Home Blog Page 733

আহাৰমহীয়া পথাৰত নাই পোনা মাছ, পানী বেং; জোক দেখিবলৈ নাই! যান্ত্ৰিকতাৰ নামত ট্ৰেক্টৰৰ চকাই নিঃশেষ কৰিছে সকলো…

এসময়ত অসমৰ খাল, বিল, নৈ, জলাশয়, পিটনি আদিত থলুৱা প্ৰজাতিৰ সৰু-ডাঙৰ মাছেৰে পৰিপূৰ্ণ হৈ আছিল। কিন্তু সময়ৰ সোঁতত আজি তেনেবোৰ থলুৱা মাছৰ বিলুপ্তি হ’বলৈ ধৰাতো দুৰ্ভাগ্যজনক! সাধাৰণতে অসমৰ সকলোবোৰ ঠাইৰ খাল, বিল, পুখুৰী, নৈ, জলাশয়, পিটনিত থলুৱা প্ৰজাতিৰ কাৱৈ, মাগুৰ, গৰৈ, বতিয়া, খলিহনা, পুঠি, দৰিকণা, চেঙলি, মিছা, শিঙি, টিঙিৰা, মোৱা ইত্যাদি প্ৰজাতিৰ মাছবোৰ পাবলৈ দুৰ্লভ হৈ পৰিছে। আগতে ব’হাগৰ বৰষুণৰ পিছৰ পৰাই পথাৰৰ পানীত ভিন্ন প্ৰজাতিৰ পোনা মাছ উভৈনদী হৈ আছিল। বাৰিষা বৰষুণ হ’লেই পানী ভোকোলা বেঙে কেপ কেপ শব্দ কৰি বাৰিষাৰ বতৰা জনাইছিল। যি শব্দ শুনিবলৈ নান্দনিক।

পথাৰৰ পানীত নামিলে পানী জোকবোৰ তীব্ৰগতিত আহি মানুহৰ ভৰিত লিপিট খাই ধৰি তেজ খাইছিল। কিন্তু আশ্চৰ্যজনকভাৱে চকুৰ সন্মুখতে আজি এইবোৰ প্ৰাণী দেখিবলৈ নাই। বাৰিষা সময়ত হালোৱা গৰুৰ পৰিৱৰ্তে আধুনিকতাৰ লগত মিলি যাবলৈ কৃষকে ট্ৰেক্টৰেৰে মাটি চাহ কৰোতে লোৰ চকৰিৰ ফালত সকলোবোৰ পানীত থকা প্ৰাণী নিঃশেষ হৈ গৈছে। যাৰ পিছত আজিৰ অসমীয়াসকলে পথাৰৰ পোনা মাছ খাব নাপায়। ইয়াৰ পৰিৱৰ্তে অন্ধ্ৰ প্ৰদেশৰ চালানী মাছ কিনি খাবলৈ বাধ্য হৈছে। ঠাইবিশেষে ক’ৰবাত ক’ৰবাত অলপ-অচৰপ থলুৱা প্ৰজাতিৰ মাছ আছে যদিও তাকো এচাম মধ্যভোগী লোকে সেই মাছবোৰ ধৰি আনি ব্যৱসায় কৰাত থলুৱা প্ৰজাতিৰ মাছ নিঃশেষ হৈ পৰাৰ দিশে গতি কৰিছে।

