Home Blog Page 750

তামুলপুৰত অসম নাট্য সন্মিলনৰ অন্তৰ্গত ৰত্নপীঠ মণ্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা…

অসম নাট্য সন্মিলনৰ অন্তৰ্গত ৰত্নপীঠ মণ্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি তামুলপুৰৰ মাজমজিয়াত অৱস্থিত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ তামুলপুৰ জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ অসম নাট্য সন্মিলনৰ তামুলপুৰ জিলা সমিতিৰ আতিথ্যত আৰু তামুলপুৰ শাখাৰ সহযোগত অনুষ্ঠিত ৰত্নপীঠ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাখনত সভাপতিত্ব কৰে ৰত্নপীঠ মণ্ডলৰ সভাপতি ভবানন্দ পাঠকে৷ অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি জয়ন্ত হাজৰিকা, কেন্দ্ৰীয় সম্পাদক সন্তৰাম দাস, কেন্দ্ৰীয় প্ৰাক্তন কাৰ্যকৰী সভাপতি নাট্যকাৰ জীতেন শৰ্মাকে ধৰি বহু সংখ্যক কেন্দ্ৰীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰত্নপীঠ মণ্ডলৰ সাধাৰণ সম্পাদক যুৱ নাট্যকাৰ,পৰিচালক অভিজিত দাসে৷

সভাত প্ৰতিটো শাখাৰ কৰ্মসূচী, ৰত্নপীঠ মণ্ডলৰ উদ্যোগত জুলাই মাহত নাট কৰ্মশালা, কবিতা আবৃত্তি, ৰত্নপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন আদি বিভিন্ন বিষয় আলোচনা কৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত কোন কোন ছুপাৰষ্টাৰ উপস্থিত থাকিব…

নৰেন্দ্ৰ মোডীয়ে আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ বাবে শপত গ্ৰহণ কৰিব, য’ত বহু ডাঙৰ ডাঙৰ মুখ দেখা যাব। তাৰ ভিতৰত বলীউডৰ বহু ছুপাৰষ্টা, দক্ষিণ উদ্যোগৰো বহু লোক উপস্থিত থাকিব। যিয়ে এই মুহূৰ্তক অতি ঐতিহাসিক বুলি অভিহিত কৰিছে। বিগত ১০ বছৰ ধৰি দেশৰ দায়িত্বত থকা নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ বাবে শপত গ্ৰহণ কৰিবলৈ ওলাইছে।এই বিশেষ মুহূৰ্তবোৰৰ অংশ হ’বলৈ নতুন দিল্লীলৈ ৰাওনা হৈছিল ৰজনীকান্ত।

শেহতীয়াকৈ চেন্নাই বিমানবন্দৰত দেখা গৈছিল ছুপাৰষ্টাৰগৰাকীক। য’ত তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতিছিল আৰু লগতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন জনায়।

কংগনা ৰানাউটেও অংশগ্ৰহণ কৰিব পাৰে! ৰজনীকান্তৰ উপৰিও বলীউডৰ তাৰকা তথা মাণ্ডীৰ সাংসদ কংগনা ৰানাৱটেও প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কটকটীয়া নিৰাপত্তাৰ মাজতে সন্ধিয়া ৭:১৫ বজাত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানটো ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ব, য’ত অৰ্ধসামৰিক বাহিনী, এন এছ জিৰ কমাণ্ডো, ড্ৰ’ন আৰু স্নাইপাৰ থাকিব। অনুষ্ঠানৰ অন্তত বিজেপিৰ সভাপতি জে পি নাড্ডাইও এন ডি এৰ সকলো নেতা আৰু দলীয় বিষয়াৰ বাবে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে…

আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ সৈতে আজি প্ৰায় ৩০গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা।ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া ৭:১৫ বজাত শপত গ্ৰহণ সমাৰোহ।

আজি আজিৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, মোক নিমন্ত্ৰণ কৰা হোৱা নাই আৰু এই অনুষ্ঠানলৈ মোৰ যাবলগীয়াও নাই। তেওঁ কয় যে মই চৰকাৰ গঠনৰ বাবে অসাংবিধানিক, অবৈধ দল এটাক শুভেচ্ছা জনাব নোৱাৰো কিন্তু মোৰ শুভেচ্ছা আছে দেশৰ বাবে।

