Home Blog Page 727

বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ..

বহি ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ৷

তামিলনাডুত মৃত্যু কাকপথাৰ ২ নং চেলেংগুৰিৰ তুলসী হাজৰিকা আৰু অনু হাজৰিকাৰ পুত্ৰ মানৱ হাজৰিকাৰ৷

কৰ্মসূত্ৰে যুৱক জনে বাস কৰিছিল তামিলনাডুত৷

ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল যুৱকজন৷

কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ৷

যুৱক জনৰ মৃতদেহ কাকপথাৰস্থিত নিজ গৃহলৈ উভতাই অনাত সহায় কৰিবলৈ জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসনৰ লগতে মূখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে৷

মৃত মানৱ হাজৰিকাই পত্নীসহ দুই কনমানি সন্তান এই সংসাৰত এৰি থৈ গৈছে৷

কৰ্মৰত কোম্পানীক পৰিয়ালৰ লগতে দুই সন্তানৰ ভৰণপোষণৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান৷

মাৰ্ঘেৰিটাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ…

আজি বিষ্ণু ৰাভা দিৱস। কলাগুৰুৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত সমগ্ৰ ৰাজ্য। প্ৰতি বছৰে সমগ্ৰ ৰাজ্যজুৰি ২০ জুনৰ দিনটো বিষ্ণু প্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰা হয়।অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলাৰ উদ্যোগত আৰু বৰগোলাই শাখা সাহিত্য সভা আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে মাৰ্ঘেৰিটাৰ বৰগোলাইত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। বিষ্ণু ৰাভা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন আৰু বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

ইয়াৰ পিছতে দিনৰ ১ বজাত মাৰ্ঘেৰিটাৰ বৰগোলাইস্থিত আদৰ্শ হিন্দী মধ্য ইংৰাজী বিদ্যালয়ত মুকলি সভা অনুষ্ঠিত কৰা হয়।মুকলি সভাৰ আৰম্ভণিতে স্থানীয় শিল্পীসকলে চিৰ চেনেহী মোৰ ভাষা জননী গীতটি পৰিৱেশন কৰে। মুকলি সভাৰ আঁতধৰে বৰগোলাই শাখা সাহিত্য সভা সাধাৰণ সম্পাদক সমীৰণ বৰঠাকুৰে। মুকলি সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভা তিনিচুকীয়া জিলা সভাপতি মোহন মৰাণে। মুখ্য অতিথিৰ উপস্থিত থাকে অসমৰ বিশিষ্ট সাহিত্যিক ড০ জগদীশ পাটগিৰি। জগদীশ পাটগিৰিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টি ৰাজি সম্পৰ্কে বিস্তৃত ভাৱে আলোকপাত কৰে। মুকলি সভা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে তিনিচুকীয়া জিলাৰ উপঃসভাপতি দীপেন কুমাৰ বড়াই। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি সাহিত্যিক তথা উপন্যাসীক ড০ ৰঞ্জিত কুমাৰ দত্ত। মুকলি সভাতে ইলা বৰা শইকীয়াৰ দুখনি কাব্য গ্ৰন্থ উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলা সাহিত্য সভা বহু সংখ্যক কৰ্মকতা তথা জিলাখনৰ অন্তৰ্গত বহু কেইখন শাখা সাহিত্য সভাৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজ মুকলি সভাত উপস্থিত থাকে।

ফল-মূল খোৱাৰ সময়ত এই ভুল নকৰিবঃ নিমখ, মছলা ফলৰ বাবে একেবাৰে উপকাৰী নহয়…

বহুতে ফলমূলত নিমখ দি খায়। আনহাতে বজাৰত কিছুমান মছলা পোৱা যায় যিবোৰ মানুহে ফলমূলত লগাই খায়। এনে কাৰ্যই আপোনাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। কাৰণ ফল-মূলত নিমখ দি খালে ইয়াৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে আৰু ইয়াৰ লগে লগে তাত থকা পুষ্টিকৰ উপাদানবোৰ হেৰাই যাবলৈ আৰম্ভ কৰে। যদি ফলমূলত পুষ্টিকৰ উপাদান নাথাকে, তেন্তে সেইবোৰ খাই কি লাভ-