আশ্চৰ্যজনক কথা যে মীন আইন ২৩ নং ধাৰা (ক) অনুসৰি এপ্ৰিলৰ পৰা জুলাই মাহলৈকে নৈ, জলাশয়, বিল, খাল তথা মাছ থকা ঠাইত ফাঁচী জাল, আঁঠুৱা, বেৰ জাল আদি ব্যৱহাৰ কৰিব নোৱাৰিব। যি সময়ত মাছবোৰ গাভিনী হয়। কিন্তু মীন আইনক গুৰুত্বই নিদি খাল, জলাশয়ৰ পৰা কণীযুক্ত গাভিনী মাছ জালেৰে ধৰি নি অঞ্চলটোৰ চ’ক-বজাৰত দেখ দেখকৈ বিক্ৰী কৰি আছে। যাৰ বাবে দিনক দিনে থলুৱা প্ৰজাতিৰ থকা মাছকেইটাও একেবাৰে শেষ হৈ যোৱাৰ দিশে গতি কৰিছে। আমিবোৰে ইয়াক লৈ কিন্তু কোনো গুৰুত্বই নিদিওঁ। চিন্তনীয় যে আজিৰ নৱ-প্ৰজন্মই থলুৱা প্ৰজাতিৰ মাছ, পানী ভোকোলা বেং, পানী জোক আদি থলুৱা প্ৰাণী চিনি নোপোৱাটো অসমীয়া সমাজ জীৱনৰ বাবে দুৰ্ভাগ্যজনক।

চিনেমা নহয়, বাস্তৱ কাহিনী! চোৰ ধৰিবলৈ চলন্ত ৰে’লৰ পৰা জঁপিয়ালে এগৰাকী মহিলাই…

এগৰাকী সাহসী মহিলা।এগৰাকী সাহসী মহিলাই চোৰ ধৰিবলৈ গৈ চলন্ত ৰে’লৰ পৰা জঁপিয়ালে। চলন্ত ৰে’লৰ পৰা থপিয়াই নিয়া বেগটোক উদ্ধাৰ কৰিবলৈ চিলনী চোৰৰ সমানেই দ্ৰুতবেগী ৰে’লৰ পৰা জঁপিয়াই দুঃসাহস দেখোৱালে মহিলাগৰাকী। ঠিক ‘ৰবট’ নামৰ বলিউদৰ ছৱিখনৰ কাহিনীৰ দৰে। ৰবটৰ চৰিত্ৰত অভিনয় কৰা ৰজনীকান্তে নায়িকা ঐশ্বৰ্য ৰায়ৰ বেগটোক একাংশ গুণ্ডাই পেলাই দিয়াৰ সময়ত চলন্ত ৰে’লৰ পৰা জঁপিয়াই যিদৰে বেগটোক উদ্ধাৰ কৰিছিল ঠিক সেই ছৱিখনৰ কাহিনীৰ দৰে। কিন্তু এয়া ছৱি নহয়, বাস্তৱ কাহিনী।


সেইয়া আছিল ৩০ মে’ৰ ঘটনা। ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰিৰ প্ৰণতি কলিতা দাস নামৰ মহিলাগৰাকী স্বামীৰ চিকিৎসাৰ সংক্ৰান্তত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ উভতি আহিছিল। স্বামী, শাহু আৰু কন্যাক লগত লৈ নাগালেণ্ড এক্সপ্ৰেছ নামৰ ৰে’লখনৰ সংৰক্ষিত আসনত উঠি আহি আছিল মহিলাগৰাকী। নিশা প্ৰায় ৩ বজাৰ ঘটনা। সেই সময়ত অচিনাক্ত এজন লোকে মহিলাগৰাকীৰ বেগটো থপিয়াই পলায়ন কৰে। বেগটোক চিলনী চোৰৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ বহু সময় ধৰি যুঁজ দিয়ে মহিলাগৰাকী। কিন্তু চিলনী চোৰটোৱে বেগটোক চলন্ত ৰে’লৰ পৰা পেলাইয়েই জঁপিয়াই দিয়ে। লগে লগে মহিলাগৰাকীও দ্ৰুতবেগী চলন্ত ৰে’লৰ পৰা জঁপিয়াই দিয়ে। ইয়াৰ পিছতে চিলনী চোৰটোৰ পিছে পিছে দোৰি যায় প্ৰণতি কলিতা দাসে। প্ৰায় ৩-৪ কিলোমিটাৰ খেদি যোৱাৰ পিছত ফৰকাটিঙৰ এটা ব্যক্তিৰ বাসগৃহত সহায় বিচাৰে। ঘৰটোৰ পৰিয়ালৰ সহযোগতে আৰক্ষীক খবৰ দিয়াত ৰে’লৱে ট্ৰেকৰ সমীপৰ ঘণ জংঘলত পেলাই থৈ যোৱা বেগটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ফৰকাটিং জংচন পোৱাৰ আগমুহুৰ্তত সংঘটিত হোৱা এই ঘটনাৰ পিছতে ৰে’লত যাত্ৰীৰ নিৰাপত্তা ব্যৱস্থাটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সংৰক্ষিত আসনত টিকটবিহীন ব্যক্তিৰ প্ৰৱেশ কেনেদৰে হ’ল? এই সমগ্ৰ ব্যৱস্থাটো ৰে’লখনৰ নিৰাপত্তাৰ দায়িত্বত থকা কৰ্তৃপক্ষ জড়িত থকাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত তদন্ত বিচাৰি বিভাগীয় কৰ্তৃপক্ষলৈ পত্ৰ লিখিছে সাহসী মহিলাগৰাকী।