বিবেকানন্দ কেন্দ্ৰ কণ্যাকুমাৰী কামৰূপ শাখাৰ উদ্যোগত গুৱাহাটীত আয়োজন যোগ দিৱসৰ…

২০২৪ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিবেকানন্দ কেন্দ্ৰ কণ্যাকুমাৰী, কামৰূপ শাখাৰ উদ্যোগত গুৱাহাটীৰ লটাশিল খেল পথাৰত ২১ জুনত পুৱা ৬ বজাৰ পৰা ৭:৩০বজালৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। সমগ্ৰ কামৰূপ মহানগৰৰ প্ৰায় দুই হাজাৰ লোক সমবেত হ’ব লগা যোগ দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থাকিব কেইবা গৰাকীও বিশিষ্ট ব্যক্তি। এই সন্দৰ্ভত বিবেকানন্দ কেন্দ্ৰ গুৱাহাটী মহানগৰৰ কৰ্মকৰ্তা সকলকলৈ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক সংস্থাত এখন সভা অনুষ্ঠিত হয়।


উল্লেখ্য যে, যোগক বিবেকানন্দ কেন্দ্ৰৰ প্ৰাণ স্বৰূপ বুলি কোৱা হয়।ভাৰতৰ বিভিন্ন প্ৰান্তত বিবেকানন্দ কেন্দ্ৰৰ নিয়মিত যোগৰ অভ্যাস হৈ থাকে।গুৱাহাটীতো ২২ টা স্থানত নিয়মিত যোগ বৰ্গ চলি আছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে লটাশিল খেল পথাৰত অনুষ্ঠিত হ’ব লগা যোগ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে ৮৬৩৮৮-৮৬৩৮৪ আৰু ৭০০২৬-৫২২৯৫ নম্বৰত যোগাযোগ কৰি নাইবা উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক সংস্থাত নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

মোদীৰ মন্ত্রীসভাৰ সম্ভাব্য মন্ত্রী তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত…

আজি মোদী মন্ত্ৰীসভাৰ শপতগ্ৰহণ। মোদীৰ মন্ত্রীসভাৰ সম্ভাব্য মন্ত্রী তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত চাওঁ আহকঃ

মোদীৰ মন্ত্রীসভাৰ সম্ভাব্য মন্ত্রী তালিকাত বিজেপিৰ সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, অর্জুনৰাম মেঘৱাল, মনোহৰ লাল খট্টৰ, শিৱৰাজ সিং চৌহান, মনসুখ মাণ্ডব্য, এছ জয়শংকৰ, হৰদীপ সিং পুৰী, ৰবনীত বিটু, অশ্বিনী বৈষ্ণৱৰ নাম অন্তৰ্ভুক্ত।

আনহাতে JD(U)ৰ লালন সিং, ৰাম নাথ ঠাকুৰ TDPৰ ডাঃ চন্দ্ৰশেখৰ, ৰামমোহন নাইডুৰ নাম অন্তৰ্ভুক্ত। JD(S)ৰ এইচ ডি কুমাৰস্বামীৰ নাম অন্তভুক্ত। RPI(A)ৰ ৰামদাস আঠৱাল, LJP(R)ৰ ছিৰাগ পাছোৱান, HAMৰ জিতনৰাম মাঝিৰ নাম অন্তৰ্ভুক্ত।

খাদ্য ৰান্ধোতে কেৰাহীত ঢাকনি ব্যৱহাৰ কৰে নে? ঢাকনি ব্যৱহাৰ কৰি খাদ্য ৰন্ধাৰ উপকাৰিতা-অপকাৰিতা জানি লওক…

আমি প্ৰায়ে দেখোঁ যে ঘৰত ৰন্ধা সময়ত খাদ্য ঢাকি ৰাখে, কিন্তু ইয়াৰ আঁৰৰ বিজ্ঞানী কাৰণ আপুনি জানেনে? ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ অৰ্থাৎ আইচিএমআৰে শেহতীয়াকৈ প্ৰকাশ কৰিছে নতুন গাইডলাইন, যাৰ মতে ঢাকনিৰে ঢাকি খাদ্য ৰন্ধা কৰিলে আপোনাৰ সময় ৰাহি হোৱাই নহয়, ই পুষ্টিকৰ উপাদানৰ ক্ষতিও ৰোধ কৰে। ঢাকন নোহোৱাকে ৰান্ধিলে তাৰ পৰা পুষ্টিকৰ পদাৰ্থবোৰ বাষ্পীভৱন হ’ব পাৰে।


