Home Blog Page 668

NITI আয়োগৰ বৈঠক আধাতে এৰি ওলাই আহিল মমতা বেনাৰ্জী…

NITI আয়োগৰ বৈঠক আধাতে এৰি ওলাই আহিল মমতা বেনাৰ্জী। উল্লেখযোগ্য, আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল NITI আয়োগৰ নৱম সংখ্যক গৱৰ্ণিং কাউন্সিলৰ বৈঠক। কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বৰ্জন কৰিছিল এই বৈঠক।

বিৰোধীৰ তৰফৰ পৰা একমাত্ৰ ময়েই উপস্থিত আছিলোঁ। ভাষণৰত অৱস্থাতে মাইক বন্ধ কৰি দিয়াৰ অভিযোগ। প্ৰতিগৰাকীক ১০ৰ পৰা ২০ মিনিটলৈকে সুবিধা দিয়াৰ পৰিৱৰ্তে মমতা বেনাৰ্জীক ৫ মিনিট দিয়াৰ অভিযোগ। বৈষম্যমূলক আচৰণৰ অভিযোগ মমতা বেনাৰ্জীৰ।

১০ ডিচেম্বৰত শ্বিলঙলৈ আহিব কানাডিয়ান বিখ্য়াত সংগীতশিল্পী ব্ৰায়ান আডামছ…

১০ ডিচেম্বৰত শ্বিলঙলৈ আহিব ব্ৰায়ান আডামছ।

ভাৰতত পাঁচখন চহৰত অনুষ্ঠান পৰিৱেশন কৰিব কানাডিয়ান সংগীতশিল্পীগৰাকীয়ে।

শ্বিলং, গুৰুগ্ৰাম, মুম্বাই, বেংগালুৰু, হায়দৰাবাদত অনুষ্ঠান পৰিৱেশন কৰিব ব্ৰায়ান আডামছে।

নীতা আম্বানীৰ স্কুলত পঢ়িবলৈ প্ৰতি বছৰে ষ্টাৰ কিডে কিমান টকা খৰচ কৰে? জানেনে…

মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে ২০০৩ চনত মুম্বাইৰ বান্দ্ৰা অঞ্চলত এখন বিদ্যালয় স্থাপন কৰে। মুকেশৰ পিতৃ ধীৰুভাই আম্বানীৰ নামেৰে বিদ্যালয়খনৰ নামকৰণ কৰা হৈছে। এই স্কুলখনত হিন্দী চলচ্চিত্ৰ জগতৰ অধিকাংশ শীৰ্ষ তাৰকাৰ সন্তান পঢ়ে।

মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানীয়ে এই বিদ্যালয়ৰ উপাধ্যক্ষৰ পদত অধিষ্ঠিত। খবৰ অনুসৰি আম্বানীৰ বিদ্যালয়ত পঢ়িবলৈ ১৪ৰ পৰা ২০ লাখ টকা খৰচ কৰে প্ৰতি বছৰে।সেইখন বিদ্যালয়ত অষ্টম শ্ৰেণীৰ পৰা দশম মানলৈকে পঢ়াৰ বাবে প্ৰতি বছৰে ৫ লাখ ৯০ হাজাৰ টকা খৰচ হয়।দশম মান সম্পূৰ্ণ কৰাৰ পিছত এজন ছাত্ৰই ইচ্ছা কৰিলে আন এখন বিদ্যালয়ত নামভৰ্তি ল’ব পাৰে।কিন্তু আম্বানী স্কুলৰ পৰা যদি ১১ম আৰু দ্বাদশ শ্ৰেণী পঢ়িব বিচাৰে তেন্তে প্ৰতি বছৰে ৯ লাখ ৬৫ হাজাৰ টকা খৰচ কৰিব লাগিব।

আম্বানী স্কুলত আছে অত্যাধুনিক শ্ৰেণীকোঠা, ব্যক্তিগত শিক্ষক আৰু একাধিক বিষয়ৰ বিশেষ প্ৰশিক্ষণ উপলব্ধ। চুহানা খান, আৰিয়ান খান, চাৰা আলী খান, খুছি কাপুৰৰ পৰা আৰম্ভ কৰি অনন্যা পাণ্ডে, নাইছা দেৱগান, চাৰা তেণ্ডুলকাৰ, তাৰকা-শিশু আম্বানী স্কুলত পঢ়িছিছিল।

চৰাইদেউ মৈদামসমূহ বিশ্ব ঐতিহ্য ক্ষেত্রত অন্তভুৰ্ক্ত হোৱাত সীমা নিৰ্ধাৰণ কমিটিৰ সদস্য, মডেল মেপ প্ৰস্তুতকৰ্তা তথা প্রতিটো জৰীপক নেতৃত্ব দিয়া ড০ আলমৰ কৃতজ্ঞতা প্ৰকাশ…

