Home Blog Page 754

চণ্ডীগড়ৰ বিমান বন্দৰত কংগনা ৰাণাৱটৰ গালত পূৰ্ণহতীয়া চৰ শোধালে চিআইএছএফৰ মহিলা জোৱানে!

চণ্ডীগড়ৰ বিমান বন্দৰত কংগনা ৰাণাৱটৰ গালত পূৰ্ণহতীয়া চৰ শোধালে চিআইএছএফৰ মহিলা জোৱানে! শেহতীয়া লোকসভা নিৰ্বাচনত মাণ্ডি লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হোৱা কংগনা ৰাণাৱট আৰম্ভনিৰে পৰাই চৰ্চালৈ আহিছে।
বিজেপিৰ নৱনিৰ্বাচিত সাংসদগৰাকীক বৃহস্পতিবাৰে দিল্লীলৈ যাওঁতে চণ্ডীগড় বিমানবন্দৰত চিআইএছএফৰ এগৰাকী মহিলা কনিষ্টবলে চৰ মৰা বুলি অভিযোগৰ পিছতে দেশজুৰি আলোড়নৰ সৃষ্টি হৈছে। কনিষ্টবলগৰাকীক ইতিমধ্যে নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ কনিষ্টবলগৰাকীয়ে কংগনাক বিমানত উঠাৰ পূৰ্বে বিমানবন্দৰত যাৱতীয় কামখিনি কৰি থকা অৱস্থাত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিনেত্ৰীগৰাকীৰ এজন সহায়কে দাবী কৰে যে কংগনাক চৰ মাৰিছিল। সহায়কগৰাকীয়ে কয় যে যিদৰে দেখা গৈছে, কৃষকৰ আন্দোলনৰ সময়ত তেওঁ কৰা খালিস্তানী মন্তব্যৰ বাবে তেওঁক চৰ মাৰিছিল যদিও সমগ্ৰ ঘটনাটো আমি এতিয়াও গম পোৱা নাই।তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰকাশ কৰা এটা ভিডিঅ’ বিবৃতিত অভিনেত্ৰীৰ পৰা ৰাজনীতিক হোৱা কংগনাই এই কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, “নমস্কাৰ বন্ধুসকল। সংবাদ মাধ্যম আৰু মোৰ শুভাকাংক্ষীৰ পৰা অসংখ্য ফোন আহি আছে ৷ প্ৰথম কথা মই নিৰাপদ। মই নিশ্চিতভাৱে ভালেই আছো।’’ ইপিনে কনিষ্টবলগৰাকীয়ে প্ৰকাশ কৰা মতে কংগনাই কৃষকৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

১২ জুনত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব চন্দ্ৰবাবু নাইডুৱে, উপস্থিত থাকিব মোদী…

অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিৰ লগতে দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ব্যক্তি হৈ পৰিছে তেলুগু দেশম পাৰ্টীৰ নেতা চন্দ্ৰবাবু নাইডু। নাইডুৱে অহা ১২ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ পিচত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপতগ্ৰহণ কৰিব। এন ডি এৰ মিত্ৰশক্তি এই অনুষ্ঠানত উপস্থিত চন্দ্ৰবাবু নাইডুৱে অহা ১২ জুনত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। অহা ৮ বা ৯ জুনত প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ পিচত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপতগ্ৰহণ কৰিব। জানিব পৰা মতে, তেলুগু দেশম পাৰ্টীয়ে এই সিদ্ধান্ত লোৱাৰ কাৰণ এন ডি এৰ মিত্ৰশক্তিয়েও শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে।

