Home Blog Page 672

মাছ ধৰিবলৈ যোৱাই কাল হ’ল দেৰগাঁৱৰ বংশী ৰবিদাসৰ…

ৰাজ্যত বান বিভীষিকাৰ মাজতে দেৰগাঁৱত শোকাৱহ ঘটনা। মাছ ধৰিবলৈ যোৱাই কাল হ’ল এজন যুৱকৰ। ব্ৰহ্মপুত্ৰ অঞ্চলৰ সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ। মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈ আছিল বংশী ৰবিদাস নামৰ ৩০ বছৰীয়া যুৱকজন। ব্ৰহ্মপুত্ৰ অঞ্চলৰ ২ নং খকন্দগুৰিত শোকাবহ ঘটনা।

নিশা বংশী ৰবিদাস নামৰ যুৱকজন উজানৰ মাছ ধৰিবলৈ গৈছিল পুঙনি জানত।মাছ ধৰিবলৈ গৈ নিশা ঘৰলৈ উভটি নগ’ল বংশী ৰবিদাস।বুধবাৰে বিয়লি ভাগত পুঙনি জানত উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহ। SDRFয়ে উদ্ধাৰ কৰে যুৱক জনৰ মৃতদেহ।

সোণাপুৰৰ পৰা চামতা হৈ পবিতৰালৈ যোৱা লোকৰ বাবে সুখবৰ! মুকলি হ’ল চামতাৰ বমানিত নিৰ্মিত ৰে’লুৱে উৰন সেতু…

সোণাপুৰৰ পৰা চামতা হৈ পবিতৰালৈ যোৱা লোকৰ বাবে সুখবৰ। ৪ বছৰ ৬ মাহৰ অন্তত বুধবাৰে ৰাইজৰ বাবে আনুষ্ঠিনিক ভাবে  মুকলি কৰে চামতাৰ বমানিত নিৰ্মিত ৰে’লুৱে উৰন সেতু। ৭২ কোটি টকাৰে নিৰ্মিত ৰেলুৱে উৰন সেতু ৰঙা ফিটা কাটি শুভ  উদ্বোধন কৰে প্ৰাঞ্জিৎ ডেকাই।

উল্লেখ্য যে ৰে’লুৱে ক্ৰচিংতোত এখন উৰন সেতু নথকাত যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ৰাইজ যথেষ্ট সমস্যাৰ সন্মূখীন হবলগিয়া হৈছিল।বিশেষকৈ পবিতৰা অভয়াৰণ্য সংযোগী উক্ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথটোত ৰেল লাইনটোৰ বাবে মানুহে বহু সময় ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল।তেনেক্ষেত্ৰত ৰে’ল লাইনৰ ওপৰত নিৰ্মিত উৰন সেতু বুধবাৰৰ পৰা  মুকলি কৰি দিয়াত ৰাইজ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ঠ উপকৃত হ’ব।৬৫০ মিটাৰ দৈৰ্ঘ্যৰ উৰন সেতুৰ   মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰেল বিভাগৰ বিষয়াৰ লগতে বাবুল নাথ আৰু বিষ্ণু নেওগ।

আঠগাঁও কুমাৰপাৰাত সুস্বাদু আহাৰৰ ঠিকনা “কাকে দি হাট্টি”ৰ বিশেষ অনুষ্ঠান…

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ আঠগাঁও কুমাৰপাৰাত থকা “কাকে দি হাট্টি” নামৰ ৰেষ্টোৰাখনে সম্পূৰ্ণ কৰিলে সফলতাৰ দুটা বছৰ। এই উপলক্ষে বুধবাৰে সন্ধিয়া ৰেষ্টোৰাখনে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। সফলতাৰ দুটা বছৰ শীৰ্ষক এই অনুষ্ঠানত একাধিক ব্য়ৱসায়ীৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে। প্ৰায় দুশ বছৰৰ বৰ্ণিল ইতিহাস থকা ৰেষ্টোৰাখনত মূলত জৈন খাদ্য সম্ভাৰৰ লগতে পঞ্জাৱী, কন্টিনেন্টল খাদ্য সম্ভাৰ উপলব্ধ হয়।