আইচিএমআৰে নিৰ্দেশনাত লিখিছে, “ঢাকনি নোহোৱাকে ৰন্ধা-বঢ়া কৰিলে খাদ্য ৰান্ধিবলৈ বেছি সময় লাগে আৰু বতাহৰ সংস্পৰ্শলৈ আহিলে পুষ্টিকৰ উপাদানৰ ক্ষতি ত্বৰান্বিত হয়। ঢাকনিখন বন্ধ কৰি ৰন্ধা-বঢ়া কৰিলে খাদ্য সোনকালে ৰন্ধা হয়, বন্ধ ৰন্ধা-বঢ়াৰ সময়ত সেউজীয়া শাক-পাচলি আৰু সেউজীয়া পাতৰ শাক-পাচলিৰ ৰং সলনি হয় যদিও পুষ্টিকৰ উপাদানৰ ক্ষতি হ্ৰাস পায়।

খাদ্য সঠিকভাৱে ৰন্ধাটো গুৰুত্বপূৰ্ণ কাৰণ ই হজম শক্তি উন্নত কৰিব পাৰে আৰু লগতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। এইদৰে আমি পুষ্টিকৰ উপাদানৰ ক্ষতি নকৰাকৈ ৰান্ধিব পাৰো।

আইচিএমআৰৰ মতে, ডিপ ফ্ৰাই বা ৰোষ্টিংতকৈ প্ৰেচাৰ কুকিং বা ষ্টীম কুকিংৰ দৰে ৰন্ধন পদ্ধতিহে বেছি ব্যৱহাৰ কৰা উচিত কাৰণ ইয়াৰ ফলত পুষ্টিকৰ উপাদানৰ ক্ষতি হ্ৰাস পাব পাৰে।

আজি T20 বিশ্বকাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ…

আজি T20 বিশ্বকাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ।

সন্ধিয়া ৮ বজাৰ পৰা ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব মেচ।

নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন।

মেচখনক লৈ তীব্ৰ উৎকণ্ঠা ক্ৰীড়াপ্ৰেমী ৰাইজৰ।

ৰকিবুল হুছেইনক জিকোৱাৰ কাৰণে বাংলাদেশীয়ে খিলঞ্জীয়াক আক্ৰমণ কৰাৰ সাহস পাইছেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ৰকিবুল হুছেইনক জিকোৱাৰ কাৰণে বাংলাদেশীয়ে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰাৰ সাহস পাইছে, এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। কোকৰাঝাৰ ফকিৰাগ্ৰামৰ লামাপাৰাত সংঘটিত ভূমিকেন্দ্ৰিক সংঘাতৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। স্মৰ্তব্য যে কালি কোকৰাঝাৰৰ চিথিলা অঞ্চলত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত মহিলাসহ কেইবাগৰাকীও কোচ ৰাজবংশীৰ লোক গুৰুতৰভাৱে হয়। আহতসকল সম্প্ৰতি কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে জাতীয়তাবাদী মানুহৰ বিপক্ষে যেতিয়া ৰকিবুল হুছেইনৰ দৰে মানুহক জিকাই পঠিয়ায় তেতিয়া এইবিলাক সাহস পাবই।

