মাছ ধৰিবলৈ যোৱাই কাল হ’ল দেৰগাঁৱৰ বংশী ৰবিদাসৰ…

ৰাজ্যত বান বিভীষিকাৰ মাজতে দেৰগাঁৱত শোকাৱহ ঘটনা। মাছ ধৰিবলৈ যোৱাই কাল হ’ল এজন যুৱকৰ। ব্ৰহ্মপুত্ৰ অঞ্চলৰ সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ। মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈ আছিল বংশী ৰবিদাস নামৰ ৩০ বছৰীয়া যুৱকজন। ব্ৰহ্মপুত্ৰ অঞ্চলৰ ২ নং খকন্দগুৰিত শোকাবহ ঘটনা।

নিশা বংশী ৰবিদাস নামৰ যুৱকজন উজানৰ মাছ ধৰিবলৈ গৈছিল পুঙনি জানত।মাছ ধৰিবলৈ গৈ নিশা ঘৰলৈ উভটি নগ’ল বংশী ৰবিদাস।বুধবাৰে বিয়লি ভাগত পুঙনি জানত উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহ। SDRFয়ে উদ্ধাৰ কৰে যুৱক জনৰ মৃতদেহ।

Related Articles