১০ জুলাই পৰা ১৭ জুলাইলৈ বিশেষ ৰেহাইত খাদ্য অৰ্ডাৰ দি খোৱাৰ বিশেষ ব্যৱস্থা কৰিছে ৰেষ্টোৰা কৰ্তৃপক্ষই। উল্লেখ্য যে অনুষ্ঠানত মুখ্য অতিথি হিচাপে গুৱাহাটীৰ ব্যৱসায়ী তথা সমাজ সেৱক মনোজ পাট্টনি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাকেশ দাস, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক ৰাজ শেখৰ লগতে ৰেষ্টোৰা কৰ্তৃপক্ষৰ কেবাজনো লোক উপস্থিত থাকে। মহানগৰৰ উপলব্ধ বিভিন্ন খাদ্য সম্ভাৰত সংযোজন ঘটাই কাকে দি হাট্টি ৰেষ্টোৰাখনে গৌৰৱৰে নিজৰ যাত্ৰা আগবঢ়াই নিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে।

গুৱাহাটীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মাণ্ডলিক সন্মিলন আৰম্ভ

উত্তৰ-পূব অঞ্চলৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ সকলো মিডিয়া সঞ্চালকালয়ৰ অংশগ্ৰহণেৰে গুৱাহাটীত আৰম্ভ হ’ল  উত্তৰ-পূব মাণ্ডলিক সন্মিলন । তিনিদিনীয়াকৈ আয়োজিত এই সন্মিলনত  যোগাযোগ আৰু প্ৰচাৰ কাৰ্যকলাপৰ বিভিন্ন দিশৰ লগতে বিত্তীয় তথা প্ৰশাসনিক বিষয়সমূহ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান  শ্ৰী কে সতীশ নামবুদিৰিপদে  পৰ্যালোচনা কৰিব। উদ্বোধনী অধিৱেশনত ভাষণ দি শ্ৰী নামবুদিৰিপাদে কয়  যে এই সন্মিলনে ধাৰণাৰ বিনিময় আৰু পাৰস্পৰিক বুজাবুজিৰ বাবে এক মঞ্চ প্ৰদান কৰিব,  যি উত্তৰ-পূব অঞ্চলৰ বিভিন্ন ক্ষেত্ৰ গোটৰ ক্ষেত্ৰত  মসৃণ কাৰ্যকৰীতা নিশ্চিত কৰিব।

সন্মিলনৰ কাৰ্যসূচীত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নিয়োজিত ভাৰতীয় তথ্য সেৱাৰ বিষয়াসকলে তেওঁলোকৰ নিজ নিজ প্ৰচাৰ কাৰ্যকলাপৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি আলোচনাত  অংশগ্ৰহণ কৰিছে । এই সন্মিলনত অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ প্ৰেছ ইনফৰ্মেছন ব্যুৰোৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। তদুপৰি সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ চেণ্ট্ৰেল ব্যুৰো অব কমিউনিকেছনৰ প্ৰতিনিধিসকলেও  অংশগ্ৰহণ কৰিছে।

নতুন দিল্লীৰ প্ৰেছ  ইনফৰ্মেছন ব্যুৰোৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱ আৰু উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰীমতী জেন নামচুয়েও সন্মিলনত তেওঁলোকৰ নিজা নিজা  অন্তৰ্দৃষ্টি ব্যক্ত  কৰে। এই সমাৱেশে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ৰাজহুৱা তথ্য প্ৰচাৰৰ ক্ষেত্ৰত সমন্বিত প্ৰচেষ্টাৰ গুৰুত্ব বহন কৰিছে।

সামাজিক মাধ্যমৰ যোগে ভাগ্য পৰীক্ষাৰ টিকট বিক্ৰীৰে সৰ্বসাধাৰণ ৰাইজক ঠগ প্ৰবঞ্চনা !

অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন অজুহাত দেখুৱাই নামীদামী উপহাৰ দিয়াৰ নামত ভাগ্য পৰীক্ষাৰ লটাৰী খেল পতাৰ যেন প্ৰতিযোগিতা চলিছে । যি ধৰণে সামাজিক মাধ্যম ব্যৱহাৰ কৰি Online যোগে হকেবিহকে লটাৰী টিকট সমুহ বিক্ৰী কৰি আছে তাত চৰকাৰ প্ৰশাসনে কঠোৰ দৃষ্টি ৰখাৰ প্ৰয়োজন আহি পৰিছে । নহলে সামাজিক মাধ্যমসমুহ সৰ্বসাধাৰণ ৰাইজ ঠগ প্ৰৱঞ্চনাৰ বলি হোৱা মাধ্যম হৈ পৰিব ।

দেখা গৈছে এক অপৰাধী মানসিকতাৰ লোকে বিভিন্ন প্ৰলোভন আকৰ্ষণৰে সৰ্বসাধাৰণ ৰাইজৰ মাজত Online লটাৰী টিকট ক্ৰয় বিক্ৰৰ নামত ঠগ -প্ৰৱঞ্চনাৰ জড়িয়তে অতি সহজলভ্য ধন ঘটাৰ কৌশল অৱলম্বন কৰি আহি । তেনে এক ঠগ প্ৰৱঞ্চনাৰ সৈতে জড়িত কাৰ্যক কৌশলেৰে ধৰা পেলাবলৈ সক্ষম হৈছে অসমীয়া আলোচনী গণকণ্ঠ ৰ সম্পাদক হেমন্ত কলিতাই ।

Online লটাৰী বিক্ৰেতাৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ তুলি আজি গণকণ্ঠ ৰ সম্পাদক হেমন্ত কলিতাই সোণাপুৰ আৰক্ষী থানা গোচৰ দিয়ে । এই ক্ষেত্ৰত লক্ষ্যনীয় বিষয় হব ঠগ প্ৰৱঞ্চনাৰ জাল পেলোৱা তথা ভাগ্য পৰীক্ষাৰ নামত লটাৰী Online যোগে বিক্ৰেতা অপৰাধী চক্ৰৰ বিৰুদ্ধে চৰকাৰ আৰক্ষী প্ৰশাসন কিমান দূৰ সফল হয় সেয়া সময়ে নিশ্চয় কব ।

অবিনাশৰ মৃত্যুয়েই শেষ মৃত্যু হওঁক- ৰিপুণ বৰা

গুৱাহাটী, ১০ জুলাই, ২০২৪:- গুৱাহাটীৰ কৃত্ৰিম বানপানীত অবিনাশ চৰকাৰৰ কৰুণ মৃত্যুৱে সমগ্ৰ অসমকে ম্ৰিয়মান কৰি তুলিছে । পিতৃ-মাতৃৰ বাবে নিজ পুত্ৰক হেৰুৱাৰ বেদনা অতি যন্ত্ৰণাদায়ক । আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সহিতে অসম তৃণমূল কংগ্ৰেছৰ এটা সজাতি দল শোকসন্তপ্ত অবিনাশৰ পৰিয়ালৰ কাষত উপস্থিত হয় আৰু মৃত অবিনাশৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে দুৰ্ভগীয়া পিতৃ-মাতৃক সমবেদনা জ্ঞাপন কৰে।


সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সভাপতি ৰিপুণ বৰাই কয় যে, “এই মৃত্যুয়েই হওক শেষ মৃত্যু। অবিনাশৰ দৰে এটি নিস্পাপ শিশুৰ এনে মৃত্যু সঁচাই অসহনীয়। গুৱাহাটীত এনে ধৰণৰ ঘটনা পূৰ্বতেও সংঘটিত হৈছিল। কিন্তু পূৰ্বৰ ঘটনাৰ পৰা চৰকাৰ বা প্ৰশাসনে কোনো শিক্ষা নললে। ৰাইজৰ সেৱা তথা ৰাইজৰ সমস্যাসমূহ সমাধান কৰা তেওঁলোকৰ দায়িত্ব। কিন্তু অবিনাশৰ মৃত্যুৰ ঘটনাই চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমৰ দ্বায়িত্বহীন আৰু অকৰ্মণ্য চৰিত্ৰক উদঙাই দিলে।


চৰকাৰ তথা গুৱাহাটী পৌৰ নিগম আৰু বিভাগীয় কৰ্তৃপক্ষই এই ঘটনাৰ পৰা শিক্ষা লোৱা উচিত অন্যথা এনেধৰনৰ ঘটনা ভবিষ্যতেও সংঘটিত হৈয়েই থাকিব। আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ মহানগৰৰ মৰণফাণ্ড সদৃশ মুকলি নলা-নৰ্দমা, কৃত্ৰিম বান, ৰাস্তা-ঘাট আদিৰ সমস্যাসমূহৰ শীঘ্ৰেই সমাধান কৰক আৰু মহানগৰবাসীক বিপদমুক্ত কৰক। “

মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গৰে বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

দিছপুৰ, ১০ জুলাই: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গৰে তিনিখনকৈ বৈঠকত অংশগ্ৰহণ কৰে ।

প্ৰথমে মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সদস্যসকল আৰু জনগোষ্ঠীটোৰ প্ৰায়কেইটা জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা বৈঠকখনত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে পৰিষদখনৰ ভৱিষ্যৎ কাৰ্যপ্ৰণালীৰ বিষয়ে আলোচনা কৰে । পৰিষদৰ সমষ্টি নিৰ্দ্ধাৰণ আৰু নিৰ্বাচন বিষয়ত মন্ত্ৰীগৰাকীয়ে সংগঠনসমূহৰ দিহা পৰামৰ্শ গ্ৰহণ কৰে । আনহাতে মটক জনগোষ্ঠীৰ বিভিন্ন সংগঠনসমূহৰ পৰাও সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰীগৰাকীয়ে মটক স্বায়ত্বশাসিত পৰিষদৰ বিভিন্ন বিষয়ত পৰামৰ্শ গ্ৰহণ কৰে । তেওঁলোকৰ সৈতে আলাপ আলোচনাৰ জড়িয়তে পৰিষদখনৰ ভৱিষ্যৎ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

পাছত মন্ত্ৰীগৰাকীয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰো বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিবৰ্গৰে আন এক বৈঠকত মিলিত হয় । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত থকা এই বৈঠকত জনগোষ্ঠীটোয়ে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰাৰ লগতে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সামগ্ৰিক দিশৰ বিষয়ে আলোকপাত কৰা হয় । দল সংগঠনৰ প্ৰতিনিধিবৰ্গৰ পৰা মন্ত্ৰী দুগৰাকীয়ে স্বায়ত্বশাসিত পৰিষদখনৰ পাৰিষদীয় সমষ্টি নিৰ্দ্ধাৰণ আৰু নিৰ্বাচনৰ বিষয়েও দিহা পৰামৰ্শ গ্ৰহণ কৰে ।

নগাঁৱত কলঙৰ বাঢ়নি পানীয়ে ভাঙিলে গড়কাপ্তানী পথ

ব্ৰহ্মপুত্ৰৰ পানী হুৰাহুৰে বৈ আহিছে কলঙৰ বুকুৱেদি, নগাঁৱত কলঙৰ বাঢ়নি পানীয়ে ভাঙিলে গড়কাপ্তানী পথ ।বাঢ়নী পানীয়ে ভগা পথ পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ বিধায়ক ৰূপক শৰ্মাৰ ।

কলিয়াবৰৰ হাতীমূৰাৰ বান্ধ চিঙাৰ পাছত এতিয়া ব্ৰহ্মপুত্ৰৰ পানী কলঙৰ বুকুৱেদি হুৰাহুৰে বৈ অহা পৰিলক্ষিত হৈছে। নগাঁও চহৰৰ মাজমজিয়াৰে বৈ যোৱা কলঙৰ বুকু ইতিমধ্যে উফন্দি উঠিছে।আজি বিয়লি নগাঁও চহৰত কলং নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ৬৩ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে।কলঙৰ বাঢ়নি পানীয়ে ইতিমধ্যে নগাঁও চহৰৰ পানীগাঁও আদৰ্শ গাঁও,শিৱ নগৰ,তেলীয়া গাঁও,ভূঞাপট্টি,ল কলেজ ৰোড,চকীটোপ, ছোট হয়বৰগাঁও,আজাদ নগৰ, নাজিৰা জান,কুমাৰটোপ ,বৈদ্যটুপ প্ৰমুখ্যে বিভিন্ন অঞ্চলৰ বিস্তীৰ্ণ এলেকা প্লাৱিত কৰিছে। তাৰোপৰি শেহতীয়াকৈ চহৰ খনৰ পাৰ্শ্বৱৰ্তী মাজৰাআটি আৰু লাওগাওঁ সংযোগী গড়কাপ্তানী পথটো ভাঙি নিয়ে কলঙৰ বাঢ়নী পানীয়ে ।পথটো চিঙাৰ ফলত কেইবাখনো পথাৰ জলমগ্ন হৈ পৰিছে।


বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰে পাঁচখনকৈ পথাৰৰ ধান খেতি আৰু পুখুৰীৰ মাছৰ। ইপিনে ভগ্ন পথটোৰ পৰিস্থিতি বুজ লবলৈ মাজৰআটিত উপস্থিত হয় নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। বিধায়ক গৰাকীয়ে ভগ্ন পথটো শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

৩ বছৰত ৩৩০ মিলিয়ন ডাউনলোডেৰে নিজৰ সপোন আৰু সমাজখন শক্তিশালী কৰিছে শ্বপচিয়ে…

ধুমুহাৰ গতিৰে মাত্ৰ ৩ বছৰত ৩৩০ মিলিয়ন লোকে শ্বপচিৰ এপ ডাউনলোডৰ আঁৰত নিহিত হৈ আছে সবলীকৰণ আৰু সমাজখন ৰূপান্তৰৰ এক জীৱন্ত গাঁথা। ভাৰতৰ অগ্ৰণী হাইপাৰ- ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম হিচাপে শ্বপচিয়ে অনলাইন শ্বপিঙক নতুন ৰূপ দিয়াই নহয়, লগতে সমগ্ৰ ভাৰততৰ অগণন লোকৰ জীৱন উন্নীত কৰিবলৈ সক্ষম হৈছে। মুঠ ১,৩০০ শিতানত সুলভ মূল্যৰ সামগ্ৰী প্ৰদান কৰি শ্বপচিয়ে ১৯,০০০তকৈ অধিক পিন কোড অঞ্চলত সেৱা আগবঢ়াই আছে আৰু ফ্লিপকাৰ্টৰ বিক্ৰেতাকে ধৰি ১৪  লাখ বিক্ৰেতাৰ এক সমৃদ্ধিশালী সম্প্ৰদায়ক সমৰ্থন জনাই আহিছে, যাৰ বহুজনে ইতিমধ্যে নিজৰ ব্যৱসায়ৰ উত্তৰণ কৰিবলৈ সক্ষম হৈছে।শ্বপচিৰ ব্যৱসায়িক মুৰব্বী প্ৰত্যুষা আগৰৱালে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, শ্বপচিৰ সফলতা আমাৰ গ্ৰাহকসকলৰ আস্থা আৰু বিক্ৰেতাসকলৰ নিষ্ঠাৰে গভীৰভাৱে প্ৰোথিত হৈ আছে। আমি প্ৰতিজন ভাৰতীয়ৰ ঘৰৰ প্ৰয়োজন অনুসৰি মূল্য-আধাৰিত সমাধান প্ৰদান কৰি সকলোৰে জীৱনৰ মান উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শ্বপচিৰ প্ৰভাৱ কেৱল ব্যৱসায়তে সীমাবদ্ধ হয়, আজিৰ তাৰিখত ভাগলপুৰ, বাঁকুৰা, কুৰ্নুল, নগাঁও আৰু ধুলেৰ দৰে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰলৈ নিজৰ বাণিজ্য-সেৱা সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে, য’ত সুলভ মূল্যত মানসম্পন্ন সামগ্ৰী বিচৰা লাখ লাখ লোকৰ বাবে জীৱনৰেখালৈ পৰিণত হৈছে শ্বপচি।

