Home Blog Page 729

গৰমে দহিছে দিল্লীক! তিনিদিনত ১৫ জনৰো অধিক লোকৰ মৃত্যু, শেহতীয়াকৈ হিটষ্ট্ৰোকত পাঁচজনৰ মৃত্যু…

তীব্ৰ গৰমে দহিছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীক। বতৰ বিজ্ঞান বিভাগৰ মতে দিল্লীত সৰ্বোচ্চ উষ্ণতা ৫১ ডিগ্ৰী চেলছিয়াছৰ দৰে “অনুভৱ” হৈছে। ইয়াৰ লগে লগে ৰাম মনোহৰ লোহিয়া হাস্পতালত গৰমৰ ফলত ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিদিনত কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। মৃত্যু ঘটা বেছিভাগেই দৈনিক মজুৰি কৰা শ্ৰমিক। বহু লোকে এতিয়া ভেণ্টিলেটৰৰ জীৱনৰ বাবে যুঁজি আছে। আৰ এম এল হাস্পতালৰ অধীক্ষক ডাঃ অজয় ​​শুক্লাৰ মতে মঙলবাৰে হিট ষ্ট্ৰ’কত আক্ৰান্ত হোৱা ১১ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কালিৰে পৰা কমেও ৪৫ জন লোকক ভৰ্তি কৰোৱা হৈছে।

বিষয়াগৰাকীয়ে কয় যে, “মুঠ ২২জন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ৫জন ৰোগীয়ে সন্দেহযুক্ত হিটষ্ট্ৰ’কৰ বাবে প্ৰাণ হেৰুৱাইছে। ১২জন ৰোগী ভেণ্টিলেটৰত আছে আৰু তেওঁলোকৰ অৱস্থাও সংকটজনক হৈ আছে। অধিকাংশ ৰোগীয়েই হৈছে শ্ৰমিক।” . তেওঁ লগতে কয় যে মৃত্যুৰ মূল কাৰণ হ’ল চিকিৎসালয়ত উপস্থিত হোৱাত পলম হোৱা।

মৰিগাঁৱতো বিশ্ব চিকল চেল সজাগতা দিৱস পালন

ৰাজ্য অন্যান্য জিলাৰ লগতে মৰিগাঁও জিলাতো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত “বিশ্ব চিকল চেল সজাগতা দিৱস” উদযাপন কৰা হয়। জিলাখনৰ প্ৰতিখন চিকিৎসালয়ত আৰু প্ৰতিখন আয়ুষ্মান আৰোগ্য মন্দিৰত চিকল চেল সন্দৰ্ভত সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয়। তদপুৰি “বিশ্ব চিকল চেল সজাগতা দিৱসৰ লগত সংগতি ৰাখি শিলচাং পঞ্চায়ত ভৱন প্ৰাংগনত এক বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

শিবিৰ খনিত শতাধিক লোকৰ চিকল চেল পৰীক্ষা কৰোৱাৰ লগতে ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টি কৰা হয়।
ইপিনে মৰিগাঁও নগৰত আজি ২য় খন নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ মুকলি কৰা হয়। মৰিগাঁও স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা:অৰুন কুমাৰ নাথ, অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা:তপন কুমাৰ শইকীয়া, ডি পি এম জুফিন চুলতানাৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাগৰাকী জিলা পৰ্য্যায়ৰ বিষয়াৰ উপস্থিতিত এক মাংগলিক কাৰ্যসূচীৰ জৰিয়তে আয়ুষ্মান আৰোগ্য মন্দিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই আয়ুষ্মান আৰোগ্য মন্দিৰখনৰ জৰিয়তে নগৰীয়া লোক সকলে প্ৰাথমিক স্বাস্থ্য সেৱা লাভ কৰি উপকৃত হ’ব।
খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

চামগুৰিত কৃৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা বিধায়ক জিতু গোস্বামীৰ

