গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ বিচৰণ। আমবাৰী-বৰদল পথত অৱস্থান বন্যহস্তীৰ জাকটোৰ।

বহু পৰলৈকে বন্ধ হৈ পৰে পথটোৰে যান-বাহনৰ চলাচল। পাছলৈ বৰদল বনাঞ্চলত আশ্ৰয় লয় হাতীৰ জাকটোৱে।

বন্যহস্তীৰ ভয়ত উজাগৰী নিশা কটাইছে অঞ্চলটোৰ ৰাইজে।
গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ বিচৰণ। আমবাৰী-বৰদল পথত অৱস্থান বন্যহস্তীৰ জাকটোৰ।

বহু পৰলৈকে বন্ধ হৈ পৰে পথটোৰে যান-বাহনৰ চলাচল। পাছলৈ বৰদল বনাঞ্চলত আশ্ৰয় লয় হাতীৰ জাকটোৱে।

বন্যহস্তীৰ ভয়ত উজাগৰী নিশা কটাইছে অঞ্চলটোৰ ৰাইজে।
বিতৰ্কিত NEET-UG সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা। পূৰ্বৰ ৬১ গৰাকীৰ পৰিৱৰ্তে ১৭ গৰাকী প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ। পৰিৱৰ্তন হ’ল হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ স্থান। ৰাজস্থানৰ ৪, মহাৰাষ্ট্ৰৰ ৩, দিল্লী-উত্তৰ প্ৰদেশৰ দুজনকৈ প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ। শীৰ্ষস্থান লাভ কেৰালা, চণ্ডীগড়, তামিলনাডু, পঞ্জাৱ, বিহাৰ, পশ্চিমবংগৰ প্ৰাৰ্থীৰ।

উল্লেখ্য যে, ৫ মে’ত অনুষ্ঠিত NEET-UG পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল ৪ জুনত। তাৰ পাছতে উঠিছিল বিসংগতিৰ অভিযোগ। প্ৰশ্নকাকত ফাদিলৰ অভিযোগত জনোৱা হৈছিল পুনৰ পৰীক্ষাৰ দাবী৷ কিন্তু সেয়া মানি লোৱা নাছিল উচ্চতম ন্যায়ালয়ে। ফলত প্ৰকাশ কৰা হ’ল সংশোধিত ফলাফল৷
ঐতিহাসিক চৰাইদেউ মৈদামক ইউনিস্কই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰাত আদৰণি জনোৱাৰ লগতে আনন্দ প্ৰকাশ কৰিছে অসম গণ পৰিষদ দলে।এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো অসমবাসীৰ বাবে গৌৰৱৰ বতৰা।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু উদ্যোগৰ বাবেই চৰাইদেউ মৈদামে বিশ্বজনীন স্বীকৃতি লাভ কৰিলে। এই স্বীকৃতি লাভৰ জৰিয়তে ঐতিহাসিক চৰাইদেউ মৈদামৰ ব্যাপক প্ৰচাৰ, প্ৰসাৰ বৃদ্ধি হোৱাৰ লগতে মৈদামৰ গুন গৰিমাৰ চৰ্চা হ’ব বুলি মন্তব্য কৰে। আহোম স্বৰ্গদেউ সকলৰ স্মৃতি বিজড়িত এই মৈদামে যু্গে যুগে ইতিহাসৰ সাক্ষী বহন কৰি আহিছে। এই গৌৰৱময় স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণলৈ সভাপতি বৰাই অভিনন্দন জ্ঞাপন কৰিছে।
১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ হ’ব৷ ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত আজি কলকাতাৰ মোহন বাগান ছুপাৰ জায়েণ্ট দলে শ্ৰীনগৰৰ ক্লাব ডাউন টাউন হিৰোজ এফ চিৰ বিৰুদ্ধে খেলিব৷ গ্ৰুপ ‘এ’ৰ মেচখন কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত নিশা ছয় বজাৰ পৰা আৰম্ভ হ’ব৷