উল্লেখ্য, বিজেপিৰ সংসদীয় বৈঠকৰ পিচত পুনৰবাৰ এন ডি এ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। এই বৈঠকত মিত্ৰজোঁটৰ সকলো সাংসদ উপস্থিত থাকিব লাগিব বুলি সিদ্ধান্ত লোৱা হৈছে। টিডিপিৰ সূত্ৰই প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান চলিত মাহৰ ৮ বা ৯ তাৰিখে অনুষ্ঠিত হ’ব। ইয়াৰ পিচত চন্দ্ৰবাবুৱে শপত গ্ৰহণ কৰিব। আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চন্দ্ৰবাবুৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।মিত্ৰদল জনসেনা আৰু বিজেপি চন্দ্ৰবাবুৰ মন্ত্ৰীসভাত অংশীদাৰ হ’বনে? যদি দল দুটাই মন্ত্ৰীসভাত যোগদান কৰে, তেন্তে দল দুটাৰ পৰা মন্ত্ৰী কোন হ’ব ? আনহাতে, টিডিপিৰ পৰা কোনে মন্ত্ৰিত্ব লাভ কৰিব তাকে লৈও চৰ্চা চলিছে। পদযাত্ৰাৰ জৰিয়তে টিডিপি শাসনলৈ অহাৰ ক্ষেত্ৰত অতি সক্ৰিয় হোৱা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক লোকেশে এইবাৰ মন্ত্ৰীসভাত যোগদান কৰিবনে বা তেওঁ দলত গুৰুত্বপূৰ্ণ দায়িত্ব ল’বনে নাই সেই বিষয়েও আলোচনা হৈছে। উল্লেখ্য, এইবাৰৰ নিৰ্বাচনত ভোটাৰ ৰাইজে বহু নেতাক জয়ী কৰোৱাৰ লগতে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে দলটোক ক্ষমতালৈ আনিছে। এইবাৰ আশাকৰা হৈছে যে চন্দ্ৰবাবুৱে নিকা ভাবমূৰ্তি থকা নেতাসকলক গুৰুত্ব প্ৰদান কৰিব ।দলটোত যুৱপ্ৰজন্মৰ গুৰুত্ব ক্ৰমান্বয়ে বাঢ়ি আহিছে।

অৱশ্যে দলটোৱে মহিলাসকলকো গুৰুত্ব দিব বিচাৰিলেও কিছুমান প্ৰতিবন্ধকতাৰ বাবে সেয়া সম্ভৱ নহয়। শেহতীয়াকৈ আলোচনা হৈছে যে এইবাৰ জ্যেষ্ঠসকলৰ তুলনাত যুৱ, দুৰ্বল শ্ৰেণী আৰু মহিলাসকলক অধিক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে। আনকি দলৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতো পূৰ্বৰ তুলনাত এইবাৰ মহিলা আৰু যুৱসকলক অধিক অগ্ৰাধিকাৰ দিয়া হৈছে।কাডাপাৰ পৰা মাধৱী ৰেড্ডী, পুট্টাপাৰ্থীৰ পৰা সিন্ধুৰা ৰেড্ডী আৰু পেনুকোণ্ডাৰ পৰা সবিতাই প্ৰথমবাৰৰ বাবে ৰয়ালসীমা জিলাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়। অনুসূচিত জাতি শ্ৰেণীৰ বান্দাৰু শ্ৰৱণী, নেলাৱালা বিজয়শ্ৰী, অনুসূচিত জনজাতি শ্ৰেণীৰ শিৰিষদেৱী আৰু জগদেশ্বৰী বিজয়ী হয়। অ’বিচি সম্প্ৰদায়ৰ মাধৱী, য়ানামালা দিব্যা আৰু সবিতাৰ দৰে লোক আছে।এইটোও চৰ্চা চলি আছে যে তেওঁলোকৰ এজন বা দুজনে কেবিনেটত সুযোগ পাব পাৰে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

NEET পৰীক্ষাত সফলতা লাভ কৰিলে গহপুৰৰ দৰিদ্ৰ পৰিয়ালৰ সুৰজ চীলে…

NEET পৰীক্ষাত জুয়েপুৰা সোন হৈ জ্বিলিকি উঠিল গহপুৰৰ এজন ছাত্ৰ৷ ছাত্ৰজনৰ নাম সুৰজ চীল। সুৰজৰ দেউতাকৰ এখন সৰু চাহৰ হোটেল আছে। হোটেল খনৰ পৰা বিক্ৰী হোৱা পইচাৰে পৰিয়ালটো কোনোমতে চলাই দেইতাকে৷ সৰুৰে পৰা পঢ়াত অত্যন্ত আগ্ৰহ থকা সুৰযে মেট্ৰিক আৰু হায়াৰচেকেণ্ডাৰীত ভাল ফল দেখুৱাইছিল৷

সুৰজৰ ডাক্তৰ হোৱাৰ মন সৰুৰে পৰা৷ দেউতাকে এডমিচন দিব পৰা নাছিল কোচিং চেন্টাৰত৷ যাৰ বাবে এটা সাধাৰন মোবাইলতে অনলাইৰ যোগেদি অধ্যয়ন কৰি ৫২৮ নম্বৰ পাই গহপুৰলৈ গৌৰব কঢ়িয়াই আনিলে সুৰয চীলে৷

