Home Blog Page 669

গামোছাত স্বাক্ষৰ কৰি লাভলিনালৈ শুভেচ্ছা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ…

পেৰিছ অলিম্পিকত অসম কন্যাৰ সফলতাৰ কামনাৰে অসম বক্সিং সন্থাৰ আদৰণীয় পদক্ষেপ

অহা ২৬ জুলাইৰ পৰা অনুষ্ঠিত হবলগা পেৰিছ অলিম্পিকত একমাত্ৰ অসমীয়া খেলুৱৈ হিচাপে অংশ ল’ব মহিলা বক্সাৰ লাভলিনা বৰগোহায়ে৷ বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰা লাভলিনাক শুভেচ্চা জনোৱাৰ বাবে অসম বক্সিং সন্থাই অভিনৱ পদক্ষেপ হাতত লৈছে৷ সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি লাভলিনাক শুভেচ্চা জনোৱাৰ বাবে এখন বিশেষ গামোছাত ৰাজ্যৰ প্ৰবীন-নবীন খেলুৱৈ-সংগঠক তথা বিশিষ্ট ব্যক্তিয়ে শুভেচ্চামুলক স্বাক্ষৰ কৰিব আৰু এই গামোছাখন অসম কন্যাক পেৰিছৰ ভুমিত কলিতাই নিজ হাতে অৰ্পনো কৰিব ৷ ইতিমধ্যে কালি দিছপুৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গামোছাখনত প্ৰথমটো স্বাক্ষৰ কৰি অভিযানৰ আৰম্ভনি কৰিছে৷ শীঘ্ৰেই নেহৰু ষ্টেডিয়ামত অসম বক্সিং সন্থাই স্বাক্ষৰ অভিযান আৰম্ভ কৰিব৷ ইফালে, কালি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সম্প্ৰতি জাৰ্মানীত অনুশীলন কৰি থকা লাভলিনাৰ লগত ভিডিঅ’ ক’লযোগে প্ৰস্তুতিৰ বুজ লয় তথা শুভেচ্চাও জ্ঞাপন কৰে ৷

উল্লেখ্য যে বক্সিঙৰ জড়িয়তেই অলিম্পিকৰ মঞ্চত ধাৰাবহিকৰূপত অসমৰ গৌৰৱৰ স্থিতি বৰ্তি আছে৷ ২০১২ ৰ লণ্ডন আৰু ২০১৬ ৰ ৰিঅ’ অলিম্পিকত অসমৰ পুৰুষ বক্সাৰ শিৱ থাপাই দেশক প্ৰতিনিধিত্ব কৰাৰ পাছত ২০২০ ৰ টকিঅ’ অলিম্পিকত অসমৰ প্ৰথম মহিলা হিচাপে লাভলিনাই অংশ লৈছিল তথা অভিষেকতে পদক জয় কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গৌৰৱময় সফলতা ৰাজ্যবাসীক দিছিল ৷ অসমৰ প্ৰথম ক্ৰীড়াবিদৰূপে সন্মানীয় খেলৰত্ন লাভ কৰা লাভলিনা পেৰিছ অলিম্পিকতো দেশৰ অন্যতম পদক প্ৰত্যাশী এথলীট৷ ক্ৰমাগত চাৰিখন অলিম্পিকলৈ অসমৰ বক্সাৰ প্ৰেৰণ কৰি স্বাভাৱিকতে উৎফুল্লিত ভাৰতীয় বক্সিং ফেডাৰেছনৰো সচিব প্ৰধানৰ দয়িত্বত থকা হেমন্ত