অসম অৰুণাচল সীমান্ত পৰিদৰ্শন কৰিলে বিধায়ক ড° অমিয় কুমাৰ ভূঞাই…

বিহপুৰীয়া বিধানসভা সভা সমষ্টিৰ পথালিপাহাৰ পঞ্চায়তৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী কেৰেকজুলি অঞ্চলত ৰাইজৰ আমন্ত্রণ মৰ্মে উপস্থিত হয় বিধায়ক ড° অমিয় কুমাৰ ভূঞা। বিধায়ক গৰাকীয়ে অঞ্চলটো পৰিদৰ্শন কৰি সাম্প্রতিক পৰিস্থিতিৰ বুজ লয়।১৯৫১ চনতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সীমাক লৈ অসম অৰুণাচলীলোকৰ মাজত হোৱা মতভেদ চৰকাৰে গভীৰভাৱে সমাধান পথ প্ৰশস্তৰ কথা অৱগত কৰে।

বিধায়ক ভূঞাই স্থানীয় সীমান্ত ৰাইজে দিয়া অভাৱ অভিযোগ আৰু আবেদনৰ আধাৰত পৰিদৰ্শনৰ অন্তত ৰাইজৰ সৈতে মত বিনিময় কৰি সীমান্তৱৰ্তী অঞ্চলটোৰ উন্নয়ন সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰাইজৰ সৈতে আলোচনাত মিলিত হয়।

ফুলেৰা ‘পঞ্চায়ত ৩’ৰ প্ৰধানজীৰ কন্যা ৰিংকীৰ ষ্টাইল চাওক! গ্লেমাৰাছ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল…

জিতেন্দ্ৰ কুমাৰ অভিনীত বিখ্যাত ৱেব শ্ব’ ‘পঞ্চায়ত ৩’ত প্ৰধানজী আৰু প্ৰধানৰ পত্নী মঞ্জু দেৱীৰ কন্যা ৰিংকিৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী সানভিকাৰ শেহতীয়া গ্লেমাৰাছ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল। ‘ফুলেৰা’ ৰিংকীৰ এই শৈলী দেখি অনুৰাগীসকলেও তেওঁৰ সৌন্দৰ্য্যৰ প্ৰশংসা কৰিছে। ৱেব শ্ব’ ‘পঞ্চায়ত ৩’ত অভিনেত্ৰী সানৱিকাই প্ৰধান জী আৰু প্ৰধানৰ পত্নী মঞ্জু দেৱীৰ কন্যা ৰিংকিৰ চৰিত্ৰত অভিনয় কৰিছে। শ্ব’টোৰ সময়ত ছালৱাৰ-কামিজ পিন্ধা ৰিংকিৰ চৰিত্ৰটো যথেষ্ট সহজ সৰল যদিও বাস্তৱ জীৱনত অভিনেত্ৰীগৰাকী যথেষ্ট সাহসী আৰু গ্লেমাৰাছ। ছচিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰা ৰিংকি ওৰফে সানভিকাই নিজৰ ইনষ্টাগ্ৰামত শেহতীয়া ছবি শ্বেয়াৰ কৰিছে।