পীযুষ হাজৰিকাই মন্ত্ৰীত্ব এৰিব নালাগে,নিৰ্বাচনৰ পিচত ইজনে সিজনক শুভেচ্ছা জনোৱাটো সৌজন্যতাবোধ: গৌৰৱ গগৈ

যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈক আজি নগাঁও বৰঘাট বাইপাছত কংগ্ৰেছ নেতা-কৰ্মী সকলে আদৰণি জনায়।গগৈয়ে নগাঁও,ধুবুৰী আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয়-নগাঁও জিলাৰ কি বিশেষ গুণ আছে নাজানো।এই জিলাৰ লগত সম্পৰ্ক থকা তিনিজন সাংসদ হ’ল ।তেওঁ কয় যে-ধুবুৰীৰ ৰাইজে এ আই ইউ ডি এফৰ দ’ৰে এটা সাম্প্ৰদায়িক শক্তিক উৎখাত কৰাত সহায় কৰিলে।পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ভোটাৰক ধন্যবাদ জনাই গৌৰৱ গগৈয়ে কয় যে-পুৰণি কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাইজক মই কেতিয়াও পাহৰিব নোৱাৰো।তেঁওলোকে দুবাৰ সাংসদ বনালে।

তেঁওলোক মোৰ প্ৰকৃত ৰাজনৈতিক অভিভাৱক।’ মন্ত্ৰী পীযুষ হাজৰিকাকো কটাক্ষ গগৈয়ে কয় যে মই বিজয়ী হোৱাৰ পিচতো পীযুষ হাজৰিকাই মন্ত্ৰীত্ব এৰিব নালাগে।’ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মাহত দুবাৰকৈ যোৰহাট, শিৱসাগৰ, গোলাঘাটলৈ আহিবলৈ আহ্বান জনাই গৌৰৱ গগৈৰ মন্তব্য তেওঁ সোঁ হাত আৰু বাও হাত দুয়োখনকে লৈ আহক।তেওঁ যিমাননে আহিব আমাৰ ভাল হ’ব ।অহাবাৰ আমি আঢ়ৈলাখ ভোটৰ ব্যৱধানত জিকিম।ইপিনে বিজেপি বিধায়ক মৃনাল হাজৰিকাৰ সমৰ্থনত গৌৰৱ গগৈৰ মন্তব্য-সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী হওতে মোৰ দেউতা প্ৰয়াত তৰুণ গগৈয়ে শপত গ্ৰহণ অনুষ্ঠানলৈ গৈছিল।এইটো অপৰাধ কৰিছিল নেকি?নিৰ্বাচনত হৰা জিকা থাকেই।নিৰ্বাচনৰ পিচত ইজনে সিজনক শুভেচ্ছা জনোৱাটো সৌজন্যতাবোধ।তেওঁ লগতে কয় যে বিধায়ক মৃনাল শইকীয়াই নিজৰ দলক ভাল পায়।আমাৰ দলক নহয়।কিন্তু বিজেপি দলত কথা কোৱাৰ অধিকাৰ নাই।গণতান্ত্ৰিক অধিকাৰ নাই।’বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈক বিধায়িকা শিবামনি বৰা,বিধায়ক আছিফ নজৰে শুভেচ্ছা জনায়।

ধুবুৰীত যদি সম্প্ৰদিকতাৰ উত্থান তেনেহ’লে যোৰহাটত কিহৰ — ৰকিবুল হুছেইন

চামগুৰিত নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনক উষ্ম আদৰণি জনোৱা এক উৎসৱমুখৰ অনুষ্ঠানত আজি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৰে পাৰ ভঙা উৎসাহ পৰিলক্ষিত হয় ৷ আজি চামগুৰিৰ বাজিয়া ব্লক কংগ্ৰেছ কাৰ্য্যালয়ত বাজিয়া ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে কয় যে, “ধুবুৰীত যদি সম্প্ৰদিকতাৰ উত্থান হৈছে, তেনেহ’লে যোৰহাটত কিহৰ উত্থান হ’ল ? ধুবুৰীত যদি দহ লাখৰো অধিক ভোটত বিজয়ী হোৱাটো সাম্প্ৰদায়িকতাৰ উত্থান আছিল , তেনেহ’লে যোৰহাটত কংগ্ৰেছ বিজয়ী হোৱাটো কিহৰ উত্থান ? অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মানুহক টুলুঙা মন্তব্য কৰি, বেয়া বেয়া কথাবোৰ কৈ সম্প্ৰীতিৰ সমাজখন ভাগ ভাগ কৰিছে । আমি চিন্তা কৰোঁ সমাজখনৰ মিলনৰ কথা; সকলো জাতি জনগোষ্ঠীক লগত লৈ সমাজখন আগুৱাই নিয়াৰ কথা ৷ আমাৰ ৰাজ্যখনক আগুৱাই নিয়াৰ পৰিৱৰ্তে তেওঁ পুৰণিকলীয়া সম্প্ৰীতিত ভাঙন অনাৰহে চিন্তা কৰে ৷”’ ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক তথা অসমৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক ভোট লাভ কৰা ধুবুৰী লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে আজি অভিনন্দন গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে । চামগুৰি সমষ্টিৰ বিধায়ক ৰূপে বিজয়ী হোৱা ৰকিবুল হুছেইনে চামগুৰিত উপস্থিত হৈ আজি এসময়ৰ বন্ধু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে

। চামগুৰি বিধানসভা সমষ্টিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈ সাংসদ হুছেইনে কয়, ‘ আজি মুখ্যমন্ত্ৰী হতাশ হৈছে। ডিব্ৰুগড়ত বিজেপিৰ জয়ক লৈ যিমান আনন্দিত হৈছে, ধুবুৰীত বদৰুদ্দিনৰ পৰাজয়ত তেখেত তাতোতকৈ বেছি দুখীত আৰু হতাশ হৈছে। আজি সোঁতৰ বিপৰীতে গৈ ৰকিবুল হুছেইন জয়ী হৈছে। তেওঁ সোঁত যিফালে বয় সেই ফালে ঢাল খায়। তেওঁ সোঁতৰ বিপৰীতে গৈ জয়ী হৈ দেখুওৱাক। আজি তেওঁ মোক ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক ভোটত জয়ী হোৱাৰ বাবে নায়ক সজাব খুজিছে। তেওঁৰ নায়ক মই হ’ব নাযাওঁ। তেওঁৰ নায়ক হ’বলৈ গ’লে কাইলৈকে ম‌ই জিৰ’ হৈ যাম।’ চামগুৰিৰ কংগ্ৰেছ নেতা-কৰ্মীৰ উপস্থিতিত অনুস্থিত সভাখনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে লগতে কয়, ‘মুখ্যমন্ত্ৰী গৰাকীয়ে মূল্যবৃদ্ধিৰ কথা একো নকয়।আজিৰ দিনটোতে একমাত্ৰ অসমত পেট্ৰল-ডিজেল, গাখীৰ, মিঠাতেল, আলু, পিয়াঁজৰ দাম বাঢ়িছে। এই সম্পৰ্কত তেওঁ নিমাত। দুখীয়া ৰাইজ আজি চলিব নোৱাৰা অৱস্থা। কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে চৰম হতাশাত ভুগি সাম্প্ৰদায়িকতাৰ কথা বতৰাবোৰ কৈ ৰাইজক মূল কথাৰ পৰা আঁতৰাই ৰাখিছে। টেটু চেপি মানুহক শাসন কৰিছে। ৰঙা চকু দেখুৱাই সকলোকে দমন কৰিব বিচাৰে। তেওঁৰ ভিতৰুৱা অৱস্থাই এতিয়া থৰক বৰক। বহু কষ্ট কৰি যি সকলে বিজেপিক ঠন ধৰালে সেই সকলকে কি অৱস্থা কৰিছে। তেওঁ বিজেপি ধ্বংস কৰাৰ দায়িত্ব লৈছে। যিমান বোকাত নামিব সিমানেই লুটুৰি পুটুৰি হ’ব। ৰাইজে তেওঁক কিয় বেয়া পাইছে সেই কথা অনুধাৱন কৰি ৰাইজক ক্ষমা খোজক। ৰাইজে উগ্ৰ মিঠা আৰু উগ্ৰ তিতা দুয়োটাকে বাদ দিছে। তেওঁ সাম্প্ৰদায়িকতাৰ কথা বতৰা বাদ দি মূল্যবোধৰ ৰাজনীতি কৰক।’ চামগুৰি ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাত ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা, তানজিল হুছেইন, আব্দুল মালেক আদি কংগ্ৰেছৰ নেতা সকল উপস্থিত থাকে। ইপিনে এইবাৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব নেকি বুলি সাংসদ হুছেইনক সাংবাদিকে সোধাত সেই প্ৰশ্নৰ পৰা আঁতৰি আগতে পঞ্চায়ত নিৰ্বাচন আছে তাৰ চিন্তাহে কৰা হৈছে বুলি মন্তব্য কৰে।

নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনঃ মুখ্যমন্ত্ৰী…

নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন।

নিৰ্বাচনৰ পূৰ্বে সম্পন্ন হ’ব পঞ্চায়ত পুনঃগঠন।

এখন পঞ্চায়ত অন্তৰ্গত হ’ব এটা বিধানসভা সমষ্টি।

৩০ আগষ্টৰ ভিতৰত সম্পূৰ্ণ হ’ব পঞ্চায়ত পুনঃগঠন।

ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ।

গুৱাহাটীত ব্যক্তিগত -ৰাজহুৱা পৰিবহণৰ চালক-যাত্ৰীৰ হাতে হাতে বৃক্ষপুলি তুলি দি যান-বাহনৰ প্ৰদূষণ ৰোধৰ আহ্বান পৰিবহণ বিভাগৰ…

“এক বৃক্ষ দশ পুত্ৰসম” – মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এই মহান বাণীৰ উদ্ধৃতি দি ৫ জুনত বিশ্ব পৰিৱেশ দিৱসত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বৃক্ষৰোপণ কৰি সমাজৰ সকলো শ্ৰেণীৰ পথ আৰু যান-বাহন ব্যৱহাৰকাৰীক বৃক্ষৰোপণ কৰিবলৈ আহ্বান জনায় ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে । তেওঁ আনকি মহানগৰীৰ জিএছ ৰোডেৰে চলাচল কৰা বহু ব্যক্তিগত আৰু ৰাজহুৱা পৰিবহণৰ বিভিন্ন বাহন ৰখাই চালক-যাত্ৰীৰ হাতে হাতে বৃক্ষ পুলি তুলি দেশত ভয়ানক ৰূপত বৃদ্ধি পোৱা যানবাহনৰ প্ৰদূষণ ৰোধৰ বাবে ব্যাপক হাৰত বৃক্ষৰোপণৰ সবিনয় আহ্বান জনায়। উল্লেখ্য যে, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৫ জুনত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত মহানগৰীৰ এবিচি অঞ্চলত এক ব্যাপক জনসচেতনতা অনুষ্ঠান অনুষ্ঠিত হয় ৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অতিৰিক্ত মুখ্য পাৰিপাৰ্শ্বিক বিজ্ঞানী ড° গৌতম কৃষ্ণ মিশ্ৰ, বিশিষ্ট অভিনেত্ৰী চেতনা দাস, বিশিষ্ট চিকিৎসক ডাঃ হীতেশ বৰুৱা, নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়া, জ্যেষ্ঠ পাৰিপাৰ্শ্বিক বিজ্ঞানী প্ৰতাপ কুমাৰ শৰ্মাকে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক অনুষ্ঠানত উপস্থিত থাকে।