উল্লেখ্য যে প্ৰতিযোগিতাৰ বিগত বৰ্ষৰ চেম্পিয়ন আছিল মোহন বাগান৷ ডুৰাণ্ড কাপত খেলিয়ে ছিজনৰ আৰম্ভণি কৰা জ’ছ ফ্ৰেন্সিছকো মলিনাৰ দলে আই এছ এলৰ শ্বিল্ড জয় কৰি ছিজনৰ সফল সামৰণি কৰিছিল৷ এইবাৰো দলৰ লক্ষ্য ডুৰাণ্ডত খেলি ঘৰতে নতুন ছিজনৰ প্ৰত্যাশিত আৰম্ভনি কৰা৷ যোৱা বছৰ দলে ১৭ বাৰৰ বাবে এই প্ৰতিযোগিতাত জয়লাভ কৰি সৰ্বাধিক খিতাপ হস্তগতৰ অভিলেখ গঢ়িছিল৷ জামি মেকলাৰেইন, গ্ৰেগ ষ্টেৱাৰ্ট, এলবাৰ্টো ৰড্ৰীগুৱেজৰে গঠিত মোহন বাগান আজিৰ মেচৰ ফেভাৰিট৷
কিন্তু জন্মৰ চাৰি বছৰ হ’লে ডাউন টাউন হিৰোজ নতুন প্ৰতিভাৰে গঠিত এটা শক্তিশালী দল৷ বিগত বৰ্ষতো দলে ডুৰাণ্ড কাপত খেলিছিল৷ আই লীগত খেলা দলটো অধিনায়ক বাছিত আহমেদে কালি সংবাদ মেলত কয়, ‘ডুৰাণ্ড কাপত খেলাটো আমাৰ বাবে গৌৰৱৰ কথা৷ এয়া কাশ্মীৰৰ জনতাৰ বাবে এক সন্মান৷ সেয়ে আমি সন্মান ৰক্ষাৰ পন লৈয়ে শ্ৰেষ্ঠ খেল খেলিবলৈ দৃঢ়তাৰে সাজু হৈছো৷ এইবাৰ প্ৰতিযোগিতাখনৰ খেল কলকাতাৰ লগতে অসমৰ কোকৰাঝাৰ, মেঘালয়ৰ শ্বিলং আৰু ঝাৰখণ্ডৰ জামছেদপুৰত অনুষ্ঠিত হ’ব৷ জামছেদপুৰ আৰু শ্বিলঙে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে৷ আনহাতে, কোকৰাঝাৰত ক্ৰমাগত দ্বিতীয় বৰ্ষৰ বাবে তথা অসমত তৃতীয়বাৰলৈ অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷
প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ কলকাতাত তিনিটা গ্ৰুপৰ খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰে এটাকৈ গ্ৰুপ মেচ আয়োজন কৰিব৷ এইবাৰ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হ’ব৷
ডুৰাণ্ড কাপঃ উল্লেখ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷
ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ সোণোৱালী স্বাক্ষৰ বহনকাৰী আহোম স্বৰ্গদেউসকলৰ সমাধিস্থল ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক অৱশেষত আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি ঘোষণা কৰিলে ইউনেস্কই । নতুন দিল্লীত আজি পুৱা ১০ বজাত ইউনেস্ক প্ৰতিনিধিবৰ্গই আনুষ্ঠানিকভাৱে এই স্বীকৃতি ঘোষণা কৰাৰ পিছতে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ’য়। ইউনেস্ক প্ৰতিনিধিবৰ্গই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক ইজিপ্তৰ পিৰামিডৰ লগত তুলনা কৰি আজি আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য তালিকাত স্থান দিয়াত সমগ্ৰ ভাৰত তথা অসমৰ বাবেও এক গৌৰৱৰ ক্ষণ হিচাপে বিবেচিত হ’ল।