কুমাৰ কলিতাই লগতে আশা ব্যক্ত কৰে যে এইবাৰ পেৰিছত লাভলিনাৰ লগতে ভাৰতৰ অন্য বক্সাৰেও পদক জয় কৰিব৷ স্মৰ্তব্য যে আসন্ন অলিম্পিকত লাভলিনাৰ লগতে ছগৰাকী ভাৰতীয় বক্সাৰে দেশক প্ৰতিনিধিত্ব কৰিব৷ বিশ্ব চেম্পিয়নশ্বিপত সোণ লাভ কৰা নিখাত জাৰিন, প্ৰীতি, কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অমিত পাংগল তথা জেচমিন আৰু নিশান্ত দেবে পেৰিছৰ বক্সিং ৰিঙত নামিব৷ ইতিমধ্যে ২০০৮ ত বীজেন্দৰ সিং, ২০১২ ত এম চি মেৰীকম আৰু ২০২০ ত লাভলিনাৰ জড়িয়তে ভাৰতীয় বক্সাৰে দেশক তিনিখন অলিম্পিক পদক দিবলৈ সক্ষম হৈছে৷ কালি মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ অনুষ্ঠানত সম্পাদক কলিতাৰ লগতে উপস্থিত থাকে অসম অলিম্পিকৰ দুই জ্যেষ্ঠ সদস্য কল্যান গগৈ, বানীব্ৰত দাস আৰু অসম বক্সিঙৰ যুটীয়া সম্পাদক অশোক বৰুৱা৷

“ডুমিকৰ দ্বাৰা দৰিদ্ৰ ছাত্ৰ – ছাত্ৰী লৈ বিনামূলীয়া শিক্ষা”…

“ডুমিক ৰ দ্বাৰা দৰিদ্ৰ ছাত্ৰ – ছাত্ৰী লৈ বিনামূলীয়া শিক্ষা”

গুৱাহাটী, ১২ জুলাই: উচ্চ শিক্ষাৰ বাবে আগ্ৰহী ছাত্র- ছাত্রীৰ বাবে সুখবৰ। “ডুমিক” নামৰ এটি বেচৰকাৰী প্ৰতিষ্ঠানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্র-ছাত্রীৰ বাবে লৈ আহিছে এক অভিনৱ আঁচনি। এই আঁচনিৰ অধীনত নৰ্থ- ইষ্ট, বিশেষকৈ অসমৰ ছাত্র-ছাত্রীয়ে বি,বি,এ আৰু বি,এচ,ছি এগ্ৰিকালচাৰ বিষয় দুটাৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা

লাভ কৰিব পাৰিব। ইয়াৰ উপৰি থকা- খোৱাৰ খৰছো সম্পূৰ্ণ বিনামূলীয়া হ’ব। গুৱাহাটীস্থ প্ৰতিষ্ঠান ডুমিকে আগ্ৰাৰ বি,পি,এচ গ্ৰুপ অব কলেজৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে। উল্লেখ্য যে, আৰ্থিকভাৱে

সৱল ছাত্র-ছাত্রীয়ে বিনামূলীয়াকৈ শিক্ষা লাভ কৰিব যদিও থকা-খোৱাৰ বাবদ নগণ্য হাৰত মাচুল আদায় দিব লাগিব বুলি বি,পি,এছ গ্ৰুপ অফ কলেজৰ নামভৰ্তি সঞ্চালক শাহিনুৰ ইছলাম মণ্ডল আৰু ডুমিক ৰ সঞ্চালক ড০ ববী গোস্বামী বৰুৱাই জানিবলৈ দিছে।

বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে মাৰ্কান্দ দেওচকৰ কাৰ্যভাৰ গ্ৰহণ…

সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে ১০ জুলাইত কাৰ্যভাৰ গ্ৰহণ কৰিছে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া মাৰ্কান্দ দেওচকৰে। ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৯৭ বেটছৰ মধ্য প্ৰদেশ কেডাৰৰ বিষয়া মাৰ্কান্দ দেওচকৰ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বি এছ এফত ডেপুটেছনত আহিছিল তাৰ পাছত গুৱাহাটীত নিযুক্তি দিয়াৰ আগলৈকে তেওঁ বি এছ এফৰ ৰাজস্থান ফ্ৰন্টিয়াৰৰ দায়িত্বত আছিল।

তাৰ পূৰ্বে তেওঁ মধ্য প্ৰদেশৰ মূখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু মধ্য প্ৰদেশ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ ( চি আই দি) ৰ মহা পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আনকি মধ্য প্ৰদেশৰ ৰাজধানী চহৰ ভূপালৰ প্ৰথম গৰাকী আৰক্ষী আয়ুক্ত হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

