Home Blog Page 667

কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট সন্দৰ্ভত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া…

কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট সন্দৰ্ভত সিন্ধিয়া:

বিগত দহ বছৰে দেশে মোডীৰ নেতৃত্বত বিকাশ আৰু উন্নয়নৰ দিশে আগুৱাইছে..

২০১৪ চনত ভাৰত অৰ্থনৈতিক উন্নয়নৰ দিশত ১১ নম্বৰত আছিল কিন্ত মোডীৰ দহবছৰীয়া নেতৃত্বত ভাৰত পাঁচ নম্বৰত।

বিগত ৫০ বছৰ ইতিহাসত তৃতীয়বাৰ চৰকাৰ গঠন কৰিবলৈ কোনো দলে সক্ষম হোৱা নাছিল যিটো মোডীৰ নেতৃত্বত হৈছে।

২০২৭ চনলৈ জামান আৰু পিছপেলাই ভাৰত আগুৱাই যাব মোডীৰ নেতৃত্বত ।

স্বচ ভাৰত অভিযান আঁচনিৰ অধীনত ১২ কোটি ঘৰ টয়লেট আৰু ঘৰ ঘৰ জল ব্যৱস্থা কৰিছে ।

১১ কোটি ৭০ লাখ লোকৰ ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰিছে।

মহিলা উজ্বলা আঁচনিৰ অধীনত প্ৰায় ১০ কোটি ৫০ লাখ মহিলাক ৰন্ধন গেছ যোগান ধৰিব।

DBT প্ৰক্ৰিয়াৰে হিতাধিকাৰীক আঁচনিৰ ধন প্ৰদান ।

৩৬ লাখ কোটি টকা হিতাধিকাৰী বেংক একাউণ্ট প্ৰদান মোডী চৰকাৰৰ।

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ ডাকছুম অঞ্চলত ভয়ংকৰ দুৰ্ঘটনা ! দুৰ্ঘটনাত ৫টা শিশুসহ ৮ জন লোকৰ মৃত্যু…

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ ডাকছুম অঞ্চলত ভয়ংকৰ দুৰ্ঘটনা। দ খাৱৈত পৰিল যাত্ৰীবাহী বাহন।

বৰ্তমান সময়লৈকে দুৰ্ঘটনাত ৫টা শিশুসহ ৮ জন লোকৰ মৃত্যু। নিহতসকলৰ লগতে দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

অঞ্চলটোত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।

১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণী…

১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ১ নং মৰিটুনী প্ৰাথমিক বিদ্যালয়ত ১ জুলাইৰ পৰা ২৬ জুলাইলৈ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ অনুষ্ঠিত হয়।পুৱা ৮ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা, গীত, নৃত্য আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।পুৱা ১০ বজাৰ পৰা শিক্ষক সম্বৰ্ধনা আৰু অভিভাৱক সভাখন ১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰশান্ত ৰেগনৰ সভাপতিত্বত অনুষ্ঠিত হয়।‌অসম সাহিত্য সভাৰ আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্তই উদ্বোধন কৰা সভাখনৰ আদৰণী ভাষণ প্ৰদান কৰি আঁত ধৰে সম্পাদক মনোজ্যোতি ৰেগনে।অভিজ্ঞ শিক্ষক আৰু গাঁৱৰ উচ্চ শিক্ষিত যুৱকসকলৰ দ্বাৰা বিনামূলীয়া পাঠদান আগবঢ়োৱাৰ উপৰিও সহ: বিদ্যায়তনিক দিশত পাৰ্গত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

এমাহজোৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আগবঢ়োৱা শিক্ষক পৱন গাম, বাবুল দাস, দিপাংকৰ দত্ত, ২০২৪ বৰ্ষৰ অসম সংযুক্ত প্ৰৱেশ পৰীক্ষাত(CEE) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্ত্তিৰ সুযোগ পোৱা মেধাবী ছাত্ৰী পল্লবী পায়েং আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সৰুজ্যোতি ৰেগনক গামোচা, লেখন সামগ্ৰী আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।ইয়াৰ সমান্তৰালকৈ শিক্ষক মনোজ্যোতি ৰেগন , প্ৰশান্ত কুমাৰ ৰেগন আৰু ভাস্কৰজ্যোতি ৰেগনকো ছাত্ৰ-ছাত্ৰীসকলে সম্বৰ্ধনা জনায়বিশিষ্ট অতিথি হিচাবে ক্ৰমে অসম সাহিত্য সভাৰ কুঁহিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মাজুলী জিলা সাহিত্য সভাৰ ধনভঁৰালী প্ৰণৱজিত মিশ্ৰ আৰু ৰাজু ৰেগনে উপস্থিত থাকি বক্তব্য আগবঢ়ায় । গাঁৱৰ সৰবৰহী ব্যক্তি বিপুল পায়েং আৰু প্ৰণয়ন ৰেগনো উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা কবিতা ,গীত , নৃত্য আৰু কুইজ প্ৰতিযোগিতাৰ ফলাফল ক্ৰমে -নিম্ন শাখাৰ কবিতা প্ৰতিযোগিতাৰ ধৰিত্ৰী ৰেগনে প্ৰথম স্থান, পিংকি ৰেগনে দ্বিতীয় স্থান আৰু ৰিম্পী ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।নৃত্য প্ৰতিযোগিতাৰ জুপিতৰা ৰেগনে প্ৰথম স্থান, ৰিম্পী ৰেগনে দ্বিতীয় স্থান আৰু পিংকি ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।জ্যোতি সংগীত প্ৰতিযোগিতাৰ চিন্তামনি ৰেগনে প্ৰথম স্থান, তৃষ্ণা ৰেগনে দ্বিতীয় স্থান আৰু হিৰণ্য ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।

উচ্চ শাখাৰ জ্যোতি সংগীত প্ৰতিযোগিতাৰ সত্যজিত ৰেগনে প্ৰথম স্থান, বিশ্ব মিলিয়ে দ্বিতীয় স্থান আৰু নিখিল ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।নৃত্য প্ৰতিযোগিতাৰ মনালিছা ৰেগনে প্ৰথম স্থান, জুপিতৰা ৰেগনে দ্বিতীয় স্থান আৰু জিনা ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।কুইজ প্ৰতিযোগিতাৰ সত্যজিত ৰেগন, ধৰিত্ৰী ৰেগন, ৰিম্পী ৰেগনৰ দলটোৱে প্ৰথম স্থান, বিশ্ব মিলি ,আদিত্য মিলি, ৰাজকুমাৰ ৰেগনৰ দলটো দ্বিতীয় স্থান আৰু মানবজ্যোতি পায়েং, নিখিল ৰেগন, বিপুল পায়েঙৰ দলটোৱে তৃতীয় স্থান অধিকাৰ কৰে। শেষত জাতীয় সংগীতেৰে সভা ভংগ হয়।

বহলপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণৰ নামত চাপৰৰ ছাগলখুটি গাঁৱত চলিছে দালালৰাজ

বহলপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণৰ নামত চাপৰৰ ছাগলখুটি গাঁৱত চলিছে দালালৰাজ

টকা দিলে চাপৰৰ ছাগলখুটি বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণ কৰিব পাৰিব আপুনি

২০ হাজাৰ টকাৰ বিনিময়ত ছমেদ আলী নামৰ ব্যক্তি জনে গৃহ নিৰ্মাণ কৰিবলৈ দিয়ে আৰু টকা নিদিলে গৃহ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ অভিযোগ

এই কথা নিজ মুখে স্বীকাৰ কৰে বনাঞ্চলৰ ভূমিত ধন দি গৃহ নিৰ্মাণ কৰা বৃদ্ধা মহিলা গৰাকীয়ে

এইজনেই হৈছে দালাল ৰূপী ছমেদ আলী যিজনৰ বিৰুদ্ধে ছাগলখুটিৰ বহু পৰিয়ালৰ পৰা ধন লৈ বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণ কৰিবলৈ দিয়াৰ অভিযোগ

উল্লেখ্য যে বৃদ্ধা মহিলা গৰাকীৰ ভূমি নদীত জাহ যোৱাত বৃদ্ধা গৰাকী আৰু তেখেতৰ পৰিয়ালে পূৰ্বতে ছাগলখুটি বনাঞ্চলত কিনি থোৱা ভূমিত সা সামগ্ৰী লৈ আশ্ৰয় লবলৈ আহিছিল

কিন্তু আশ্ৰয় লবলৈ আহি গৃহ নিৰ্মাণ কৰিবলৈ লোৱাত ছমেদ আলী নামৰ ব্যক্তি জনে বাধা দিয়ে আৰু টকা নিদিলে গৃহ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰে বৃদ্ধা মহিলা গৰাকীয়ে

অৱশেষত বৃদ্ধা মহিলা গৰাকীয়ে ছমেদ আলী নামৰ ব্যক্তি জনক ২০ হাজাৰ টকা দিয়াৰ পিছত হে তেখেতসকলে গৃহ নিৰ্মাণ কৰিব পাৰিছিল বুলি জানিব দিয়ে

এতিয়া প্ৰশ্ন হয় কাৰ সাহসত এইজন ছমেদ আলী নামৰ ব্যক্তি জনে ধন লৈ বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে?

আমাৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বহলপুৰ আঞ্চলিক বন বিষয়াই ছমেদ আলীৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লয় সেয়া পৰবৰ্তী সময়ত হ’ব লক্ষণীয়

স্বাধীনতা দিৱসৰ দিনাই প্ৰ’ কাবাডী লীগৰ নিলাম…

চলিত ২০২৪ চনৰ ২৬ জুলাইত প্ৰ’ কাবাডী লীগ (পিকেএল)ৰ দশম বৰ্ষপূৰ্তিৰ দিনটোতে মাছাল স্প’ৰ্টছে বহু প্ৰত্যাশিত পিকেএল ছিজন ১১১ খেলুৱৈ নিলামৰ কথা ঘোষণা কৰিছে৷ সেই অনুসৰি অহা ১৫ আৰু ১৬ আগষ্টত মুম্বাইত অনুষ্ঠিত হ’ব পিকেএলৰ নতুন ছিজনৰ খেলুৱৈ নিলাম৷ উল্লেখ্য যে এদশক পূৰ্বে ইউ মুম্বা আৰু জয়পুৰ পিংক পেন্থাৰ্ছৰ মাজত হোৱা মেচেৰে মুম্বাইত প্ৰ’ কাবাডী লীগৰ আৰম্ভনি হৈছিল৷ সম্প্ৰতি ১০টা ছিজন সম্পূৰ্ণ কৰা ভাৰতৰ তৃতীয়খন ক্ৰীড়া লীগ হিচাপে পৰিগণিত হৈছে পিকেএল৷

প্ৰ’ কাবাডী লীগৰ লীগ আয়ুক্ত অনুপম গোস্বামীয়ে কয়, ‘নতুন ছিজনৰ খেলুৱৈ নিলাম স্বাধীনতা দিৱসৰ দিনা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰি আমি আনন্দিত হৈছো৷ ভাৰতৰ অনন্য আৰু জনপ্ৰিয় ক্ৰীড়া হিচাপে পৰিগণিত হোৱা কাবাডীক প্ৰ’ কাবাডীত বিশ্বমানৰ প্ৰতিযোগিতামূলক শাখা হিচাপে শক্তিশালীভাৱে প্ৰদৰ্শিত কৰা হৈছে৷ ’ইফালে, খেলুৱৈ নিলাম ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰ কৰা হ’ব আৰু ডিজনী হটষ্টাৰত ষ্ট্ৰীম কৰা হ’ব৷

অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয় ! ৩০% হোটেল বুকিং বাতিল…

অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয়। মেঘালয়ৰ পৰ্যটনত পৰিছে বিৰূপ প্ৰভাৱ। শুকুৰবাৰৰ দিনটোত মেঘালয়ত ৩০% হোটেল বুকিং বাতিল।

আজিৰ দিনটোতো হোটেল বুকিং প্ৰায় ৫০% বাতিল হোৱাৰ সম্ভাৱনা। প্ৰেছ ৰিলিজযোগে শুকুৰবাৰৰ দিনটোত ৩০% ৰাজহ লোকচান হোৱাৰ কথা সদৰী কৰিছে মেঘালয়ৰ কেইবাটাও স্থানীয় সংগঠনে।

অসমৰ পৰ্যটক আৰু কেব মেঘালয়ত প্ৰৱেশত বাধা দিয়া কাৰ্যক NESO, আছুৰ লগতে মেঘালয়ৰ ৭ টা স্থানীয় সংগঠনৰ বিৰোধিতা।

জণ্টি ৰোডছক প্ৰ’ ক্ৰিকেট লীগৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি…

চলিত বৰ্ষৰে ছেপ্টেম্বৰ-অক্টোবৰ মাহত দিল্লী এনচিআৰত অনুষ্ঠিত হ’ব প্ৰ’ ক্ৰিকেট লীগ৷ প্ৰতিযোগিতাৰ উদ্বোধনী ছিজনটোত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ জণ্টি ৰোডছক লীগৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে৷ আজি এই কথা ঘোষণা কৰে পিচিএলৰ পৰিচালন সঞ্চালক তথা প্ৰতিষ্ঠাপক শচীন গুপ্তাই৷