ৰাতিপুৱা সাৰ পালে প্ৰথমে পানী খাব লাগে আৰু তাৰ পিছত ফলমূল খাব লাগে। দুপৰীয়াও ফলমূল খাব পাৰে কিন্তু খাদ্য খোৱাৰ আগতে বা পিছত নহয়। বহুতে গাখীৰৰ লগত ফল খায়, এই কামটো কৰিব নালাগে আৰু লগতে ফল খোৱাৰ পিছত পানীও খাব নালাগে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে নিমখৰ সৈতে ফল খালে শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়।

গোটেই দিনটো আমি বহুতো বস্তু খাই থাকোঁ যিবোৰত নিমখ থাকে, যেতিয়া আমি ফলৰ ওপৰতো নিমখ দিওঁ, তেতিয়া শৰীৰত বেয়া প্ৰভাৱ পৰে। এই প্ৰভাৱ তৎক্ষণাত দেখা নাযায় যদিও লাহে লাহে দেখা যায়।

ফলমূলত বহুতো পুষ্টিকৰ উপাদান থাকে, ফলৰ ওপৰত যদি নিমখ দিয়া হয় তেন্তে ফলবোৰত ছডিয়াম যোগ কৰা হয় যিটো ফলবোৰৰ একেবাৰেই প্ৰয়োজন নহয়। এনে কৰিলে আপোনাৰ বৃক্কত বেয়া প্ৰভাৱ পৰে।

শ্বুটিঙৰ সময়ত জীৱ-জন্তু আৰু প্ৰকৃতিৰ শান্তিৰ বিষয়টোত অগ্ৰাধিকাৰ দিয়া উচিতঃ অষ্টাদশ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আলফন্স ৰয়…

সম্প্ৰতি চলি থকা অষ্টাদশ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰখ্যাত বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাতা তথা চিনেমাটোগ্ৰাফাৰ আলফন্স ৰয়ে কয় যে একো একোটা প্ৰাণীৰ জনপ্ৰিয় অভিব্যক্তিক ছবিত সুন্দৰভাবে প্ৰদৰ্শন কৰাৰ সম্ভাৱনা নিহিত হৈ থাকে। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “অন্বেষণৰ বিশেষ ক্ষেত্ৰঃ ভাৰতীয় বন্যপ্ৰাণী সম্পৰ্কীয় তথ্যচিত্ৰ আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰচেষ্টা” শীৰ্ষক মাষ্টাৰ ক্লাছ পৰিচালনা কৰি বিশিষ্ট বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাতা তথা চিনেমাটোগ্ৰাফাৰগৰাকীয়ে এনেদৰে কয়। এই মাষ্টাৰ ক্লাছত বন্যপ্ৰাণী সংৰক্ষণৰ পদক্ষেপ আৰু ভাৰতীয় বন্যপ্ৰাণীকলৈ তথ্যচিত্ৰ নিৰ্মাণৰ জটিলতাসমূহৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা হয়। আলফন্স ৰয়ে লগতে কয় যে টেলিভিছনৰ প্ৰযোজকসকলে চৰাই বা আন সৰু প্ৰজাতিৰ প্ৰাণীতকৈ বাঘ, সিংহ অথবা নীলা তিমি আদিৰ দৰে প্ৰাণীৰ প্ৰতিহে অধিক আগ্ৰহ দেখুৱায়। তেওঁ লগতে কয় যে জন্তু এবিধৰ অভিব্যক্তি আৰু জনমানসত তেনে প্ৰাণীৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি বন্যপ্ৰাণীৰ ছবিত কিছুমান নিৰ্দিষ্ট স্তৰ এতিয়াও বিদ্যমান হৈ আছে।