আনহাতে কাৰ্যনিৰ্বাহ কৰাৰ পাছত গুৱাহাটী ফ্ৰন্টিয়াৰৰ বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হৈ গুৱাহাটী ফ্ৰন্টিয়াৰৰ অধীনত পৰা ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মহা পৰিদৰ্শক গৰাকীয়ে দুয়োখন দেশৰ সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা বাহিনীৰ মাজত সম্পৰ্ক অধিক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

জ্যেষ্ঠ সাংবাদিক ভূপেন গোস্বামী চিকিৎসাধীন ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ আই চি ইউত ভৰ্তি…

‘নেচনেল ইউনিয়ন অব্‌ জাৰ্নেলিষ্ট ইণ্ডিয়া’ এন ইউ জে আইৰ ৰাষ্ট্ৰীয উপসভাপতি তথা ‘জাৰ্নেলিষ্ট এছ’ছিয়েচন অব আছাম’ জা’ ৰ মুখ্য উপদেষ্টা জ্যেষ্ঠ সাংবাদিক ৰাষ্ট্ৰীয় হিন্দী দৈনিক কাকত ‘ৰাষ্ট্ৰীয় খবৰ’ ৰ উত্তৰ- পূবাৰ্ঞ্চলৰ প্ৰিন্সিপাল কৰেছপণ্ডেণ্ট তথা অগ্ৰদূত কাকতৰ লগত জড়িত ভূপেন গোস্বামী জটিল হৃদৰোগত ৰোগত আক্ৰান্ত হৈ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ আই চি ইউত ভৰ্ত্তি কৰোৱা হয়। হঠাৎ যোৱা নিশাৰ পৰা উসাহ নিসাহত বৰকৈ কষ্ট পোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা জ্যেষ্ঠ অধীক্ষক ডাঃ অচ্যুত বৈশ্যৰ পৰামৰ্শ ক্ৰমে চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ প্ৰণৱ জ্যোতি ভট্টাচাৰ্য, ডাঃ বৰ্ণালী দত্ত, ডাঃ হাফিজুৰ ৰহমান, তত্বাবধানত জ্যেষ্ঠ সাংবাদিক গৰাকীক আই চি ইউত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসা আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে যোৱা ৯ মে’ ৰ পৰা তেওঁ চিকিৎসাধিন হৈ আছিল ৷ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ডাঃ অম্লান জ্যোতি বৰাই চিকিৎসা কৰি আছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। ইয়াৰ আগতে বিগত কেইবাবছৰ পৰা গুৱাহাটীৰ ডাঃ মৃদুল মহন্তৰ তত্বাবধানত চিকিৎসা কৰি থকা হৈছিল। ১৯৯৩ চনত মৰিগাৱঁৰ পৰা সপ্তাহিক ‘বুধবাৰ’ আৰু পষেকীয়া ‘আগান’ৰ জড়িয়তে সাংবাদিকতা আৰম্ভ কৰি পাছলৈ ১৯৯৬ চনৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীত নিগাজিকৈ ভাড়াঘৰত থাকি আজিৰ বাতৰি,আজি, নতুন দিন,জনমভূমি,নতুন দৈনিক,সপ্তাহিক জাগৰণ, অসম সংবাদ , মাহেকীয়া ‘প্ৰত্যাশা’ ৰাষ্ট্ৰীয় হিন্দী দৈনিক নই দুনিয়া, ইণ্ডিয়া টিভি,আদি কাকত , টিভি, আলোচনীত কাম কৰিছিল ৷

