৰম্ভ হৈছিল। য’ত ১ কোটি ১২ লাখ গছপুলি ৰোপন কৰা হৈছিল। ১ কোটি ১২ লাখ গছপুলিৰ ৯০ শতাংশ গছপুলি জীয়াই আছে। গছপুলিসমূহ জীয়াই থকাৰ কাৰণ হ’ল- সেই গছপুলিসমূহ ঘৰ-অনুষ্ঠান আদিৰ চৌহদৰ ভিতৰত ৰোপন কৰা হৈছিল। যোৱা বছৰ কম সময়তে অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰিবলগীয়া হোৱা বাবে কেইবাখনো নাৰ্ছাৰীৰ পৰা নিবিদাৰ যোগেদি গছপুলি ক্ৰয় কৰা হৈছিল।

এই বছৰ বন বিভাগে ৪ কোটি গছপুলি বন বিভাগৰ নাৰ্ছাৰীসমূহত ৰোপন কৰি অমৃত বৃক্ষ আন্দোলনৰ বাবে সাজু কৰিছে। এইবাৰ অমৃত বৃক্ষ আন্দোলন ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত উদযাপিত হ’ব। এই ১৫ দিনৰ ভিতৰতে সকলোৱে গছপুলিসমূহ ৰোপন কৰিব পাৰিব। এইবাৰ ৩ কোটি গছপুলি ৰোপনৰ লক্ষ্য ৰখা হৈছে। ভৱিষ্যতে ১০ কোটি গছপুলি ৩-৪ বছৰৰ ভিতৰত ৰোপন কৰা হ’ব ।

এই ৩ কোটি গছপুলিৰ সৈতে ১ কোটি গছপুলি অতিৰিক্তভাৱে সাজু কৰি ৰখা হ’ব।পৰ্টেলত পঞ্জীয়ন কৰি গছপুলিৰ সৈতে ফটো আপলোড কৰিব পাৰিব। ১৬ আগষ্টত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ জৰিয়তে কিমান গছপুলি ৰোপন হ’ল তাৰ সংখ্যা নিৰূপন কৰা হ’ব।অনুষ্ঠানসমূহে কোনে কিমান গছপুলি ৰোপন কৰিব সেয়া নিৰ্ধাৰণ কৰি দিয়া হৈছে। গছপুলি বিতৰণৰ বাবে ৰাজ্যজুৰি ৪ হাজাৰ বিতৰণ কেন্দ্ৰ থাকিব।

বিয়া খাই অসুস্থ অভিনেত্ৰী জাহ্নৱী কাপুৰ! উঠিব পৰা নাই বিচনাৰ পৰা…

অসুস্থ অভিনেত্ৰী জাহ্নৱী কাপুৰ। বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, খাদ্য বিষক্ৰিয়াৰ বাবে জানহৱী অসুস্থ হৈ পৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজকে অতি দুৰ্বল অনুভৱ কৰিছিল। ইমানেই দুৰ্বল আছিল যে বিচনাৰ পৰাও উঠিব পৰা নাছিল। ফলত তেওঁ কামত এসপ্তাহ পলম কৰিলে।

অভিনেত্ৰীগৰাকী ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰাৰ মতে বুধবাৰে জাহ্নৱীয়ে সকলো কাম বাতিল কৰিছিল। অসুস্থতাৰ বাবে এই গোটেই সপ্তাহটো তেওঁ কামৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। বৃহস্পতিবাৰে শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সিদ্ধান্ত লয়। বৰ্তমান তেওঁ সুস্থ হৈ উঠিছে, কিন্তু দুৰ্বলতা এতিয়াও আছে। আজি শুকুৰবাৰে অভিনেত্ৰীগৰাকীক চিকিৎসালয়ৰ পৰা হয়তো ঘৰলৈ উভতিব।


আম্বানীসকলৰ প্ৰতিটো অনুষ্ঠানতে অভিনেত্ৰীগৰাকীক বিশেষ সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল। কিন্তু বিয়াঘৰৰ পৰা উভতি অহাৰ পিছত তেওঁ অসুস্থ হৈ পৰিল।

বহিঃ ৰাজ্যত ৰে’লত সন্ধানহীন নগাঁও জিলাৰ লংকাৰ সুৰজ আলী…

বহিঃ ৰাজ্যত ৰে’লত সন্ধানহীন নগাঁও জিলাৰ লংকাৰ সুৰজ আলী(৫৮) । তেঁওৰ ঘৰ লংকাৰ চিমলাই পথাৰত।

যোৱা ১৫ জুলাই সন্ধিয়া ৬-০০ বজাত চেন্নাইৰ ট্ৰিম্বাৰাম( TAMBARAM) ৰে’ল ষ্টেচনৰ পৰা ১৫৬২৯ নম্বৰৰ নগাঁও এক্সপ্রেছ ৰে’লযোগে সুৰজ আলী আহি আছিল নগাঁৱলৈ।

দূৰ্গাপূৰৰ ৰেল ষ্টেচনত ৰেলৰ পৰা সন্ধানহীন হয় সুৰজ আলী ।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ উলিয়াৱ নোৱাৰি লংকা আৰক্ষী আৰু লংকা ৰে’ল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।