ইফালে, প্ৰ’ ক্ৰিকেট লীগৰ প্ৰথম ছিজনটো ৰোমাঞ্চকৰ কৰাৰ লক্ষ্যৰে শীৰ্ষ পৰ্যায়ৰ ক্ৰিকেটাৰসকলক প্ৰতিযোগিতাৰ অংশীদাৰ কৰা হ’ব বুলি কয় পিচিএলৰ কাৰ্যবাহী সঞ্চালক গণেশ শৰ্মাই৷ ইফালে, লীগত ব্ৰেণ্ড এম্বেছাদৰ হিচাপে যোগদান কৰাৰ সন্দৰ্ভত দক্ষিণ আফ্ৰিকাৰ মহান ক্ৰিকেটাৰ ৰোডেছে কয় ‘পিচিএলৰ অংশ হ’বলৈ পাই মই ৰোমাঞ্চিত হৈছো৷ ক্ৰিকেট দক্ষতাৰ মানদণ্ড উন্নীত কৰাৰ বাবে পিচিএলৰ দায়বদ্ধতাক লৈ মই সুখী৷

অক্টোবৰ মাহৰ পৰা পুনৰ আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা…

যোৰহাটলৈ দিল্লীৰ পৰা সম্প্ৰতি কোনো পোনপটীয়া বিমান সেৱা নথকাৰ বিষয়টোক লৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যোৱা ১ জুলাই তাৰিখে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুক সাক্ষাৎ কৰিছিল। উক্ত সাক্ষাৎ কালত সাংসদগৰাকীয়ে মন্ত্ৰী গৰাকীক সোনকালে যোৰহাট-দিল্লীৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাই কয় যে ইয়াৰ ফলত এই অঞ্চলৰ ৰাইজৰ দিল্লী ভ্ৰমনৰ নামত অধিক সময় অপব্যয় নহ’ব।

বিমানৰ টিকটৰ অত্যাধিক ভাড়া দিবলগীয়া নহয়। শিক্ষাৰ্থী, ৰোগী, ব্যৱসায়ী, পৰ্যটন উদ্যোগৰো যথেষ্ট সকাহ হ’ব। সেয়েহে মন্ত্ৰী গৰাকীক বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰবলৈ অনুৰোধ জনাইছিল। সাংসদ গৌৰৱ গগৈৰ পত্ৰৰ সহাঁৰি দি শুক্ৰবাৰে অসামৰিক পৰিবহন মন্ত্ৰী নাইডুয়ে পত্ৰযোগে জনায় যে অহা অক্টোবৰ মাহৰ পৰা পুনৰ যোৰহাট-দিল্লীৰ মাজত spicejet পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব পৰা যাব।

উৎকোচ লৈ গ্ৰেপ্তাৰ CSIR-NEISTৰ বিষয়া-বিজ্ঞানী ! গুৱাহাটীকে ধৰি যোৰহাটৰ ৮টা স্থানত চলিছে CBIৰ অভিযান…

উৎকোচ লৈ গ্ৰেপ্তাৰ CSIR-NEISTৰ বিষয়া-বিজ্ঞানী। CBIয়ে গ্ৰেপ্তাৰ কৰিছে ক্ৰয় আৰু সংৰক্ষণ বিভাগৰ নিয়ন্ত্ৰক প্ৰবীণ কুমাৰ বাৰ্মাক। বিজ্ঞানী প্ৰসেনজিৎ মান্নাকো গ্ৰেপ্তাৰ CBIৰ। প্ৰবীণ কুমাৰ বাৰ্মাৰ পৰা জব্দ ৭ লাখ টকা।

আন অভিযুক্ত ৬ বিষয়া-কৰ্মচাৰীকো জেৰা CBIৰ। গুৱাহাটীকে ধৰি যোৰহাটৰ ৮টা স্থানত চলিছে CBIৰ অভিযান।

গৱেষণা প্ৰতিষ্ঠানত সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতো বিত্তীয় অনিয়মৰ অভিযোগ। কেইবাজনো কৰ্মচাৰীৰ চৰকাৰী বাসগৃহত অভিযান CBIৰ দলটোৰ।

ৰাছিয়াৰ পাছত এইবাৰ ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…

ৰাছিয়াৰ পাছত এইবাৰ ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

২৩ আগষ্টত ইউক্ৰেইন ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুলাই মাহ ৮ তাৰিখে ভ্ৰমণ কৰিছিল ৰাছিয়া।