১৯৯৬ চনত তদানিন্তন চৰকাৰৰ ৰোষত পৰি অসমৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিক সহিতে ভূপেন গোস্বামী ৫ মাহ ১৮ দিন নগাৱঁৰ বিশেষ কাৰাগাৰত থাকিব লগা হৈছিল ৷ ২০১৪ চনৰ জুলাই পৰা বৰ্ত্তমান পৰ্যন্ত ‘ৰাষ্ট্ৰীয় খবৰ’ৰ উত্তৰ- পূবাৰ্ঞ্চলৰ সাংবাদাতা হিচাপে কৰ্মৰত এই জন জ্যেষ্ঠ সাংবাদিকৰ আৰ্থিক অৱস্থা শোচনীয় হোৱাত হৃদৰোগৰ ব্যয়বহুল চিকিৎসাৰ বাবে পৰিয়ালৰ লোক সকল চিন্তিত হৈ পৰিছে ৷ জাৰ্নেলিষ্ট এছ’ছিয়েচন অব আছাম’ ‘জা’ৰ সভাপতি তথা বিশিষ্ট সাংবাদিক- বুদ্ধিজীবী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তী আৰু ‘জা’ৰ সাধাৰণ সম্পাদক তথা এন ইউ জে আইৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সদস্য ডালিম ফুকনে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ প্ৰতি জ্যেষ্ঠ সাংবাদিক জনৰ সু চিকিৎসাৰ বাবে প্‌ৰয়োজনীয় আৰ্থিক সাহাযৰ অনুৰোধ জনাইছে৷

জন্মু-কাশ্মীৰত সংঘটিত ভয়ংকৰ ঘটনা ! মাতৃৰ হাতত প্ৰাণ গ’ল যমজ সন্তানৰ…

জন্মু-কাশ্মীৰত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ মাতৃৰ হাতত প্ৰাণ যায় যমজ সন্তানৰ ৷

উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী তিনি মাহ পূৰ্বে চৌদি আৰৱত কামৰ বাবে গৈছিল আৰু তাৰ পৰা উভতি আহি সন্তান দুটি নহয় বুলি দাবী কৰে ৷

আৰক্ষীৰো কাষ চাপে ব্যক্তিগৰাকীয়ে৷ ইয়াৰ পাছতেই মহিলাগৰাকীয়ে হত্যা কৰে সন্তান দুটিক ৷

যোৰহাটৰ নিৰুদ্দিষ্ট ছাত্ৰক লক্ষ্ণৌৰ পৰা উদ্ধাৰ…

যোৰহাটৰ নিৰুদ্দিষ্ট ছাত্ৰক উদ্ধাৰ ৷ লক্ষ্ণৌৰ পৰা উদ্ধাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সুশিন্দৰ ৰায়ক ৷

কিন্তু এতিয়াও সন্ধানহীন পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰাহুল সিং৷

২০ ফেব্ৰুৱাৰীতে সন্ধানহীন হৈছিল ৰাহুল৷

গৰমৰ দিনত খাবলৈ মন নােযাৱাৰ কাৰণ জানক…

গ্ৰীষ্ম আহি আমাৰ হাড় কপোৱা ঠাণ্ডাৰ অন্ত পেলালে। শীতৰ ধূলিৰ ধূসৰিত দিনবোৰৰ অন্ত পেলাই লৈ আহিল বৰষাৰ বতৰা। গৰম পৰাৰ লগে লগে আৰম্ভ হয় প্ৰখৰ ৰ’দৰ প্ৰকোপ। এই ৰ’দৰ প্ৰকোপত আমাৰ শৰীৰৰ পৰা ওলোৱা ঘামত নানান ফাংগাল ইনফেকচন হোৱা দেখা যায়। ইয়াৰ উপৰিও অলপতে ভাগৰি পৰা, পেটৰ অসুখ, মুখত নানান ধৰণৰ ফোঁহা, গুটি, ফুড পয়জনিং আদি বিভিন্ন সমস্যাই আমাক বিব্ৰত কৰি তোলে।

সেয়ে এই গৰমত সুস্থ থকাৰ বাবে প্ৰাথমিক কিছুমান প্ৰস্তুতি ল’ব লাগে। ঘৰতেই হওক বা বাহিৰতেই হওক, কেতিয়া কি খাদ্য খোৱাৰ প্ৰয়োজন, কি ধৰণৰ সাজ-পোছাক পিন্ধিলে গোটেই দিনটো আৰামত থাকিব পৰা যায়, গোটেই দিনটোৰ ভিতৰত কিমান সময় ব্যায়াম কৰিলে, কি খাদ্য খালে সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি, কি সাজ-পাৰৰ লগত কি ধৰণৰ মেক-আপ কৰিলে দেখাতো ধুনীয়া হ’ব পাৰি আৰু আৰামো পোৱা যায় ইত্যাদি কথা জানি থ’লে আৰু সতৰ্কতা অৱলম্বন কৰিলে গৰমতো সুন্দৰ হৈ থাকিব পাৰিব।