২৬ জুলাই, ২০২৪ তাৰিখে ইউনেস্কয়ে চৰাইদেউ মৈদাম সমূহক সাংস্কৃতিক ক্ষেত্রত বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰাত চৰাইদেউ মৈদামৰ সীমা নিৰ্দ্ধৰণ কমিটিৰ সদস্য, মুখ্য অঞ্চল নির্বাচন কমিটিৰ সদস্য, মডেল মেপ প্ৰস্তুতকাৰক তথা প্রতিটো জৰীপৰ নেতৃত্ব লোৱা ড০ জাকিৰুল আলমে কৃতজ্ঞতা প্রকাশ কৰে।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু দেশৰ ভিতৰত সাংস্কৃতিক ক্ষেত্রত ৪২ তম স্থান পোৱাত এক অলীক সপোন পূৰণ হোৱা বুলি উল্লেখ কৰে।ড° আলমে ভাৰতৰ প্রধানমন্ত্রী, অসমৰ মুখ্যমন্ত্রী, সমগ্ৰ সংবাদ-মাধ্যম, ভাৰতবাসী, অসমবাসী, দল-সংগঠন, প্ৰত্নতত্ত্ব বিভাগ, শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলা প্রশাসন, স্থানীয় ৰাইজ সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰে। পৰৱৰ্তী পৰ্যায়ত প্ৰথম চ্যুকাফা মৈদামক আদি কৰি গড়গাঁওৰ প্ৰায়বোৰ ৰজা-পাৰ্শ্বৱৰ্তী অঞ্চলত আছে।যদিও সকলোবোৰ বেদখলকাৰীৰ চাহ বাগিচানলৈ ৰূপান্তৰ হৈছে।সেয়েহে অসম চৰকাৰৰ এয়াই প্ৰথম কাম হ’ব পৰৱৰ্তী পৰ্যায়ত।

পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী, ঝাৰখণ্ড-মিজোৰামৰ ছোৱালীৰ জয়লাভ…

ঝাৰখণ্ড আৰু মিজোৰামৰ ছোৱালী দলে গুৱাহাটীত চলি থকা দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতাৰ শুক্ৰবাৰে তৃতীয় দিনৰ খেলত জয়লাভ কৰি সম্পূৰ্ণ পইণ্ট লাভ কৰিছে৷ হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ দিনটোৰ প্ৰথমখন মেচত ঝাৰখণ্ডৰ মহিলা দলে মনিপুৰৰ বিৰুদ্ধে প্ৰথমে এগলত পিছ পৰাৰ পাছতো শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ২-১ গ’লৰ ব্যৱধানত জয়লাভ কৰে৷

ইফালে, ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত ছোৱালীৰ দ্বিতীয়খন মেচত মিজোৰামে ১৭-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে অসমক৷ উল্লেখ্য যে অসমৰ ছোৱালী দলটো ইয়াৰপূৰ্বে গ্ৰুপৰ প্ৰথমখন মেচত ঝাৰখণ্ডৰ বিৰুদ্ধে ১৭-০ গলত পৰাস্ত হৈছিল৷ অসমৰ ল’ৰাৰ দলটোৱে ইতিমধ্যে খেলা দুখন মেচত ব্যৰ্থতাৰ সন্মুখীন হৈছে৷ ওডিছাৰ বিৰুদ্ধে ১৯-১ গ’লৰ ব্যৱধানত পৰাস্ত হোৱা অসমে ইয়াৰপূৰ্বে প্ৰতিযোগিতাৰ উদ্বোধনী দিনা প্ৰথম মেচত ঝাৰখণ্ডৰ বিৰুদ্ধে অসম ১৯-০ গ’লৰ ব্যৱধানত পৰাস্ত হৈছিল৷

উল্লেখ্য যে আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰা আঠদিনীয়া প্ৰতিযোগিতাখন সামৰণি পৰিব অহা ৩১ জুলাইত৷ ল’ৰা-ছোৱালী উভয় শাখাতে সাতটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমিফাইনেল খেলিব৷

কাছাৰৰ কালাইনত পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ…

কাছাৰৰ কালাইনত চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ।

চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা স্বামীক। সজল সিনহা নামৰ লোকজনক হত্যা পত্নীৰ। স্বামী সজল সিনহাৰ ঘৰ কৰিমগঞ্জ জিলাত।

হত্যাকাৰী পত্নী সুৰ্বণা সিনহাক গ্ৰেপ্তাৰ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয়! মেঘালয় পর্যটন উদ্যোগত বৃহৎ লোকচানৰ সন্মুখীন…