ৰয়ে এইক্ষেত্ৰত উচ্চাকাংক্ষী বন্যপ্ৰাণী চলচ্চিত্ৰ নিৰ্মাতাসকলক এইবুলি পৰামৰ্শ দিয়ে যে এই ক্ষেত্ৰত আবেগ সৰ্বোচ্চতাক অধিক গুৰুত্ব দি অহা হৈছে। তেওঁ কয় যে বন্যপ্ৰাণীৰ চলচ্চিত্ৰ নিৰ্মাণৰ কথা শিকিব পৰাকৈ কোনো এক নিৰ্দিষ্ট স্থান নাই।ইয়াৰ বাবে বন্যপ্ৰাণীৰ প্ৰতি আন্তৰিক আকৰ্ষণৰ প্ৰয়োজন। তেওঁ লগতে কয় যে বন্যপ্ৰাণীৰ বিষয়ে অধ্যয়ন কৰি ছবি নিৰ্মাণ কৰিব পৰাকৈ ভাৰতৰ জৈৱ-বৈচিত্ৰ্য অতি চহকী। তেওঁ নৈতিকতাৰবিষয়ত ভিত্তি কৰি চলচ্চিত্ৰ নিৰ্মাণৰ কথাতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বন্যপ্ৰাণী বিষয়ক ছবি এখনৰ শ্বুটিঙৰ সময়ত ছবিৰ বিষয়বস্তু আৰু প্ৰকৃতিৰ শান্তি তথা সুৰক্ষাৰ বিষয়ত সদায় অগ্ৰাধিকাৰ ল’ব লাগে । তেওঁ এইবুলি ব্যাখ্যা কৰে যে আমি জীৱ-জন্তুবোৰে গম নোপোৱাকৈয়ে অবিক্ষিপ্ত ভিজুৱেল গ্ৰহণ কৰিব লাগিব। তেওঁ লগতে এই বিষয়টোকো সমালোচনা কৰে যে ২৪X৭ বন্যপ্ৰাণী চেনেলৰ যুগতো বহু পৰিস্থিতিত বন্যপ্ৰাণীক অশান্তি নিদিয়াকৈ দৃশ্যগ্ৰহণ কৰাৰ বিষয়ত যি নৈতিকতাই আগস্থান পাব লাগিছিল সেয়া হোৱা নাই। বন্যপ্ৰাণীক অশান্তি নিদিয়াকৈ দৃশ্যগ্ৰহণ কৰাৰ বিষয়টো এতিয়াও গৌণ হৈয়েই আছে বুলি তেওঁ কয়।

বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাণৰ বিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি ৰয়ে কয় যে ডিজিটেল প্ৰযুক্তিৰ প্ৰভাৱক আমি এই ক্ষেত্ৰত স্বীকাৰ কৰি ল’ব লাগিব। ডিজিটেল প্ৰযুক্তিৰ বাবেই এতিয়া মোবাইল ফোনৰ কেমেৰাতো বন্যপ্ৰাণীক ধৰি ৰখাটো সহজ হৈ পৰিছে। অৱশ্যে আজিৰ দিনত পেছাদাৰী বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাণৰ লগত জড়িতসকলে কৰিবলগীয়া উচ্চ খৰচৰ বিষয়টোঁও তেওঁ আঙুলিয়াই দিয়ে। ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণৰ বৰ্তমানৰ অৱস্থাক লৈ ৰয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে মানুহৰ বৰ্ধিত জনসংখ্যা আৰু ভূমিৰ সংকোচনে সঘনাই মানুহ আৰু বন্য প্ৰাণীৰ সংঘাতৰ সূচনা কৰি আহিছে। তেওঁ মন্তব্য কৰে যে আমি আফ্ৰিকাৰ বন্যপ্ৰাণী ব্যৱস্থাপনাৰ পদ্ধতিৰ পৰা কিছু কথা শিকিব পাৰো। আফ্ৰিকাৰ বন্যপ্ৰাণী ব্যৱস্থাপনাত পশুৰ জাকক প্ৰয়োজনত নিৰ্বাচিতভাৱে হত্যা কৰাৰ অনুমতি দিয়ে, যদিও ভাৰতত এনে পদ্ধতি ৰূপায়ণ কৰাটো এক প্ৰত্যাহ্বানজনক কাম হৈ আছে। ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ সৈতে নিজকে বিলীন কৰি দিবলৈ উৎসাহিত কৰি ৰয়ে তেওঁলোকক বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটি বা মাদ্ৰাজ নেচাৰেল ছায়েন্স ছ’চাইটিৰ দৰে প্ৰকৃতি ক্লাব আৰু তেনে সংস্থাত যোগদান কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে অৰণ্যৰ সৈতে জড়িত বিষয়ৰ শিল্পৰ প্ৰতি আগ্ৰহী হ’বলৈ আৰু আৰু জনজাতীয় লোকসকলৰ জ্ঞানৰ পৰা প্ৰেৰণা গ্ৰহণ কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাণত কাল্পনিক বিষয়বস্তু অন্তৰ্ভুক্ত কৰাৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত ৰয়ে কয় যে তেওঁ অধিক হাৰত বন্যপ্ৰাণীক মূলসুঁতিৰ চিনেমালৈ অনাৰ বাবে এখন চিত্ৰনাট্যৰ কাম কৰি আছে। তেওঁ কয় যে অ’টিটি প্লেটফৰ্মৰ সহায়ত ডাঙৰ তথা বিখ্যাত তাৰকাৰ ওপৰত ভৰসা নকৰাকৈয়ো বন্যপ্ৰাণীসমূহক ছবিত উজলাই তোলাৰ অপৰিসীম সুযোগ আছে।

ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰি ৰয়ে প্ৰথমবাৰৰ বাবে বাঘৰ চিত্ৰগ্ৰহণৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ কথা কয়। “আমি গছৰ ওপৰত উঠি গছৰ ডালত বহিবলৈ চেষ্টা কৰিছিলো, তাৰ পিছত জাইৰ’ ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰিছিলো, কিন্তু সেইবোৰৰ শব্দই বাঘবোৰক বিচলিত কৰিছিল। অৱশেষত আমি বাঁহেৰে ১৪ ফুট উচ্চতাৰ এটা অস্থায়ী ট্ৰাইপড নিৰ্মাণ কৰিছিলো।”কম পৰিচিত প্ৰজাতিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাত ছ’চিয়েল মিডিয়াৰ শক্তিৰ বিষয়ে আলোকপাত কৰি তেওঁ তেওঁৰ বক্তব্যৰ সামৰণি মাৰে। তেওঁ পৰামৰ্শ দিয়ে যে যদি আপোনাৰ কোনো বন্যপ্ৰাণীৰ প্ৰজাতিৰ বিষয়ে আমোদজনক কাহিনী জনা আছে তেন্তে মোবাইল ফোনৰ সহায়ত সেই বিষয়ে আনকো জনাব পাৰে। এনে কৰিলে বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ জ্ঞান বৃদ্ধিৰ লগতে সজাগতাও বৃদ্ধি পাব। আলফন্স ৰয় হৈছে ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ তামিলনাডুৰ এগৰাকী প্ৰাক্তন ছাত্ৰ।, ফটোগ্ৰাফী বিষয়ৰ সঞ্চালক হিচাপে কাম কৰা ৰয়ৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত আছে ‘গৌৰ হৰি দস্তান’, ‘লাইফ ইজ গুড’ আৰু ‘উৰুমি’ৰ দৰে সৰ্বজন প্ৰশংসিত সৃষ্টি। ৰয়ৰ চিনেমা সম্পৰ্কীয় দৃষ্টিভংগীয়ে তেওঁক আনৰ ওচৰত প্ৰশংসাৰ পাত্ৰ কৰি তুলিছে আৰু ইয়াৰ স্বীকৃতি স্বৰূপে তেওঁ ‘টিবেট দ্য ইণ্ড অৱ টাইম’ (১৯৯৫)ৰ বাবে প্ৰাইম টাইম এমি বঁটা তথা ‘টাইগাৰ কিল’ (২০০৮)ৰ বাবে হুগো টেলিভিছন বঁটাৰ লগতে ‘ আমিৰ’ (২০০৯)ৰ বাবে শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীত ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল।

শিৱসাগৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা…

বুধবাৰে নিশা শিৱসাগৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।। জিলাখনৰ দৰিকাপাৰৰ অৰ্ধনিৰ্মিত চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত ২ জন যুৱকৰ মৃত্যু হোৱাৰ লগতে আহত হয় দুজন। দুৰ্ঘটনাৰ পাছতেই ৪ জন যুৱক আহত হৈছিল যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা পৰশমনি মেছ(২০) আৰু ৰাহুল চাংমাই (২৫) নামৰ যুৱজ দুজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আনহাতে দৰ্পন বৰগোঁহাই(২৪),বিশ্বজিৎ নাথ(২৯)ৰ চিকিৎসা চলি আছে।

জানিব পৰা মতে AS 23 N 2254 নম্বৰৰ চাৰিচকীয়া বাহনখনে মহতিয়াই নিয়ে পৰাশমণি মেচ আৰু ৰাহুলক। ভুল দিশেৰে গৈ যুৱক দুজনক খুন্দা মাৰে বাহনখনে। ঘটনাৰ সময়ত পৰাশমণি আৰু ৰাহুল নামৰ যুৱক দুজন পথৰ কাষত বহি আছিল। তেনে সময়তে তীব্ৰ বেগী বাহনখনে খুন্দা মাৰে দুয়োকে। পৰৱৰ্তী সময়ত পথৰ ডিভাইদাৰত খুন্দা মাৰে বাহনখনে। এই ঘটনাৰ ফলত গাড়ীত বিশ্বজ্যিত আৰু দৰ্পনো আহত হয়।

এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ আগৰ অংশ প্ৰায় ভাঙি যায়। লগে লগে চাৰিওজনে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু তাতেই মৃত্যুক সাৱতি লয় দুই যুৱকে। পথ দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ঘটনাৰ বুজ লয়। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

এইবাৰ অম্বুবাচী মেলাত নাথাকে ভিআইপি পাছৰ ব্যৱস্থা…

এইবাৰ অম্বুবাচী মেলাত নাথাকে ভিআইপি (VIP ) পাছৰ ব্যৱস্থা। অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক জাননী যোগে জাৰি কৰে এই তথ্য।

জাননীত উল্লেখ থকা অনুসৰি অহা ২১ জুনৰ পৰা ৩০ জুনলৈ কামাখ্যা মন্দিৰত প্ৰৱেশ কৰিব পৰা সকলোধৰণৰ ভি আই পি পাছৰ ব্যৱস্থা বাতিল কৰা হৈছে। অম্বুবাচী মেলাৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে প্ৰশাসনে।

বিষাক্ত সুৰাই প্ৰাণ ল’লে ২৯ জনৰ!

বিষাক্ত সুৰাই পুনৰ প্ৰাণ কাঢ়িলে কেইবাজনোলোকৰ। বিষাক্ত সুৰাপান কৰাৰ ফলত ২৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬০ জনৰো অধিকলোক চিকিৎসাধীন হৈ আছে।

তামিলনাডুৰ কল্লাকুৰিচি জিলাত সংঘটিত হৈছে এই ঘটনা। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু গ্ৰেপ্তাৰ কৰে অবৈধ সুৰা প্ৰস্তুত কৰা অভিযুক্তক। আৰক্ষীয়ে অভিযুক্তৰ পৰা প্ৰায় ২০০ লিটাৰ সুৰা জব্দ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে সুৰাত মাৰাত্মক মিথানলৰ উপস্থিতি আছে।

UGC-NET পৰীক্ষাৰ বিসংগতিৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ!

NEET-UCGৰ ফলাফলক লৈ বিতৰ্ক অব্যাহত। 

বিতৰ্কৰ মাজতে NEET-UCGৰ কাউন্সেলিং প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ।

৮ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য।

UGC-NET পৰীক্ষাৰ বিসংগতিৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ।

শীঘ্ৰে ঘোষণা কৰা হ’ব পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ।

এই কথা জনালে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যুটীয়া শিক্ষা সচিব গোবিন্দ জয়ছোৱালৰ।