বিশিষ্ট অভিনেতা, ঘোষক বিপুল কুমাৰ বৰাই আঁত ধৰা জনসচেতনতা অনুষ্ঠানটোৰ আৰম্ভণীতে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে যানবাহণৰ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত ল’বলগীয়া বিভিন্ন সাৱধানতাৰ কথা উল্লেখ কৰি বক্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে আজি যানবাহন নহ’লেই আমাৰ হাত-ভৰি নোহোৱা অৱস্থা। কিন্তু উন্নয়নৰ লগে লগে আমি এই কথা মনত ৰাখিব লাগিব যে যানবাহনৰ পৰা নিৰ্গত কাৰ্বণ মন অক্সাইড, নাইট্ৰজেন, অক্সাইড আদিয়ে নানান মাৰাত্মক ৰোগ-ব্যাধিৰ সৃষ্টি কৰি মানৱ সমাজ পঙ্গু কৰিছে । কিন্তু আমাক যিহেতু যানবাহন লাগিবই সেয়ে ইয়াৰ ভয়াবহতাৰ প্ৰতিকাৰৰ ব্যৱস্থাও আমি নিজেই ল’ব লাগিব বুলি কৈ সমাজৰ সকলো শ্ৰেণীৰ লোককে ভৱিষ্যতৰ প্ৰাকৃতিক সুৰক্ষাৰ বাবে পাৰ্যমানে বৃক্ষৰোপণ কৰিবলৈ আহ্বান জনায় । কিয়নো গছে সদায় যানবাহনৰ পৰা নিৰ্গত ক্ষতিকাৰক ক’লা ধোঁৱা নিজে গ্ৰহণ কৰিব অতি সহজতে অক্সিজেন এৰি দি মানৱজাতিক সুৰক্ষা দি আহিছে ৷ জনসচেতনতা সভাত উপস্থিত থাকি “নিয়মীয়া বাৰ্তা” কাকতৰ সম্পাদক নৰেশ কলিতাই কেইবাটায়ো গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই । তেওঁ কয় যে, গ্ৰামাঞ্চলৰ লোকসকলে দশক দশক ধৰি গছপুলি ৰোপণ কৰি গছক পূজা দি আহিছে। আমাৰ আধ্যাত্মিক ক্ষেত্ৰটো তেওঁলোকে গছৰ মাহাত্ম বুজি পায়। কিন্তু ডাঙৰ কথা হ’ল ৰাষ্টা-ঘাট বা মানুহৰ ঘৰৰ সন্মুখেৰে যোৱা বিদ্যু পৰিবাহী তাঁৰৰ বাবে সেই অঞ্চলৰ গছসমূহ সঠিকভাৱে ডাঙৰ দীঘল হ’ব নোৱাৰে । উন্নত প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত এয়া এক ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে বিদ্যু তাঁৰসমূহ ৰাষ্টাৰ তলেৰে পাৰ কৰি প্ৰত্যেক মানুহৰ ঘৰৰ গছ গছনি ৰক্ষা কৰি উন্নত প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায়। সভাত উপস্থিত থাকি পাৰিপাৰ্শ্বিক বিজ্ঞানী ড° গৌতম কৃষ্ণ মিশ্ৰই প্ৰদূষণ নিয়ন্ত্ৰণ ৰোধৰ ক্ষেত্ৰত যথেষ্ট পৰিমানে ভূমি সংৰক্ষণত গুৰুত্ব দিয়াৰ উপৰি যানবাহনে সৃষ্টি কৰা প্ৰদূষণৰ বিভিন্ন দিশসমূহ উল্লেখ কৰি তাৰ নিৰাময়ত অহৰ্নিয়ে মনোনিৱেশ কৰিবলৈ যানবাহন ব্যৱহাৰকাৰীৰ প্ৰতি আহ্বান জনায়। ইফালে সভাত উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডা° হিতেশ বৰুৱাই “মানুহ নাথাকিলেও গছ থাকিব, কিন্তু গছ নাথাকিলে মানুহ নাথাকে ” বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি স্থল, জল, বায়ু সকলো প্ৰদূষণমুক্ত হোৱাত গুৰুত্ব দিয়ে ৷ বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে সভাত বক্তব্য আগবঢ়াই কয় যে বৃক্ষৰ প্ৰতি এতিয়াও মানুহৰ মাজত সম্পূৰ্ণ সজাগতা গঢ় লৈ উঠা নাই। সমাজৰ সকলো শ্ৰেণীৰ মানুহক আত্মসচেতনতাৰে প্ৰাকৃতিক পৰিৱেশৰ সামগ্ৰিক উন্নয়নৰ বাবে চেষ্টা চলাবলৈ তেওঁ আহ্বান জনায় ৷ বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়াই কৰা ড° ভৱেন্দ্ৰনাথ শইকীয়াৰ “ গছ ভালপোৱা ককাৰ খং” কবিতাৰ আবৃত্তি আছিল আজিৰ জনসচেতনতা অনুষ্ঠানৰ অন্যতম উল্লেখযোগ্য দিশ ৷ কাৰ্যসূচী অনুসৰি অনুষ্ঠানৰ আৰম্ভনীতে বিশিষ্ট ব্যক্তিসকলে কেইাটাও বৃক্ষৰোপণ কৰে। সভাৰ মাজতে “ন’মাড আইজ”ৰ বেনাৰত নীহাৰিকা গৌতমৰ পৰিকল্পনা-প্ৰযোজনাত আৰু চন্দ্ৰচেখৰ দাসৰ পৰিচালনাত নিৰ্মিত “গ্ৰীণ কমিউট“ শীৰ্ষক চুটিছবি মুকলি কৰা হয়। ইফালে প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষা আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ আহ্বানেৰে নিৰ্বাক গোষ্ঠীৰ শিল্পীসকলে মুকাভিনয় প্ৰদৰ্শন কৰি সজাগতা সৃষ্টি কৰে।