ইনষ্টাগ্ৰামত সানৱিকাই শ্বেয়াৰ কৰা ছবিত দেখা গৈছে বাদামী ৰঙৰ মিনি ড্ৰেছ।

সানৱিকাই পনিটেইলত চুলি বান্ধিছে। এই পোছাকৰ লগত অভিনেত্ৰীগৰাকীয়ে ডাঙৰ ডাঙৰ মুকুতাৰ কাণফুলি পিন্ধিছে। বগা ৰঙৰ হিল পিন্ধিছে সানৱিকাই।

নতুন ৰূপেৰে অনুৰাগীৰ মন জয় কৰিছে সানবিকাই।শ্ব’টোত নিজৰ সৰলতাৰে হৃদয় জয় কৰা সানবিকাই এতিয়া নিজৰ গ্লেমাৰাছ ষ্টাইলেৰে সকলোকে আচৰিত কৰি তুলিছে।

আপোনালোকক কওঁ যে ‘পঞ্চায়ত’ হৈছে সানবিকাৰ প্ৰথমটো ডাঙৰ প্ৰজেক্ট। ইয়াৰ আগতে সানৱিকাই কিছুমান বিজ্ঞাপনত কাম কৰিছিল। এটা পুৰণি সাক্ষাৎকাৰত সানৱিকাই কৈছিল যে তেওঁ কেতিয়াও অভিনেতা হোৱাৰ কথা সপোনতও ভবা নাছিল আৰু এই সুযোগ হঠাতে তেওঁৰ সন্মুখত আহিছিল।

পবিত্ৰ ঈদ-উল-আজহাৰ দিনাই শেষ নিশ্বাস ত্যাগ মানকাচৰৰ প্ৰাক্তন বিধায়িকা হোছেনাৰা ইছলামৰ…

পবিত্ৰ ঈদ-উল-আজহাৰ দিনাই মানকাচৰৰ প্ৰাক্তন বিধায়িকা হোছেনাৰা ইছলামৰ বিয়োগ।

পবিত্ৰ ঈদ-উল-আজহাৰ দিনাই পুৱা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে মানকাচৰ সমষ্টিৰ হোছেনাৰা ইছলামে।

দীৰ্ঘদিনে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল হোছেনাৰা ইছলাম।

প্ৰয়াত প্ৰাক্তন মন্ত্ৰী জহিৰুল ইছলামৰ পত্নী আৰু মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ মাতৃ হোছেনাৰা ইছলাম।

ক’ত, কিমান দিনলৈ হ’ব বৰষুণ? ৩০-৪০ কিলোমিটাৰ বেগত বতাহ অহাৰ সম্ভাৱনা…

ৰাজ্যত আগন্তুক ৪-৫ দিনলৈ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা।

ধুমুহা-বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

আনহাতে প্ৰতিঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা।

দৰং, কামৰূপ, কামৰূপ মহানগৰ উপৰিও অৰুণাচল প্ৰদেশ, পশ্চিমবংগ, ছিকিম আৰু মেঘালয়তো ধাৰাসাৰ বৰষুণ সৃষ্টি হোৱাৰ সম্ভাৱনা।

অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

অসম আৰু মেঘালয়ত ১৮ জুনত হ’ব মূষলধাৰ বৰষুণ,  ১৯ জুনত প্ৰবল বৃষ্টিপাত আৰু ২০ জুনত অতি প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা।