পোন প্ৰথমবাৰৰ বাবে যোৱা ২১ জুলাইৰ পৰা ১০ দিনীয়াকৈ ভাৰতত অনুষ্ঠিত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বিশেষ সন্মিলনৰ বৈঠকত গুৰুত্বপূৰ্ণ ২৭ বিষয়ৰ লগতে অন্তৰ্ভূক্ত হৈছিল ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম । চুড়ান্ত বিবেচনাৰ বাবে গ্ৰহণ কৰা সমিতিয়ে ১৮ টা সাংস্কৃতিক সম্পদৰ ভিতৰত প্ৰস্তাৱত গ্ৰহণ কৰা ভাৰতৰ ভিতৰত একমাত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ আৰু আজি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু উত্তৰ-পূৰ্ৱাঞ্চলৰ ভিতৰত প্ৰথমটো সাংস্কৃতিক সম্পদৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। আজি নতুন দিল্লীত আনুষ্ঠানিকভাৱে চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ পিছতে মৈদামস্থলীত এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয়। অসম চৰকাৰ দুই কেবিনেট মন্ত্ৰী যোগেন মহন, বিমল বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া উপস্থিতিত সৰ্বপ্ৰথমে নৃপেন মহনৰ পৰিচালনাত আহোম জনগোষ্ঠীৰ বানফি পূঁজা অনুষ্ঠিত হয়। ইয়াৰ পিছতে কেইবা সহস্ৰাধিক জনসাধাৰণে ঢোলে-ঢগৰে এক উৎসৱমুখৰ পৰিৱেশ কৰি তোলে। দুই কেবিনেট মন্ত্ৰীৰ লগতে পৰ্যটন বিভাগৰ অধ্যক্ষই প্ৰচণ্ড গৰমৰ মাজতো নাচি-বাগি উপস্থিত জনসাধাৰণক অধিক উৎসাহিত কৰি তোলে। আনহাতে নতুন দিল্লীত বাহৰ পাতি থকা স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও সমগ্ৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসম চৰকাৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক সামাজিক মাধ্যমৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰে । চৰাইদেউ মৈদামস্থলীত উপস্থিত থকা কেবিনেট মন্ত্ৰী যোগেন মহনে মিঠাই টোপোলা বিতৰণ কৰাৰ লগতে এক বৃহৎ প্ৰীতি ভোজৰ আয়োজন কৰে। আনহাতে কেবিনেট মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ অধিক উৎফুল্লিত হৈ উল্লেখ কৰে যে, ‘আমাৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাত আজি আমি সফল হ’লো।
চৰাইদেউ মৈদামস্থলীত থকা ৪২ টা আমাৰ উপৰি-পুৰুষৰ সমাধিস্থলী আজি বিশ্ব বুকুত চিহ্নিত হ’ল। আজি অতিশয় আনন্দৰ দিন। আমাৰ এই ঐতিহাসিক সম্পদক বিশ্বৰ বুকুত পৰিচয় কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা ধন্যবাদৰ পাত্ৰ। দুয়োগৰাকীৰ মহান নেতাৰ এই ক্ষেত্ৰত গ্ৰহণ কৰা বিশেষ ভূমিকাৰ বাবেই আজি বিশ্বৰ বুকুত চিহ্নিত হ’ল আমাৰ এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ। ইয়াৰ লগতে পুৰাতত্ব বিভাগ আৰু প্ৰত্নতাত্বিক বিভাগে যথেষ্ট এইক্ষেত্ৰত বিগত সময়ত যথেষ্ট কষ্ট স্বীকাৰ কৰিছিল। তেখেতসকলোকো আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো’। আনহাতে মৈদামস্থলীত সদৌ টাই আহোম ছাত্ৰ সন্থা, আহোম সেনাকে ধৰি বহুকেইটা আহোম জনগোষ্ঠীয় সংগঠনে শাসনাধিষ্ঠ চৰকাৰখনক এই ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা কাৰ্যক আদৰণি জনাইছে। সন্ধিয়ালৈ মৈদামস্থলীত এহেজাৰ বন্তি প্ৰজ্বলনেৰে বিজয় উৎসৱ পালন কৰাৰ উপৰিও ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰে। নীৰৱে-নিতালে দীৰ্ঘকাল শুই থকা মৈদামসমূহ যেন আজি পুনৰ প্ৰাণ পাই উঠিছে।
অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশত বাধা মেঘালয়ৰ HYNF নামৰ সংগঠনটোৰ। অসমৰ যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি।