ঘৰৰ ভিতৰতে খোজ কাঢ়ক ১০ হাজাৰ বাৰ! কেনেকৈ সম্ভৱ…

যদি আপুনি দিনটো গণনা কৰি ১০ হাজাৰ খোজ কাঢ়িব পাৰে তেন্তে আপোনাৰ ওজন কমিব আৰু হৃদযন্ত্ৰও ভাল হ’ব। লগতে হৃদৰোগ বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কমিব। আনহাতে ফিটনেছ ট্ৰেইনাৰে পৰামৰ্শ দিয়ে যে গৰম ৰ’দত ওলাই যোৱাৰ প্ৰয়োজন নাই। বৰঞ্চ ঘৰৰ ভিতৰতে খোজ কাঢ়িব লাগে। অফিচলৈ গ’লে খোজ কাঢ়িব লাগে। বজাৰ কৰিবলৈ গ’লে বহি নাথাকিব, খোজ কাঢ়ি ফুৰিব! এইদৰে যদি আপুনি দিনটোত ১০ হাজাৰ খোজ খোজ কাঢ়িব পাৰে তেন্তে আপোনাৰ ওজন কমিব। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে শেহতীয়াকৈ কৰা এক অধ্যয়নত দাবী কৰিছে যে যদি আপুনি গোটেই দিনটো গণনা কৰি ১০ হাজাৰ খোজ খোজ কাঢ়িব পাৰে তেন্তে আপোনাৰ ওজন কমিব আৰু আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ উঠিব। হঠাৎ হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কমি যাব। অৱশ্যে খোজ কঢ়াৰ কিছুমান নিয়ম আৰু পদ্ধতি আছে।

নিয়ম সমূহ হৈছেঃ

বডি বিল্ডিঙৰ অৰ্থ এইটো নহয় যে জিমলৈ গৈ গধুৰ বস্তু দাঙিব লাগিব, জিমলৈ নোযোৱাকৈও বডি বিল্ডিং কৰিব পাৰি। শেহতীয়াকৈ বহুতে ব্যায়ামৰ বিকল্প হিচাপে জুম্বা বাছি লৈছে। জুম্বা হৈছে লেটিন আমেৰিকাৰ নৃত্য শৈলী আৰু ব্যায়াম। ইয়াক চালছা আৰু এৰোবিক্সৰ সংমিশ্ৰণ বুলি ক’ব পাৰি। জুম্বা কৰিলে শৰীৰৰ বিভিন্ন অংশৰ পেশীৰ পৰিসঞ্চালন হৈ যাব। হৃদযন্ত্ৰ সুস্থ হ’ব, ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব, শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিব, ভাল কলেষ্টেৰলৰ মাত্ৰাও বৃদ্ধি পাব।

ছাদত, লনত খোজ কাঢ়িব। ব্ৰেকফাষ্টৰ দহ মিনিট পিছত খোজ কাঢ়িব। দুপৰীয়া বা ৰাতিৰ আহাৰ খোৱাৰ পিছত বহি বা শুই নাথাকিব। ঘৰৰ ভিতৰত বা চোতালত খোজ কাঢ়িব। যদি নাই তেন্তে ছাদলৈ গৈ খোজ কাঢ়িব পাৰি।

বহুতে কয়, খোজ কঢ়াৰ সময় ক’ত? প্ৰতিদিনে এটা অফিচ থাকে। সেইটোতো কোনো সমস্যা নাই। দিনটো অফিচত কামৰ বিৰতিৰ সময়ত কৰিডৰত খোজ কাঢ়িব। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছতো খোজ কাঢ়িব।

ঘৰতেই হওক বা অফিচতেই হওক, এতিয়া সকলোৱে আৰামত লিফটত উঠে। চিৰি বগাবলৈ চেষ্টা কৰক। অফিচ যদি দশম মহলাত থাকে তেন্তে লিফ্ট অবিহনে গতি নাথাকে। তেনে ক্ষেত্ৰত কমেও দুটাৰ পৰা তিনিটা মহলা বগাবলৈ চেষ্টা কৰক। ঘৰত থাকি চিৰিৰে ওপৰলৈ যোৱাটো এটা ভাল ব্যায়াম। কিন্তু হৃদৰোগ, বাতবিষ বা আন বেমাৰত থাকিলে চিৰি বগাব লাগে নে নাই ডাক্তৰৰ পৰা জনাটো ভাল।

সকলো সময়তে চোফাত বহি থকাৰ সলনি ঘৰতে ঘূৰি ফুৰিব। টিভি চাই থাকোঁতে খোজ কঢ়াৰ অভ্যাস কৰক। ঘৰৰ ভিতৰত ইফালে সিফালে খোজ কাঢ়িব। এতিয়া আধুনিক প্ৰযুক্তিৰ সহায়ত ঘৰত কিমান খোজ খোজ কাঢ়িছিল সেয়া দেখা সম্ভৱ। ফোন কল কৰক, গান শুনা, যিমান বিচাৰে খোজ কাঢ়িব। শৰীৰৰ বাবে ভাল হ’ব।