তেওঁ কয় যে এইবিলাকৰ সাহসৰ মূল কাৰণ বেলেগ। ইমান বছৰ সাহস পোৱা নাছিল। কিন্তু তিনিদিন আগত ৰকিবুল জিকি গ’ল, সেই কাৰণে সাহস পাই গ’ল। এই সাহসবিলাক আমি দিব নোৱাৰো আৰু সেই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই ইয়ালৈ আহিছো। তেওঁ খিলঞ্জীয়া মানুহক নিশ্চিত হৈ থাকিবলৈ কৈ পুনৰ কয় যে বাংলাদেশী ভোটেৰে তেওঁলোক জিকিব পাৰে, কিন্তু খিলঞ্জীয়া মানুহৰ গাত হাত তুলিব, খিলঞ্জীয়া মানুহক খেদি আহিব এইটো আমি কেতিয়াও হ’বলৈ দিব নোৱাৰো। অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া ভূমিপুত্ৰৰ সুৰক্ষা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এক অন্যতম মুখ্য সংকল্প বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে কালি সংঘটিত হোৱা এই ঘটনাৰ খবৰ পাই,মুখ্যমন্ত্ৰী ড° ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি অসম চৰকাৰৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোক তথা উপস্থিত বিষয়ববীয়াসকলৰ সৈতে কথা পাতি সম্পূৰ্ণ ঘটনাটোৰ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে ঘটনাৰ সৈতে জড়িত দোষীসকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে।


আনহাতে, কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্ত ব্যক্তিকেইজনক মন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আশু আৰোগ্য কামনা কৰে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ঘটনাৰ সৈতে জড়িত আটাইকেইজন দোষীক উচিত শাস্তি প্ৰদানৰো আশ্বাস দিয়ে৷

কুলবিন্দৰ কৌৰলৈ মুকলি সমৰ্থন বিশাল দাদলানীৰ! কংগনা ৰনাৱতক চৰিয়াই শাস্তিৰ সন্মুখীন…

বৃহস্পতিবাৰে চণ্ডীগড় বিমানবন্দৰত চিআইএছএফৰ কনিষ্টবলৰ সৈতে এক অনাকাংক্ষিত পৰিস্থিতিত সোমাই পৰে কংগনা৷ পিচত এই ঘটনা সন্দৰ্ভত এক বিবৃতিত তেওঁ নিজৰ সুৰক্ষাৰ আশ্বাস দিয়ে। ইফালে সংগীত সুৰকাৰ তথা গায়ক বিশাল দাদলানীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে এই কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ চিআইএছএফৰ মহিলাগৰাকীৰ কংগনাৰ প্ৰতি থকা ক্ষোভৰ বিষয়ে বুজাবুজি প্ৰকাশ কৰি তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিলে তেওঁৰ বাবে চাকৰি নিশ্চিত কৰাৰ প্ৰস্তাৱ দিয়ে বিশালে। বিশালে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই ঘটনাৰ ভিডিঅ’ ৰিপ’ৰ্ট পোষ্ট কৰি কয়, “মই কেতিয়াও হিংসাক সমৰ্থন নকৰো, কিন্তু এই  কৰ্মীসকলৰ ক্ষোভ মই বুজি পাওঁ।” যদি চিআইএছএফে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে মই নিশ্চিত কৰিম যে তেওঁ গ্ৰহণ কৰিলে তেওঁৰ বাবে এটা চাকৰিয়ে অপেক্ষা কৰি আছে। জয় হিন্দ। জয় জৱান। জয় কিষাণ।”


ইন্দিৰা গান্ধী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে কংগনাই এজাহাৰ দাখিল কৰে৷ তাৰ পিচতে উক্ত ঘটনাত জড়িত চি আই এছ এফৰ কনিষ্টবল কুলবিন্দৰ কৌৰক আটক কৰি নিলম্বন কৰা হয়। কৌৰৰ নিলম্বনৰ পিচত বিশালে আৰু অধিক ইনষ্টাগ্ৰাম ষ্ট’ৰী পোষ্ট কৰি কৌৰৰ এই কাৰ্যক সমৰ্থন কৰাসকলক প্ৰশ্ন কৰে। চাকৰি হেৰুৱালে চাকৰি বিচাৰিবলৈ সহায় কৰাৰো প্ৰস্তাৱ দিয়ে বিশালে।
ইফালে, কংগনাই এই ঘটনাক লৈ চলচ্চিত্ৰ উদ্যোগৰ মৌনতাক সমালোচনা কৰি সম্ভাব্য প্ৰতিক্ৰিয়াৰ বিষয়ে সকীয়াই দিয়ে। শেহতীয়াকৈ হিমাচল প্ৰদেশৰ মণ্ডীৰ পৰা লোকসভালৈ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা কংগনাই কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে ৭৪ হাজাৰৰো অধিক ভোটৰ যথেষ্ট ব্যৱধানত বৃহৎ জয়লাভ কৰে।