মেঘালয় পর্যটন উদ্যোগত বৃহৎ লোকচানৰ সন্মুখীন।

শুকুৰবাৰে মেঘালয়ত ৩০% হোটেলৰ বুকিং বাতিল।

আজি মেঘালয়ৰ হোটেলসমূহত ৫০% বুকিং।

মেঘালয় পর্যটন উদ্যোগত ব্যাপক প্রভাৱ পৰিছে।

অসমৰ গাড়ী মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰাৰ অভিযোগ।

মঙলদৈত RSSৰ বৰ্গ কেম্পত বিদ্যুৎস্পৃষ্ট হৈ ১৭ বছৰীয়া কিশোৰৰ কৰুণ মৃত্যু…

মঙলদৈত RSSৰ বৰ্গ কেম্পত অঘটন। বিদ্যুত্স্পৃষ্ট হৈ ১৭ বছৰীয়া কিশোৰৰ কৰুণ মৃত্যু। নিহত কিশোৰজন বিকাশ দাস। মঙলদৈৰ ডাহা গাঁৱত ঘৰ বিকাশ দাসৰ। বৰঙাবাৰী হাইস্কুলত চলি আছিল RSSৰ বৰ্গ কেম্প।

দৰং জিলা সমিতিৰ উদ্যোগত চলি আছিল প্ৰশিক্ষণ। বিদ্যালয়খনৰ দমকলত ভৰি ধুবলৈ যাওঁতে ঘটিল অঘটন। দমকলটোৰ সৈতে সংলগ্ন হৈ আছিল পানীৰ মটৰ।

মটৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত বিদ্যুত্স্পৃষ্ট হয় বিকাশ। ঘটনাৰ তদন্তৰ দাবী বিকাশৰ পৰিয়ালৰ।

গুৱাহাটীত ‘জেভলিন ডে’ উদযাপনৰ প্ৰস্ততি, ৭আগষ্টত দিনযোৰা কাৰ্যসূচী-প্ৰতিযোগিতা…

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নিৰ্দেশ মর্মে আগন্তুক ৭ আগষ্ট ২০২৪ তাৰিখে টকিঅ’ অলিম্পিকত স্বর্ণ পদক প্রাপ্তিৰে ইতিহাস ৰচনা কৰা এথলিট নিৰজ চোপ্ৰাৰ বাবে উক্ত দিনটো সমগ্র দেশৰ লগতে অসমতো “জেভলিন ডে” হিচাপে উদযাপিত হ’ব। অসম এথলেটিকছ সন্থাই গুৱাহাটীৰ সৰুসজাই এথলেটিকছ ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে ১৬, ১৮, ২০ বছৰ অনুৰ্দ্ধৰ ল’ৰা-ছোৱালী আৰু পুৰুষ-মহিলা শাখাত ৰাজ্যিক ভিত্তিত এখনি জেভলিন প্রতিযোগিতাৰ আয়োজন কৰিছে।

উক্ত প্রতিযোগিতা প্ৰতিখন জিলাৰ খেলুৱৈসকলক অংশগ্রহণ কৰিবলৈ অসম এথলেটিকছ অনুৰোধ কৰা জনাইছে। খেলুৱৈ আৰু প্ৰতিনিধিসকলৰ নামৰ লগতে ভ্রাম্যভাষ নম্বৰ ৪আগষ্ট ২০২৪ তাৰিখৰ ভিতৰত অসম এথলেটিকছ সন্থাৰ মেইলত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী কোনাৰচৰৰ জেলদুপাৰাত দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী আলট্ৰা বাছ…

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী কোনাৰচৰৰ জেলদুপাৰাত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী আলট্ৰা বাছ। একেদিশত গৈ থকা বলেৰ’ পিকআপ ভানত প্ৰচণ্ড খুন্দা বাছখনৰ।

পথৰ সমীপৰ দ পুখুৰীত বাগৰি পৰে বলেৰ’ পিকআপ ভানখন। বাহনখনক খুন্দিয়াই মানুহ এঘৰৰ দেৱালত খুন্দা বাছখনৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী বাছ যাত্ৰী।

আহত দুয়োগৰাকী যাত্ৰীক চিকিত্সালয়ত ভৰ্তি স্থানীয় ৰাইজৰ। কোনোমতে প্ৰাণ ৰক্ষা পৰে বাছত থকা যাত্ৰীসকলৰ। দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছ চালকজনৰ ঘটনাস্থলীৰ পৰা পলায়ন। হাটশিঙিমাৰীৰ পৰা গোৱালপাৰা অভিমুখী আছিল যাত্ৰীবাহী বাছখন।