ৰকিবুল হুছেইনে চামগুৰি সমষ্টিটো নিজৰ পৈতিক সম্পত্তি বুলি ভাবিছে। পিতৃৰ পিছত তেওঁ আৰু এতিয়া তেওঁ সাংসদ হোৱাৰ পিছত তেওঁৰ পুত্ৰক সমষ্টিটো প্ৰক্ষেপ কৰাৰ চিন্তা কৰিছে। এই মন্তব্য বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ।আজি পূৰ্বৰ চামগুৰি সমষ্টি আৰু বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ অধীনলৈ অহা সুতাৰ গাঁও পঞ্চায়তত কৃতি ছাত্ৰ ছাত্ৰীক ঘৰে ঘৰে শুভেচ্ছা জনাবলৈ আহি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধায়ক গোস্বামীয়ে আৰু কয় চামগুৰিত কংগ্ৰেছ দলে আৰু প্ৰাৰ্থী নাপালে নেকি ।

উল্লেখযোগ্য যে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন ধুবুৰীৰ সাংসদ হিছাপে নিৰ্বাচিত হোৱাৰ পিছত চামগুৰিত বিধান সভা আসনখন খালি হোৱাত এই আসনখন যাতে কংগ্ৰেছৰ হাততে থাকে তাৰ বাবে পূৰ্বৰ বিধায়ক ৰকিবুল হুছেইনে তৎপৰতা অব্যাহত ৰখাৰ লগতে নিজৰ পুত্ৰক সমষ্টিটোৰ পৰা প্ৰক্ষেপ কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে।তেনে সময়তে আজি বিধায়ক জিতু গোস্বামীয়ে চামগুৰি সমষ্টিটোৰ সম্পৰ্কে এনেদৰে মন্তব্য কৰাৰ উপৰিও কয় আমি চৰকাৰত থকা বিধায়ক।বিধায়ক পূজি চামগুৰিত দিব নোৱাৰো যদিও চামগুৰি উন্নয়নৰ কাৰে মুখ্যমন্ত্ৰীৰ আচুতীয়া পূজি আৰু পঞ্চদশ বিত্তীয় পূজিৰ অধীনত চামগুৰিৰ এটা ভৱনলৈ পাঁচ লাখ টকা দিব পাৰিছো।ৰকিবুল হুছেইন বিধায়ক আছিল যদিও তেওঁ বিধায়ক পূজিৰ বাহিৰে আন একো দিব পৰা নাছিল।

কিন্তু মুখ্যমন্ত্ৰীৰ হাতত বহুত ধৰণৰ পূজি আছে সেই কাৰণে আমি দিব পাৰিছো।তেওঁ যদি বৰ্তমান সময়ত চামগুৰি বাসীৰ বাবে কাম কৰিলে হয় তেনেহলে ৰাইজে আমাক নিবিচাৰিলে হয় বুলি মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে।ইফালে প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন সাংসদ হিছাপে নিৰ্বাচিত হোৱাৰ পিছত চামগুৰিত ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ সময়লৈ কোন বিধায়ক হিছাপে নিৰ্বাচিত হয় সেইটো লৈ এতিয়াও কোনো ধৰণৰ নিৰ্বাচনী বতাহ বলা নাই যদিও অগপৰ কৰ্মী সকলে সমষ্টিটোত এজন প্ৰৰ্থী দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ উপৰিও বিজেপিৰ কৰ্মী সকলে বিজেপিৰ এজনক প্ৰাৰ্থী হিছাপে পোৱাটো বিছাৰিছে যদিও উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতহে গম পোৱা যাব চামগুৰিৰ আসনখন বিজেপি মিত্ৰজোটে বিজেপিৰ হাতত ৰাখেনে নাই অগপক এৰি দিয়ে।

নীট কেলেংকাৰিৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আপৰ

মেডিকেল নামভৰ্তিৰ পৰীক্ষাত সংঘটিত কেলেংকাৰিৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিয়ে সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিস্থিত আপ অসমৰ কাৰ্যালয়ৰ সন্মুখতো বহুসংখ্যক আপৰ নেতা কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। এই বৃহৎ কেলেংকাৰিত হাৰিয়ানাৰ এগৰাকী বিজেপি নেতাৰ নাম জড়িত হৈ পৰিছে। বিজেপি নেতাৰ পত্নীৰ মালিকানাধীন বিদ্যালয়ত থকা পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছিল অনিয়ম।