প্ৰখ্যাত ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাতা ৰামোজী ৰাওৰ মৃত্যু, শোকসাগৰত ডুব গ’ল তেলেংগনা! মোদী, নাইডুৰ শোক প্ৰকাশ…

খহি পৰিল এক উজ্জ্বল নক্ষত্ৰ। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ শনিবাৰৰ পুৱাই দেহাৱসান ঘটে। চলিত মাহৰ ৫ তাৰিখে ৰাওৱে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাত হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাতে শনিবাৰৰ পুৱা প্ৰায় ৪ঃ৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেলুগু সমাজ জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰি অহা ৰামোজী ৰাও-এ ।

ৰামোজী ৰাও আছিল ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক মুৰব্বী, যাৰ নেতৃত্বত গঢ় লৈ উঠিছিল ৰামোজী ফিল্ম চিটি, যি বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ দৃশ্যগ্ৰহণস্থলী। মিডিয়া বেৰনগৰাকী ইনাডু বাতৰি কাকত, ইটিভি নেটৱৰ্ক, চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী উষা কিৰণ মুভিজৰ দৰে বহু উল্লেখযোগ্য সংস্থাসমূহৰো কৰ্ণধাৰ আছিল। দাক্ষিণাত্যৰ বিশিষ্ট উদ্যোগীগৰাকীৰ মৃত্যুত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত নৰেন্দ্ৰ মোদী, জি কিষাণ ৰেড্ডী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিভিন্ন ৰাজনৈতিক ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ তেলুগু সংবাদ মাধ্যম তথা সাংবাদিকতা ক্ষেত্ৰৰ সমান্তৰালভাবে ছবি আৰু মনোৰঞ্জন জগতখনৈও থকা ৰাওৰ অৱদানক বিশিষ্ট ৰাজনৈতিক নেতাসকলে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে সামাজিক মাধ্যমযোগে। প্ৰধানমন্ত্ৰীয়ে টুইটাৰ যোগে মোদীয়ে কয়, “শ্ৰী ৰামোজী ৰাওৰ মৃত্যু অত্যন্ত দুখজনক। ভাৰতীয় সংবাদ মাধ্যমত বিপ্লৱৰ সৃষ্টি কৰা এজন দূৰদৰ্শী ব্যক্তি ৰামোজী। তেওঁৰ চহকী অৱদানে সাংবাদিকতা আৰু চলচ্চিত্ৰ জগতত এক অবিস্মৰণীয় চিন ৰাখি থৈ গৈছে।” তেওঁ লগতে কয় যে তেওঁৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁৰ জ্ঞানৰ পৰা উপকৃত হোৱাৰ কেইবাটাও সুযোগ পাইছো।এই কঠিন সময়ত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অগণন প্ৰশংসকলৈ সমবেদনা জ্ঞাপন কৰিছো।


কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয়, “শ্ৰী ৰামোজী ৰাও গাৰুৰ মৃত্যুত দুখী। তেলুগু সংবাদ মাধ্যম আৰু সাংবাদিকতালৈ তেওঁৰ উল্লেখযোগ্য অৱদান প্ৰশংসনীয়। তেওঁৰ পৰিয়ালৰ সদস্যসকললৈ মোৰ গভীৰ সমবেদনা। ওঁম শান্তি।” টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱেও ৰাওৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি তেওঁক তেলুগু সংস্কৃতিৰ চেম্পিয়ন আৰু সমাজ কল্যাণৰ অক্লান্ত পোষক ৰূপে স্বীকৃতি দিয়ে। তেওঁ কয়, “আজি কোম্পানী গোটৰ অধ্যক্ষ ৰামোজী ৰাও ডাঙৰীয়াৰ মৃত্যুৱে এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছে। তেওঁৰ মৃত্যু কেৱল তেলুগু জনসাধাৰণৰ বাবেই নহয়৷ দেশৰ বাবেও এক বৃহৎ ক্ষতি।” শাৰীৰিকভাৱে চিৰবিদায় মাগিলেও ৰাওৰ তেলুগু সমাজ জীৱনলৈ থকা অৱদানসমূহ চিৰদিন খোদিত হৈ থাকিব তেলুগু সংস্কৃতিৰ প্ৰাণস্পন্দনত৷