মেঘালয়ৰ বিভিন্ন পৰ্যটনস্থলী অভিমুখী অসমৰ বাহনসমূহক পূৱ খাছী পাহাৰ জিলাৰ উমটিংগাৰত বাধা প্ৰদান সংগঠনটোৰ। আৰক্ষী আৰু সংগঠনটোৰ মাজত উত্তপ্ত পৰিস্থিতি।

আৰক্ষীয়ে আটক কৰিলে সংগঠনটোৰ কেইবাজনো সদস্যক। উল্লেখ্য যে মাত্ৰ এটা সপ্তাহ পূৰ্বে মেঘালয়ৰ পৰ্যটন মন্ত্ৰী প’ল লিংডোৱে ঘোষণা কৰিছিল ৰাজ্যখনৰ পৰ্যটনস্থলী সমূহলৈ অসমৰ টেক্সি সমূহৰ যাতায়তত কোনো বাধা নথকাৰ কথা।
দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস বিগত বৰ্ষবোৰৰ দৰে এইবছৰো গোগমুখ মহৰিকেম্পত অনুষ্ঠিত হ’ব৷ মহৰিকেম্প স্পৰ্টছ এছ’চিয়েছনৰ উদ্যোগত আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমিতিৰ যৌথ উদ্যোগত ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগা উক্ত স্বাধীনতা দিৱস সফল উদ্যাপনৰ বাবে এক শক্তিশালী উদ্যাপন সমিতি গঠন কৰা হৈছে৷ মণিকান্ত মিলি (দুনীয়া)ক সভাপতি, তানি মিলিক সম্পাদক হিচাপে লৈ মূল উদ্যাপন সমিতি গঠন কৰাৰ লগতে কেবাটাও উপসমিতি গঠন কৰা হৈছে৷ উদযাপন সমিতিয়ে জনোৱা মতে ফুটবল, ভলীবল, কাবাডী, বেডমিন্টন আদি ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব৷

ফুটবল প্ৰতিযোগিতাৰ সৰ্বমুঠ প্ৰাইজমাণি ২ লাখ টকা৷ ভলীবল ল’ৰা শাখাৰ মুঠ পুৰস্কাৰ ৪০ হাজাৰ আৰু ছোৱালী শাখাৰ মুঠ পুৰস্কাৰ ৩ হাজাৰ টকা৷ কাবাডী খেলৰ ছোৱালী শাখাৰ মুঠ পুৰস্কাৰ ২৫ হাজাৰ টকা৷ একেদৰে বেডমিণ্টন অনুৰ্ধ্ব ১৬ বছৰ বয়সৰ মুঠ পুৰস্কাৰ ৯ হাজাৰ, মুকলি শাখাৰ মুঠ পুৰস্কাৰ ১৮ হাজাৰ আৰু ৪০ বছৰ ওপৰৰ মুঠ পুৰস্কাৰ ৯ হাজাৰ টকা৷ প্ৰতিযোগিতাসমূহত অংশ ল’বলগা খেলুৱৈ তথা দলসমূহক ক্ৰীড়া সম্পাদক জে কে কাৰ্ডঙৰ লগত ৮৬৩৮৭৮২১৫৮ নম্বৰত আগতীয়াকৈ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ মহৰিকেম্প স্পৰ্ট এছ’চিয়েছনৰ সভাপতি ৰমেশ পেগু, কাৰ্যকৰী সভাপতি দেবানন্দ বড়া আৰু সম্পাদক কমল পেগুৱে স্বাধীনতা দিৱসত সকলো ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে ক্ৰীড়া প্ৰতিযোগিতাসমূহ ১ আগষ্টৰ পৰা আৰম্ভ হ’ব বুলিও জানিবলৈ দিছে৷
ইউটিউবাৰ ডিম্পু বৰুৱাৰ ভুৱা ফেচবুক একাউণ্টেৰে প্ৰৱঞ্চনাৰ জাল দুৰ্বৃত্তৰ৷