এই ৫ টা খাদ্য নাখাব দৈনিক, খালে হ’ব বৃক্কৰ ক্ষতি…

ডায়েবেটিছক বৃক্কৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি গণ্য কৰা হয়।আনহাতে কিছুমান খাদ্যইও বৃক্কৰ ক্ষতিৰ কৰে।এনে পৰিস্থিতিত এজন মানুহ সুস্থ হৈ থাকিবলৈ বৃক্ক সুস্থ হোৱাটো অতি প্ৰয়োজনীয়। কিন্তু যদি আপোনাৰ খাদ্যাভ্যাস সঠিক নহয় তেন্তে আপোনাৰ বাবে বৃক্কক ৰোগৰ পৰা ৰক্ষা কৰাটো অতি কঠিন হ’ব পাৰে। আপুনি আপোনাৰ বৃক্ক সুস্থ কৰি ৰাখিবলৈ এই ৫ টা বস্তু খোৱা কমাই দিয়ক-

ভাৰতীয় খাদ্যত নিমখ প্ৰায়ে অতিৰিক্তভাৱে ব্যৱহাৰ কৰা হয়। অধিক পৰিমাণে নিমখ খালে শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে বৃক্কত চাপ পৰিব পাৰে।

ৰঙা মাংস, গাহৰিৰ মাংস আদি মাংসত প্ৰটিনৰ পৰিমাণ বেছি। অত্যধিক প্ৰ’টিন খালে বৃক্কৰ ওপৰত অতিৰিক্ত বোজা পৰিব পাৰে। যদি ইতিমধ্যে আপোনাৰ বৃক্ক সম্পৰ্কীয় কোনো ৰোগ আছে, তেন্তে ৰঙা মাংস একেবাৰেই নাখাব।

পেকেজ কৰা ফলৰ ৰসত প্ৰায়ে অধিক পৰিমাণে চেনি আৰু কৃত্ৰিম মিঠাই থাকে। এনে পৰিস্থিতিত ইয়াৰ অত্যধিক সেৱনৰ বাবে বৃক্কৰ ক্ষতি হোৱাৰ আশংকা থাকে।

অত্যধিক মদ্যপান কৰিলে বৃক্ককে ধৰি শৰীৰৰ বহু অংগৰ ক্ষতি হয়।মদ্যপানে শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি কৰে।

খাদ্যাভ্যাস উন্নত কৰাৰ লগতে প্ৰচুৰ পৰিমাণে পানী খাওক।

মন কি বাত অনুষ্ঠানৰ বাবে জনতাৰ পৰা ধাৰণা বিচাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

৩০ জুনৰ পৰা অল ইণ্ডিয়া ৰেডিঅ’ত সম্প্ৰচাৰিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠান পুনৰ আৰম্ভ হ’ব। তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত তেওঁৰ তৃতীয় কাৰ্যকালৰ প্ৰথমটো মন কি বাত অনুষ্ঠান সম্প্ৰচাৰ কৰিব। মোদীয়ে জনসাধাৰণক মন কি বাতৰ ১১১ সংখ্যক খণ্ডৰ বাবে তেওঁলোকৰ ধাৰণা আৰু ইনপুট সমূহ মাইগভ অপেন ফ’ৰাম, নমো এপত লিখি বা ১৮০০ ১১ ৭৮০০ ত বাৰ্তাটো ৰেকৰ্ড কৰি ভাগ বাটোৱাৰা কৰিবলৈ আহ্বান জনায়।


মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ এটা পোষ্টত কয়:”নিৰ্বাচনৰ বাবে কিছু মাহৰ ব্যৱধানৰ পিছত, #MannKiBaat ঘূৰি আহিছে বুলি জনাবলৈ পাই আনন্দিত হৈছো! এই মাহৰ কাৰ্যসূচী ৩০ জুন, দেওবাৰে অনুষ্ঠিত হ’ব। মই আপোনালোক সকলোকে ইয়াৰ বাবে আপোনালোকৰ ধাৰণা আৰু ইনপুট ভাগ বাটোৱাৰা কৰিবলৈ আহ্বান জনাইছো। মাইগভ অপেন ফ’ৰাম, নমো এপত লিখক বা আপোনাৰ বাৰ্তা ১৮০০ ১১ ৭৮০০ ত প্ৰেৰণ কৰিব পাৰিব।”