শীৰ্ষস্থান প্ৰাপ্ত ৬ পৰীক্ষাৰ্থীৰ সৈতে বিজেপি নেতাৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে আপে। গুৱাহাটীত আজি আপৰ প্ৰতিবাদী কাৰ্যসূচীত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই বৃহৎ অনিয়মৰ শীঘ্ৰে তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।

উচ্চ শিক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা মেধাৱী ছাত্ৰ ছাত্ৰী সকলৰ যাতে শৈক্ষিক জীৱন বিনষ্ট নহয় সেই ক্ষেত্ৰত চৰকাৰক উচিত পদক্ষেপ লবলৈ চৌধুৰীয়ে আহ্বান জনায়। প্ৰতিবাদী কাৰ্যসূচীত আপৰ বহুকেইগৰাকী ৰাজ্যিক নেতাৰ উপৰি গুৱাহাটী মহানগৰ কমিটিৰ নেতৃবৃন্দয়ো অংশগ্ৰহণ কৰে।

বিশেষভাৱে সক্ষম যুৱক বিভূতিভূষণ নতুন প্ৰজন্মৰ আদৰ্শ

ঘৰতে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নিজৰ লগতে আনকো সংস্থাপিত কৰিছে

দুয়োখন ভৰি জন্মৰ পৰাই সুস্থ সৱল নাছিল ,ল’ৰাজনৰ ৷ তথাপিওঁ , ল’ৰাজনে স্বচ্ছন্দে জীয়াই থাকিবলৈ, নিচেই সৰুৰে পৰাই দেখিছিল দুৰ্বাৰ সপোন ৷ আশ্ৰয়হীন ভাৱে এখোজো কাঢ়িব নোৱাৰা ল’ৰাজনে আন দহজন সাধাৰণ মানুহৰ দৰেই কৰিছিল কৰ্মময় জীৱন সংগ্ৰাম ৷ বিশেষভাৱে সক্ষম এই ল’ৰাজনৰ নাম বিভূতিভূষণ বৰুৱা ৷ উঠি অহা নৱ প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ এই ল’ৰাজনে প্ৰৱল ইচ্ছা শক্তি আৰু মাতৃৰ সহযোগত অব্যাহত ৰাখিছিল জীৱনৰ কঠোৰ সংগ্ৰাম ৷ বঢ়মপুৰ হাজৰিকাচুক নিবাসী গজেন্দ্ৰ বৰুৱা আৰু অনিমা হাজৰিকাৰ জেষ্ঠ পুত্ৰ , বিশেষভাৱে সক্ষম এই দৃঢ়মনা যুৱকজনে ২০০৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ২০১০ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ।