পৰ্য্যাপ্ত পৰিমাণে পানী খাব

গৰমৰ দিনত দিনে অন্তত: ২ লিটাৰ পানী খাব লাগে। বাটাৰ মিল্ক, নেমুৰ চৰবত, ডাবৰ পানী,দৈ এইবিলাকৰ ভিতৰত যিকোনো এবিধ বস্তু খালেই ডিহাইড্ৰেছনৰ পৰা মুক্তি পাব। গৰমৰ সময়ত ঘামৰ যোগেদি শৰীৰৰ পানী কমি যায়, সেই কাৰণে শৰীৰৰ তৰল পদাৰ্থ ঠিক ৰাখিবৰ কাৰণে যথেষ্ট পানী খাব লাগে।

পাতল আহাৰ খাব
গৰম দিনত বেছি মছলাযুক্ত আহাৰ খোৱাৰ পৰিৱৰ্তে ফ্ৰেচ আৰু কম প্ৰ’টিনযুক্ত আহাৰ খাব লাগে, যাতে সহজেই হজম হৈ যায়। বিলাহীয়ে শৰীৰ ঠাণ্ডা ৰাখে, সেয়ে এই বিলাহী চালাড কৰি, মাছ বা মাংসৰ লগত বনায়ো খাব পাৰে। ভিটামিন এ ভিটামিন চি ৰে সমৃদ্ধ বিলাহী সদায়েই খাব লাগে। গৰমৰ দিনত বেছিকৈ খাবলৈ মন নাযায়, সেয়ে কেইবাবাৰো কম কমকৈ দিনটোত খাব লাগে। ফ্ৰীজত বেছিদিন বস্তু থৈ নাখাব। মাখন পাৰিলে গৰমত খাব নালাগে, কিয়নো ই সহজে হজম নহয় আৰু পেট গধুৰ লাগি থাকি অস্বস্তি ভাব এটা সকলো সময়তে থাকি যায়। হোটেল বা ৰেষ্টুৰেন্টত খোৱাতকৈ ঘৰতে ৰন্ধা আহাৰ খাব লাগে।

পুৱাৰ জলপান নোখোৱাকৈ থাকিব নালাগে

গোটেই দিনটো ফ্ৰেচ আৰু ফিট হৈ থাকিবৰ বাবে পুৱাৰ জলপান কেতিয়াই নোখোৱাকৈ থাকিব নালাগে। ৰুটি, তৰকাৰী, চিৰা, দৈ, কল আদি খাব পাৰে। ব্ৰেকফাষ্ট সদায়ে সময়মতে কৰিলে শৰীৰত অতিৰিক্তভাৱে মেদ হোৱাটোত বাধা দিব পাৰে।

গৰমৰ সমস্যাৰ পৰা ৰেহাই পাবলৈ কি কি খাব?

  • হনী ব্ৰেডত থকা জিংকে ৰ’দে পোৰা ছালৰ কোলাজেন পুনৰ্গঠন কৰাত সহায় কৰে, সেয়ে হনী ব্ৰেড খালে সুফল লাভ কৰিব। ভিটামিন এ বিটা কেৰাটিনসমৃদ্ধ গাজৰ খালে ছালৰ টিছুবিলাকৰ গঠন ভাল হয়। ভিটামিন বি আৰু চি ৰে পৰিপূৰ্ণ ফল নেমু, তৰমুজ আদি শুকান ছালৰ কাৰণে উপকাৰী।
  • টেঙা দৈ গৰমৰ কাৰণে বৰ উপকাৰী। টেঙা দৈত থকা কাৰ্বহাইড্ৰেট আমাৰ শৰীৰত শক্তিৰ সৰবৰাহ কৰে। প্ৰ’টিন আৰু জিংকে টিছুবিলাক গঠন কৰে। মেগনেছিয়াম আৰু কেলছিয়ামে মাংসপেশী ভাল কৰে। ইয়াৰ উপৰিও এই দৈত ভিটামিন বি কমপ্লেক্স যথেস্ত পৰিমাণে আছে।
  • ঠাণ্ডা গৰম হৈ থকা সময়টোত অলপতে পানী লগা, কাহ আদি হৈ থকা দেখা যায়। সেয়ে এই সময়ত চালাড, দৈ ভাত, ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি ৰে পৰিপূৰ্ণ আহাৰ খালে চৰ্দি, গৰমৰ পৰা ৰক্ষা পাব পাৰি।

যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন খেতিৰ ব্যৱহাৰিক শি‍ক্ষা প্ৰদান…

যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ে‍ বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰে পৰাই ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণী কোঠাৰ শি‍ক্ষাৰ লগতে বিভিন্ন খেতিৰ ব্যৱহাৰিক শি‍ক্ষা দি আহিছে। ছাত্ৰ-ছাত্ৰীসকলক শিপাৰ লগত সংপৃক্ত কৰি ৰখাৰ লক্ষ্য আৰু উদ্দেশ্যৰে শালি খেতিকে ধৰি বতৰ অনুযায়ী বিভিন্ন খেতি কৰি আহিছে৷

বোঁৱতি বর্ষ অনুসৰি আজি শালি খেতিৰ ন-ভূঁই অনুষ্ঠান অনুষ্ঠিত কৰে বিদ্যালয়খনে।বিদ্যালয়ৰ সঞ্চালক দিব্যজ্য‍োতি শর্মাৰ নেতৃত্বত বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

বিদ্যালয়ৰ শি‍ক্ষক-শি‍ক্ষয়িত্ৰীসকল উপস্থিত থকা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক জ্ঞান লাভ কৰাৰ লগতে শালি খেতিৰ মাদকতা উপভোগ কৰে ৷ চিনামৰা জাতীয় বিদ্যালয়ৰ এই পদক্ষ‍েপক বিভিন্নজনে প্ৰশংসা কৰিছে ৷

গুৱাহাটীৰ স্বাগত হস্পিটালত ফাচিঅ’টেন্সৰ অভূতপূর্ব  হাৰ্নিয়া চিকিৎসা কৌশলৰ প্ৰৱৰ্তন…

জাৰ্মানীৰ সন্মানীয় চিকিৎসক বিশেষজ্ঞ ডাঃ গেৰিয়ান হিলে আৰম্ভ কৰা এক নতুন অভিনৱ হাৰ্নিয়া কৌশল ফাচিঅ’টেন্সৰ প্ৰৱৰ্তনৰ কথা ঘোষণা কৰি মহানগৰীৰ মালিগাঁৱস্থিত স‌্বাগত হস্পিতালে গৌৰৱ অনুভৱ কৰিছে। এই বৈপ্লৱিক পদ্ধতিয়ে পেটৰ জটিল ৰোগ চিকিৎসাৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান কৰে, যিবোৰ প্ৰায়ে পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰি চিকিৎসা কৰিব নোৱাৰি। পেটৰ বেমাৰত যিকোনো দুৰ্বলতা বুলি জটিল হাৰ্নিয়াই অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলৰ বাবে উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। যোৱা দুটা দশকত চিকিৎসা ক্ষেত্ৰখনে নূন্যতম অস্ত্ৰোপচাৰ দিশত যথেষ্ট পৰিৱৰ্তন ঘটিছে, বেছিভাগ হাৰ্নিয়া চিকিৎসাৰ বাবে লেপ্ৰোস্কোপিক অস্ত্ৰোপচাৰ গুৰুত্ব বাঢিছে। কিন্তু জটিল হাৰ্নিয়া, য’ত পেটৰ দোষ বিস্তৃত হৈ থাকে, সমস্যাৰ সৃষ্টি কৰিয়েই থাকে।

এনে ক্ষেত্ৰত পেটৰ অস্ত্ৰোপচাৰ আৰু চিকিৎসকসকল সন্মুখীন হবলগীয়া হয়।কেতিয়াবা চিকিৎসাৰ কাম পৰ্যায়ক্ৰমে কৰিবলগীয়া হয়। এনে কৌশল প্ৰথমে ঘা, অস্ত্ৰোপচাৰৰ পিছত পেটৰ বেমাৰ আৰু পেটৰ নলি বন্ধ কৰাটো সম্ভৱপৰ নহয় তেনে আঘাতজনিত ঘাঁৰ বাবে ব্যৱহাৰ কৰা হৈছিল। হাৰ্নিয়া চিকিৎসাৰ ক্ষেত্ৰত ফেচিঅ’টেন্সে এক বৃহৎ অগ্ৰগতি প্ৰতিনিধিত্ব কৰে। এই কৌশলত যান্ত্ৰিক যন্ত্ৰ ব্যৱহাৰ কৰি পেটৰ বেৰখন লাহে লাহে দুঘণ্টামানৰ ভিতৰত টানিব লাগে। পেটৰ বেৰখন পৰ্যাপ্ত পৰিমাণে শিথিল হ’লে জালৰ ব্যৱহাৰ বা ব্যৱহাৰ নকৰাকৈয়ে দোষটো বন্ধ কৰাটো বহুত সহজ হৈ পৰে। মেছ বৰ্তমানৰ যত্নৰ মানদণ্ড হৈয়ে আছে, কিন্তু পেটৰ বেৰখন পৰ্যাপ্তভাৱে বন্ধ কৰিব নোৱাৰা ক্ষেত্ৰত ফেচিঅ’টেন্সে অতিৰিক্ত সমাধান আগবঢ়ায়। শেহতীয়াকৈ পেট গুৰুতৰভাৱে বিকৃত আৰু ২১ চে.মি.তকৈ অধিক হাৰ্নিয়াৰ ফাঁক থকা এজন ৰোগীয়ে স্বাগত হস্পিটালত অভিনৱ পদ্ধতিৰ চিকিৎসা গ্ৰহণ কৰে। অপাৰেচনৰ পূৰ্বে ৰোগীজনক পেটৰ পেশীবোৰ শিথিল কৰিবলৈ বটক্স বেজী দিয়া হৈছিল।

অস্ত্ৰোপচাৰৰ সময়ত ফেচিঅ’টেন্স ডিভাইচৰ সহায়ত পেটৰ হাৰ্নিয়া সফলতাৰে বন্ধ কৰা হৈছিল, যাৰ ফলত ৰোগীয়ে অস্ত্ৰোপচাৰৰ স্থানত বিশেষ অসুবিধা নোহোৱাকৈ সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল। পূৰ্বে দুটা হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা ৰোগীজনে উল্লেখযোগ্য ফলাফল লাভ কৰিছিল আৰু কালি তেওঁক অতি সন্তুষ্টিৰে ঘৰলৈ যাবলৈ দিয়া হৈছিল। ফাচিঅ’টেন্স কৌশলৰ প্ৰৱৰ্তনে হাৰ্নিয়া চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে, যিয়ে পেটৰ বেৰৰ জটিল দোষ থকা ৰোগীৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছে।বৰ্তমান চিকিৎসা পদ্ধতি অতি ব্যয়বহুল কাৰণ ডিচপ’জেবল সঁজুলিৰ খৰচ অতি বেছি কিন্তু সময়ৰ লগে লগে খৰচ কমি যাব বুলি আশা কৰা হৈছে। অতি সোনকালে এই কৌশলটো ৰবটিক অস্ত্ৰোপচাৰৰ সৈতে সংযুক্ত কৰা হ’ব। অধ্যাপক সুভাষ খান্নাৰ নেতৃত্বত ডাঃ সুপ্ৰিয় চৌধুৰী, ডাঃ অৰিন্দম বৰুৱা, ডাঃ বিশ্বজ্যোতি ৰাভা আৰু ডাঃ কানিনীকা দাসৰ লগতে স্ক্রাব নাৰ্ছ বিদ্যাৰাণী দেৱী, লিপিকা শইকীয়া আৰু আলৱনিশা ডখাৰৰ সহযোগত অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ কৰা হয়।