কৰ্কট ৰোগত আক্ৰান্ত এগৰাকীৰ মহিলাৰ চিকিৎসাৰ বাবে সহায়ৰ নামত লুণ্ঠন৷ মানসী বৰুৱা নামৰ ৩৪ বছৰীয়া এগৰাকী মহিলাৰ চিকিৎসাৰ নামত লুণ্ঠন৷

মহিলাগৰাকী আৰু দুই কণমানিৰ ফটো ব্যৱহাৰ কৰি সংগ্ৰহ কৰিছে ধন৷
বৰ্তমান নিৰামিষ খাদ্য ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। এই খাদ্য স্বাস্থ্য আৰু পৰিৱেশ উভয়ৰে বাবে উপকাৰী বুলি বিভিন্ন মহলে দাবী কৰিছে। এই খাদ্যত সকলো পশুজাতীয় সামগ্ৰী পৰিহাৰ কৰা হয়। এই খাদ্যত কোনো মাংস, কণী বা দুগ্ধজাত সামগ্ৰী অন্তৰ্ভুক্ত নহয়। পুষ্টিবিদসকলৰ মতে এই খাদ্যাভ্যাস পালন কৰাটো সহজ নহয়। যদি এই খাদ্য সঠিকভাৱে পালন নকৰিলে শৰীৰত ভিটামিন ডি, ভিটামিন বি ১২, জিংক, কেলচিয়াম, আইৰণ আৰু ওমেগা ৩ ফেটি এচিডৰ দৰে পুষ্টিকৰ উপাদানৰ গুৰুতৰ অভাৱ হয়। কিন্তু এবাৰ এই খাদ্যাভ্যাসত অভ্যস্ত হ’লে শৰীৰৰ বাবে ই অতি উপকাৰী।

নিৰামিষ খাদ্যৰ উপকাৰিতাৰ কি কি জানি লওকঃ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ: শাক-পাচলিত থকা বিভিন্ন ফাইটোকেমিকেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এই খাদ্যত এন্টিঅক্সিডেন্টো অধিক পৰিমাণে থাকে। সেইবাবেই আমেৰিকা, ইউৰোপৰ মানুহৰ মাজত ভেগান ডায়েট ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। ভাৰততো ইয়াৰ প্ৰভাৱ পৰিছে।
ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে: পুষ্টিবিদসকলৰ মতে এই খাদ্যাভ্যাস যদি দীৰ্ঘদিন ধৰি পালন কৰা হয় তেন্তে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়। এই জীৱনশৈলীয়ে তেজত ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। নিৰামিষ খাদ্যই ওজন হ্ৰাস কৰাত সহায় কৰে। মেদবহুলতাৰ লগত ডায়েবেটিছৰো সম্পৰ্ক আছে।
নিৰামিষ খাদ্যই কোনো ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে জানি লওকঃ
কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে: এই খাদ্যই কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।
হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে: নিৰামিষ খাদ্যত সতেজ শাক-পাচলি, দালি আৰু আঁহযুক্ত খাদ্য অধিক পৰিমাণে থাকে। এই সকলোবোৰ খাদ্য হৃদযন্ত্ৰৰ বাবে উপকাৰী।