৯জুনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! উপস্থিত থাকিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা…

দেওবাৰে সন্ধিয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! ইয়াৰ পূৰ্বে শুনা চৰ্চা হৈছে যে অহা দেওবাৰে তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে। নৰেন্দ্ৰ মোদীয়ে ৯ জুন দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বুলি খবৰ ওলাইছে।মঙলবাৰে ঘোষণা কৰা হয় লোকসভা নিৰ্বাচনৰ ফলাফল। বুধবাৰে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে মোদীয়ে। তেওঁ পদত্যাগ পত্ৰখন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক দিয়ে। ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে। একে সময়তে নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত এই পদৰ দায়িত্ব চম্ভালিবলৈ মোদীক অনুৰোধ কৰে মুৰ্মুৱে।

খবৰ অনুসৰি পৰিৱৰ্তিত পৰিস্থিতিত চন্দ্ৰবাবুৱে ১২ জুনত শপত গ্ৰহণ কৰিব পাৰে। বিজেপিৰ সূত্ৰ অনুসৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল, ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুকে মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰে।

মঙলবাৰে দেশৰ ৫৪৩টা সমষ্টিৰ লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পায়। এন ডি এয়ে লাভ কৰে ২৯২খন আসন। বিৰোধী মিত্ৰজোঁট ‘ভাৰত’য়ে লাভ কৰে ২৩৩খন আসন। আন দলসমূহে ১৮খন আসন লাভ কৰে। তাৎপৰ্যপূৰ্ণভাৱে এন ডি এয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও ২০১৪ আৰু ২০১৯ চনৰ দৰে এইবাৰ বিজেপিয়ে এটাও সংখ্যাগৰিষ্ঠতা নাপালে। কাৰণ, ৫৪৫খন আসনৰ (দুখন ​​মনোনীত আসনকে ধৰি) লোকসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭৩খন আসনৰ প্ৰয়োজন। বিজেপিয়ে এককভাৱে লাভ কৰে ২৪০খন আসন। গতিকে চৰকাৰ গঠন কৰিবলৈ তেওঁলোকে নিজৰ অংশীদাৰ দলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এনে পৰিস্থিতিত বুধবাৰে দিল্লীত এন ডি এৰ অংশীদাৰৰ সৈতে বৈঠকত বহিল মোদী, অমিত শ্বাহ। বুধবাৰে সন্ধিয়া দিল্লীতো “ভাৰত” মিত্ৰজোঁটৰ অংশীদাৰসকলে বৈঠকত মিলিত হয়।


বটদ্ৰৱাৰ আমলখি লৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ চুফিয়ান পাৰভিজে…

নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত আমলখি লৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ চুফিয়ান পাৰভিজে। টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ শিক্ষক তথা আমলখি নিবাসী শ্বাহদত আলী শিকদাৰ আৰু মাহমুদা চান্দৰ এক মাত্ৰ পুত্ৰ চুফিয়ান পাৰভিজে যোৱা ৪ জুনত ঘোষিত ৰাষ্ট্ৰীয় যোগ্যতাসহ প্ৰৱেশ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চল বাসীক গৌৰৱান্বিত কৰি তুলিছে।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা ইউ জি ২০২৪ চনৰ মুঠ ৭২০ নম্বৰৰ পৰীক্ষাত ৬২১ নম্বৰ পাবলৈ সক্ষম হয় তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰ চুফিয়ান পাৰভিজে।সৰ্ব ভাৰতীয় এই পৰীক্ষাৰ ভাবে নগাঁও কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰ চুফিয়ান পাৰভিজে হোজাই চহৰ স্থিত আজমল চুপাৰ 40 কোচিং কেন্দ্ৰত অধ্যয়ন কৰিছিল। ভবিষ্যতে এজন সু-চিকিৎসক হোৱাৰ সপোন মনতে পুহি ৰখা চুফিয়ান পাৰভিজৰ এনে সফলতাত অঞ্চল জুৰি আনন্দৰ বন্যা বোৱাৰ বিপৰীতে সকলোৱে উজ্জ্বল ভবিষ্যতৰ কামনাৰে শুভেচ্ছা জনাইছে।