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত নতুনকৈ এমএ শিক্ষা বৰ্ষত “ভাগৱদ গীতা” পাঠ্যক্ৰম অন্তৰ্ভুক্ত…

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে ২০২৪-২০২৫ শিক্ষাবৰ্ষৰ বাবে ভাগৱদ গীতা অধ্যয়নত এক নতুন এমএ কাৰ্যসূচীৰ এক চৰকাৰী জাননী অনুসৰি জুলাইৰ পৰা আৰম্ভ হোৱা মুকলি আৰু দূৰত্ব শিক্ষণৰ জৰিয়তে এই পাঠ্যক্ৰম আগবঢ়োৱাৰ কথা ঘোষণা কৰে । পাঠ্যক্ৰমৰ সময় দুইৰ পৰা চাৰি বছৰৰ ভিতৰত, মুঠ ৫০০ খন আসন উপলব্ধ। ইয়াক ৮০ টা ক্ৰেডিটৰ লগতে ইংৰাজীক নিৰ্দেশনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়। “সক্ষম কৰ্তৃপক্ষৰ অনুমোদনৰ সৈতে, এম.এ. ভগৱদ্গীতা অধ্যয়ন পাঠ্যক্ৰম অ’ডিএল মোডৰ জৰিয়তে আগবঢ়োৱা হ’ব,”।

উক্ত চৰকাৰী জাননীখন অনুসৰি মুক্ত দূৰত্ব শিক্ষাৰ জৰিয়তে মানৱবিজ্ঞানবিদ্যালয়ৰ সহযোগত বিশ্ববিদ্যালয়খনে অন্তৰ্ভুক্ত কৰা ২ বছৰীয়াহিন্দী মাধ্যমৰ পাঠ্যক্ৰমৰে আৰম্ভ হবলগীয়া নতুন পাঠ্যক্ৰমৰ বিশেষত্ব হৈছে ভগৱদ্গীতা অধ্যয়ন তথা বিৱৰণ এম.এ. ভাগৱদ্গীতা অধ্যয়ন (এম.এ.বি.জি.এছ.) পাঠ্যক্ৰমৰ সুবিধা লাভ কৰিবলৈ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী বা উচ্চতৰ ডিগ্ৰীধাৰী হব লাগিব।মাচুল গাঁথনি অনুসৰি প্ৰতি বছৰে ৬৩০০ টকাকৈ আৰু প্ৰযোজ্য অনুসৰি পঞ্জীয়ন/উন্নয়ন মাচুল ইত্যাদি সবিশেষ জানিবলৈ কাৰ্যসূচী সমন্বয়ক ড০ দেৱেশ কুমাৰ মিশ্ৰৰ ৯৭৭৯৪২-৬৫১৬৭ নম্বৰত অথবা ই-মেইল dkmishra@ignou.ac.in যোগাযোগ কৰিবলৈ পাৰিব ।

উল্লেখ্য যে ২০২৩ চনৰ ১৯ ডিচেম্বৰত বিশ্ববিদ্যালয়ৰ ৮১ তম্ একাডেমিক কাউন্সিলৰ বৈঠকত পাঠ্যক্ৰমটোৱে অনুমোদন লাভ কৰিছিল। ইফালে সম্পূৰ্ণ দুবছৰীয়া পাঠ্যক্ৰমৰ বাবে মাচুল হৈছে ১২,৬০০ টকা অৰ্থাৎ প্ৰতি বছৰে ৬,৩০০ টকাকৈ । ইগনুৱে মঙলবাৰে ইয়াৰ বিদ্যালয়সমূহত ১৩ টা নতুন কাৰ্যসূচী প্ৰৱৰ্তন কৰে, যাৰ ভিতৰত আছে নতুন ক্ষেত্ৰত ৪ টা এমবিএ কাৰ্যসূচী। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক নাম ভৰ্তি কৰিবলৈ আগ্ৰহী শিক্ষাৰ্থীসকলে ignouadmission.samarth.edu.in অফিচিয়েল এডমিচন পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব বুলি উল্লেখ কৰে।