আনহাতে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰী কৰিছে।

মধ্যপুৰৰ বাগেশ্বৰ ধামত উপস্থিত অভিনেতা সঞ্জয় দত্ত, পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ আশীৰ্বাদ ল’লে অভিনেতাগৰাকীয়ে…

সঞ্জু বাবা নামেৰে সকলোৰে মনত এক সুকীয়া স্থান দখল কৰা চলচ্চিত্ৰ তাৰকা সঞ্জয় দত্ত এনে এজন ব্যক্তি, যাক চিনেমা চোৱা আৰু চলচ্চিত্ৰৰ জ্ঞান থকা প্ৰতিজন ব্যক্তিয়ে কম বেছি পৰিমাণে হ’লেও চিনি পায়৷ যাক মানুহে এবাৰ ওচৰৰ পৰা চাবলৈ আগ্ৰহী হৈ থাকে৷ কিন্তু শনিবাৰে মধ্যপ্ৰদেশৰ ছটৰপুৰত হঠাৎ সঞ্জয় দত্তক দেখি ৰাইজ আচৰিত হৈ পৰিল অনুৰাগী৷শনিবাৰে বলীউডৰ অভিনেতা সঞ্জয় দত্ত বাগেশ্বৰ ধামত উপস্থিত হয় বালাজী মহাৰাজৰ দৰ্শন কৰিবলৈ৷ ইয়াৰ পিচত বাগেশ্বৰ ধামৰ পীঠাধীশ্বৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে অভিনেতাজনে৷ ভগৱান বালাজী প্ৰদক্ষিণ কৰি সঞ্জয়ে ভগৱান বালাজীৰ সন্মুখত আঁঠু কাঢ়ি মূৰ দোৱাই আশীৰ্বাদ গ্ৰহণ কৰে৷


সঞ্জয় দত্তই বিমানেৰে মুম্বাইৰ পৰা খাজুৰাহো বিমানবন্দৰলৈ যাত্ৰা কৰিছিল৷ সন্ধিয়া ৬.৩০ বজাত উপস্থিত হোৱাৰ লগে লগে ধামবাসীয়ে অভিনেতাজনক আদৰণি জনায়৷ ইয়াৰ পিচতে সঞ্জয় দত্ত চাৰিচকীয়া বাহনেৰে বাগেশ্বৰ ধাম পালেগৈ৷ ইয়াৰ পিচত অভিনেতা সঞ্জয় দত্তই প্ৰথমে ভগৱান বালাজীক দেখি প্ৰদক্ষিণ কৰি মূৰ দোৱালে৷ তাৰ পাচত ধামৰ পীঠাধীশ্বৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক সাক্ষাৎ কৰি তেওঁৰ আশীৰ্বাদ লয়৷ এই সময়ছোৱাত সঞ্জয় দত্ত আৰু ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ মাজত বহু সময় ধৰি বাৰ্তালাপ চলি থাকিল৷ সঞ্জয় দত্তই বাগেশ্বৰ ধামলৈ আহি ক’লে, “এইটো দেশ আৰু বিশ্বৰ জনসাধাৰণৰ বিশ্বাসৰ এটা ডাঙৰ কেন্দ্ৰ৷” “ইয়াত ভক্তসকলৰ বিশ্বাস দেখি মই আপ্লুত হৈ পৰিছো৷ মহাৰাজ জীক লগ পাই এনে লাগিল যেন মই তেওঁক বছৰ বছৰ ধৰি চিনি পাও, তেওঁৰ লগত কটোৱা সময়খিনি মোৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ সময় আছিল আৰু বাগেশ্বৰ ধামলৈ মই বাৰে বাৰে আহিম৷ এইখন এখন অদ্ভুত ঠাই, বালাজী সৰকাৰৰ অদ্ভুত কৃপা এই স্থানত বিৰাজমান হৈ আছে৷”