গুৱাহাটীত শ্বপচিয়ে স্থানীয় বিক্ৰেতাসকলৰ বাবে প্ৰতিযোগিতামূলক বজাৰৰ পৰিৱেশত উজলি উঠাৰ সুবৰ্ণ সুযোগ প্ৰদান কৰি অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে।গ্ৰেণ্ড শ্বপচি মেলা আৰু এণ্ড অৱ ছিজন চেলৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে শ্বপচিয়ে কেৱল গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰাই নহয়, লগতে বিক্ৰেতাৰ সমৃদ্ধিৰ বাবেও অবিৰতভাৱে সমৰ্থন কৰি আহিছে, ইয়াৰ লগতে নিজৰ প্ৰতিগৰাকী অংশীদাৰৰ মাজত সম্প্ৰদায়ৰ অনুভূতি আৰু সফলতাৰ ক্ষণসমূহো ভাগ-বতৰা কৰে।গুৱাহাটীত মূল্য-আধাৰিত সামগ্ৰী বিচৰা, স্থানীয় বিক্ৰেতাসকলক সৱলীকৰণ কৰিৰ লগতে আৱাসীসকলৰ বাবে বজাৰ অভিজ্ঞতা সমৃদ্ধ কৰা ব্যৱসায়ীসকলৰ বাবে শ্বপচি এক পছন্দৰ বিকল্প হিচাপে অন্তৰ্ভুক্ত হৈছে।

মোদী-পুটিনৰ আলিংগনত অসন্তুষ্ট ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি…

ৰাছিয়াৰ ৰাষ্ট্ৰপতিক বন্ধুত্বৰ আলিংগন কৰাৰ পিচতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ৰোষত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক ‘শান্তি প্ৰতিষ্ঠাত মোক্ষম আঘাত’ বুলি অভিহিত কৰিছে ভলোডিমিৰ জেলেনস্কিয়ে৷উল্লেখ্য যে সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মস্কোৰ এটা ঘৰত সাক্ষাৎ কৰ৷ উক্ত সাক্ষাতত দুয়োগৰাকী নেতাই আলিংগন কৰা দেখা গৈছিল৷ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যম এক্স-ত এই সন্দৰ্ভত এটা পোষ্ট কৰে৷ তেওঁ কয় যে সেইটো দিনতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰে, যিটো দিনত ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভস্থিত এখন শিশু চিকিৎসালয়ত ৰাছিয়াই মিছাইল আক্ৰমণ কৰে৷ এই আক্ৰমণৰ ফলত তিনিটা শিশুসহ ৩৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ গৰাকী লোক আহত হয়৷ ইউক্ৰেইনৰ নেতাগৰাকীয়ে কয়, ‘‘ ৰাছিয়াৰ নিৰ্মম মিছাইল আক্ৰমণৰ ফলত আজি ইউক্ৰেইনত ৩৭ জন লোক নিহত হয়৷ যাৰ ভিতৰত তিনিটা শিশুও আছে৷ ১৭০ গৰাকী লোক আহত হয়, যাৰ ভিতৰত ১৩ টা শিশু আছে৷ ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ শিশু চিকিৎসালয়খনত থকা কৰ্কট ৰোগীসকলক লক্ষ্য কৰি ৰাছিয়াই মিছাইল আক্ৰমণ কৰে৷ ফলত সকলো ধ্বংসস্তূপত পৰিণত হয়৷

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ নেতাজনে এই দিনটোতে মস্কোত বিশ্বৰ আটাইতকৈ ডাঙৰ অপৰাধীক আলিংগন কৰাটো এক ডাঙৰ হতাশা আৰু শান্তি প্ৰচেষ্টাৰ ক্ষেত্ৰত বিধ্বংসী আঘাত৷’’আনহাতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও মোদীৰ ৰাছিয়া ভ্ৰমণক সমালোচনা কৰে৷ ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ চলাই থকা সময়তে পুটিনক সাক্ষাৎ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰা দেখা যায় কংগ্ৰেছ নেতাগৰাকীয়ে৷এক্সৰ জৰিয়তে জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীক স্বঘোষিত বিশ্বগুৰু আখ্যা দিয়ে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজকে বিশ্ববন্ধু উপাধিও দিছিল বুলি উল্লেখ কৰি জয়ৰাম ৰমেশে কয় যে ইউক্ৰেইনৰ এখন শিশু চিকিৎসালয়ত বোমা বিস্ফোৰণ হোৱাৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী মস্কোত আছে৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ কথা কোৱাটো এতিয়া কি হ’ল বুলি প্ৰশ্ন কৰে জয়ৰাম ৰমেশে৷উল্লেখ্য যে ২০২২ চনত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মস্কো ভ্ৰমণ কৰে সোমবাৰে৷ ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষৰ সমাধানৰ বাবে আলোচনা কৰি শান্তি ঘূৰাই অনাৰ পোষকতা কৰি আহিছে৷