সমান্তৰালভাৱে গ্ৰহণ কৰিছিল কম্পিউটাৰ শিক্ষা ৷ হঠাতে এদিন বাতৰি কাকতত মমবাতি আৰু ধূপকাঠি নিৰ্মাণ সন্দৰ্ভত সৱিশেষ তথ্যৰ সম্ভেদ পাই তেওঁ কুটিৰ শিল্পৰ উদ্যোগ এটি গঢ়ি তুলিবলৈ মন মেলিলে ৷ আৰ্থিক সংকটৰ মাজতো পিতৃ-মাতৃৰ সহযোগত ঘৰতে এটি কম্পিউটাৰ চেন্টাৰৰ লগতে শিখা কেণ্ডেল আৰু সুগন্ধি উদ্যোগ নামেৰে দুটি উদ্যোগ গঢ়ি তুলিলে ৷ উন্নতমানৰ ধূপ আৰু মম নিৰ্মানত মনোনিৱেশ কৰি প্ৰথমাৱস্থাত যথেষ্ট পৰিমাণে লাভাম্বিত হৈছিল যুৱকজন ৷ স্থানীয় দুই এগৰাকী যুৱক-যুৱতীকো কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছিল ৷ হঠাতে এদিন বিভূতিভূষণৰ কুটিৰ শিল্পৰ উদ্যোগটি আৰু কম্পিউটাৰ চেন্টাৰটো ভয়াৱহ ক’ভিড পৰিস্থিতিৰ সময়চোৱাত বন্ধ হৈ পৰে ৷ অভাৱনীয়ভাৱে নামি আহিল দুৰ্যোগ। বৰ্তমানে বিশেষভাৱে সক্ষম এই যুৱকজনে আৰ্থিক সংকটত ভূগিব লগা হৈছে ; যাৰবাবে কেইবাটাও পৰিয়াললৈকো নামি আহিছে সীমাহীন দুৰ্যোগ ৷ এই ক্ষেত্ৰত যুৱকজনে বঢ়মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক জিতু গোস্বামীৰ প্ৰত্যক্ষ সহায়-সহযোগিতা বিনম্ৰতাৰে কামনা কৰিছে ৷ আৰ্থিক অনাতনৰ ফলত শিল্পালয়খন পুনৰ উজ্জীৱিত কৰিবলৈ সক্ষম নোহোৱাত বিভূতিভূষণ মানসিকভাৱেও ভাঙি পৰিছে ৷ বিভূতিভূষণৰ মাতৃ অনিমা হাজৰিকাই স্থানীয় বিধায়ক গৰাকীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে যেন পুত্ৰক অকনমান দয়াৰ দৃষ্টিৰে চাই ৷ লগতে ৰাজ্যৰ অন্যান্য বিশেষভাৱে সক্ষম যুৱক-যুৱতী সকলেও যেন জীয়াই থকাৰ নূন্যতম সুবিধাকন পায় ৷

উল্লেখযোগ্য যে যিটো সময়ত অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে চৰকাৰী কৰ্মসংস্থাপনৰ আশত হাহাকাৰ কৰি ফুৰিছে অথবা চৰকাৰী কৰ্মসংস্থাপন বিছাৰি থাকোতে জীৱনৰ আধা বয়স পাৰ হৈছে সেই সময়ত নিবনুৱাৰ বাবে আদৰ্শৰ প্ৰতীক হিছাপে চিহ্নিত হৈছে বঢ়মপুৰ হাজৰিকা চুকৰ এই শাৰিৰীক ভাৱে অক্ষম শিক্ষিত যুৱকজন।চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বিশেষ সুবিধা থকাৰ পাছতো চৰকাৰী চাকৰিলৈ আশা নকৰি ঘৰতে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নিজে সংস্থাপিত হোৱাৰ লগতে আনকো সংস্থাপিত কৰিবলৈ কৰা প্ৰয়াসে বঢ়মপুৰলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।

কৰিমগঞ্জত নিশা ভয়ংকৰ ভূমিস্খলনত একেটা পৰিয়ালৰ ৫ জন লোকৰ মৃত্যু

দৈনন্দিন বাৰ্তাৰ সেৱা,শিলচৰ,১৯ জুন : কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । নিশা ভয়ংকৰ ভূমিস্খলনত একেটা পৰিয়ালৰ ৫ জন লোকৰ মৃত্যু হৈছে। মঙলবাৰে নিশা প্ৰায় ১২টা৩০ মিনিট‌ বজাত বদৰপুৰৰ এংলাৰবজাৰ বেণ্ডাৰগোল গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ভূমিস্খলনত শিশু সহ একেটা পৰিয়ালৰ পাচ জন লোকৰ কৰুণ মৃত্যু হয়।


জানিব পৰা মতে, নিশা ঘৰৰ কাষৰ পাহাৰ হঠাৎ ভাঙি ঘৰৰ ওপৰত বাগৰি পৰাত পাঁচজন লোকৰ মৃত্যু হয়। ভূমিস্খলন হোৱাৰ ফলত সমগ্ৰ ঘৰটো ভাঙি পৰে। খবৰ পাই লগে লগে ওচৰ-চুবুৰীয়াই আহি মাটিৰ তলৰ পৰা মৃতদেহ উদ্ধাৰ কৰে।


ভূমিস্খলনত প্ৰাণ হেৰুৱায় ৰহিমুন নেছা (৫৫), সাহিদা খানম (১৮), জাহিদা খানম (১৬), হামিদা খানম (১১) আৰু মেহদি হাছান (৩)। নিহত হোৱা কেইগৰাকী হৈছে আব্দুল কৰিমৰ পত্নী ৰহিমুন নেছা,কন্যা সাহিদা, জাহিদা আৰু হামিদা। তদুপৰি মেহদী হ’ল একমাত্ৰ নাতি। এই দিনা ৰাতি আন এটা কোঠাত তেওঁলোকৰ দেউতাক আব্দুল কৰিম আৰু আন এগৰাকী কন্যা আছিল। দুয়ো হঠাতে এটা জোকাৰণিৰ শব্দ শুনিবলৈ পায়। পিছত দেউতাকে দেখে যে সিটো কোঠালিত বৃহৎ আকাৰৰ মাটিৰ তলত সকলো পুত গৈছে । তেওঁ লগে লগে ওচৰ চুবুৰীয়াক খবৰ দিয়ে। ঘটনাটো মছজিদৰ ইমামে মাইকত ঘোষণা কৰে । পিছলৈ মানুহ গোট খায়। খবৰ দিয়া হয় আৰক্ষীক। আৰক্ষী বাহিনী আৰু এছডিআৰ এফ আহি উদ্ধাৰ চলায়। ৰাতি ২ টা মান বজাত উদ্ধাৰ হয় মৃতদেহকেইটা। এই ঘটনাত সমগ্ৰ গাঁওখনত দুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

দলগাঁৱৰ শিলবৰীৰ গড়কাপ্তানী পথৰ দুৰৱস্থা

এজাক বৰষুণৰ ফলত ৰাস্তাৰ মাজত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ ।পথ নহয় যেন পুখুৰী হে । যমৰ যাতনাত ভুগিছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰী সকল ।

কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।অচিৰেই পথছোৱা মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ ।

দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত শিলবৰী বজাৰৰ মাজেৰে পাৰ হৈ যোৱা এটা পথে জলাখলা খুৱাইছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰী সকলক । উল্লেখযোগ্য যে এই পথটো ওৰাং চাৰিয়ালীৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূল পথ । প্ৰতেক বছৰে শ শ পৰ্য্যটক অহা যোৱা কৰে এই পথটোৰে ।

পথটোৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত, বিগত কেইবা বছৰ ধৰি পথটোৰ এই দূৰৱস্থাৰ বাবে পথটোৰে অহা যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হৈছে পৰ্যটকৰ লগতে স্থানীয় ৰাইজ । অচিৰেই পথচোৱা মেৰামতিৰ কৰি দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ উচৰত দাবি জনাই স্থানীয় ৰাইজে ।

প্ৰেৰণা পুথিভঁৰালৰ ১৭ সংখ্যক বিষ্ণু ৰাভা দিৱসৰ ফলাফল ঘোষণা

নলবাৰী জিলাৰ প্ৰেৰণা পুথিভঁৰালৰ ১৭ সংখ্যক বিষ্ণু ৰাভা দিৱস উপলক্ষে যোৱা ১৬ জুন তাৰিখে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । সেইমতে চিত্ৰাংকন প্ৰতিযোগিতাৰ নিম্নশাখাৰ বিষয় আছিল ‘বিলতে হালিছে ধুনীয়া পদুমী’। ইয়াত প্ৰথম স্থান লাভ কৰে পানীগাঁৱৰ দিল্লী পাব্লিক স্কুলৰ উপাসনা কাশ্যপে । দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে চামতাৰ নৱজ্যোতি জাতীয় বিদ্যালয়ৰ ধৰ্মিষ্ঠা দেৱী আৰু কৈঠালকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ হৃষিৰাজ কাশ্যপে । মধ্যশাখাৰ বিষয় : ‘বিশ্বৰ ছন্দে ছন্দে’ । ইয়াত প্ৰথম স্থান লাভ কৰে চামতাৰ নৱজ্যোতি জাতীয় বিদ্যালয়ৰ অংশুমিতা কৌশিকে । দ্বিতীয় চামতাৰ বিষ্ণু জ্যোতি একাডেমীৰ ধৃতিষ্মান বৰ্মন আৰু তৃতীয় হয় পিপলিবাৰী হাইস্কুলৰ হিয়াশ্ৰী দাস । আনহাতে উচ্চ শাখাৰ বিষয় আছিল : ‘বিষ্ণু ৰাভাৰ মুখাৱয়ব’ ।

ইয়াত প্ৰথম হয় চামতাৰ ইডেন ভেলী একাডেমীৰ সীমান্ত ৰাজবংশী । দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতালী দাস আৰু একেই বিদ্যালয়ৰ অংকুৰ বৰ্মনে । ইফালে বিষ্ণু ৰাভা বিষয়ক লিখিত কুইজ প্ৰতিযোগিতাত নিম্নশাখাত প্ৰথম স্থান লাভ কৰে ইডেন ভেলী একাডেমীৰ জিয়ান তালুকদাৰে । দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে চামতাৰ চামতাৰ ১৩৮ নং কাশীনাথ বিদ্যামন্দিৰ প্ৰা: বি: ৰ ৰূদ্ৰাক্ষী দেৱী আৰু নলবাৰীৰ শংকৰদেৱ শিশু নিকেতনৰ দিশা শৰ্মাই । ইয়াত নিচুকণি বঁটা লাভ কৰে পশ্চিম চামতা হাইস্কুলৰ ৰুবুল আলী, চামতা ছোৱালী হাইস্কুলৰ ডলী বৈশ্য, কাশীনাথ বিদ্যামন্দিৰৰ আৰিফ আহমেদ আৰু একেখন বিদ্যালয়ৰ সৃষ্টি কাশ্যপে । মধ্যশাখাৰ প্ৰথম, দ্বিতীয়, তৃতীয় হয় ক্ৰমে নৱজ্যোতি জাতীয় বিদ্যালয়ৰ অংকুৰ জ্যোতি নাথ, নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ শুভাংগম শৰ্মা আৰু নৱজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰাচুৰ্য কৌশিকে । আনহাতে কুইজ প্ৰতিযোগিতাৰ উচ্চ শাখাত প্ৰথম স্থান লাভ কৰে নলবাৰীৰ ডি এছ আৰ একাডেমীৰ অভিনৱ নাৰায়ণ শৰ্মাই । দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ শুভাংগম শৰ্মা আৰু চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংকুৰ বৰ্মনে । ইয়াৰ পাছতে অনুষ্ঠিত কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ ভাস্বতী কৌশিকে । দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে ইডেন ভেলী একাডেমীৰ বৃষ্টি কাকতী আৰু কাশীনাথ বিদ্যামন্দিৰৰ ৰূদ্ৰাক্ষী দেৱীয়ে । উদগনিমূলক বঁটা লাভ কৰে নৱোদয় জাতীয় বিদ্যালয়ৰ কৃষ্টি কানন দত্ত, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংকুৰ বৰ্মন আৰু নৱজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰাচুৰ্য কৌশিকে ।

আবেলি অনুষ্ঠিত হোৱা বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চামতাৰ বিষ্ণু জ্যোতি একাডেমীৰ ভূমিকা শৰ্মাই । দ্বিতীয় হয় নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ ভাৰ্বী দেৱী আৰু তৃতীয় স্থান লাভ কৰে যুটীয়াভাৱে নলবাৰীৰ অসম ভেলী একাডেমীৰ সুস্মিতা কাশ্যপ আৰু অমন আহমেদে । আনহাতে বিচাকৰ বিশেষ বঁটা লাভ কৰে যুটীয়াভাৱে বৰকাপলা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰণামিকা বৰ্মন আৰু চামতাৰ ব্ৰিলিয়েণ্ট ইংলিছ মিডিয়াম স্কুলৰ প্ৰত্যাশা শৰ্মাই । সন্ধিয়া বিষ্ণু ৰাভাৰ গীতৰ আধাৰত অনুষ্ঠিত হোৱা একক নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিমাদ্ৰী মালাকৰে । দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে সাহপুৰৰ কাকলি বৈশ্য আৰু নৱোদয় জাতীয় বিদ্যালয়ৰ তৃশাংগী তালুকদাৰে । বিচাৰকৰ বিশেষ বঁটা লাভ কৰে কৃষ্ণশিখা তালুকদাৰ আৰু নলবাৰী শংকৰদেৱ শিশু নিকেতনৰ দিশা শৰ্মাই । আনহাতে নৃত্য প্ৰতিযোগিতাত উদগনিমূলক বঁটা লাভ কৰে নলবাৰীৰ ৰূদ্ৰানী কাশ্যপ, বিহামপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ জুৱলি হালৈ আৰু একেখন বিদ্যালয়ৰ সাগৰিকা দাসে ।উল্লেখ্য যে অহা ২৩ জুন তাৰিখে দিনৰ ১১ বজাত হ’বলগীয়া বিষ্ণু ৰাভা দিৱসৰ আলোচনা সভাত বঁটাসমূহ বিতৰণ কৰা হ’ব ।
প্ৰেৰক, দিগন্ত বৰ্মণ, ।

মেঘালয়ত ভূমিধবসৰ বাবে ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি যানবাহন চলাচল বন্ধ ঘোষনা


মেঘালয়ৰ লুমস্নোগ ত বানপানী হোৱাত আৰু কুলিয়াঙত ভূমিধবস ৰ বাবে পুনৰ জাননী নিদিয়ালৈকে জোয়াই বদৰপুৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো সকলো ধৰণৰ যানবাহনৰ চলাচলৰ বাবে বন্ধ থাকিব। মেঘালয় আৰক্ষীয়ে এক জাননী যোগে এই তথ্য সদৰি কৰিছে।

ইফালে মেঘালয়ৰ গাঁৱ বুঢ়া সকলেও এই পথৰ সংস্কাৰৰ দাবীত এই ঘাই পথেদি বুধবাৰৰ ৰাতিপুৱাৰ পৰা কোনো যানবাহন চলিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰিছে।

জলবন্ধী পশ্চিম বৰবালাৰ-বালাৰভিঠাৰ ৰাইজ

প্লেন-ইষ্টিমেট মতে কাম নকৰা আৰু খৰাং দিনত যথোপযুক্ত মেৰামতি নকৰাৰ বাবেই বৰষুণ আৰু বানপানীত বুজা যায় ৰাস্তা-ঘাট আৰু নলা-নৰ্মদা নিৰ্মাণৰ বিসংগতি । সেই বিসংগতিমূলক নিৰ্মাণৰ বাবেই দুৰ্ভোগ ভোগে স্থানীয় জনসাধাৰণ। এয়া প্ৰতিবছৰৰেই নিত্য-নৈমিত্যিক পৰিঘটনা সমাজত । তেনেকুৱা এক বিসংগতিমূলক ৰাস্তা নিৰ্মাণৰ বাবেই নৱ গঠিত পাকাবেতবাৰী সমষ্টিৰ পশ্চিম প্ৰান্তত অৱস্থিত বৰবালা অঞ্চলত ৰাইজে দুৰ্ভোগ ভুগিছে । উল্লেখযোগ্য যে ¸ কেইবাদিনৰ নেৰানেপেৰা বৰষুণৰ ফলত বাৰিষাৰ সৃষ্টি কৰি পশ্চিম বৰবালাত প্ৰৱল বানৰ সৃষ্টি হৈছে । ইতিমধ্যে বানৰ প্ৰৱল সোঁতত ‘চাৰি চেইন ৰোড’ হিচাপে পৰিচিত ৰাস্তাটোৰ দুটা ঠাইত ছিঙি নিয়া পৰিলক্ষিত হৈছে । ৰাস্তাটোৰ আৰম্ভণিত মাটিয়া মছজিদৰ অলপ পশ্চিম ফালে কালি ৰাতি তীব্ৰ বানে খহাই দ খাৱৈ সৃষ্টি কৰাৰ লগতে পশ্চিম বৰবালা মছজিদৰ কাষতো বানৰ তীব্ৰতাই ৰাস্তা খহাই দ খাৱৈত পৰিণত কৰে ।