বাংলাদেশৰ বজাৰত উভৈনদী ভাৰতীয় গৰু! বন্ধ হোৱা নাই গো-ধনৰ চোৰাং বেহা…

বন্ধ হোৱা নাই ভাৰতৰ চোৰাং গৰুৰ সৰবৰাহ। কোৰবানী ঈদৰ পূৰ্বে সীমান্তৰ কাঁইটীয়া তাঁৰ, নদী, পাহাৰ সকলো একাকাৰ কৰি ভাৰতৰ পৰা বাংলাদেশলৈ সৰবৰাহ হৈছিল গোধন। নিশা হ’লেই অসম, মেঘালয়, ত্ৰিপুৰা সীমান্তৰ অঞ্চলেৰে বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ হোৱা এই গোধনসমূহৰে ভৰি পৰে বাংলাদেশৰ গৰুৰ বজাৰ।ফলত বাংলাদেশৰ স্থানীয় কৃষকসকল ভাৰতীয় এই চোৰাং গৰুক লৈ চিন্তিত হৈ পৰে। এসময়ত ভাৰতীয় গৰু অবিহনে বাংলাদেশৰ কোৰবানী ঈদৰ পশুৰ বজাৰ অকল্পনীয় আছিল। এই বজাৰলৈ ভাৰতৰ পৰা গৰু কমকৈ আহিলেই বজাৰত বৃহৎ প্ৰভাৱ পৰিছিল। বজাৰত বহু বৃদ্ধি পাইছিল গৰুৰ মূল্য। কিন্তু যোৱা এটা দশকৰ পূৰ্বে ভাৰতত বিজেপি ক্ষমতালৈ অহাৰ পিছতে বাংলাদেশলৈ গৰুৰ সৰবৰাহ বন্ধ হয়। এনে পৰিণতিত চাহিদা পূৰণ কৰিবলৈ বাংলাদেশত গৰু পালনো বৃদ্ধি পায়।


বাংলাদেশত এতিয়া সৰু-বৰ মিলাই ২০ লাখ খেতিয়ক আছে।বহু শিক্ষিত উদ্যোগীৰো সৃষ্টি হৈছে।যোৱা ১০ টা বছৰত বাংলাদেশত পশুধনৰ ক্ষেত্ৰত আত্ম নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। এইবাৰ বাংলাদেশত কোৰবানীৰ বাবে প্ৰয়োজনীয় পশুৰ সংখ্যা ১ কোটি ২৯ লাখ ৮০ হজাৰ ৩৬৭ টা। যি চাহিদাতকৈ ২৩ লাখ অধিক। যোৱা বছৰতকৈ এই সংখ্যা ৪ লাখ ৪৪ হাজাৰ ৩৪ অধিক।এনে পৰিস্থিতিতো ভাৰতৰ পৰা চোৰাংকৈ বংলাদেশলৈ গৰু সৰবৰাহ হৈ থকাত এতিয়া স্থানীয় গোপাসক সকল চিন্তিত হৈ পৰিছে।স্থানীয় গোপালসকলৰ মতে সীমান্তৱৰ্তী জিলাসমূহৰ বজাৰসমূহ এতিয়া ভাৰতীয় গৰুৰে ভৰি আছে।কিছুমান বজাৰত, স্থানীয় গৰুতকৈ অধিক ভাৰতীয় গৰু আছে।বাংলাদেশে গোপালনেৰে আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাৰ বাবে যোৱা কেইবছৰমানত ভাৰতৰ সীমান্তৰ মাজেৰে গৰু চোৰাংকৈ অনা হোৱা নাছিল। কৃষক সংগঠনৰ নেতাসকলে কয়, ঈদ-উল-আজহাৰ পূৰ্বে সীমান্তৰ নিৰাপত্তা অধিক কঠোৰ হয়। কিন্তু এইবাৰ সীমান্তৰ নিৰাপত্তাত সেই কঠোৰতা নাই। বহুক্ষেত্ৰত, প্ৰশাসনৰ লোকসকলে দেখিও নেদেখাৰ ভাও ধৰিছে। ইয়াৰ ফলস্বৰূপে, বাংলাদেশৰ গোপালক, কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে। লগতে এই গৰুবোৰৰ সৈতে বিভিন্ন ৰোগৰো সংক্ৰমণ হৈছে। ফলত দুগ্ধ খণ্ডতো দীৰ্ঘম্যাদী নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনাই দেখা দিছে।