ফলত পশ্চিম বৰবালা,উত্তৰ জাৰাবাৰী, বালাৰভিঠাৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ ৰাস্তাটো দুটা মূৰ বানপানীয়ে ছিঙি নিয়াৰ ফলত জনসাধাৰণৰ লগতে স্কুলীয়া ছাত্র-ছাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে । এক কথাত এই অঞ্চলৰ ৰাইজ এতিয়া জলবন্ধী । আজি আবেলি ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে মাটিয়া মছজিদৰ কাষত বানপানীয়ে ছিঙি নিয়া ঠাইডোখৰ পৰিদৰ্শন কৰি জিলা প্ৰশাসনক অতিশীঘ্ৰে ‘চাৰি চেইন ৰোড’ৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । উল্লেখযোগ্য যে, স্বৰাজোত্তৰ কালৰেপৰাই এই অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে । সৰুক্ষেত্ৰী আৰু বৰপেটা সমষ্টিৰ সীমামূৰীয়া অঞ্চল হোৱা বাবেই কোনো জনপ্ৰতিনিধিৰেই গুৰুত্ব নাই এই অঞ্চলৰ জনসাধাৰণৰ প্ৰতি । বৰ্তমান পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত পশ্চিম বেতবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মাত্ৰ তিনি কিমি দৈৰ্ঘ্যৰ বৰবালা-কদমগুৰী চাৰি চেইন ৰাস্তাটোত ইতিমধ্যে তিনিবাৰকৈ তিনিটা আঁচনিৰ কাম হৈছে যদিও দুই কিলোমিটাৰ ৰাস্তাও এতিয়ালৈকে পকী হোৱা নাই । যিখিনি পকী হৈছিল সেইখিনিৰ অৱস্থাও বৰ্তমান কেঁচা ৰাস্তাতকৈ বহুত বেয়া । ইয়াৰোপৰি এই ৰাস্তাৰ দুয়োকাষে থকা মাটিৰ গৰাকীয়ে ক্ৰমান্বয়ে আহল-বহল ৰাস্তাটো দুয়োফালৰ পৰা ঠেক কৰা পৰিলক্ষিত হৈছে । ইফালে কদমগুৰী ঘাট চক বজাৰৰ দুয়োফালৰ পৰা মাটিৰ মালিকে ৰাস্তা ঠেক কৰাৰ অভিযোগ উঠিছে । পকী ৰাস্তাৰ পৰাই দুয়োকাষে দোকান-পোহাৰ নিৰ্মাণ কৰি ৰাস্তাত যান-যঁটৰ সৃষ্টি কৰিছে । সাধাৰণ পথচাৰীয়ে এইক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হৈছে । গাড়ী-মটৰ সমূহ ৰাস্তাতেই পাৰ্কিং কৰি বজাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । আনকি মানুহেও ৰাস্তাত থিয় হৈ বজাৰ-সমাৰ কৰিবলগীয়া হোৱাত বহুতো অসুবিধাৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰবালা, কদমগুৰী, বালাৰভিঠা অঞ্চলৰ সমাজ সচেতন ৰাইজে আহ্বান জনাইছে । সময়তহে দেখা যাব জিলা প্ৰশাসনে মাটিৰ গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে আৰু ৰাস্তাটো যাতায়াতৰ বাবে সুচল কৰিবলৈ তাৎক্ষণিকভাৱে কি ব্যৱস্থা গ্ৰহণ কৰে ।