সূত্ৰ অনুসৰি অসম, পশ্চিম বংগ, মেঘালয় আৰু ত্ৰিপুৰাৰ সীমান্তৰে প্ৰতিদিনে হাজাৰ হাজাৰ ভাৰতীয় গৰু বাংলাদেশত প্ৰৱেশ কৰি আছে। যদিও নিশাহে গৰুৰ চোৰাং সৰবৰাহৰ সংখ্যা অধিক হয় এইবাৰ দিনৰ পোহৰতো বহু চোৰাং গৰুৰ সৰবৰাহ চলি আছে।
চোৰাং ব্যৱসায়ীসকলে অঞ্চলটোৰ স্থানীয় গৰু বজাৰৰ পৰা ধনৰ বিনিময়ত ক্ৰয় কৰাৰ ৰচিদ সংগ্ৰহ কৰি অবৈধ গৰু সৰবৰাহক বৈধ হিচাপে প্ৰমাণ কৰি দেখুৱাইছে। যেতিয়াই এই গৰুবোৰ জব্দ কৰিবলৈ চেষ্টা কৰে তেতিয়াই চোৰাং ব্যৱসায়ীসকলে সেই ৰচিদ দেখুৱাই কোনো বাধা অবিহনে আঁতৰি যায়। ইয়াৰ পিছত এই গৰুবোৰ কলৰ ভোৰৰ জৰিয়তে নদীৰে পাৰ কৰা হয় আৰু পাছত বাংলাদেশৰ বিভিন্ন বজাৰলৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছত আছিল অসমৰ যাত্ৰীও! নিহতৰ আত্মীয়লৈ ২ লাখকৈ টকাৰ সাহায্য, আহতলৈ ৫০ হাজাৰ টকা…

পশ্চিমবংগৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ লৈ বৃদ্ধি।

গুৱাহাটী, নলবাৰী, বৰপেটা, হোজাই, লামডিং, লংকাৰ বহু যাত্ৰী আছিল ৰে’লখনত।

ৰে’ল দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ সাহায্য ঘোষণা কৰা হৈছে।

দুৰ্ঘটনাত নিহতৰ আত্মীয়লৈ ২ লাখকৈ টকাৰ সাহায্য।

আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে সাহায্য।

আনহাতে আজি দুৰ্ঘটনা স্থলীলৈ যাব কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণব।

আনহাতে মুকলি কৰিছে হেল্পলাইন নম্বৰ। বিভিন্ন ষ্টেচনত থকা হেল্পলাইন ডেস্কৰ সবিশেষঃ
হেল্পলাইন নং GHY ষ্টেচন
০৩৬১২৭৩১৬২১
০৩৬১২৭৩১৬২২
০৩৬১২৭৩১৬২৩
এল এম জি হেল্পলাইন নং.
০৩৬৭৪২৬৩৯৫৮
০৩৬৭৪২৬৩৮৩১
০৩৬৭৪২৬৩১২০
০৩৬৭৪২৬৩১২৬
০৩৬৭৪২৬৩৮৫৮

দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, নিহত সংখ্যা ৮জনলৈ বৃদ্ধি; আহত ২০০ৰো অধিক…

পশ্চিমবংগত দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ।

এইপৰ্যন্ত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি হৈছে।

আনহতে ২০০ৰো অধিক যাত্ৰী আহত হৈছে।

ৰে’ল দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ।